তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱন উদ্বোধন
তামিলনাডুত ৰেল, পথ, তেল আৰু গেছ তথা জাহাজ চলাচল খণ্ডৰ সৈতে সম্পৰ্কিত একাধিক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা
কালপক্কমৰ আই জি চি এ আৰত স্বদেশীভাৱে বিকশিত ডেমোনষ্ট্ৰেচন ফাষ্ট ৰিএক্টৰ ফুৱেল ৰিপ্ৰচেছিং প্লাণ্ট (ডিএফআৰপি) ৰাষ্ট্ৰলৈ উৎসৰ্গা
কামৰাজৰ বন্দৰৰ জেনেৰেল কাৰ্গো বাৰ্থ-২ (অটোমোবাইল এক্সপোৰ্ট/ইমপোৰ্ট টাৰ্মিনেল-২ আৰু কেপিটেল ড্ৰেজিং ফেজ-ভি) ৰাষ্ট্ৰলৈ উৎসৰ্গা
থিৰু বিজয়কান্ত আৰু ড০ এম এছ স্বামীনাথনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত তামিলনাডুৰ ৰে'ল, পথ, তেল আৰু গেছ তথা জাহাজ পৰিবহন খণ্ডৰ দৰে খণ্ড অন্তৰ্ভুক্ত হৈ আছে।
তেওঁ কৈছিল যে ইয়াৰে বহুতো প্ৰকল্পই পৰ্যটন খণ্ড সমৃদ্ধিশালী কৰাৰ লগতে ৰাজ্যখনত হাজাৰ হাজাৰ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।
তেওঁ দেশৰ বাবে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ড০ এম এছ স্বামীনাথনৰ অৱদানৰ কথাও স্মৰণ কৰাৰ লগতে বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেওঁ কাশী তামিল, কাশী সৌৰাষ্ট্ৰ সংগম আৰু নতুন সংসদত পবিত্ৰ ৰাজদণ্ড স্থাপনৰ কথা উল্লেখ কৰি সমগ্ৰ দেশতে তামিল সংস্কৃতিৰ প্ৰতি উৎসাহ বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰে।
ত্ৰিচি বিমানবন্দৰৰ আন্তঃগাঁথনিয়ে বিশ্বক তামিল সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিব বুলি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
তেওঁ মীন পালনৰ বাবে এখন পৃথক মন্ত্ৰালয় আৰু বাজেট, মাছমৰীয়াসকলৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড, গভীৰ সাগৰত মাছ ধৰাৰ বাবে নাও আধুনিকীকৰণৰ ক্ষেত্ৰত সহায় আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ বিষয়ে উল্লেখ কৰে
ৰাজ্যখনৰ লাখ লাখ পৰিয়ালে বিনামূলীয়া ৰেচন, চিকিৎসা আৰু পকী ঘৰ, শৌচালয় আৰু পাইপযুক্ত পানীৰ দৰে সুবিধা লাভ কৰিছে।
"মই তামিলনাডুৰ যুৱপ্ৰজন্মৰ মাজত এক নতুন আশাৰ উন্মেষ ঘটা দেখিবলৈ পাইছো। এই আশা বিকশিত ভাৰতৰ শক্তি হৈ পৰিব", প্ৰধানমন্ত্ৰীয়ে মোখনি মাৰে।
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিন, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী শ্ৰী এল মুৰুগান অনুষ্ঠানটোত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলি কৰে তথা ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত তামিলনাডুৰ ৰে'ল, পথ, তেল আৰু গেছ তথা জাহাজ পৰিবহন খণ্ডৰ দৰে খণ্ড অন্তৰ্ভুক্ত হৈ আছে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে ফলপ্ৰসূ আৰু সমৃদ্ধিশালী নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু ২০২৪ চনত তেওঁৰ প্ৰথম ৰাজহুৱা কাৰ্যসূচী তামিলনাডুত অনুষ্ঠিত হোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ জনসাধাৰণক পথ, ৰে'লপথ, বন্দৰ, বিমানবন্দৰ, শক্তি আৰু পেট্ৰ'লিয়াম পাইপলাইনৰ খণ্ডসমূহত বিস্তৃত প্ৰকল্পৰ বাবে অভিনন্দন জনাই কয় যে আজিৰ ২০,০০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পই তামিলনাডুৰ প্ৰগতি শক্তিশালী কৰিব। তেওঁ কৈছিল যে ইয়াৰে বহুতো প্ৰকল্পই পৰ্যটন খণ্ড সমৃদ্ধিশালী কৰাৰ লগতে ৰাজ্যখনত হাজাৰ হাজাৰ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

