তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱন উদ্বোধন
তামিলনাডুত ৰেল, পথ, তেল আৰু গেছ তথা জাহাজ চলাচল খণ্ডৰ সৈতে সম্পৰ্কিত একাধিক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা
কালপক্কমৰ আই জি চি এ আৰত স্বদেশীভাৱে বিকশিত ডেমোনষ্ট্ৰেচন ফাষ্ট ৰিএক্টৰ ফুৱেল ৰিপ্ৰচেছিং প্লাণ্ট (ডিএফআৰপি) ৰাষ্ট্ৰলৈ উৎসৰ্গা
কামৰাজৰ বন্দৰৰ জেনেৰেল কাৰ্গো বাৰ্থ-২ (অটোমোবাইল এক্সপোৰ্ট/ইমপোৰ্ট টাৰ্মিনেল-২ আৰু কেপিটেল ড্ৰেজিং ফেজ-ভি) ৰাষ্ট্ৰলৈ উৎসৰ্গা
থিৰু বিজয়কান্ত আৰু ড০ এম এছ স্বামীনাথনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত তামিলনাডুৰ ৰে'ল, পথ, তেল আৰু গেছ তথা জাহাজ পৰিবহন খণ্ডৰ দৰে খণ্ড অন্তৰ্ভুক্ত হৈ আছে।
তেওঁ কৈছিল যে ইয়াৰে বহুতো প্ৰকল্পই পৰ্যটন খণ্ড সমৃদ্ধিশালী কৰাৰ লগতে ৰাজ্যখনত হাজাৰ হাজাৰ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।
তেওঁ দেশৰ বাবে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ড০ এম এছ স্বামীনাথনৰ অৱদানৰ কথাও স্মৰণ কৰাৰ লগতে বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেওঁ কাশী তামিল, কাশী সৌৰাষ্ট্ৰ সংগম আৰু নতুন সংসদত পবিত্ৰ ৰাজদণ্ড স্থাপনৰ কথা উল্লেখ কৰি সমগ্ৰ দেশতে তামিল সংস্কৃতিৰ প্ৰতি উৎসাহ বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰে।
ত্ৰিচি বিমানবন্দৰৰ আন্তঃগাঁথনিয়ে বিশ্বক তামিল সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিব বুলি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
তেওঁ মীন পালনৰ বাবে এখন পৃথক মন্ত্ৰালয় আৰু বাজেট, মাছমৰীয়াসকলৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড, গভীৰ সাগৰত মাছ ধৰাৰ বাবে নাও আধুনিকীকৰণৰ ক্ষেত্ৰত সহায় আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ বিষয়ে উল্লেখ কৰে
ৰাজ্যখনৰ লাখ লাখ পৰিয়ালে বিনামূলীয়া ৰেচন, চিকিৎসা আৰু পকী ঘৰ, শৌচালয় আৰু পাইপযুক্ত পানীৰ দৰে সুবিধা লাভ কৰিছে।
"মই তামিলনাডুৰ যুৱপ্ৰজন্মৰ মাজত এক নতুন আশাৰ উন্মেষ ঘটা দেখিবলৈ পাইছো। এই আশা বিকশিত ভাৰতৰ শক্তি হৈ পৰিব", প্ৰধানমন্ত্ৰীয়ে মোখনি মাৰে।
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিন, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী শ্ৰী এল মুৰুগান অনুষ্ঠানটোত উপস্থিত আছিল।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, মুখ্যমন্ত্ৰী এম. ষ্টেলিন জী, মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু এই ভূমিৰ পুত্ৰ এল. মুৰুগান জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল তথা মোৰ তামিলনাডুৰ পৰিয়ালৰ সদস্যসকল!

 

শুভেচ্ছা জনালোঁ!

