দেশৰ বাবে, বিশেষকৈ মিজোৰামৰ জনসাধাৰণৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন, আজিৰে পৰা আইজল ভাৰতৰ ৰে’লৱে মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল : প্ৰধানমন্ত্ৰী
উত্তৰ-পূব ভাৰতৰ বিকাশৰ ইঞ্জিন হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ এক্ট ইষ্ট পলিচি আৰু উদীয়মান উত্তৰ-পূব অৰ্থনৈতিক কৰিডৰ উভয়তে মিজোৰামৰ মুখ্য ভূমিকা আছে: প্ৰধানমন্ত্ৰী
নেক্সট জেন জিএছটি মানে বহু সামগ্ৰীৰ ওপৰত কম কৰ, পৰিয়ালৰ বাবে জীৱন সহজ কৰি তোলা: প্ৰধানমন্ত্ৰী
ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতিঃ প্ৰধানমন্ত্ৰী

মিজোৰামৰ ৰাজ্যপাল ভি কে সিং জী, মুখ্যমন্ত্ৰী শ্ৰী লালদুহোমা জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী শ্ৰী অশ্বিনী বৈষ্ণৱ জী, মিজোৰাম চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু অন্যান্য নিৰ্বাচিত প্ৰতিনিধিসকল, মিজোৰামৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

নীলা পৰ্বতৰ এই সুন্দৰ ভূমিক  চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক মই প্ৰণাম জনাইছো। মই মিজোৰামৰ লেংপুই বিমানবন্দৰত আছো। দুৰ্ভাগ্যবশতঃ বেয়া বতৰৰ বাবে আপোনালোকৰ লগত আইজলত যোগদান কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু এই মাধ্যমৰ পৰাও আপোনালোকৰ মৰম অনুভৱ কৰিব পাৰিছো।

 

বন্ধুসকল,

 

স্বাধীনতা আন্দোলনেই হওক বা দেশ নিৰ্মাণেই হওক, মিজোৰামৰ জনসাধাৰণে সদায় অৱদান আগবঢ়াবলৈ আগবাঢ়ি আহিছে। লালনু মহালিয়ানি আৰু পছালথা খুয়াংচেৰাৰ দৰে লোকৰ আদৰ্শই দেখখনক  অনুপ্ৰাণিত কৰি আহিছে। ত্যাগ আৰু সেৱা, সাহস আৰু মমতা এই মূল্যবোধসমূহ মিজো সমাজৰ কেন্দ্ৰবিন্দু। আজি ভাৰতৰ উন্নয়ন যাত্ৰাত মিজোৰামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

 

বন্ধুসকল,

এই দিনটো দেশখনৰ বাবে,  বিশেষকৈ মিজোৰামৰ জনসাধাৰণৰ বাবে এক ঐতিহাসিক দিন। আজিৰ পৰা আইজল ভাৰতৰ ৰে’লৱে মানচিত্ৰত  থাকিব। কেইবছৰমান আগতে আইজল ৰে’লপথৰ আধাৰশিলা স্থাপনৰ সুযোগ পাইছিলোঁ।  আজি আমি গৌৰৱেৰে সেয়া  জাতিৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছো। প্ৰতিকূল  ভূখণ্ডকে ধৰি বহু প্ৰত্যাহ্বান অতিক্ৰম কৰি এই বৈৰবি ছাইৰাং ৰে’লপথ বাস্তৱত পৰিণত হৈছে। আমাৰ অভিযন্তাসকলৰ দক্ষতা আৰু আমাৰ শ্ৰমিকৰ মনোভাৱেই এই কাম সম্ভৱ কৰি তুলিছে।

 

বন্ধুসকল,

 

আমাৰ হৃদয় সদায় ইজনে সিজনৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত হৈ আহিছে। এতিয়া প্ৰথমবাৰৰ বাবে মিজোৰামৰ ছাইৰাঙক ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে দিল্লীৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা হ’ব। এয়া কেৱল ৰে’ল সংযোগ নহয়, ই হৈছে ৰূপান্তৰৰ জীৱনৰেখা। ই মিজোৰামৰ জনসাধাৰণৰ জীৱন আৰু জীৱিকাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। মিজোৰামৰ কৃষক আৰু ব্যৱসায়ীসকলে সমগ্ৰ দেশতে বিশাল পৰিসৰৰ  বজাৰত উপনীত হ’ব পাৰিব। মানুহে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ বাবে অধিক বিকল্প লাভ কৰিব পাৰিব। ইয়াৰ দ্বাৰা পৰ্যটন, পৰিবহণ আৰু আতিথ্য খণ্ডতো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

 

বন্ধুসকল,

 

বহুদিন আমাৰ দেশৰ কিছুমান ৰাজনৈতিক দলে ভোট-বেংকৰ ৰাজনীতি চলাইছিল। তেওঁলোকৰ গুৰুত্ব সদায় সেইবোৰ ঠাইত আছিল যিবোৰ ঠাইত ভোট আৰু আসন বেছি আছিল। এই মনোভাৱৰ বাবে মিজোৰামৰ দৰে ৰাজ্যকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যথেষ্ট ক্ষতি হৈছিল। কিন্তু আমাৰ দৃষ্টিভংগী বহুত বেলেগ। আগতে যিসকলক অৱহেলা কৰা হৈছিল, তেওঁলোক এতিয়া আগৰণুৱা। যিসকলক এসময়ত প্ৰান্তীয়কৰণ কৰা হৈছিল, তেওঁলোক এতিয়া মূলসুঁতিত! বিগত ১১ বছৰে আমি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কাম কৰি আহিছো। এই অঞ্চল ভাৰতৰ বৃদ্ধিৰ ইঞ্জিন হৈ পৰিছে।

 

বন্ধুসকল,

 

যোৱা বছৰবোৰত  উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰাজ্যক প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’ল মানচিত্ৰত স্থান দিয়া হৈছে। গ্ৰাম্য পথ আৰু ঘাইপথ, মোবাইল সংযোগ আৰু ইণ্টাৰনেট সংযোগ, বিদ্যুৎ, টেপৰ পানী আৰু এল পি জি সংযোগ, ভাৰত চৰকাৰে সকলো ধৰণৰ সংযোগ শক্তিশালী কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। বিমান যাত্ৰাৰ বাবেও মিজোৰামে উড়ান আঁচনিৰ দ্বাৰা লাভাৱান্বিত হ’ব। অতি সোনকালে ইয়াত হেলিকপ্টাৰ সেৱা আৰম্ভ হ’ব। ইয়াৰ ফলত মিজোৰামৰ দুৰ্গম অঞ্চললৈ সহজে  যাব পৰা যাব।

বন্ধুসকল,

 

আমাৰ এক্ট ইষ্ট পলিচি আৰু উদীয়মান উত্তৰ-পূব অৰ্থনৈতিক কৰিডৰ দুয়োটাতে মিজোৰামৰ মুখ্য ভূমিকা আছে। কালাডান মাল্টিম’ডাল ট্ৰেনজিট ট্ৰেন্সপ’ৰ্ট প্ৰজেক্ট আৰু ছাইৰাং- মাওংবুচুৱাহ  ৰে’ল লাইনৰ জৰিয়তে মিজোৰামেও দক্ষিণ-পূব এছিয়াৰ মাজেৰে বে অব বেংগলৰ সৈতে সংযোগ স্থাপন কৰিব। ইয়াৰ বাবে সমগ্ৰ উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বাণিজ্য আৰু পৰ্যটনৰ উত্থান ঘটিব।

 

বন্ধুসকল,

 

মিজোৰাম প্ৰতিভাশালী যুৱক-যুৱতীৰে ধন্য। আমাৰ কাম হৈছে তেওঁলোকক শক্তিশালী কৰা। আমাৰ চৰকাৰে ইতিমধ্যে ইয়াত ১১খন একলব্য আৱাসিক বিদ্যালয় আৰম্ভ কৰিছে আৰু ৬খন বিদ্যালয়ৰ কাম আৰম্ভ হ’ব। আমাৰ উত্তৰ পূৰ্বাঞ্চলো ষ্টাৰ্ট-আপৰ বাবে এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে। মই সুখী যে অঞ্চলটোত প্ৰায় ৪৫০০ টা ষ্টাৰ্ট-আপ আৰু ২৫ টা ইনকিউবেটৰ চলি আছে। মিজোৰামৰ যুৱক-যুৱতীসকলে এই আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰি নিজৰ লগতে আনৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে।

 

বন্ধুসকল,

 

