আন্তঃগাঁথনি আৰু শক্তি হৈছে যিকোনো ৰাজ্যৰ উন্নয়নৰ মেৰুদণ্ড; যোৱা ১১টা বছৰত এই খণ্ডসমূহত আমাৰ মনোনিৱেশে তামিলনাডুৰ উন্নয়নক আমি প্ৰদান কৰা উচ্চ প্ৰাথমিকতাকে প্ৰতিফলিত কৰিছে: প্ৰধানমন্ত্ৰী
আজি বিশ্বই ভাৰতৰ উন্নতিত নিজৰো উন্নতি দেখিবলৈ পাইছে: প্ৰধানমন্ত্ৰী
ভাৰত চৰকাৰে তামিলনাডুৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ বাবে কাম কৰি আছে; আমি ৰাজ্যখনৰ বন্দৰ আন্তঃগাঁথনি উচ্চ-প্ৰযুক্তিসম্পন্ন কৰি তুলিছোঁ, একে সময়তে বিমানবন্দৰ, ঘাইপথ আৰু পথসমূহক নিৰৱচ্ছিন্ন সংযোগৰ বাবে সংযোজিত কৰিছোঁ: প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ দেশতে বিশাল আৰু আধুনিক আন্তঃগাঁথনি বিকশিত কৰাৰ বাবে এক বৃহৎ অভিযান চলি আছে: প্ৰধানমন্ত্ৰী

তামিলনাডুৰ থুথুকুড়িত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এয়া হৈছে একাধিক খণ্ডত যুগান্তকাৰী প্ৰকল্পৰ শৃংখলা যিয়ে আঞ্চলিক সংযোগ যথেষ্ট বৃদ্ধি কৰিব, লজিষ্টিক দক্ষতা বৃদ্ধি কৰিব, স্বচ্ছ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰিব, আৰু সমগ্ৰ তামিলনাডুৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰিব। ‘কাৰ্গিল বিজয় দিৱস’ উপলক্ষে শ্ৰীযুত মোদীয়ে কাৰ্গিলৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বীৰ যোদ্ধাসকলক প্ৰণাম জনাই ৰাষ্ট্ৰৰ বাবে চূড়ান্ত ত্যাগ কৰা শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে চাৰিদিনীয়া বিদেশ ভ্ৰমণৰ অন্তত পোনপটীয়াকৈ ভগৱান ৰামেশ্বৰৰ পবিত্ৰ ভূমিত উপস্থিত হ’বহি পৰা কথাটোক তেওঁৰ সৌভাগ্য বুলি অভিহিত কৰে। তেওঁ বিদেশ ভ্ৰমণৰ সময়ত ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজত স্বাক্ষৰিত ঐতিহাসিক ‘মুক্ত বাণিজ্য চুক্তি’ৰ প্ৰসংগত আলোকপাত কৰে। এই অগ্ৰগতিক ভাৰতৰ প্ৰতি বিশ্বৰ ক্ৰমবৰ্ধমান আস্থা আৰু ৰাষ্ট্ৰৰ নৱীকৃত আত্মবিশ্বাসৰ প্ৰতীক বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই আস্থাই এখন উন্নত ভাৰত আৰু এখন উন্নত তামিলনাডু গঢ়াৰ দিশত আগুৱাই নিব। তেওঁ আৰু কয় যে আজি ভগৱান ৰামেশ্বৰ আৰু ভগৱান তিৰুচেন্দুৰ মুৰুগনৰ আশীৰ্বাদত থুথুকুড়িত উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা হৈছে। “তামিলনাডুক উন্নয়নৰ শিখৰলৈ উন্নীত কৰাৰ বাবে ২০১৪ চনত আৰম্ভ কৰা অভিযানৰ সাক্ষী হৈয়েই আহিছে থুথুকুড়ি”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

 

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ‘ভি অ’ চিদাম্বৰনাৰ বন্দৰ’ত ‘আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেল’ৰ আধাৰশিলা স্থাপন কৰাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে সেই ভ্ৰমণৰ সময়ত কেইবাশ কোটি টকাৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ প্ৰসংগত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত নতুন ‘থুথুকুড়ি আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেলটো’ উদ্বোধনো কৰা হয়। তেওঁ উল্লেখ কৰে যে আজি পুনৰবাৰ থুথুকুড়িত ৪,৮০০ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰাৰ লগতে বহুকেইটা প্ৰকল্প উদ্বোধন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পদক্ষেপসমূহে বিমানবন্দৰ, ঘাইপথ, বন্দৰ, ৰে’লৱে’, আৰু গুৰুত্বপূৰ্ণ শক্তি খণ্ডৰ উন্নতিকে ধৰি মূল খণ্ডসমূহক সামৰি লৈছে। এই উল্লেখযোগ্য উন্নয়নৰ বাবে তেওঁ তামিলনাডুবাসীলৈ অভিনন্দন জ্ঞাপন কৰে।

"আন্তঃগাঁথনি আৰু শক্তিয়ে যিকোনো ৰাজ্যৰে উন্নয়নৰ মেৰুদণ্ড গঠন কৰে। যোৱা এঘাৰটা বছৰত এই খণ্ডসমূহত কৰা ধাৰাবাহিক মনোনিৱেশে তামিলনাডুৰ অগ্ৰগতিক প্ৰদান কৰা প্ৰথমিকতাকে প্ৰতিফলিত কৰে", প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়। তেওঁ মন্তব্য কৰে যে আজি উদ্বোধন কৰা প্ৰকল্পসমূহে থুথুকুড়ি আৰু তামিলনাডুক বৰ্ধিত সংযোগ, স্বচ্ছ শক্তি, আৰু নতুন সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব।

শ্ৰী মোদীয়ে তামিলনাডু আৰু থুথুকুড়িৰ চহকী সাংস্কৃতিক আৰু ঐতিহাসিক উত্তৰাধিকাৰিত্বক শ্ৰদ্ধাঞ্জলি জনাই এখন সমৃদ্ধিশালী আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত অঞ্চলটোৰ নিৰৱচ্ছিন্ন অৱদানক স্বীকাৰ কৰে। তেওঁ দূৰদৰ্শী স্বাধীনতা সংগ্ৰামী শ্ৰী ভি অ’ চিদাম্বৰম পিল্লাইয়ে ঔপনিৱেশিক কালত সামুদ্ৰিক বাণিজ্যৰ সম্ভাৱনাৰ আগজাননী দিয়া থলুৱা জাহাজ উদ্যোগ আৰম্ভ কৰি ব্ৰিটিছ আধিপত্যক প্ৰত্যাহ্বান জনোৱা কথাৰ ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে বীৰাপাণ্ডিয়া কট্টাবোম্মান আৰু আলাগু মুথু কোনৰ দৰে কিংবদন্তি ব্যক্তিত্বক সাহস আৰু দেশপ্ৰেমৰে প্ৰোথিত এখন মুক্ত আৰু ক্ষমতাশালী ভাৰতৰ সপোন দেখাৰ বাবে সন্মান প্ৰদৰ্শন কৰে। থুথুকুড়িৰ সমীপত জাতীয় কবি সুব্ৰমণীয়া ভাৰতীৰ জন্মস্থান থকাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে থুথুকুড়ি আৰু তেওঁৰ নিজৰ সমষ্টি কাশীৰ মাজত থকা গভীৰ আৱেগিক বান্ধোন সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ‘কাশী-তামিল সংগমম’ৰ দৰে সাংস্কৃতিক পদক্ষেপে ভাৰতৰ সহভাগী ঐতিহ্য আৰু ঐক্যক সুদৃঢ় কৰি ৰাখিছে।

 

যোৱাটো বছৰত বিল গেটছ ডাঙৰীয়াক থুথুকুড়িৰ বিখ্যাত মুকুতা উপহাৰ দিয়াৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে গেটছে মুকুতাবোৰৰ অতিশয় শলাগ লৈছিল। তেওঁ উল্লেখ কৰে যে এই অঞ্চলৰ ‘পাণ্ড্য মুকুতা’ক এসময়ত সমগ্ৰ বিশ্বতে ভাৰতৰ অৰ্থনৈতিক শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল।

ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজত স্বাক্ষৰিত ‘মুক্ত বাণিজ্য চুক্তি’ (এফটিএ)য়ে এই দৃষ্টিভংগীক আৰু অধিক ত্বৰান্বিত কৰা বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে, “ভাৰতে নিজৰ চলিত প্ৰচেষ্টাৰ জৰিয়তে ‘উন্নত তামিলনাডু’ আৰু ‘উন্নত ভাৰত’ৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈছে।” “বিশ্বই এতিয়া ভাৰতৰ প্ৰগতিৰ মাজত নিজৰ প্ৰগতি প্ৰতিফলিত হোৱা দেখিছে”, ‘এফ টি এ’-য়ে ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰিব আৰু ‘বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি’ হোৱাৰ দিশত দেশখনৰ যাত্ৰা ত্বৰান্বিত কৰিব বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘মুক্ত বাণিজ্য চুক্তি’ৰ পিছত ব্ৰিটেইনত বিক্ৰী হোৱা ভাৰতীয় সামগ্ৰীৰ ৯৯ শতাংশই কৰমুক্ত হ’ব। তেওঁ আলোকপাত কৰে যে ব্ৰিটেইনত ভাৰতীয় সামগ্ৰী অধিক সুলভ হোৱাৰ লগে লগে চাহিদা বৃদ্ধি পাব, যাৰ ফলত ভাৰতত অধিক উৎপাদনৰ সুযোগ ওলাব। শ্ৰী মোদীয়ে লগতে গুৰুত্ব আৰোপ কৰে যে ‘ভাৰত–ইউ কে এফ টি এ’-য়ে তামিলনাডুৰ যুৱক-যুৱতী, ক্ষুদ্ৰ উদ্যোগ, ‘এম এছ এম ই’, আৰু ষ্টাৰ্টআপসমূহক বহু পৰিমাণে লাভৱান কৰিব। তেওঁ মন্তব্য কৰে যে এই চুক্তিয়ে উদ্যোগ, মাছমৰীয়া সম্প্ৰদায়, গৱেষণা আৰু উদ্ভাৱনৰ দৰে খণ্ডসমূহক সহায় কৰিব, বহল ভিত্তিত লাভ নিশ্চিত কৰিব।

চৰকাৰে ‘মে’ক ইন ইণ্ডিয়া’ আৰু ‘মিছন মেনুফেকশ্যাৰিঙ’ত প্ৰবল গুৰুত্ব দিয়া বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত ‘মে’ক ইন ইণ্ডিয়া’-ৰ শক্তি স্পষ্টভাৱে প্ৰদৰ্শিত হৈছিল। তেওঁ মন্তব্য কৰে যে ঘৰুৱাভাৱে নিৰ্মিত অস্ত্ৰই সন্ত্ৰাসবাদীৰ দুৰ্গসমূহ নিষ্ক্ৰিয় কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে। শ্ৰী মোদীয়ে জোৰ দি কয় যে ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰই সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকসকলক অস্থিৰ কৰি ৰাখিছে।

 

তামিলনাডুৰ আন্তঃগাঁথনি আধুনিকীকৰণেৰে তামিলনাডুৰ সম্পূৰ্ণ সম্ভাৱনা উন্মোচিত কৰাৰ প্ৰতিশ্ৰুতিক দৃঢ় কৰি শ্ৰী মোদীয়ে কয় যে উন্নত প্ৰযুক্তিৰে বন্দৰৰ সুবিধাসমূহ উন্নীত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। সমান্তৰালভাৱে বিমানবন্দৰ, ঘাইপথ, আৰু ৰেলপথসমূহক সংযোজিত কৰাৰ প্ৰচেষ্টা চলি আছে, যাৰ ফলত সমগ্ৰ ৰাজ্যতে নিৰৱচ্ছিন্ন সংযোগ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে থুথুকুড়ি বিমানবন্দৰত নতুন উন্নত টাৰ্মিনেল উদ্বোধন এই দিশত আন এক বৃহৎ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ৪৫০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই টাৰ্মিনেলটো এতিয়া বছৰি ২০ লাখৰো অধিক যাত্ৰীক আতিথ্য দিব পৰাকৈ সজ্জিত কৰা হৈছে—যিটো পূৰ্বৰ মাত্ৰ ৩ লাখ যাত্ৰীৰ সামৰ্থ্যৰ তুলনাত নিতান্তই অধিক, তেওঁ কয়।

নতুনকৈ উদ্বোধন কৰা টাৰ্মিনেলটোৱে সমগ্ৰ ভাৰতৰ একাধিক গন্তব্যস্থানৰ সৈতে থুথুকুড়িৰ সংযোগ যথেষ্ট বৃদ্ধি কৰিব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই উন্নয়নে সমগ্ৰ তামিলনাডুত কৰ্পৰেট ভ্ৰমণ, শৈক্ষিক কেন্দ্ৰ, আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিক লাভৱান কৰিব। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে এই উন্নত সুলভতাৰ জৰিয়তে অঞ্চলটোৰ পৰ্যটন সম্ভাৱনাই সতেজ গতি লাভ কৰাৰ আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ দুটা বৃহৎ পথ প্ৰকল্প জনসাধাৰণৰ বাবে উৎসৰ্গা কৰাৰ কথা ঘোষণা কৰে। প্ৰায় ২,৫০০ কোটি টকাৰ বিনিয়োগেৰে বিকশিত এই পথসমূহ চেন্নাইৰ সৈতে দুটা মূল উন্নয়ন মণ্ডলক সংযোগ কৰিবলৈ আৰ্হি কৰা হৈছে। তেওঁ কয় যে বৰ্ধিত পথ আন্তঃগাঁথনিৰ ফলত ডেল্টা জিলা আৰু ৰাজ্যখনৰ ৰাজধানীৰ মাজত সংযোগ যথেষ্ট উন্নত হৈছে, যাৰ ফলত অধিক অৰ্থনৈতিক সংহতি আৰু সুলভতাৰ পথ মুকলি হৈছে।

