আন্তঃগাঁথনি আৰু শক্তি হৈছে যিকোনো ৰাজ্যৰ উন্নয়নৰ মেৰুদণ্ড; যোৱা ১১টা বছৰত এই খণ্ডসমূহত আমাৰ মনোনিৱেশে তামিলনাডুৰ উন্নয়নক আমি প্ৰদান কৰা উচ্চ প্ৰাথমিকতাকে প্ৰতিফলিত কৰিছে: প্ৰধানমন্ত্ৰী
আজি বিশ্বই ভাৰতৰ উন্নতিত নিজৰো উন্নতি দেখিবলৈ পাইছে: প্ৰধানমন্ত্ৰী
ভাৰত চৰকাৰে তামিলনাডুৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ বাবে কাম কৰি আছে; আমি ৰাজ্যখনৰ বন্দৰ আন্তঃগাঁথনি উচ্চ-প্ৰযুক্তিসম্পন্ন কৰি তুলিছোঁ, একে সময়তে বিমানবন্দৰ, ঘাইপথ আৰু পথসমূহক নিৰৱচ্ছিন্ন সংযোগৰ বাবে সংযোজিত কৰিছোঁ: প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ দেশতে বিশাল আৰু আধুনিক আন্তঃগাঁথনি বিকশিত কৰাৰ বাবে এক বৃহৎ অভিযান চলি আছে: প্ৰধানমন্ত্ৰী

ৱনক্কম! তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, মোৰ কেবিনেট সতীৰ্থ কিঞ্জাৰাপু ৰামমোহন নাইডু জি, ড° এল মুৰুগান জী, তামিলনাডুৰ মন্ত্ৰী থাংগম টেন্নাৰছু জী, ড° টি.আৰ.বি. ৰাজা জী, পি গীতা জীৱন জী, অনিতা আৰ ৰাধাকৃষ্ণন জি, সাংসদ কানিমোজি জী, তামিলনাডু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা আমাৰ বিধায়ক নয়নাৰ নগেন্দ্ৰন জী আৰু মোৰ তামিলনাডুৰ ভাই-ভনীসকল!

আজি কাৰ্গিল বিজয় দিৱস। প্ৰথমে কাৰ্গিলৰ বীৰসকলক প্ৰণাম জনাইছো, শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাইছো।

বন্ধুসকল,

মোৰ সৌভাগ্য যে চাৰিদিন বিদেশত থকাৰ পাছত পোনে পোনে এই পবিত্ৰ ৰামেশ্বৰৰ ভূমিলৈ অহাৰ সুযোগ পালোঁ। মোৰ বিদেশত থকাৰ সময়ছোৱাত ভাৰত আৰু ইংলেণ্ডৰ মাজত এক ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছিল। এয়া ভাৰতৰ প্ৰতি বিশ্বৰ ক্ৰমবৰ্ধমান আস্থা আৰু ভাৰতৰ নতুন আত্মবিশ্বাসৰ প্ৰতীক। এই আত্মবিশ্বাসেৰে আমি এখন উন্নত ভাৰত, এখন উন্নত তামিলনাডু গঢ়িম। আজিও ভগৱান ৰামেশ্বৰ আৰু ভগৱান তিৰুচেন্দুৰ মুৰুগানৰ আশীৰ্বাদত তুতুকোড়িত উন্নয়নৰ এক নতুন অধ্যায় ৰচনা কৰা হৈছে। ২০১৪ চনত আৰম্ভ হোৱা তামিলনাডুক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ অভিযানৰ সাক্ষী হৈ আছে তুতুকোড়িয়ে।

 