 

তামিলনাডুত যোৱা তিনিটা কঠিন সপ্তাহত ধাৰাসাৰ বৰষুণৰ ফলত বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে সম্পত্তিৰ গুৰুতৰ ক্ষতি হোৱাৰ কথা উনুকিয়াই প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ তামিলনাডুৰ জনসাধাৰণৰ সৈতে থিয় দিছে। "আমি ৰাজ্য চৰকাৰক সকলো সম্ভৱ সহায় আগবঢ়াই আছো", তেওঁ কয়।

অলপতে মৃত্যু হোৱা থিৰু বিজয়কান্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে "তেওঁ কেৱল চিনেমাৰ ক্ষেত্ৰতে নহয়, ৰাজনীতিৰ জগততো এজন 'কেপ্টেইন' আছিল। তেওঁ তেওঁৰ কাম আৰু চলচ্চিত্ৰৰ জৰিয়তে জনসাধাৰণৰ হৃদয় জয় কৰিছিল আৰু ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বাধিক অগ্ৰাধিকাৰ দিছিল।" তেওঁ দেশৰ বাবে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ড০ এম এছ স্বামীনাথনৰ অৱদানৰ কথাও স্মৰণ কৰাৰ লগতে বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে অহা ২৫ বছৰৰ বাবে আজাদী কা অমৃত কালে ভাৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ বিকশিত ভাৰতৰ হকে অৰ্থনৈতিক আৰু সাংস্কৃতিক দুয়োটা দিশৰ কথা উল্লেখ কৰি কয় যে তামিলনাডু ভাৰতৰ সমৃদ্ধি আৰু সংস্কৃতিৰ প্ৰতিফলন। প্ৰধানমন্ত্ৰীয়ে সুন্দৰ সাহিত্য সৃষ্টি কৰাসকলৰ ভিতৰত সন্ত থিৰুভাল্লুভাৰ আৰু সুব্ৰমনিয়া ভাৰতীৰ বিষয়ে উল্লেখ কৰি কয় যে "তামিলনাডু প্ৰাচীন ভাষা তামিলৰ গৃহভূমি তথা সাংস্কৃতিক ঐতিহ্যৰ ভাণ্ডাৰ"। তেওঁ লগতে তামিলনাডুক চি ভি ৰমণ আৰু অন্যান্য বিজ্ঞানীৰ দৰে প্ৰযুক্তিগত মগজুৰ গৃহভূমি বুলি উল্লেখ কৰি ৰাজ্যখন ভ্ৰমণ কৰিলে তেওঁ নতুন শক্তি লাভ কৰে বুলি প্ৰকাশ কৰে।

 