পথ প্ৰকল্পসমূহে থুথুকুড়ি বন্দৰৰ সৈতে সংযোগ সামৰ্থ্য যথেষ্ট বৃদ্ধি কৰিছে বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে এই উন্নয়নসমূহে সমগ্ৰ অঞ্চলটোৰ বাসিন্দাসকলৰ জীৱন-যাপনৰ সুবিধা বৃদ্ধি কৰাৰ লগতে বাণিজ্য আৰু কৰ্মসংস্থাপনৰ বাবে নতুন পথ মুকলি কৰিব বুলি আশা কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে কেন্দ্ৰীয় চৰকাৰে ৰে’লৱে’ নেটৱৰ্কক ঔদ্যোগিক বিকাশ আৰু আত্মনিৰ্ভৰ ভাৰতৰ জীৱনৰেখা হিচাপে গণ্য কৰে। বিগত এঘাৰটা বছৰত ভাৰতৰ ৰে’ল আন্তঃগাঁথনি আধুনিকীকৰণৰ এক ৰূপান্তৰণশীল পৰ্যায়ত প্ৰৱেশ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে অমৃত ভাৰত ষ্টেশ্যন আঁচনিৰ অধীনত সমগ্ৰ তামিলনাডুৰ সাতসত্তৰটা ষ্টেশ্যনৰ ব্যাপক পুনৰ উন্নয়নৰ কাম চলি আছে। আধুনিক ‘বন্দে ভাৰত’ ৰে’লে এতিয়া তামিলনাডুৰ নাগৰিকসকলক এক নতুন ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে জোৰ দি কয় যে ভাৰতৰ প্ৰথমখন ‘ভাৰ্টিকেল লিফ্ট’ ৰে’ল দলং—‘পাম্বন দলং’—তামিলনাডুত নিৰ্মাণ কৰা হৈছিল, যিটো এক অনন্য অভিযান্ত্ৰিক কৃতিত্ব যিয়ে অঞ্চলটোত ব্যৱসায় কৰাৰ সহজতা আৰু ভ্ৰমণৰ সহজতা দুয়োটাৰে মান উন্নত কৰিছে।

“ভাৰতে সমগ্ৰ দেশতে বিশাল আৰু আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে এক পৰিৱৰ্তনশীল অভিযান চলাই আছে”, প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ জম্মু-কাশ্মীৰত শেহতীয়াকৈ উদ্বোধন কৰা ‘চেনাব দলং’খনক ‘অভিযান্ত্ৰিক আশ্চৰ্য’ বুলি অভিহিত কৰি উল্লেখ কৰে যে ই প্ৰথমবাৰৰ বাবে জম্মু আৰু শ্ৰীনগৰক ৰে’লযোগে সংযুক্ত কৰিছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ইয়াৰ উপৰিও ভাৰতে কেইবাটাও যুগান্তকাৰী প্ৰকল্প সম্পূৰ্ণ কৰিছে, যেনে দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং—‘অটল সেতু’, অসমৰ ‘বগীবিল দলং’ আৰু ছয় কিলোমিটাৰতকৈয়ো অধিক দৈৰ্ঘ্যৰ ‘সোণমাৰ্গ সুৰংগ’। এই পদক্ষেপসমূহে সংহত উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে আৰু দেশজুৰি হাজাৰ হাজাৰ নিয়োগৰ সুযোগ সৃষ্টি কৰিছে বুলি তেওঁ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তামিলনাডুত নতুনকৈ উত্সৰ্গিত ৰে’ল প্ৰকল্পই সমগ্ৰ ৰাজ্যখনৰ দক্ষিণ অঞ্চলৰ লাখ লাখ লোকক উপকৃত কৰিব। তেওঁ উল্লেখ কৰে যে ‘মাদুৰাই–বোদিনিয়াক্কনুৰ ৰে’লপথ’ৰ বৈদ্যুতিকীকৰণৰ লগে লগে এতিয়া অঞ্চলটোত ‘বন্দে ভাৰত’ৰ দৰে উন্নত ৰে’ল চলাচলৰ পথ মুকলি হৈছে। “ৰে’লৱেৰ এই পদক্ষেপসমূহে তামিলনাডুৰ অগ্ৰগতিৰ গতি ত্বৰান্বিত কৰিবলৈ আৰু নৱীকৃত গতিৰে ইয়াৰ উন্নয়নৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সাজু হৈছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ ২০০০ মেগাৱাট শক্তি উত্পাদনক্ষম ‘কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্প’ৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ সংবহন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। আনুমানিক ৫৫০ কোটি টকা ব্যয়েৰে নিৰ্মিত হ’ব লগা এই ব্যৱস্থাটোৱে আগন্তুক বছৰবোৰত স্বচ্ছ শক্তি যোগান ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই শক্তি প্ৰকল্পৰ পদক্ষেপে ভাৰতৰ বিশ্ব শক্তিৰ লক্ষ্য আৰু পৰিৱেশ সম্পৰ্কীয় প্ৰতিশ্ৰুতিবদ্ধতাত অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাব। বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ লগে লগে তামিলনাডুৰ ঔদ্যোগিক খণ্ড আৰু ঘৰুৱা ব্যৱহাৰকাৰী উভয়েই শক্তিৰ উন্নত উপলব্ধতাৰ পৰা যথেষ্ট সুবিধা লাভ কৰিব।

