প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে৷ তেওঁলোকক ২০২০ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে৷ বঁটা বিজেতাসকলে গণতন্ত্ৰ দিৱসৰ পেৰেডতো অংশগ্ৰহণ কৰিব৷

জম্মু-কাশ্মীৰ, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ একোজনকৈ ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৪৯ গৰাকী শিশুৱে এই বঁটা লাভ কৰে৷ এই শিশুসকলে কলা আৰু সংস্কৃতি, উদ্ভাৱন, সামাজিক সেৱা, ক্ৰীড়া আৰু সাহসিকতাৰ শিতানত এই বঁটা লাভ কৰিছে৷ ভাৰত চৰকাৰে এই শিশুসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰধান সহযোগী হিচাপে গণ্য কৰি এই বঁটা প্ৰদান কৰিছে৷

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আপোনালোকে সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰা দেখিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো৷ ই মোক অতিৰিক্ত শক্তি প্ৰদান কৰাৰ লগতে দেশৰ প্ৰতি অধিক দৃঢ়তাৰে কাম কৰি যাবলৈ সাহস প্ৰদান কৰিছে৷’’

প্ৰধানমন্ত্ৰীয়ে বঁটাপ্ৰাপ্ত শিশুসকলক ভূমিৰ সৈতে সংযোজিত হৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ উপদেশ দিয়ে৷ তেওঁ কয়, ‘‘এই স্বীকৃতিক এক আৰম্ভণি হিচাপে বিবেচনা কৰি ইয়াতেই থমকি ৰ’ব নালাগিব৷ এই বঁটাই আন শিশুসকলকো উদগনি জনাব৷’’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour