সকলোৰে পৰামৰ্শ শুনক, কিন্তু তুমি যেতিয়া ইচ্ছা কৰা তেতিয়াহে নিজৰ অভ্যাস সলনি কৰিবা : প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে শিক্ষকসকলক কৌতুহল জগাই তুলিবলৈ আৰু বুজাবুজিৰ উন্নতি সাধন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আগতীয়াকৈ অৱগত কৰাৰ পৰামৰ্শ দিয়ে
লক্ষ্য হাতৰ মুঠিত থাকিব লাগে, কিন্তু সেয়া সহজে উপলব্ধ নোহোৱা হব লাগে- লক্ষ্য নিৰ্ধাৰণ আৰু কাম কৰা : প্ৰধানমন্ত্ৰী
মনটো বিকশিত কৰক, তাৰ পিছত ইয়াক একত্ৰিত কৰক আৰু তাৰ পিছত অধ্যয়নৰ বিষয়বোৰ সংগঠিত কৰক; ই সফলতা লাভ কৰাত সহায় কৰিব : প্ৰধানমন্ত্ৰী
অধ্যয়ন, দক্ষতা, অৱসৰ আৰু চখৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোৱেই হৈছে উন্নয়নৰ চাবিকাঠি: প্ৰধানমন্ত্ৰী
কিতাপে জ্ঞান প্ৰদান কৰে, কিন্তু অনুশীলনেহে তোমাক পেছাগতভাৱে দক্ষ কৰি তোলে : প্ৰধানমন্ত্ৰী
অতীতত মনোনিৱেশ কৰি সময় নষ্ট নকৰিবা, আগন্তুক জীৱনৰ কথা ভাবিবা : প্ৰধানমন্ত্ৰী
শিক্ষা কেৱল পৰীক্ষাৰ বাবেই নহয়, এয়া জীৱনৰ বাবেও; পৰীক্ষাৰ উদ্দেশ্য হৈছে নিজৰ পৰীক্ষা কৰা : প্ৰধানমন্ত্ৰী
বৰ্তমান ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ 'উপহাৰ', ইয়াক এতিয়াই আকোৱালি লোৱা : প্ৰধানমন্ত্ৰী
যিমানেই এটা মুহূৰ্তত জড়িত হ’বা সিমানেই বেছিদিন মনত থাকিব : প্ৰধানমন্ত্ৰী
সহযোগিতামূলক শিক্ষণে সকলোকে উন্নীত কৰাত সহায় কৰেঃ প্ৰধানমন্ত্ৰী
পুনৰাবৃত্তি কৰা আৰু অধিক জ্ঞানী হোৱা : প্ৰধানমন্ত্ৰী
স্কুলত নিজৰ ভেটি মজবুত কৰা; সময়ৰ লগে লগে আহিব প্ৰতিযোগিতামূলক পৰীক্ষাঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে অভিভাৱকসকলক পৰামৰ্শ দিয়ে যে শিশুসকলক তেওঁলোকৰ সামৰ্থ্য, যোগ্যতা আৰু আগ্ৰহ অনুসৰি বিকাশ হ’বলৈ দিব লাগে
তোমালোকৰ চখবোৰক ব্যৱহাৰিক সামগ্ৰী হিচাপে গঢ়ি তোলা আৰু সেইবোৰ বিনামূলীয়াকৈ শ্বেয়াৰ কৰা; প্ৰতিক্ৰিয়াই নতুন ধাৰণা আৰু সফলতাত ইন্ধন যোগায় : প্ৰধানমন্ত্ৰী
নিজকে চিনি লওক, জীৱনৰ সকলো অভিজ্ঞতা লাভ কৰা ঃ প্ৰধানমন্ত্ৰী
পৰীক্ষাবোৰ উৎসৱৰ দৰে; ইয়াক উদযাপন কৰা : প্ৰধানমন্ত্ৰী
প্ৰকৃত আত্মবিশ্বাস আহে আভ্যন্তৰীণ সত্যৰ পৰা; নিজৰ প্ৰকৃত স্বৰূপৰ প্ৰতি আস্থা ৰাখা : প্ৰধানমন্ত্ৰী
আৰামে জীৱন গঢ় নিদিয়ে— ইয়াক গঢ় দিয়ে জীয়াই থকাৰ ধৰণটোৱেহে : প্ৰধানমন্ত্ৰী
সপোন নেদেখাটো অপৰাধ— সদায় সপোন দেখা : প্ৰধানমন্ত্ৰী
নিজৰ সমৰ্থক হোৱা, নিজৰ শক্তিক উদযাপন কৰাঃ প্ৰধানমন্ত্ৰী
সপোন ডাঙৰ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱম পৰীক্ষা পে চৰ্চাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। দিল্লীস্থিত নিজৰ বাসগৃহত পৰীক্ষা-যোদ্ধাসকলৰ সৈতে অনানুষ্ঠানিক মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
দিল্লীস্থিত নিজৰ বাসগৃহত পৰীক্ষা-যোদ্ধাসকলৰ সৈতে অনানুষ্ঠানিক মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
তেওঁ বুজাই কয় যে সকলোৱে বিভিন্ন পদ্ধতি শুনিব লাগে, প্ৰত্যেকৰে পৰা ইতিবাচক গুণবোৰ শিকিব লাগে, নিজৰ নিজৰ সামৰ্থ্যত গুৰুত্ব দিব লাগে, আৰু লাহে লাহে সেয়া মজবুত কৰিব লাগে
Harness AI wisely, boost your wisdom: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱম পৰীক্ষা পে চৰ্চাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। দিল্লীস্থিত নিজৰ বাসগৃহত পৰীক্ষা-যোদ্ধাসকলৰ সৈতে অনানুষ্ঠানিক মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তোমাৰ শৈলীতোমাৰ গতি