 

তামিলনাডুত ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনা’-ৰ দ্ৰুত অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে ইতিমধ্যে এই আঁচনিখনৰ অধীনত প্ৰায় এক লাখ আবেদন লাভ কৰিছে। তেওঁ আলোকপাত কৰে যে এতিয়ালৈকে চল্লিশ হাজাৰৰো অধিক সৌৰপাতৰ স্থাপন কাৰ্য সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই আঁচনিখনে কেৱল বিনামূলীয়া আৰু পৰিষ্কাৰ বিদ্যুৎ প্ৰদান কৰাই নহয়, হাজাৰ হাজাৰ সেউজ চাকৰিৰ সম্ভাৱনা সৃষ্টি কৰিছে।

তামিলনাডুৰ উন্নয়ন আৰু উন্নত তামিলনাডুৰ দৃষ্টিভংগী কেন্দ্ৰীয় চৰকাৰৰ মূল প্ৰতিশ্ৰুতি হৈয়েই আছে বুলি পুনৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে তামিলনাডুৰ প্ৰগতিৰ সৈতে জড়িত নীতিসমূহক ধাৰাবাহিকভাৱে শীৰ্ষ প্ৰাথমিকতা দিয়া হৈছে। তেওঁ আলোকপাত কৰে যে বিগত দশকত কেন্দ্ৰীয় চৰকাৰে অধিকাৰৰ প্ৰত্যাযোজনৰ জৰিয়তে তামিলনাডুলৈ ৩ লাখ কোটি টকা হস্তান্তৰিত কৰিছে—যিটো পূৰ্বৰ চৰকাৰে প্ৰদান কৰা ধনৰ তিনিগুণতকৈয়ো অধিক। শ্ৰী মোদীয়ে আৰু কয় যে এই এঘাৰটা বছৰত তামিলনাডুৱে এঘাৰখন নতুন চিকিৎসা মহাবিদ্যালয় লাভ কৰিছে। তেওঁ মন্তব্য কৰে যে প্ৰথমবাৰৰ বাবে উপকূলীয় অঞ্চলসমূহৰ মীন খণ্ডৰ সৈতে জড়িত সম্প্ৰদায়সমূহৰ প্ৰতি চৰকাৰে এনে নিষ্ঠাবান চিন্তা প্ৰকাশ কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে নীল-বিপ্লৱৰ জৰিয়তে চৰকাৰে উপকূলীয় অৰ্থনীতি সম্প্ৰসাৰিত কৰিছে, সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰিছে।

“থুথুকুড়ি উন্নয়নৰ এক নতুন অধ্যায়ৰ আৰম্ভণিৰ সাক্ষী হৈছে”, সংযোগ, শক্তি সঞ্চাৰণ, আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত লোৱা পদক্ষেপে উন্নত তামিলনাডু আৰু উন্নত ভাৰতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰা বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে। ভাষণৰ সামৰণি মাৰি তেওঁ এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে তামিলনাডুৰ সকলো জনসাধাৰণলৈ অভিনন্দন জ্ঞাপন কৰে।

 

অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপু, ড° এল মুৰুগনৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

পটভূমি

বিশ্বমানৰ বিমান আন্তঃগাঁথনিৰ উন্নয়ন আৰু সংযোগ বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে দক্ষিণ অঞ্চলৰ বিমান পৰিবহণৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে আৰ্হি কৰা প্ৰায় ৪৫০ কোটি টকা ব্যয়ৰে বিকশিত কৰা থুথুকুড়ি বিমানবন্দৰত নতুন টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে থুথুকুড়ি বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন পদব্ৰজে পৰিদৰ্শনো কৰে।

১৭,৩৪০ বৰ্গমিটাৰ এলেকাত বিস্তৃত এই টাৰ্মিনেলটো ব্যস্ততম ঘণ্টাত ১,৩৫০ গৰাকী যাত্ৰী আৰু বছৰি ২০ লাখ যাত্ৰীক চম্ভালিব পৰাকৈ সজ্জিত কৰা হ’ব, ভৱিষ্যতে ব্যস্ততম ঘণ্টাত ১৮০০ যাত্ৰী আৰু বছৰি ২৫ লাখ যাত্ৰী পৰ্যন্ত চম্ভালিব পৰাকৈ ইয়াৰ সম্প্ৰসাৰণৰ সামৰ্থ্য থাকিব। ১০০% ‘এল ই ডি লাইটিং’, শক্তি-দক্ষ ‘ই এণ্ড এম’ ব্যৱস্থা, আৰু স্থানীয় নলা পৰিশোধন প্ৰকল্পৰ জৰিয়তে পৰিশোধিত পানীৰ পুনৰ ব্যৱহাৰৰ সৈতে টাৰ্মিনেলটো ‘গৃহ-৪’(GRIHA-4) বহনক্ষমতা ৰেটিং লাভ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এই আধুনিক আন্তঃগাঁথনিয়ে আঞ্চলিক বিমান সংযোগ যথেষ্ট বৃদ্ধি কৰিব আৰু দক্ষিণ তামিলনাডুত পৰ্যটন, বাণিজ্য, আৰু বিনিয়োগক উদ্বুদ্ধ কৰিব বুলি আশা কৰা হৈছে।

 

পথ আন্তঃগাঁথনি খণ্ডত প্ৰধানমন্ত্ৰীয়ে কৌশলগতভাৱে উল্লেখযোগ্য দুটা ঘাইপথ প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰে। প্ৰথমটো হৈছে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছেঠিয়াথোপে–চোলাপুৰম অংশৰ ৪ টা লেনযুক্ত পথছোৱা, যিটো ‘বিক্ৰবান্দি–থাঞ্জাভুৰ কৰিডৰ’ৰ অধীনত ২,৩৫০ কোটি টকাতকৈয়ো অধিক টকাৰে বিকশিত কৰা হৈছে। ইয়াত তিনিটা বাইপাছ, কলিডাম নদীৰ ওপৰত ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলং, চাৰিখন ডাঙৰ দলং, সাতটা উৰণসেতু, আৰু কেইবাটাও আণ্ডাৰপাছ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত ছেথিয়াথোপে–চোলাপুৰমৰ মাজত যাত্ৰাৰ সময় ৪৫ মিনিট হ্ৰাস পাইছে আৰু ডেল্টা অঞ্চলৰ সাংস্কৃতিক আৰু কৃষি কেন্দ্ৰসমূহৰ সৈতে সংযোগ বৃদ্ধি পাইছে। দ্বিতীয়টো প্ৰকল্প হৈছে প্ৰায় ২০০ কোটি টকাৰে নিৰ্মাণ কৰা ৫.১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৩৮ থুথুকুড়ি বন্দৰ পথৰ ৬ লেনযুক্ত পথছোৱা। আণ্ডাৰপাছ আৰু দলঙৰ বৈশিষ্ট্যযুক্ত ই কাৰ্গো প্ৰবাহ সহজ কৰিব, লজিষ্টিক খৰচ কমাব, আৰু ‘ভি.অ’. চিদাম্বৰনাৰ বন্দৰ’ৰ সমীপবৰ্তি এলেকাসমূহৰ উন্নতি ত্বৰান্বিত কৰাত সহায় কৰিব।

