দেশৰ বাবে, বিশেষকৈ মিজোৰামৰ জনসাধাৰণৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন, আজিৰে পৰা আইজল ভাৰতৰ ৰে’লৱে মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল : প্ৰধানমন্ত্ৰী
উত্তৰ-পূব ভাৰতৰ বিকাশৰ ইঞ্জিন হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ এক্ট ইষ্ট পলিচি আৰু উদীয়মান উত্তৰ-পূব অৰ্থনৈতিক কৰিডৰ উভয়তে মিজোৰামৰ মুখ্য ভূমিকা আছে: প্ৰধানমন্ত্ৰী
নেক্সট জেন জিএছটি মানে বহু সামগ্ৰীৰ ওপৰত কম কৰ, পৰিয়ালৰ বাবে জীৱন সহজ কৰি তোলা: প্ৰধানমন্ত্ৰী
ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতিঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ আইজলত ৯০০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জনসভাক সম্বোধন কৰি  প্ৰধানমন্ত্ৰীয়ে নীলা পৰ্বতে আগুৰি ৰখা  মনোমোহা ভূমি চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক প্ৰণিপাত জনায় । দুখ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে তেওঁ মিজোৰামৰ লেংপুই বিমানবন্দৰত উপস্থিত আছিল কিন্তু  বেয়া বতৰৰ বাবে আইজলত তেওঁ ৰাইজৰ সৈতে যোগ দিব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰেও  তেওঁ ৰাইজৰ মৰম অনুভৱ কৰিব পাৰিছে।

স্বাধীনতা আন্দোলনেই  হওক বা দেশ নিৰ্মাণেই হওক সকলো বিষয়তে মিজোৰামৰ জনসাধাৰণে সদায় অৱদান আগবঢ়াবলৈ আগবাঢ়ি অহাৰ বিষয়তো শ্ৰী মোদীয়ে  তেওঁৰ ভাষণত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে লালনু ৰ’পুইলিয়ানী আৰু পছালথা খুয়াংচেৰাৰ দৰে ব্যক্তিৰ আদৰ্শই দেশখনক  অনুপ্ৰাণিত কৰি আহিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ত্যাগ আৰু সেৱা, সাহস আৰু মমতা মিজো সমাজত গভীৰভাৱে নিহিত হৈ থকা মূল্যবোধ। “আজি ভাৰতৰ উন্নয়ন যাত্ৰাত মিজোৰামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

আজিৰ এই দিনটোক দেশৰ  বাবে,  বিশেষকৈ মিজোৰামৰ জনসাধাৰণৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰি শ্ৰী মোদীয়ে কয় যে, “আজিৰে পৰা আইজল ভাৰতৰ ৰে’লৱে মেপত সংযোজন হ'ল ”। অতীতৰ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেইবছৰমান পূৰ্বে তেওঁ আইজল ৰে’লপথৰ আধাৰশিলা স্থাপনৰ সুযোগ পাইছিল। তেওঁ গৌৰৱেৰে ৰে’লপথটো দেশৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছিল। শ্ৰী মোদীয়ে লগতে কয়  কয় যে কঠিন ভূ-প্ৰাকৃতিক পৰিস্থিতিকে  ধৰি বহু প্ৰত্যাহ্বানৰ মাজতো বৈৰবি–ছাইৰাং ৰে’লপথ এতিয়া বাস্তৱত পৰিণত হৈছে। তেওঁ অভিযন্তাসকলৰ দক্ষতা আৰু শ্ৰমিকৰ মনোভাৱৰ প্ৰশংসা কৰি কয় যে তেওঁলোকৰ প্ৰচেষ্টাই এই কৃতিত্ব অৰ্জন কৰাটো  সম্ভৱ কৰি তুলিছে।

জনসাধাৰণ আৰু দেশৰ হৃদয় সদায় প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থকা বুলি দৃঢ়তাৰে মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰথমবাৰৰ বাবে মিজোৰামৰ ছাইৰাঙক ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে দিল্লীৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা হ’ব। তেওঁ দৃঢ়তাৰে কয় যে এয়া কেৱল ৰে’ল সংযোগ নহয়, বৰঞ্চ ৰূপান্তৰৰ জীৱন ৰেখা আৰু ই মিজোৰামৰ জনসাধাৰণৰ জীৱন তথা  জীৱিকাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে মিজোৰামৰ কৃষক আৰু ব্যৱসায়ীসকলে এতিয়া সমগ্ৰ দেশতে বিশাল পৰিসৰৰ বজাৰত উপনীত হ’ব পাৰিব। তেওঁ উল্লেখ কৰে যে মানুহে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ বাবে অধিক বিকল্পৰ সুবিধা লাভ কৰিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই উন্নয়নে পৰ্যটন, পৰিবহণ  আৰু আতিথ্য খণ্ডতো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দীৰ্ঘদিন ধৰি দেশৰ একাংশ ৰাজনৈতিক দলে ভোট-বেংকৰ ৰাজনীতি কৰি আহিছে। তেওঁ মন্তব্য কৰে যে তেওঁলোকৰ মনোযোগ অধিক ভোট আৰু আসন থকা স্থানতহে নিবদ্ধ হৈ আছে। ফলত মিজোৰামৰ দৰে ৰাজ্যকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল এই মনোভাৱৰ বাবে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। শ্ৰী মোদীয়ে  কয় যে বৰ্তমানৰ পথ বহুত বেলেগ আৰু আগতে যিসকল অৱহেলিত আছিল তেওঁলোক এতিয়া আগৰণুৱা হৈছে। তেওঁ লগতে কয় যে যিসকল এসময়ত সমাজৰ প্ৰান্তীয় স্তৰত  আছিল তেওঁলোক এতিয়া মূলসুঁতিৰ অংশ হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ১১ বছৰে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। তেওঁ দৃঢ়তাৰে কয় যে এই অঞ্চল ভাৰতৰ বৃদ্ধিৰ ইঞ্জিন হৈ পৰিছে।

যোৱা বছৰসমূহত  উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইখন  ৰাজ্যক প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’ল মানচিত্ৰত স্থান দিয়া হৈছে বুলি উল্লেখ  কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে সকলো ধৰণৰ সংযোগ শক্তিশালী কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিছে—গ্ৰাম্য পথ আৰু ঘাইপথ, মোবাইল আৰু ইণ্টাৰনেট সংযোগ, বিদ্যুৎ, নলৰ পানী, আৰু এল পি জি সংযোগ আদি সকলো বিষয়ে কাম কৰা হৈছে।  বিমান যাত্ৰাৰ ক্ষেত্ৰত  মিজোৰামেও উড়ান আঁচনিৰ দ্বাৰা লাভাৱান্বিত হ’ব বুলি ঘোষণা কৰি অঞ্চলটোত শীঘ্ৰে হেলিকপ্টাৰ সেৱা আৰম্ভ কৰা  হ’ব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ ফলত মিজোৰামৰ দুৰ্গম অঞ্চললৈ যাতায়াত ব্যৱস্থাৰ  যথেষ্ট উন্নতি হ’ব বুলি তেওঁ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়- “এক্ট ইষ্ট পলিচি আৰু উদীয়মান উত্তৰ-পূব অৰ্থনৈতিক কৰিডৰ দুয়োটাতে মিজোৰামৰ মুখ্য ভূমিকা আছে”  । তেওঁ উল্লেখ কৰে যে কালাডান মাল্টি-ম’ডাল ট্ৰেনজিট পৰিবহণ প্ৰকল্প আৰু ছাইৰাং–মাওংবুচুৱাহ ৰে’ল লাইনৰ জৰিয়তে মিজোৰাম দক্ষিণ-পূব এছিয়াৰ মাজেৰে বে অব বেংগলৰ সৈতে সংযুক্ত হ’ব। তেওঁ লগতে কয় যে এই সংযোগে সমগ্ৰ উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বাণিজ্য তথা পৰ্যটনক উন্নীত কৰিব।

মিজোৰাম প্ৰতিভাৱান যুৱক-যুৱতীৰে ধন্য বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে চৰকাৰৰ অভিযান হৈছে তেওঁলোকক সবলীকৰণ কৰা। তেওঁ কয়  যে মিজোৰামত ইতিমধ্যে ১১ খন একলব্য আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে আৰু ৬ খন বিদ্যালয় আৰম্ভ কৰাৰ কাম চলি আছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে উত্তৰ-পূৰ্বাঞ্চলে ষ্টাৰ্ট-আপৰ ক্ষেত্ৰখনত  এক প্ৰধান হাব হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ এই বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে যে বৰ্তমান অঞ্চলটোত প্ৰায় ৪৫০০ টা ষ্টাৰ্ট-আপ আৰু ২৫টা ইনকিউবেটৰ চলি আছে। তেওঁ মন্তব্য কৰে যে মিজোৰামৰ যুৱক-যুৱতীসকলে এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ লগতে আনৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে।