গুজৰাটৰ এজন শিক্ষাৰ্থীয়ে সুধিছিল যে অভিভাৱকসকলে তেওঁলোকৰ বাবে চিন্তা কৰে আৰু শিক্ষকসকলে তেওঁলোকক সমৰ্থন কৰে,  কিন্তু সমস্যাটো তেতিয়াই উদ্ভৱ হয় যেতিয়া শিক্ষকে এটা অধ্যয়ন পদ্ধতিৰ পৰামৰ্শ দিয়ে, অভিভাৱকে আন এটা পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু ছাত্ৰ-ছাত্ৰীসকলে বেলেগ বেলেগ পদ্ধতি গ্ৰহণ কৰে। ফলত তেওঁলোক কোনটো পদ্ধতি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাম গোটেই জীৱন চলি থাকে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী হিচাপেও তেওঁক মানুহে বেলেগ বেলেগ পৰামৰ্শ দিয়ে। তেওঁ গুৰুত্ব সহকাৰে কয় যে যেনেকৈ ঘৰত ভাই-ভনীৰ খাদ্যাভ্যাস বেলেগ বেলেগ— কোনোবাই শাক-পাচলিৰে আৰম্ভ কৰে, কোনোবাই মচুৰ দাইলৰে, কোনোবাই সকলোখিনি মিহলাই দিয়ে— তেনেদৰে প্ৰত্যেকৰে নিজৰ নিজৰ ধৰণ থাকে। তেওঁ কয় যে সুখ নিহিত হৈ থাকে নিজৰ পদ্ধতি অনুসৰণ কৰাত। শ্ৰী মোদীয়ে বুজাই দিয়ে যে কিছুমান মানুহে ৰাতি পঢ়া-শুনা কৰাটো পছন্দ কৰে, কোনোৱে পুৱা সোনকালে পঢ়া-শুনা কৰাটো পছন্দ কৰে, আৰু সকলোৰে একোটা নিজস্ব ছন্দ থাকে। তেওঁ অসৎ কামৰ পৰা বিৰত থাকিবলা সতৰ্ক কৰি দিয়ে, কেনেকৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মাকক কয় যে ৰাতিপুৱা পঢ়িম, কিন্তু তাৰ পিছত সেয়া নহয়গৈ। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পদ্ধতিত বিশ্বাস কৰিব লাগে, পৰামৰ্শ ভালদৰে শুনিব লাগে আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত উন্নতি কৰিব লাগে, কেৱল আন কোনোবাই কোৱাৰ বাবেই সেয়া আঁকোৱালি লব নালাগে। তেওঁ বুজাই দিয়ে যে যেতিয়া তেওঁ "পৰীক্ষা পে চৰ্চা" আৰম্ভ কৰিছিল, তেতিয়া এটা পদ্ধতি আছিল, কিন্তু সময়ৰ লগে লগে তেওঁ সেইটো পৰিশোধন কৰিছিল, আনকি বিভিন্ন ৰাজ্যত অধিবেশন অনুষ্ঠিত কৰিছিল, ইয়াৰ বিন্যাস সলনি কৰিছিল যদিও মূল নীতিসমূহ বৰ্তাই ৰাখিছিল। ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীৰ স্বভাৱ অতি বন্ধুত্বসুলভ আৰু তেওঁৰ লগত সহজে মিলি যায়। তেওঁ বুজাই কয় যে সকলোৱে বিভিন্ন পদ্ধতি শুনিব লাগে, প্ৰত্যেকৰে পৰা ইতিবাচক গুণবোৰ শিকিব লাগে, নিজৰ নিজৰ সামৰ্থ্যত গুৰুত্ব দিব লাগে, আৰু লাহে লাহে সেয়া মজবুত কৰিব লাগে।

প্ৰধানমন্ত্ৰীগৰাকীৰে কথা-বতৰাৰ সময়ত আন এজন ছাত্ৰই সুধিছিল যে ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে বিদ্যালয় বা শিক্ষকজনৰ গতিৰ লগত খাপ খাব নোৱাৰে, আৰু হেৰুৱা পাঠ যোগাৰ কৰাৰ প্ৰয়াসত তেওঁলোকে পৰৱৰ্তী অধ্যায়বোৰৰ খবৰ হেৰুৱাই পিছপৰি ৰয়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীতকৈ মাত্ৰ এখোজ আগুৱাই নিজৰ গতি ৰাখিব লাগে, তাতকৈ  বেছি নহয়, যাতে লক্ষ্য হাতৰ মুঠিত থাকে, কিন্তু ইমান সহজো নহয় যে ইয়াক লাভ কৰাটো অসম্ভৱ। যেতিয়া ছাত্ৰজনে তেওঁক পৰীক্ষাৰ যোদ্ধা মন্ত্ৰ ২৬ৰ কথা সোঁৱৰাই দিলে, "লক্ষ্য হাতৰ মুঠিত হ'ব লাগে, কিন্তু বেছি সহজে ইয়াক পোৱা নাযায়" বুলি তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পৰামৰ্শৰ শলাগ লয়। তেওঁ বুজাই কয় যে শিক্ষক পঞ্চাশ খোজ আগুৱাই গ’লে ছাত্ৰ-ছাত্ৰীয়ে হাৰ মানিব, কিন্তু খেতিয়কে পথাৰত হাল বাই দিয়াৰ দৰে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মনত খেতি কৰিব লাগে। তেওঁ পৰামৰ্শ দিছিল যে শিক্ষকসকলে প্ৰতি সপ্তাহত শিকোৱা অধ্যায়সমূহ আগতীয়াকৈ ঘোষণা কৰিব লাগে, যাতে ছাত্ৰ-ছাত্ৰীসকলে পাঠৰ আগতে পঢ়া, প্ৰশ্ন কৰা বা অনলাইনত সন্ধান আৰম্ভ কৰিব পাৰে। তেওঁ কয় যে যেতিয়া প্ৰকৃত শিক্ষণ আৰম্ভ হয় তেতিয়া কৌতূহলৰ সৃষ্টি হয়, বুজাবুজি গভীৰ হয় আৰু একাগ্ৰতা বৃদ্ধি পায়। তেওঁ কয় যে যদি কোনো অধ্যায় অতি আকৰ্ষণীয় হয় তেন্তে ছাত্ৰ-ছাত্ৰীসকলে অধিক জানিব বিচাৰিব, যাৰ ফলত পুনৰীক্ষণ অধিক ফলপ্ৰসূ হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এইটো এটা সহজ পদ্ধতি। শিক্ষকৰ গতিৰ বাবে এয়া সমস্যা হৈয়ে থাকিব নেকি বুলি তেওঁ প্ৰশ্ন কৰে। যেতিয়া ছাত্ৰজনে হয় বুলি উত্তৰ দিলে, তেতিয়া শ্ৰী মোদীয়ে তেওঁক শুধৰাই দি কয় যে এনেকুৱা নহয়, কিয়নো ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ পৰা এখোজ আগুৱাই যোৱাৰ বাবে আৰু পিছ পৰি ৰোৱা বুলি অনুভৱ নকৰিব। তেওঁ শেষত কয়, "প্ৰথমে মনটো বিকশিত কৰক, তাৰ পিছত ইয়াক একত্ৰিত কৰক,  আৰু তাৰ পিছত অধ্যয়নৰ বিষয়সমূহ সংগঠিত কৰক। আপুনি ছাত্ৰ-ছাত্ৰীক সদায় সফলৰূপে বিচাৰি পাব।" ছাত্ৰ-ছাত্ৰীসকলে কয় যে প্ৰধানমন্ত্ৰীৰ সৈতে মুখামুখিকৈ ​​বহি প্ৰশ্ন কৰা, মত বিনিময় কৰাৰ সুযোগ সকলোৱে নাপায়। তেওঁলোকে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক শিক্ষকসকলৰ পৰা দুখোজ পিছুৱাই নাথাকি দুখোজ আগুৱাই থাকিবলৈ পৰামৰ্শ দিয়ে যাতে তেওঁলোক কেতিয়াও পিছপৰি নৰয়।