তিৰুচিৰাপল্লীৰ সমৃদ্ধ ঐতিহ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াত আমি পল্লৱ, চোল, পাণ্ডিয়া আৰু নায়ক ৰাজবংশৰ দৰে সুশাসনৰ আৰ্হিৰ অৱশিষ্ট অংশ বিচাৰি পাওঁ। তেওঁ কয় যে বিদেশ ভ্ৰমণৰ সময়ত সুযোগ পালেই তেওঁ তামিল সংস্কৃতিৰ কথা উল্লেখ কৰে। "মই দেশৰ উন্নয়ন আৰু ঐতিহ্যত তামিল সাংস্কৃতিক অনুপ্ৰেৰণাৰ অৱদানৰ নিৰন্তৰ সম্প্ৰসাৰণত বিশ্বাস কৰো", তেওঁ কয়। তেওঁ কাশী তামিল, কাশী সৌৰাষ্ট্ৰ সংগম আৰু নতুন সংসদত পবিত্ৰ ৰাজদণ্ড স্থাপনৰ কথা উল্লেখ কৰি সমগ্ৰ দেশতে তামিল সংস্কৃতিৰ প্ৰতি উৎসাহ বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভৌতিক আন্তঃগাঁথনি সন্দৰ্ভত চৰকাৰৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি বিগত ১০ বছৰত চিকিৎসালয়, দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ, স্থলপথ, ৰে'লপথ, বন্দৰ আৰু বিমানবন্দৰ দৰে ক্ষেত্ৰত ভাৰতৰ বৃহৎ বিনিয়োগৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে ভাৰতক বিশ্বৰ শীৰ্ষ পাঁচখন অৰ্থনীতিৰ অন্তৰ্ভুক্ত হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে দেশ সম্প্ৰতি সমগ্ৰ বিশ্বৰ বাবে আশাৰ পোহৰ হৈ পৰিছে। বিশ্বজুৰি ভাৰতত নিৱেশ হোৱা বৃহৎ বিনিয়োগৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ প্ৰত্যক্ষ লাভালাভ তামিলনাডু আৰু ইয়াৰ জনসাধাৰণে লাভ কৰিছে, কিয়নো ৰাজ্যখন মেক ইন ইণ্ডিয়াৰ বাবে এক মুখ্য ব্ৰেণ্ড এম্বেছেদৰ হৈ পৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়নে ৰাষ্ট্ৰৰ উন্নয়ন প্ৰতিফলিত কৰা চৰকাৰৰ দৃষ্টিভংগী দোহাৰে। তেওঁ জনায় যে ৪০ গৰাকীতকৈও অধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে যোৱা বছৰত ৪০০তকৈও অধিক বাৰ তামিলনাডু ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে সংযোগক উন্নয়নৰ মাধ্যম বুলি অভিহিত কৰাৰ লগতে ইয়াৰ জৰিয়তে ব্যৱসায় ত্বৰান্বিত হোৱা আৰু জনসাধাৰণৰ জীৱন-ধাৰণত সূচলতা সৃষ্টি হয় বুলি উল্লেখ কৰি কয় যে "তামিলনাডুৰ অগ্ৰগতিৰ সৈতে ভাৰত আগবাঢ়িব"। আজিৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটোৱে পূৰ্বতকৈ তিনি গুণ সক্ষমতা বৃদ্ধি কৰাৰ লগতে পূব এছিয়া, মধ্যপ্ৰাচ্য তথা বিশ্বৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ শক্তিশালী কৰি তুলিব। তেওঁ উল্লেখ কৰে যে নতুন টাৰ্মিনেল ভৱনৰ উদ্বোধনে বিনিয়োগ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু পৰ্যটন খণ্ডৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব। তেওঁ লগতে এটা উন্নত পথৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথলৈ বিমানবন্দৰৰ বৰ্ধিত সংযোগৰ কথাও উল্লেখ কৰে। ত্ৰিচি বিমানবন্দৰৰ আন্তঃগাঁথনিয়ে বিশ্বক তামিল সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিব বুলি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।

পাঁচটা নতুন ৰে'ল প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই প্ৰকল্পসমূহে উদ্যোগ আৰু বিদ্যুৎ উৎপাদনত উদগনি যোগাব। নতুন পথ প্ৰকল্পসমূহে শ্ৰীৰংগম, চিদাম্বৰম, ৰামেশ্বৰম আৰু ভেলোৰৰ দৰে বিশ্বাস আৰু পৰ্যটনৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰসমূহক সংযোগ কৰিব।

 

বিগত ১০ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বন্দৰকেন্দ্ৰিক উন্নয়ন সন্দৰ্ভত গুৰুত্ব আৰোপ সম্পৰ্কে মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উপকূলীয় অঞ্চল আৰু মাছমৰীয়াসকলৰ জীৱনৰ পৰিবৰ্তনৰ হকে প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ মীন পালনৰ বাবে এখন পৃথক মন্ত্ৰালয় আৰু বাজেট, মাছমৰীয়াসকলৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড, গভীৰ সাগৰত মাছ ধৰাৰ বাবে নাও আধুনিকীকৰণৰ ক্ষেত্ৰত সহায় আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ বিষয়ে উল্লেখ কৰে।

