আজিৰ দিনটোতে দেশে চৰ্দাৰ পেটেলৰ লৌহ কঠিন ইচ্ছাৰ এক উজ্জ্বল নিদৰ্শন প্ৰত্যক্ষ কৰিলে, ভাৰতীয় সেনাই হায়দৰাবাদক অগণন অত্যাচাৰৰ পৰা মুক্ত কৰিছিল,ভাৰতৰ গৌৰৱ আৰু মৰ্যাদা পুনৰবাৰ ঘূৰাই আনিছিল: প্ৰধানমন্ত্ৰী
‘মা ভাৰতী’ৰ সন্মান, গৌৰৱক একোৱেই অতিক্ৰম কৰিব নোৱাৰেঃ প্ৰধানমন্ত্ৰী
‘স্বাস্থ্য নাৰী সশক্ত পৰিয়াল’ অভিযান আমাৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে উৎসৰ্গিত: প্ৰধানমন্ত্ৰী
দুখীয়াৰ সেৱা মোৰ জীৱনৰ সৰ্বোচ্চ উদ্দেশ্য:প্ৰধানমন্ত্ৰী
আমি বস্ত্ৰ উদ্যোগৰ বাবে ৫ টা এফ দৃষ্টিভংগীৰ প্ৰতিশ্ৰুতিৰে কাম কৰি আছো – ফাৰ্মৰ পৰা ফাইবাৰলৈকে, ফাইবাৰৰ পৰা ফেক্টৰীলৈকে, ফেক্টৰীৰ পৰা ফেশ্বন আৰু ফেশ্বনৰ পৰা বিদেশীলৈকে: প্ৰধানমন্ত্ৰী
লগতে নিজৰ কাৰুকাৰ্য্য তথা নিষ্ঠাৰ জৰিয়তে দেশ নিৰ্মাণৰ কামত নিয়োজিত কোটি কোটি ভাই-ভনীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।
শেহতীয়া এটা ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কালি আন এজন পাকিস্তানী সন্ত্ৰাসবাদীয়ে কান্দি কান্দি নিজৰ অধ্যায়ৰ বৰ্ণনা কৰি আছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ধৰত আধাৰশিলা স্থাপন  কৰাৰ লগতে  উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত   সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে জ্ঞান দেৱী—ধৰ ভোজশালাৰ পূজনীয় মাতৃ বাগদেৱীৰ চৰণত প্ৰণাম জনায় । আজি ঐশ্বৰিক স্থপতি আৰু দক্ষতা তথা সৃষ্টিৰ দেৱতা ভগৱান বিশ্বকৰ্মাৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰী মোদীয়ে বিশ্বকৰ্মা ভগৱানক প্ৰণাম জনায়। লগতে নিজৰ কাৰুকাৰ্য্য তথা  নিষ্ঠাৰ জৰিয়তে দেশ নিৰ্মাণৰ কামত নিয়োজিত কোটি কোটি ভাই-ভনীলৈ  শ্ৰদ্ধা জ্ঞাপন কৰে।

 

ধৰৰ ভূমিয়ে সদায় শৌৰ্যৰ প্ৰেৰণা যোগাই আহিছে বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে আলোকপাত কয় যে, “মহাৰাজ ভোজৰ বীৰত্বই আমাক জাতীয় গৌৰৱৰ ৰক্ষাত দৃঢ়তাৰে থিয় দিবলৈ শিকায়”। তেওঁ লগতে কয় যে মহৰ্ষি দধিচীৰ ত্যাগে আমাক মানৱতাৰ সেৱা কৰাৰ সংকল্প প্ৰদান কৰে। এই উত্তৰাধিকাৰৰ পৰা প্ৰেৰণা লৈ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি দেশে ভাৰত মাতৃৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে। তেওঁ স্মৰণ কৰে যে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নী আৰু কন্যাসকলৰ সিন্দূৰ কাঢ়ি নিছিল। ইয়াৰ পিছতে দৃঢ়তাৰে অপাৰেচন সিন্দূৰৰ জৰিয়তে আমি তেওঁলোকৰ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা  স্থান ধ্বংস কৰিলোঁ। শ্ৰী মোদীয়ে কয় যে আমাৰ বীৰ সৈনিকসকলে চকুৰ পলকতে পাকিস্তানক আঁঠু ল'বলৈ বাধ্য কৰালে। শেহতীয়া এটা ঘটনাৰ  কথা উল্লেখ কৰি তেওঁ কয় যে কালি আন এজন পাকিস্তানী সন্ত্ৰাসবাদীয়ে কান্দি কান্দি নিজৰ অধ্যায়ৰ বৰ্ণনা কৰি আছিল।

 

“এইখন নতুন ভাৰত, যিয়ে কাৰো পাৰমাণৱিক ভাবুকিৰ প্ৰতি ভয় নকৰে আৰু ইয়াৰ  উৎসত পোনপটীয়াকৈ আঘাত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে”, প্ৰধানমন্ত্ৰীয়ে কয় । তেওঁ আলোকপাত কৰে যে ১৭ ছেপ্টেম্বৰটো এক ঐতিহাসিক অনুষ্ঠান যেতিয়া দেশে চৰ্দাৰ পেটেলৰ লৌহ কঠিন সংকল্পৰ সাক্ষী হৈছিল। আজিৰ দিনটোতে ভাৰতীয় সেনাই হায়দৰাবাদক  অত্যাচাৰৰ পৰা মুক্ত কৰি ভাৰতৰ সৈতে একত্ৰিত কৰিছিল । শ্ৰী মোদীয়ে কয় যে এই উল্লেখনীয়  কৃতিত্ব আৰু সশস্ত্ৰ বাহিনীৰ বীৰত্বক এতিয়া চৰকাৰে আনুষ্ঠানিকভাৱে সন্মান জনাইছে। ভাৰতৰ ঐক্যৰ প্ৰতীক হিচাপে এই দিৱস এতিয়া হায়দৰাবাদ মুক্তি দিৱস হিচাপে উদযাপন কৰা হৈছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে হায়দৰাবাদ মুক্তি দিৱস ভাৰত মাতৃৰ সন্মান, গৌৰৱ।  তেওঁ দৃঢ়তাৰে কয় যে জীৱনৰ প্ৰতিটো মুহূৰ্ত দেশৰ প্ৰতি উৎসৰ্গিত হ’ব লাগিব।

 

আমাৰ স্বাধীনতা সংগ্ৰামীসকলে  দেশৰ বাবে সকলো ত্যাগ কৰাৰ শপত গ্ৰহণ কৰি দেশৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰা বুলি  উল্লেখ  কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ সপোন আছিল এখন উন্নত ভাৰত, ঔপনিৱেশিক শাসনৰ শিকলিৰ পৰা মুক্ত আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱা ভাৰত । এই উত্তৰাধিকাৰৰ পৰা প্ৰেৰণা লৈ তেওঁ উল্লেখ কৰে যে আজি ১৪০ কোটি ভাৰতীয়ই এখন উন্নত ভাৰত গঢ়াৰ সংকল্প লৈছে। এই যাত্ৰাৰ চাৰিটা মূল স্তম্ভৰ ৰূপৰেখা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে যে আজিৰ কাৰ্যসূচীয়ে উন্নত ভাৰতৰ চাৰিওটা স্তম্ভক শক্তিশালী কৰি তুলিছে। তেওঁ এই অনুষ্ঠানত মাতৃ, ভগ্নী আৰু কন্যাৰ বৃহৎ উপস্থিতিৰ  কথা স্বীকাৰ কৰি মহিলা সবলীকৰণৰ বিষয়ত  দিয়া বিশেষ গুৰুত্ব সন্দৰ্ভত মন্তব্য কৰে। শ্ৰী মোদীয়ে কয় , “এই মঞ্চৰ পৰাই ‘স্বাস্থ্য নাৰী, সশক্ত পৰিয়াল’ অভিযান আৰম্ভ কৰা হৈছে।”

 

‘আদি সেৱা পৰ্ব’ৰ অনুৰণন ইতিমধ্যে সমগ্ৰ দেশতে বিভিন্ন পৰ্যায়ত শুনা গৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আজিৰে পৰা ইয়াৰ মধ্যপ্ৰদেশ সংস্কৰণ মুকলি কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানে ধৰকে ধৰি মধ্যপ্ৰদেশৰ জনজাতীয় জনগোষ্ঠীসমূহক বিভিন্ন চৰকাৰী আঁচনিৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাৰ বাবে এখন সেতু হিচাপে কাম কৰিব।

 

ধৰত ভাৰতৰ সৰ্ববৃহৎ সংহত বস্ত্ৰ উদ্যানৰ প্ৰতিষ্ঠা উপলক্ষে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে এক বৃহৎ ঔদ্যোগিক পদক্ষেপ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই উদ্যানখনে দেশৰ বস্ত্ৰ উদ্যোগত নতুন শক্তিৰ প্ৰৱেশ ঘটাব। তেওঁ কয় যে কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিব আৰু বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব। এই প্ৰকল্প আৰু অভিযানৰ বাবে তেওঁ সকলো নাগৰিকলৈ অভিনন্দন জ্ঞাপন কৰে।

 

মাতৃ আৰু ভগ্নীসকল—ভাৰতৰ নাৰী শক্তি—জাতিৰ প্ৰগতিৰ ভেটি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে  কয় যে যেতিয়া এগৰাকী মাতৃ সুস্থ হৈ থাকে তেতিয়া সমগ্ৰ ঘৰখনেই ভালদৰে কাম কৰিব পাৰে , কিন্তু যদি তেওঁ অসুস্থ হৈ পৰে তেন্তে সমগ্ৰ পৰিয়াল ব্যৱস্থাটোৱেই স্থৱিৰ  হয়। তেওঁ ‘স্বাস্থ্য নাৰী, সশক্ত পৰিয়াল’ অভিযানৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰি কয় যে কোনো মহিলাই সজাগতা বা সম্পদৰ অভাৱত ক্ষতিগ্ৰস্ত হ’ব নালাগে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে বহু ৰোগ পলমকৈ ধৰা পৰাৰ বাবে নীৰৱে বাঢ়ি যায় আৰু তীব্ৰ হৈ পৰে, বিশেষকৈ যিবোৰ ৰোগে মহিলাৰ বাবে অধিক বিপদৰ সৃষ্টি কৰে। এই অভিযানৰ অধীনত ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰা আৰম্ভ কৰি ৰক্তহীনতা, যক্ষ্মা, কেন্সাৰ আদি  পৰীক্ষা কৰা হ’ব। তেওঁ আশ্বাস দিয়ে যে সকলো পৰীক্ষা আৰু ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব, খৰচ চৰকাৰে বহন কৰিব। অধিক চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ডে সুৰক্ষামূলক ঢাল হিচাপে কাম কৰিব। তেওঁ লগতে কয় যে আজিৰ পৰা ২ অক্টোবৰলৈকে এই অভিযান চলিব। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ মাতৃ, ভগ্নী, কন্যাসকলক নিজৰ স্বাস্থ্যৰ বাবে সময় উলিয়াবলৈ, এই শিবিৰসমূহত বৃহৎ সংখ্যাত  অংশগ্ৰহণ কৰিবলৈ আৰু নিজৰ সম্প্ৰদায়ৰ অন্যান্য মহিলাসকলৰ মাজত সজাগতা বিয়পাবলৈ আহ্বান জনায়। তেওঁ সামূহিক সংকল্পৰ আহ্বান জনাই কয় — কোনো মাতৃক পিছ পৰি থাকিব নালাগে, কোনো ছোৱালী পিছ পৰি থাকিব নালাগে।

 

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে মাতৃ, ভগ্নী, কন্যাৰ স্বাস্থ্য ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ। তেওঁ উল্লেখ কৰে যে গৰ্ভৱতী মহিলা আৰু ছোৱালীৰ উপযুক্ত পুষ্টি নিশ্চিত কৰাৰ বাবে চৰকাৰে অবিৰতভাবে কাম কৰি আছে। আজিৰে পৰা অষ্টম ৰাষ্ট্ৰীয় পুষ্টি মাহ আৰম্ভ হোৱাৰ কথাও তেওঁ  ঘোষণা কৰে। শ্ৰী মোদীয়ে আৰু  কয় যে উন্নয়নশীল ভাৰতত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে চৰকাৰে ২০১৭ চনত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আৰম্ভ কৰিছে।এই আঁচনিৰ অধীনত প্ৰথম সন্তান জন্মৰ লগে লগে ৫,০০০ টকা পোনপটীয়াকৈ বেংক একাউণ্টলৈ সৰবৰাহ কৰা হয়, আৰু দ্বিতীয় কন্যা জন্মৰ লগে লগে ৬,০০০  টকা  সৰবৰাহ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এতিয়ালৈকে ৪.৫ কোটি গৰ্ভৱতী মাতৃয়ে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে, ১৯,০০০ কোটি টকাৰো অধিক ধন প্ৰদান কৰা হৈছে। তেওঁ লগতে কয় যে কেৱল এই দিনটোতে ১৫ লাখৰো অধিক গৰ্ভৱতী মহিলালৈ এটা ক্লিকতে সাহায্য প্ৰেৰণ কৰা হৈছিল, যাৰ পৰিমাণ তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ ৪৫০ কোটি টকাতকৈ অধিক জমা কৰা হৈছে।

 

মধ্যপ্ৰদেশৰ মাটিৰ পৰা আন এক বৃহৎ স্বাস্থ্য পদক্ষেপৰ বিষয়ত  আলোকপাত কৰি, জনজাতীয় অঞ্চলত ছিকেল চেল এনিমিয়াৰ গুৰুতৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰা সন্দৰ্ভত  প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জনজাতীয় জনগোষ্ঠীসমূহক এই ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবে ৰাষ্ট্ৰীয় অভিযান চলাই আছে। ২০২৩ চনত মধ্য প্ৰদেশৰ শ্বাহদলৰ পৰা আৰম্ভ কৰা এই অভিযানত প্ৰথমখন ছিকেল চেল স্ক্ৰীনিং কাৰ্ড জাৰি কৰা হৈছিল। শ্ৰী মোদীয়ে কয়, “আজি মধ্যপ্ৰদেশত এক কোটি স্ক্ৰীনিং কাৰ্ড বিতৰণ কৰা হৈছে আৰু এই অভিযানৰ অধীনত সমগ্ৰ দেশতে পাঁচ কোটিতকৈ অধিক ব্যক্তিৰ স্ক্ৰীনিং কাৰ্ড প্ৰদান কৰা হৈছে”। প্ৰধানমন্ত্ৰীয়ে লগতে  কয় যে ছিকেল চেল স্ক্ৰীনিঙে জনজাতীয় সম্প্ৰদায়ৰ লাখ লাখ লোকৰ জীৱন সুৰক্ষিত কৰাত সহায় কৰিছে। তেওঁ জনজাতীয় মাতৃ আৰু ভগ্নীসকলক ছিকেল চেল এনিমিয়াৰ পৰীক্ষা নিশ্চিত কৰিবলৈ বিশেষ আহ্বান জনায়।

