প্ৰধানমন্ত্ৰীয়ে ৯ কোটি কৃষকলৈ পিএম-কিষাণৰ ২১ সংখ্যক কিস্তি হিচাপে ১৮,০০০ কোটি টকা মুকলি কৰে
ভাৰত প্ৰাকৃতিক কৃষিকাৰ্য্যৰ বিশ্ব কেন্দ্ৰ হোৱাৰ পথত অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱক-যুৱতীসকলে ক্ৰমান্বয়ে কৃষিক আধুনিক আৰু ব্যাপক সুযোগ হিচাপে স্বীকৃতি প্ৰদান কৰিছে; ইয়াৰ ফলশ্ৰুতিত গ্ৰাম্য অৰ্থনীতি বহু পৰিমাণে সুদৃঢ় হ’বঃ প্ৰধানমন্ত্ৰী
প্ৰাকৃতিক কৃষিকাৰ্য্য হৈছে ভাৰতৰ নিজস্ব থলুৱা ধাৰণা; ই আমাৰ পৰম্পৰাৰে বদ্ধমূল আৰু আমাৰ পৰিবেশৰ লগত খাপ খাই পৰিছেঃ প্ৰধানমন্ত্ৰী
‘এক একৰ, এক বতৰ’- এটা ঋতুৰ বাবে এক একৰ ভূমিত প্ৰাকৃতিক কৃষিৰ অভ্যাস কৰকঃ প্ৰধানমন্ত্ৰী
প্ৰাকৃতিক কৃষিকাৰ্য্যক সম্পূৰ্ণ বিজ্ঞান-সমৰ্থিত অভিযান হিচাপে গঢ়ি তোলাটো আমাৰ লক্ষ্য হ’ব লাগিবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।
প্ৰাকৃতিক কৃষিকাৰ্য্যক অন্যতম আগ্ৰহৰ বিষয় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে তামিলনাডুৰ সকলো কৃষক ভাই-ভনীলৈ দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলনৰ আয়োজন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ অনুষ্ঠানত সমবেত কৃষক, কৃষি বিজ্ঞানী, উদ্যোগৰ অংশীদাৰ, ষ্টাৰ্টআপ আৰু উদ্ভাৱকসকলকে প্ৰমুখ্য কৰি সকলো অংশগ্ৰহণকাৰীকে উষ্ম অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে অনাগত বৰ্ষসমূহত তেওঁ ভাৰতীয় কৃষিৰ বৃহৎ ৰূপান্তৰ সাধনৰ পৰিকল্পনা কৰিছে। “ভাৰত প্ৰাকৃতিক কৃষিকাৰ্য্যৰ বিশ্ব কেন্দ্ৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে” বুলি উল্লেখেৰে তেওঁ কয় যে দেশৰ জৈৱ-বৈচিত্ৰ্যৰ বিকাশ ঘটিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলে ক্ৰমান্বয়ে কৃষিক আধুনিক আৰু ব্যাপক সুযোগ হিচাপে স্বীকৃতি প্ৰদান কৰিছে; ইয়াৰ ফলশ্ৰুতিত গ্ৰাম্য অৰ্থনীতি বহু পৰিমাণে সুদৃঢ় হ’ব।

 

যোৱা এঘাৰ বছৰত সমগ্ৰ কৃষি খণ্ডৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন ঘটিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতৰ কৃষি ৰপ্তানি প্ৰায় দুগুণ বৃদ্ধি পাইছে আৰু চৰকাৰে কৃষিক আধুনিকীকৰণৰ ক্ষেত্ৰত কৃষকসকলক সহায় কৰিবলৈ সকলো সম্ভৱপৰ পথ মুকলি কৰিছে। কেৱল কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আঁচনিৰ জৰিয়তে এই বছৰ কৃষকসকলে ১০ লাখ কোটিৰো অধিক টকাৰ সাহায্য লাভ কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সাত বছৰ পূৰ্বে কেচিচিৰ সুবিধাসমূহ পশুধন আৰু মীন খণ্ডলৈ সম্প্ৰসাৰণ কৰাৰ পিছৰে পৰা এই খণ্ডসমূহত নিয়োজিতসকলেও ইয়াৰ সুবিধাসমূহ ব্যাপকভাৱে লাভ কৰি আহিছে। তেওঁ লগতে কয় যে জৈৱিক সাৰৰ জিএছটি হ্ৰাস পোৱাৰ ফলত কৃষকসকল অধিক উপকৃত হৈছে।


প্ৰধানমন্ত্ৰীয়ে কয় যে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে একেখন মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি কৰা হৈছে। ইয়াৰ অধীনত সমগ্ৰ দেশৰ কৃষকসকললৈ ১৮,০০০ কোটি টকা হস্তান্তৰ কৰা হৈছে। তেওঁ কয় যে তামিলনাডুৰ কেইবা লাখ কৃষকেও তেওঁলোকৰ একাউন্টত ধন লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত এতিয়ালৈকে ৪ লাখ কোটি টকা পোনপটীয়াকৈ ক্ষুদ্ৰ কৃষকসকলৰ বেংক একাউন্টলৈ হস্তান্তৰ কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত কৃষক ৰাইজে ভিন্ন কৃষি প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হৈছে। এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা কোটি-কোটি কৃষকলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰাকৃতিক কৃষিকাৰ্য্যৰ সম্প্ৰসাৰণক একবিংশ শতিকাৰ কৃষিৰ আহ্বান বুলি অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়া বছৰকেইটাত সমগ্ৰ কৃষি আৰু ভিন্ন কৃষি সম্পৰ্কীয় খণ্ডত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ তীব্ৰভাৱে বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে কয় যে ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যধিক ব্যৱহাৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰিছে, মাটিৰ আৰ্দ্ৰতাত প্ৰভাৱ পেলাইছে আৰু বছৰৰ পিছত বছৰ ধৰি কৃষিকাৰ্য্যৰ ব্যয় বৃদ্ধি কৰিছে। তেওঁ আৰু কয় যে ইয়াৰ সমাধান শস্যৰ বৈচিত্ৰ্য সাধন আৰু প্ৰাকৃতিক কৃষিকাৰ্য্যত নিহিত হৈ আছে।

 

মাটিৰ উৰ্বৰতা পুনৰুজ্জীৱিত কৰিবলৈ আৰু শস্যৰ পুষ্টি মূল্য বৃদ্ধি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখন প্ৰাকৃতিক কৃষিকাৰ্য্যৰ পথত আগবাঢ়িব লাগিব। এয়া এক দৃষ্টিভংগী আৰু প্ৰয়োজনীয়তা উভয়ে বুলিও তেওঁ কয়। তেতিয়াহে আমি আমাৰ জৈৱ বৈচিত্ৰ্যক ভৱিষ্যৎ প্ৰজন্মসমূহৰ বাবে সংৰক্ষণ কৰিব পাৰিম। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাকৃতিক কৃষিয়ে জলবায়ু পৰিৱৰ্তন আৰু বতৰৰ প্ৰতিকূলতাৰ সন্মুখীন হোৱাত সহায় কৰে, আমাৰ মাটিক সুস্থ কৰি ৰাখে আৰু ৰাইজক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰা ৰক্ষা কৰে। তেওঁ কয় যে আজিৰ অনুষ্ঠান এই গুৰুত্বপূৰ্ণ অভিযানক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটি উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ সাজু হৈছে।

ভাৰত চৰকাৰে কৃষকসকলক প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিবলৈ সক্ৰিয়ভাৱে উৎসাহিত কৰি আহিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এবছৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযানৰ শুভাৰম্ভ কৰিছিল, যি অভিযানে ইতিমধ্যে লাখ-লাখ কৃষকক সংযুক্ত কৰিছে। তেওঁ কয় যে এই পদক্ষেপৰ ইতিবাচক প্ৰভাৱ বিশেষকৈ সমগ্ৰ দক্ষিণ ভাৰতত দেখা গৈছে, কেৱল তামিলনাডুৰে প্ৰায় ৩৫,০০০ হেক্টৰ ভূমিত এতিয়া জৈৱিক আৰু প্ৰাকৃতিক কৃষি কৰা হৈছে।


“প্ৰাকৃতিক কৃষিকাৰ্য্য হৈছে ভাৰতৰ নিজস্ব থলুৱা ধাৰণা; ই আমাৰ পৰম্পৰাৰে বদ্ধমূল আৰু আমাৰ পৰিবেশৰ লগত খাপ খাই পৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ সন্তোষ প্ৰকাশেৰে কয় যে দক্ষিণ ভাৰতৰ কৃষকসকলে ধাৰাবাহিকভাৱে পৰম্পৰাগত প্ৰাকৃতিক কৃষি পদ্ধতি যেনেঃ পঞ্চগব্য, জীৱামৃত, বীজামৃত আৰু মালচিঙৰ অভিযোজনা কৰি আছে। তেওঁ কয় যে এই পদ্ধতিসমূহে মাটিৰ গুণাগুণ বৃদ্ধি কৰে, শস্যক ৰাসায়নিক সাৰ মুক্ত কৰি ৰাখে আৰু ইনপুট ব্যয় হ্ৰাস কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী অন্ন বাজৰাৰ খেতিক প্ৰাকৃতিক কৃষিৰ সৈতে একত্ৰিত কৰা কাৰ্য্যই ধৰিত্ৰী মাতৃক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ উল্লেখ কৰে যে তামিলনাডুত ভগৱান মুৰুগানক মৌ আৰু শ্ৰী অন্নৰ পৰা প্ৰস্তুত নৈবেদ্য থেনুম থিনাই মাভুম আগবঢ়োৱা হয়। তেওঁ কয় যে তামিল অঞ্চলৰ কম্বু আৰু ছামাই, কেৰালা আৰু কৰ্ণাটকৰ ৰাগী তথা তেলেগু-ভাষী ৰাজ্যৰ সাজ্জা আৰু জোন্নাৰ দৰে বাজৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰম্পৰাগত খাদ্যাভাসৰ অংশ হৈ আহিছে।

শ্ৰী মোদীয়ে এই ছুপাৰফুডক বিশ্বৰ বজাৰলৈ নিবলৈ চৰকাৰ দায়বদ্ধ বুলি উল্লেখেৰে কয় যে প্ৰাকৃতিক আৰু ৰাসায়নিক সাৰ মুক্ত কৃষিয়ে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰ সম্প্ৰসাৰণত এটি মুখ্য ভূমিকা গ্ৰহণ কৰিব। তেওঁ এই সন্মিলনত এনে প্ৰচেষ্টা সন্দৰ্ভত আলোচনা হ’ব বুলি আশা প্ৰকাশ কৰে।


একক কৃষিৰ বিপৰীতে বহু-শস্য কৃষিক প্ৰসাৰিত কৰাৰ বাবে ধাৰাবাহিক আহ্বানৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষিণ ভাৰতৰ বহু অঞ্চল এই ক্ষেত্ৰত প্ৰেৰণাৰ উৎস হৈ আহিছে। তেওঁ কয় যে কেৰালা আৰু কৰ্ণাটকৰ পাহাৰীয়া অঞ্চলত বহু-স্তৰীয় কৃষিৰ উদাহৰণ স্পষ্টকৈ দেখা যায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে একেখন পথাৰতে নাৰিকল, চুপাৰি বাদাম আৰু ফলমূলৰ খেতি কৰা হয়, তাৰ তলত মছলা আৰু ক’লা জালুকৰ খেতি কৰা হয়। তেওঁ কয় যে সৰু-সৰু প্লটত এনে সংহত কৃষিকাৰ্য্যই প্ৰাকৃতিক কৃষিৰ মূল দৰ্শনকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কৃষিৰ এই আৰ্হিক সৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰচাৰ কৰিব লাগিব। তেওঁ ৰাজ্য চৰকাৰসমূহক এই প্ৰথাসমূহ দেশৰ ভিন্ন অঞ্চলত কেনেদৰে কাৰ্য্যকৰী কৰিব পাৰি, সেই সম্পৰ্কে বিবেচনা কৰিবলৈ আহ্বান জনায়।


প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষিণ ভাৰত কৃষিকাৰ্য্যৰ এক জীৱন্ত বিশ্ববিদ্যালয় হৈ আহিছে। তেওঁ উল্লেখ কৰে যে এই অঞ্চলত বিশ্বৰ কিছুমান পুৰণি কাৰ্য্যক্ষম বান্ধ আছে আৰু ইয়াত ত্ৰয়োদশ শতিকাত কলিংগৰায়ণ খাল খন্দা হৈছিল। তেওঁ কয় যে এই অঞ্চলৰ মন্দিৰৰ পুখুৰীসমূহ বিকেন্দ্ৰীকৃত জল সংৰক্ষণ ব্যৱস্থাৰ আৰ্হিত পৰিণত হ’ল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ভূমি হাজাৰ-হাজাৰ বছৰৰ আগতে কৃষিৰ বাবে নদীৰ পানী নিয়ন্ত্ৰণ কৰি বৈজ্ঞানিক জল অভিযান্ত্ৰিকীকৰণৰ পথ-প্ৰদৰ্শক হৈ পৰিছিল। তেওঁ আস্থা প্ৰকাশেৰে কয় যে দেশ আৰু বিশ্বৰ বাবেও প্ৰাকৃতিক কৃষিৰ নেতৃত্বও এই অঞ্চলৰ পৰাই উদ্ভৱ হ’ব।

 

এখনি উন্নত ভাৰতৰ বাবে ভৱিষ্যতৰ কৃষি বাতাবৰণ গঢ়ি তুলিবলৈ এক সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক “এক একৰ, এটা বতৰ” প্ৰাকৃতিক কৃষি আৰম্ভ কৰিবলৈ আৰু তেওঁলোকে পৰ্য্যবেক্ষণ কৰা ফলাফলৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ বিজ্ঞানী আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক কৃষি পথাৰক জীৱন্ত পৰীক্ষাগাৰ হিচাপে গণ্য কৰিবলৈ উৎসাহিত কৰি প্ৰাকৃতিক কৃষিক কৃষি পাঠ্যক্ৰমৰ মূল অংশ কৰি তুলিবলৈ আহ্বান জনায়। “প্ৰাকৃতিক কৃষিকাৰ্য্যক সম্পূৰ্ণ বিজ্ঞান-সমৰ্থিত অভিযান হিচাপে গঢ়ি তোলাটো আমাৰ লক্ষ্য হ’ব লাগিব”, প্ৰধানমন্ত্ৰীয়ে কয়।


শ্ৰী মোদীয়ে এই অভিযানত ৰাজ্য চৰকাৰ আৰু কৃষক উৎপাদক সংস্থাসমূহে (FPO) পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে বিগত কেইবছৰমানৰ পৰা দেশত ১০ হাজাৰ এফপিঅ’ গঠন কৰা হৈছে। তেওঁলোকৰ সহায়ত ক্ষুদ্ৰ কৃষক গোট গঢ়ি তুলিব পাৰি, চাফাই, পেকেজিং আৰু সংসাধনৰ সুবিধাৰে সজ্জিত কৰিব পাৰি আৰু ই-নামৰ (e-NAM) দৰে অনলাইন বজাৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত কৰিব পাৰি। তেওঁ লগতে কয় যে পৰম্পৰাগত জ্ঞান, বৈজ্ঞানিক শক্তি আৰু চৰকাৰী সমৰ্থন একত্ৰিত হোৱা মাত্ৰেকে কৃষকসকল সমৃদ্ধিশালী হ’ব আৰু ধৰিত্ৰী মাতৃ সুস্থ হৈ থাকিব।


এই সন্মিলনে দেশৰ প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিব তথা এই মঞ্চৰ পৰা নতুন ধাৰণা আৰু সমাধানৰ উন্মেষ ঘটিব বুলি আশা প্ৰকাশেৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে।

 

এই কাৰ্য্যসূচীত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি, কেন্দ্ৰীয় মন্ত্ৰী ডাঃ এল মুৰুগানকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

২০২৫-ৰ ১৯ ​​নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ তামিলনাডু প্ৰাকৃতিক কৃষি অংশীদাৰ মঞ্চই দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ আয়োজন কৰিছে। এই সন্মিলনৰ লক্ষ্য হৈছে বহনক্ষম, পৰিবেশ-অনুকূল আৰু ৰাসায়নিক সাৰ মুক্ত কৃষি পদ্ধতিক প্ৰসাৰিত কৰা তথা ভাৰতৰ কৃষি ভৱিষ্যতৰ বাবে এক কাৰ্য্যক্ষম, জলবায়ু-স্মাৰ্ট আৰু অৰ্থনৈতিকভাৱে বহনক্ষম আৰ্হি হিচাপে প্ৰাকৃতিক আৰু পুনৰুত্পাদনশীল কৃষিৰ দিশত পৰিৱৰ্তনক ত্বৰান্বিত কৰা।

 

এই সন্মিলনত কৃষক-উৎপাদক সংস্থা আৰু গ্ৰাম্য উদ্যোগীসকলৰ বাবে বজাৰ সংযোগতো গুৰুত্ব আৰোপ কৰা হ’ব, লগতে জৈৱিক সামগ্ৰী, কৃষি সংসাধন, পৰিবেশ-অনুকূল পেকেজিং আৰু থলুৱা প্ৰযুক্তিৰ উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ’ব। এই কাৰ্য্যসূচীত তামিলনাডু, পুডুচেৰী, কেৰালা, তেলেংগানা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ ৫০ হাজাৰৰো অধিক কৃষক, প্ৰাকৃতিক কৃষি কৰ্মী, বিজ্ঞানী, জৈৱিক সামগ্ৰী যোগানকাৰী, বিক্ৰেতা আৰু অংশীদাৰসকলে অংশগ্ৰহণৰ কৰিব।

 

 

Click here to read full text speech 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
38 Per Cent Women In Rural And Semi-Urban Use UPI Weekly For Daily Essentials: Survey

Media Coverage

38 Per Cent Women In Rural And Semi-Urban Use UPI Weekly For Daily Essentials: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The government places great emphasis on bringing a 'technology culture' to agriculture: PM Modi
March 06, 2026
This year’s Union Budget gives a strong push to agriculture and rural transformation : PM
Government has continuously strengthened the agriculture sector ,major efforts have reduced the risks for farmers and provided them with basic economic security: PM
If we scale high-value agriculture together, it will transform agriculture into a globally competitive sector: PM
As export-oriented production increases, employment will be created in rural areas through processing and value addition: PM
Fisheries can become a major platform for export growth, a high-value, high-impact sector of rural prosperity: PM
The government is developing digital public infrastructure for agriculture through AgriStack: PM
Technology delivers results when systems adopt it, institutions integrate it, and entrepreneurs build innovations on it: PM

नमस्कार !

बजट वेबिनार सीरीज के तीसरे वेबिनार में, मैं आप सभी का अभिनंदन करता हूं। इससे पहले, टेक्नोलॉजी, रिफॉर्म्स और इकोनॉमिक ग्रोथ जैसे अहम विषयों पर दो वेबिनार हो चुके हैं। आज, Rural Economy और Agriculture जैसे अहम सेक्टर पर चर्चा हो रही है। आप सभी ने बजट निर्माण में अपने मूल्यवान सुझावों से बहुत सहयोग दिया, और आपने देखा होगा बजट में आप सबके सुझाव रिफ्लेक्ट हो रहे हैं, बहुत काम आए हैं। लेकिन अब बजट आ चुका है, अब बजट के बाद उसके full potential का लाभ देश को मिले, इस दिशा में भी आपका अनुभव, आपके सुझाव और सरल तरीके से बजट का सर्वाधिक लोगों को लाभ हो। बजट का पाई-पाई पैसा जिस हेतु से दिया गया है, उसको परिपूर्ण कैसे करें? जल्द से जल्द कैसे करें? आपके सुझाव ये वेबिनार के लिए बहुत अहम है।

साथियों,

आप सभी जानते हैं, कृषि, एग्रीकल्चर, विश्वकर्मा, ये सब हमारी अर्थव्यवस्था का मुख्य आधार है। एग्रीकल्चर, भारत की लॉन्ग टर्म डेवलपमेंट जर्नी का Strategic Pillar भी है, और इसी सोच के साथ हमारी सरकार ने कृषि सेक्टर को लगातार मजबूत किया है। करीब 10 करोड़ किसानों को 4 लाख करोड़ रुपए से अधिक की पीएम किसान सम्मान निधि मिली है। MSP में हुए Reforms से अब किसानों को डेढ़ गुना तक रिटर्न मिल रहा है। इंस्टिट्यूशनल क्रेडिट कवरेज 75 प्रतिशत से अधिक हो चुका है। पीएम फसल बीमा योजना के तहत लगभग 2 लाख करोड़ रुपए के क्लेम सेटल किए गए हैं। ऐसे अनेक प्रयासों से किसानों का रिस्क बहुत कम हुआ है, और उन्हें एक बेसिक इकोनॉमिक सिक्योरिटी मिली है। इससे कृषि क्षेत्र का आत्मविश्वास भी बढ़ा है। आज खाद्यान्न और दालों से लेकर तिलहन तक देश रिकॉर्ड उत्पादन कर रहा है। लेकिन अब, जब 21वीं सदी का दूसरा क्वार्टर शुरू हो चुका है, 25 साल बीत चुके हैं, तब कृषि क्षेत्र को नई ऊर्जा से भरना भी उतना ही आवश्यक है। इस साल के बजट में इस दिशा में नए प्रयास हुए हैं। मुझे विश्वास है, इस वेबिनार में आप सभी के बीच हुई चर्चा, इससे निकले सुझाव, बजट प्रावधानों को जल्द से जल्द जमीन पर उतारने में मदद करेंगे।