বিশ্ব ক্ৰীড়াৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে ভাৰতৰ দ্ৰুতগতিত উত্থান ঘটিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বৃদ্ধিয়ে দেশত ক্ৰীড়া অৰ্থনীতিৰো সূচনা কৰিছে। ফুটবল আৰু অন্যান্য শাখাত বহু চেম্পিয়ন সৃষ্টি  কৰাত মিজোৰামৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ ক্ৰীড়াৰ চহকী পৰম্পৰাৰ বিষয়ত  আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰৰ ক্ৰীড়া নীতিয়ে মিজোৰামকো উপকৃত কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে  খেলো ইণ্ডিয়া আঁচনিৰ অধীনত আধুনিক ক্ৰীড়া আন্তঃগাঁথনি সৃষ্টিৰ বাবে সহায় আগবঢ়োৱা হৈছে। তেওঁ লগতে অৱগত কৰে যে চৰকাৰে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি —খেলো ইণ্ডিয়া খেল নীতি প্ৰৱৰ্তন কৰিছে। তেওঁ  কয় যে এই পদক্ষেপে মিজোৰামৰ যুৱক-যুৱতীসকলৰ বাবে সুযোগৰ নতুন দুৱাৰ মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিতৰত আৰু বিদেশত উত্তৰ-পূৰ্বাঞ্চলৰ সুন্দৰ সংস্কৃতিয়ে  অগ্ৰদূতৰ  ভূমিকা পালন কৰাৰ বিষয়ত  আনন্দ প্ৰকাশ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনা প্ৰদৰ্শন কৰা মঞ্চক উৎসাহিত কৰাৰ গুৰুত্বৰ বিষয়ত আলোকপাত  কৰে। কিছু মাহ পূৰ্বে দিল্লীত অনুষ্ঠিত হোৱা অষ্ট লক্ষ্মী মহোৎসৱত অংশগ্ৰহণ কৰাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰশিল্প, শিল্পকৰ্ম, জি আই টেগ লাভ কৰা সামগ্ৰী আৰু পৰ্যটনৰ সম্ভাৱনা প্ৰদৰ্শন কৰা হৈছে। ৰাইজিং নৰ্থ ইষ্ট সন্মিলন সন্দৰ্ভত  প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ বিনিয়োগকাৰীসকলক অঞ্চলটোৰ বিশাল সম্ভাৱনাক লাভাৱান্বিত কৰিবলৈ উৎসাহিত কৰিছে। এই সন্মিলনে বৃহৎ বিনিয়োগ আৰু প্ৰকল্পৰ পথ প্ৰশস্ত কৰিছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে লগতে  মন্তব্য কৰে যে ভ’কেল ফৰ লোকেল পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী আৰু কৃষকসকলক যথেষ্ট উপকৃত কৰিছে, মিজোৰামৰ বাঁহৰ সামগ্ৰী, জৈৱিক আদা, হালধি আৰু কল আদি সকলোৰে মাজত পৰিচিত হৈ পৰিছে।