তেওঁৰ ধাৰাবাহিক প্ৰচেষ্টা মাতৃ-ভগ্নীসকলৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ কষ্ট হ্ৰাস কৰা বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে স্বচ্ছ ভাৰত অভিযানৰ অধীনত কোটি কোটি শৌচাগাৰ নিৰ্মাণ, উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া এল পি জি সংযোগৰ ব্যৱস্থা, আৰু ঘৰুৱা পানী যোগান নিশ্চিত কৰাৰ বাবে জল জীৱন অভিযান আদি পদক্ষেপে মহিলাসকলৰ বাবে দৈনন্দিন প্ৰত্যাহ্বানসমূহ যথেষ্ট লাঘৱ কৰিছে। ৫ লাখ  টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে মহিলাৰ স্বাস্থ্যৰ ফলাফল উন্নত হোৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ কথা উল্লেখ কৰি তেওঁ উল্লেখ কৰে যে বিনামূলীয়া ৰেচন আঁচনিৰ জৰিয়তে ক’ভিড-১৯ মহামাৰীৰ কঠিন সময়তো দৰিদ্ৰ মাতৃৰ পাকঘৰৰ জুই নিৰ্বাপিত হ'বলৈ দিয়া নাছিল । তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত বিনামূলীয়া শস্য বিতৰণ অব্যাহত আছে। প্ৰধানমন্ত্ৰীয়ে লগতে আঙুলিয়াই দিয়ে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰদান কৰা অধিকাংশ ঘৰ মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে।

 

মহিলাসকলক অৰ্থনৈতিকভাৱে সবলীকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাবে মনোনিৱেশ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে কোটি কোটি মহিলাই নতুন ব্যৱসায় আৰম্ভ আৰু উদ্যোগ স্থাপনৰ বাবে মুদ্ৰা যোজনাৰ জৰিয়তে ঋণৰ সুবিধা লৈছে। তেওঁ আৰু কয় যে চৰকাৰে তিনি কোটি মহিলাক ‘লাখপতি দিদি’লৈ ৰূপান্তৰিত কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে, ইতিমধ্যে প্ৰায় দুই কোটি মহিলাই এই মাইলৰ খুঁটিত উপনীত হৈছে। বেংক সখী আৰু ড্ৰোন দিদি হিচাপে প্ৰশিক্ষণ দি মহিলাসকলক গ্ৰাম্য অৰ্থনীতিৰ বুকুত স্থান দিয়া হৈছে। আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে ৰূপান্তৰৰ নতুন জোৱাৰ আনিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বিগত ১১ বছৰত দৰিদ্ৰ লোকৰ কল্যাণ আৰু তেওঁলোকৰ জীৱন উন্নত কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে । তেওঁ এই বিশ্বাস সন্দৰ্ভত  দৃঢ়তাৰে কয় যে যেতিয়া দৰিদ্ৰ লোকসকলে অগ্ৰগতি লাভ কৰে তেতিয়াহে দেশ খনে  আগবাঢ়ি যাব পাৰে। তেওঁ কয় যে দুখীয়াৰ সেৱা কেতিয়াও অসাৰ নহয়; অলপ সমৰ্থন থাকিলেও তেওঁলোকে অপৰিসীম প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ সাহস প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে  যে তেওঁ ব্যক্তিগতভাৱে দুখীয়াৰ আবেগ আৰু সংগ্ৰামৰ মাজেৰে জীয়াই আছে, তেওঁলোকৰ যন্ত্ৰণাক নিজৰ কৰি লৈছে। তেওঁ পুনৰ কয় যে দুখীয়াৰ সেৱা তেওঁৰ জীৱনৰ সৰ্ববৃহৎ উদ্দেশ্য। সেই অনুসৰি চৰকাৰে দৰিদ্ৰ লোকসকলক কেন্দ্ৰবিন্দু হিচাবে  লৈ আঁচনি  যুগুত কৰা  আৰু সেইবোৰৰ  ৰূপায়ণ অব্যাহত ৰাখিছে।

 

ভাৰতৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ লগে লগে চৰকাৰৰ এনে নীতিৰ প্ৰভাৱ এতিয়া বিশ্ববাসীৰ দৃষ্টিগোচৰ হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে  কয় যে এই পৰিৱৰ্তনে সমগ্ৰ সমাজত এক নতুন আত্মবিশ্বাসৰ ভাৱ জগাই তুলিছে। প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে এই প্ৰচেষ্টাসমূহ কেৱল আঁচনি নহয়—এইবোৰ দৰিদ্ৰ মাতৃ, ভগ্নী, কন্যাৰ জীৱন পৰিৱৰ্তনৰ নিশ্চয়তা। তেওঁ দৃঢ়তাৰে কয় যে দুখীয়াৰ মুখত হাঁহি বিৰিঙাই তোলা   আৰু নাৰীৰ মৰ্যাদা ৰক্ষা কৰাটো তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ  তথা অটল দায়বদ্ধতা।