साथियों,

आज दुनिया के बाजार खुल रहे हैं, ग्लोबल डिमांड बदल रही है। इस वेबिनार में अपनी खेती को एक्सपोर्ट ओरिएंटेड बनाने पर भी ज्यादा से ज्यादा चर्चा आवश्य़क है। हमारे पास Diverse Climate है, हमें इसका पूरा फायदा उठाना है। एग्रो क्लाइमेटिक जोन, उस विषय में हम बहुत समृद्ध है। इस साल का बजट इन सब बातों के लिए अनगिनत नए अवसर देने वाला बजट है। प्रोडक्टिविटी बढ़ाने की दिशा तय करता है, और एक्सपोर्ट स्ट्रेंथ को बढ़ावा देता है। बजट में हमने high value agriculture पर फोकस किया है। नारियल, काजू, कोको, चंदन, ऐसे उत्पादों के regional-specific promotion की बात कही है, और आपको मालूम है, दक्षिण के हमारे जो राज्य हैं खासकर केरल है, तमिलनाडु है, नारियल की पैदावार बहुत करते हैं। लेकिन अब वो क्रॉप, वो सारे पेड़ इतने पुराने हो चुके हैं कि उसकी वो क्षमता नहीं रही है। केरल के किसानों को अतिरिक्त लाभ हो, तमिलनाडु के किसानों को अतिरिक्त लाभ हो। इसलिए इस बार कोकोनट पर एक विशेष बल दिया गया है, जिसका फायदा आने वाले दिनों में हमारे इन किसानों को मिलेगा।

साथियों,

नॉर्थ ईस्ट की तरफ देखें, अगरवुड बहुत कम लोगों को मालूम है, जो ये अगरबत्ती शब्द है ना, वो अगरवुड से आया हुआ है। अब हिमालयन राज्यों में टेम्परेट नट क्रॉप्स, और इन्हें बढ़ावा देने का प्रस्ताव बजट में रखा गया है। जब एक्सपोर्ट ओरिएंटेड प्रोडक्शन बढ़ेगा, तो ग्रामीण क्षेत्रों में प्रोसेसिंग और वैल्यू एडिशन के जरिए रोजगार सृजन होगा। इस दिशा में एक coordinated action कैसे हो, आप सभी स्टेकहोल्डर्स मिलकर जरूर मंथन करें। अगर हम मिलकर High Value Agriculture को स्केल करते हैं, तो ये एग्रीकल्चर को ग्लोबली कंपेटिटिव सेक्टर में बदल सकता है। एग्री experts, इंडस्ट्री और किसान एक साथ कैसे आएं, किसानों को ग्लोबल मार्केट से जोड़ने के लिए किस तरह से गोल्स सेट किए जाएं, क्वालिटी, ब्रांडिंग और स्टैंडर्ड्स, ऐसे हर पहलू, इन सबको कैसे प्रमोट किया जाए, इन सारे विषयों पर चर्चा, इस वेबिनार को, इसके महत्व को बढ़ाएंगे। मैं एक और बात आपसे कहना चाहूंगा। आज दुनिया हेल्थ के संबंध में ज्यादा कॉनशियस है। होलिस्टिक हेल्थ केयर और उसमें ऑर्गेनिक डाइट, ऑर्गेनिक फूड, इस पर बहुत रुचि है। भारत में हमें केमिकल फ्री खेती पर बल देना ही होगा, हमें नेचुरल फार्मिंग पर बल देना होगा। नेचुरल फार्मिंग से, केमिकल फ्री प्रोडक्ट से दुनिया के बाजार तक पहुंचने में हमारे लिए एक राजमार्ग बन जाता है। उसके लिए सर्टिफिकेशन, लेबोरेटरी ये सारी व्यवस्थाएं सरकार सोच रही है। लेकिन आप लोग इसमें भी जरूर अपने विचार रखिए।