সাগৰমালা যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বন্দৰসমূহ উন্নত পথৰ দ্বাৰা সংযোগ কৰা হৈছে। তেওঁ জাহাজসমূহৰ বন্দৰৰ ক্ষমতা আৰু ঘূৰ্ণনৰ সময় যথেষ্ট উন্নত হৈছে বুলি উল্লেখ কৰি কামৰাজৰ বন্দৰৰ ক্ষমতা দুগুণ কৰা হৈছে বুলি সদৰী কৰে। তেওঁ কামৰাজ বন্দৰৰ জেনেৰেল কাৰ্গো বাৰ্থ-২ মুকলি কৰাৰ কথা উল্লেখ কৰে কয় যে ইয়াৰ জৰিয়তে তামিলনাডুৰ আমদানি আৰু ৰপ্তানি, বিশেষকৈ অটোমোবাইল খণ্ড শক্তিশালী হৈ উঠিব। তেওঁ লগতে পাৰমাণৱিক শক্তি প্ৰকল্প আৰু গেছ পাইপলাইন সন্দৰ্ভত আলোকপাত কৰি ইয়াৰ জৰিয়তে নিযুক্তিৰ সুযোগ বৃদ্ধি হ’ব বুলি প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ বাবে কেন্দ্ৰীয় চৰকাৰে অভিলেখসংখ্যক ব্যয় কৰা বুলি সদৰী কৰে। ২০১৪ চনৰ পূৰ্বৰ দশকসমূহত ৰাজ্যসমূহক ৩০ লাখ কোটি টকাকৈ দিয়া হোৱাৰ বিপৰীতে যোৱা ১০ বছৰত ৰাজ্যসমূহক ১২০ লাখ কোটি টকা দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ২০১৪ চনৰ পূৰ্বৰ ১০ বছৰৰ তুলনাত তামিলনাডুৱে এই সময়ছোৱাত ২.৫ গুণ অধিক ধন লাভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে তিনিগুণতকৈও অধিক ধন ব্যয় কৰা হোৱাৰ বিপৰীতে ৰে'ল খণ্ডত ২.৫ গুণ অধিক ধন ব্যয় কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনৰ লাখ লাখ পৰিয়ালে বিনামূলীয়া ৰেচন, চিকিৎসা আৰু পকী ঘৰ, শৌচালয় আৰু পাইপযুক্ত পানীৰ দৰে সুবিধা লাভ কৰিছে।

সামৰিণ ভাষণত প্ৰধানমন্ত্ৰীয়ে সবকা প্ৰয়াসৰ প্ৰয়োজনীয়তা অৰ্থাৎ বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে সকলোৰে প্ৰচেষ্টাৰ গুৰুত্ব সন্দৰ্ভত মতপ্ৰকাশ কৰে। তেওঁ যুৱ আৰু তামিলনাডুৰ জনসাধাৰণৰ সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰে। "মই তামিলনাডুৰ যুৱপ্ৰজন্মৰ মাজত এক নতুন আশাৰ উন্মেষ ঘটা দেখিবলৈ পাইছো। এই আশা বিকশিত ভাৰতৰ শক্তি হৈ পৰিব", প্ৰধানমন্ত্ৰীয়ে মোখনি মাৰে।

 

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিন, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী শ্ৰী এল মুৰুগান অনুষ্ঠানটোত উপস্থিত আছিল।

 

 

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিন, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী শ্ৰী এল মুৰুগান অনুষ্ঠানটোত উপস্থিত আছিল।

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Q2 FY26 GDP soars 8.2%: A structural shift reshaping the economy like ’83 cricket triumph

Media Coverage

India's Q2 FY26 GDP soars 8.2%: A structural shift reshaping the economy like ’83 cricket triumph
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
December 05, 2025

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, December 28th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.