মধ্যপ্ৰদেশৰ মহেশ্বৰী বস্ত্ৰশিল্পৰ চহকী পৰম্পৰাৰ বিষয়ত আলোকপাত কৰি, দেৱী অহিল্যাবাই হোলকাৰে মহেশ্বৰী শাৰীক এক নতুন মাত্ৰা প্ৰদান কৰা বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে।  প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ তেওঁৰ ৩০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ কথা স্মৰণ কৰি কয় যে তেওঁৰ উত্তৰাধিকাৰক এতিয়া ধৰৰ পি এম মিত্ৰ  পাৰ্কৰ জৰিয়তে আগবঢ়াই নিয়া হৈছে। শ্ৰী মোদীয়ে কয় যে উদ্যানখনে কপাহ আৰু ৰেচমৰ দৰে অত্যাৱশ্যকীয় বয়ন সামগ্ৰীৰ সহজ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব, গুণগত মানৰ পৰীক্ষা সৰল কৰি তুলিব  আৰু বজাৰৰ সংযোগ বৃদ্ধি কৰিব। তেওঁ  কয় যে স্পিনিং, ডিজাইনিং, প্ৰচেছিং ​​আৰু ৰপ্তানি এই সকলোবোৰ একেটা সুবিধাৰ ভিতৰতে হ’ব, যাৰ ফলত সমগ্ৰ বস্ত্ৰশিল্পৰ মূল্য শৃংখলটো এটা স্থানতে উপলব্ধ হ’ব। তেওঁ বস্ত্ৰ উদ্যোগৰ বাবে ৫এফ দৃষ্টিভংগীৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ কথা  পুনৰ উল্লেখ কৰে—ফাৰ্ম টু ফাইবাৰ, ফাইবাৰ টু ফেক্টৰী, ফেক্টৰীৰ পৰা ফেশ্বন, আৰু ফেশ্বন টু ফৰেইন—উৎপাদনৰ পৰা বিশ্ব বজাৰলৈ দ্ৰুত আৰু অধিক নিৰৱচ্ছিন্ন যাত্ৰা নিশ্চিত কৰা।

 

ধৰৰ পি এম মিত্ৰ উদ্যানৰ বাবে প্ৰায় ১৩০০ একৰ মাটি আবণ্টন দিয়া হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনি উন্নয়ন আৰু কাৰখানাৰ নিৰ্মাণ একেলগে চলিব। উদ্যানখনে তিনি লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে উদ্যানখনে লজিষ্টিক আৰু উৎপাদন ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব, যাৰ ফলত ভাৰতীয় সামগ্ৰীসমূহ অধিক সুলভ আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰি তুলিব পৰা যাব । প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপৰ বাবে মধ্যপ্ৰদেশৰ ৰাইজলৈ বিশেষ অভিনন্দন জ্ঞাপন কৰি  চৰকাৰে দেশজুৰি আৰু ছখন  পি এম মিত্ৰ উদ্যান স্থাপনৰ পৰিকল্পনা কৰা বুলি অৱগত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে দেশজোৰা বিশ্বকৰ্মা পূজা উদযাপনৰ  বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ সফলতাও উদযাপনৰ এক মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ সমগ্ৰ দেশৰ কাঠমিস্ত্ৰী, লো মিস্ত্ৰী, সোণৰ মিস্ত্ৰী, মৃৎশিল্পী, ৰাজমিস্ত্ৰী, পিতল, তাম আৰু অন্যান্য পৰম্পৰাগত শিল্পকৰ্মৰে জড়িত লোককে  ধৰি বিশ্বকৰ্মা ভাই-ভনীসকলক বিশেষ শুভেচ্ছা জনায়। তেওঁ মেক ইন ইণ্ডিয়া পদক্ষেপৰ চালিকা শক্তি হিচাপে তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামগ্ৰী আৰু দক্ষতাই গাঁও আৰু চহৰ উভয়তে দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিছে। শ্ৰী মোদীয়ে এই বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাই কম সময়ৰ ভিতৰতে ৩০ লাখৰো অধিক লোকক সহায় কৰিছে। এই বিষয়ত  বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলে দক্ষতা বিষয়ক  প্ৰশিক্ষণ, ডিজিটেল বিপণনৰ সুবিধা আৰু আধুনিক সঁজুলি লাভ কৰিছে। তেওঁ লগতে কয় যে ছয় লাখতকৈ অধিক বিশ্বকৰ্মাৰ অংশীদাৰক নতুন সঁজুলি প্ৰদান কৰা হৈছে, আৰু তেওঁলোকৰ কামত সহায় কৰিবলৈ ৪,০০০ কোটি টকাতকৈ অধিক ঋণ প্ৰদান কৰা হৈছে।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাই সমাজৰ সেই শ্ৰেণীসমূহক আটাইতকৈ  বেছি উপকৃত কৰিছে যিসকল লোক দশক দশক ধৰি অৱহেলিত হৈ আছিল। তেওঁ কয় যে দুখীয়া বিশ্বকৰ্মা ভাই-ভনীসকলৰ দক্ষতা আছে, কিন্তু পূৰ্বৰ চৰকাৰসমূহে তেওঁলোকৰ প্ৰতিভাক আগুৱাই নিয়াৰ বাবে  বা তেওঁলোকৰ জীৱন উন্নত কৰাৰ বাবে কোনো পৰিকল্পনা গ্ৰহণ কৰা  নাছিল। বৰ্তমানৰ চৰকাৰখনে তেওঁলোকৰ কাৰুকাৰ্য্যক প্ৰগতিৰ ৰূপত ৰূপান্তৰিত কৰাৰ পথ সৃষ্টি কৰিছে বুলিও তেওঁ কয়। নিজৰ প্ৰতিশ্ৰুতিৰ বিষয়ে  পুনৰবাৰ উল্লেখ কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে যিসকল পিছ পৰি ৰৈছে তেওঁলোক চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়েই আছে।