২০২৪ বৰ্ষটো সকলোৰে বাবে শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী হোৱাৰ কামনা কৰিলোঁ। ২০২৪ত মোৰ প্ৰথম ৰাজহুৱা অনুষ্ঠান তামিলনাডুত অনুষ্ঠিত হোৱাটো এক সৌভাগ্যৰ কথা। আজিৰ প্ৰায় ২০,০০০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পই তামিলনাডুৰ অগ্ৰগতিক সুদৃঢ় কৰিব। পথ, ৰেলপথ, বন্দৰ, বিমানবন্দৰ, শক্তি আৰু এটা পেট্ৰলিয়াম পাইপলাইনক সামৰি লোৱা এই প্ৰকল্পসমূহৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছোঁ। এই প্ৰকল্পসমূহৰ বহুতেই ভ্ৰমণৰ সহজতা বৃদ্ধিৰ লগতে হাজাৰ-হাজাৰ কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব।

বন্ধুসকল,

২০২৩ৰ শেষৰ কেইটামান সপ্তাহ তামিলনাডুৰ বহু লোকৰ বাবে কঠিন হৈ পৰিছিল। ধাৰাসাৰ বৰষুণৰ ফলত আমি বহু নাগৰিকক হেৰুৱালোঁ। লগতে সা-সম্পত্তিৰ যথেষ্ট ক্ষতি হৈছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ অৱস্থা দেখি মই গভীৰভাৱে দুখিতঃ হৈছোঁ। এই সংকটৰ সময়ত তামিলনাডুৰ জনসাধাৰণৰ সৈতে থিয় দিছে কেন্দ্ৰীয় চৰকাৰে। আমি ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায় আগবঢ়াইছোঁ। তদুপৰি, মাত্ৰ কেইদিনমানৰ আগতে আমি থিৰু বিজয়কান্ত জীক হেৰুৱালোঁ। কেৱল চিনেমা জগততে নহয়, ৰাজনীতিতো তেওঁ আছিল কেপ্তেইন। তেওঁ ছবিৰ কামৰ জৰিয়তে ৰাইজৰ হৃদয় জয় কৰিছিল। এজন ৰাজনীতিবিদ হিচাপে তেওঁ সদায় ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰিছিল। তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেতৰ পৰিয়াল আৰু প্ৰশংসকসকলৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

তামিলনাডুৰ আন এজন পুত্ৰ ডঃ এম. স্বামীনাথন জীয়ে আমাৰ দেশৰ খাদ্য সুৰক্ষা সুনিশ্চিতকৰণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আমি যোৱা বছৰ তেওঁকো হেৰুৱালোঁ।

 

মোৰ মৰমৰ তামিল পৰিয়ালৰ সদস্যসকল,

অহা ২৫ বছৰ ধৰি অব্যাহত থাকিবলগীয়া ‘আজাদী কা অমৃতকাল’ৰ যুগটো ভাৰতক এখনি উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিতকৰণৰ বাবে সমৰ্পিত। এখনি উন্নত ভাৰতৰ কথা কওঁতে ই অৰ্থনৈতিক আৰু সাংস্কৃতিক উভয় মাত্ৰাকে সামৰি লয়। এই যাত্ৰাত তামিলনাডুৰ এক সুকীয়া ভূমিকা আছে। তামিলনাডু ভাৰতৰ সাংস্কৃতিক সমৃদ্ধি আৰু ঐতিহ্যৰ প্ৰতীক। ৰাজ্যখনৰ তামিল ভাষা আৰু প্ৰজ্ঞাৰ প্ৰাচীন ভঁৰাল আছে। সন্ত তিৰুৱল্লুৱৰৰপৰা সুব্ৰহ্মণ্য ভাৰতীলৈকে অসংখ্য ঋষি আৰু পণ্ডিতে উল্লেখযোগ্য সাহিত্য ৰচনা কৰিছে। চিভি ৰমনৰপৰা সমসাময়িক ব্যক্তিত্বলৈকে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উজ্জ্বলতা এই ভূমিৰপৰাই উদ্ভৱ হৈছে। সেয়েহে তামিলনাডুৰ প্ৰতিটো ভ্ৰমণে মোক নতুন শক্তিৰে ভৰাই তোলে।

প্ৰিয় পৰিয়ালৰ সদস্যসকল,

তিৰুচিৰাপল্লী চহৰখনৰ প্ৰতিটো প্ৰান্তই ইয়াৰ বিখ্যাত ইতিহাসৰ প্ৰমাণ প্ৰদৰ্শন কৰে। ইয়াত পল্লৱ, চোল, পাণ্ড্য, নায়ক আদি ভিন্ন বংশই গ্ৰহণ কৰা সুশাসনৰ আৰ্হি প্ৰতিফলিত হয়। বহু তামিল বন্ধুৰ সৈতে মোৰ ব্যক্তিগত চিনাকিৰ বাবেই মই তামিল সংস্কৃতিৰ গভীৰ অন্তৰ্দৃষ্টি লাভ কৰিছোঁ।

বন্ধুসকল,

মোৰ আকাংক্ষা হৈছে তামিলনাডুৰপৰা আহৰণ কৰা সাংস্কৃতিক প্ৰেৰণাক ৰাষ্ট্ৰখনৰ উন্নয়ন আৰু ঐতিহ্যৰে নিৰন্তৰভাৱে একত্ৰিত কৰা। দিল্লীৰ নতুন সংসদ ভৱনত পবিত্ৰ চেংগোল স্থাপন কৰাটো সমগ্ৰ দেশক প্ৰভাৱিত কৰা তামিলনাডুৰ সুশাসনৰ আৰ্হিৰপৰা প্ৰেৰণা গ্ৰহণৰ প্ৰয়াসৰ প্ৰতীক। কাশী-তামিল সংগমম আৰু সৌৰাষ্ট্ৰ-তামিল সংগমমৰ দৰে পদক্ষেপৰো লক্ষ্য একেই। এই অভিযানসমূহে সমগ্ৰ দেশতে তামিল ভাষা আৰু সংস্কৃতিৰ প্ৰতি উৎসাহ বৃদ্ধি কৰিছে।

প্ৰিয় পৰিয়ালৰ সদস্যসকল,

যোৱা দহ বছৰত ভাৰতে আধুনিক আন্তঃগাঁথনিত যথেষ্ট বিনিয়োগ কৰিছে। পথ, ৰেলপথ, বন্দৰ, বিমানবন্দৰ, অসুবিধাগ্ৰস্ত লোকৰ বাবে আৱাসগৃহ অথবা স্বাস্থ্যসেৱাই হওঁক, ভাৰতে ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি উভয়তে অভূতপূৰ্ব বিনিয়োগ কৰিছে। আজি ভাৰতে বিশ্বৰ শীৰ্ষ পাঁচ অৰ্থনীতিৰ ভিতৰত স্থান লাভ কৰিছে, যিয়ে আশাৰ উন্মেষ ঘটাইছে। বিশ্বৰ প্ৰধান বিনিয়োগকাৰীৰপৰা উল্লেখযোগ্য বিনিয়োগ ভাৰতলৈ প্ৰবাহিত হৈছে, যাৰ ফলত তামিলনাডু আৰু ইয়াৰ জনসাধাৰণ প্ৰত্যক্ষভাৱে উপকৃত হৈছে। ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বিশিষ্ট অগ্ৰদূত হিচাপে আত্মপ্ৰকাশ কৰিছে তামিলনাডুয়ে।

 

প্ৰিয় পৰিয়ালৰ সদস্যসকল,

আমাৰ চৰকাৰে ৰাজ্যৰ উন্নয়নৰ জৰিয়তে ৰাষ্ট্ৰীয় উন্নয়নৰ নীতি মানি চলে। বিগত এটা বছৰত কেন্দ্ৰীয় চৰকাৰৰ ৪০ জনৰো অধিক ভিন্ন মন্ত্ৰীয়ে সামূহিকভাৱে ৪০০ বাৰৰো অধিক তামিলনাডু ভ্ৰমণ কৰিছে। তামিলনাডুৰ দ্ৰুত উন্নয়নে পাছলৈ ভাৰতৰ সামগ্ৰিক অগ্ৰগতিক আগুৱাই নিব। উন্নয়ন, বাণিজ্য, ব্যৱসায় আৰু জনসাধাৰণৰ বাবে সুবিধাৰ পোষকতাত সংযোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই উন্নয়নৰ মনোভাৱ আজি তিৰুচিৰাপল্লীত স্পষ্ট হৈ পৰিছে। ট্ৰিচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটোয়ে ইয়াৰ ক্ষমতা তিনিগুণ বৃদ্ধিৰে পূব এছিয়া, মধ্যপ্ৰাচ্য তথা দেশ আৰু বিশ্বৰ আন-আন অংশৰ সৈতে সংযোগ বৃদ্ধি কৰিব। ইয়াৰ ফলত কাষৰীয়া অঞ্চলত নতুন বিনিয়োগৰ সুযোগ আৰু ব্যৱসায়ৰ সৃষ্টি হ’ব, যাৰ ফলত শিক্ষা, স্বাস্থ্য, আৰু পৰ্যটনৰ দৰে খণ্ডসমূহ লাভৱান হ’ব। বিমানবন্দৰৰ ক্ষমতা বৃদ্ধিৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা পথটোয়েও যথেষ্ট সুবিধা প্ৰদান কৰিব। মই জানিবলৈ পাই আনন্দিত হৈছোঁ যে ট্ৰিচি বিমানবন্দৰত স্থানীয় শিল্প, সংস্কৃতি আৰু তামিল পৰম্পৰাক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা হ’ব।

প্ৰিয় পৰিয়ালৰ সদস্যসকল,

তামিলনাডুৰ ৰেল সংযোগ সুদৃঢ়কৰণৰ লক্ষ্যৰে পাঁচটা নতুন প্ৰকল্প আজি মুকলি কৰা হৈছে। এই পদক্ষেপসমূহে কেৱল যাতায়াত আৰু পৰিবহণ ব্যৱস্থাক সহজ কৰি তোলাই নহয়, অঞ্চলটোৰ উদ্যোগৰ বৰ্ধন আৰু বিদ্যুৎ উৎপাদনো বৃদ্ধি কৰিব। আজি উদ্বোধন কৰা পথ প্ৰকল্পসমূহে শ্ৰীৰংগম, চিদাম্বৰম, মাদুৰাই, ৰামেশ্বৰম আৰু ভেল্লোৰৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহক সংযোগ কৰিছে যিসমূহ হৈছে ভক্তি, আধ্যাত্মিকতা আৰু পৰ্যটনৰ উল্লেখযোগ্য কেন্দ্ৰ। ইয়াৰদ্বাৰা সাধাৰণ জনতা আৰু তীৰ্থযাত্ৰী উভয়ে যথেষ্ট উপকৃত হ’ব।

 

প্ৰিয় পৰিয়ালৰ সদস্যসকল,

যোৱা এটা দশকত কেন্দ্ৰীয় চৰকাৰে বন্দৰ উন্নয়নত ব্যাপক গুৰুত্ব আৰোপ কৰিছে। আমি উপকূলীয় আন্তঃগাঁথনিৰ উন্নয়ন আৰু মাছমৰীয়াসকলৰ জীৱন পৰিৱৰ্তনৰ ক্ষেত্ৰত ব্যাপক প্ৰচেষ্টা চলাইছোঁ। প্ৰথমবাৰৰ বাবে মীন পালনৰ বাবে সুকীয়া মন্ত্ৰালয় আৰু বাজেট যুগুত কৰা হৈছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰথমবাৰৰ বাবে মাছমৰীয়া সমাজলৈ সম্প্ৰসাৰিত কৰা হৈছে। গভীৰ সাগৰত মাছ ধৰাৰ বাবে নাও আধুনিকীকৰণৰ বাবে চৰকাৰে সমৰ্থন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাই মীন খণ্ডৰ লোকসকলক যথেষ্ট সহায় আগবঢ়াইছে।

 

প্ৰিয় পৰিয়ালৰ সদস্যসকল,

সাগৰমালা আঁচনিৰ অধীনত তামিলনাডুকে প্ৰমুখ্য কৰি দেশৰ বিভিন্ন বন্দৰক সুনিৰ্মিত পথেৰে সংযোগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ বাবে ভাৰতৰ বন্দৰৰ ক্ষমতা আৰু জাহাজ টাৰ্ণআউটৰ সময় লক্ষণীয়ভাৱে উন্নত হৈছে। কামৰাজাৰ বন্দৰ আজি দেশৰ ভিতৰতে দ্ৰুতগতিত বিকশিত হোৱা বন্দৰসমূহৰ অন্যতম। আমাৰ চৰকাৰে ক্ষমতা প্ৰায় দুগুণ বৃদ্ধি কৰিছে। জেনেৰেল কাৰ্গ’ বাৰ্থ-টু আৰু কেপিটেল ড্ৰেজিং ফেজ-ফাইভৰ উদ্বোধনে তামিলনাডুৰ আমদানি-ৰপ্তানি ক্ষমতা বৃদ্ধি কৰিব, বিশেষকৈ অট’ম’বাইল খণ্ডক উপকৃত কৰিব। পাৰমাণৱিক ৰিয়েক্টৰ আৰু গেছ পাইপলাইনে তামিলনাডুত উদ্যোগ আৰু কৰ্মসংস্থাপন অধিক বৃদ্ধি কৰিব।

প্ৰিয় পৰিয়ালৰ সদস্যসকল,

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ উন্নয়নৰ বাবে অভিলেখ পৰিমাণৰ ধন বিনিয়োগ কৰিছে। আমাৰ চৰকাৰে যোৱা এটা দশকত ৰাজ্যসমূহক ১২০ লাখ কোটি টকা আবন্টন দিছে। আমাৰ চৰকাৰে ২০১৪ৰ আগৰ ১০ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰপৰা পোৱা ধনতকৈ ২.৫ গুণ বেছি ধন তামিলনাডুলৈ আগবঢ়াইছে। পূৰ্বৰ তুলনাত আমাৰ চৰকাৰে তামিলনাডুত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত তিনিগুণ বেছি ব্যয় কৰিছে। একেদৰে ২০১৪ৰ আগৰ তুলনাত তামিলনাডুৰ ৰেলপথ আধুনিকীকৰণৰ ক্ষেত্ৰত আমি ২.৫ গুণ বেছি বিনিয়োগ কৰিছোঁ। আজি তামিলনাডুৰ লাখ-লাখ দৰিদ্ৰ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰপৰা বিনামূলীয়া ৰেচন আৰু স্বাস্থ্যসেৱা লাভ কৰে। আমাৰ চৰকাৰে ইয়াৰ জনসাধাৰণক পকী ঘৰ, শৌচাগাৰ, টেপৰ পানীৰ সংযোগ, গেছ সংযোগকে ধৰি ভিন্ন সুবিধা আগবঢ়াইছে।

 

প্ৰিয় পৰিয়ালৰ সদস্যসকল,

এখনি উন্নত ভাৰত গঢ়াৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা অপৰিহাৰ্য্য। তামিলনাডুৰ জনসাধাৰণ আৰু ইয়াৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰ ওপৰত মোৰ অদম্য বিশ্বাস আছে। তামিলনাডুৰ যুৱক-যুৱতীসকলৰ মাজত নতুন-নতুন ধাৰণা আৰু উৎসাহৰ উত্থান দেখিবলৈ পাওঁ। এই উৎসাহেই হ’ব এখনি উন্নত ভাৰতৰ চালিকা শক্তি। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন।

 

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged

Media Coverage

Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights 12 years of the government dedicated to trust, development, and public welfare
June 09, 2026

Prime Minister Shri Narendra Modi today stated that the past 12 years of the government have been dedicated to trust, development, and public welfare. The Prime Minister noted that with the blessings of 140 crore countrymen and the spirit of Nation First, no stone has been left unturned in empowering the youth, women, and farmer brothers and sisters.

Shri Modi observed that it is the result of relentless efforts that today the country has gained a new identity across the world, from infrastructure to the digital revolution. To realize the resolution of a Viksit Bharat, the Prime Minister affirmed that the government will continue to move forward on this path of service, good governance, and prosperity.

The Prime Minister posted on X:

"हमारी सरकार के बीते 12 वर्ष विश्वास, विकास और जनकल्याण को समर्पित रहे हैं। 140 करोड़ देशवासियों के आशीर्वाद और राष्ट्र प्रथम की भावना से हमने युवाओं, महिलाओं और अपने किसान भाई-बहनों को सशक्त बनाने में कोई कोर-कसर नहीं छोड़ी है। यह हमारे अथक प्रयासों का ही परिणाम है कि इंफ्रास्ट्रक्चर से लेकर डिजिटल क्रांति तक आज देश को दुनियाभर में एक नई पहचान मिली है। विकसित भारत के संकल्प को साकार करने के लिए हम सेवा, सुशासन और समृद्धि के इसी पथ पर निरंतर आगे बढ़ते रहेंगे।

#12YearsOfSeva"