ইজ অৱ লিভিং আৰু ইজ অৱ ডুইং বিজনেছ বৃদ্ধিৰ বাবে চৰকাৰে ধাৰাবাহিকভাৱে পদক্ষেপ গ্ৰহণ কৰি থকা বুলি উল্লেখ  কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ শেহতীয়াকৈ প্ৰৱৰ্তন কৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে বহু সামগ্ৰীৰ ওপৰত কম কৰ, যাৰ ফলত পৰিয়ালৰ জীৱন সহজ হৈ পৰিছে”। তেওঁ স্মৰণ কৰে যে ২০১৪ চনৰ আগতে আনকি দৈনিক প্ৰয়োজনীয় সামগ্ৰী যেনে টুথপেষ্ট, চাবোন, তেলৰ ওপৰতো ২৭% কৰ আৰোপ কৰা হৈছিল। আজি তেওঁ লক্ষ্য কৰে যে এই সামগ্ৰীসমূহৰ ওপৰত মাত্ৰ ৫% জি এছ টিহে প্ৰযোজ্য হৈছে। শ্ৰী মোদীয়েকয় যে বিৰোধী শাসনত থকাৰ সময়ত ঔষধ, টেষ্ট কিট আৰু বীমা পলিচীৰ ওপৰত যথেষ্ট কৰ আৰোপ কৰা হৈছিল। তেওঁ লগতে কয় যে ইয়াৰ ফলত স্বাস্থ্যসেৱা ব্যয়বহুল হৈ পৰিছিল আৰু সাধাৰণ পৰিয়ালৰ বাবে বীমা অকল্পনীয় বিষয়  হৈ পৰিছিল। তেওঁ দৃঢ়তাৰে কয় যে আজি এই সকলোবোৰ সেৱা আৰু সামগ্ৰী সুলভ হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নতুন জি এছ টি হাৰে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ ঔষধো অধিক কম খৰচী কৰি তুলিব। ২২ ছেপ্টেম্বৰৰ পিছত চিমেণ্ট আৰু নিৰ্মাণ সামগ্ৰীও সস্তা হ’ব বুলি তেওঁ জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে স্কুটাৰ আৰু গাড়ী নিৰ্মাণ কৰা বহু কোম্পানীয়ে ইতিমধ্যে মূল্য হ্ৰাস কৰিছে। আগন্তুক উৎসৱৰ বতৰ সমগ্ৰ দেশতে আৰু অধিক প্ৰাণৱন্ত হৈ উঠিব  বুলি তেওঁ আত্মবিশ্বাসে  প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সংস্কাৰৰ অংশ হিচাপে বেছিভাগ হোটেলৰ জি এছ টি মাত্ৰ ৫%লৈ হ্ৰাস কৰা হৈছে। বিভিন্ন ঠাই ভ্ৰমণ, হোটেলত থকা, বাহিৰত খাদ্য গ্ৰহণ কৰা  আদি এতিয়া অধিক সুলভ হৈ পৰিব বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে  কয় যে ইয়াৰ দ্বাৰা অধিকসংখ্যক  লোক দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ, অন্বেষণ আৰু উপভোগ কৰিবলৈ উৎসাহিত হ’ব। তেওঁ উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ দৰে পৰ্যটন কেন্দ্ৰসমূহে এই পৰিৱৰ্তনৰ দ্বাৰা বিশেষভাৱে লাভাৱান্বিত হ’ব।

শ্ৰী মোদীয়ে  কয় যে “২০২৫–২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত ভাৰতৰ অৰ্থনীতিত   ৭.৮% বৃদ্ধি হৈছে। ইয়াৰ অৰ্থ হ’ল ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ডাঙৰ অৰ্থনীতি”,দেশখনে মেক ইন ইণ্ডিয়া আৰু ৰপ্তানিৰ ক্ষেত্ৰতো শক্তিশালী বৃদ্ধিৰ সাক্ষী হৈ আছে। অপাৰেচন সিন্দুৰৰ কথা উল্লেখ কৰি তেওঁ মন্তব্য কৰে যে ভাৰতীয় সৈন্যই সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাসকলক কেনেদৰে পাঠ শিকাইছে সেয়া দেখখনে  দেখিছে। সশস্ত্ৰ বাহিনীৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত হৈ পৰিছে  বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই অভিযানৰ সময়ত মেড-ইন-ইণ্ডিয়া অস্ত্ৰই দেশ খনক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁ লগতে কয় যে ভাৰতৰ অৰ্থনীতি আৰু উৎপাদন খণ্ডৰ বৃদ্ধি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় ।

প্ৰতিজন নাগৰিক, প্ৰতিটো পৰিয়াল, আৰু প্ৰতিটো অঞ্চলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ কথা  পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে  । তেওঁ দেশৰ  জনসাধাৰণৰ সবলীকৰণৰ জৰিয়তে এখন উন্নত ভাৰত গঢ়া হ’ব বুলি উল্লেখ কৰি এই যাত্ৰাত মিজোৰামৰ জনসাধাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আইজলক ভাৰতৰ ৰে’ল মানচিত্ৰলৈ আদৰণি জনায়। তেওঁ পুনৰ কয় যে বেয়া  বতৰৰ বাবে আইজল ভ্ৰমণ কৰিব নোৱাৰিলেও অতি সোনকালে তেওঁ আইজলবাসীৰ লগ হ’ব পাৰিব বুলি  আত্মবিশ্বাসী হৈ আছে। 

অনুষ্ঠানত মিজোৰামৰ ৰাজ্যপাল জেনেৰেল ভি কে সিং, মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালডুহোমা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