ভাৰত দ্ৰুতগতিত বিশ্ব ক্ৰীড়াৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰলৈ পৰিণত হৈছে। ইয়াৰ ফলত দেশত ক্ৰীড়া অৰ্থনীতিও গঢ় লৈ উঠিছে। মিজোৰামত ক্ৰীড়াৰ এক অনন্য  পৰম্পৰা আছে। ইয়াত  ফুটবল আৰু অন্যান্য খেলত বহু চেম্পিয়ন সৃষ্টি  কৰা হৈছে। আমাৰ ক্ৰীড়া নীতিয়ে মিজোৰামকো উপকৃত কৰিছে। খেলো ইণ্ডিয়া আঁচনিৰ অধীনত আমি আধুনিক ক্ৰীড়া আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছো। শেহতীয়াকৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি- খেলো ইণ্ডিয়া খেল নীতি লৈ ওলাই আহিছে। ইয়াৰ দ্বাৰা মিজোৰামৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হ’ব।

 

বন্ধুসকল,

 

আমাৰ দেশতেই হওক বা বিদেশতেই হওক, উত্তৰ-পূৰ্বাঞ্চলে সুন্দৰ সংস্কৃতিৰ অগ্ৰদূতৰ ভূমিকা পালন কৰাৰ কথাই মোক বৰ সুখ দিছে। উত্তৰ-পূর্বাঞ্চলৰ সম্ভাৱনা প্রদর্শন কৰা মঞ্চক উৎসাহিত কৰাটো গুৰুত্বপূর্ণ৷ কেইমাহমানৰ আগতে দিল্লীত অনুষ্ঠিত হোৱা অষ্ট লক্ষ্মী মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰশিল্প, শিল্পকৰ্ম, জি আই টেগ লাভ কৰা সামগ্ৰী আৰু পৰ্যটনৰ সম্ভাৱনা প্ৰদৰ্শন কৰা হৈছিল। ৰাইজিং নৰ্থ ইষ্ট সন্মিলনত  মই বিনিয়োগকাৰীসকলক উত্তৰ-পূবৰ সম্ভাৱনাক উদ্ভাসিত কৰিবলৈ উৎসাহিত কৰিছিলো। এই সন্মিলনে বৃহৎ বিনিয়োগ আৰু প্ৰকল্পৰ পথ মুকলি কৰিছে। যেতিয়া মই ভোকেল ফৰ লোকেলৰ কথা কওঁ, তেতিয়া  উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী আৰু কৃষকসকলৰো যথেষ্ট উপকাৰ হয়। মিজোৰামৰ বাঁহৰ সামগ্ৰী, জৈৱিক আদা, হালধি  আৰু কল সকলোৰে পৰিচিত হৈ পৰিছে।

 

বন্ধুসকল,

 

আমি অহৰহ ইজ অৱ লিভিং আৰু ইজ অৱ ডুইং বিজনেছ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছো। শেহতীয়াকৈ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ অৰ্থ হ’ল বহু সামগ্ৰীৰ ওপৰত কৰ কম কৰা, যাৰ ফলত পৰিয়ালৰ জীৱন সহজ হৈ পৰিব। ২০১৪ চনৰ আগতে আনকি দৈনিক প্ৰয়োজনীয় সামগ্ৰী যেনে টুথপেষ্ট, চাবোন আৰু তেলৰ ওপৰতো ২৭% কৰ আৰোপ কৰা হৈছিল। আজি মাত্ৰ ৫% জি এছ টি প্ৰযোজ্য কৰা হৈছে। কংগ্ৰেছৰ শাসনকালত ঔষধ, টেষ্ট কিট আৰু বীমা পলিচীৰ ওপৰত যথেষ্ট কৰ আৰোপ কৰা হৈছিল। সেইবাবেই স্বাস্থ্যসেৱা ব্যয়বহুল আছিল আৰু বীমা সাধাৰণ পৰিয়ালৰ বাবে হাতেৰে ঢুকি পোৱাৰ  বাহিৰত আছিল। কিন্তু আজি এই সকলোবোৰ সুলভ হৈ পৰিছে। নতুন জি এছ টি হাৰে  কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ ঔষধো অধিক কম খৰচী কৰি তুলিব। ২২ ছেপ্টেম্বৰৰ পিছত চিমেণ্ট আৰু নিৰ্মাণ সামগ্ৰীও সস্তা হ’ব। স্কুটাৰ আৰু গাড়ী নিৰ্মাণ কৰা বহু কোম্পানীয়ে ইতিমধ্যে মূল্য হ্ৰাস কৰিছে। মই নিশ্চিত যে এইবাৰ সমগ্ৰ দেশতে উৎসৱৰ বতৰ আৰু অধিক প্ৰাণৱন্ত হ’ব।

