Wherever the crisis struck, our NDRF-SDRF personnel, other security forces, everyone toiled day and night to save the people: PM Modi
I express heartfelt gratitude to every citizen who has kept humanity above everything else during this testing time: PM Modi
A record number of people gathered in a stadium in Pulwama, Jammu and Kashmir to watch first ever day-night cricket match: PM Modi
The spirit of 'Ek Bharat-Shrestha Bharat' is very important for the development of the country and sports play a big role in it: PM Modi
Today hundreds of solar rice mills have been set up in many states of the country, which have increased the income of the farmers: PM Modi
Our carpenters, blacksmiths, goldsmiths, potters, sculptors, have always been the foundation of India's prosperity: PM Modi
The whole country is celebrating the pomp and fervour of 'Ganesh Utsav'. The radiance of many festivals will spread in the coming days: PM Modi
Today the attention of the whole world is towards India. The whole world is eyeing latent possibilities in India: PM Modi
We must move ahead with the Swadeshi spirit: One Mantra – Vocal for Local; One Path – Atmanirbhar Bharat; One Goal – Developed India: PM Modi
Love for Ramayana and Indian culture is now reaching every corner of the world: PM Modi

মোৰ প্ৰিয় দেশবাসী, আপোনালোক আটাইকে নমস্কাৰ জনালোঁ। এই বাৰিষাকালত প্ৰাকৃতিক দুৰ্য্যোগসমূহে দেশখনক প্ৰভাৱিত কৰিছে। যোৱা কেইসপ্তাহমানৰ ভিতৰতে আমি বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা ভয়াৱহ ধ্বংসলীলা প্ৰত্যক্ষ কৰিছোঁ। ঠায়ে-ঠায়ে ঘৰ-দুৱাৰ ধ্বংস হৈছে; আন কিছুমান স্থানত খেতি-পথাৰবোৰ পানীত ডুব গৈছে; গৃহস্থীসমূহ সামূহিকভাৱে প্ৰভাৱিত হৈছে। কেতবোৰ অঞ্চলত পানীৰ প্ৰবল সোঁতত দলংবোৰ উটি গৈছে; ৰাস্তাবোৰো উটুৱাই নিছে; এই সময়ছোৱাত জনজীৱন বিপদাপন্ন হৈ পৰে। এনে ঘটনাসমূহে প্ৰতিগৰাকী ভাৰতীয়কে মৰ্মাহত কৰিছে। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱা পৰিয়াল-বৰ্গলৈ আমাৰ গভীৰ সমবেদনা জনাইছোঁ। যি স্থানতেই সংকটে দেখা দিছিল, সেই স্থানতে আমাৰ এনডিআৰএফ-এছডিআৰএফৰ জোৱান, আন-আন নিৰাপত্তা বাহিনী, সকলোৱে দিনে-নিশাই কষ্ট কৰি স্থানীয় লোকসকলক ৰক্ষা কৰিছে। জোৱানসকলে প্ৰযুক্তিৰ মাধ্যমেৰেও সাহায্য আগবঢ়াইছে। থাৰ্মেল কেমেৰা, লাইফ ডিটেক্টৰ, স্নিফাৰ ডগ আৰু ড্ৰোনেৰে নিৰীক্ষণৰ দৰে অসংখ্য আধুনিক সমলৰ সহায়ত সাহায্য কাৰ্য্যক গতি প্ৰদান কৰিবলৈ বহু প্ৰচেষ্টা হাতত লোৱা হৈছে। এই সময়ছোৱাত হেলিকপ্টাৰেৰে সাহায্য সামগ্ৰী যোগান ধৰা হৈছে; আহতসকলক বিমানেৰে স্থানান্তৰ কৰা হৈছে। দুৰ্য্যোগৰ মুহূৰ্তত সহায়ৰ বাবে সেনা আগবাঢ়ি আহিছে। স্থানীয় লোক, সমাজকৰ্মী, চিকিৎসক, প্ৰশাসন... সকলোৱে এই সংকটৰ সময়ত যৎপৰোনাস্তি চেষ্টা কৰিছে। এনে পৰীক্ষাৰ সময়ত মানৱতাক সকলোতকৈ উৰ্ধত ৰখা প্ৰতিজন নাগৰিকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

মোৰ প্ৰিয় দেশবাসী, বান আৰু বৰষুণৰ এই ধ্বংসলীলাৰ মাজতে জম্মু-কাশ্মীৰে দুটা অতিশয় বিশেষ সাফল্য লাভ কৰিছে। বহুতে ইয়ালৈ লক্ষ্য কৰা নাই যদিও আপোনাসৱ এই কৃতিত্ব সম্পৰ্কে জানি অত্যন্ত আনন্দিত হ’ব। জম্মু-কাশ্মীৰৰ পুলৱামাৰ এখন ষ্টেডিয়ামত অভিলেখ সংখ্যক লোক সমবেত হয়। পুলৱামাৰ প্ৰথম ডে’-নাইট ক্ৰিকেট খেল ইয়াতেই অনুষ্ঠিত হৈছে।

আগতে এয়া অসম্ভৱ আছিল, কিন্তু এতিয়া মোৰ দেশখন ৰূপান্তৰিত হৈছে। এই খেলখন ‘ৰয়েল প্ৰিমিয়াৰ লীগ’-ৰ অংশ। ইয়াত জম্মু-কাশ্মীৰৰ ভিন্ন দলে খেলি আছে। হাজাৰ-হাজাৰ উৎসাহী, বিশেষকৈ যুৱক-যুৱতীসকলে পুলৱামাত নিশা ক্ৰিকেট উপভোগ কৰিছে... এয়া সঁচাকৈয়ে এক চাবলগীয়া দৃশ্য! বন্ধুসকল, দৃষ্টি আকৰ্ষণ কৰা দ্বিতীয়টো অনুষ্ঠান হৈছে দেশৰ প্ৰথম খেল’ ইণ্ডিয়া জল ক্ৰীড়া মহোৎসৱ আৰু সেয়াও শ্ৰীনগৰৰ ডাল লেকত অনুষ্ঠিত হৈছিল। সঁচাকৈয়ে এয়া এনেকুৱা মহোৎসৱ আয়োজনৰ উপযুক্ত স্থান। ইয়াৰ উদ্দেশ্য জম্মু-কাশ্মীৰত জল ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি তোলা। সমগ্ৰ ভাৰতৰ ৮০০-ৰো অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই ক্ষেত্ৰত মহিলা খেলুৱৈসকলো পিছ পৰি থকা নাছিল... তেওঁলোকৰ অংশগ্ৰহণো পুৰুষৰ সৈতে প্ৰায় সমতুল্য আছিল। ইয়াত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অভিনন্দন জ্ঞাপন কৰিলোঁ। সৰ্বাধিক পদক লাভ কৰা মধ্যপ্ৰদেশলৈ বিশেষ অভিনন্দন, তাৰ পিছতে হাৰিয়ানা আৰু ওড়িশা। জম্মু-কাশ্মীৰ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ উষ্মতা আৰু আতিথ্যৰ গভীৰ শলাগ লৈছোঁ।

বন্ধুসকল, এই অভিজ্ঞতাক আপোনালোকৰ মাজত বিলাই দিবলৈ মই ইয়াত অংশগ্ৰহণ কৰা দুগৰাকী খেলুৱৈৰ সৈতে কথা পতাৰ কথা ভাবিছোঁ... ইয়াৰে এগৰাকী হৈছে ওড়িশাৰ ৰশ্মিতা চাহু আৰু আনগৰাকী হৈছে শ্ৰীনগৰৰ মহচিন আলী। তেওঁলোকৰ কথা শুনোঁ আহক।

প্ৰধানমন্ত্ৰীঃ ৰশ্মিতা জী, নমস্কাৰ!

ৰশ্মিতাঃ নমস্কাৰ ছাৰ।

প্ৰধানমন্ত্ৰীঃ জয় জগন্নাথ।

ৰশ্মিতাঃ জয় জগন্নাথ ছাৰ।

প্ৰধানমন্ত্ৰীঃ ৰশ্মিতা জী, ক্ৰীড়া জগতত আপোনাৰ সফলতাৰ বাবে প্ৰথমে আপোনাক অভিনন্দন জনালোঁ।

ৰশ্মিতাঃ ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ ৰশ্মিতা, আমাৰ শ্ৰোতাসকলে আপোনাৰ বিষয়ে আৰু আপোনাৰ ক্ৰীড়া যাত্ৰাৰ বিষয়ে জানিবলৈ অতিশয় আগ্ৰহী হৈ পৰিছে... ময়ো অতিশয় আগ্ৰহী হৈ উঠিছোঁ... সেয়ে আপোনাৰ এই যাত্ৰা সম্পৰ্কে কওঁকচোন!

ৰশ্মিতাঃ ছাৰ, মই ৰশ্মিতা চাহু... ওড়িশাৰ। আৰু মই এজন কেনুইং খেলুৱৈ। ২০১৭-ত ক্ৰীড়াত যোগদান কৰিছিলোঁ। কেনুইং আৰম্ভ কৰিলোঁ আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়, ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰু ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণ কৰিছোঁ। মই এতিয়ালৈকে ৪১ টা পদক লাভ কৰিছোঁ। ইয়াৰে ১৩ টা সোণ, ১৪ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জৰ পদক ছাৰ।

প্ৰধানমন্ত্ৰীঃ এই ক্ৰীড়াৰ প্ৰতি আগ্ৰহ কেনেকৈ গঢ় লৈ উঠিল? ইয়াৰ প্ৰতি আপোনাক প্ৰথমে কোনে অনুপ্ৰাণিত কৰিছিল? আপোনাৰ পৰিয়ালত ক্ৰীড়াৰ পৰিবেশ আছে নে?

ৰশ্মিতাঃ নাই ছাৰ। আমাৰ গাঁওখনত খেলা-ধূলাৰ সিমান প্ৰচলন নাছিল। এবাৰ নদীত মই সাঁতুৰিবলৈ যাওঁতে তাত নাওঁ চলোৱা চলি আছিল। মই আৰু মোৰ সমনীয়াসকলে সাঁতুৰি আছিলোঁ আৰু তাত কেনুইং-কয়াকিংৰ বাবে নাও থকাৰ বিষয়ে একো নাজানিছিলোঁ। গতিকে মই মোৰ বান্ধৱীসকলক সুধিছিলোঁ, “এয়া কি?” তেওঁলোকে মোক জনাইছিল যে জগতপুৰত এছএআই ক্ৰীড়া কেন্দ্ৰ আছে; তাত খেলৰ আয়োজন কৰা হয়, ময়ো তালৈ যাব পাৰিম। এয়া বৰ আকৰ্ষণীয় হয় বুলি গম পাইছিলোঁ। গতিকে এইটো কি, মই নাজানিছিলোঁ, ল’ৰা-ছোৱালীয়ে পানীত এই কাম কেনেকৈ কৰে? নাওঁ চলৱাটো কেনেকৈ সম্ভৱ? সেয়ে ময়ো যাব খোজা বুলি ক’লো। কেনেকৈ যাম? মই তেওঁলোকক সুধিছিলোঁ। তেওঁলোকে মোক তালৈ গৈ কথা পাতিবলৈ ক’লে। তাৰ পাছত লগে-লগে ঘৰলৈ গৈ কৈছিলোঁ, পাপা, যাবৰ মন গৈছে পাপা, যাবই লাগিব। তেতিয়া পাপাই ক’লে ঠিক আছে; তেওঁ মোক তালৈ লৈ গৈছিল। সেই সময়ত কোনো ট্ৰায়েল হোৱা নাছিল। তাৰ পিছত প্ৰশিক্ষকসকলে ক’লে যে ট্ৰায়েল ফেব্ৰুৱাৰীত হয়, গতিকে ফেব্ৰুৱাৰী বা মাৰ্চত ট্ৰায়েলৰ সময়ত আহিব লাগে। তাৰ পিছত ট্ৰায়েলৰ সময়ত গৈছিলোঁ।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে ৰশ্মিতা, কাশ্মীৰত অনুষ্ঠিত খেল’ ইণ্ডিয়া জল ক্ৰীড়া মহোৎসৱত আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিল? আপুনি প্ৰথমবাৰৰ বাবে কাশ্মীৰলৈ গৈছে?

ৰশ্মিতাঃ হয় ছাৰ, মই প্ৰথমবাৰৰ বাবে কাশ্মীৰলৈ গৈছোঁ। খেল’ ইণ্ডিয়া, তাতে প্ৰথম ‘খেল’ ইণ্ডিয়া জল ক্ৰীড়া মহোৎসৱ’-ৰ আয়োজন কৰা হয়। তাত মোৰ দুটা ইভেন্ট আছিল। ২০০ মিটাৰ আৰু ৫০০ মিটাৰ ডাবলছত একক। আৰু মই দুয়োটাতে সোণৰ পদক লাভ কৰিছোঁ ছাৰ।

প্ৰধানমন্ত্ৰীঃ অ’ বাহ! উভয়তে!

ৰশ্মিতাঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ অলেখ অভিনন্দন জনালোঁ।

ৰশ্মিতাঃ ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ বাৰু ৰশ্মিতা, জল ক্ৰীড়াৰ বাহিৰে আপোনাৰ হবি কি?

ৰশ্মিতাঃ ছাৰ, জল ক্ৰীড়াৰ বাহিৰেও মই দৌৰিবলৈ বেছি ভাল পাওঁ। যেতিয়াই ছুটীত যাওঁ, তেতিয়াই দৌৰিবলৈ যাওঁ। মই যিখন খেলপথাৰত ফুটবল খেলিবলৈ শিকিছিলোঁ, মই যেতিয়াই যাওঁ তাত মই বহুত দৌৰোঁ আৰু অলপ ফুটবলো খেলোঁ।

প্ৰধানমন্ত্ৰীঃ গতিকে খেল আপোনাৰ শিৰাই-শিৰাই প্ৰৱাহিত!

ৰশ্মিতাঃ হয় ছাৰ, মই স্কুলীয়া জীৱনত ১ম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে, মই অংশগ্ৰহণ কৰা প্ৰতিটো ইভেন্টতে ১ম স্থান লাভ কৰিছিলোঁ, আগতে মই চেম্পিয়ন আছিলোঁ ছাৰ।

প্ৰধানমন্ত্ৰীঃ ৰশ্মিতা, আপোনাৰ দৰে ক্ৰীড়াত আগবাঢ়িব বিচৰাসকলক আপুনি কি বাৰ্তা প্ৰদান কৰিব?

ৰশ্মিতাঃ ছাৰ, বহু ল’ৰা-ছোৱালীক ঘৰৰ পৰা ওলাই আহিবলৈকে দিয়া হোৱা নাই, আৰু ছোৱালী হোৱাৰ বাবে, “কেনেকৈ ওলাই যাবা”... এনে হ’ব নালাগে। তদুপৰি কিছুমানে পৰীক্ষাৰ সমস্যাৰ বাবে খেল এৰিছে... আৰু এই খেল’ ইণ্ডিয়া আঁচনিখনৰ অধীনত বহু খেলুৱৈয়ে আৰ্থিক সাহায্য লাভ কৰিছে আৰু বহু খেলুৱৈয়ে বহু সহায় লাভ কৰিছে। ইয়াৰ ফলশ্ৰুতিত বহু খেলুৱৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰু মই সকলোকে ক’ম যে ক্ৰীড়াক ত্যাগ কৰিব নালাগে, ক্ৰীড়াৰ সৈতে বহু দূৰ আগবাঢ়িব পাৰি। ক্ৰীড়াই শৰীৰটোক সুস্থ কৰিও ৰাখে আৰু ক্ৰীড়াক আগুৱাই নিয়া তথা ভাৰতৰ বাবে পদক লাভ কৰাই আমাৰ কৰ্তব্য ছাৰ।

প্ৰধানমন্ত্ৰীঃ বাৰু ৰশ্মিতা জী, মোৰ বৰ ভাল লাগিল। আকৌ এবাৰ আপোনাক বহুত-বহুত অভিনন্দন আৰু আপোনাৰ পিতৃলৈয়ো মোৰ শুভেচ্ছা জনাইছোঁ। কাৰণ তেওঁ এগৰাকী কন্যাক ইমানবোৰ অসুবিধাৰ মাজতো আগবাঢ়ি যাবলৈ ইমানখিনি উৎসাহ দিছিল। আপোনালোকলৈ মোৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।

ৰশ্মিতাঃ ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ জয় জগন্নাথ।

ৰশ্মিতাঃ জয় জগন্নাথ ছাৰ।

প্ৰধানমন্ত্ৰীঃ মহচিন আলী নমস্কাৰ!

মহচিন আলীঃ নমস্কাৰ ছাৰ।

প্ৰধানমন্ত্ৰীঃ মহচিন জী, আপোনাক বহু-বহু অভিনন্দন আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনালোঁ।

মহচিন আলীঃ ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ মহচিন, প্ৰথমবাৰৰ বাবে খেল’ ইণ্ডিয়া জল ক্ৰীড়া, ইয়াৰ উৎসৱ... আৰু তাৰ লগতে পোন-প্ৰথমবাৰৰ বাবে সোণৰ পদক! যি আপুনি লাভ কৰিছে। আপোনাৰ কেনে লাগিছে?

মহচিন আলীঃ ছাৰ, মই পৰম সুখী। কাশ্মীৰত প্ৰথমবাৰৰ বাবে আয়োজিত খেল’ ইণ্ডিয়াত স্বৰ্ণ পদক লাভ কৰিলোঁ।

প্ৰধানমন্ত্ৰীঃ আত্মীয়ই কি কৈছে?

মহচিন আলীঃ ঢেৰ কথা ছাৰ, গোটেই পৰিয়ালটো সুখী হৈছে।

প্ৰধানমন্ত্ৰীঃ আপোনাৰ স্কুলৰ সহপাঠীসকলে কি কৈছে?

মহচিন আলীঃ স্কুলতো সকলো সুখী হৈছে... কাশ্মীৰত সকলোৱে মোক সোণৰ পদক বিজয়ী বুলি কৈছে।

প্ৰধানমন্ত্ৰীঃ গতিকে আপুনি এতিয়া ডাঙৰ চেলিব্ৰিটি হৈ পৰিছে।

মহচিন আলীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ বাৰু, জল ক্ৰীড়াৰ প্ৰতি আগ্ৰহ কেনেকৈ গঢ় লৈ উঠিছিল আৰু ইয়াৰ কি লাভ দেখিছে?

মহচিন আলীঃ শৈশৱত ডাল লেকত নাও এখন দেখিছিলোঁ; দেউতাই মোক সুধিছিল যে মই কৰিম নেকি, হয়, ময়ো ইয়াৰ প্ৰতি আগ্ৰহী বুলি জনাইছিলোঁ, তাৰ পিছত মই মেডামক লগ কৰিবলৈ চেন্টাৰলৈ গৈছিলোঁ। তাৰ পিছত মেডামে মোক শিকাইছিল... বিলকিছ মেম।

প্ৰধানমন্ত্ৰীঃ বাৰু মহচিন, দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকল আহিছিল, প্ৰথমবাৰৰ বাবে জল ক্ৰীড়াৰ কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছিল আৰু তাকো শ্ৰীনগৰত হৈছিল, তাকো ডাল লেকত, দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইমান লোক আহিছিল। তাৰ লোকসকলৰ কেনে লাগিছিল?

মহচিন আলীঃ মই বহুত সুখী ছাৰ, সকলোৱে কৈছে যে ভাল ঠাই, ইয়াত সকলো ভাল, সুবিধা ভাল। ইয়াত খেল’ ইণ্ডিয়া সকলো ক্ষেত্ৰতে সাফল্যমণ্ডিত হোৱা বুলি তেওঁলোকে কৈছে।

প্ৰধানমন্ত্ৰীঃ আপুনি কেতিয়াবা কাশ্মীৰৰ বাহিৰত অনুষ্ঠিত ক্ৰীড়া অনুষ্ঠানত ভাগ লৈছে নে?

মহচিন আলীঃ হয় ছাৰ, মই ভূপাল, গোৱা, কেৰালা, হিমাচললৈ গৈছোঁ।

প্ৰধানমন্ত্ৰীঃ বাৰু তেন্তে আপুনি সমগ্ৰ ভাৰতখন দেখিছে।

মহচিন আলীঃ হয় ছাৰ

প্ৰধানমন্ত্ৰীঃ গতিকে... ইমানবোৰ খেলুৱৈ তালৈ আহিছিল!

মহচিন আলীঃ হয় ছাৰ

প্ৰধানমন্ত্ৰীঃ গতিকে নতুন বন্ধু পালে নে নাই?

মহচিন আলীঃ ছাৰ, মই বহু বন্ধু লগ পাওঁ, আমি ডাল লেক, লাল চ’কত একেলগে ঘূৰি ফুৰিছিলোঁ, গোটেই ঠাইখন ঘূৰি ফুৰিছিলোঁ, পেহলগামলৈয়ো গৈছিলোঁ; হয় ছাৰ আমিও গোটেই ঠাইখন ঘূৰিলোঁ।

প্ৰধানমন্ত্ৰীঃ চাওঁক, মই দেখিছোঁ যে জম্মু-কাশ্মীৰৰ ক্ৰীড়া প্ৰতিভা আচৰিত।

মহচিন আলীঃ হয় ছাৰ

প্ৰধানমন্ত্ৰীঃ আমাৰ জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব লাগে, তেওঁলোকৰ ইমান সম্ভাৱনা আছে আৰু আপুনি প্ৰমাণ কৰিলে।

মহচিন আলীঃ ছাৰ মোৰ সপোন হৈছে অলিম্পিকত পদক লাভ কৰা, সেয়াই মোৰ সপোন।

প্ৰধানমন্ত্ৰীঃ বাহ, বঢ়িয়া!

মহচিন আলীঃ ঠিক সেয়াই মোৰ সপোন ছাৰ

প্ৰধানমন্ত্ৰীঃ আপোনাৰ এই কথাই মোক অভিভূত কৰিছে।

মহচিন আলীঃ ছাৰ, সেয়াই মোৰ সপোন, অলিম্পিকত পদক লাভ কৰা। দেশৰ বাবে পদক কঢ়িয়াই অনাই হৈছে মোৰ একমাত্ৰ সপোন।

প্ৰধানমন্ত্ৰীঃ মোৰ দেশৰ এটা মজদুৰ পৰিয়ালৰ পুত্ৰই ইমান ডাঙৰ সপোন দেখে, তাৰ মানে এই দেশখন বহুত আগবাঢ়ি যাব।

মহচিন আলীঃ ছাৰ, বহুত আগবাঢ়িব গৈ আছে। আমি ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ যিয়ে ইয়াত খেল’ ইণ্ডিয়া আয়োজন কৰিছে... ইয়াত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে ছাৰ।

প্ৰধানমন্ত্ৰীঃ সেইবাবেই আপোনাৰ স্কুলত নিশ্চয় তেওঁলোকে আপোনাক উৎসাহিত কৰি আছে।

মহচিন আলীঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে মহচিন, আপোনাৰ সৈতে কথা পাতি সঁচাকৈয়ে ভাল লাগিল আৰু আপোনাৰ পিতৃলৈয়ো মোৰ বিশেষ ধন্যবাদ থাকিল। কাৰণ তেওঁ আপোনাৰ জীৱনটো গঢ়ি তুলিছিল আৰু আপুনি ১০ বছৰ ধৰি বিশ্ৰাম নোলোৱাকৈ কষ্ট কৰি আহিছে। এজন খেলুৱৈৰ বাবে এয়া এক ডাঙৰ প্ৰেৰণা আৰু আপোনাক প্ৰশিক্ষণ দিবলৈ ইমান কষ্ট কৰা আপোনাৰ প্ৰশিক্ষককো অভিনন্দন জনাইছোঁ। মোৰ শুভেচ্ছা, বহু অভিনন্দন ভায়া।

মহচিন আলীঃ ধন্যবাদ ছাৰ, নমস্কাৰ ছাৰ, জয় হিন্দ!

বন্ধুসকল,

‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’-ৰ মনোভাৱ; দেশৰ ঐক্য, দেশৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু নিশ্চিতভাৱে, ইয়াত ক্ৰীড়াই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু সেইবাবেই মই কওঁ যে যিজনে খেলে, তেওঁ উজ্জ্বলি উঠে। আমাৰ দেশখনে যিমানেই টুৰ্ণামেন্ট খেলিব, সিমানেই উজ্জ্বলি উঠিব। আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।

মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ ইউপিএছচি-ৰ কথা জ্ঞাত। এই প্ৰতিষ্ঠানে দেশৰ অন্যতম কঠিন পৰীক্ষা অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰে। আমি সকলোৱে অসামৰিক সেৱাত শীৰ্ষস্থান লাভ কৰোঁতাসকলৰ বহুতো প্ৰেৰণাদায়ক কাহিনী শুনিছোঁ। এই যুৱক-যুৱতীসকলে কঠিন পৰিস্থিতিত পঢ়া-শুনা কৰে আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সেৱাত স্থান লাভ কৰে - কিন্তু বন্ধুসকল, ইউপিএছচি পৰীক্ষাৰ আন এক দিশ আছে। এনে হাজাৰ-হাজাৰ প্ৰাৰ্থী অতি প্ৰতিভাৱান; তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আন কাৰোবাৰ তুলনাত কম নহয়, কিন্তু তেওঁলোকে অলপ ব্যৱধানত চূড়ান্ত তালিকাত উপনীত হ’ব নোৱাৰে। এই পৰীক্ষাৰ্থীসকলে আন পৰীক্ষাৰ বাবে নতুনকৈ প্ৰস্তুতি চলাব লাগিব। ইয়াত তেওঁলোকৰ সময় আৰু ধন উভয়ে ব্যয় হয়। সেইবাবেই, এতিয়া এনে মনোযোগী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ডিজিটেল প্লেটফৰ্মৰ সৃষ্টি কৰা হৈছে আৰু ইয়াৰ নাম হৈছে ‘প্ৰতিভা সেতু’।

‘প্ৰতিভা সেতু’-ত ইউপিএছচি-ৰ ভিন্ন পৰীক্ষাৰ সকলো পৰ্য্যায় ক্লিয়াৰ কৰা, কিন্তু চূড়ান্ত মেধা তালিকাত নাম নথকা পৰীক্ষাৰ্থীসকলৰ তথ্য সংৰক্ষণ কৰা হ’ব। এই পৰ্টেলটোত দহ হাজাৰৰো অধিক এনে মেধাৱী যুৱক-যুৱতীৰ ডাটাবেংক আছে। কোনোবাই অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাইছিল, কোনোবাই অভিযান্ত্ৰিক সেৱাত যোগদান কৰিব বিচাৰিছিল, কোনোবাই চিকিৎসা সেৱাৰ প্ৰতিটো পৰ্য্যায় ক্লিয়াৰ কৰিছিল যদিও অৱশেষত নিৰ্বাচিত হোৱা নাছিল - এনে সকলো প্ৰাৰ্থীৰ তথ্য এতিয়া ‘প্ৰতিভা সেতু’ পৰ্টেলত উপলব্ধ কৰা হৈছে। এই পৰ্টেলৰ জৰিয়তে ব্যক্তিগত কোম্পানীসমূহে এনে প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলৰ তথ্য লাভেৰে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব পাৰে। বন্ধুসকল, এই প্ৰচেষ্টাৰ ফলাফলো ইতিমধ্যে লাভ কৰা হৈছে। এই পৰ্টেলৰ সহায়ত শ-শ প্ৰাৰ্থীয়ে লগে-লগে চাকৰি লাভ কৰিছে আৰু যিসকল যুৱক-যুৱতী সামান্য ব্যৱধানত আবদ্ধ হৈ পৰিছিল, তেওঁলোক এতিয়া নতুন আত্মবিশ্বাসেৰে আগবাঢ়িছে।

মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ বিশ্ব ভাৰতৰ প্ৰতি মনোযোগী হৈ পৰিছে। সমগ্ৰ বিশ্বই ভাৰতৰ সুপ্ত সম্ভাৱনাৰ ওপৰত চকু ৰাখিছে। মই ইয়াৰ সৈতে জড়িত এটা সুখদায়ক অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। আপোনাসৱৰ জ্ঞাত যে আজিকালি পডকাষ্ট জনপ্ৰিয় হৈ উঠিছে। ভিন্ন বিষয়েৰে সম্পৰ্কীয় পডকাষ্ট ভিন্ন মানুহে চায় আৰু শুনে। শেহতীয়াকৈ ময়ো কিছুমান পডকাষ্টত অংশগ্ৰহণ কৰিছিলোঁ। তেনে এটা পডকাষ্ট আছিল বিশ্বৰ অতি বিখ্যাত পডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে।

সেই পডকাষ্টত নানা কথা আলোচনা কৰা হৈছিল আৰু সমগ্ৰ বিশ্বৰ লোকে শুনিছিল। আৰু পডকাষ্টত আলোচনা অব্যাহত থকাৰ সময়তে মই এটা বিষয় উত্থাপন কৰিছিলোঁ। এজন জাৰ্মান খেলুৱৈয়ে সেই পডকাষ্টটো শুনিছিল আৰু তেওঁৰ মনোযোগ মই তাত উল্লেখ কৰা কথাবোৰৰ ওপৰত নিবদ্ধ হৈছিল। সেই বিষয়টোৰ সৈতে তেওঁ ইমানেই ঘনিষ্ঠ হৈ পৰিছিল যে তেওঁ প্ৰথমে সেই বিষয়ত গৱেষণা কৰিছিল আৰু তাৰ পিছত জাৰ্মানীত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰি চিঠি লিখিছিল যে তেওঁ সেই বিষয়ত ভাৰতৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰে। আপোনাসৱে নিশ্চয় ভাবিছে যে পডকাষ্টত মোদীজীয়ে কেনেধৰণৰ বিষয়ৰ কথা কৈছিল – যিয়ে এজন জাৰ্মান খেলুৱৈক অনুপ্ৰাণিত কৰিছিল... এই বিষয়টো কি আছিল – আপোনালোকক ক’ব খুজিছোঁ, পডকাষ্টটোত মই মধ্যপ্ৰদেশৰ শ্বাহদলৰ ফুটবল উন্মাদনাই বিৰাজ কৰা এখন গাঁৱৰ বৰ্ণনা কৰিছিলোঁ। আচলতে দুবছৰ পূৰ্বে মই শ্বাহদললৈ গৈ তাত থকা ফুটবল খেলুৱৈসকলক লগ পাইছিলোঁ। পডকাষ্টৰ সময়ত এটা প্ৰশ্নৰ উত্তৰত মই শ্বাহদলৰ ফুটবল খেলুৱৈসকলৰ কথাও উল্লেখ কৰিছিলোঁ। একে কথাই শুনিছিল জাৰ্মান ফুটবল খেলুৱৈ তথা প্ৰশিক্ষক ডায়েটমাৰ বেইয়াৰছডৰ্ফাৰেও। শ্বাহদলৰ যুৱ ফুটবল খেলুৱৈসকলৰ জীৱন যাত্ৰাই তেওঁক বহুত আপ্লুত আৰু অনুপ্ৰাণিত কৰিছিল। সঁচাকৈয়ে কোনেও কল্পনা কৰা নাছিল যে তাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈসকলে আন দেশৰ দৃষ্টি আকৰ্ষণ কৰিব। এতিয়া এই জাৰ্মান প্ৰশিক্ষকজনে জাৰ্মানীৰ এখন একাডেমীত শ্বাহদলৰ কিছু খেলুৱৈক প্ৰশিক্ষণ প্ৰদানৰ প্ৰস্তাৱ জনাইছে। ইয়াৰ পিছত মধ্যপ্ৰদেশ চৰকাৰেও তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে। অতি সোনকালেই আমাৰ শ্বাহদলৰ একাংশ যুৱ বন্ধু জাৰ্মানীলৈ ৰাওনা হৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবগৈ। ভাৰতত ফুটবলৰো জনপ্ৰিয়তা অহৰহ বৃদ্ধি পোৱা কাৰ্য্য প্ৰত্যক্ষ কৰি মই অতিশয় আনন্দিত হৈছোঁ। ফুটবল প্ৰেমীসকলক সময় পালেই শ্বাহদললৈ গৈ তাত অব্যাহত ক্ৰীড়া বিপ্লৱক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনাইছোঁ।

মোৰ প্ৰিয় দেশবাসী, চুৰাটৰ বাসিন্দা জিতেন্দ্ৰ সিং ৰাথোৰৰ বিষয়ে জানিলে আপোনালোক অতিশয় আনন্দিত হ’ব। জিতেন্দ্ৰ সিং ৰাথোৰ এজন নিৰাপত্তাৰক্ষী আৰু তেওঁ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে, যি কাৰ্য্য প্ৰতিজন দেশপ্ৰেমিকৰ বাবেই এক বৃহৎ প্ৰেৰণা। যোৱা কেইবছৰমানৰ পৰা তেওঁ ভাৰত মাতাক ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সকলো জোৱানৰ তথ্য সংগ্ৰহ কৰি আহিছে।

আজি তেওঁৰ হাতত প্ৰথম বিশ্বযুদ্ধৰ পিছৰে পৰা শ্বহীদ হোৱা হাজাৰ-হাজাৰ বীৰ সৈনিকৰ তথ্য আছে। শ্বহীদসকলৰ হাজাৰ-হাজাৰ ফটোও তেওঁৰ হাতত আছে। এবাৰ এগৰাকী শ্বহীদৰ পিতৃৰ কথাই তেওঁৰ হৃদয় চুই গৈছিল। শ্বহীদৰ পিতৃজনে কৈছিল, "মোৰ ল'ৰাটো নোহোৱা হোৱাৰ বাবে এতিয়া দেশখন অ-সুৰক্ষিত নহ’ব নে?" এই বক্তব্যই জিতেন্দ্ৰ সিঙৰ হৃদয়ক দেশপ্ৰেমৰ মনোভাৱেৰে ভৰাই তুলিছিল। আজিও তেওঁ একাধিক শ্বহীদৰ পৰিয়ালৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। প্ৰায় ডেৰ-দুই হাজাৰ শ্বহীদৰ পিতৃ-মাতৃৰ ভৰিৰ চাপো তেওঁ সংগ্ৰহ কৰিছে। সশস্ত্ৰ বাহিনীৰ প্ৰতি তেওঁৰ গভীৰ মৰম আৰু মোহৰ এক জীৱন্ত নিদৰ্শন এয়া। জিতেন্দ্ৰ জীৰ জীৱনে আমাক দেশপ্ৰেমৰ প্ৰকৃত পাঠ শিকাইছে।

মোৰ প্ৰিয় দেশবাসী, আপোনালোকে আজিকালি নিশ্চয় ঘৰৰ চাদত, ডাঙৰ-ডাঙৰ অট্টালিকাত, চৰকাৰী কাৰ্য্যালয়ত সৌৰ পেনেল জিলিকি থকা দেখিবলৈ পাইছে। জনতাই এতিয়া ইয়াৰ গুৰুত্ব বুজি পাইছে আৰু মুকলি মনেৰে ইয়াক গ্ৰহণ কৰিছে। আমাৰ দেশখন সূৰ্য্য দেৱতাৰ দ্বাৰা ইমানেই ধন্য... গতিকে তেওঁৰ দ্বাৰা বিকিৰিত শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কিয় নহয়।

বন্ধুসকল, সৌৰশক্তিয়ে কৃষক ৰাইজৰ জীৱনক ৰূপান্তৰিতও কৰিছে। একেখন খেতিপথাৰ, একেই কঠোৰ পৰিশ্ৰম, একেজন কৃষক... কিন্তু এতিয়া এনে কঠোৰ পৰিশ্ৰমৰ ফল বহুত বেছি গুৰুত্বপূৰ্ণ। এই পৰিৱৰ্তন সাধন কৰিছে সৌৰ পাম্প আৰু সৌৰ ধান কলে। আজি দেশৰ বহু ৰাজ্যত শ-শ সৌৰ ৰাইচ মিল স্থাপন কৰা হৈছে। এই সৌৰ ৰাইচ মিলসমূহে কৃষকৰ আয় বৃদ্ধিৰ লগতে তেওঁলোকৰ সুখানুভূতিও বৃদ্ধি কৰিছে।

বন্ধুসকল,

বিহাৰৰ দেৱকী জীয়ে সৌৰ পাম্পৰ জৰিয়তে নিজৰ গাঁওখনৰ ভাগ্য সলনি কৰিছে। মুজাফ্ফৰপুৰৰ ৰতনপুৰা গাঁৱৰ বাসিন্দা দেৱকী জীক এতিয়া সকলোৱে মৰমতে “সৌৰ দিদি” বুলি মাতে। দেৱকী জী... তেওঁৰ জীৱনটো সহজ নাছিল। সৰুতে তেওঁৰ বিয়া হৈছিল... এখন সৰু খেতিপথাৰ... চাৰিটা সন্তানৰ দায়িত্ব আৰু ভৱিষ্যতৰ কোনো স্পষ্ট ছবি নাছিল। কিন্তু তেওঁৰ মনোবল অটুত আছিল। তেওঁ এটা আত্ম-সহায়ক গোটত যোগদান কৰিছিল আৰু তাতেই তেওঁ সৌৰ পাম্পটোৰ বিষয়ে জানিব পাৰিছিল। তেওঁ সৌৰ পাম্প এটাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছিল আৰু সফল হৈছিল। ইয়াৰ পিছত ছ’লাৰ দিদিৰ ছ’লাৰ পাম্পে গাঁৱৰ ছবিখন সলনি কৰি পেলাইছিল।

পূৰ্বে মাত্ৰ কেইবিঘা মান মাটিতহে জলসিঞ্চনৰ ব্যৱস্থা আছিল যদিও এতিয়া সৌৰ দিদিৰ সৌৰ পাম্পৰ জৰিয়তে ৪০ একৰৰো অধিক ভূমিত জলসিঞ্চন উপলব্ধ। এই গাঁৱৰ আন-আন কৃষকসকলেও সৌৰ দিদিৰ এই অভিযানত যোগদান কৰিছে। ইয়াৰ ফলশ্ৰুতিত তেওঁলোকৰ শস্য সেউজীয়া হ’বলৈ আৰম্ভ কৰিছে আৰু উপাৰ্জনো বৃদ্ধি পাবলৈ ধৰিছে।

বন্ধুসকল, পূৰ্বে দেৱকী জীৰ জীৱন চাৰিখন দেৱালৰ ভিতৰতে আৱদ্ধ হৈ আছিল। কিন্তু আজি তেওঁ সম্পূৰ্ণ আত্ম-বিশ্বাসেৰে নিজৰ কাম কৰি আছে। সৌৰ  দিদি হিচাপে টকা উপাৰ্জন কৰি আছে আৰু আটাইতকৈ আমোদজনক কথাটো হ’ল যে তেওঁ ইউপিআই-ৰ জৰিয়তে অঞ্চলটোৰ কৃষক সকলৰ পৰা পেমেন্ট লাভ কৰে। তেওঁক এতিয়া সমগ্ৰ গাঁৱৰ লোকে সমীহ কৰে। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু দূৰদৰ্শিতাই সৌৰশক্তি যে কেৱল শক্তিৰ মাধ্যমেই নহয়, বৰঞ্চ প্ৰতিখন গাঁৱলৈ নতুন পোহৰৰ সঞ্চাৰ কৰা এক নতুন শক্তি, তাকে প্ৰদৰ্শন কৰিছে।

মোৰ প্ৰিয় দেশবাসী, ১৫ ছেপ্টেম্বৰত ভাৰতৰ মহান অভিযন্তা মোক্ষগুণ্ডম বিশ্বেশ্বৰায় জীৰ জন্মদিন। আমি সেই দিনটো অভিযন্তা দিৱস হিচাপে উদযাপন কৰোঁ। অভিযন্তাসকলে কেৱল যন্ত্ৰ সৃষ্টি নকৰে; বৰঞ্চ তেওঁলোক একো-একোজন কৰ্মযোগী, যিয়ে সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰে। মই ভাৰতৰ প্ৰতিজন অভিযন্তাৰ শলাগ লৈছোঁ। তেওঁলোকক আন্তৰিক শুভেচ্ছা জনালোঁ।

বন্ধুসকল, ছেপ্টেম্বৰত ভগৱান বিশ্বকৰ্মাৰ পূজাও আহি আছে। ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা জয়ন্তী পালন কৰা হ’ব। এই দিৱস আমাৰ বিশ্বকৰ্মা ভাইসকলৰ বাবেও উৎসৰ্গিত, যিসকলে পৰম্পৰাগত শিল্পকলা, দক্ষতা আৰু জ্ঞান-বিজ্ঞানক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিৰন্তৰভাৱে আগবঢ়াই আনিছে। আমাৰ কাঠমিস্ত্ৰী, লোহাৰ মিস্ত্ৰী, সোণৰ মিস্ত্ৰী, মৃৎশিল্পী, ভাস্কৰ্য্য শিল্পীসকল সদায় ভাৰতৰ সমৃদ্ধিৰ ভেটি হৈ আহিছে। আমাৰ এই বিশ্বকৰ্মা ভাইসকলক সহায় কৰিবলৈ চৰকাৰে বিশ্বকৰ্মা যোজনাও প্ৰৱৰ্তন কৰিছে।

বন্ধুসকল,

মই এতিয়া আপোনালোকলৈ এটা অডিঅ’ ৰেকৰ্ডিং বজাব খুজিছোঁ।

অডিঅবাইট

(আপুনি চাৰ্টিফিকেটত মই ৰাজ্যসমূহৰ বাবে কি কৰিলোঁ বা আমাৰ চৰকাৰে হায়দৰাবাদৰ বাবে কি কৰিলে বুলি সুধিছে। আমি হায়দৰাবাদৰ ঘটনাটো কেনেকৈ চম্ভালিছোঁ, সেয়া আপোনাৰ জ্ঞাত, কিমান যে কঠিন আছিল! আমি সকলো ৰাজ্যকে, সকলো ৰাজকুমাৰক প্ৰতিশ্ৰুতি দিওঁ যে আমি কোনো ৰাজকুমাৰ বা ৰজাৰ বাবে কোনো ভুল সিদ্ধান্ত গ্ৰহণ নকৰোঁ। সকলোৰে সৈতে সমান ব্যৱহাৰ কৰা হ’ব, সকলোৰে ক্ষেত্ৰত একে হ’ব। কিন্তু সেইখিনিলৈকে তেওঁলোকৰ বাবে আমি এক সুকীয়া চুক্তি সম্পন্ন কৰিলোঁ।)

বন্ধুসকল, এই কণ্ঠ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ। ইয়াৰ জৰিয়তে হায়দৰাবাদৰ ঘটনা সন্দৰ্ভত তেওঁৰ বেদনা অনুভৱ কৰিব পাৰি। অহা ছেপ্টেম্বৰত আমি হায়দৰাবাদ মুক্তি দিৱসো পালন কৰিম। এই মাহটোতে আমি ‘অপাৰেচন প’লো’-ত অংশগ্ৰহণ কৰা সেই সকলো বীৰৰ সাহসিকতাৰ কথা স্মৰণ কৰিম। আপোনালোক সকলোৰে জ্ঞাত যে ১৯৪৭-ৰ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰোঁতে হায়দৰাবাদৰ পৰিস্থিতি বেলেগ আছিল। নিজাম আৰু ৰাজাকাৰৰ অত্যাচাৰ দিনক-দিনে বাঢ়ি আহিছিল। আনকি ত্ৰিৰংগা উত্তোলন বা ‘বন্দে মাতৰম’ ধ্বনি দিয়াৰ বাবেও জনতাক বধ কৰা হৈছিল। নাৰী আৰু দৰিদ্ৰ লোকসকলৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছিল। সেই সময়ত বাবা চাহেব আম্বেদকাৰেও এই সমস্যাটো বৰ জটিল হৈ গৈ আছে বুলি সকীয়াই দিছিল। অৱশেষত চৰ্দাৰ পেটেলে বিষয়টো নিজৰ হাতত নিছিল। তেওঁ চৰকাৰক ‘অপাৰেচন প’লো’ আৰম্ভ কৰিবলৈ পতিয়ন নিয়াইছিল। অভিলেখ সময়ত আমাৰ বাহিনীয়ে হায়দৰাবাদক নিজামৰ একনায়কত্ববাদৰ পৰা মুক্ত কৰি ভাৰতৰ অংগ কৰি তুলিছিল। সেই সফলতাক সমগ্ৰ দেশে উদযাপন কৰিলে।

মোৰ প্ৰিয় দেশবাসী, আপোনাসৱ বিশ্বৰ যি স্থানলৈকে নাযাওঁক কিয়, সেই স্থানতেই ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ নিশ্চয় প্ৰত্যক্ষ কৰিব আৰু এই প্ৰভাৱ কেৱল বিশ্বৰ ডাঙৰ-ডাঙৰ চহৰসমূহতে সীমাবদ্ধ নহয়, বৰঞ্চ সৰু চহসমূহতো এয়া দৃশ্যমান। ইটালীৰ এখন সৰু চহৰ কেম্প-ৰ’টণ্ডোতো একেধৰণৰ দৃশ্য দেখা গৈছিল। তাত মহৰ্ষি বাল্মিকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। স্থানীয় মেয়ৰকে প্ৰমুখ্য কৰি অঞ্চলটোৰ ভালে কেইজন গুৰুত্বপূৰ্ণ ব্যক্তিয়েও এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

কেম্প-ৰ’টণ্ডোত বসবাস কৰা ভাৰতীয় মূলৰ লোকসকলে মহৰ্ষি বাল্মিকীৰ প্ৰতিমূৰ্তি স্থাপন কাৰ্য্যত পৰম সন্তোষ পাইছে। মহৰ্ষি বাল্মিকীৰ বাৰ্তাই আমাক সকলোকে অনুপ্ৰাণিত কৰে।

বন্ধুসকল, চলিত মাহৰ আৰম্ভণিতে কানাডাৰ মিচিছাগাত ৫১ ফুট উচ্চতাৰ ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তিও উন্মোচন কৰা হৈছিল। এই অনুষ্ঠানক লৈ জনতা অতিশয় উৎসাহী হৈ পৰিছিল। ভগৱান শ্ৰীৰামৰ বিশাল প্ৰতিমূৰ্তিৰ ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে।

বন্ধুসকল, ৰামায়ণ আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰতি এই প্ৰেম এতিয়া বিশ্বৰ চুকে-কোণে বিয়পি পৰিছে। ৰাছিয়াৰ এখন বিখ্যাত ঠাই আছে – ভ্লাডিভষ্টক। ইয়াত শীতকালত তাপমাত্ৰা -২০ ৰ পৰা -৩০ ডিগ্ৰী চেলছিয়াছলৈ অৱনমিত হয়। এই মাহত ভ্লাডিভষ্টকত এক অনন্য প্ৰদৰ্শনী অনুষ্ঠিত হয়। তাত ৰামায়ণৰ ভিন্ন বিষয়বস্তুৰ আধাৰত ৰাছিয়াৰ শিশুসকলৰ পেইন্টিং প্ৰদৰ্শন কৰা হয়। তাতে এখন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল। বিশ্বৰ ভিন্ন প্ৰান্তত ভাৰতীয় সংস্কৃতিৰ প্ৰতি সচেতনতা বৃদ্ধি পোৱাটো সঁচাকৈয়ে আনন্দদায়ক।

মোৰ প্ৰিয় দেশবাসী, এইবাৰ ‘মন কী বাত’ ইমানেই। এই সময়ত সমগ্ৰ দেশে ‘গণেশ উৎসৱ’ উদযাপন কৰি আছে। অনাগত দিনসমূহতো নানা উৎসৱ আহি আছে। এই উৎসৱসমূহত স্বদেশীৰ কথা কেতিয়াও পাহৰিব নালাগে। উপহাৰ ভাৰতত নিৰ্মিত হ'ব লাগে, সাজ-পোছাক ভাৰতত বোৱা হ'ব লাগে, সজ্জা ভাৰতত নিৰ্মিত সামগ্ৰীৰ পৰা তৈয়াৰী হ'ব লাগে। জীৱনৰ প্ৰতিটো প্ৰয়োজনীয়তাৰ সকলোবোৰেই স্বদেশী হ’ব লাগে। গৌৰৱেৰে কওঁচোন আহক 'এয়া স্বদেশী', গৌৰৱেৰে কওঁক 'এয়া স্বদেশী', গৌৰৱেৰে কওঁ আহক 'এয়া স্বদেশী'। এই অনুভৱ লৈ আমি আগবাঢ়িব লাগিব। এটা মন্ত্ৰ - 'ভকেল ফৰ লোকেল'; এক পথ - 'আত্মনিৰ্ভৰ ভাৰত'; এটা লক্ষ্য - 'উন্নত ভাৰত'।

বন্ধুসকল, এই সকলো আনন্দৰ মাজতে আমি স্বচ্ছতাত গুৰুত্ব আৰোপ কৰি যাব লাগিব, কাৰণ পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুত থাকিলেহে উৎসৱৰ আনন্দ অধিক বৃদ্ধি পায়। বন্ধুসকল, 'মন কী বাত'-লৈ আপোনালোকৰ বাৰ্তাসমূহ প্ৰেৰণ কৰি থাকিব। আপোনালোকৰ প্ৰতিটো পৰামৰ্শই এই কাৰ্য্যসূচীৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। আপোনাসৱৰ মতামত মোলৈ প্ৰেৰণ কৰি থাকিব। পৰৱৰ্তী সময়ত আমি আকৌ নতুন বিষয়ত আলোচনা কৰিম।

অশেষ ধন্যবাদ জনালোঁ, নমস্কাৰ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 এপ্ৰিল 2026
April 20, 2026

Honouring Saints, Powering Futures: PM Modi’s Leadership That Blends Heritage, Highways and High Growth