 

প্ৰধানমন্ত্ৰীয়ে ধৰক “প্ৰথমে দেশ ”ৰ মনোভাৱেৰে সমগ্ৰ জীৱন দেশৰ  বাবে উৎসৰ্গা কৰা শ্ৰদ্ধাৰ কুশভাউ থাকৰেৰ জন্মস্থান হিচাপে স্বীকৃতি দিয়ে। তেওঁ কুশভাউ থাকেৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয় যে দেশখনক  প্ৰথম স্থান দিয়াৰ এই মনোভাৱেই ভাৰতক নতুন উচ্চতালৈ উন্নীতকৰণৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উৎসৱৰ বতৰত  স্বদেশীৰ মন্ত্ৰ পুনৰ দৃঢ় কৰাৰ সময়। তেওঁ নাগৰিকসকলক আহ্বান জনায় যে তেওঁলোকে যি কিনিব বা বিক্ৰী কৰে সেয়া যাতে ভাৰততে নিৰ্মিত হয়। মহাত্মা গান্ধীয়ে স্ধীনতা লাভৰ বাবে  স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাৰ কথা সামৰণ কৰি  প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া এয়া  এখন উন্নত ভাৰতৰ ভেটি হ’ব লাগিব। তেওঁ  কয় যে যেতিয়া মানুহে স্বদেশী সামগ্ৰীক লৈ গৌৰৱ কৰিব তেতিয়াহে এয়া  সম্ভৱ হ’ব। শ্ৰী মোদীয়ে নাগৰিকসকলক ভাৰতত নিৰ্মিত সামগ্ৰী বাছনি কৰিবলৈ  উৎসাহিত কৰে — সেয়া সৰু সৰু বস্তুৱেই  হওক, শিশুৰ বাবে খেলনাই  হওক, দীপাৱলীৰ মূৰ্তিয়েই  হওক, ঘৰ সজ্জাৰ সামগ্ৰীয়েই  হওক, বা মোবাইল, টিভি, ফ্ৰীজৰ দৰে ডাঙৰ ক্ৰয়েই  হওক। তেওঁ ভাৰতত কোনো সামগ্ৰী নিৰ্মিত হয় নে নহয় সেয়া  পৰীক্ষা কৰাৰ গুৰুত্বৰ বিষয়ত জোৰ দিয়ে। কিয়নো স্বদেশী সামগ্ৰী ক্ৰয় কৰিলে দেশৰ ভিতৰতে ধন থাকিব , মূলধনৰ বহিঃপ্ৰবাহ ৰোধ কৰিব পৰা যাব  আৰু ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষভাৱে ই  অৰিহণা যোগাব। এই ধনে পথ, গাঁৱৰ বিদ্যালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণত সহায় কৰে আৰু দৰিদ্ৰ লোকৰ ওচৰলৈ যোৱা কল্যাণমূলক আঁচনিসমূহক সমৰ্থন কৰে বুলি তেওঁ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে লগতে এই বিষয়ত আলোকপাত কৰে যে যেতিয়া অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ঘৰুৱাভাৱে প্ৰস্তুত কৰা হয় তেতিয়া ইয়াৰ দ্বাৰা  নাগৰিকসকলৰ বাবে কৰ্মসংস্থাপনৰো সৃষ্টি হয়। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে,  ২২ ছেপ্টেম্বৰৰ পৰা জি এছ টিৰ হ্ৰাসৰ হাৰ কাৰ্যকৰী হোৱাৰ লগে লগে,  তেওঁ সকলোকে স্বদেশী সামগ্ৰী ক্ৰয় কৰি সংশোধিত হাৰত লাভাৱান্বিত  হ’বলৈ আহ্বান জনায়। তেওঁ এই মন্ত্ৰটো মনত পেলাবলৈ আৰু পুনৰাবৃত্তি কৰিবলৈ আহ্বান —“গৌৰৱেৰে কওক: এয়া  স্বদেশী”। তেওঁ সকলোকে উৎসৱৰ বাবে  শুভেচ্ছা জনায়। ।

