দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ আমাৰ গৌৰৱ, আমাৰ ঐতিহ্য: প্ৰধানমন্ত্ৰী
দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৱে বহু আঁচনিৰ ৰূপায়ণ ১০০শতাংশত উপনীত হৈছে: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
জন ঔষধি মানে কম মূল্যত চিকিৎসাৰ নিশ্চয়তা! জন ঔষধিৰ মন্ত্ৰ হ'ল - কম খৰচী, ফলপ্ৰসূ ঔষধঃ প্ৰধানমন্ত্ৰী
আমি সকলোৱে আমাৰ খাদ্যত ১০ শতাংশ ৰন্ধন তেল কমাব লাগে, প্ৰতিমাহে ১০ শতাংশ কম তেল ব্যৱহাৰ কৰিব লাগে, মেদবহুলতা হ্ৰাসৰ দিশত এয়া হ’ব এক গুৰুত্বপূৰ্ণ পদক্ষেপঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীৰ পূৰ্বে তেওঁ ছিলভাছাত নমো হাস্পতাল উদ্বোধন কৰে। ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ নিষ্ঠাবান কৰ্মীসকলক অঞ্চলটোৰ সৈতে সাক্ষাৎ আৰু সংযোগ স্থাপনৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জনসাধাৰণৰ সৈতে তেওঁৰ উষ্ণ আৰু দীৰ্ঘদিনীয়া সংগক স্বীকাৰ কৰি তেওঁ কয় যে অঞ্চলটোৰ সৈতে তেওঁৰ সম্পৰ্ক কেইবা দশক পুৰণি। ২০১৪ চনত তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন খণ্ডৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ সম্ভাৱনাক আধুনিক আৰু প্ৰগতিশীল পৰিচয়লৈ ৰূপান্তৰিত কৰিছে।

মোদীয়ে কয়, "ছিলভাছাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ইয়াৰ জনসাধাৰণৰ লগতে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ মৰম, আপোনালোক সকলোৰে সৈতে মোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। এয়া কেইবা দশক পুৰণি সম্পৰ্ক। ইয়ালৈ আহি মই যি সুখ পাওঁ সেয়া আপোনালোক আৰু মইহে বুজিব পাৰে।" প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া তেওঁ প্ৰথম ইয়ালৈ আহিছিল, এই অঞ্চলটো সম্পূৰ্ণ বেলেগ আছিল, মানুহে প্ৰশ্ন কৰিছিল যে এটা সৰু উপকূলীয় অঞ্চলত কি সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ মানুহ আৰু তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত তেওঁৰ সদায় বিশ্বাস আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰৰ নেতৃত্বত এই আত্মবিশ্বাসে প্ৰগতিৰ ৰূপ লৈছে, যাৰ ফলত ছিলভাছা এখন বৈশ্বিক চহৰত পৰিণত পৰিছে, ইয়াৰ সকলো বাসিন্দাৰ বাবে নতুন সুযোগ আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত হৈছে।

 

মোদীয়ে ছিংগাপুৰৰ উদাহৰণো দাঙি ধৰে, যিখন প্ৰথম অৱস্থাত এখন সৰু মাছমৰীয়া গাঁও আছিল। তেওঁ দঢ়তাৰে কয় যে ছিংগাপুৰৰ ৰূপান্তৰ ইয়াৰ জনসাধাৰণৰ দৃঢ় ইচ্ছাশক্তিৰ বাবেই সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাগৰিকসকলক উন্নয়নৰ বাবে একেধৰণৰ সংকল্প গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি তেওঁলোকক আশ্বাস দিয়ে যে তেওঁ তেওঁলোকৰ সৈতে থিয় দি থকাৰ সময়তে তেওঁলোকেও আগবাঢ়ি যাবলৈ উদ্যোগ ল’ব লাগিব।

মোদীয়ে দৃঢ়তাৰে কয়, “দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ কেৱল কেন্দ্ৰীয় শাসিত অঞ্চল নহয়, সেইবাবেই আমি অঞ্চলটোক সামগ্ৰিক উন্নয়নৰ বাবে পৰিচিত এখন আৰ্হি ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিছো।” প্ৰধানমন্ত্ৰীয়ে কয় যে এই অঞ্চলটোৱে উচ্চ প্ৰযুক্তিৰ আন্তঃগাঁথনি, আধুনিক স্বাস্থ্যসেৱা সেৱা, বিশ্বমানৰ শিক্ষানুষ্ঠান, পৰ্যটন, সামুদ্ৰিক অৰ্থনীতি, উদ্যোগিক অগ্ৰগতি, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ আৰু উন্নয়নত মহিলাসকলৰ অংশগ্ৰহণৰ বাবে স্বীকৃতি লাভ কৰাটো তেওঁৰ সপোন।

শ্ৰী মোদীয়ে কয় যে শ্ৰী প্ৰফুল্ল পেটেলৰ নেতৃত্বত আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অঞ্চলটোৱে এই লক্ষ্যসমূহৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে। বিগত ১০ বছৰত উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হৈছে। তেওঁ কয় যে এই অঞ্চলটো এতিয়া উন্নয়নৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় লৈ ৰাষ্ট্ৰীয় মানচিত্ৰত আত্মপ্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে বিভিন্ন চৰকাৰী আঁচনি যেনে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড, জল জীৱন মিছন, ভাৰতনেট, প্ৰধানমন্ত্ৰী জন ধন যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমাই জনসাধাৰণক বিশেষকৈ বঞ্চিত আৰু জনজাতীয় জনগোষ্ঠীক ব্যাপকভাৱে উপকৃত কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে পৰৱৰ্তী লক্ষ্য হৈছে স্মাৰ্ট চিটী মিছন, সমগ্ৰ শিক্ষা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ দৰে পদক্ষেপৰ ১০০ শতাংশ ৰূপায়ণ নিশ্চিত কৰা। তেওঁ আলোকপাত কৰে যে প্ৰথমবাৰৰ বাবে চৰকাৰে এই কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে পোনপটীয়াকৈ ৰাইজৰ কাষ চাপিছে, যাতে প্ৰতিজন নাগৰিকে চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰে।

প্ৰধানমন্ত্ৰীয়ে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ আন্তঃগাঁথনি, শিক্ষা, কৰ্মসংস্থাপন আৰু ঔদ্যোগিক উন্নয়নৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে আগতে এই অঞ্চলৰ যুৱক-যুৱতীসকলে উচ্চ শিক্ষাৰ বাবে ওলাই যাবলগীয়া হৈছিল, কিন্তু আজি এই অঞ্চলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছখন শিক্ষানুষ্ঠান আছে। ইয়াৰ ভিতৰত আছে নমো মেডিকেল কলেজ, গুজৰাট ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, আইআইটি দিউ, নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি, ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি আৰু দমন ইঞ্জিনিয়াৰিং কলেজ আদি। এই প্ৰতিষ্ঠানসমূহে ছিলভাছা আৰু অঞ্চলটোক এক নতুন শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। মোদীয়ে কয়, ‘যুৱক-যুৱতীসকলক অধিক উপকৃত কৰিবলৈ এই প্ৰতিষ্ঠানসমূহত তেওঁলোকৰ বাবে আসন সংৰক্ষিত কৰা হৈছে। আগতে মই এইটো দেখি আনন্দিত হৈছিলোঁ যে এইটো এনে এটা ক্ষেত্ৰ য’ত হিন্দী, ইংৰাজী, গুজৰাটী আৰু মাৰাঠী চাৰিটা ভিন্ন মাধ্যমত শিক্ষা প্ৰদান কৰা হয়। এতিয়া, মই গৌৰৱেৰে ক’ব পাৰো যে ইয়াৰ প্ৰাথমিক আৰু কনিষ্ঠ বিদ্যালয়ৰ ল’ৰা-ছোৱালীয়ে স্মাৰ্ট শ্ৰেণীকোঠাত অধ্যয়ন কৰি আছে।”

মোদীয়ে কয় যে যোৱা কিছু বছৰত এই অঞ্চলত আধুনিক স্বাস্থ্য সেৱাৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। তেওঁ কয়, "২০২৩ চনত ইয়াত নমো চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰাৰ সুযোগ পাইছিলোঁ। ইয়াৰ সমান্তৰালভাৱে ৪৫০খন বিছনা বহাব পৰা এখন নতুন চিকিৎসালয়ো আৰম্ভ কৰা হৈছে, যিখন আজি উদ্বোধনো কৰা হৈছে। ছিলভাছাত থকা স্বাস্থ্য সুবিধাসমূহৰ দ্বাৰা এই অঞ্চলৰ জনজাতীয় সমাজ বহুখিনি উপকৃত হ'ব।"

 

প্ৰধানমন্ত্ৰীয়ে আজিৰ স্বাস্থ্যসেৱা প্ৰকল্পসমূহৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে, কিয়নো ইয়াৰ জন ঔষধি দিৱসৰ সৈতে সাদৃশ্য আছে। তেওঁ দৃঢ়তাৰে কয় যে জন ঔষধিয়ে সুলভ চিকিৎসা নিশ্চিত কৰে। এই পদক্ষেপৰ অধীনত আয়ুষ্মান ভাৰতৰ অধীনত গুণগত চিকিৎসালয়, বিনামূলীয়া চিকিৎসা আৰু সুলভ মূল্যৰ ঔষধ জন ঔষধি কেন্দ্ৰৰ জৰিয়তে চৰকাৰে প্ৰদান কৰি আছে। সমগ্ৰ দেশৰ ১৫ হাজাৰৰো অধিক জন ঔষধি কেন্দ্ৰই ৮০ শতাংশ পৰ্যন্ত কম মূল্যত ঔষধ যোগান ধৰে। প্ৰায় ৪০ জন ঔষধি কেন্দ্ৰই দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউবাসীক উপকৃত কৰিছে। ভৱিষ্যতে সমগ্ৰ দেশতে ২৫,০০০ জন ঔষধি কেন্দ্ৰ মুকলি কৰাৰ লক্ষ্য চৰকাৰৰ। মোদীয়ে দৃঢ়তাৰে কয়, “এই পদক্ষেপ আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰায় ৬,৫০০ কোটি টকাৰ সুলভ মূল্যৰ ঔষধ আৰ্তজনৰ বাবে উপলব্ধ কৰা হৈছে, যাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে ৩০,০০০ কোটি টকাৰো অধিক সঞ্চয় হৈছে।”

প্ৰধানমন্ত্ৰীয়ে জীৱনশৈলীৰ ৰোগ, বিশেষকৈ মেদবহুলতাৰ ক্ৰমবৰ্ধমান উদ্বেগক সম্বোধন কৰে, যিটো স্বাস্থ্যৰ বাবে এক বৃহৎ ভাবুকি হৈ পৰিছে। তেওঁ শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে ২০৫০ চনৰ ভিতৰত ৪৪ কোটিতকৈ অধিক ভাৰতীয় মেদবহুলতাত আক্ৰান্ত হ’ব। মোদীয়ে কয়, “এই চিন্তনীয় পৰিসংখ্যাই দেখুৱাইছে যে মেদবহুলতাৰ বাবে প্ৰতি তিনিজন লোকৰ ভিতৰত এজনে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে, যিটো সম্ভাৱ্যভাৱে জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে।”

এই সমস্যা প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে সকলোকে মেদবহুলতা হ্ৰাসৰ বাবে সক্ৰিয় পদক্ষেপ ল’বলৈ আহ্বান জনায়। তেওঁ প্ৰতিমাহে ৰন্ধন তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ উপস্থিত ৰাইজক দৈনিক ৰন্ধন প্ৰণালীত ১০ শতাংশ কম তেল ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ কয়। সুস্থ জীৱনশৈলী বজাই ৰাখিবলৈ আৰু মেদবহুলতা ৰোধ কৰিবলৈ দৈনিক কেইকিলোমিটাৰমান খোজ কঢ়াৰ দৰে নিয়মীয়া শাৰীৰিক কাৰ্য্যকলাপ অন্তৰ্ভুক্ত কৰিবলৈও তেওঁ উৎসাহিত কৰে। মোদীয়ে দৃঢ়তাৰে কয়, ‘উন্নত দেশৰ দৃষ্টিভংগীত উপনীত হোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ভাৰত। সুস্থ দেশেহে এনে লক্ষ্যত উপনীত হ’ব পাৰিব।”

 

শ্ৰী মোদীয়ে যোৱা দশকত দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ দ্ৰুত ঔদ্যোগিক বিকাশৰ ওপৰত আলোকপাত কৰে। শেহতীয়া বাজেটত মিছন মেনুফেকচাৰিং পদক্ষেপৰ প্ৰৱৰ্তনৰ লগে লগে এই খণ্ডটোৱে অসীম লাভৱান হ’বলৈ সাজু হৈছে। শ শ নতুন উদ্যোগ আৰম্ভ হৈছে আৰু বৰ্তমানৰ বহু উদ্যোগ সম্প্ৰসাৰণ কৰি হাজাৰ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰিছে। এই উদ্যোগসমূহে বিশেষকৈ জনজাতীয় সমাজ, মহিলা আৰু দুৰ্বল শ্ৰেণীৰ গোটসমূহৰ বাবে বৃহৎ পৰিসৰৰ কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি আছে। মোদীয়ে কয় যে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি আৰু মহিলাসকলক সবলীকৰণৰ বাবে গিৰ আদৰ্শ জীৱিকা যোজনা ৰূপায়ণ কৰা হৈছে, আনহাতে সৰু দুগ্ধ পাম স্থাপনৰ ফলত নতুন আত্মনিয়োগৰ সুযোগ সৃষ্টি হৈছে।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে পৰ্যটনেও কৰ্মসংস্থাপনৰ এক প্ৰধান উৎস হিচাপে আত্মপ্ৰকাশ কৰিছে। অঞ্চলটোৰ উপকূল আৰু চহকী ঐতিহ্যই ভাৰত-বিদেশৰ পৰা পৰ্যটকক আকৰ্ষণ কৰি আহিছে। ৰাম সেতু, নমো পাথ, দমনৰ টেণ্ট চিটি আৰু জনপ্ৰিয় নাইট মাৰ্কেটৰ দৰে উন্নয়নে অঞ্চলটোৰ আকৰ্ষণ বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে কয় যে এখন বৃহৎ চৰাই অভয়াৰণ্য স্থাপন কৰা হৈছে আৰু দুধনীত ইক’ ৰিজ’ৰ্টৰ পৰিকল্পনা চলি আছে। দিউত উপকূলীয় ৰিজৰ্ট আৰু সাগৰৰ উপকূল উন্নয়নৰ কাম চলি আছে। শ্ৰী মোদীয়ে কয়, “২০২৪ চনত অনুষ্ঠিত হোৱা দিউ বীচ্চ গেমছে বীচ্চ ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিছে আৰু ব্লু ফ্লেগ প্ৰমাণপত্ৰই দিউৰ ঘোঘলা বীচ্চক জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিছে।

 

দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউত সংযোগৰ উল্লেখযোগ্য উন্নতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দাদৰাত বুলেট ৰে’ল ষ্টেচন নিৰ্মাণ কৰা হৈছে আৰু মুম্বাই-দিল্লী এক্সপ্ৰেছৱে ছিলভাছাৰ মাজেৰে পাৰ হৈ গৈছে। যোৱা কেইবছৰমানৰ পৰা কেইবা কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হৈছে, বৰ্তমান ৫০০ কিলোমিটাৰৰো অধিক পথৰ কাম চলি আছে, য’ত হাজাৰ হাজাৰ কোটি টকাৰ বিনিয়োগ জড়িত হৈ আছে। মোদীয়ে কয়, “ইউডিএন আঁচনিৰ দ্বাৰা অঞ্চলটোৱেও লাভৱান হৈছে আৰু সংযোগ বৃদ্ধিৰ বাবে স্থানীয় বিমানবন্দৰটো উন্নীত কৰা হৈছে। অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।”

 

প্ৰধানমন্ত্ৰীয়ে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ উন্নয়ন, সুশাসন আৰু সহজ-সৰল জীৱনৰ আৰ্হি হৈ পৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে আগতে মানুহে নিজৰ সমস্যা সমাধানৰ বাবে বাৰে বাৰে চৰকাৰী কার্যালয়লৈ যাবলগীয়া হৈছিল যদিও এতিয়া চৰকাৰী সম্পর্কীয় কামৰ অধিকাংশই মোবাইল ফোনত মাত্ৰ এটা ক্লিকতে সম্পূর্ণ হৈছে৷ এই নতুন পদ্ধতিয়ে দশক দশক ধৰি অৱহেলিত হৈ থকা জনজাতীয় অঞ্চলসমূহক যথেষ্ট উপকৃত কৰিছে। গাঁৱে গাঁৱে বিশেষ শিবিৰ স্থাপন কৰি মানুহৰ সমস্যা শুনাৰ লগতে থিতাতে সমাধান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰচেষ্টাসমূহৰ বাবে শ্ৰী প্ৰফুল্ল পেটেল আৰু তেওঁৰ দলটোক অভিনন্দন জনাই ৰাইজক আশ্বাস দিয়ে যে চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰি যাব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি শুভাৰম্ভ কৰা উন্নয়ন প্ৰকল্পৰ বাবে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ ৰাইজক অভিনন্দন জনাইছো। কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাগৰিকসকলক তেওঁলোকৰ উষ্ম আদৰণি, মৰম আৰু সন্মানৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।”

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
Today, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
Operation Sindoor is an unwavering pledge for justice: PM
Terrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
Pakistan had prepared to strike at our borders,but India hit them right at their core: PM
Operation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
This is not an era of war, but it is not an era of terrorism either: PM
Zero tolerance against terrorism is the guarantee of a better world: PM
Any talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!