বন্ধুসকল,

যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ‘ভি. চিদাম্বৰনাৰ বন্দৰ'ত মই ‘আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেল’ৰ আধাৰশিলা স্থাপন কৰিছিলোঁ। সেই সময়ত শ শ কোটি টকাৰ প্ৰকল্পও উদ্বোধন কৰা হৈছিল। ছেপ্টেম্বৰ মাহত মই নতুন তুতুকোড়ি আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল উদ্বোধন কৰিছিলোঁ। আজি আকৌ এবাৰ ৪৮০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰি ইয়াত আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত বিমানবন্দৰ, ঘাইপথ, বন্দৰ আৰু ৰে’লৱে প্ৰকল্পৰ লগতে শক্তি খণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পদক্ষেপসমূহো অন্তৰ্ভুক্ত। ইয়াৰ বাবে আপোনালোক সকলোকে, তামিলনাডুবাসীক অভিনন্দন জনাইছো।

বন্ধুসকল,

আন্তঃগাঁথনি আৰু শক্তি যিকোনো ৰাজ্যৰ উন্নয়নৰ মেৰুদণ্ড। এই ১১ বছৰত আন্তঃগাঁথনি আৰু শক্তিৰ ওপৰত আমাৰ মনোনিৱেশে দেখুৱাইছে যে তামিলনাডুৰ উন্নয়ন আমাৰ বাবে কিমান ডাঙৰ অগ্ৰাধিকাৰ। আজিৰ সকলো প্ৰকল্পই তুতুকোড়ি আৰু তামিলনাডুকো সংযোগ, স্বচ্ছ শক্তি আৰু নতুন সুযোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।

বন্ধুসকল,

তামিলনাডু আৰু তুতুকোড়িৰ ভূমি, ইয়াৰ জনসাধাৰণে যুগ যুগ ধৰি এখন সমৃদ্ধিশালী আৰু শক্তিশালী ভাৰতত অৰিহণা যোগাই আহিছে। ভিঅৰ দৰে দূৰদৰ্শীসকলে। এই ভূমিতে চিদাম্বৰম পিল্লাইৰ জন্ম হৈছিল। দাসত্বৰ সময়তো তেওঁ সাগৰৰ মাজেৰে বাণিজ্যৰ শক্তি বুজি পাইছিল, সাগৰত থলুৱা জাহাজ চলাই ইংৰাজক প্ৰত্যাহ্বান জনাইছিল। এই ভূমিত বীৰ-পাণ্ডিয়া কট্টা-বোম্মান আৰু আলগু-মুথু কনৰ দৰে মহান ব্যক্তিয়ে স্বাধীন আৰু শক্তিশালী ভাৰতৰ সপোন বোৱাইছিল। ওচৰতে সুব্ৰমণিয়াম ভাৰতীৰ দৰে এজন জাতীয় কবিৰো জন্ম হৈছিল। আপোনালোকে সকলোৱে জানে যে সুব্ৰমণিয়াম ভাৰতী জীৰ তুতুকোড়িৰ সৈতে সুদৃঢ় সম্পৰ্ক আছিল, মোৰ সংসদীয় সমষ্টি কাশীৰ সৈতে তেওঁৰ সম্পৰ্ক যিমান শক্তিশালী। আমি কাশী-তামিল সংগমৰ দৰে অনুষ্ঠানৰ জৰিয়তে আমাৰ সাংস্কৃতিক ঐতিহ্যক অহৰহ শক্তিশালী কৰি আছো।

 

বন্ধুসকল,

মনত আছে, যোৱা বছৰহে মই তুতুকোড়িৰ বিখ্যাত মুকুতাবোৰ বিল গেটছক উপহাৰ দিছিলোঁ। সেই মুকুতাবোৰ তেওঁৰ বৰ ভাল লাগিছিল। ইয়াত পাণ্ডিয়া মুকুতা, এটা সময়ত, সমগ্ৰ বিশ্বতে ভাৰতৰ অৰ্থনৈতিক শক্তিৰ প্ৰতীক আছিল।