 

এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগুভাই পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন যাদৱ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী সাবিত্ৰী ঠাকুৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

 

স্বাস্থ্য, পোষণ, ফিটনেছ আৰু এটা স্বাস্থ্য আৰু সশক্ত ভাৰতৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ‘স্বাস্থ্য নাৰী সশক্তি পৰিয়াল’ আৰু ‘৮ম ৰাষ্ট্ৰীয় পোষণ মাহ’ অভিযান আৰম্ভ কৰে। ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সমগ্ৰ দেশৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ (চি এইচ চি), জিলা চিকিৎসালয় আৰু অন্যান্য চৰকাৰী স্বাস্থ্য সুবিধাসমূহত আয়োজন কৰা হৈছে। এক লাখৰো অধিক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব, যাৰ ফলত এইটোৱেই হ’ব দেশৰ মহিলা আৰু শিশুসকলৰ বাবে এতিয়ালৈকে সৰ্ববৃহৎ স্বাস্থ্য প্ৰসাৰ। দেশজুৰি সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰত দৈনিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব।

 

এই দেশজুৰি আৰম্ভ কৰা অভিযানে সম্প্ৰদায় পৰ্যায়ত মহিলাকেন্দ্ৰিক ৰোগৰ প্ৰতিৰোধমূলক, প্ৰচাৰমূলক আৰু নিৰাময়মূলক স্বাস্থ্য সেৱা প্ৰদান কৰিব । ই অসংক্ৰামক ৰোগ, ৰক্তহীনতা, যক্ষ্মা, আৰু ছিকেল চেল ৰোগৰ পৰীক্ষা, সেয়া আগতীয়াকৈ ধৰা পেলোৱা আৰু চিকিৎসাৰ সংযোগ শক্তিশালী কৰাৰ  লগতে প্ৰসৱৰ পূৰ্বে যত্ন, প্ৰতিষেধক, পুষ্টি, ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, জীৱনশৈলী আৰু মানসিক স্বাস্থ্য সজাগতামূলক কাৰ্য্যকলাপৰ জৰিয়তে মাতৃ, শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্যৰ দিশটোক  প্ৰসাৰিত কৰিব। স্ত্ৰীৰোগ, শিশু চিকিৎসা, চকু, ই এন টি, দন্ত, ছাল, আৰু মনোৰোগকে ধৰি বিশেষজ্ঞ সেৱাসমূহ চিকিৎসা মহাবিদ্যালয়, জিলা চিকিৎসালয়, কেন্দ্ৰীয় চৰকাৰী প্ৰতিষ্ঠান, আৰু ব্যক্তিগত চিকিৎসালয়ৰ জৰিয়তে সংগঠিত কৰা হ’ব।

 

এই অভিযানৰ অধীনত দেশজোৰা ৰক্তদান অভিযানৰো আয়োজন কৰা হ’ব। ই-ৰক্তকোষ  পৰ্টেলত দাতাসকলক পঞ্জীয়ন কৰা হ’ব আৰু মাইগভৰ জৰিয়তে প্ৰতিশ্ৰুতি অভিযান চলোৱা হ’ব। হিতাধিকাৰীসকলক পিএম-জে, আয়ুষ্মান বায়া বন্দনা আৰু এবিএইচএৰ অধীনত নামভৰ্তি কৰা হ’ব। স্বাস্থ্য শিবিৰত কাৰ্ড পৰীক্ষণ আৰু অভিযোগ নিৰাময়ৰ বাবে হেল্পডেস্ক স্থাপন কৰা হ’ব। মহিলা আৰু পৰিয়ালৰ বাবে সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতা পদ্ধতিৰ প্ৰসাৰৰ অৰ্থে যোগ অধিৱেশন, আয়ুৰ্বেদ সম্পৰ্কীয়  পৰামৰ্শ আৰু অন্যান্য আয়ুষ সেৱা প্ৰদানৰ ব্যৱস্থা  কৰা হ’ব। এই অভিযানে মেদবহুলতা প্ৰতিৰোধ, উন্নত পুষ্টি  আৰু স্বেচ্ছামূলক ৰক্তদানৰ বিষয়ত  বিশেষ গুৰুত্ব আৰোপ কৰি সুস্থ জীৱনশৈলীৰ পদ্ধতিৰ দিশতো সম্প্ৰদায়সমূহক সংগঠিত কৰিব। সমগ্ৰ সমাজৰ দৃষ্টিভংগীৰে পুষ্টি, পৰামৰ্শ আৰু যত্নৰ দ্বাৰা টিবি ৰোগীসকলক সহায় কৰিবলৈ নিৰ্দিষ্ট মঞ্চত (www.nikshay.in) নিক্ষয় মিত্ৰ হিচাপে পঞ্জীয়ন কৰিবলৈও নাগৰিকসকলক উৎসাহিত কৰা হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত ধন এটা  ক্লিকতে পোনপটীয়াকৈ সমগ্ৰ দেশৰ যোগ্য মহিলাসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰে। ইয়াৰ দ্বাৰা দেশৰ প্ৰায় দহ লাখ মহিলা লাভাৱান্বিত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে আৰম্ভ কৰে সুমন সখী চেটবট । এই চেটবটে গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ গৰ্ভৱতী মহিলাসকলক সময়োপযোগী আৰু সঠিক তথ্য প্ৰদান কৰিব, যাৰ ফলত অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ সুবিধা নিশ্চিত হ’ব।

