আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে আনুষ্ঠানিকভাৱে আদৰণি জনায়। কালিও প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰতে ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে উষ্ম আদৰণি জনাইছিল, এই কাৰ্য্যই দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা পাৰস্পৰিক আস্থা আৰু চিৰস্থায়ী বন্ধুত্বৰ মনোভাৱকে প্ৰতিফলিত কৰে।

 

দুয়োগৰাকী নেতাই ভাৰত-চাইপ্ৰাছৰ সম্পৰ্ক আধাৰিত সহভাজিত প্ৰমূল্যবোধৰ কথা দোহাৰে। তেওঁলোকে পাৰস্পৰিক সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱাৰ কথা পুনৰবাৰ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫-ৰ এপ্ৰিলত পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা জনোৱাৰ বাবে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনত ভাৰতক সমৰ্থন জনোৱাৰ বাবে চাইপ্ৰাছক ধন্যবাদ জনায়। এই কাৰ্য্যই সন্ত্ৰাসবাদক প্ৰতিৰোধৰ বাবে দুয়োখন দেশৰ দৃঢ় দায়বদ্ধতাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে চাইপ্ৰাছৰ ঐক্য আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ, আন্তঃৰাষ্ট্ৰীয় আইনৰ ভিত্তিত চাইপ্ৰাছ প্ৰশ্নৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতৰ সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰে।

 

দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান আৰু গৱেষণা, সাংস্কৃতিক সহযোগিতা আৰু জনসাধাৰণ মাজৰ সম্পৰ্ককে প্ৰমুখ্য কৰি দ্বিপাক্ষিক সম্পৰ্কৰ ভিন্ন দিশত অব্যাহত সহযোগিতা সম্পৰ্কে বুজ লয় আৰু ফিনটেক, ষ্টাৰ্ট-আপ, প্ৰতিৰক্ষা উদ্যোগ, সংযোগ, উদ্ভাৱন, ডিজিটাইজেচন, এআই আৰু ম’বিলিটিৰ নতুন ক্ষেত্ৰসমূহত সহযোগিতাৰ পথসমূহ অন্বেষণ কৰে। কৌশলগত ক্ষেত্ৰত সহযোগিতাক সুদৃঢ়কৰণৰ বাবে পাঁচ বছৰীয়া ৰোড মেপ যুগুতৰ অৰ্থে দুয়োপক্ষ সহমতত উপনীত হয়। চাইবাৰ আৰু সামুদ্ৰিক নিৰাপত্তা সম্পৰ্কে আলোচনা তথা সন্ত্ৰাসবাদ, ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহৰ বিষয়সমূহত বাস্তৱ-সময়ৰ তথ্য বিনিময়ৰ ব্যৱস্থা স্থাপনৰ বাবেও সন্মতি প্ৰকাশ কৰে। নেতাসকলে ২০২৫-ৰ জানুৱাৰীত স্বাক্ষৰিত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা কাৰ্য্যসূচীৰ শলাগ লয়, যিয়ে দুয়োখন দেশৰ প্ৰতিৰক্ষা অংশীদাৰিত্বক এক সুনিৰ্দিষ্ট ৰূপ প্ৰদান কৰিব। অৰ্থনৈতিক সংযোগক গভীৰ কৰিবলৈ ভাৰত-গ্ৰীচ-চাইপ্ৰাছ (IGC) ব্যৱসায় আৰু বিনিয়োগ পৰিষদ স্থাপন কাৰ্য্যক আদৰণি জনায়। দুয়োগৰাকী নেতাই ব্যৱসায়, পৰ্যটন, জ্ঞান আৰু উদ্ভাৱনৰ সংযোগক সুদৃঢ়কৰণৰ বাবে বিমান সংযোগ বৃদ্ধি কৰা সম্পৰ্কেও আলোচনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ [IMEC]-এ অঞ্চলটোৰ শান্তি আৰু সমৃদ্ধিৰ দিশত অৰিহণা যোগাব।

নেতাসকলে বহুপক্ষীয়তাবাদ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনকে প্ৰমুখ্য কৰি বিশ্ব শাসন প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সংস্কাৰ-সাধিত ইউএনএছচি-ত ভাৰতৰ স্থায়ী সদস্যপদৰ বাবে চাইপ্ৰাছৰ সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখৰ বাবে ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছক ধন্যবাদ জনায়। তেওঁলোকে পশ্চিম এছিয়া আৰু ইউৰোপত অব্যাহত সংঘাতকে প্ৰমুখ্য কৰি বিশ্বজনীন বিষয়সমূহতো মত-বিনিময় কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়। এই ভ্ৰমণৰ সময়ত নিকোচিয়া বিশ্ববিদ্যালয়ত ইণ্ডিয়া ষ্টাডিজ আইচিচিআৰ আসন প্ৰতিষ্ঠাৰ অৰ্থে এখনি বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হয়। এই বৈঠকৰ পিছতে ভাৰত-চাইপ্ৰাছ অংশীদাৰিত্ব সম্পৰ্কে এক যুটীয়া ঘোষণাপত্ৰ প্ৰকাশ পায় [Link]

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
173 years of Indian Railways: From steam engines to India’s first hydrogen train

Media Coverage

173 years of Indian Railways: From steam engines to India’s first hydrogen train
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.