এটা সংগীতময় মুহূৰ্ত

ছিকিমৰ এগৰাকী শিক্ষাৰ্থীয়ে প্ৰকাশ কৰে যে তেওঁ তিনিটা ভাষাত— হিন্দী, নেপালী, আৰু বাংলা ভাষাত "হামাৰা ভাৰত ভূমি" শীৰ্ষক দেশপ্ৰেমমূলক গীত এটা ৰচনা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্তুষ্ট হৈ কবিতা লিখি ভাল পায় নেকি বুলি সুধিলে আৰু নিশ্চিত হোৱাৰ লগে লগে কবিতা আবৃত্তি কৰিবলৈ উৎসাহিত কৰিলে। তেওঁ শিক্ষাৰ্থীগৰাকীক প্ৰশংসা কৰি কয় যে তেওঁ জাতীয় ঐক্যৰ ধাৰণাটো সুন্দৰকৈ প্ৰকাশ কৰিছে— এক ভাৰত, শ্ৰেষ্ঠ ভাৰত। তাৰ পিছত শ্ৰী মোদীয়ে আন এগৰাকী শিক্ষাৰ্থী মানসীক গান গাবলৈ ক’লে। মানসীয়ে মাতৃয়ে ৰচনা কৰা, ছাত্ৰ-ছাত্ৰীৰ বাবে উৎসৰ্গিত এটি গীত পৰিবেশন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰি মানসীৰ মাতৃক অভিনন্দন জ্ঞাপন কৰিবলৈ কয়। ছাত্ৰীগৰাকীয়ে বুজাই দিলে যে তেওঁৰ এটা ইউটিউব চেনেল, এটা ফেচবুক পেজ আৰু এটা ইনষ্টাগ্ৰাম একাউণ্ট আছে, ফেচবুকত ১.৫ লাখ ফ’ল’ৱাৰ আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আচৰিত হোৱাৰ লগতে প্ৰশংসা প্ৰকাশ কৰি কয় যে এনে প্ৰতিভাৱান যুৱক-যুৱতীক লগ পোৱাটো সৌভাগ্যৰ কথা।

সকলো ছাত্ৰ-ছাত্ৰীক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে তেওঁলোকে তেওঁক তেওঁৰ আটাইতকৈ প্ৰিয় বুলি গণ্য কৰা অসমীয়া গামোচাৰে সম্ভাষণ জনাইছিল। তেওঁ গুৰুত্বসহকাৰে কয় যে গামোচা অসম আৰু উত্তৰ-পূব ভাৰতৰ নাৰী সবলীকৰণৰ প্ৰতীক, অঞ্চলটোৰ মহিলাসকলে ঘৰতে তৈয়াৰ কৰা এই গামোচাই তেওঁলোকৰ শক্তি আৰু অৱদানক প্ৰতিফলিত কৰে। শিশুসকলৰ আগত গামোচাক সন্মানৰ প্ৰতীক হিচাপে উপহাৰ দিয়াটো তেওঁৰ আন্তৰিক ইচ্ছা বুলিও কয়।

উদ্দেশ্যপ্ৰণোদিত প্ৰস্তুতি

এগৰাকী শিক্ষাৰ্থী সাবাভাট ভেংকটেশে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্ৰান্তি আৰু ভয়লৈ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীক সুধিলে ইয়াৰে কোনটো অধিক গুৰুত্বপূৰ্ণ: দক্ষতা নে নম্বৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জীৱনত ভাৰসাম্য অতি প্ৰয়োজনীয়, সেয়া খাদ্য খোৱা আৰু শুই থকা, পঢ়া-শুনা আৰু খেলাৰ মাজতেই হওক বা দক্ষতা আৰু নম্বৰৰ মাজতেই হওক। তেওঁ গুৰুত্ব সহকাৰে কয় যে এফালে অত্যধিক হেলান দিলে ভাৰসাম্যহীনতাৰ সৃষ্টি হয়, আনহাতে সঠিক ভাৰসাম্যই স্থিৰতা নিশ্চিত কৰে। তেওঁ বুজাই কয় যে দক্ষতা দুবিধ— জীৱন ধাৰণৰ দক্ষতা আৰু বৃত্তিগত দক্ষতা— আৰু দুয়োটাৰে গুৰুত্ব সমান । তেওঁ কয় যে জ্ঞান, পৰ্যবেক্ষণ আৰু অধ্যয়ন অবিহনে কোনো দক্ষতা বিকাশ কৰিব নোৱাৰি আৰু দক্ষতাৰ আৰম্ভণি জ্ঞানৰ পৰাই হয়।

শ্ৰী মোদীয়ে এটা উদাহৰণেৰে দাঙি ধৰিলে যে জীৱন ধাৰণৰ দক্ষতা অবিহনে ৰন্ধা-বঢ়া বা ৰেল ষ্টেচনত টিকট কিনাৰ দৰে দৈনন্দিন কামবোৰো কঠিন হ’ব পাৰে। তেওঁ কয় যে জীৱন ধাৰণৰ দক্ষতাসমূহ সামগ্ৰিকভাৱে বিকশিত কৰিব লাগিব, য’ত অনুশাসন, আত্মবিশ্বাস আৰু খাপ খুৱাব পৰা ক্ষমতাও অন্তৰ্ভুক্ত হৈ থাকে। পেছাদাৰী দক্ষতাৰ সন্দৰ্ভত তেওঁ বুজাই কয় যে চিকিৎসকে নিজৰ দক্ষতা অহৰহ উন্নীত কৰিব লাগিব, কিয়নো কেৱল কিতাপেই মানুহক হৃদৰোগ বিশেষজ্ঞ কৰি তুলিব নোৱাৰে—প্ৰকৃত দক্ষতা ৰোগীৰ সৈতে কাম কৰাৰ পৰাহে আহে। একেদৰে অধিবক্তাসকলে সাংবিধানিক বিধানৰ জ্ঞানৰ বাহিৰেও আদালত কক্ষৰ দক্ষতা বিকাশৰ বাবে জ্যেষ্ঠসকলৰ নিৰ্দেশনাত অনুশীলন কৰিব লাগে। তেওঁ গুৰুত্ব সহকাৰে কয় যে পেছাদাৰী দক্ষতাৰ বাবে ৪০ বছৰ বয়সতো নিৰন্তৰ শিক্ষণ আৰু নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাই লোৱাটো প্ৰয়োজন, কিয়নো চিকিৎসা আৰু অন্যান্য ক্ষেত্ৰৰ অগ্ৰগতিৰ বাবে অহৰহ আপডেট হৈ থকা প্ৰয়োজন। তেওঁ কয় যে শিক্ষা আৰু দক্ষতা যমজ ভাই-ভনীৰ দৰে অবিচ্ছেদ্য আৰু দক্ষতা জীৱনৰ বাবে অপৰিহাৰ্য।

নম্বৰৰ উৰ্দ্ধত মাধ্যমৰূপে শিক্ষা

তদুপৰি, মণিপুৰৰ ইম্ফলৰ সৈনিক স্কুলৰ এগৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি প্ৰশংসা ব্যক্ত কৰি উল্লেখ কৰে যে তেওঁৰ জন্মদিনটো প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ সৈতে মিলে। ইয়াৰ উত্তৰত শ্ৰী মোদীয়ে বিগত বছৰবোৰ গণনা নকৰি আগন্তুক বছৰবোৰত গুৰুত্ব দিয়ে বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক অতীতত গুৰুত্ব দি সময় নষ্ট নকৰি ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায়।

বিগত বৰ্ষৰ প্ৰশ্নৰ আধাৰত পৰীক্ষা প্ৰস্তুতিৰ কৌশল সন্দৰ্ভত সোধাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰশ্নকাকতবোৰ পাঠ্যক্ৰমৰ বাহিৰত বাবে নহয়, কেৱল পুনৰাবৃত্তিমূলক প্ৰশ্নৰ আৰ্হিৰ ওপৰত গুৰুত্ব দিয়াৰ বাবেই যেতিয়া প্ৰশ্নকাকতবোৰ কঠিন যেন লাগে তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে সংগ্ৰাম কৰে। তেওঁ কয় যে এই সমস্যা তেওঁৰ নিজৰ ছাত্ৰকালতো আছিল আৰু কেতিয়াবা কেৱল নম্বৰৰ ওপৰত গুৰুত্ব দিয়া শিক্ষকসকলে ইয়াক আৰু অধিক ভয়াৱহ কৰি তোলে। শ্ৰী মোদীয়ে জোৰ দি কয় যে ভাল শিক্ষকে সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি আৰু জীৱনৰ লগত ইয়াৰ প্ৰাসংগিকতা বুজাই সৰ্বাংগীন বিকাশ নিশ্চিত কৰে। ক্ৰিকেট বলাৰৰ উদাহৰণ দি তেওঁ বুজাই কয় যে কেৱল কান্ধৰ পেশীবোৰ শক্তিশালী কৰিলেই যথেষ্ট নহয়; ব্যায়াম, যোগাসন, সমগ্ৰ শৰীৰ আৰু মনক শক্তিশালী কৰাৰ লগতে সুষম খাদ্য, আৰু পৰ্যাপ্ত টোপনি অতি প্ৰয়োজনীয়। তেওঁ কয় যে শিক্ষা কেৱল পৰীক্ষাৰ বাবেই নহয় ই জীৱনৰ বাবেও, আৰু পৰীক্ষাৰ উদ্দেশ্য হৈছে নিজকে পৰীক্ষা কৰা। নম্বৰ চূড়ান্ত লক্ষ্য নহয়; জীৱনৰ সামগ্ৰিক বিকাশহে হৈছে চূড়ান্ত লক্ষ্য। তেওঁ পৰামৰ্শ দিছিল যে মাত্ৰ দহটা প্ৰশ্ন বা আৰ্হিৰ ওপৰত গুৰুত্ব দিয়াটো সীমিত চিন্তাধাৰা, আৰু এইবোৰ অনুশীলন কৰিব পাৰি যদিও এইবোৰ প্ৰস্তুতিৰ এটা সৰু অংশহে হ’ব, য’ত প্ৰচেষ্টাৰ সৰহভাগেই সামগ্ৰিক শিক্ষাৰ ওপৰত কেন্দ্ৰীভূত হ’ব লাগে।

বিশেষকৈ প্ৰি-বৰ্ড পৰীক্ষাৰ সময়ত পঢ়া-শুনাৰ চাপৰ ভাৰসাম্য ৰক্ষাৰ সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এইটো এটা সাধাৰণ চিন্তা। শিক্ষাক বাধ্যবাধকতা বা বোজা বুলি গণ্য কৰা উচিত নহয়, বৰঞ্চ সম্পূৰ্ণ অংশগ্ৰহণৰ প্ৰয়োজন বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। সম্পূৰ্ণ অংশগ্ৰহণ অবিহনে অসম্পূৰ্ণ শিক্ষাই সফলতাৰ দিশত আগুৱাই নিব নোৱাৰে। তেওঁ নম্বৰৰ প্ৰতি অত্যধিক আকৰ্ষণৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিয়ে, যোৱা বছৰ ব’ৰ্ড পৰীক্ষাত সৰ্বাধিক নম্বৰ পোৱা ছাত্ৰজনৰ নাম কোনোবাই মনত পেলাইছে নেকি বুলি প্ৰশ্ন কৰে। শিক্ষাৰ্থীগৰাকীয়ে ‘নাই পেলোৱা’ বুলি উত্তৰ দিওঁতে শ্ৰী মোদীয়ে কয় যে এনে কৃতিত্ব চমুকৈ প্ৰশংসা কৰা হ’লেও অতি সোনকালে পাহৰি যায়, যাৰ ফলত নম্বৰৰ গুৰুত্বহীনতা উন্মোচিত হয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কেৱল নম্বৰতে আবদ্ধ নহ’বলৈ পৰামৰ্শ দিয়ে, বৰঞ্চ তেওঁলোকৰ জীৱনে যি দিশত আগবাঢ়িছে তাৰ ওপৰত গুৰুত্ব দিব লাগে, আৰু মাত্ৰ শ্ৰেণীকোঠা বা পৰীক্ষা হলত নহয়, জীৱনতো নিজকে অহৰহ পৰীক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

