Listen to everyone’s advice, but change your pattern only when you want to: PM
PM advises teachers to inform students in advance to create curiosity and improve understanding
Goals should be within reach but not easily achievable - Aim and Act: PM
Plough the mind, then connect the mind, and then place the subjects of study, this will help you succeed: PM
Balancing studies, skills, rest and hobbies is the key to growth: PM
Books impart knowledge, but only practice makes you professionally skilled: PM
Don’t waste time dwelling on the past, think of living what lies ahead: PM
Education is not only for exams but for life, exams are meant to examine oneself: PM
Aspire, not to be, but to do: PM
The Present is God’s greatest ‘Present’ - Live here and now: PM
The more involved you are in a moment, the longer you remember it: PM
Collaborative learning helps everyone improve: PM
Revise and become wise: PM
Strengthen your foundation in school, competitive exams will follow in time: PM
PM advises parents to allow children to blossom according to their capacity, ability, and interest
Turn your hobbies into practical products and share them for free, Feedback fuels new ideas and success: PM
Discover Yourself, Experience all that life offers: PM
Exams are like Festivals, celebrate them: PM
Real confidence comes from inner truth, Be true to who you are: PM
Comfort zones don’t shape life - your way of living does: PM
Not having a dream is a crime - have a dream always: PM
Be your own anchor, celebrate your strengths: PM
Dream big, fear less - read biographies: PM
Maintaining Cleanliness is the foremost priority and our duty: PM
Technology is a great teacher, embrace it, AI increases our capabilities: PM
Harness AI wisely, boost your wisdom: PM

প্ৰধানমন্ত্ৰীঃ এতিয়া আৰম্ভ কৰো, কোৱা!

শিক্ষাৰ্থীঃ মই ছানভী আচাৰ্য, আপোনাৰ ৰাজ্য গুজৰাটৰ পৰা আহিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ’ল যে আমাৰ পিতৃ-মাতৃয়ে আমাৰ বিষয়ে চিন্তা কৰে আৰু আমাৰ শিক্ষকসকলে আমাক সমৰ্থন কৰে। কিন্তু মূল সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া আমাৰ শিক্ষকসকলে এক বেলেগধৰণৰ অধ্যয়নৰ পৰামৰ্শ দিয়ে। অভিভাৱকসকলে আমাক এই আৰ্হি অনুসৰণ কৰিবলৈ কয়, আনহাতে শিক্ষাৰ্থীসকলৰ প্ৰায়ে বিভিন্ন প্ৰৱণতা থাকে,সেয়েহে আমি প্ৰায়ে কোনটো আৰ্হি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰোঁ।

প্ৰধানমন্ত্ৰীঃ চোৱা, মোৰ গোটেই জীৱনটো এনেকুৱাই। আনকি মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো কোনোবাই মোক এইটো কৰিবলৈ কয়, আন কোনোবাই মোক সেইটো কৰিবলৈ কয়। যদি তোমালোকে ঘৰৰ আহাৰৰ ওপৰত চকু দিলে দেখিবাসকলো ভাই-ভনীয়ে চাৰিওফালে বহি খাই আছে আৰু সকলোৰে খোৱা-বোৱাৰ ধৰণ বেলেগ বেলেগ। কোনোবাই শাক-পাচলিৰে আৰম্ভ কৰিব।

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃকোনোবাই দাইলেৰে আৰম্ভ কৰিব।

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ কোনোবাই ৰুটি, শাক-পাচলি আৰু মাহজাতীয় শস্য একেলগে ল’ব। প্ৰত্যেকৰে বাবে আৰ্হিবোৰ পৃথক হয় নে নহয়?

শিক্ষাৰ্থীঃহয়, ছাৰ!

 

প্ৰধানমন্ত্ৰীঃ তোমালোকে নিজৰ বিষয়ে কি ক’বা, তেওঁলোকক অনুসৰণ কৰা নেকি?

শিক্ষাৰ্থীঃনহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমালোকে নিজৰ ধৰণেখোৱা আৰু সেয়া উপভোগ কৰা, নহয়নে?

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ গতিকে, কিছুমান লোক আছে যিয়ে অনুভৱ কৰে যে তেওঁলোকে ৰাতি ভালদৰে অধ্যয়ন কৰিব পাৰে। কিছুমানে ভাবে যে তেওঁলোকে পুৱা ৪বজাত উঠি পঢ়িব। প্ৰত্যেকৰে নিজস্ব ধাৰা আছে।

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিন্তু কিছুমান অসৎ। তেওঁলোকে ৰাতি মাকক কয়, "নহয়, মই কালিৰ পৰা পুৱা পঢ়িবলৈ আৰম্ভ কৰিছো।"যেতিয়া তেওঁলোককপুৱা মাকে জগাবলৈ আহে, তেওঁলোকে কয়, "নহয়, মই নুঠো।" তেওঁলোকে ইয়াক পিছুৱাই ৰাখে।

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ প্ৰথমতে, তোমালোকৰ নিজৰ আৰ্হিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখা। কিন্তু আৰ্হিটোৰ সম্পৰ্কে পৰামৰ্শবোৰ সাৱধানে শুনা, সেইবোৰ বুজিবলৈ চেষ্টা কৰাআৰু যদি অনুভৱ কৰা যে মোৰ দৰে এটা আৰ্হি আছে, তেন্তে মই ইয়াত কিবা যোগ দিলে উত্তম হ'ব। কিন্তু আন কাৰোবাৰ পৰামৰ্শৰ ভিত্তিত ইয়াক যোগ নকৰিবা; নিজৰ অভিজ্ঞতাৰ ভিত্তিত ইয়াক যোগ কৰা। উদাহৰণস্বৰূপে, যেতিয়া মই পৰীক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিলো, তেতিয়া এটা ধাৰা আছিল। এতিয়া, লাহে লাহে, মই ইয়াক উন্নত কৰি আছোঁ।

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ মই নিজকে সলনি কৰি গৈ আছোঁ। এইবাৰ মই এইটো বিভিন্ন ৰাজ্যত কৰিছোঁ। সেয়েহে মই মোৰ আৰ্হি সলনি কৰিছোঁ, কিন্তু মই মূল আৰ্হিটো পৰিত্যাগ কৰা নাই।

শিক্ষাৰ্থীঃহয়, ছাৰ!

শিক্ষাৰ্থীঃতেওঁৰ আচৰণো বহুত ভাল আছিল। তেওঁ অতি বন্ধুসুলভ আছিল। আমাৰ সকলো ল'ৰা-ছোৱালীৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছিল। প্ৰধানমন্ত্ৰীয়ে আমাক কৈছিল যে আমি সকলোৰে আৰ্হিবোৰ শুনিব লাগে আৰু প্ৰত্যেকৰ পৰা অলপ শিকিব লাগে। আমি আমাৰ নিজৰ আৰ্হিৰ ওপৰত গুৰুত্ব দিব লাগে। আমি সকলোৰে পৰা কিছুমান ভাল গুণ ল’ব লাগে আৰু লাহে লাহে সেই আৰ্হিবোৰ আগুৱাই নিব লাগে।

 

শিক্ষাৰ্থীঃনৰ্মদা ছাৰ!

প্ৰধানমন্ত্ৰীঃ নৰ্মদা হৰ!

শিক্ষাৰ্থীঃছাৰ, মোৰ নাম আয়ুষ তিৱাৰী। ছাৰ, মোৰ প্ৰশ্নটো হ'ল যে প্ৰায়ে আমি বিদ্যালয় বা শিক্ষকৰ গতিৰ সৈতে খাপ খাব নোৱাৰোঁআৰু আমি যি পাছ পৰি ৰ’লোঁসেয়া সামৰি ল'বলৈ চেষ্টা কৰোঁতে আমি পৰৱৰ্তী অধ্যায়বোৰত পাছ পৰি ৰওঁ। গতিকে, এই পৰিস্থিতিৰ আমি কেনেকৈ মোকাবিলা কৰিম?

প্ৰধানমন্ত্ৰীঃ তেনেহ'লে তোমাৰ শিক্ষকৰ বিৰুদ্ধে অভিযোগ আছে?

শিক্ষাৰ্থীঃনাই ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিন্তু তুমি অতি চতুৰালিৰে শিক্ষকৰ বিৰুদ্ধে অভিযোগ কৰিছা। গতিকে, মই শিক্ষকজনৰ হৈ উত্তৰ দিম।

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃএজন শিক্ষকৰ প্ৰচেষ্টা শিক্ষাৰ্থীৰ গতিৰ সৈতে হোৱা উচিত। মোৰ গতি এক খোজ বেছি হ'ব, কিন্তু তাতকৈ বেছি নহয়। আমাৰ লক্ষ্য এনে হ'ব লাগে যি সাধ্যৰ ভিতৰত থাকে, কিন্তু খামোচ মাৰি থকা ধৰণৰ নহয়।

শিক্ষাৰ্থীঃহয়, ছাৰ!

শিক্ষাৰ্থীঃ ছাৰ, এইটো পৰীক্ষা যোদ্ধা মন্ত্ৰ ২৬-ত লিখা আছে, লক্ষ্যটো ঢুকি পোৱাৰ ভিতৰত থাকিব লাগে, কিন্তু সহজে লাভ কৰিব পৰা নহয়।

প্ৰধানমন্ত্ৰীঃবঢ়িয়া! তোমাৰ সকলো মনত আছে?

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ চোৱা, যদি এজন শিক্ষাৰ্থীয়ে আধা ৰাস্তাৰ ৫০ খোজ আগুৱাই যায়, তেওঁ ক'ব, "ভাই, এইটো গ'ল, এয়া মোৰ কাম নহয়।" যেনেকৈ এজন কৃষকে নিজৰ পথাৰখন হাল বায় তেনেদৰে শিক্ষাৰ্থীৰ মনটো কৰ্ষণ কৰা উচিত। ইয়াৰ পদ্ধতি কি?ধৰি লোৱা তেওঁ জানুৱাৰীৰ তৃতীয় সপ্তাহত ইতিহাসৰ এইটো পাঠ শিকাব। সেয়েহে, ১জানুৱাৰীততেওঁক কওক, "ভাই, মই প্ৰথম সপ্তাহত ইতিহাসৰ এইটো পাঠ, দ্বিতীয় সপ্তাহত ইতিহাসৰ এইটো পাঠআৰু তৃতীয় সপ্তাহত ইতিহাসৰ এইটো পাঠ শিকাম। গতিকে, তোমালোকে জানিলা যে এই তিনিটা বিষয় অহা তিনি সপ্তাহৰ ভিতৰত আহিব।"তেতিয়া তেওঁ ক'ব", মই তোমালোকক শিকোৱাৰ আগতে পঢ়া-শুনা আৰম্ভ কৰা। পঢ়া-শুনা কৰা আৰু উভতি আহা, উভতি অহাৰ আগতে কাৰোবাক সুধি লোৱা।"

 

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ যদি তোমালোক গুগলৰ জৰিয়তে কিবা কৰিব বিচৰা, তেন্তে সেইটো তাতে কৰা আৰু উভতি আহা।

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু তাৰ পাছত, যেতিয়া প্ৰকৃততে পাঠ শিকোৱা হ’ব, তেতিয়া কি হ’ব?

 

 

শিক্ষাৰ্থীঃছাৰ, আমাৰ মাজত কৌতুহলৰ সৃষ্টি হ'ব।

শিক্ষাৰ্থীঃছাৰ, আমি কৌতূহলী হ'ম। আমি ভালদৰে বুজি পাম কাৰণ আমি ইতিমধ্যে ইয়াক পঢ়িছো।

শিক্ষাৰ্থীঃ মনোযোগো ভাল হ'ব।

প্ৰধানমন্ত্ৰীঃ মানসী!

শিক্ষাৰ্থীঃছাৰ, যদি আমি কোনো অধ্যায় অতি আকৰ্ষণীয় বুলি অনুভৱ কৰোঁ, তেন্তে আমি ইয়াক অধিক বুজা আৰু অধিক জনাৰ ইচ্ছা অনুভৱ কৰিম, যাৰ ফলত আমি সেই অধ্যায়টো অধিক ভালদৰে পৰ্যালোচনা কৰিব পাৰিম।

প্ৰধানমন্ত্ৰীঃ মোক কোৱা, এইটো এটা সাধাৰণ কাম, নহয়নে?

শিক্ষাৰ্থীঃহয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেনেহ’লে সেই শিক্ষকজনৰ গতিৰ ক্ষেত্ৰত তোমাৰ কিবা সমস্যা হ’ব নেকি?

শিক্ষাৰ্থীঃনহয়ছাৰ!

প্ৰধানমন্ত্ৰীঃ নহয়। তোমাৰ পিছপৰি থকা যেন অনুভৱ হ’ব নেকি?

শিক্ষাৰ্থীঃনহয়ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিয়? কিয়নো তুমি শিক্ষকতকৈ এক খোজ আগুৱাই গৈ আছা।

শিক্ষাৰ্থীঃহয় ছাৰ!

প্ৰধানমন্ত্ৰীঃতোমাৰ মনটো কৰ্ষণ কৰা, তাৰ পিছত ইয়াক সংহত কৰাআৰু তাৰ পিছত অধ্যয়ন কৰিব বিচৰা বিষয়বোৰ বাছনি কৰা। তেতিয়া শিক্ষাৰ্থীসকলক সদায় সফল দেখা যাব।

শিক্ষাৰ্থীঃ সকলোৱে সন্মানীয় প্ৰধানমন্ত্ৰীৰ সৈতে মুখামুখিকৈ বহাৰ, তেওঁক প্ৰশ্ন সুধিবলৈ আৰু কথোপকথন ভাগ বাটোৱাৰা কৰাৰ সুযোগ নাপায়। তেওঁ ব্যাখ্যা কৰিছিল যে শিক্ষকজনৰ পৰা দুই খোজ পাছত থকাৰ পৰিৱৰ্তে আমি তেওঁৰ পৰা দুই খোজ আগুৱাই থাকিব লাগে, যাতে আমি তেওঁৰ পৰা পিছ পৰি থাকিব নালাগে।

 

শিক্ষাৰ্থীঃ হেলো ছাৰ!

প্ৰধানমন্ত্ৰীঃ হয়, নমস্কাৰ!

শিক্ষাৰ্থীঃ মই শ্ৰেয়া প্ৰধান, ছিকিমৰ পৰা আহিছোঁ। ছাৰ, এইটো এটা স্ব-ৰচিত গীত। ইয়াক তিনিটা ভাষাত লিখা হৈছে।

প্ৰধানমন্ত্ৰীঃ বঢ়িয়া!

শিক্ষাৰ্থীঃ হিন্দী, নেপালী আৰু বাংলা ভাষাত। এইটো এটা দেশপ্ৰেমমূলক গীত।

প্ৰধানমন্ত্ৰীঃ সুন্দৰ,কোৱা!

শিক্ষাৰ্থীঃ মই ইয়াৰ শিৰোনাম দিছোঁ, আমাৰ ভাৰত ভূমি।

প্ৰধানমন্ত্ৰীঃতাৰ মানেতুমি কবিতা লিখিবলৈ ভাল পোৱা?

শিক্ষাৰ্থীঃ হয় ছাৰ! ছাৰ,কবিতা মই বেছিভাগ প্ৰকৃতিৰ বিষয়ে লিখিছোঁ।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে, প্ৰকৃতিৰ বিষয়ে!

শিক্ষাৰ্থীঃ মই মানৱীয়তাৰ বিষয়েও কেবাবাৰো লিখিছো।

প্ৰধানমন্ত্ৰীঃ আহা, মোক শুনোৱা!

শিক্ষাৰ্থীঃ আমাৰ দেশ ভাৰত দেশ,ঋষি-মুনিসকলৰ দেশ। আমাৰ দেশ ভাৰত, ঋষি-মুনিৰ দেশ। বৈচিত্ৰ্যৰ মাজত একতা, শান্তিৰ পৰিৱেশ। বৈচিত্ৰ্যৰ মাজত একতা, শান্তিৰ পৰিৱেশ। দেৱ-দেৱীৰ প্ৰিয় হৈছে লোকসকল, মানৱতা এক,হে ঈশ্বৰ।

প্ৰধানমন্ত্ৰীঃ বহুত ভাল হৈছে! অতি সুন্দৰ! অতি সুন্দৰ! তুমি দেশৰ একতাৰ কথা কৈছা। এক ভাৰত, এক মহান ভাৰত। মানসী, তোমাৰ কিবা গান আছে নেকি?

শিক্ষাৰ্থীঃহয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ মোক কোৱা, তুমি কোনটো গান গাবা?

শিক্ষাৰ্থীঃছাৰ, মই এটা গীত গাব বিচাৰোঁ।

প্ৰধানমন্ত্ৰীঃ হয়, মোক কোৱা!

শিক্ষাৰ্থীঃছাৰ, এই গীতটো মোৰ মায়ে লিখিছে আৰু এই গীতটো শিক্ষাৰ্থীসকলক উৎসৰ্গা কৰা হৈছে।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে, মোক কোৱা!

শিক্ষাৰ্থীঃ আগবাঢ়ি যোৱা,আগবাঢ়ি যোৱা। কিবা এটা কৰি থাকা, কিবা এটা কৰি থাকা। সমগ্ৰ বিশ্ব তোমাৰ পিছফালে আছে, অসুবিধাসমূহৰ সৈতে যুঁজি থাকা।

প্ৰধানমন্ত্ৰীঃ বঢ়িয়া!

শিক্ষাৰ্থীঃ সমগ্ৰ বিশ্বই তোমাৰ পিছফালে আছে, কিন্তু, অসুবিধাসমূহৰ সৈতে যুঁজি থাকা। আগবাঢ়ি যোৱা, আগবাঢ়ি যোৱা।

প্ৰধানমন্ত্ৰীঃবঢ়িয়া! আশ্চৰ্যজনক! অনুগ্ৰহ কৰি তোমাৰ মাক মোৰ অভিনন্দন জনাবা।

শিক্ষাৰ্থীঃধন্যবাদ ছাৰ!

 

প্ৰধানমন্ত্ৰীঃতোমাৰ মাতৃয়ে এটা অতি প্ৰেৰণাদায়ক গান লিখিছে!

শিক্ষাৰ্থীঃ ছাৰ, মোৰ এটা ইউটিউব চেনেল আছে, ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামো আছে।

প্ৰধানমন্ত্ৰীঃ হয় নেকি!

শিক্ষাৰ্থীঃ হয়, ছাৰ! মোৰ ফেচবুক পৃষ্ঠাত ১,৫০,০০০ফলোৱাৰ্ছ আছে।

প্ৰধানমন্ত্ৰীঃ ডেৰ লাখ!

শিক্ষাৰ্থীঃ এইটো বহুত আনন্দদায়ক কথা আৰু তোমাক লগ পোৱাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়।

 

প্ৰধানমন্ত্ৰীঃ আহা, সকলোৱে, অনুগ্ৰহ কৰি বহা! ঠিক আছে, মই তোমালোক সকলোকে আজি স্বাগতম জনাইছোঁ। অসমীয়া লোকসকলে ইয়াক গামোচা বুলি কয়।ই একমহান বস্তু, ই মোৰ প্ৰিয়। ইয়াৰ আৰ্হিটো মোৰ বহুত ভাল লাগে। দ্বিতীয়তে, ই অসম আৰু বিশেষকৈ উত্তৰ-পূবত মহিলা সবলীকৰণৰ প্ৰতীক। ইয়াক ঘৰতে বোৱা হয়আৰু মাতৃ শক্তি, নাৰী শক্তিয়ে, তাত যেনেদৰে কাম কৰেএক প্ৰকাৰে সিয়েমোক বহুত সন্মান দিয়ে। সেয়েহে মই আজি এই শিশুসকলক একোখন অসমীয়া গামোচা দিবলৈ বিচাৰিছিলোঁ।

শিক্ষাৰ্থীঃ ধন্যবাদ, ছাৰ! ধন্যবাদ, ছাৰ!

শিক্ষাৰ্থীঃ মোৰ নাম সাবাৱত ভেংকটেশ।

প্ৰধানমন্ত্ৰীঃ হয় ভেংকটেশ, কোৱা!

শিক্ষাৰ্থীঃছাৰ, মই প্ৰযুক্তি আৰু ৰবটিক্সৰ প্ৰতি অতি আগ্ৰহী। আপুনি শেহতীয়াকৈ বহুবাৰ কৈছে যে দক্ষতা অধিক গুৰুত্বপূৰ্ণআৰু বাহিৰত মানুহে এয়াও কয় যে নম্বৰ অধিক গুৰুত্বপূৰ্ণ। দক্ষতা গুৰুত্বপূৰ্ণ, নম্বৰ অধিক গুৰুত্বপূৰ্ণ। এনেধৰণৰ চিন্তাই প্ৰায়ে আমাৰ ভিতৰত ভয়ৰ সৃষ্টি কৰে। গতিকে, মোক কওকচোন দক্ষতা অধিক গুৰুত্বপূৰ্ণ নে নম্বৰ অধিক গুৰুত্বপূৰ্ণ?

প্ৰধানমন্ত্ৰীঃ সাধাৰণ প্ৰশ্নটো হ’ল এইটো গুৰুত্বপূৰ্ণ নে সেইটো, খোৱাটো গুৰুত্বপূৰ্ণ নে টোপনি, অধ্যয়ন নে খেল। ইয়াৰ এটা উমৈহতীয়া উত্তৰ আছেনেঃ সকলোতে ভাৰসাম্য থাকিব লাগে। যদি তুমি এফালে হাউলি যোৱা তুমি পৰিবা নে নপৰা?

শিক্ষাৰ্থীঃ পৰিম ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু যদি তুমি সঠিক ভাৰসাম্য বৰ্তাই ৰাখা, তুমি কেতিয়াবা পৰিবা জানো?

শিক্ষাৰ্থীঃ নপৰো ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেন্তে, এইটো এটা সৰল কথা। এতিয়া, আন এটা কথাঃ দুই ধৰণৰ দক্ষতা আছে। এটা হ’ল জীৱন দক্ষতা। আনটো হৈছে বৃত্তিগত দক্ষতা। কোনোবাই মোক সুধিব পাৰে, "ছাৰ, আমি জীৱন দক্ষতাত নে বৃত্তিগত দক্ষতাৰ ওপৰত গুৰুত্ব দিব লাগে? " মই ক'ম, "আমি দুয়োটাৰে ওপৰত গুৰুত্ব দিয়া উচিত।" এতিয়া, মোক কোৱা, অধ্যয়ন, পৰ্যবেক্ষণ আৰু জ্ঞানৰ প্ৰয়োগ অবিহনে যিকোনো দক্ষতা আহৰণ কৰিব পাৰি নেকি?

শিক্ষাৰ্থীঃ নোৱাৰি ছাৰ!

প্ৰধানমন্ত্ৰীঃ গতিকে দক্ষতা জ্ঞানৰ পৰাই আৰম্ভ হয়।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ গতিকে, সেইবোৰৰ গুৰুত্ব সৰু কথা নহয়। ধৰি লোৱা, আমি ভালদৰে পঢ়া-শুনা কৰিছো, কিন্তু হঠাতে আমাৰ পিতৃ-মাতৃয়ে বাহিৰলৈ যাব লগা হৈছে। ফলত আমি ভোকত আছো। পাকঘৰত সকলোবোৰ পৰি আছে, কিন্তু আমি কেনেকৈ কৰিব লাগে নাজানো। কি কৰিব লাগে,  কোনটো বাকচত কি আছে, কেনেকৈ উলিয়াই আনিব লাগে নাজানো। কিয়? আমি কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ। সেয়েহে, জীৱন দক্ষতা হৈছে জীৱনৰ দৈনন্দিন ৰুটিন। কেনেকৈ আমাৰ জীৱন দক্ষতা উন্নত কৰিব পাৰি? মই পুৱা কিমান বজাত উঠিম? মই কিমান বজাত শুবলৈ যাম? মই ব্যায়াম কৰোঁনে?  মই মোৰ বয়স অনুসৰি ব্যায়াম কৰোঁনে? মই নতুন ব্যায়াম শিকিছো নেকি? যেতিয়া মই কাৰোবাক লগ কৰিবলৈ যাওঁ, মই আত্মবিশ্বাসৰে কথা পাতিব পাৰোঁনে? মই ৰে'লৱে ষ্টেচনলৈ গ’লো, কিন্তু ক'ৰ পৰা টিকট কিনিব লাগে নাজানো। তাৰপিছত মই ১০জন লোকক সুধিলো, "মই টিকট ক’ত পাম? " সেয়েহে, আমি এই জীৱন দক্ষতাবোৰ অন্তৰ্ভুক্ত কৰিব লাগিব। এতিয়া, দ্বিতীয় বিষয় হৈছে বৃত্তিগত দক্ষতা। ধৰি লোৱা, তুমি এগৰাকী চিকিৎসক হ'বলৈ গৈ আছা, তোমাৰ চিকিৎসা দক্ষতা শেহতীয়া হ'ব লাগিব। এনেকুৱা নহয় যে মই বিশ্ববিদ্যালয়ত এক নম্বৰ আছিলো, সেয়েহে মই অস্ত্ৰোপচাৰ কৰোঁ নে নকৰোঁ সেয়া ঠিক আছে। যদি তুমি হৃদৰোগ বিশেষজ্ঞ হ'ব বিচৰা, কিতাপবোৰে তোমাক হৃদৰোগ বিশেষজ্ঞ হোৱাত সহায় কৰিব পাৰে, কিন্তু সেইবোৰে তোমাক হৃদৰোগ বিশেষজ্ঞ কৰি তুলিব নোৱাৰে। তুমি কেৱল তেতিয়াহে হৃদৰোগ বিশেষজ্ঞ হ'বা যেতিয়া প্ৰতিটো পৰ্যায়ত ৰোগীৰ সৈতে জড়িত হৈ নিজৰ দক্ষতাৰ প্ৰকৃততে বিকাশ ঘটাবা। যদি তুমি অধিবক্তা হ'ব বিচৰা, তুমি সংবিধানৰ সকলো ধাৰা জানিবা, এই ধাৰাৰ অধীনত শাস্তি, এই ধাৰাৰ অধীনত দিয়া জামিন, তুমি সকলো জানিবা। কিন্তু যদি তুমি আদালতলৈ যাব বিচৰা আৰু অধিবক্তা হিচাপে প্ৰশিক্ষণ ল'ব বিচৰা, তেন্তে তুমি এজন কনিষ্ঠ অধিবক্তা হ'ব লাগিব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ বৃত্তিগত দক্ষতা শিকিব লাগিব। সেইবোৰৰ মাজেৰে আগবাঢ়িব লাগিব, আৰু সেয়েহে, জীৱন দক্ষতাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহয়। তোমালোকে সেইবোৰ ১০০% আহৰণ কৰিব লাগিব। বৃত্তিগত দক্ষতাৰ অৰ্থ হৈছে আগ্ৰহ থকা বৃত্তিত নিৰন্তৰ উদ্ভাৱন কৰা। ইয়াৰ পূৰ্বে হৃদ ৰোগীসকলৰ প্ৰযুক্তিত ইমান প্ৰৱেশাধিকাৰ নাছিল। এতিয়া প্ৰযুক্তি আহিছে, সেয়েহে তোমাৰ বয়স ৪০বছৰ হ’লেও প্ৰযুক্তি অধ্যয়ন কৰিব লাগিব। সেয়েহে, শিক্ষা আৰু দক্ষতা যমজ সন্তানৰ দৰে। সেইবোৰ পৃথক নহয়, কিন্তু জীৱনত দক্ষতা অতি প্ৰয়োজনীয়।

শিক্ষাৰ্থীঃ মই এটা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান। পৰিয়ালেও গৌৰৱ অনুভৱ কৰিছে যে তেওঁলোকৰ পুত্ৰ গৈছে। তেওঁলোকৰ সৈতে কথা পাতিবলৈ আকৰ্ষণ বৃদ্ধি পাইছিল, সেয়েহে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ সুযোগ পাইছিলোঁ।

 

শিক্ষাৰ্থীঃ জয় হিন্দ ছাৰ! ছাৰ মোৰ নাম ইমোটা কে শ্যাম। মই মণিপুৰৰ ইম্ফলৰ সৈনিক স্কুলৰ পৰা আহিছো। ছাৰ, আপুনি মোৰ বাবে সৰুৰে পৰা এক বৃহৎ প্ৰেৰণা, আৰু মোৰ জন্মদিনো আপোনাৰ জন্মদিনৰ লগত মিলি যায়।

প্ৰধানমন্ত্ৰীঃ বাৰু! এজন নেতাই মোক মোৰ জন্মদিনত ফোন কৰিলে। ১৭ ছেপ্টেম্বৰত তেওঁ মোক কৈছিল যে তোমাৰ ৭৫ বছৰ হ’ল। মই ক’লোঁ যে মোৰ এতিয়াও ২৫ বছৰ বাকী আছে। গতিকে, মই যি পাছ হৈছে গণনা নকৰো, যি বাকী আছে সেইটো গণনা কৰো, আৰু জীৱনত মই তোমাক সেইটোৱেই কওঁ: যি পাৰ হৈছে সেইটো গণনা কৰি সময় নষ্ট নকৰিবা। বাকী থকাখিনি জীয়াই থকাৰ কথা ভাবি চোৱা। গতিকে, এতিয়া কোৱাচোন!

শিক্ষাৰ্থীঃ ছাৰ, আপোনালোকৰ প্ৰতি মোৰ প্ৰশ্ন হ'ল, আমি যেতিয়া ব'ৰ্ড পৰীক্ষা বা আন স্কুলৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওঁ তেতিয়া আমি যোৱা কেইবছৰমানৰ প্ৰশ্নবোৰ চাই নিজেই সিদ্ধান্ত লওঁ কোনটো বিষয় বেছি উপযুক্ত হ'ব, কোনটো গুৰুত্বপূৰ্ণ, আৰু কিছুমানৰ নম্বৰ পোৱাৰ সম্ভাৱনা কম বুলি আমি ভাবো, সেইবোৰ পৰীক্ষকে গুৰুত্ব নিদিয়ে, গতিকে আমি সেইবোৰ এৰি দিওঁ। এইটো সঠিক নেকি?

প্ৰধানমন্ত্ৰীঃ কেতিয়াবা তুমি হয়তো বাতৰি কাকতত এইবাৰৰ পৰীক্ষাটো বৰ কঠিন আছিল বুলি শিৰোনামবোৰ লক্ষ্য কৰিছিলা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ ছাত্ৰ-ছাত্ৰীসকলে বহুত কষ্ট পাইছিল। কিয় এনেকুৱা হৈছে? এই পৰীক্ষা পাঠ্যক্ৰমৰ বাহিৰত হৈছিল নেকি?

শিক্ষাৰ্থীঃ নহয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিন্তু কিয় অসুবিধা পায়? কাৰণ তুমি ১০ বছৰৰ আৰ্হিটোৰ ওপৰত গুৰুত্ব দিছিলা, যিটো প্ৰতিটো বিষয়ৰ বাবে তিনি, চাৰি বা পাঁচ বছৰৰ বাবে প্ৰশ্নৰে গঠিত আছিল।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ প্ৰথমে নিশ্চিত পৰামৰ্শ আহিল, তাৰ পিছত আহিল গুৰুত্বপূৰ্ণ প্ৰশ্ন, তাৰ পিছত আহিল ১০ বছৰীয়া পৰীক্ষা। তুমি এটা আৰ্হি লব পাৰা, আৰু একেটা আৰ্হি অনুসৰণ কৰিব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ মই পঢ়া সময়তো এই সমস্যাটো আছিল, আৰু কিছুমান শিক্ষকেও এই সমস্যা বিয়পাইছিল। শিক্ষকসকলে কি ভাবে? তেওঁলোকে বিচাৰে তেওঁলোকৰ স্কুলৰ ভাল নম্বৰ হওক, তেওঁলোকৰ ক্লাছৰ ভাল নম্বৰ হওক। গতিকে, তেওঁলোকে কি কৰে? তেওঁলোকে কেৱল সেইটোৱেই শিকাইয় যি তেওঁলোকক নম্বৰ দিব।

 

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তুমি নিশ্চয় লক্ষ্য কৰিছা যে ভাল শিক্ষকে সৰ্বাংগীণ বিকাশৰ বাবে সম্পূৰ্ণ পাঠ্যক্ৰম শিকায়। তেওঁলোকে তোমাক সমগ্ৰ পাঠ্যক্ৰমত কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰায়। তোমাৰ জীৱনত সেই পাঠ্যক্ৰমৰ প্ৰয়োগ তেওঁলোকে বুজি পায়। এতিয়া এজন খেলুৱৈৰ কথা চিন্তা কৰা। উদাহৰণস্বৰূপে যদি তেওঁ বলিং কৰিবলগীয়া হয়, তেন্তে তেওঁ কেৱল কান্ধৰ পেশীবোৰ শক্তিশালী কৰি থাকিলেই তেওঁ এজন ভাল বলাৰ হ’বনে?

শিক্ষাৰ্থীঃ নহব ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেওঁ আৰু কি কৰিব লাগিব?

শিক্ষাৰ্থীঃ তেওঁ ব্যায়াম কৰিব লাগিব, যোগাসন কৰিব লাগিব।

প্ৰধানমন্ত্ৰীঃ হয়, তেওঁ ব্যায়াম কৰিব লাগিব, সমগ্ৰ শৰীৰটো শক্তিশালী কৰিব লাগিব। মনটোও মজবুত কৰিব লাগিব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেওঁ সেই অনুসৰি খাদ্যাভ্যাসকো খাপ খুৱাই লব লাগিব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেওঁ সেই অনুসৰি শুবও লাগিব। তেওঁ কি কৰে? কেৱল বল নিক্ষেপ কৰে, কিন্তু গোটেই শৰীৰটো সাজু কৰে নে?

শিক্ষাৰ্থীঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ তেওঁৰ শৰীৰৰ এটা অংশ দুৰ্বল- ধৰি লোৱা তেওঁ ভাল বল কৰে, কান্ধখনো বৰ ভাল, স্পীড ভাল, কিন্তু ভৰিখনে ভালদৰে কাম কৰা নাই- তেতিয়া তেওঁ বলিং কৰিব পাৰিবনে?

শিক্ষাৰ্থীঃ নোৱাৰে ছাৰ!

প্ৰধানমন্ত্ৰীঃ যেনেকৈ এজন খেলুৱৈয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ আৰু কোনো খেল আয়ত্ত কৰিবলৈ হ’লে নিজৰ সমগ্ৰ শৰীৰৰ যত্ন ল’ব লাগে ঠিক তেনেদৰে জীৱনটোও পৰীক্ষাৰ কথা নহয়; শিক্ষা আমাৰ জীৱন গঢ় দিয়াৰ এক মাধ্যম, আৰু আমি আমাৰ শিক্ষাত সঠিক বা ভুল কৰো, আমি বাৰে বাৰে পৰীক্ষা দিওঁ। গতিকে এই পৰীক্ষাৰ উদ্দেশ্য হৈছে নিজকে পৰীক্ষা কৰা। পৰীক্ষাৰ নম্বৰ চূড়ান্ত লক্ষ্য হ’ব নোৱাৰে। চূড়ান্ত লক্ষ্য হ’ব লাগে আমাৰ সমগ্ৰ জীৱনৰ বিকাশ, আৰু সেয়েহে, আমি নিজকে ১০টা প্ৰশ্ন বা এইটো কৰাৰ আৰ্হিত সীমাবদ্ধ থাকিব নালাগে। ইয়াৰ অৰ্থ এইটো নহয় যে আমি এইটো বা সেইটো কৰিব নালাগে, কিন্তু সেইটোত যদি আমি ১০% দিওঁ তেন্তে ৯০% বেছি দিব লাগে। গতিকে, মই সকলো ছাত্ৰ-ছাত্ৰীকে আহ্বান জনাইছো যে তেওঁলোকে নিজৰ জীৱনটোক সৰ্বোত্তম কৰি লওক, নিজৰ জীৱনটোক সৰ্বোত্তম কৰি তুলিব লাগে, নিজৰ সমগ্ৰ জীৱনটোক আচৰিত কৰি তুলিব লাগে। তাৰ বাবে আমি আমাৰ জীৱনটো প্ৰস্তুত কৰিব লাগিব, আৰু শিক্ষা এটা মাধ্যম; আমি ইয়াক সেই মাধ্যম হিচাপে ব্যৱহাৰ কৰা উচিত। ঠিক আছে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

শিক্ষাৰ্থীঃ ছাৰ, মই আপোনাক এই প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে মই যিটো বিষয়ত অধিক কষ্ট কৰিব লাগে তাত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে প্ৰি-বৰ্ড পৰীক্ষাত কেনেকৈ ভাল ফলাফল দেখুৱাম তাৰ বাবেও হেঁচা পাওঁ। আমি আমাৰ পঢ়া-শুনাৰ ভাৰসাম্য কেনেকৈ ৰক্ষা কৰিম ?

 

প্ৰধানমন্ত্ৰীঃ এইটো সকলোৰে চিন্তাৰ বিষয়। আমি প্ৰথম ত্ৰৈমাসিকত কিছুমান বিষয়ত ভাল ফলাফল দেখুৱাওঁ, তাৰ পিছত আমি ভাবো, মই এতিয়া কি কৰিম? মই এইটো কৰা উচিত নে সেইটো কৰা উচিত? আমি আমাৰ ভিতৰৰ শিকাৰুজনক সদায় সজাগ কৰি ৰাখিব লাগিব। শিক্ষা বাধ্যবাধকতা হ'ব নালাগে। শিক্ষা বোজা হ'ব নালাগে। আমাক জড়িত হব লাগে, সম্পূৰ্ণ জড়িত হব লাগে। সম্পূৰ্ণ জড়িত হোৱাৰ অবিহনে তেতিয়া অৰ্ধ প্ৰচেষ্টাৰ শিক্ষাই আমাক জীৱনত সফল হ’বলৈ নিদিয়ে। এই ৰোগ আহিছে : কেৱল নম্বৰ, নম্বৰ আৰু নম্বৰৰ পৰা। কোৱাচোন যোৱা বছৰ ব’ৰ্ড পৰীক্ষাত একৰ পৰা দহ নম্বৰ পোৱাসকলৰ নাম মনত আছেনে? মনত ৰখাটো বৰ টান। আৰু কেৱল সেয়াই নহয়, এমাহৰ পিছত সুধিব, "ভাই, তেওঁলোকৰ ফটোখন বাতৰি কাকতত প্ৰকাশ পাইছিল, তেওঁলোকৰ নাম উল্লেখ কৰা হৈছিল, বহুত প্ৰশংসা হৈছিল। তথাপি আমাৰ ইমান মনত নাই। সেই স্কুলৰ ল'ৰা-ছোৱালীবোৰেও গম পাবনে যে তেওঁলোকৰ স্কুলে ইমান নম্বৰ পাইছিল?"

শিক্ষাৰ্থীঃ নাপায় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তাৰমানে এইটোৱে দেখুৱায় যে এই সকলোবোৰ কথা কিমান গুৰুত্বপূৰ্ণ?

শিক্ষাৰ্থীঃ অলপ সময়ৰ বাবেহে সেয়া মনত থাকে।

প্ৰধানমন্ত্ৰীঃ নিশ্চয়, অলপ সময়ৰ বাবেহে সেয়া মনত থাকে।

শিক্ষাৰ্থীঃ হয় ছাৰ! হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ ইয়াৰ বাহিৰে একো নহয়। আৰু সেইবাবে, সংখ্যা আৰু নম্বৰৰ ওপৰত মনটো আবদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে আমি অহৰহ নিজকে পৰীক্ষা কৰি চাব লাগে যে আমাৰ জীৱনটো ক’ত উপনীত হৈছে। আমি নিজে নিজকে পৰীক্ষা কৰি থাকিব লাগে, সেয়া কেৱল শ্ৰেণীকোঠাত বা পৰীক্ষা কক্ষত নহয়।

শিক্ষাৰ্থীঃ ছাৰ, মোৰ প্ৰশ্ন হ’ল, আমি পঢ়িলে আমাৰ প্ৰায়ে ইমানবোৰ চিন্তা থাকে যে আমি মনোনিৱেশ কৰিব নোৱাৰো। গতিকে, সেই সময়বোৰত আমি নিজকে কেনেকৈ শান্ত কৰি ৰাখিব পাৰো? কাৰণ আমি পঢ়ো, কিন্তু আমি খুব সোনকালে পাহৰিও যাওঁ।

প্ৰধানমন্ত্ৰীঃ উদাহৰণ স্বৰুপে, তুমি আজি ইয়ালৈ অহা বুলি বিবেচনা কৰিলে, ২৫ বছৰৰ পাছত যদি কোনোবাই তোমাক আজিৰ কাৰ্যসূচীৰ বিষয়ে সোধে, তেন্তে কি হ’ব : তুমি পাহৰি যাব নে মনত ৰাখিব?

শিক্ষাৰ্থীঃ মনত ৰাখিম ছাৰ, এয়া বৰ স্মৰণীয় কথা।

শিক্ষাৰ্থীঃ ছাৰ, এইটো এটা অতি বিশেষ মুহূৰ্ত, কাৰণ আপোনাক লগ পাইছো।

 

প্ৰধানমন্ত্ৰীঃ এইটো কেৱল বিশেষ নহয়, বৰং তুমি নিজেও ইয়াত জড়িত হৈ আছা সেইটোহে কাৰণ। তুমি ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত মনলৈ আহিছিল দিল্লী, প্ৰধানমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ ঘৰ, আনকি কালি ঘৰলৈ ফোন কৰা ফোনটোও। গতিকে, এনেকুৱা নহ’লহেঁতেন, কিমান ঠাণ্ডা, কাইলৈ ​​যাম, ৰাতিপুৱা যাব লাগিব। তাৰমানে তুমি সম্পূৰ্ণৰূপে জড়িত, নহয়নে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ ইয়াৰ বাবেই ২০-২৫ বছৰৰ পাছতো ইয়াৰ সকলো কথা মনত পৰিব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ দ্বিতীয় কথাটো মনত পৰে যেতিয়া তুমি সুযোগ গ্ৰহণ কৰি বন্ধু-বান্ধৱীৰ সৈতে সেয়া শ্বেয়াৰ কৰা। আপোনাৰ শ্ৰেণীৰ এজন বা দুজন ছাত্ৰৰ লগত বন্ধুত্ব কৰা যিসকল তোমাৰ তুলনাত কম বুদ্ধিমান, আৰু তাৰ পিছত তেওঁলোকক কোৱা, "মই তোমাক শিকাম।" তোমাৰ তুলনাত চতুৰ ছাত্ৰজনক সোধা, "মোৰ লগত ৫-১০ মিনিট বহি থকা। মই কি ভাবিছো কোৱা, এয়া শুদ্ধ নেকি? অনুগ্ৰহ কৰি মোক শুধৰাই দিয়ক।" আমি দুগুণ লাভৱান হম।

শিক্ষাৰ্থীঃ হয় ছাৰ!

শিক্ষাৰ্থীঃ যেতিয়া আমি তেওঁলোকৰ মতামত পাওঁ তেতিয়া আৰু কি কৰিব পাৰো সেই বিষয়ে অধিক ধাৰণা লাভ কৰো।

প্ৰধানমন্ত্ৰীঃ গতিকে, ই লাভজনক নে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

 

প্ৰধানমন্ত্ৰীঃ ইয়াৰ জৰিয়তে নতুন ধাৰণা মনলৈ আহে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেতিয়া আপোনাৰ মনটো সম্পূৰ্ণৰূপে খোল খায়।

শিক্ষাৰ্থীঃ যেতিয়া মই তেওঁক প্ৰত্যক্ষভাৱে এটা প্ৰশ্ন সুধিছিলো, তেতিয়া মই তেওঁৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিছিলো, আৰু তেওঁ মোক সন্তোষজনক উত্তৰ দিছিল। এনে লাগিল যেন আমি আমাৰ সপোনটো জীয়াই ৰাখিছো, কাৰণ সকলোৱে ইয়ালৈ আহিবলৈ নাপায়, সেয়া সকলোৰে ভাগ্যত নহয়। গতিকে, মই নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ।

শিক্ষাৰ্থীঃ সত শ্ৰী অকাল, ছাৰ!

প্ৰধানমন্ত্ৰীঃ সত শ্ৰী অকাল!

শিক্ষাৰ্থীঃ মোৰ নাম একম কৌৰ। মই পঞ্জাৱৰ পৰা আহিছো। আৰু আপোনাৰ প্ৰতি মোৰ প্ৰশ্ন হ'ল, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ব'ৰ্ড পৰীক্ষাৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলায়। এইটো শুদ্ধ নেকি? কাৰণ দুয়োটা পৰীক্ষাৰ পৰীক্ষাৰ ধৰণ বহুত বেলেগ, আৰু সেইবোৰো একে সময়তে আহে?

প্ৰধানমন্ত্ৰীঃ তোমাৰ চিন্তা উচিত। ধৰি লোৱা কোনোবাই একে সময়তে দুখন ক্ৰিকেট মেচ খেলি আছে, আৰু একে সময়তে তেওঁ ফুটবল মেচলৈ যাব লাগিব। ক্ৰিকেট বা ফুটবলৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিব লাগে বুলি অনুভৱ কৰেনে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ মই যদি কওঁ তেন্তে তুমি দ্বাদশ শ্ৰেণীক প্ৰাধান্য দিব লাগে। কিন্তু যদি ছাত্ৰ হিচাপে মই মোৰ বয়স আৰু মোৰ শ্ৰেণীৰ লগত প্ৰাসংগিক পাঠ্যক্ৰমটো তুলনা কৰো, তেন্তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব নালাগে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিছুমান অভিভাৱকে এই বয়সৰ আগতেই এই কামটো কৰিব লাগে বুলি ভাবে।

 

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেতিয়া মই অভিভাৱকসকলক ক’ম, তেওঁলোকৰ সামৰ্থ্য, যোগ্যতা, আগ্ৰহ অনুসৰি তেওঁলোকৰ সন্তানক উন্নতি কৰিবলৈ দিয়ক।

শিক্ষাৰ্থীঃ ছাৰ, মোৰ এটা প্ৰশ্ন আছে।

প্ৰধানমন্ত্ৰীঃ কোৱা।

শিক্ষাৰ্থীঃ ছাৰ, গেমিঙৰ প্ৰতি মোৰ বৰ আগ্ৰহ আছে। কিন্তু সমাজে মোক গেমিং এৰি পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ কয়। কিন্তু মোৰ অনুভৱ হৈছে ভৱিষ্যতৰ বাবে গেমিঙৰ প্ৰতি লগা উচিত। মই কেনেকৈ গম পাম ছাৰ, মই সঠিক পথত আছো নে ভুল পথত?

প্ৰধানমন্ত্ৰীঃ পিতৃ-মাতৃৰ স্বভাৱ এনেকুৱা যে প্ৰথমে তেওঁলোকে তোমাক কব, "নকৰিবা, এইটো নকৰিবা।"

শিক্ষাৰ্থীঃ হয় ছাৰ!

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিন্তু তথাপি তুমি যদি মনে মনে কৰি থাকা। আৰু ধৰি লোৱা তুমি এটা পদক লাভ কৰিছা, তেতিয়া তেওঁলোকে কি কৰিব?

শিক্ষাৰ্থীঃ তেওঁলোক সুখী হ’ব!

প্ৰধানমন্ত্ৰীঃ গোটেই চুবুৰিটো ঘূৰি ফুৰিব। চাওক, মোৰ ল’ৰাটোৱে এইটো কৰিলে, মোৰ ল’ৰাটোৱে সেইটো কৰিলে। মোৰ ল’ৰাটোৱে তেনেকুৱা কৰিলে। গতিকে তেতিয়া তোমাৰ সফলতা তেওঁলোকৰ সন্মান হৈ পৰে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেতিয়া তেওঁলোকে তোমাৰ লগত সহযোগ কৰে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ ভাৰতত ইমানবোৰ কাহিনী আছে। তুমি কেতিয়াবা পঞ্চতন্ত্ৰৰ আধাৰত গেম এটা বনোৱাৰ কথা ভাবিছেনে, গেম ক্ৰিয়েটৰ হোৱাৰ কথা ভাবিছানে, ঠিক যেনেকৈ মানসীৰ নিজা পেজ আছে? তুমিও নিজৰ ছ’চিয়েল মিডিয়া প্ৰফাইল বনাব লাগে, নিজেই এটা বা দুটা গেম তৈয়াৰ কৰিব লাগে, আৰু এনেকৈ আৰম্ভ কৰিব লাগে। তোমাৰ পৰিয়ালে ভাবিব, "চাওক, ইমান সৰু, মাত্ৰ ১০,০০০ ফ'ল'ৱাৰ আছে।" যদি ২০ হাজাৰে খেলে, তেন্তে তোমাৰ পৰিয়ালে তোমাক পৰামৰ্শ দিবলৈ আৰম্ভ কৰিব। "চোৱা, হনুমানৰ এই কাহিনীটো আছে, গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি গেম এটা বনোৱা। চোৱা কেনেকৈ।" তেতিয়া ক'ব, "এই অভিমন্যু কাণ্ড হৈছে, গেম এটা বনোৱা, অভিমন্যু কেনেকৈ সাৰি যাব?" তুমি নতুন নতুন ধাৰণা লৈ আহিবা, আৰু সেইবাবেই তোমাৰ গেমিঙৰ প্ৰতি আগ্ৰহ এটা ভাল কথা। দ্বিধা নকৰিবা। ভাৰতত সময় সস্তা, আৰু ডাটাও ব্যয়বহুল নহয়। গতিকে, মাত্ৰ খেলি থাকিবা। মজাৰ বাবে খেলা কথা নহয়। আমি আমাৰ দেশত জুৱা বা তেনেধৰণৰ কোনো কাম হ’বলৈ দিয়া উচিত নহয়। মই মাত্ৰ এখন আইন বনালোঁ যে জুৱা খেলা আৰু খেলত ধন পণ কৰাটো কেৱল মাত্ৰ অপচয়।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেনেকুৱা হ’বলৈ নিদিবা, কিন্তু গেমিং এটা দক্ষতা আৰু ইয়াৰ বাবেও গতিৰ প্ৰয়োজন, বহুত গতি।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমাৰ সজাগতাই তোমাৰ ব্যক্তিগত বিকাশৰ উত্তম উপায়। কিন্তু তুমি উন্নতমানৰ গেম বিচাৰি বিশেষজ্ঞতা লাভ কৰিবলৈ চেষ্টা কৰা উচিত।  কৰিবনে?

শিক্ষাৰ্থীঃ কৰিম ছাৰ!

 

শিক্ষাৰ্থীঃ প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ অহাটো মোৰ বাবে বৰ ৰোমাঞ্চকৰ আছিল। তেখেত বন্ধুত্বসুলভ আছিল, আমাৰ প্ৰশ্নবোৰ ভালদৰে শুনি আজি আমাক ভাল উত্তৰ দিছিল।

শিক্ষাৰ্থীঃ নমস্কাৰ ছাৰ!

প্ৰধানমন্ত্ৰীঃ নমস্কাৰ!

শিক্ষাৰ্থীঃ ছাৰ, আমি আগতে পৰীক্ষাৰ বাবে মানসিক চাপত ভুগিছিলো আৰু বহুত চিন্তিত হৈছিলো, কিন্তু আপোনাৰ কিতাপখন পঢ়ি আমাৰ উদ্বিগ্নতা দূৰ হৈছে। সেইবাবেই আমি সকলোৱে লিখিত উদ্ধৃতি দিছো। আগতে পৰীক্ষাত ভয় খাইছিলোঁ, কিন্তু এতিয়া পৰীক্ষা মোৰ বন্ধু- গুজৰাটীত মৈত্ৰী।

শিক্ষাৰ্থীঃ আগতে মই আনক ভয় কৰিছিলোঁ, তেওঁলোকে কেনেকৈ পঢ়া-শুনা কৰিছে বুলি ভাবিছিলোঁ। কিন্তু এক্সাম ৱাৰিৱৰ পঢ়ি মই বুজিলোঁ যে মোৰ কৌশল সকলোতকৈ বেলেগ, আৰু ই কেৱল মোৰ বাবেহে কাম কৰিব। ছাৰ, আগতে মোৰ বিচ্ছেদন হোৱাৰ ভয় আছিল, কিন্তু এতিয়া মোৰ কোনো ভয় নাই।

 

শিক্ষাৰ্থীঃ ছাৰ, মই লিখিছিলো, "আগতে সময় ব্যৱস্থাপনাত ভয় খাইছিলো, কিন্তু এতিয়া ই মোৰ বন্ধু।" ছাৰ, সৰুৰে পৰা মই সদায় সময় ব্যৱস্থাপনাৰ লগত সংগ্ৰাম কৰি আহিছো— পৰিয়াল, স্কুল, বন্ধু-বান্ধৱী। সকলোৱে মোক কয়, "সকলো সোনকালে কৰা, সোনকালে কৰা। তুমি প্ৰতিভাশালী, তোমাৰ আইডিয়া আছে, কিন্তু তুমি সময়মতে নকৰা। সেইটোৱেই তোমাৰ আটাইতকৈ ডাঙৰ সমস্যা।" গতিকে, মই এক্সাম ৱাৰিৱৰৰ পৰা সকলো শিকিলোঁ। প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠো।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে, এটা সহজ উপায় কওঁ। ৰাতি শুই উঠাৰ আগতে ডায়েৰীত লিখা যে কাইলৈ ​​তুমি একেবাৰেই কি কাম কৰিব লাগিব। তাৰ পিছত, আজি তুমি যি লিখিছা পিছদিনা, সেইটো কৰা হওক বা নহওক, হিচাপ কৰি লোৱা আৰু সেয়া চিহ্নিত কৰা। কালি আজি কৰিবলগীয়া পাঁচটা কাম লিখি থৈছিলোঁ যদিও তিনিটা কামহে হৈ গ’ল৷ গতিকে, দুটাত চিন দিয়া, আৰু তাৰ পিছত ভাবি চোৱা যে সেই দুটাক কিয় এৰি দিয়া হ’ল। বন্ধু-বান্ধৱীৰ লগত ফোনত বেছি কথা পাতিছিলো, বা টিভি ছিৰিয়েল চলি আছিল, গতিকে সেইটোত ৩০ মিনিট সময় কটালোঁ। তেতিয়া তুমি উপলব্ধি কৰিবা, "হয়, মই সময় ৰাহি কৰিব পাৰো।" কেতিয়াবা, আমি কেনেকৈ সময় নষ্ট কৰো সেই কথাও গম নাপাওঁ। যদি তুমি সময় ব্যৱস্থাপনা শিকা আৰু ইয়াক উৎপাদনশীলভাৱে ব্যৱহাৰ কৰিবলৈ শিকা, তেন্তে তুমি কেতিয়াও হেঁচা বা ভাগৰ অনুভৱ নকৰা। ময়ো এতিয়া মোৰ দৰেই, ইমানবোৰ কাম আছে, কিন্তু মই মানসিক চাপ অনুভৱ নকৰো, কাৰণ মোৰ সময়খিনি সদব্যৱহাৰ কৰাৰ অভ্যাস বহু আগতেই গঢ় লৈ উঠিছে।

শিক্ষাৰ্থীঃ আগতে গণিতক ভূত বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মইহে ভূত। সৰুতে অংকত ইমানেই ভয় খাইছিলো যে ভূতৰ দৰে লাগিছিল, কিন্তু এতিয়া ইয়াৰ ইমান ওচৰ চাপিছো যে মই ইয়াৰ অবিহনে জীয়াই থাকিব নোৱাৰো।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে! সেয়া এটা ডাঙৰ পৰিৱৰ্তন। বৈদিক গণিত দেখিছানে?

শিক্ষাৰ্থীঃ নাই দেখা।

প্ৰধানমন্ত্ৰীঃ অনলাইনত বৈদিক গণিতৰ ক্লাছ সুলভ। ই এক যাদুকৰী কৌশলৰ দৰে। ইয়াৰ প্ৰতি অলপ আগ্ৰহ দেখুৱালে বৰ মজা পাবা। তুমি তোমাৰ বন্ধুসকলক এই গণিতৰ খেলবোৰ দেখুৱাব পাৰিবা, তেতিয়া তেওঁলোকৰ আগ্ৰহ আৰু অধিক বাঢ়িব।

শিক্ষাৰ্থীঃ ছাৰ, আগতে পৰীক্ষাত ভয় খাইছিলোঁ, কিন্তু এতিয়া ই বন্ধু হৈ পৰিছে। পৰীক্ষাৰ সময়সূচী ওলালে আগতে পৰীক্ষাত কি হ’ব তাক লৈ বৰ ভয় খাইছিলোঁ।  আপোনাৰ এক্সাম ৱাৰিৱৰ কিতাপখনৰ প্ৰথম মন্ত্ৰটো হ’ল- আমি পৰীক্ষাৰ কাষ চাপিব লাগে উৎসাহ বা উত্তেজনাৰে, উদযাপনৰ দৰে। আপোনাৰ কিতাপখনে মোক বহুত প্ৰেৰণা দিলে।

প্ৰধানমন্ত্ৰীঃ কেতিয়াবা তোমালোকে সন্মুখীন হোৱা সমস্যাবোৰ তোমালোকৰ নিজৰ পৰিয়ালৰ পৰাই আহে। গতিকে, ইয়াত যিয়ে তোমাক সহায় কৰিছে, সেয়া তেওঁলোকৰ বাবেও উপযোগী হ’ব। অন্ততঃ তোমাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক তোমাৰ লগত পৰীক্ষা পে চৰ্চা পঢ়িবলৈ কওক। তেওঁলোকৰ লগত আলোচনা কৰা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ যদি তুমি কিবা এটা মন্ত্ৰ ভাল পোৱা তেন্তে এটা নিৰ্দিষ্ট শাৰী  শ্বেয়াৰ কৰা- চোৱা প্ৰধানমন্ত্ৰীয়ে এই কথা কৈছিল, তুমি সেয়া পঢ়া।

শিক্ষাৰ্থীঃ ছাৰ, মোৰ মায়ে সকলো মন্ত্ৰ পঢ়িলে আৰু তেওঁ বৰ আনন্দিত হ’ল।

প্ৰধানমন্ত্ৰীঃ চোৱা, তোমাৰো শক্তি বাঢ়িছে।

শিক্ষাৰ্থীঃ আগতে কম নম্বৰ পোৱাৰ ভয় আছিল, কিন্তু এতিয়া ই হৈছে মোৰ বন্ধু। ছাৰ, আগতে আমি ভাবিছিলোঁ যে নম্বৰেই সকলো। পৰীক্ষাৰ পিছত কম নম্বৰ পালে সকলো শেষ হোৱা যেন লাগিছিল। কিন্তু যেতিয়া আমি কিতাপখন পঢ়িলোঁ, আপুনি লিখাৰ দৰে পৰীক্ষাবোৰ মাথোঁ জীৱনৰ প্ৰস্তুতি, আৰু আপুনি আমাক ডাঃ এ পি জে আব্দুল কালামৰ উদাহৰণ দিলে।

প্ৰধানমন্ত্ৰীঃ হয়, মনত আছেনে?

শিক্ষাৰ্থীঃ তেওঁ বিফল হ’ল, কিন্তু তেওঁ পুনৰ চেষ্টা নকৰিলে আমি ভাৰতৰ মিছাইল মেন নাপালোঁহেঁতেন। গতিকে, তাৰ পিছত গম পাইছো যে পৰীক্ষাৰ নম্বৰ একো নহয়। মানে আকৌ চেষ্টা কৰিলে আৰু ভাল কৰিব পাৰিম।

প্ৰধানমন্ত্ৰীঃ গতিকে, এতিয়া তোমাৰ মানসিক চাপ কমি অহাৰ লগে লগে নতুন কিবা এটা শিকিবলৈ মন গৈছে নেকি?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ গান গাবলৈ, বাদ্যযন্ত্ৰ বজাবলৈ, নতুন কিবা এটা আঁকিবলৈ- এনে কিবা নতুন ধাৰণা মনলৈ আহিছে নেকি ?

 শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তুমি যেতিয়া সময় পোৱা তেনে কিবা এটা কৰিবানে?

শিক্ষাৰ্থীঃ হয় ছাৰ! মানে মই কবিতা লিখিবলৈ আৰম্ভ কৰিছো।

প্ৰধানমন্ত্ৰীঃ কবিতা লিখা, বৰ ভাল কথা!

শিক্ষাৰ্থীঃ আগতে প্ৰেজেণ্টেচনত ভয় খাইছিলোঁ, কিন্তু এতিয়া ই মোৰ বন্ধু। আপোনাৰ দৰেই ময়ো দেখিছোঁ যে আপুনিও কিমান আত্মবিশ্বাসী, আৰু এই কিতাপখনো পঢ়িছো। বৰ্তমান মোৰ আত্মবিশ্বাস আৰু অধ্যৱসায় আছে যে যদি মই বিফল হওঁ তেন্তে মই কৰিবলৈ এৰি নিদিওঁ; পুনৰ প্ৰস্তুতি চলাম, যাতে ভৱিষ্যতে এই প্ৰেজেণ্টেচনটো সম্পূৰ্ণ কৰিব পাৰো।

 

প্ৰধানমন্ত্ৰীঃ গতিকে, এতিয়া তোমালোকে সাহস পাইছা।

শিক্ষাৰ্থীঃ হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ ধৰি লোৱা, দুখীয়া মহিলাই ফুটপাথত সামগ্ৰী বিক্ৰী কৰি আছে আৰু তেতিয়া কাজিয়া এখন আৰম্ভ হল। সেই দুখীয়া মহিলাগৰাকীয়ে, যি কেতিয়াও টিভিত সাক্ষাৎকাৰ দিয়া নাই তেওঁ এতিয়া আচৰিত ধৰণে কথা কলে। কিন্তু কেনেকৈ? কাৰণ তেওঁ এতিয়া নিজৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত কথা কৈছে। কোনো ধৰণৰ অভিনয় বা মিছা কথা নোহোৱাকৈ। এই আত্মবিশ্বাস ক’ৰ পৰা আহিল? সত্যৰ পৰাই আহিছে। মই যি কৰিছো, যি কৈছো, মই ঠিকেই কৈছো।

শিক্ষাৰ্থীঃ বিশেষকৈ সাহিত্য বিষয়ৰ পৰীক্ষা দিওঁতে নাৰ্ভাছ হ’ম বুলি ভয় লাগিছিল। আগতে ইমান দিনে দেখিছিলোঁ যে কিতাপখন পঢ়ি মই নাৰ্ভাছ হৈ পৰিছিলোঁ। কিন্তু কিতাপখন পঢ়াৰ পাছত মই উপলব্ধি কৰিছো, "এতিয়া মই কৰিব পাৰিম! মই আৰু আতংকিত নহওঁ। এতিয়া অনুশীলন কৰিব লাগিব, লিখি অনুশীলন কৰিম। মই খৰধৰকৈ লিখিব পাৰিম, মই মোৰ হাতৰ আখৰ উন্নত কৰিম।

প্ৰধানমন্ত্ৰীঃ এতিয়া তুমি সম্পূৰ্ণৰূপে আত্মবিশ্বাসী। পাছলৈও তুমি ভুল ধৰিব নোৱাৰিবা।

শিক্ষাৰ্থীঃ একেবাৰে নহয়! কাৰণ মোৰ সমস্যা কি সেইটো বুজি পাইছো। আগতে কাগজখন চাই নাৰ্ভাছ হৈছিলোঁ, কিন্তু এতিয়া সেয়া নহয়।

প্ৰধানমন্ত্ৰীঃ চোৱা, তুমি সঠিকভাৱে বুজিছা। আমি সঁচাকৈ দুৰ্বল নহয়, আমি খৰখেদাৰ বাবেহে ভুল কৰো।

শিক্ষাৰ্থীঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ কিছু কৌশলে সহায় কৰে। ধৰি লোৱা যেতিয়া তুমি প্ৰশ্নকাকতখন পাবা, ৩০ ছেকেণ্ড মনে মনে বহি দীঘলকৈ উশাহ লোৱা। এনেদৰে উশাহ লোৱা যাতে তোমাৰ বুকুখন ভৰি পৰে, তাৰ পিছত লাহে লাহে উশাহ এৰা। তোমাৰ মনটো শান্ত হৈ পৰিব। তাৰ পিছত প্ৰশ্নকাকতখন চোৱা, নতুন কিবা এটা, সঠিক বস্তু বিচাৰি পাবা। বুজি নোপোৱাটো এটা কথা, ভুল কৰাটো আন এটা কথা। কিন্তু তুমি যদি এই কথাটো জানা ভুল হোৱাৰ সম্ভাৱনাও কম।

শিক্ষাৰ্থীঃ নমস্কাৰ ছাৰ! জয় গুৰু শংকৰ!

প্ৰধানমন্ত্ৰীঃ নমস্কাৰ!

শিক্ষাৰ্থীঃ মোৰ নাম নিদুমল বৰ্মন। ছাৰ, মোৰ প্ৰশ্নটো হ’ল, সৰু ঘৰ এখনত, কোলাহল আৰু কামৰ মাজত পঢ়া-শুনা প্ৰায়ে অলপ কষ্টকৰ হৈ পৰে। আৰু যদি পিতৃ-মাতৃয়ে আমাৰ সপোনক সমৰ্থন নকৰে আৰু গুৰুত্বসহকাৰে নলয়, তেন্তে আমি  কি কৰিম?

প্ৰধানমন্ত্ৰীঃ মই ক’ম, এসময়ত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ চাই মোৰ হৃদয় ভৰি গ’ল। এজন পিতৃয়ে জীৱিকা উপাৰ্জনৰ বাবে ম’হৰ গাড়ীত কিছু সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছিল, আৰু তেওঁৰ সন্তানটো সামগ্ৰীৰে ভৰা গাড়ীখনৰ ওপৰত বহি আছিল। কিন্তু তেওঁ কি কৰি আছিল? কিতাপ এখন পঢ়ি আছিল, অৰ্থাৎ আৰামৰ চিন্তা কৰা নাছিল।

শিক্ষাৰ্থীঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ কিছুমান মানুহৰ টোপনি নাহে কিয়নো কোঠাটো সুবিধাজনক নহয়। তেওঁলোকক পঞ্চ তাৰকাযুক্ত হোটেলত থৈ দিলেও টোপনি নাহিলহেঁতেন। গতিকে, আৰামে সামৰ্থ্যলৈ লৈ যাব বুলি ভবা ধাৰণাটো সঁচা নহয়। আমাৰ দেশত ব’ৰ্ড পৰীক্ষাত ভাল নম্বৰ পোৱা ল’ৰা-ছোৱালী কোন? সৰু সৰু গাঁৱৰ পৰা অহা। আগতে ডাঙৰ ডাঙৰ স্কুললৈ যোৱা ডাঙৰ পৰিয়ালৰ ল’ৰা-ছোৱালীবোৰে ভাল নম্বৰ পাইছিল। এতিয়া সেয়া নহয়। সৰু সৰু পৰিয়ালৰ কোনো আৰাম নথকাসকলে সফল হয়। শেহতীয়াকৈ মই অন্ধ ক্ৰিকেট দলৰ ছোৱালীকেইজনীক লগ পাইছিলোঁ, আৰু তেওঁলোক জয়ী হৈ উভতি আহিছিল। সেইবোৰ শুনি মোৰ চকুলো ওলাই আহিল। সেইবোৰ এনেকুৱা কথা আছিল। ঘৰ নাছিল যদিও, অন্ধ আছিল যদিও, খেলিবলৈ শিকিলে। অক্ষম হোৱাৰ পিছতো তেওঁলোকে এইখিনিলৈকে উপনীত হ’ল। গতিকে, তেওঁলোকৰ জন্ম ক’ত হৈছিল, ক’ত বাস কৰিছিল, সেইবোৰৰ কোনোটোৱেই গুৰুত্বপূৰ্ণ নাছিল। গতিকে, আৰামদায়ক বাতাৱৰণেহে আমাৰ জীৱনটোক গঢ়ি তোলে- আমি এই ভ্ৰমত জীয়াই থকা উচিত নহয়। জীৱনটো আমি যিদৰে জীয়াই আছো তাৰ দ্বাৰাহে ই গঢ় লৈ উঠে।

শিক্ষাৰ্থীঃ মাননীয় প্ৰধানমন্ত্ৰীক দেখি মই বিশ্বাস কৰিব পৰা নাছিলো যে তেওঁ আহিব। তেওঁ ভাৰতৰ নেতা, গতিকে মই ভাবিছিলো যে তেওঁ বৰ ছিৰিয়াছ হ’ব, কিন্তু তেওঁৰ লগত কথা পাতিলে তেওঁ কাষত থকা যেন লাগিল। তেওঁ দিয়া পৰামৰ্শ শুনি মোৰ এনে লাগিল, হয়, মই এই কামটো কৰিব পাৰিম। এতিয়া মই সেইটো অনুসৰণ কৰিম আৰু সেই পৰামৰ্শক নিজৰ জীৱনত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম।

শিক্ষাৰ্থীঃ ভানাক্কম ছাৰ!

প্ৰধানমন্ত্ৰীঃ ভানাকম!

শিক্ষাৰ্থীঃ ছাৰ, মোৰ নাম নিখিল! মই মন্দিৰৰ ভূমি তামিলনাডুৰ পৰা আহিছো। ছাৰ, কেতিয়াবা পৰীক্ষাৰ সময়ত আমাৰ ঘৰলৈ আলহী আহে, আমাৰ প্ৰস্তুতিৰ কথাও সোধে। কিছুমান কথা মানে আমি সেইবোৰ মনৰ পৰা আঁতৰাই পেলাওঁ, পাহৰি যাব বিচাৰো, কিন্তু সেইবোৰৰ বিষয়ে আকৌ সুধি আমাক সোঁৱৰাই দিয়ে। ছাৰ, আৰু আমাৰ মা-দেউতায়ো একো কৰিব নোৱাৰে। ছাৰ, মই আপোনাক সুধিব বিচাৰিছো, আমি এনে পৰিস্থিতি কেনেকৈ চম্ভালিব পাৰো?

প্ৰধানমন্ত্ৰীঃ এটা কৌশল কওঁ, শুনা। মই কি কৰিম? যেতিয়া কোনোবা আহে আৰু সোধে, তেতিয়া তুমি কবা, "খুৰা, তুমি বৰ সফল মানুহ। মই তোমাৰ বিষয়ে শুনিছোঁ। সৰুতে কেনেকৈ পঢ়া-শুনা কৰিছিলা অনুগ্ৰহ কৰি মোক কোৱা।  আপোনাৰ কেতিয়াবা খং উঠিছিল নেকি? শিক্ষকে কেতিয়াবা আপোনাক মাৰপিট কৰিছিল নেকি? আপুনি সেয়া কেনেদৰে চম্ভালি লৈছিল?" তেওঁলোকে সোধাৰ আগতে সুধিবা। চাবা, পৰিস্থিতি পৰিৱৰ্তন হব।

শিক্ষাৰ্থীঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ যেতিয়া তেওঁ আহিছিল, মই সম্পূৰ্ণ আচৰিত হৈছিলো। যিসকলক মই কেৱল টিভিতহে দেখিছো, এতিয়া বাস্তৱ জীৱনত দেখিছো, আৰু তেওঁলোকে এটা অতি সৃষ্টিশীল উত্তৰ দিলে, যিটো মই আশা কৰা নাছিলোঁ। পৰিস্থিতি সলনি হব বুলি ক’লে। আমি গৈ তেওঁলোকক সুধিব লাগে, আপুনি কেনেকৈ কৰিলে? জীৱনৰ এই পৰ্যায়টো কেনেকৈ অতিক্ৰম কৰিলে?

 

শিক্ষাৰ্থীঃ জুলে, ছাৰ! মোৰ নাম পদ্ম। মই লাডাখৰ। মোৰ প্ৰশ্নটো হ’ল, মোৰ দৰে বয়সৰ ল’ৰা-ছোৱালীৰ সপোন ডাঙৰ হ’ব লাগেনে? আৰু সেইবোৰ লাভ কৰিবলৈ আমি ক’ৰ পৰা আৰম্ভ কৰিব লাগে ছাৰ?

প্ৰধানমন্ত্ৰীঃ সপোন নেদেখাটো অপৰাধ নহয়। আমি সপোন দেখা উচিত, কিন্তু কেৱল সপোনে গুণগুণাই কেতিয়াও কাম নকৰে। গতিকে জীৱনত কৰ্মই সৰ্বোচ্চ হ’ব লাগে। মই য'ত আছো তাতেই সফল হ'ব বিচাৰো, তেতিয়াহে মই আগবাঢ়ি যাম। মই বিচাৰি থাকিব লাগে। গছত উঠিব লগা হ’লে আম বিচাৰি থাকিব লাগে। বিচাৰি থাকিলে আম এটা পাম। এতিয়া ধৰি লওক আমি মহাকাশচাৰী হৈ চন্দ্ৰলৈ যোৱাৰ পুলক অনুভৱ কৰিছো, তেতিয়া মহাকাশচাৰীসকল কোন আছিল, তেওঁলোকৰ জীৱনী কি আছিল সেই বিষয়ে পঢ়িব লাগে? স্থান কি? লাহে লাহে আৰু লাহে লাহে ইয়াৰ প্ৰতি আমাৰ আগ্ৰহ বৃদ্ধি কৰা উচিত। তেতিয়া টিভিত যদি কোনো অনুষ্ঠান চলি থাকে তেন্তে আমি বিশেষভাৱে চাব লাগে, তেতিয়া তুমি উত্সাহ লাভ কৰি থাকিবা। তুমি সাৰ পাই থাকিবা, তেতিয়া সেই ধাৰণাটো তোমাৰ মাজত বাঢ়িব। আনক ক’লে কোনো লাভ নহ’ব। কেতিয়াবা আমি এই বিষয়ে যিসকলক ক’ম, তেওঁলোকে আমাক ঠাট্টা কৰিব। এই ব্যক্তিজন মহাকাশচাৰী হ’বলৈ গৈ আছে। গতিকে আমাৰ সপোনবোৰ ৰাজহুৱা কৰা উচিত নহয়, কিন্তু সেইবোৰ লিখি থোৱা উচিত।

শিক্ষাৰ্থীঃ মই বৰ নাৰ্ভাছ হৈছিলোঁ, কাৰণ "পৰীক্ষা পে চৰ্চা"ত এইটো মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল, কিন্তু প্ৰধানমন্ত্ৰী মোৰ সন্মুখত হাজিৰ হোৱাৰ লগে লগে মোৰ সকলো দ্বিধা উত্তেজনাত পৰিণত হ'ল।

শিক্ষাৰ্থীঃ ছাৰ, মোৰ এটা প্ৰশ্ন আছে : আমি দেখা ডাঙৰ সপোনবোৰ পূৰণৰ বাবে আমি দৈনিক কি এটা সৰু অভ্যাস কৰিব লাগে, যাতে আমি আমাৰ সপোনৰ ওচৰ চাপিব পাৰো?

প্ৰধানমন্ত্ৰীঃ প্ৰথমে মই ভাবোঁ আমি সকলোৱে ডাঙৰ মানুহৰ আত্মজীৱনী পঢ়া উচিত। কেতিয়াবা, আমি কেৱল ডাঙৰ বুলিহে চাওঁ, কিন্তু এটা সময়ত তেওঁলোক সৰুও আছিল। আজি তুমি নিশ্চয় প্ৰধানমন্ত্ৰীক লগ পাইছা, সেই প্ৰধানমন্ত্ৰীজন নিশ্চয় এটা সময়ত সৰু আছিল, নহয়নে? গতিকে, আত্মজীৱনী পঢ়িলে আমি ভাবো, "নাই ভাই, সি ডাঙৰ আছিল, কিন্তু আগতে ইয়াত আছিল।" তেতিয়া তুমি ইয়াক এই কথাটোৰ সৈতে সম্পৰ্কিত কৰিবা যে, "ছাৰ, ময়ো তেনেকুৱাই, এই কামটো কেৱল তেৱেঁই নহয় ময়ো কৰো।" তেতিয়া তোমাৰ আত্মবিশ্বাস বাঢ়িব। হয়, আমি ইয়াৰ পৰা আৰম্ভ কৰিব পাৰো। এইটোৱেই প্ৰথম পদক্ষেপ। তেওঁ এই কামটো কৰিলে, এয়া দ্বিতীয় পদক্ষেপ। তেওঁ তেনেকুৱাই কৰিলে, এইটো তৃতীয় পদক্ষেপ। গতিকে তুমি নিজাববীয়াকৈ শক্তিৰে আগবাঢ়ি যাব পাৰা।

শিক্ষাৰ্থীঃ তেওঁৰ পৰামৰ্শ শুনি মোৰ এনে লাগিল যে মই মোৰ আদৰ্শলৈ চাই তেওঁৰ বিষয়ে সকলো তথ্য গোটাই ল’ব লাগে, আৰু চাব লাগে তেওঁ কি পটভূমিৰ পৰা আহিছে। তেওঁ কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল? কিহৰ সন্মুখীন হ’ল তেওঁ? গতিকে তেওঁক চিনি পাই মই এটা সৰু খোজ দি কাম কৰিব পাৰিম। আৰু প্ৰথম পদক্ষেপটো সম্পূৰ্ণ হ’লে আমি দ্বিতীয় পদক্ষেপলৈ আগবাঢ়িব পাৰো।

শিক্ষাৰ্থীঃ ছাৰ, আপোনাৰ বাবে মই এটা কবিতা আবৃত্তি কৰিব বিচাৰিছো।

প্ৰধানমন্ত্ৰীঃ এটা কবিতা, অনুগ্ৰহ কৰি আবৃত্তি কৰা।

শিক্ষাৰ্থীঃ আপুনি আমাৰ সকলোৰে আশা। আপুনি ভাৰতৰ গৌৰৱ। আপুনি ভাৰতৰ নাৱৰীয়া। আপুনি মানৱতাৰ সেৱক। মই বহু দূৰৰ পৰা আহিছো। লগতে কিছু প্ৰশ্নও লৈ আহিছো। পৰীক্ষা পে চৰ্চাৰ উপকাৰ মই লৈছো। আপুনি মমতাৰ ছাঁ। বঞ্চিতৰ সংগী আপুনি। আমি দেশক প্ৰথম স্থান দিওঁ। আমি কওঁ ভাৰত মাতা কি জয়। গতিকে, ইয়াত ময়ো মোৰ চিন্তা প্ৰকাশ কৰিছো। আপুনি ভক্তিৰ মানুহ আৰু যোগী। আপুনি ভাৰতৰ সপোনৰ মোদী। এইখিনি কৈ মই সামৰণি মাৰিলো আৰু পুনৰবাৰ আপোনাক প্ৰণাম কৰিলোঁ।

প্ৰধানমন্ত্ৰীঃ বাঃ! ৱাঃ! তুমি আচৰিত কবিতা লিখিছা।

শিক্ষাৰ্থীঃ যেতিয়া তেওঁ মোক লগ পাইছিল, যেতিয়া মই কবিতাটো আবৃত্তি কৰি আছিলো, আৰু যেতিয়া তেওঁ মোৰ লগত কথা পাতি আছিল, আৰু তেওঁ ওচৰ চাপি অহাৰ লগে লগে এনে লাগিছিল যেন মোৰ মূৰ ঘূৰাইছে আৰু ঠিক তাতেই বাগৰি পৰিম।

প্ৰধানমন্ত্ৰীঃ এইটো ভাল কথা যে তোমালোক সকলোৱে নিজৰ নিজৰ চিন্তা ব্যক্ত কৰিলা।

শিক্ষাৰ্থীঃ ধন্যবাদ ছাৰ!

প্ৰধানমন্ত্ৰীঃ আহা!

প্ৰধানমন্ত্ৰীঃ ঠিক আছে, এতিয়া তোমালোকক কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। তুমি মোক বহুত প্ৰশ্ন কৰিছা। মই যেতিয়া বিকশিত ভাৰতৰ কথাটো কৈছিলো মই  কোনটো বছৰৰ কথা উল্লেখ কৰিছিলো?

শিক্ষাৰ্থীঃ ২০৪৭

প্ৰধানমন্ত্ৰীঃ ২০৪৭

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ মই সেইটো কিয় কৈছিলো?

শিক্ষাৰ্থীঃ কাৰণ এয়া শতাব্দীৰ লক্ষ্য- স্বাধীনতাৰ ১০০ বছৰ।

প্ৰধানমন্ত্ৰীঃ হয়, যেতিয়া ভাৰতে স্বাধীনতাৰ এশ বছৰ উদযাপন কৰিব, তেতিয়া তোমালোকৰ বয়স কিমান হ’ব?

শিক্ষাৰ্থীঃ ৩৯

শিক্ষাৰ্থীঃ ৪০

প্ৰধানমন্ত্ৰীঃ ৩৯-৪০, ৩৫-৪৫, এই বয়সবোৰ তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। তোমালোকৰ সন্মুখত কিমান কি যে সুবিধা আহিব ?  গতিকে, মই কাৰ বাবে ইমান কষ্ট কৰি আছো?

শিক্ষাৰ্থীঃ আমাৰ বাবে!

প্ৰধানমন্ত্ৰীঃ আৰু আমি সকলোৱে এতিয়া একেলগে এয়া কৰা উচিতনে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ চোৱা, মহাত্মা গান্ধীয়ে ১৯১৫ চনত আফ্ৰিকাৰ পৰা উভতি আহি স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। গতিকে, ১৯১৫ চনৰ পৰা ১৯৪৭ চনলৈকে তেওঁ স্বাধীনতাৰ বাবে চেষ্টা কৰি থাকিল, নহয়নে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু অৱশেষত স্বাধীনতা আহিলনে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ ভগত সিঙক ফাঁচী দিয়া হ’ল।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কম বয়সতে তেওঁ আত্ম বলিদান দিলে। কিন্তু তেওঁ স্বাধীনতাৰ সপোন দেখুৱালে, নহয়নে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেওঁ প্ৰতিজন যুৱকক স্বাধীনতাৰ বাবে জীয়াই থাকিবলৈ শিকাইছিল, হয়নে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ স্বাধীনতাৰ ২৫-৩০ বছৰ আগতে, যিবোৰ সপোন দেখিছিল, আত্ম বলিদান দিছিল, সেইবোৰে স্বাধীনতা আনিছিল নে নাই?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ যদি ইমান মহান স্বাধীনতা লাভ কৰিব পৰা যায়, তেন্তে আমাৰ সকলোৰে প্ৰচেষ্টাৰে এখন বিকশিত ভাৰত লাভ কৰিব পাৰিম নে নাই?

শিক্ষাৰ্থীঃ পাৰিম ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমালোকে ইয়াক বিশ্বাস কৰানে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু সেইবাবেই আমি কেতিয়াও সেই সপোন পাহৰিব নালাগে। তোমালোকেও সদায় ঘৰতে এই সপোনটো লিখি থোৱা উচিত। বিকশিত ভাৰতৰ বাবে এই কামটো কৰিব লাগিব। এতিয়া মোক কোৱা, এখন বিকশিত ভাৰতৰ বাবে কি পাঁচটা কাম কৰিবা?

শিক্ষাৰ্থীঃ ছাৰ, আমি আমাৰ দক্ষতাৰ বিকাশ কৰিম।

শিক্ষাৰ্থীঃ ছাৰ, আমি নিজৰ ওপৰত আস্থা ৰাখি আগবাঢ়ি যাম।

প্ৰধানমন্ত্ৰীঃ নিজকৰ ওপৰত বিশ্বাস ৰাখা।

শিক্ষাৰ্থীঃ আমি অধিক থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিম।

প্ৰধানমন্ত্ৰীঃ এইটো কেনেকৈ কৰিবা, প্ৰথমে আমি আমাৰ মনটো প্ৰস্তুত কৰিব লাগিব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ থলুৱা সামগ্ৰী ব্যৱহাৰৰ কথাবোৰ পিছত আহিব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ আমি ঔপনিৱেশিক মানসিকতাৰে বাস কৰোঁ। কোনোবা বন্ধুৱে যদি বিদেশী জেকেট পিন্ধি স্কুললৈ আহি কয়, "এইটো অমুক দেশৰ", তেন্তে আমি কেনে আচৰণ দেখুৱাম? বাঃ বাঃ। এয়াই সত্য নহয়নে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ সেয়েহে এইক্ষেত্ৰত তোমালোকৰ বাবে এটা কাম আছে।

শিক্ষাৰ্থীঃ কওক ছাৰ!

প্ৰধানমন্ত্ৰীঃ ৰাতিপুৱা দাঁত ব্ৰাছ কৰাৰ পৰা পিছদিনা ৰাতিপুৱা দাঁত ব্ৰাছ কৰালৈকে আমি ব্যৱহাৰ কৰা সকলো সামগ্ৰীৰ তালিকা এখন বনাওক। তুমি আচৰিত হবা- তোমাৰ ফণিখনো বিদেশী হ’ব পাৰে, আনকি জোতাযোৰো বিদেশী হ’ব পাৰে। ইয়াক লিখি থৈ দিব লাগে। তাৰ পাছত সিদ্ধান্ত লব লাগে এই মাহত ইয়াৰে ১০ বিধ সামগ্ৰী ভাৰতীয় সমগ্ৰীৰ লগত সলাব লাগে। পৰৱৰ্তী মাহত পুনৰ দহটা সামগ্ৰী সলাবা। এনেকে এবছৰৰ ভিতৰত সকলো বিদেশী বস্তু নোহোৱা হৈ যাব, আৰু ভাৰতীয় বস্তু আমাৰ ঘৰলৈ আহিব। গতিকে আমি সংকল্প ল’ব লাগিব, যিয়েই নহওক, মোৰ শৰীৰতে হওক, মোৰ পৰিয়ালতে হওক, মোৰ জীৱনতে হওক, মই প্ৰথমে সামগ্ৰীবোৰ ভাৰতীয় নে নহয় চাবলৈ চেষ্টা কৰিম, আৰু তাৰ পিছত ইয়াক ব্যৱহাৰ কৰিম। তোমালোকে এইটো কৰিবানে?

শিক্ষাৰ্থীঃ কৰিম ছাৰ!

প্ৰধানমন্ত্ৰীঃ আমিয়ে যদি আমাৰ দেশৰ সামগ্ৰীক লৈ গৌৰৱ নকৰো, তেন্তে বিশ্বই কৰিবনে?

শিক্ষাৰ্থীঃ নকৰে ছাৰ!

প্ৰধানমন্ত্ৰীঃ উদাহৰণ স্বৰূপে যেতিয়া আমাৰ পলম হয়, আমি কি কওঁ? আমি কওঁ, "এইটো ভাৰতীয় সময়।" আমি তেনেকৈ কওঁনে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তাৰমানে আমাৰ দেৰি হল। আমি অনুষ্ঠানটো পলমকৈ আৰম্ভ কৰিলোঁ, কিন্তু আমি কাক দোষাৰোপ কৰিলোঁ?

শিক্ষাৰ্থীঃ ভাৰতক।

প্ৰধানমন্ত্ৰীঃ ভাৰতক। দ্বিতীয় কথাটো হ’ল আমাৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰা। প্ৰথমে নিজৰ জীৱন-ধাৰণৰ পদ্ধতি সলনি কৰা। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰা আৰম্ভ কৰা; আমি যতে-ততে আৱৰ্জনা পেলাব নালাগে। যেতিয়াই আমি আন দেশৰ এখন ছবি দেখিবলৈ পাওঁ তেতিয়াই সেইখন পৰিষ্কাৰ দেখো।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিয় সেই দেশবোৰ পৰিষ্কাৰ? চাফাই কৰ্মীৰ বাবে পৰিষ্কাৰ নে মানুহে আৱৰ্জনা নেপেলোৱা বাবে।

শিক্ষাৰ্থীঃ মানুহে আৱৰ্জনা নেপেলোৱা বাবে!

প্ৰধানমন্ত্ৰীঃ নিশ্চয়। যদি আমি এখন উন্নত ভাৰত গঢ়িব বিচাৰো, তেন্তে আমি সংকল্প লব লাগিব- আমি আৱৰ্জনা নেপেলাওঁ। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আপোচ নকৰো- সেয়া লাগিলে আমাৰ ঘৰতে হওক, বাহিৰতে হওক, আমাৰ চুবুৰীতে হওক, মুঠতে সকলোতে। কোনোবাই যদি আৱৰ্জনা পেলাই দিয়ে, আমি তেওঁলোকৰ লগত কাজিয়া নকৰো; সেইটো আমি তুলি লম। যেতিয়া তেওঁলোকে সেয়া দেখিব, তেতিয়া তেওঁলোকে লাজ পাব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

শিক্ষাৰ্থীঃ তেওঁলোকে ভাবিব- “মোৰ জাবৰবোৰ তেওঁ তুলি ললে”।

প্ৰধানমন্ত্ৰীঃ আৰু সেইবাবে আমি আমাৰ নাগৰিক হিচাপে কৰ্তব্য পালন কৰিব লাগিব। সুস্থ হৈ থকাটোও এটা কৰ্তব্য।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ যদি আমি আমাৰ কৰ্তব্য ইমানখিনিও পালন কৰো, তেন্তে বিশ্বৰ কোনো শক্তিয়ে ভাৰতক উন্নত ভাৰত হোৱাত বাধা দিব নোৱাৰে, আৰু যেতিয়া তুমি ৩৫-৪০ বছৰীয়া হ’বা, তেতিয়া তুমি ইয়াৰ পৰা সৰ্বাধিক লাভৱান হবা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ এতিয়া কোৱাচোন, যদি তুমিও ইয়াৰ সুফল লাভ কৰা, তুমি সেই কামটো নকৰিবানে?

শিক্ষাৰ্থীঃ কৰিম ছাৰ!

প্ৰধানমন্ত্ৰীঃ যিমানখিনি সম্ভৱ সেয়া তুমি কৰিব উচিত নহয়নে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ ভাল কথা। তোমালোকক এতিয়া মই এটা প্ৰশ্ন সুধিম। তোমালোক সেইটো প্ৰজন্মৰ, যাৰ এখন মুকলি আকাশ আছে, এখন বিশাল কেনভাছ আছে। তেনেক্ষেত্ৰত আজি আমি কৰিব পৰা কামবোৰৰ বিষয়ে তোমালোকে কি ভাবিছা?

শিক্ষাৰ্থীঃ ছাৰ, আজিকালি সকলোবেোৰ এআইৰ ওপৰত। বহু কথাই এআইৰ জৰিয়তে সম্ভৱ হয়।

প্ৰধানমন্ত্ৰীঃ চোৱা, তোমালোক সৌভাগ্যৱান। প্ৰযুক্তিৰ ক্ষেত্ৰত তোমালোক ইমান সুযোগ আছে, যিটো আমাৰ প্ৰজন্মৰ সময়ত নাছিল। এই জ্ঞানক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আমি উন্নত হব লাগিব। এআয়ে তোমালোকৰ শক্তি বৃদ্ধি কৰা উচিত। আমি এআই কেনেকৈ ব্যৱহাৰ কৰিব লাগে? এটা পদ্ধতি হল তোমালোকে এআইক সোধা, "মোক আত্মজীৱনীৰ মূল পইণ্টবোৰ কওক।" এআয়ে তোমালোকক ১০টা পইণ্ট ক’ব, আৰু তোমালোকে অনুভৱ কৰা যে তোমালোকে বহুত জ্ঞান লাভ কৰিলা। বন্ধু-বান্ধৱীৰ আগত গৰ্ব কৰা। কিন্তু তোমালোক সঁচাকৈয়ে লাভৱান হ’লানে? নহয়। কিন্তু যদি তোমালোকে এআইক সোধা : "মই ইমান বছৰীয়া, এই বিষয়বোৰৰ প্ৰতি মোৰ আগ্ৰহ আছে। পঢ়িবলৈ মোক দহখন ভাল আত্মজীৱনীৰ বিষয়ে কওক।" এআয়ে তোমালোকৰ বাবে সেইবোৰ বিচাৰি দিব। তোমালোকে বজাৰলৈ গৈ সেই কিতাপবোৰ কিনি আনি পঢ়িবা। তেতিয়া এআয়ে তোমালোকক সঁচাকৈয়ে সহায় কৰিছে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমালোক উন্নত হৈছা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমালোক লাভৱান হৈছা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

শিক্ষাৰ্থীঃ তেখেতে এআইৰ বিষয়ে কোৱা কথাখিনি মোৰ আটাইতকৈ ভাল লাগিল। তেখেতে কয় যে এআই সহায়ক, কিন্তু ই আমাক প্ৰত্যক্ষভাৱে আমাৰ লক্ষ্যলৈ লৈ যাব নোৱাৰে। আমি ইয়াক বুদ্ধিমানৰ দৰে ব্যৱহাৰ কৰা উচিত। ময়ো ইয়াক ব্যৱহাৰ কৰো– উদাহৰণস্বৰূপে, প্ৰযুক্তি সম্পৰ্কীয় এপ নিৰ্মাণ কৰিবলৈ। তেখেতে কোৱাত ভাল লাগিল যে এআইক এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে সঁচাকৈয়ে ই সকলোৰে উপকাৰ সাধন কৰে।

শিক্ষাৰ্থীঃ ছাৰ, মই আপোনাৰ বাবে বাঁহী বজাব বিচাৰো। বাঁহীত মই কৰ্ণাটকী শাস্ত্ৰীয় সংগীত শিকি আছো, আৰু আজি এটা সংস্কৃত সংৰচনা বজাবলৈ ওলাইছো।

প্ৰধানমন্ত্ৰীঃ হয়, নিশ্চয় বজোৱা!

প্ৰধানমন্ত্ৰীঃ বাহ! বঢ়িয়া, বহুত বহুত ধন্যবাদ!

শিক্ষাৰ্থীঃ ছাৰ, মই আপোনাৰ বাবে এখন স্কেচ বনাইছোঁ। মই আপোনাক দেখুৱাব পাৰোনে?

প্ৰধানমন্ত্ৰীঃ অহ, ক'ত আছে?

শিক্ষাৰ্থীঃ ছাৰ, মই আপোনাৰ বাবে এইখন বনাইছোঁ।

প্ৰধানমন্ত্ৰীঃ তুমি কি বনালা, সৰু লৰা?

শিক্ষাৰ্থীঃ ছাৰ, মই হাতেৰে ফুলৰ থোপা এটা বনালোঁ।

প্ৰধানমন্ত্ৰীঃ বৰ সুন্দৰ!

শিক্ষাৰ্থীঃ উত্তৰাখণ্ডৰ পাহাৰৰ এইটো পৰম্পৰাগত প্ৰথা। বসন্ত পঞ্চমীৰ দিনা আমি ৰাতিপুৱা সোনকালে উঠি, ফুল ছিঙো আৰু তাৰ পিছত মানুহৰ ঘৰে ঘৰে থৈ যাওঁ।

শিক্ষাৰ্থীঃ ত্ৰিপুৰাত বিখ্যাত!

প্ৰধানমন্ত্ৰীঃ ত্ৰিপুৰা সুন্দৰী!

শিক্ষাৰ্থীঃ নাৰিকলৰ খোলাৰে এইটো তৈয়াৰ কৰা হৈছে।

শিক্ষাৰ্থীঃ আৰু ছাৰ, ...ৰ পৰা এয়া চাহপাত

প্ৰধানমন্ত্ৰীঃ বাঃ চাহ ভালপোৱা লোকৰ বাবে চাহপাত!

শিক্ষাৰ্থীঃ ছাৰ, এয়া জৈৱিক চাহপাত।

প্ৰধানমন্ত্ৰীঃ জৈৱিক চাহপাত, তুমি বহুত ভাল কবিতা লিখা। লিখি থাকা!

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু এয়া অসমীয়া গামোচা। বঢ়িয়া! সকলোকে বহুত বহুত ধন্যবাদ! শুভেচ্ছা থাকিল!

শিক্ষাৰ্থীঃ ধন্যবাদ ছাৰ! বিদায়!

প্ৰধানমন্ত্ৰীঃ সকলোকে ধন্যবাদ!

শিক্ষাৰ্থীঃ ধন্যবাদ ছাৰ!

প্ৰধানমন্ত্ৰীঃ দেশৰ বিভিন্ন প্ৰান্তত পৰীক্ষা পে চৰ্চা হ’ব লাগে বুলি বহু ছাত্ৰ-ছাত্ৰীয়ে মোলৈ পৰামৰ্শ প্ৰেৰণ কৰিছিল। এই বিশেষ খণ্ডটোত আপুনি এই কথা প্ৰত্যক্ষ কৰিলে। পৰিয়ালত যদি কাৰোবাৰ ভালৰ কথা কোৱা হয়, তেন্তে আমি সেই ভাইটি বা ভনীজনীৰ পৰা শিকিবলৈ চেষ্টা কৰা উচিত। কোনোবাই যদি মহান হৈ পৰিছে তেন্তে মহান হোৱাৰ আকাংক্ষা কৰাটো বেয়া নহয়। কিন্তু কোনবা যদি মহান হৈছে, তেওঁৰ লগত নিজকে তুলনা নকৰিব। জীৱনত শিক্ষাৰ প্ৰয়োজন, সামাজিক জীৱনতো ইয়াৰ প্ৰয়োজন। কিন্তু জীৱনত খেলা-ধূলা থাকিব লাগে; সেইটোও অতি গুৰুত্বপূৰ্ণ। গতিকে, তোমালোকৰ কোনোবাই যদি কিবা এটা কথা ক’ব বিচাৰা, কিবা এটা শ্বেয়াৰ কৰিব খোজা তেন্তে মই শুনিব বিচাৰো। কোনে আৰম্ভ কৰিবা ?

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New farm-sector scheme gives thrust to 100 laggard districts

Media Coverage

New farm-sector scheme gives thrust to 100 laggard districts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Shri Biju Patnaik Ji on his birth anniversary
March 05, 2026

The Prime Minister, Shri Narendra Modi paid tributes to former Chief Minister of Odisha, Shri Biju Patnaik on his birth anniversary and remembered him for his passion towards furthering the progress of Odisha.

The Prime Minister wrote on X;

“On his birth anniversary today, I pay tributes to Shri Biju Patnaik Ji and remember his passion towards furthering the progress of Odisha.”