বন্দৰৰ আন্তঃগাঁথনি আৰু স্বচ্ছ শক্তিৰ পদক্ষেপক শক্তিসমৃদ্ধ কৰাৰ বাবে এক বৃহৎ সহায়ক হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘ভি.অ’.চিদাম্বৰনাৰ বন্দৰ’ত প্ৰায় ২৮৫ কোটি টকাৰে নিৰ্মাণ কৰা ‘নৰ্থ কাৰ্গো বাৰ্থ-৩’টো উদ্বোধন কৰে। ইয়াৰ দ্বাৰা অঞ্চলটোত শুকান বাল্ক কাৰ্গোৰ প্ৰয়োজনীয়তা নিয়ন্ত্ৰণৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰাত সহায়ক হ’ব, যাৰ ফলত সামগ্ৰিকভাৱে বন্দৰটোৰ কাৰ্যক্ষমতা উন্নত হ’ব আৰু কাৰ্গো পৰিচালনাৰ লজিষ্টিক প্ৰণালী উন্নত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে বহনক্ষম আৰু কাৰ্যক্ষম সংযোগ বৃদ্ধিৰ বাবে দক্ষিণ তামিলনাডুত তিনিটা মূল ৰে’ল আন্তঃগাঁথনি প্ৰকল্প উৎসৰ্গা কৰে। ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘মাদুৰাই–বোদিনিয়াক্কনুৰ লাইন’ৰ বিদ্যুতিকীকৰণে পৰিৱেশ অনুকূল পৰিবহণৰ প্ৰসাৰ ঘটাব আৰু মাদুৰাই আৰু থেনিত পৰ্যটন আৰু যাতায়াতক সহায় কৰিব। ‘তিৰুৱনন্তপুৰম–কন্যাকুমাৰী প্ৰকল্প’ৰ অংশ ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘নাগৰক’ইল টাউন–কন্যাকুমাৰী’ অংশ ৬৫০ কোটি টকাৰে কৰা দ্বৈতকৰণে তামিলনাডু আৰু কেৰালাৰ মাজৰ সংযোগব্যৱস্থা শক্তিশালী কৰিব। ইয়াৰ উপৰিও ‘আৰলভায়মোজি–নাগৰকইল জংশ্যন’ (১২.৮৭ কিলোমিটাৰ) আৰু ‘তিৰুনেলভেলি–মেলাপ্লায়াম’ (৩.৬ কিলোমিটাৰ) অংশৰ পথ দ্বৈতকৰণৰ ফলত চেন্নাই–কন্যাকুমাৰীৰ দৰে দক্ষিণৰ প্ৰধান পথসমূহত যাত্ৰাৰ সময় হ্ৰাস পাব আৰু যাত্ৰী আৰু মালবাহী সামৰ্থ্য উন্নত কৰি আঞ্চলিক অৰ্থনৈতিক সংহতি বৃদ্ধি পাব।

ৰাজ্যখনৰ শক্তি আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰাৰ লগতে নিশ্চিতি প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ‘কুডানকুলাম পাৰমাণৱিক শক্তি কেন্দ্ৰ ইউনিট ৩ আৰু ৪’ (২x১০০০ মেগাৱাট)ৰ পৰা বিদ্যুৎ খালী কৰাৰ বাবে ‘আন্তঃৰাজ্যিক সংবহন ব্যৱস্থা’ (আই এছ টি এছ)ৰ ৰূপত এটা বৃহৎ শক্তি সঞ্চাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৫৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰা এই প্ৰকল্পটোত ‘কুডানকুলামৰ পৰা থুথুকুড়ি-২ জিআইএছ ছাবষ্টেশ্যনলৈ ৪০০ কেভি (কোৱাড) ডাবল চাৰ্কিট ট্ৰেন্সমিছন লাইন’ আৰু সংশ্লিষ্ট টাৰ্মিনেল সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰা হ’ব। ই ৰাষ্ট্ৰীয় গ্ৰীড শক্তিশালী কৰাত, নিৰ্ভৰযোগ্য স্বচ্ছ শক্তি বিতৰণ নিশ্চিত কৰাত, আৰু তামিলনাডু আৰু অন্যান্য হিতাধিকাৰী ৰাজ্যৰ বৰ্ধিত শক্তিৰ চাহিদা পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Yoga connects us all and brings us together: PM Modi in Kolkata on International Yoga Day
June 21, 2026
Yoga connects us all and brings us together: PM
When yoga becomes a way of life, it becomes the foundation of human unity: PM
Yoga helps us tune our bodies to be flexible; It keeps our energy levels high: PM
Yoga teaches us the art of living a balanced life: PM
Yoga shows the path from mental well-being to physical well-being: PM

Honourable Governor Shri R. N. Ravi Ji, the energetic Chief Minister Shri Suvendu Adhikari Ji, my colleague in the Union Government Shri Prataprao Jadhav Ji, all other distinguished dignitaries present on the dais, all the participants gathered here in Kolkata, everyone joining this Yoga celebration from across India and around the world, and my dear fellow countrymen, My greetings to all of you. 