কম চাপঅধিক শিক্ষণ

মত-বিনিময় কাৰ্যসূচী অব্যাহত ৰাখি এগৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী মোদীক সুধিলে যে পঢ়াৰ সময়ত কেনেকৈ শান্ত থকাৰ লগতে আৰু ইয়াত মনোনিৱেশ কৰি থাকিব পাৰি, কিয়নো তেনে সময়ত বহু চিন্তা মনলৈ আহে আৰু পাঠবোৰ সোনকালে পাহৰি যায়। প্ৰধানমন্ত্ৰীয়ে এটা উদাহৰণ দি উত্তৰ দিলে- "যেনেকৈ আজি তুমি ইয়ালৈ আহিছা, ২৫ বছৰৰ পাছতো যদি কোনোবাই তোমাক এই অনুষ্ঠানৰ বিষয়ে সোধে, তেন্তে তুমি পাহৰি যাব নে মনত পেলাবা?" শিক্ষাৰ্থীগৰাকীয়ে উত্তৰ দিলে যে এটা বিশেষ মুহূৰ্ত হিচাপে সদায় স্মৰণীয় হৈ থাকিব। শ্ৰী মোদীয়ে বুজাই দিয়ে যে ইয়াৰ কাৰণ হ’ল শিক্ষাৰ্থীগৰাকী বৰ্তমানৰ মাজত সম্পূৰ্ণৰূপে নিমগ্ন হৈ থাকে, যাৰ ফলত স্থায়ী স্মৃতিশক্তি নিশ্চিত হয়।

তেওঁ গুৰুত্ব সহকাৰে কয় যে কোনো কামত সম্পূৰ্ণৰূপে জড়িত হৈ বন্ধু-বান্ধৱীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা ভাগ-বতৰা কৰিলেহে স্মৃতি গঢ় লৈ উঠে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কম আত্মবিশ্বাসী লোকৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ আৰু তেওঁলোকক শিকাবলৈ পৰামৰ্শ দিয়ে, লগতে তেওঁলোকৰ বুজাবুজি শক্তিশালী কৰিবলৈ কেইমিনিটমানৰ বাবে অধিক প্ৰতিভাৱান সমনীয়াৰ পৰা নিৰ্দেশনা বিচাৰিব লাগে বুলি উল্লেখ কৰে। তেওঁ কয় যে এই দ্বৈত লাভৰ ফলত নতুন চিন্তাৰ উদ্ভৱ হয়, মানুহৰ দিগন্ত প্ৰসাৰিত হয় আৰু একাগ্ৰতা শক্তিশালী হয়।

পঞ্জাৱৰ আন এগৰাকী শিক্ষাৰ্থীয়ে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জ্ঞাপন কৰে আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে সুধিলে, যিসকলে তেওঁলোকৰ ভিন্ন আৰ্হি আৰু অতিৰিক্ত সময়সূচীৰ প্ৰতি লক্ষ্য ৰাখি ব"ৰ্ড পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে একেলগে প্ৰস্তুতি চলাই আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উদ্বেগৰ প্ৰতি সঁহাৰি ইয়াক একেলগে ক্ৰিকেট আৰু ফুটবল খেলাৰ সৈতে তুলনা কৰি দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাক অগ্ৰাধিকাৰ দিয়া উচিত বুলি জোৰ দিয়ে। তেওঁ কয় যে যদিহে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পাঠ্যক্ৰম ভালদৰে বুজি পায় তেন্তে তেওঁলোকে কোনো অতিৰিক্ত প্ৰচেষ্টাৰ প্ৰয়োজন নোহোৱাকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত স্বয়ংক্ৰিয়ভাৱে সফল হ’ব । তেওঁ অভিভাৱকসকলক পৰামৰ্শ দিছিল যে তেওঁলোকৰ সন্তানক তেওঁলোকৰ সামৰ্থ্য, যোগ্যতা আৰু আগ্ৰহ অনুসৰি নিজৰ পথ অনুসৰণ কৰিবলৈ দিয়া উচিত।

নম্বৰগেমিং আৰু হাস্যৰসৰ ভাৰসাম্য ৰক্ষা কৰা

কেৱল অধ্যয়নত মনোনিৱেশ কৰাৰ সামাজিক হেঁচা থকাৰ পিছতো গেমিঙত কেৰিয়াৰ গঢ়ি তোলাৰ প্ৰশ্নটো এগৰাকী শিক্ষাৰ্থীয়ে উত্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজাই দিয়ে যে অভিভাৱকসকলে এইক্ষেত্ৰত প্ৰথমতে প্ৰায়ে নিৰুৎসাহিত কৰে, কিন্তু পৰৱৰ্তী সময়ত ইয়াক লৈ গৌৰৱ কৰে আৰু সফলতা উদযাপন কৰে। তেওঁ ছাত্ৰজনক ভাৰতৰ চহকী কাহিনী, যেনে- পঞ্চতন্ত্ৰ বা পৌৰাণিক কাহিনীৰ আধাৰত গেম তৈয়াৰ কৰি আৰু স্বীকৃতি লাভৰ বাবে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰি গেমিঙৰ প্ৰতি থকা আগ্ৰহক সৃষ্টিশীলভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ কয় যে গেমিং হৈছে এনে এক দক্ষতা, যাৰ বাবে গতি আৰু সজাগতাৰ প্ৰয়োজন হয়, ই আত্মবিকাশত অৰিহণা যোগায় আৰু উচ্চমানৰ গেম আয়ত্ত কৰাত মনোনিৱেশ কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ গেমিঙত জুৱাৰ বিৰুদ্ধে সকীয়াই দিয়ে, এনে প্ৰথা ৰোধ কৰিবলৈ আইন প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি গেমিঙক সৃষ্টিশীল দক্ষতা হিচাপে অনুসৰণ কৰা উচিত বুলি গুৰুত্ব আৰোপ কৰে।

ছাত্ৰ-ছাত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ভ্ৰমণ কৰি আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁৰ বন্ধুত্বপূৰ্ণ আচৰণ, তেওঁলোকৰ প্ৰশ্নৰ প্ৰতি প্ৰকৃত আগ্ৰহ, আৰু চিন্তাশীল উত্তৰৰ শলাগ লয়।

ভয়ক শক্তিলৈ ৰূপান্তৰ কৰা- মানসিক চাপসময় আৰু আত্মবিশ্বাস নিয়ন্ত্ৰণ কৰা

ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে "এক্সাম ৱাৰিয়ৰ" পঢ়াৰ ফলত পৰীক্ষাৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী সলনি হৈছিল সেই বিষয়ে ভাগ-বতৰা কৰিছিল। এগৰাকী শিক্ষাৰ্থীয়ে কয় যে পৰীক্ষাত আগতে মানসিক চাপ আৰু ভয়ৰ সৃষ্টি হৈছিল যদিও কিতাপখন পঢ়াৰ পিছত তেওঁলোকৰ গ্ৰন্থখনৰ লগত বন্ধুত্ব গঢ় লৈ উঠিছিল। আন এগৰাকী শিক্ষাৰ্থীয়ে কয় যে আগতে তেওঁলোকে নিজকে আনৰ লগত তুলনা কৰাৰ চিন্তা কৰিছিল যদিও এতিয়া তেওঁলোকে উপলব্ধি কৰিছে যে তেওঁলোকৰ নিজৰ কৌশল অনন্য আৰু ফলপ্ৰসূ। এ গৰাকী শিক্ষাৰ্থীয়ে কয় যে সময় ব্যৱস্থাপনা তেওঁলোকৰ বাবে সদায় এক প্ৰত্যাহ্বান হৈ আহিছে যদিও "এক্সাম ৱাৰিয়ৰ"ৰ পৰা শিকিলে যে তেওঁলোকে সোনকালে সাৰ পাই নিজৰ কামবোৰ ভালদৰে কৰিবলৈ সংকল্প লব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সময় ব্যৱস্থাপনাৰ এক সহজ পদ্ধতিৰ পৰামৰ্শ দিছিল : শুই উঠাৰ আগতে ডায়েৰীত কামবোৰ লিখা, পিছদিনা সেইবোৰ হিচাপ কৰা, আৰু কিছুমান কাম কিয় অসম্পূৰ্ণ হৈয়েই আছে তাৰ বিশ্লেষণ কৰা। তেওঁ গুৰুত্ব আৰোপ কৰিছিল যে সময় উৎপাদনশীলভাৱে ব্যৱহাৰ কৰিবলৈ শিকাটোৱে চাপ আৰু ভাগৰ দূৰ কৰে, আৰু ভাগ বতৰা কৰিছিল যে তেওঁৰ নিজৰ সঠিক সময় ব্যৱহাৰৰ অভ্যাসে তেওঁক অসংখ্য দায়িত্ব সত্ত্বেও চাপমুক্ত কৰি ৰাখে।

ছাত্ৰ-ছাত্ৰীসকলে শ্বেয়াৰ কৰে যে গণিতৰ দৰে বিষয়ৰ প্ৰতি তেওঁলোকৰ ভয় এতিয়া আগ্ৰহলৈ পৰিণত হৈছে। এগৰাকী শিক্ষাৰ্থীয়ে কৈছিল যে গণিত এসময়ত তেওঁলোকৰ বাবে ভূতৰ দৰে আছিল, কিন্তু এতিয়া ই এক আবেগ হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে বৈদিক গণিতৰ অধ্যয়নক আনন্দদায়ক আৰু যাদুকৰী আখ্যা দি উৎসাহিত কৰি আগ্ৰহ বৃদ্ধিৰ বাবে বন্ধু-বান্ধৱীৰ সৈতে এনে পদ্ধতিসমূহ ভাগ-বতৰা কৰাৰ পৰামৰ্শ আগবঢ়ায়।

আন এগৰাকী শিক্ষাৰ্থীয়ে শ্বেয়াৰ কৰিছিল যে পৰীক্ষাৰ তাৰিখে আগতে ভয়ৰ সৃষ্টি কৰিছিল যদিও পৰীক্ষা উদযাপনৰ কিতাপখনৰ মন্ত্ৰই তেওঁলোকক অনুপ্ৰাণিত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে যে "পৰীক্ষা পে চৰ্চা"ৰ পৰা শিকি অহা শিক্ষা পৰিয়ালৰ সদস্যৰ সৈতে ভাগ কৰিব লাগে, কিয়নো তেওঁলোকে ইয়াৰ পৰা সমানে উপকৃত হ'ব।

ছাত্ৰ-ছাত্ৰীসকলে কম নম্বৰৰ ভয় অতিক্ৰম কৰি নম্বৰ যে সকলো নহয় সেই কথা উপলব্ধি কৰাৰ অভিজ্ঞতা ভাগ-বতৰা কৰে। তেওঁলোকে বিপৰ্যয়ৰ মাজতো অধ্যৱসায় উদাহৰণ ৰূপে ড০ এ পি জে আব্দুল কালামৰ দৃষ্টান্ত দাঙি ধৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মানসিক চাপ হ্ৰাস কৰিলে গায়ন-বায়ন, চিত্ৰকলা বা কবিতা লিখাৰ দৰে নতুন দক্ষতা শিকিবলৈ সুযোগ পোৱা যায় আৰু সৃষ্টিশীল কাম-কাজৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা কৰে।

কিতাপখনৰ পৰা লাভ কৰা আত্মবিশ্বাসেও ছাত্ৰ-ছাত্ৰীসকলক উপস্থাপনৰ প্ৰতি থকা ভয় দূৰ কৰাত সহায় কৰিছিল। প্ৰধানমন্ত্ৰীয়ে বুজাই দিয়ে যে আত্মবিশ্বাস সত্য আৰু অভিজ্ঞতাৰ পৰাই আহে, ঠিক যেনেকৈ সাধাৰণ মানুহে প্ৰত্যক্ষ কৰা পৰিঘটনাৰ বৰ্ণনা কৰোঁতে স্পষ্টকৈ ক’বলৈ সক্ষম হয়। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস তেওঁলোকৰ নিজৰ প্ৰচেষ্টা আৰু কৃতিত্বৰ সত্যতাৰ পৰাই উদ্ভৱ হয়।

এজন ছাত্ৰই বুজাই দিলে যে আগতে দীঘলীয়া সাহিত্যৰ গৱেষণা পত্ৰই তেওঁলোকক ভয় খুৱাইছিল যদিও এতিয়া তেওঁলোকে লিখাৰ অভ্যাস দ্ৰুত আৰু হাতৰ আখৰ উন্নত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাগজত লিখাৰ আগতে ৩০ ছেকেণ্ড থমকি ৰোৱা, দীঘলকৈ উশাহ লোৱা, মনক শান্ত কৰা আদি কৌশলৰ পৰামৰ্শ আগবঢ়ায়, ভুলৰ কাৰণ হ’ল খৰখেদাহে, জ্ঞানৰ অভাৱ নহয়। তেওঁ এই সিদ্ধান্তত উপনীত হয় যে সঠিক কৌশল আৰু আত্মবিশ্বাসেৰে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ভয়ক জয় কৰি সফল হ’ব পাৰে।

কোলাহলৰ মাজত অধ্যৱসায়ী

ঘৰত হুলস্থুল আৰু অভিভাৱকৰ সহায় অবিহনে কেনেকৈ পঢ়া-শুনা কৰিব লাগে বুলি প্ৰশ্ন কৰে এগৰাকী শিক্ষাৰ্থীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সা-সামগ্ৰী ভৰ্তি ম’হৰ গাড়ী এখনত বহি পঢ়া-শুনা কৰা শিশুৰ ভিডিঅ’ স্মৰণ কৰি সফলতাৰ বাবে আৰামৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। ব’ৰ্ড পৰীক্ষাত সৰ্বাধিক নম্বৰ পোৱা বহু ছাত্ৰ-ছাত্ৰী সৰু, প্ৰত্যন্ত গাঁৱৰ পৰা অহা বুলি আঙুলিয়াই দি অসুবিধাৰ মাজতো ক্ৰিকেটত সফলতা অৰ্জন কৰা এগৰাকী অন্ধ কন্যাৰ প্ৰেৰণাদায়ক কাহিনী শ্বেয়াৰ কৰে। তেওঁ কয় যে জীৱনটো আৰামৰ দ্বাৰা নহয়, মানুহৰ জীৱন-যাপনৰ পদ্ধতিৰ দ্বাৰা গঢ় লৈ উঠে।

তামিলনাডুৰ আন এগৰাকী শিক্ষাৰ্থীয়ে অতিথিয়ে পৰীক্ষাৰ প্ৰস্তুতিত বাধা দিয়াৰ বিষয়টো উত্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অতিথিসকলক তেওঁলোকৰ শৈশৱৰ অভিজ্ঞতাৰ বিষয়ে সুধি পৰিস্থিতি ইতিবাচক কৰি তোলাৰ পৰামৰ্শ দিয়ে, যাৰ ফলত মনোযোগ স্থানান্তৰিত হয় আৰু হেঁচা হ্ৰাস পায়।

ডাঙৰ সপোন আৰু তাতোকৈ ডাঙৰ কাৰ্য

লাডাখৰ এজন ছাত্ৰই প্ৰশ্ন কৰে যে শিশুৱে ডাঙৰ সপোন দেখা উচিত নেকি আৰু সেই সপোনবোৰ কেনেকৈ বাস্তৱায়িত কৰিবলৈ আৰম্ভ কৰিব পাৰি। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সপোন দেখাটো অপৰাধ নহয়, কিন্তু সপোন বাস্তৱায়িত কৰিবলৈ কাম কৰাৰ প্ৰয়োজন। তেওঁ বুজাই দিয়ে যে মহাকাশচাৰী হোৱাৰ দৰে আকাংক্ষা পূৰণৰ বাবে অধ্যয়ন, আত্মজীৱনী আৰু তীব্ৰ আগ্ৰহৰ প্ৰয়োজন। উপহাসৰ পৰা হাত সাৰিবলৈ সপোন ৰাজহুৱা নকৰিবলৈও সকীয়াই দি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সপোন লিখি ৰাখি ব্যক্তিগতভাৱে প্ৰতিপালন কৰিবলৈ উৎসাহিত কৰে।

ডাঙৰ সপোন বাস্তৱায়িত কৰিবলৈ দৈনন্দিন অভ্যাস সম্পৰ্কে আন এটা প্ৰশ্নৰ উত্তৰ দি শ্ৰী মোদীয়ে মহান ব্যক্তিত্বৰ আত্মজীৱনী পঢ়াৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ বুজাই দিয়ে যে তেওঁলোকৰ সংগ্ৰাম আৰু প্ৰাৰম্ভিক পদক্ষেপসমূহ বুজি পালে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰাত সহায়ক হয় আৰু আত্মবিশ্বাস লাভ কৰে, যাৰ ফলত তেওঁলোকে খোজৰ পিছত খোজ কেনেকৈ আগবাঢ়িব লাগে সেই বিষয়ে জানিব পাৰে।

ইয়াৰ পিছতে এজন ছাত্ৰই প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতৰ গৌৰৱ, মানৱতাৰ সেৱক, জাতিৰ সপোন বাস্তৱায়িত কৰা নেতা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীলৈ উৎসৰ্গিত এক কবিতা আবৃত্তি কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কবিতাটো আন্তৰিকতাৰে প্ৰশংসা কৰাৰ লগতে ছাত্ৰজনকো প্ৰশংসা কৰে।

যেতিয়া প্ৰধানমন্ত্ৰী শিক্ষক হ

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ শতবাৰ্ষিকী উপলক্ষে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ কল্পনা কৰিছে। তেওঁ কয় যে সেই সময়ত ৩৫ৰ পৰা ৪৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলে এই সপোন বাস্তৱায়িত কৰিবলৈ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়ত থাকিব। তেওঁ আঙুলিয়াই দিয়ে যে মহাত্মা গান্ধীয়ে ১৯১৫ চনত আফ্ৰিকাৰ পৰা উভতি আহি ১৯৪৭ চনলৈকে স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল, আৰু ভগত সিঙৰ দৰে নেতাৰ ত্যাগে এটা প্ৰজন্মক স্বাধীনতাৰ বাবে যুঁজিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ কয় যে যদি এনে এক ঐতিহাসিক স্বাধীনতা লাভ কৰিব পৰা যায়, তেন্তে সামূহিক প্ৰচেষ্টাৰে বিকসিত ভাৰতৰ সপোন নিশ্চিতভাৱে বাস্তৱায়িত হ’ব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক বিকশিত ভাৰতৰ প্ৰতি থকা ব্যক্তিগত প্ৰতিশ্ৰুতি লিখিবলৈ আহ্বান জনায় আৰু দক্ষতা বিকাশ, আত্মবিশ্বাস, আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰৰ সৈতে জড়িত বুলি বিবেচনা কৰিব পৰা পাঁচটা কাৰ্য্য চিনাক্ত কৰিবলৈ কয়। তেওঁ ছাত্ৰ-ছাত্ৰীৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি কয় যে স্বদেশী সামগ্ৰী গ্ৰহণৰ আৰম্ভণি হয় মনক প্ৰস্তুত কৰা আৰু ঔপনিৱেশিক মানসিকতা পৰিত্যাগ কৰাৰ পৰা। তেওঁ কয় যে বিদেশী সামগ্ৰীৰ প্ৰতি থকা আকৰ্ষণ বিদ্যালয়তো অটুট আছে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দেশ দিয়ে যে তেওঁলোকে দৈনিক ব্যৱহাৰ কৰা সকলো বস্তুৰ তালিকা প্ৰস্তুত কৰি বিদেশী সামগ্ৰী চিনাক্ত কৰি ক্ৰমান্বয়ে সেইবোৰৰ ঠাইত ভাৰতীয় সামগ্ৰীক বিকল্পৰূপে ব্যৱহাৰ কৰিব লাগে, যাতে এবছৰৰ ভিতৰত তেওঁলোকৰ ঘৰ ভাৰতীয় সামগ্ৰীৰে ভৰি পৰে। তেওঁ জোৰ দি কয় যে যদি ভাৰতীয়সকলে নিজেই নিজৰ সামগ্ৰীক লৈ গৌৰৱ নকৰে তেন্তে বিশ্বয়ো গৌৰৱ নকৰে। তেওঁ বিলম্বৰ বাবে "ভাৰতীয় সময়"ক দোষাৰোপ কৰাৰ প্ৰৱণতাক সমালোচনা কৰি মন্তব্য কৰে যে এনে মনোভাৱে দেশক অৱমাননা কৰে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষাৰ পৰা আৰম্ভ কৰি কৰ্তব্য পালনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে উন্নত ৰাষ্ট্ৰসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন যেন লাগে অনাময় কৰ্মীৰ বাবে নহয়, বৰঞ্চ নাগৰিকে আৱৰ্জনা পেলোৱাৰ পৰা বিৰত থকাৰ বাবেহে। তেওঁ ভাৰতীয়সকলক আহ্বান জনায় যে তেওঁলোকে কেতিয়াও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আপোচ কৰিব নালাগে, আনকি আনে পেলোৱা আৱৰ্জনাও তুলি ল’ব লাগে, যাতে আৱৰ্জনা পেলোৱাসকল লজ্জিত হয়। তেওঁ কয় যে স্বাস্থ্য বৰ্তাই ৰখাটোও এটা কৰ্তব্য, আৰু যদি নাগৰিকে এই দায়িত্ব পালন কৰে তেন্তে ভাৰতক বিকাশৰ পৰা কোনো শক্তিয়ে বাধা দিব নোৱাৰে, আৰু যুৱক-যুৱতীসকলে প্ৰাপ্তবয়স্ক হ’লেই ইয়াৰ পৰা সৰ্বাধিক লাভৱান হ’ব। তেওঁ সোধে যে তেওঁলোকে তেওঁলোকৰ উপকাৰ হোৱা কামত আগবাঢ়িব লাগেনে, আৰু ছাত্ৰ-ছাত্ৰীসকলে হয় বুলি উত্তৰ দিয়ে। ইয়াৰ পাছতে তেওঁ বৰ্তমান প্ৰজন্মৰ বাবে বিশেষকৈ প্ৰযুক্তিৰ ক্ষেত্ৰত উপলব্ধ বিশাল সুযোগসমূহৰ ওপৰত আলোকপাত কৰি কয় যে তেওঁৰ যুগত এনে সুযোগৰ অস্তিত্ব নাছিল যদিও আজিৰ যুৱক-যুৱতীসকলে কৃত্ৰিম বুদ্ধিমত্তাক উপযোগীভাৱে ব্যৱহাৰ কৰা উচিত। তেওঁ বুজাই দিয়ে যে কেৱল জীৱনীৰ সাৰাংশ দিবলৈ এআই ব্যৱহাৰ কৰিলে বিশেষ লাভ নহয়, কিন্তু বয়স আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি জীৱনীৰ পৰামৰ্শ দিবলৈ এআইক কোৱা আৰু তাৰ পিছত সেই কিতাপবোৰ পঢ়িলে প্ৰকৃত বিকাশ ঘটে। তেওঁ কয় যে এআই কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, শক্তি আৰু জ্ঞান বৃদ্ধিৰ মাধ্যম হ’ব লাগে। ছাত্ৰ-ছাত্ৰীসকলে এআইৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁৰ নিৰ্দেশনাৰ শলাগ লৈ নিজৰ প্ৰযুক্তিগত প্ৰচেষ্টাৰ লগত ইয়াক প্ৰাসংগিক বুলি বিবেচনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এজন ছাত্ৰই পৰিবেশন কৰা কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ ধাৰা এটাৰ বাঁহী পৰিবেশন শুনি প্ৰশংসা কৰে। তেওঁ এজন ছাত্ৰই উপহাৰ দিয়া হাতেৰে নিৰ্মিত ফুলৰ থোপাটোৰ শলাগ লৈ বসন্ত পঞ্চমীৰ সময়ত উত্তৰাখণ্ডৰ পৰম্পৰাগত তাৎপৰ্যৰ কথালৈ আঙুলিয়াই দিয়ে। লগতে ত্ৰিপুৰাৰ পৰম্পৰাক স্বীকাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে উপহাৰ দিয়া জৈৱিক চাহ আৰু অসমীয়া গামোচাৰ প্ৰশংসা কৰি কবিতা লিখাৰ বাবে উৎসাহিত কৰে। তেওঁ সকলোকে আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে।

আগন্তুক "পৰীক্ষা পে চৰ্চা"ৰ কিছু অংশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তত "পৰীক্ষা পে চৰ্চা" অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল, যিটো এই বিশেষ খণ্ডত প্ৰতিফলিত হৈছে। তেওঁ কয় যে পৰিয়ালত ভাই-ভনীৰ ভাল গুণৰ পৰা শিকিব লাগে আৰু মহান হোৱাৰ আকাংক্ষা কৰাটো ভুল নহয়, কিন্তু ইয়াক আনৰ লগত তুলনা কৰাৰ লগত জড়িত কৰা অনুচিত। তেওঁ ব্যক্তিগত আৰু সামাজিক দুয়োটা জীৱনতে শিক্ষাৰ গুৰুত্বত আলোকপাত কৰে, লগতে খেলা-ধূলা জীৱনৰ এক অপৰিহাৰ্য অংগ হ’ব লাগে বুলিও উল্লেখ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ চিন্তা আৰু অভিজ্ঞতা মুকলিকৈ ভাগ-বতৰা কৰিবলৈ আহ্বান জনায়।

পৰৱৰ্তী খণ্ডটো ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত প্ৰচাৰ কৰা হ’ব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative impact of Yoga
June 22, 2026

The Prime Minister, Shri Narendra Modi, said that the remarkable success of the International Day of Yoga is proof that Yoga is not only helping millions of people across the world achieve physical well-being, but is also inspiring them to lead positive lives with confidence.

The Prime Minister shared a Sanskrit Subhashitam-

“चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”

The Subhashitam conveys that yoga is the means of completely calming and quieting the mind. To attain this goal, two principal methods of yoga are prescribed: calming the mind and regulating the flow of the breath.

The Prime Minister wrote on X;

“अंतर्राष्ट्रीय योग दिवस की बड़ी सफलता इस बात का प्रमाण है कि योग न केवल दुनियाभर में करोड़ों लोगों को शारीरिक रूप से स्वस्थ बना रहा है, बल्कि उन्हें आत्मविश्वास के साथ सकारात्मक जीवन जीने के लिए प्रेरित भी कर रहा है।

चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”