পৃষ্ঠভূমি

বিশ্বমানৰ আন্তঃগাঁথনি আৰু শেষ মাইললৈকে সংযোগৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে মিজোৰামৰ ৰাজধানীক ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰি  ৮,০৭০ কোটি টকাৰো অধিক মূল্যৰ বৈৰবি-ছাইৰাং নতুন ৰে’ল লাইন উদ্বোধন কৰে। প্ৰত্যাহ্বানমূলক পাহাৰীয়া অঞ্চলত  ৰে’ল লাইন প্ৰকল্পটোত  জটিল ভূতাত্ত্বিক পৰিস্থিতিৰ মাজত ৪৫টা সুৰংগ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি  ইয়াত ৫৫খন ডাঙৰ দলং আৰু ৮৮খন সৰু দলঙো অন্তৰ্ভুক্ত কৰা হৈছে। মিজোৰাম আৰু দেশৰ বাকী অংশৰ মাজত প্ৰত্যক্ষ ৰে’ল  সংযোগে অঞ্চলটোৰ জনসাধাৰণক নিৰাপদ, কাৰ্যক্ষম আৰু ব্যয়বহুল ভ্ৰমণৰ বিকল্প প্ৰদান কৰিব। ইয়াৰ উপৰি  খাদ্য শস্য, সাৰৱ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী সময়মতে আৰু নিৰ্ভৰযোগ্যভাবে  যোগান ধৰিব পৰাটো  নিশ্চিত কৰিব।  যাৰ ফলত সামগ্ৰিকভাৱে লজিষ্টিক দক্ষতা আৰু আঞ্চলিক সুলভতা বৃদ্ধি পাব।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তিনিখন নতুন এক্সপ্ৰেছ ৰে’ল , ছাইৰাং (আইজল)-দিল্লী (আনন্দ বিহাৰ টাৰ্মিনেল) ৰাজধানী এক্সপ্ৰেছ, ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ আৰু ছাইৰাং-কলকাতা এক্সপ্ৰেছৰো ফ্লেগ অফ কৰে। এতিয়া ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে দিল্লীৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ’ব আইজল। ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছৰ জৰিয়তে মিজোৰাম আৰু অসমৰ মাজত যাতায়াতৰ  সুবিধা হ’ব। ছাইৰাং-কলকাতা এক্সপ্ৰেছৰ জৰিয়তে মিজোৰামক পোনপটীয়াকৈ কলকাতাৰ সৈতে সংযোগ কৰা হ’ব। এই বৰ্ধিত সংযোগে চিকিৎসালয়, বিশ্ববিদ্যালয় আৰু বজাৰসমূহৰ প্ৰৱেশ উন্নত কৰিব, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী হ’ব। ইয়াৰ দ্বাৰা নিয়োগৰ সুযোগো সৃষ্টি হ’ব আৰু অঞ্চলটোত পৰ্যটন যথেষ্ট বৃদ্ধি পাব।পথ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ উত্থান ঘটাই প্ৰধানমন্ত্ৰীয়ে একাধিক পথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে আইজল বাইপাছ ৰোড, থেনজাল–চিয়ালছুক ৰোড আৰু খানকাউন–ৰংগুৰা ৰোড।উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (পিএম-ডেভিন) আঁচনিৰ অধীনত ৫০০ কোটিৰো অধিক মূল্যৰ ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আইজল বাইপাছ ৰোডে আইজল চহৰক ভিৰ মুক্ত কৰা, লুংলেই, ছিয়াহা, লংটলাই, লেংপুই বিমানবন্দৰ আৰু ছাইৰাঙৰ ৰে'লৱে ষ্টেচনৰ মাজত সংযোগ উন্নত কৰিব।  ইয়াৰ জৰিয়তে উজনিৰ জিলাৰ পৰা আইজললৈ যাত্ৰাৰ সময় প্ৰায় ১.৫ ঘন্টা হ্ৰাস পাব,  যাৰ ফলত অঞ্চলটোৰ জনসাধাৰণ যথেষ্ট উপকৃত হ’ব। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি এনইএছআইডিএছ(ৰোডছ)ৰ অধীনত থেনজাল–চিয়ালছুক পথটোৱে  উদ্যান শস্যৰ কৃষক, ড্ৰেগন ফলৰ  খেতিয়ক, ধান খেতিয়ক আৰু আদা প্ৰক্ৰিয়াকৰণকাৰীক উপকৃত কৰিব।  লগতে আইজল–থেনজাল–লুংলেই পথে সংযোগ শক্তিশালী কৰিব। চেৰচিপ জিলাৰ এনইএছআইডিএছ(ৰোডছ)ৰ অধীনত খানকাউন–ৰংগুৰা পথে বজাৰলৈ উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন উদ্যান শস্যৰ খেতিয়ক আৰু অন্যান্য জনসাধাৰণক উপকৃত কৰিব, লগতে পৰকল্পিত আদা প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ বাবে  সহায়ক হৈ পৰিব। প্ৰধানমন্ত্ৰীয়ে লংটলাই–চিয়াহা পথত চিমটুইপুই নদীৰ দলঙৰ আধাৰশিলাও স্থাপন কৰে। ইয়াৰ জৰিয়তে সকলো বতৰৰ  উপযোগী  সংযোগৰ ব্যৱস্থা কৰা হ’ব আৰু যাত্ৰাৰ সময় দুঘণ্টা হ্ৰাস পাব। কালাডন মাল্টিম’ডাল ট্ৰেনজিট কাঠামোৰ অধীনত সীমা অতিক্ৰম কৰি হোৱা বাণিজ্যৰ ক্ষেত্ৰতো  এই দলংখনে সহায় কৰিব ।প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া উন্নয়নৰ বাবে খেলো ইণ্ডিয়া মাল্টিপাৰ্পজ ইনড’ৰ হলৰ আধাৰশিলাও স্থাপন কৰে। টুইকুৱালৰ হলটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে মিজোৰামৰ যুৱক-যুৱতীসকলক উপকৃত কৰিব  আৰু বহুমুখী ইনড’ৰ এৰিনাকে ধৰি আধুনিক ক্ৰীড়াৰ সুবিধা প্ৰদান কৰিব।অঞ্চলটোৰ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে আইজলৰ মুয়ালখাঙত ৩০ টিএমটিপিএ (বছৰি হাজাৰ মেট্ৰিক টন) এলপিজি বটলিং প্লাণ্টৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লক্ষ্য হ’ব মিজোৰাম আৰু চুবুৰীয়া ৰাজ্যসমূহত এল পি জিৰ সুস্থিৰ আৰু নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰি পৰিষ্কাৰ ৰন্ধন ইন্ধনৰ সহজ সুবিধা প্ৰদান কৰা। ইয়াৰ জৰিয়তে স্থানীয় কৰ্মসংস্থাপনৰ সুবিধাও সৃষ্টি হ’ব।প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্য্যক্ৰম (পিএমজেভিকে) আঁচনিৰ অধীনত কাৱৰথাহত আৱাসিক বিদ্যালয়ো উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। মামিট আকাংক্ষিত জিলাৰ এই  বিদ্যালয়খনত আধুনিক শ্ৰেণীকোঠা, হোষ্টেল আৰু কৃত্ৰিম ফুটবল টাৰ্ফকে ধৰি ক্ৰীড়াৰ নানান সুবিধা প্ৰদান কৰা হ’ব। ইয়াৰ দ্বাৰা ১০ হাজাৰৰো অধিক শিশু আৰু যুৱক-যুৱতী উপকৃত হ’ব, ফলত দীৰ্ঘম্যাদী সামাজিক আৰু শৈক্ষিক অগ্ৰগতিৰ ভেটি স্থাপনত সহায়ক হ’ব।সকলোৰে বাবে গুণগত শিক্ষাৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে টালনগনুয়ামত একলব্য আৰ্হি আৱাসিক বিদ্যালয়ো উদ্বোধন কৰে। বিদ্যালয়খনে নামভৰ্তিৰ হাৰ উন্নত কৰিব, ড্ৰপআউটৰ হাৰ হ্ৰাস কৰিব আৰু জনজাতীয় যুৱক-যুৱতীসকলৰ বাবে সামগ্ৰিক শিক্ষাৰ সুযোগ প্ৰদান কৰিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a fire mishap in Delhi’s Shahdara district
May 03, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi has expressed deep grief over the loss of lives due to a fire mishap in Delhi’s Shahdara district.

The Prime Minister extended his condolences to those who have lost their loved ones in this tragic mishap and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each of those who lost their lives, and the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"The loss of lives due to a fire mishap in Delhi’s Shahdara district is extremely distressing. Condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM"