“যদি চৰকাৰৰ অন্তৰ আৰু উদ্দেশ্য জনসাধাৰণৰ সমস্যাৰ প্ৰতি চিন্তাৰে পূৰ্ণ নহয়, তেন্তে উপযুক্ত স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলাটো অসম্ভৱ”
“গুজৰাটত কাম-কাজ আৰু কৃতিত্ব ইমানেই বেছি যে মাজে মাজে গণনা কৰাটোও কঠিন হৈ পৰে”
“আজি গুজৰাটৰ বাবে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস চৰকাৰে অক্লান্তভাৱে কাম কৰি আছে”
“যেতিয়া চৰকাৰ সংবেদনশীল হয়, তেতিয়া সমাজখনেই দুৰ্বল শ্ৰেণী আৰু সমাজৰ মাতৃ-ভগ্নীসকলকে ধৰি সৰ্বাধিক লাভান্বিত হয়”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ আছাৰৱা অসামৰিক চিকিৎসালয়ত প্ৰায় ১,২৭৫ কোটি টকাৰ বিভিন্ন স্বাস্থ্যসেৱা সুবিধাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে৷

অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য আন্তঃগাঁথনি প্ৰকল্প খোজকাঢ়ি পৰিদৰ্শন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মঞ্চত উপস্থিত হয় য’ত তেওঁক সম্বৰ্ধনা জনোৱা হয়। প্ৰধানমন্ত্ৰীয়ে ফলকখন উন্মোচন কৰি (i) মঞ্জুশ্ৰী মিল চৌহদত থকা বৃক্ক ৰোগ গৱেষণা কেন্দ্ৰ (আইকেডিআৰচি) (ii) অসামৰিক চিকিৎসালয় চৌহদত থকা গুজৰাট কৰ্কট গৱেষণা প্ৰতিষ্ঠানৰ হাস্পতাল ভৱন ১চি (iii) হোষ্টেলত ইউএন মেহতা চিকিৎসালয় (iv) এক ৰাজ্য এক ডায়েলিছিছ কাৰ্যসূচীৰ অধীনত গুজৰাট ডায়েলাইছিছ কাৰ্যসূচী সম্প্ৰসাৰণ (v) গুজৰাট ৰাজ্যৰ বাবে কেমো কাৰ্যসূচী দেশবাসীৰ নামত উচৰ্গা কৰে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে (i) নিউ মেডিকেল কলেজ, গোধৰা (ii) ছ’লাত জিএমইআৰএছ মেডিকেল কলেজৰ নিউ ছুপাৰ স্পেচিয়েলিটি হস্পিতাল (iii) আছাৰৱা অসামৰিক চিকিৎসালয়ত মেডিকেল গাৰ্লছ কলেজ (iv) আছাৰৱাৰ বছেৰা অসামৰকি হস্পিতাল (v) ভিলোডাত ১২৫ বিছনাযুক্ত জিলা চিকিৎসালয় (vi) আঞ্জাৰত ১০০খন বিছনাযুক্ত মহকুমা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে জিএমএলআৰএছ জুনাগড়ৰ মৰভা হাডাফৰ চিএইচচি আৰু ৱাঘাইৰ চিএইচচিৰত একাংশ ৰোগীৰ সৈতে মত বিনিময় কৰে।

এই উপলক্ষে উপস্থিত দৰ্শকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ স্বাস্থ্যৰ বাবে এয়া এক বৃহৎ দিন বুলি উল্লেখ কৰি এই প্ৰকল্পসমূহৰ সৈতে জড়িত সকলোকে সময়মতে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয় যে বিশ্বৰ অতি উন্নত চিকিৎসা প্ৰযুক্তি, উন্নত সুবিধা আৰু চিকিৎসা আন্তঃগাঁথনি গুজৰাটৰ জনসাধাৰণৰ বাবে উপলব্ধ কৰা হ’ব যাৰ ফলত সমাজখন উপকৃত হ’ব। এই চিকিৎসা সুবিধাসমূহ উপলব্ধ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে জনায় যে যিসকল লোকৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাৰ সামৰ্থ্য নাই তেওঁলোকে এতিয়া চৰকাৰীভাৱে পৰিচালিত এই চিকিৎসালয়সমূহলৈ যাব পাৰিব য’ত জৰুৰীকালীনভাৱে সেৱা আগবঢ়াবলৈ চিকিৎসা দল মোতায়েন কৰা হ’ব। প্রধানমন্ত্রীয়ে প্রায় চাৰে তিনি বছৰ পূর্বে তেওঁ ১২০০খন বিছনাৰ সুবিধা থকা এখন মাতৃ আৰু শিশু স্বাস্থ্যসেৱাৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল উদ্বোধন কৰাৰ সুযোগ পাইছিল বুলি দোঁহাৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৃক্ক ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু ইউ এন মেহতা হৃদৰোগৰ চিকিৎসা প্ৰতিষ্ঠানৰ সামৰ্থ্য আৰু সেৱাও সম্প্ৰসাৰণ কৰা হৈছে। গুজৰাট কৰ্কট গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱনৰ জৰিয়তে উন্নীতকৰণ কৰা হাড়ৰ মজ্জা প্ৰতিস্থাপনৰ দৰে সুবিধাও আৰম্ভ হৈছে। “এইখনেই হ’ব দেশৰ প্ৰথমখন চৰকাৰী চিকিৎসালয় য’ত চাইবাৰ-নাইফৰ দৰে অত্যাধুনিক প্ৰযুক্তি উপলব্ধ হ’ব”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটে দ্ৰুতগতিত উন্নয়নৰ নতুন উচ্চতা বৃদ্ধি কৰিছে। তেওঁ উল্লেখ কৰে যে উন্নয়নৰ গতি গুজৰাটৰ দৰেই, কিয়নো ইয়াৰ কাম আৰু কৃতিত্ব ইমানেই যে কেতিয়াবা গণনা কৰাটোও কঠিন হৈ পৰে।

২০-২৫ বছৰ পূৰ্বে গুজৰাটত ব্যৱস্থাটোৰ কু-অভ্যাসৰ কথা সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য খণ্ডৰ পিছপৰা, বিশৃংখলপূৰ্ণ শিক্ষা, বিদ্যুতৰ অভাৱ, অপশাসন আৰু আইন-শৃংখলাৰ বিষয়সমূহৰ ৰোগসমূহৰ তালিকা উল্লেখ কৰে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বেমাৰটো আছিল ভোট বেংকৰ ৰাজনীতি। তেওঁ কয় যে বৰ্তমান সেই সকলো কু-অভ্যাস এৰি গুজৰাট আগবাঢ়িছে৷ আজি হাই-টেক হাস্পতালৰ কথা আহিলেই গুজৰাট শীৰ্ষত আহে৷ শিক্ষানুষ্ঠানৰ কথা আহিলে আজি গুজৰাটৰ সৈতে কাৰো তুলনা নহয়৷ গুজৰাট আগবাঢ়ি গৈছে আৰু বিকাশৰ নতুন কক্ষপথত গতি কৰিছে বুলিও তেওঁ লগতে কয়। একেদৰে গুজৰাটতো পানী, বিদ্যুৎ আৰু আইন-শৃংখলা পৰিস্থিতিৰ ব্যাপক উন্নতি হৈছে। শ্ৰী মোদীয়ে কয়, “আজি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস চৰকাৰে গুজৰাটৰ বাবে নিৰৱচ্ছিন্ন দিশত কাম কৰি আছে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মুকলি কৰা স্বাস্থ্য আন্তঃগাঁথনি প্ৰকল্পসমূহে গুজৰাটক এক নতুন পৰিচয় দিছে আৰু এই প্ৰকল্পসমূহ গুজৰাটৰ জনসাধাৰণৰ সামৰ্থ্যৰ প্ৰতীক। তেওঁ লগতে উল্লেখ কৰে যে ভাল স্বাস্থ্য সুবিধাৰ সমান্তৰালভাৱে গুজৰাটৰ জনসাধাৰণেও এক গৌৰৱবোধ অনুভৱ কৰিব যে বিশ্বৰ শীৰ্ষস্থানীয় চিকিৎসা সুবিধাসমূহে এতিয়া আমাৰ নিজৰ ৰাজ্যখনত নিৰন্তৰ বৃদ্ধিৰ সাক্ষী হৈ আছে। ইয়াৰ ফলত গুজৰাটৰ চিকিৎসা পৰ্যটনৰ সম্ভাৱনাও বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে উদ্দেশ্য আৰু নীতি দুয়োটাকে সু-স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে একাকাৰ হোৱাৰ প্ৰয়োজন আছে। “যদি চৰকাৰৰ অন্তৰ আৰু উদ্দেশ্য জনসাধাৰণৰ সমস্যাৰ প্ৰতি চিন্তাৰে পৰিপূৰ্ণ নহয়, তেন্তে উপযুক্ত স্বাস্থ্য আন্তঃগাঁথনি গঢ় দিয়াটো অসম্ভৱ”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে যেতিয়া এক সামগ্ৰিক দৃষ্টিভংগীৰে সম্পূৰ্ণ আন্তৰিকতাৰে প্ৰচেষ্টা চলোৱা হয় তেতিয়া ইয়াৰ ফলাফল সমানে বহুমুখী হয়। “এয়াই গুজৰাটৰ সফলতাৰ মন্ত্ৰ”, তেওঁ কয়।

চিকিৎসা বিজ্ঞানৰ উপমাক আৰু আগুৱাই লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে ‘অস্ত্ৰোপচাৰ’ অৰ্থাৎ পুৰণা অপ্রাসংগিক ব্যৱস্থাবোৰক উদ্দেশ্য আৰু বলেৰে আঁতৰোৱাত প্রয়োগ কৰিছিল৷ দ্বিতীয়তে ‘ঔষধ’ অৰ্থাৎ ব্যৱস্থাটো শক্তিশালী কৰাৰ বাবে নিত্য নতুন উদ্ভাৱন, তৃতীয় ‘কেয়াৰ’ অৰ্থাৎ স্বাস্থ্য ব্যৱস্থাৰ বিকাশৰ বাবে সংবেদনশীলতাৰে কাম কৰা। তেওঁ জনায় যে গুজৰাট প্ৰথম ৰাজ্য যিখনে জীৱ-জন্তুৰো যত্ন লৈছিল। তেওঁ কয় যে ৰোগ আৰু মহামাৰীৰ স্বৰূপৰ প্ৰতি লক্ষ্য ৰাখি এক পৃথিৱী এক স্বাস্থ্য অভিযান শক্তিশালী কৰাৰ প্ৰয়োজন আছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে সাৱধানে কাম কৰিছে। “আমি মানুহৰ মাজত গৈছিলো, তেওঁলোকৰ দুৰ্দশাৰ সমভাগী হৈছিলো”, তেওঁ লগতে কয়। জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে মানুহক একেলগে সংযোগ কৰি যি প্ৰচেষ্টা হাতত লৈছিল সেই বিষয়ে চিন্তা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ব্যৱস্থাটো সুস্থ হৈ উঠিল তেতিয়া গুজৰাটৰ স্বাস্থ্য খণ্ডও সুস্থ হৈ উঠিল আৰু দেশত গুজৰাটক আদৰ্শ হিচাপে ব্যৱহাৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে তেওঁ গুজৰাটৰ পৰা শিকি অহাখিনি কেন্দ্ৰীয় চৰকাৰত প্ৰয়োগ কৰিছিল। তেওঁ জনায় যে বিগত ৮ বছৰত কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত ২২খন নতুন এইমছ উপহাৰ দিছে আৰু গুজৰাটো ইয়াৰ পৰা লাভৱান হৈছে। “ৰাজকোটত গুজৰাটে প্ৰথম এইমছ লাভ কৰিছে”, শ্ৰী মোদীয়ে লগতে কয়। গুজৰাটৰ স্বাস্থ্য খণ্ডত কৰা কামৰ ওপৰত চিন্তা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটে চিকিৎসা গৱেষণা, জৈৱ প্ৰযুক্তি গৱেষণা আৰু ঔষধ-পাতিৰ গৱেষণাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিশ্ব পৰ্যায়ত নিজৰ নাম উজলাব পৰা দিনটোলৈ বেছি দূৰ নাই৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যেতিয়া চৰকাৰ সংবেদনশীল হয়, তেতিয়া দুৰ্বল শ্ৰেণী, মাতৃ-ভগ্নীসকলকে ধৰি সমগ্ৰ সমাজখনেই সৰ্বাধিক লাভান্বিত হয়৷ যি সময়ত শিশুৰ মৃত্যুৰ হাৰ আৰু মাতৃৰ মৃত্যুৰ হাৰ ৰাজ্যখনৰ বাবে গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছিল আৰু এনে দুৰ্ভাগ্যজনক ঘটনাৰ বাবে পূৰ্বৰ চৰকাৰসমূহে ভাগ্যক জগৰীয়া কৰিছিল সেই সময়ৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ মাতৃ আৰু শিশুসকলৰ বাবে আমাৰ চৰকাৰেই স্থিতি গ্ৰহণ কৰে।শ্ৰী মোদীয়ে লগতে কয়, ““বিগত বিশ বছৰত আমি প্ৰয়োজনীয় নীতিসমূহৰ খচৰা প্ৰস্তুত কৰি সেইবোৰ প্ৰয়োগ কৰিছিলোঁ যাৰ ফলত মৃত্যুৰ হাৰ ভয়ংকৰভাৱে হ্ৰাস পাইছিল।” ‘বেটী বচাও বেটি পঢ়াও অভিযান’ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জন্ম হোৱা কন্যাৰ সংখ্যাই এতিয়া নৱজাত ল’ৰাৰ সংখ্যাক অতিক্ৰম কৰিছে। প্ৰধানমন্ত্ৰীয়ে এনে সফলতাৰ মুলতে গুজৰাট চৰকাৰৰ ‘চিৰঞ্জীৱী’, ‘খিলখিলাহাট’ আদি নীতিৰ কথা কয়। শ্ৰী মোদীয়ে লগতে কয় যে গুজৰাটৰ সফলতা আৰু প্ৰচেষ্টাই ‘ইন্দ্ৰধনুষ’ আৰু ‘মাত্ৰু বন্দনা’ৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ অভিযানক মাগদৰ্শন কৰিছে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ আৰু আৰ্তজনৰ চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ দৰে আঁচনিৰ কথা উল্লেখ কৰে৷ দ্বৈত ইঞ্জিন চৰকাৰৰ শক্তিৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ্মান ভাৰত আৰু মুখমন্ত্ৰী অমৃতম যোজনাৰ সংমিশ্ৰণে গুজৰাট ৰাজ্যৰ দৰিদ্ৰ লোকসকলৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে। “স্বাস্থ্য আৰু শিক্ষা একমাত্ৰ দুটা খণ্ডই ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰে, কেৱল বৰ্তমানৰ নহয়।” ২০১৯ চনত ১২০০ বিছনাৰ সুবিধা থকা এখন অসামৰিক চিকিৎসালয়ৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে এবছৰৰ পিছত বিশ্বত আক্ৰান্ত হোৱা ক’ভিড-১৯ মহামাৰীৰ সময়ত একেখন চিকিৎসালয়েই সৰ্ববৃহৎ স্বাস্থ্য কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু জনসাধাৰণক সেৱা আগবঢ়াইছিল। “সেই একক স্বাস্থ্য আন্তঃগাঁথনিয়ে মহামাৰীৰ সময়ত হাজাৰ হাজাৰ ৰোগীৰ জীৱন ৰক্ষা কৰিছিল”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে বৰ্তমান পৰিস্থিতি উন্নত কৰাৰ লগতে ভৱিষ্যতৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ সামৰে। শ্ৰী মোদীয়ে কয়, ‘আপুনি আৰু আপোনাৰ পৰিয়ালসমূহ যাতে যিকোনো ধৰণৰ ৰোগৰ পৰা মুক্ত হৈ থাকে তাৰ কামনা কৰিলোঁ।

এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সংসদ সদস্য শ্ৰী চি আৰ পাটিল, শ্ৰী নৰহৰি আমিন, শ্ৰী কিৰিতভাই ছোলাংকী আৰু শ্ৰী হাছমুখ ভাই পেটেলৰ লগতে অন্যান্য কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

পটভূমি

প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ আছাৰৱাস্থিত আহমেদাবাদ অসামৰিক চিকিৎসালয়ত ১,২৭৫ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন স্বাস্থ্যসেৱাৰ সুবিধা দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দুখীয়া ৰোগীসকলৰ থাকিব পৰা এটা আশ্ৰয় গৃহৰো আধাৰশিলা স্থাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে হৃদযন্ত্ৰৰ যত্নৰ বাবে নতুন আৰু উন্নত সুবিধাসমূহ উৎসৰ্গা আৰু ইউ.এন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজি এণ্ড ৰিচাৰ্চ চেণ্টাৰত এটা নতুন হোষ্টেল ভৱন; বৃক্ক ৰোগ আৰু গৱেষণা কেন্দ্ৰৰ নতুন চিকিৎসালয় ভৱন; গুজৰাট কেন্সাৰ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ নতুন ভৱন দেশবাসীৰ নামত উচৰ্গা কৰে৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Export diversification push adds $202 million in FY26 as India expands into 1,821 new global markets

Media Coverage

Export diversification push adds $202 million in FY26 as India expands into 1,821 new global markets
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting Mother Earth's embrace of diverse people as members of a single household
May 19, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam, noting that Mother Earth considers all of humanity as one family. Shri Modi highlighted that for her, this entire world is like a home, where every culture has its own importance and respect.

The Prime Minister posted on X:

"धरती माता पूरी मानवता को एक परिवार मानती हैं। उनके लिए यह पूरा संसार एक घर की तरह है, जहां हर संस्कृति का अपना महत्त्व और सम्मान है।

जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम्।
सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥"

Mother Earth embraces people speaking different languages and practicing different religions and traditions as members of a single household. May this earth pour forth thousands of streams of prosperity for us, just as a peaceful and loving cow provides milk.