বন্ধুসকল,

আজি আমাৰ প্ৰচেষ্টাৰ জৰিয়তে আমি এখন উন্নত তামিলনাডু আৰু এখন উন্নত ভাৰতৰ দৃষ্টিভংগী আগুৱাই লৈ গৈছো। ব্ৰিটেইন আৰু ভাৰতৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছে। এফটিএয়েও এই দৃষ্টিভংগীক গতি প্ৰদান কৰে। আজি বিশ্বই ভাৰতৰ বৃদ্ধিত নিজৰ বৃদ্ধি দেখিবলৈ পাইছে। এই চুক্তিয়ে ভাৰতৰ অৰ্থনীতিকো নতুন শক্তি প্ৰদান কৰিব। ইয়াৰ দ্বাৰা আমাৰ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ গতি আৰু অধিক ত্বৰান্বিত হ’ব।

বন্ধুসকল,

এই এফ টি এ চুক্তিৰ পিছত ব্ৰিটেইনত বিক্ৰী হোৱা ভাৰতীয় সামগ্ৰীৰ ৯৯%ৰ ওপৰত কোনো ধৰণৰ কৰ নাথাকিব। যদি ব্ৰিটেইনত ভাৰতীয় সামগ্ৰী সস্তা হয়, তেন্তে তাত চাহিদা বৃদ্ধি পাব আৰু ইয়াত ভাৰতত সেই সামগ্ৰী নিৰ্মাণৰ বাবে অধিক সুযোগৰ সৃষ্টি হ’ব।

বন্ধুসকল,

ভাৰত-ব্ৰিটেইন এফটিএৰ দ্বাৰা তামিলনাডুৰ যুৱক-যুৱতী, আমাৰ ক্ষুদ্ৰ উদ্যোগ, এমএছএমই, ষ্টাৰ্টআপসমূহে সৰ্বাধিক লাভৱান হ’ব। উদ্যোগ হওক, আমাৰ মাছমৰীয়া ভাই-ভনী হওক বা গৱেষণা আৰু উন্নয়ন হওক, ই সকলোৰে বাবে উপকাৰী।

 

বন্ধুসকল,

আজি ভাৰত চৰকাৰে মেক ইন ইণ্ডিয়া আৰু মিচন মেনুফেক্টাৰিঙৰ ওপৰত বহুত গুৰুত্ব দিছে। আপোনালোক সকলোৱে মাত্ৰ অপাৰেচন সিন্দুৰৰ সময়ত মেক ইন ইণ্ডিয়াৰ শক্তি দেখিছে। সন্ত্ৰাসৰ আত্মগোপন স্থান ধ্বংস কৰাত মেড ইন ইণ্ডিয়া অস্ত্ৰই ডাঙৰ ভূমিকা লৈছে। ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰই এতিয়াও সন্ত্ৰাসৰ মালিকসকলক অনিদ্ৰা ৰাতি দি আছে।

বন্ধুসকল,

তামিলনাডুৰ সম্ভাৱনীয়তাৰ সম্পূর্ণ ব্যৱহাৰৰ বাবে ভাৰত চৰকাৰে তামিলনাডুৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ প্রয়াস কৰিছে৷ তামিলনাডুত আমি বন্দৰৰ আন্তঃগাঁথনি হাই-টেক কৰি আছো। ইয়াৰ লগতে আমি বিমানবন্দৰ, ঘাইপথ আৰু ৰে’লপথকো একত্ৰিত কৰিছো। আজি তুতিকোড়ি বিমানবন্দৰৰ নতুন উন্নত টাৰ্মিনেল মুকলি এই দিশত আন এক ডাঙৰ পদক্ষেপ। ৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই টাৰ্মিনেলত এতিয়া প্ৰতি বছৰে ২০ লাখৰো অধিক যাত্ৰী আহিব। পূৰ্বে এই বাৰ্ষিক ক্ষমতা আছিল মাত্ৰ ৩ লাখ যাত্ৰী।

বন্ধুসকল,

নতুন টাৰ্মিনেলৰ পিছত দেশৰ আৰু বহু পথলৈ তুতিকোড়িৰ সংযোগ বৃদ্ধি পাব। ইয়াৰ পৰা তামিলনাডুৰ কৰ্পৰেট ভ্ৰমণ, শিক্ষাৰ কেন্দ্ৰ, স্বাস্থ্য আন্তঃগাঁথনি অধিক লাভৱান হ’ব। ইয়াৰ লগতে এই অঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাইও নতুন শক্তি লাভ কৰিব।

 

বন্ধুসকল,

আজি আমি তামিলনাডুৰ দুটা বৃহৎ পথ প্ৰকল্পও জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছো। প্ৰায় ২৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পথসমূহে দুটা বৃহৎ উন্নয়ন এলেকাক চেন্নাইৰ সৈতে সংযোগ কৰিবলৈ গৈ আছে। এই পথসমূহৰ বাবেই বদ্বীপ জিলাসমূহৰ সৈতে চেন্নাইৰ সংযোগ উন্নত হৈছে।

 

বন্ধুসকল,

এই প্ৰকল্পসমূহৰ সহায়ত তুতিকোড়ি বন্দৰৰ সংযোগ ক্ষমতাও বহু উন্নত হৈছে। এই পথসমূহে এই সমগ্ৰ অঞ্চলটোৰ বাবে জীৱন-যাপনৰ সহজতাও বৃদ্ধি কৰাৰ লগতে বাণিজ্য আৰু কৰ্মসংস্থাপনৰ নতুন পথ মুকলি কৰিব। -

বন্ধুসকল,

আমাৰ চৰকাৰে দেশৰ ৰে’লপথক ঔদ্যোগিক বিকাশ আৰু স্বাৱলম্বী ভাৰতৰ জীৱনৰেখা বুলি গণ্য কৰে। সেইবাবেই যোৱা এঘাৰ বছৰত দেশৰ ৰে’ল আন্তঃগাঁথনিত আধুনিকীকৰণৰ এক নতুন পর্যায় দেখা গৈছে৷ তামিলনাডু ৰে’ল আন্তঃগাঁথনিৰ আধুনিকীকৰণ অভিযানৰ এক প্ৰধান কেন্দ্ৰ। আমাৰ চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত তামিলনাডুৰ ৭৭টা ষ্টেচন পুনৰ উন্নয়ন কৰি আছে। আধুনিক বন্দে ভাৰত ৰেলৰ জৰিয়তে তামিলনাডুৰ ৰাইজে লাভ কৰিছে এক নতুন অভিজ্ঞতা। দেশৰ প্ৰথম আৰু অনন্য উলম্ব লিফ্ট ৰে’ল দলং পাম্বন দলঙো তামিলনাডুত নিৰ্মাণ কৰা হৈছে। পাম্বন দলঙে ব্যৱসায়ৰ সহজতা আৰু ভ্ৰমণৰ সহজতা দুয়োটাকে বৃদ্ধি কৰিছে।

 

বন্ধুসকল,

আজি দেশত মেগা আৰু আধুনিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে এক মেগা অভিযান চলি আছে। কিছুদিন পূৰ্বে উদ্বোধন হোৱা জম্মু-কাশ্মীৰৰ চেনাব দলংখন অভিযান্ত্ৰিক আশ্চৰ্য্য। এই দলঙে প্ৰথমবাৰৰ বাবে ৰে’লপথৰ জৰিয়তে জম্মুক শ্ৰীনগৰলৈ সংযোগ কৰিছে। তদুপৰি, দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং অটল সেতু নিৰ্মাণ কৰা হৈছে, বগীবিল দলং অসমত নিৰ্মাণ কৰা হৈছে, ৬ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ সোণামাৰ্গ সুৰংগ নিৰ্মাণ কৰা হৈছে, এনে বহু প্ৰকল্প ভাৰত চৰকাৰ, এনডিএ চৰকাৰে সম্পূৰ্ণ কৰিছে। এই সকলোবোৰে হাজাৰ হাজাৰ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।

বন্ধুসকল,

আজিও আমি তামিলনাডুত উৎসৰ্গা কৰা ৰে’ল প্ৰকল্পসমূহে দক্ষিণ তামিলনাডুৰ লাখ লাখ লোকক উপকৃত কৰিব। মাদুৰাইৰ পৰা বডি-নয়ক্কনুৰলৈ এই লাইনটো বিদ্যুৎ সংযোগ কৰাৰ পাছত ইয়াত বন্দে ভাৰতৰ দৰে ৰে’ল চলোৱাৰ বাট মুকলি কৰা হৈছে। এই ৰে’ল প্ৰকল্পসমূহে তামিলনাডুৰ গতি আৰু ইয়াৰ উন্নয়নৰ পৰিসৰ দুয়োটাকে এক নতুন শক্তি প্ৰদান কৰিবলৈ ওলাইছে।

বন্ধুসকল,

আজি ইয়াত ২০০০ মেগাৱাট কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পৰ সৈতে জড়িত সংবহন প্ৰকল্পৰ ভেটিও স্থাপন কৰা হৈছে। প্ৰায় ৫৫০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই ব্যৱস্থাই অনাগত বছৰবোৰত দেশক স্বচ্ছ শক্তি প্ৰদানৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’বলৈ গৈ আছে। এই শক্তি প্ৰকল্পই ভাৰতৰ বিশ্ব শক্তিৰ লক্ষ্য আৰু পৰিৱেশ সম্পৰ্কীয় প্ৰতিশ্ৰুতি পূৰণৰ মাধ্যমত পৰিণত হ’ব। যেতিয়া বিদ্যুৎ উৎপাদন বৃদ্ধি পাব, তেতিয়া তামিলনাডুৰ উদ্যোগ, ঘৰুৱা ব্যৱহাৰকাৰীয়েও ইয়াৰ পৰা ডাঙৰ লাভ লাভ কৰিব।

 

বন্ধুসকল,

মই সুখী যে তামিলনাডুতো প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি দ্ৰুত গতিত চলি আছে। এই পৰ্যন্ত চৰকাৰে প্ৰায় ০১ লাখ আৱেদন লাভ কৰিছে আৰু ৪০০০০০ সৌৰ ছাঁদ স্থাপনৰ কাম সম্পূৰ্ণ হৈছে। এই আঁচনিখনে কেৱল বিনামূলীয়া আৰু পৰিষ্কাৰ বিদ্যুৎ প্ৰদান কৰাই নহয়, হাজাৰ হাজাৰ সেউজ চাকৰিৰ সৃষ্টিও কৰিছে।

বন্ধুসকল,

তামিলনাডুৰ উন্নয়ন, উন্নত তামিলনাডুৰ সপোন আমাৰ মূল প্ৰতিশ্ৰুতি। আমি ধাৰাবাহিকভাৱে তামিলনাডুৰ উন্নয়নৰ সৈতে জড়িত নীতিসমূহক অগ্ৰাধিকাৰ দি আহিছো। বিগত দশকত কেন্দ্ৰীয় চৰকাৰে বিভাজনৰ মাধ্যমেৰে তামিলনাডুলৈ তিনি লাখ কোটি টকা প্ৰেৰণ কৰিছে। এই ধনৰাশি পূৰ্বৰ ইউ পি এ চৰকাৰে প্ৰেৰণ কৰা ধনৰ তিনিগুণতকৈও অধিক। এই এঘাৰ বছৰত তামিলনাডুৱে এঘাৰখন নতুন চিকিৎসা মহাবিদ্যালয় লাভ কৰিছে। প্ৰথমবাৰৰ বাবে কোনো চৰকাৰে উপকূলীয় অঞ্চলৰ মীন খণ্ডৰ সৈতে জড়িত জনগোষ্ঠীসমূহৰ প্ৰতি ইমান চিন্তা প্ৰকাশ কৰিছে। আমি নলা বিপ্লৱৰ জৰিয়তে উপকূলীয় অৰ্থনীতি সম্প্ৰসাৰণ কৰিছো।

 