 

ছিকেল চেল ৰক্তহীনতাৰ বিৰুদ্ধে দেশৰ সামূহিক যুঁজখনক আগুৱাই নিয়াৰ অৰ্থে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে এক কোটি টকাৰ ছিকেল চেল স্ক্ৰীনিং আৰু কাউন্সেলিং কাৰ্ড বিতৰণ কৰে।

 

আদি কৰ্মযোগী অভিযানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘আদি সেৱা পৰ্ব’, মধ্য প্ৰদেশৰ  বাবে মুকলি কৰে, যিটো জনজাতীয় গৌৰৱ আৰু দেশ গঠনৰ মনোভাৱৰ প্ৰতীক হিচাবে বিবেচিত হ’ব। এই পদক্ষেপত জনজাতীয় অঞ্চলসমূহত সেৱামুখী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব, য’ত স্বাস্থ্য, শিক্ষা, পুষ্টি, দক্ষতা বিকাশ, জীৱিকা বৃদ্ধি, অনাময়, পানী সংৰক্ষণ, আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব। প্ৰতিখন গাঁৱৰ বাবে দীৰ্ঘম্যাদী উন্নয়নৰ ৰোডমেপ প্ৰস্তুত কৰাৰ লক্ষ্যৰে জনজাতীয় গাঁও কাৰ্য্য পৰিকল্পনা আৰু জনজাতীয় গাঁও দৃষ্টিভংগী ২০৩০ৰ বিষয়ত  বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।

 

তেওঁৰ ৫এফ ভিজন – ফাৰ্ম টু ফাইবাৰ, ফাইবাৰ টু ফেক্টৰী, ফেক্টৰী টু ফেশ্বন, আৰু ফেশ্বন টু ফৰেইনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ধৰত পিএম মিত্ৰ  পাৰ্ক উদ্বোধন কৰে। ২১৫০ একৰতকৈও অধিক ভূমিত বিস্তৃত এই উদ্যানখনত কমন এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্ট, সৌৰশক্তি কেন্দ্ৰ, আধুনিক পথ আদিকে ধৰি বিশ্বমানৰ সুবিধাসমূহ সজ্জিত কৰা হ’ব , যাৰ ফলত ই এক আদৰ্শ ঔদ্যোগিক চহৰ হিচাপে পৰিগণিত হ’ব। ইয়াৰ উপৰি কৃষকৰ উৎপাদিত সামগ্ৰীৰ উন্নত মূল্য প্ৰদান কৰি , কৃষকৰ আয় বৃদ্ধি কৰি অঞ্চলটোৰ কপাহ খেতিয়কসকলক যথেষ্ট উপকৃত কৰিব।

 

বিভিন্ন বস্ত্ৰ কোম্পানীয়ে ২৩,১৪০ কোটি টকাৰো অধিক মূল্যৰ বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছে, যাৰ ফলত নতুন উদ্যোগ আৰু বৃহৎ পৰিসৰৰ নিয়োগৰ পথ মুকলি হৈছে। ইয়াৰ দ্বাৰা প্ৰায় ৩ লাখ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ লগতে ৰপ্তানিও যথেষ্ট বৃদ্ধি পাব।

 

পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অৰ্থনৈতিক সৱলীকৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ এক বগিয়া মা কে নাম পদক্ষেপৰ অধীনত মহিলা আত্মসহায়ক গোটৰ এগৰাকী  হিতাধিকাৰীক এটি গছপুলি উপহাৰ দিয়ে। মধ্যপ্ৰদেশৰ ১০ হাজাৰৰো অধিক মহিলাই ‘মা কি বগিয়া’ গঢ়ি তুলিব। মহিলা গোটসমূহক উদ্ভিদ সুৰক্ষা নিশ্চিত কৰাৰ বাবেও প্ৰয়োজনীয় সকলো সম্পদ যোগানৰ  ব্যৱস্থা কৰা হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s pitch for a new role for Indian colleges: build global ambition

Media Coverage

PM Modi’s pitch for a new role for Indian colleges: build global ambition
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting prayers for peace, well-being, and harmony with nature
September 07, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting prayers for peace, well-being, and harmony with nature.

The Prime Minister wrote on X;

"शं नो वातः पवतां शं नस्तपतु सूर्यः।

शं नः कनिक्रदद् देवः पर्जन्योऽभिवर्षतु॥"

May the wind blow for us in a peaceful, wholesome, and purifying way. May the Sun shine upon us as a source of well-being and blessing. May it's warmth and light bring us comfort and joy. And may the divine Rain-God, Parjanya, shower life-giving and auspicious rain upon us.