প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলম জী

দুয়োখন দেশৰ প্ৰতিনিধি,

সংবাদ মাধ্যমৰ বন্ধুসকল

নমস্কাৰ,

মোৰ সংসদীয় সমষ্টিত আপোনালোকক আদৰণি জনোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়। কাশী সদায় ভাৰতৰ সভ্যতা আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক হৈ আহিছে।

শতিকা আগতে আমাৰ সংস্কৃতি আৰু পৰম্পৰা ভাৰতৰ পৰা মৰিচাছলৈকে ভ্ৰমণ কৰিছিল, আৰু তাত দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছিল। কাশীত মা গংগাৰ চিৰন্তন প্ৰবাহৰ দৰেই ভাৰতীয় সংস্কৃতিৰ অবিৰত সোঁতে মৰিচাছক সমৃদ্ধ কৰিছে।

আৰু আজি যেতিয়া আমি কাশীত মৰিচাছৰ পৰা অহা বন্ধু-বান্ধৱীক আদৰণি জনাইছো, তেতিয়া ই কেৱল আনুষ্ঠানিকতা নহয়, আধ্যাত্মিক মিলনহে। সেইবাবেই মই গৌৰৱেৰে কওঁ যে ভাৰত আৰু মৰিচাছ কেৱল অংশীদাৰ নহয় বৰঞ্চ এটা পৰিয়াল।

 

বন্ধুসকল,

মৰিচাছ ভাৰতৰ চুবুৰী প্ৰথম নীতি আৰু আমাৰ দৃষ্টিভংগী ‘মহাসাগৰ’ৰ এক মূল অংশ। মাৰ্চ মাহত মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ গৌৰৱ পাইছিলোঁ, য’ত আমি আমাৰ সম্পৰ্কক ‘বৰ্ধিত কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিছিলোঁ। আজি আমি আমাৰ সহযোগিতাৰ সকলো ক্ষেত্ৰ বিতংভাৱে পৰ্যালোচনা কৰিলোঁ, আৰু আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰিলোঁ।

বন্ধুসকল,

প্ৰধানমন্ত্ৰী ৰামগুলাম জী আৰু মৰিচাছৰ জনসাধাৰণক চাগোছ চুক্তি সম্পাদনৰ বাবে উষ্ম অভিনন্দন জনাইছো। মৰিচাছৰ সাৰ্বভৌমত্বৰ বাবে এয়া এক ঐতিহাসিক মাইলৰ খুঁটি। ভাৰতে সদায় বিঔপনিবেশিকৰণক সমৰ্থন কৰি আহিছে, আৰু মৰিচাছৰ সাৰ্বভৌমত্বক সম্পূৰ্ণ স্বীকৃতি প্ৰদান কৰি আহিছে। এই যাত্ৰাত ভাৰত সদায় মৰিচাছৰ সৈতে দৃঢ়তাৰে থিয় দিছে।

বন্ধুসকল,

 

মৰিচাছৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতে এক বিশ্বাসযোগ্য প্ৰাথমিক অংশীদাৰ হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰে। আজি আমি ঘোষণা কৰিছো যে মৰিচাছৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰসমূহ সমৰ্থন কৰিবলৈ ডিজাইন কৰা হৈছে এক বিশেষ অৰ্থনৈতিক পেকেজ। ইয়াৰ দ্বাৰা আন্তঃগাঁথনি শক্তিশালী হ’ব, নতুন নিয়োগৰ সুযোগ সৃষ্টি হ’ব, আৰু স্বাস্থ্যসেৱাৰ সুবিধাসমূহ অধিক উন্নত হ’ব।

ভাৰতৰ বাহিৰত প্ৰথম জন আউষাধি কেন্দ্ৰ এতিয়া মৰিচাছত প্ৰতিষ্ঠা কৰা হৈছে। আজি আমি এইটোও সিদ্ধান্ত লৈছো যে ভাৰতে আয়ুষ উৎকৰ্ষ কেন্দ্ৰ, ৫০০ বিছনাযুক্ত ছাৰ ছিৱুছাগুৰ ৰামগুলাম ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ লগতে মৰিচাছত পশু চিকিৎসা বিদ্যালয় আৰু পশু চিকিৎসালয় স্থাপনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিব।

একে সময়তে আমি চাগোছ সামুদ্ৰিক সংৰক্ষিত এলেকাৰ দৰে প্ৰকল্পও আগুৱাই নিম; এছ এছ আৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এ টি চি টাৱাৰ; লগতে ঘাইপথ আৰু ৰিং ৰোডৰ সম্প্ৰসাৰণ।

এই পেকেজটো কোনো সহায় নহয়। ই আমাৰ উমৈহতীয়া ভৱিষ্যতৰ বিনিয়োগ।

 

বন্ধুসকল,

যোৱা বছৰ মৰিচাছত মুকলি কৰা হৈছিল ইউ পি আই আৰু ৰুপে কাৰ্ড। এতিয়া, আমি স্থানীয় মুদ্ৰাৰ বাণিজ্য সক্ষম কৰাৰ দিশত কাম কৰিম।

শক্তি সুৰক্ষা আমাৰ অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। ভাৰতে মৰিচাছৰ শক্তি পৰিৱৰ্তনত সহায় কৰিছে। আমি মৰিচাছলৈ ১০০খন ইলেক্ট্ৰিক বাছ যোগান ধৰিছো, ইয়াৰে ১০খন ইতিমধ্যে ডেলিভাৰী কৰা হৈছে। শক্তিৰ ক্ষেত্ৰত সম্পাদন হোৱা সৰ্বাংগীন অংশীদাৰিত্ব চুক্তিয়ে এই সহযোগিতাক আৰু অধিক শক্তিশালী কৰিব। আমি তামাৰিন্দ জলপ্ৰপাতত ১৭.৫ মেগাৱাটৰ ভাসমান সৌৰশক্তি কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰতো সমৰ্থন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছো।

মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত আমাৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্ব আছে। ইতিমধ্যে মৰিচাছৰ ৫ হাজাৰৰো অধিক নাগৰিকে ভাৰতত প্ৰশিক্ষণ লাভ কৰিছে। মাৰ্চ মাহত মোৰ ভ্ৰমণৰ সময়ত ৫০০ চৰকাৰী কৰ্মচাৰীক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। মই এইটো জানিবলৈ পাই অতিশয় আনন্দিত হৈছো যে প্ৰথম বেটচটো বৰ্তমান মিছৌৰীত প্ৰশিক্ষণ লৈ আছে।

আজি আমি মৰিচাছত নতুনকৈ বিজ্ঞান আৰু প্ৰযুক্তি সঞ্চালকালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছো। অতি সোনকালে আমি মৰিচাছত মিছন কৰ্মযোগীৰ প্ৰশিক্ষণ মডিউলসমূহো মুকলি কৰিম।

 

মাদ্ৰাজৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ভাৰতীয় বাগিচা ব্যৱস্থাপনা প্ৰতিষ্ঠানে মৰিচাছ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তিবদ্ধ হৈছে। এই চুক্তিসমূহে গৱেষণা, শিক্ষা, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বক নতুন উচ্চতালৈ উন্নীত কৰিব।

বন্ধুসকল,

এটা মুক্ত, মুকলি, সুৰক্ষিত, সুস্থিৰ, আৰু সমৃদ্ধিশালী ভাৰত মহাসাগৰ আমাৰ ভাগ-বতৰা অগ্ৰাধিকাৰ। এই প্ৰেক্ষাপটত ভাৰতে মৰিচাছৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ নিৰাপত্তা শক্তিশালী কৰাৰ বাবে আৰু ইয়াৰ সামুদ্ৰিক ক্ষমতা বৃদ্ধিৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

ভাৰত মহাসাগৰ অঞ্চলত ভাৰত সদায় প্ৰথম সঁহাৰিদাতা আৰু নেট ছিকিউৰিটি প্ৰদানকাৰী হিচাপে থিয় দি আহিছে।

মৰিচাছ উকূলৰক্ষী বাহিনীৰ জাহাজখন ভাৰতত পুনৰ ফিটিংৰ কাম হাতত লোৱা হৈছে। তদুপৰি, তেওঁলোকৰ ১২০জন বিষয়াকো ভাৰতত প্ৰশিক্ষণ দিয়া হৈছে।

আজি হাইড্ৰ’গ্ৰাফীৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে এক চুক্তি সম্পাদিত হৈছে। অহা পাঁচ বছৰত আমি ই ই জেডৰ যৌথ জৰীপ, নেভিগেচন চাৰ্ট, আৰু হাইড্ৰ’গ্ৰাফিক তথ্যৰ ওপৰত একেলগে কাম কৰিম।

মহামহিম,

ভাৰত আৰু মৰিচাছ দুখন জাতি, কিন্তু আমাৰ সপোন আৰু ভাগ্য এক।

এইবাৰ আমি ছাৰ ছিউছাগুৰ ৰামগুলামৰ ১২৫সংখ্যক জয়ন্তীৰ তেওঁক স্মৰণ কৰিম। তেওঁ কেৱল মৰিচাছ দেশৰ পিতৃ নহয়, ভাৰত আৰু মৰিচাছৰ চিৰস্থায়ী সেতুৰ প্ৰতিষ্ঠাপক স্থপতিও। তেওঁৰ বৰ্ষপূৰ্তিই আমাক আমাৰ সম্পৰ্কক অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে একেলগে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।

আকৌ এবাৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো। ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.