বন্ধুসকল,

আজি এই তুতিকোড়িৰ ভূমি উন্নয়নৰ এক নতুন অধ্যায়ৰ সাক্ষী হৈ পৰিছে। সংযোগ, শক্তি সঞ্চাৰণ, আন্তঃগাঁথনিৰ এই সকলোবোৰ প্ৰকল্পই উন্নত তামিলনাডু– উন্নত ভাৰতৰ এক শক্তিশালী ভিত্তি গঠন কৰিবলৈ গৈ আছে। এই সকলোবোৰ প্ৰকল্পৰ বাবে তামিলনাডুৰ মোৰ পৰিয়ালৰ সকলো সদস্যক পুনৰবাৰ অভিনন্দন জনাইছো। আপোনালোকক অশেষ ধন্যবাদ। মোৰ আৰু এটা অনুৰোধ আছে, আজি মই দেখিছোঁ যে আপোনালোক সকলোৱে অতি উৎসাহী, এটা কাম কৰক, মোবাইল ফোনটো উলিয়াই মোবাইলৰ ফ্লেছ লাইটেৰে এই নতুন বিমানবন্দৰটোক মহিমামণ্ডিত কৰক।

ভাৰত মাতা কী – জয়।

ভাৰত মাতা কী – জয়।

আপোনালোকক বহুত বহুত ধন্যবাদ।

ৱনক্কম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chronic therapies power 11% growth in Indian pharma market in May

Media Coverage

Chronic therapies power 11% growth in Indian pharma market in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
World Leaders Congratulate Prime Minister Shri Narendra Modi on Becoming India’s Longest-Serving Elected Prime Minister
June 09, 2026

Prime Minister Shri Narendra Modi received warm congratulations from world leaders on the eve of his becoming the longest-serving elected Prime Minister of India. World leaders from across the globe paid tribute to Prime Minister’s transformative governance, his advocacy for the Global South, and his vision of an inclusive and economically dynamic India.

H.E. Anura Kumara Disanayaka, the President of Sri Lanka, in a letter dated 8 June 2026 addressed to the Prime Minister, conveyed the warm congratulations of the Government and people of Sri Lanka to him, stating: “This milestone is a testament not only to your years in office, but also to the trust and confidence that the people of the world’s largest democracy have repeatedly placed in your leadership.” The President also highlighted India’s remarkable economic and social transformation and noted that Prime Minister Modi’s vision has inspired many beyond India’s borders, including Sri Lanka. Prime Minister Modi visited Sri Lanka from 4–6 April 2025, his fourth visit to the island nation, during which he was conferred the Mitra Vibhushana, Sri Lanka’s highest civilian honour accorded to a foreign dignitary. The visit reaffirmed India’s Neighbourhood First policy, with Sri Lanka among the closest beneficiaries of India’s steadfast partnership, including India’s pivotal support during Sri Lanka’s economic difficulties in 2022.

H.E. James Marape, the Prime Minister of Papua New Guinea, in a personal video message, described Prime Minister Modi as “a role model and an example of leadership”. He also stated - “Lifting over 200 million people out of poverty to good life today is an amazing feat.” Prime Minister Marape expressed Papua New Guinea’s warm friendship and its desire to further consolidate bilateral ties. Prime Minister Modi’s historic visit to Papua New Guinea in May 2023, the first-ever by an Indian Prime Minister, for the Third Forum for India–Pacific Islands Cooperation (FIPIC-III) Summit was a landmark moment in India’s engagement with the Pacific Island nations. The visit underscored India’s role as a committed partner of the Global South.

H.E. Kamla Persad-Bissessar, the Prime Minister of Trinidad and Tobago, congratulated Prime Minister Modi on this occassion, noting that “under the leadership of Prime Minister Modi, India has evolved as a leading voice on global matters.” She highlighted Prime Minister Modi’s journey from humble beginnings to leading a nation of 1.4 billion people across three terms, and underscored India’s significant achievements in foreign policy, economic growth, infrastructure, and socio-economic development. Prime Minister Modi paid a landmark visit to Trinidad and Tobago from 3–4 July 2025, the first bilateral visit by an Indian Prime Minister in 26 years, coinciding with the 180th anniversary of the arrival of Indian immigrants to Trinidad and Tobago.