साथियों,

एक्सपोर्ट बढ़ाने में एक बहुत बड़ा फैक्टर फिशरीज सेक्टर का पोटेंशियल भी है। भारत दुनिया का दूसरा सबसे बड़ा मछली उत्पादक देश भी है। आज हमारे अलग-अलग तरह के जलाशय, तालाब, ये सब मिलाकर लगभग 4 लाख टन मछली उत्पादन होता है। जबकि इसमें 20 लाख टन अतिरिक्त उत्पादन की संभावना मौजूद है। अब विचार कीजिए आप, 4 लाख टन से हम अतिरिक्त 20 लाख टन जोड़ दें, तो हमारे गरीब मछुआरे भाई-बहन हैं, उनकी जिंदगी कैसी बदल जाएगी। हमारे पास Rural Income को डायवर्सिफाई करने का अवसर है। फिशरीज एक्सपोर्ट ग्रोथ का बड़ा प्लेटफॉर्म बन सकता है, दुनिया में इसकी मांग है। इस वेबिनार से अगर बहुत ही प्रैक्टिकल सुझाव निकलते हैं, तो कैसे रिज़रवॉयर, उसकी पोटेंशियल की सटीक मैपिंग की जाए, कैसे क्लस्टर प्लानिंग की जाए, कैसे फिशरीज डिपार्टमेंट और लोकल कम्युनिटी के बीच मजबूत कोऑर्डिनेशन हो, तो बहुत ही उत्तम होगा। हैचरी, फीड, प्रोसेसिंग, ब्रांडिंग, एक्सपोर्ट, उसके लिए आवश्यक लॉजिस्टिक्स, हर स्तर पर हमें नए बिजनेस मॉडल विकसित करने ही होंगे। ये Rural Prosperity, ग्रामीण समृद्धि के लिए, वहां की हाई वैल्यू, हाई इम्पैक्ट सेक्टर के रूप में परिवर्तित करने का एक अवसर है हमारे लिए, और इस दिशा में भी हम सबको मिलकर काम करना है, और आप आज जो मंथन करेंगे, उसके लिए, उस कार्य के लिए रास्ता बनेगा।

साथियों,

पशुपालन सेक्टर, ग्रामीण इकोनॉमी का हाई ग्रोथ पिलर है। भारत आज दुनिया का सबसे बड़ा मिल्क प्रोड्यूसर है, Egg प्रोडक्शन में हम दूसरे स्थान पर है। हमें इसे और आगे ले जाने के लिए ब्रीडिंग क्वालिटी, डिजीज प्रिवेंशन और साइंटिफिक मैनेजमेंट पर फोकस करना होगा। एक और अहम विषय पशुधन के स्वास्थ्य का भी है। मैं जब One Earth One Health की बात करता हूं, तो उसमें पौधा हो या पशु, सबके स्वास्थ्य की बात शामिल है। भारत अब वैक्सीन उत्पादन में आत्मनिर्भर है। फुट एंड माउथ डिजीज, उससे पशुओं को बचाने के लिए सवा सौ करोड़ से अधिक डोज पशुओं को लगाई जा चुकी है। राष्ट्रीय गोकुल मिशन के तहत टेक्नोलॉजी का विस्तार किया जा रहा है। हमारी सरकार में अब पशुपालन क्षेत्र के किसानों को किसान क्रेडिट कार्ड का भी लाभ मिल रहा है। निजी निवेश को प्रोत्साहित करने के लिए एनिमल हसबेंड्री इंफ्रास्ट्रक्चर डेवलपमेंट फंड की शुरुआत भी की गई है, और आपको ये पता है हम लोगों ने गोबरधन योजना लागू की है। गांव के पशुओं के निकलने वाला मलमूत्र है, गांव का जो वेस्ट है, कूड़ा-कचरा है। हम गोबरधन योजना में इसका उपयोग करके गांव भी स्वच्छ रख सकते हैं, दूध से आय होती है, तो गोबर से भी आय हो सकती है, और एनर्जी सिक्योरिटी की दिशा में गैस सप्लाई में भी ये गोबरधन बहुत बड़ा योगदान दे सकता है। ये मल्टीपर्पज बेनिफिट वाला काम है, और गांव के लिए बहुत उपयोगी है। मैं चाहूंगा कि सभी राज्य सरकारें इसको प्राथमिकता दें, इसको आगे बढ़ाएं।

साथियों,

हमने पिछले अनुभवों से समझा है कि केवल एक ही फसल पर टिके रहना किसान के लिए जोखिम भरा है। इससे आय के विकल्प भी सीमित हो जाते हैं। इसलिए, हम crop diversification पर फोकस कर रहे हैं। इसके अलावा, National Mission on Edible Oils And Pulses, National Mission on Natural Farming, ये सभी एग्रीकल्चर सेक्टर की ताकत बढ़ा रहे हैं।

साथियों,

आप भी जानते हैं एग्रीकल्चर स्टेट सब्जेक्ट है, राज्यों का भी एक बड़ा एग्रीकल्चर बजट होता है, हमें राज्यों को भी निरंतर प्रेरित करना है कि वो अपना दायित्व निभाने में, हम उनको कैसे मदद दें, हमारे सुझाव उनको कैसे काम आएं। राज्य का भी एक-एक पैसा जो गांव के लिए, किसान के लिए तय हुआ है, वो सही उपयोग हो। हमें बजट प्रावधानों को जिला स्तर तक मजबूत करना होगा। तभी नई पॉलिसीज का ज्यादा से ज्यादा फायदा उठाया जा सकता है।

साथियों,

ये टेक्नोलॉजी की सदी है और सरकार का बहुत जोर एग्रीकल्चर में टेक्नोलॉजी कल्चर लाने पर भी है। आज e-NAM के माध्यम से मार्केट एक्सेस का डेमोक्रेटाइजेशन हुआ है। सरकार एग्रीस्टैक के जरिए, एग्रीकल्चर के लिए डिजिटल पब्लिक इंफ्रास्ट्रक्चर विकसित कर रही है। इसके तहत डिजिटल पहचान, यानी किसान आईडी बनाई जा रही है। अब तक लगभग 9 करोड़ किसानों की किसान आईडी बन चुकी है, और लगभग 30 करोड़ भूमि पार्सलों का डिजिटल सर्वे किया गया है। भारत-विस्तार जैसे AI आधारित प्लेटफॉर्म, रिसर्च इंस्टीट्यूशंस और किसानों के बीच की दूरी कम कर रहे हैं।

लेकिन साथियों,

टेक्नोलॉजी तभी परिणाम देती है, जब सिस्टम उसे अपनाएं, संस्थाएं उसे इंटीग्रेट करें और एंटरप्रेन्योर्स उस पर इनोवेशन खड़ा करें। इस वेबिनार में आपको इससे जुड़े सुझावों को मजबूती से सामने लाना होगा। हम टेक्नोलॉजी को कैसे सही तरीके से इंटीग्रेट करें, इस दिशा में इस वेबिनार से निकले सुझावों की बहुत बड़ी भूमिका होगी।

साथियों,

हमारी सरकार ग्रामीण समृद्धि के निर्माण के लिए प्रतिबद्ध है। प्रधानमंत्री आवास योजना, स्वामित्व योजना, पीएम ग्रामीण सड़क योजना, स्वयं सहायता समूहों को आर्थिक मदद, इसने रूरल इकोनॉमी को निरंतर मजबूत किया है। लखपति दीदी अभियान की सफलता को भी हमें नई ऊंचाई देनी है। अभी तक गांव की 3 करोड़ महिलाओं को लखपति दीदी बनाने में हम सफल हो चुके हैं। अब 2029 तक, 2029 तक 3 करोड़ में और 3 करोड़ जोड़ना है, और 3 करोड़ और लखपति दीदियां बनाने का लक्ष्य तय किया गया है। ये लक्ष्य और तेजी से कैसे प्राप्त किया जाए, इसे लेकर भी आपके सुझाव महत्वपूर्ण होंगे।

साथियों,

देश में स्टोरेज का बहुत बड़ा अभियान चल रहा है। लाखों गोदाम बनाए जा रहे हैं। स्टोरेज के अलावा एग्री एंटरप्रेन्योर्स प्रोसेसिंग, सप्लाई चैन, एग्री-टेक, एग्री-फिनटेक, एक्सपोर्ट, इन सब में इनोवेशन और निवेश बढ़ाना आज समय की मांग है। मुझे विश्वास है आज जो आप मंथन करेंगे, उससे निकले अमृत से ग्रामीण अर्थव्यवस्था को नई ऊर्जा मिलेगी। आप सबको इस वेबिनार के लिए मेरी बहुत-बहुत शुभकामनाएं हैं, और मुझे पूरा विश्वास है कि जमीन से जुड़े हुए विचार, जड़ों से जुड़े हुए विचार, इस बजट को सफल बनाने के लिए, गांव-गांव तक पहुंचाने के लिए बहुत काम आएंगे। आपको बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद। नमस्कार।