 

বন্ধুসকল,

 

সংস্কাৰৰ অংশ হিচাপে বেছিভাগ হোটেলৰ জি এছ টি মাত্ৰ ৫%লৈ হ্ৰাস কৰা হৈছে। বিভিন্ন ঠাইলৈ যোৱা, হোটেলত থকা আৰু বাহিৰত খাদ্য খোৱাটো সস্তা হৈ পৰিব। ইয়াৰ দ্বাৰা অধিক লোকে আমাৰ দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ, অন্বেষণ আৰু উপভোগ কৰাত সহায় কৰিব। ইয়াৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন কেন্দ্ৰসমূহ বিশেষভাৱে লাভাৱান্বিত  হ’ব।

 

বন্ধুসকল,

 

২০২৫-২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত আমাৰ অৰ্থনীতি ৭.৮% বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হ’ল ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হৈ পৰিছে। আমি মেক ইন ইণ্ডিয়া আৰু ৰপ্তানিৰ বৃদ্ধিও দেখিবলৈ পাইছো। অপাৰেচন সিন্দুৰৰ সময়ত আপোনালোক সকলোৱে দেখিছিল যে আমাৰ সৈন্যই কেনেকৈ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাসকলক এক শিক্ষা দিছিল। আমাৰ সশস্ত্ৰ বাহিনীক লৈ সমগ্ৰ দেশ  গৌৰৱান্বিত হৈ পৰিছিল। এই অভিযানত মেড-ইন-ইণ্ডিয়া অস্ত্ৰই আমাৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। আমাৰ অৰ্থনীতি আৰু উৎপাদন খণ্ডৰ বৃদ্ধি আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰ প্ৰতিজন নাগৰিক, প্ৰতিটো পৰিয়াল আৰু প্ৰতিটো অঞ্চলৰ কল্যাণৰ প্ৰতি দায়বদ্ধ। জনসাধাৰণৰ সবলীকৰণৰ জৰিয়তেহে এখন উন্নত ভাৰত গঢ়া সম্ভৱ৷ এই যাত্ৰাত মই নিশ্চিত যে মিজোৰামৰ জনসাধাৰণে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আকৌ এবাৰ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ভাৰতৰ ৰে’ল মানচিত্ৰলৈ আইজলক আদৰণি জনাইছো। আজি বেয়া বতৰৰ বাবে আইজললৈ আহিব নোৱাৰিলোঁ। কিন্তু মই নিশ্চিত যে আমি অতি সোনকালে লগ হম। ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a mishap at a cracker factory in Thrissur, Keralam
April 21, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap at a cracker factory in Thrissur, Keralam. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister posted on X:

“Saddened to hear about the loss of lives due to the mishap at a cracker factory in Thrissur, Keralam. My deepest condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi"

"The Prime Minister has announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000." 

"തൃശൂരിലെ പടക്ക നിർമാണശാലയിലുണ്ടായ അപകടത്തിൽ നിരവധി ജീവനുകൾ പൊലിഞ്ഞ വാർത്തയറിഞ്ഞതിൽ ദുഃഖമുണ്ട്. പ്രിയപ്പെട്ടവരെ നഷ്ടപ്പെട്ടവരുടെ വേദനയിൽ പങ്കുചേരുന്നു. പരിക്കേറ്റവർ എത്രയും വേഗം സുഖം പ്രാപിക്കട്ടെ: പ്രധാനമന്ത്രി

@narendramodi."

"മരിച്ച ഓരോ വ്യക്തിയുടെയും കുടുംബത്തിന് പ്രധാനമന്ത്രിയുടെ ദേശീയ ദുരിതാശ്വാസ നിധിയിൽ (PMNRF) നിന്ന് 2 ലക്ഷം രൂപ ധനസഹായം നൽകുമെന്ന് പ്രധാനമന്ത്രി അറിയിച്ചു. പരിക്കേറ്റവർക്ക് 50,000 രൂപ വീതം നൽകും."