June 21st is the day when, in some parts of the Earth, the longest duration of daylight occurs. And because of International Yoga Day, June 21st has also become the day of the world’s largest collective celebration. From different corners of the globe, extraordinary images of yoga are arriving. In India, from the Himalayas to the Indian Ocean, from the Northeast and Bengal in the east to Saurashtra in the west, the entire nation appears filled with the energy and consciousness of yoga. The whole country, the whole world, looks connected - and that is the true power of yoga. Yoga unites everyone, yoga brings everyone together. On this occasion, I extend my heartfelt greetings to the entire world, to all of humanity, on International Yoga Day.

Friends,

Today, on Yoga Day, I would like to commend the people of Kolkata for the Yoga of Cleanliness that has been created here, especially in Bengal. This is a wonderful initiative – the consistent efforts and civic duty that have been undertaken here for the Swachhata Se Swagat initiative have become a great inspiration for all our countrymen.

Friends,

Being in Bengal on the occasion of Yoga Day is truly special. This sacred land of Bengal, where saints like Bhagwan Ramakrishna Paramhansa were born, where Swami Vivekananda introduced yoga to the entire world, where great yogis like Maharshi Aurobindo were born, where Lahiri Mahasaya elevated the yoga tradition to new heights - experiencing collective yoga on this soil gives a unique spiritual feeling. Gurudev Rabindranath Tagore, born on this land, believed that the identity of man lies not in remaining separate, but in connecting with the world around him. This connection is the essence of yoga. Maharshi Aurobindo also said - our entire life is yoga, whether we are aware of it or not. When yoga becomes part of our nature, it becomes the foundation of human unity.

Friends,

Yoga is not merely a means of physical exercise. Yoga is not limited to any one age group. In India, we know and have seen that yoga is a light in human life, a union with consciousness and energy. That is why this year’s theme for International Yoga Day has been chosen as Yoga for Healthy Ageing. Even as age advances, we can remain healthy, energetic, and active - yoga shows us the way for this. 

Friends,

When we speak of "Yoga for Healthy Aging," It means that we can work to ensure that age does not reduce human potential. Yoga can help human life to aspire for constant growth. Our target must be to be more flexible at 40 than we were at 20. Our target must be to be more energetic at 50 than we were at 30. Our target must be to be more resistant to lifestyle diseases at 70 than we were at 50. This is where Yoga can help us. It helps us tune our bodies to be flexible. It keeps our energy levels high, it also helps us maintain a calm stress-free life and helps keep lifestyle diseases away. Moreover, with regular practice, Yoga teaches us to remain lifelong learners of our own bodies and minds. The more we know about ourselves, the better we can manage ourselves. That is why, Yoga for Healthy Aging. This theme must be seen as one for people of all ages, not just for the elderly.

Friends,

In the Gita, Lord Krishna spoke about yoga: “Yukta ahara viharasya, yukta cheshtasya karmasu, Yukta swapnavabodhasya, yogo bhavati dukhaha.” This means through balanced food and recreation, balanced actions and duties, balanced sleep and wakefulness, yoga becomes the destroyer of sorrow. Balance is the foundation of yoga. Balance is also the foundation of our lives. Yet, in modern times, most people struggle with imbalance in life. Yoga teaches us the art of living in a balanced way. Yoga shows us the do’s and don’ts. And when we learn to guide our body properly, health becomes our natural state.

Friends,

Yoga does not only focus on our physical health. Yoga shows the path from mental health to physical health. That is why it is said in yoga - “Yukta cheshtasya karmasu” - meaning, awareness of what we should do and what we should not do. This awareness becomes a source of peace in our lives, and it also opens the path to world peace. That is why yoga today is not only essential for our personal lifestyle, but it is also a necessity for a better future of the world.

Friends,

On International Yoga Day, millions of people connect with yoga. But today gives us the opportunity to renew our shared resolve. Let us pledge that yoga will not be limited to just one day, yoga will not be confined to just one program. We will make yoga a part of our lives, a part of our families, and a part of future generations.

Friends,

In this direction, the initiative “Yoga 365” has also been advanced this year. Under this, a 100-day online yoga program was organized, which saw unprecedented public participation. More than 3 million people from 130 countries took part in it.

Friends,

When society is healthy, the nation becomes more capable, more prosperous, and more confident. I wish for all of you: “Sarve bhavantu sukhinah, sarve santu niramayah.” With this, I once again extend my heartfelt greetings to all of you on International Yoga Day.

Thank you very much!