স্মাৰক ডাকটিকট আৰু মুদ্ৰা উন্মোচন
‘ডিজিটেল পদ্ধতি’ৰে উন্মোচন কৰিলে ‘ভাৰতীয় মিলেট(শ্ৰী অন্ন) ষ্টাৰ্টআপ আৰু বুক অব মিলেট(শ্ৰী অন্ন) মানক সম্পৰ্কীয় সংকলন’
‘আইচিএআৰ’-ৰ ‘ভাৰতীয় মিলেট গৱেষণা প্ৰতিষ্ঠান’ক ‘উত্কৰ্ষতাৰ কেন্দ্ৰ’ হিচাপে আনুষ্ঠানিক ঘোষণা
“গোলকীয় মিলেট সন্মিলন’ হৈছে বিশ্বকল্যাণৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতীক”
“শ্ৰী অন্ন’ ভাৰতৰ সামগ্ৰিক বিকাশৰ মাধ্যম হৈ উঠিছে। ই গাঁৱৰ লগতে দুখীয়া ৰাইজৰ সৈতে সম্পৰ্কিত”
“প্ৰতিমাহে ‘মিলেট’ৰ ঘৰুৱা ব্যৱহাৰ প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে ৩ কিলোগ্ৰামৰ পৰা ১৪ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে”
“ভাৰতৰ মিলেট মিছন’ দেশৰ ২.৫ কোটি মিলেট উত্পাদনকাৰী কৃষকৰ বাবে আশীৰ্বাদস্বৰূপ হৈ উঠিব”
“ভাৰতে সদায়ে বিশ্বৰ প্ৰতি দায়বদ্ধতা আৰু মানৱতাৰ সেৱাৰ সংকল্পক প্ৰাথমিকতা প্ৰদান কৰি আহিছে”
“আমাৰ খাদ্য সুৰক্ষাৰ লগতে খাদ্যাভ্যাসৰ সমস্যা আছে, ‘শ্ৰী অন্ন’ই আগবঢ়াব পাৰে সমাধান”
“ঐতিহ্যৰ পৰা ভাৰতে অনুপ্ৰেৰণা লাভ কৰে, সমাজলৈ পৰিৱৰ্তন আনিছে আৰু ইয়াক গোলকীয় কল্যানৰ দিশত আগুৱাই নিছে”
“মিলেটসমূহে অন্তহীন সম্ভাৱনা কঢ়িয়াই আনিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘আইএআৰআই’ৰ ‘এনএএছচি’ চৌহদৰ ‘সুব্ৰমনিয়াম প্ৰেক্ষাগৃহ’ত ‘গোলকীয় মিলেট (শ্ৰী অন্ন) সন্মিলন’ উদ্বোধন কৰে। দুদিনীয়া গোলকীয় সন্মিলনখনত উৎপাদক, উপভোক্তা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত ‘মিলেট’ বা বাজ্ৰা (শ্ৰী অন্ন)ৰ প্ৰমূল্য শৃংখলাৰ বিকাশ; বাজ্ৰাৰ স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় দিশ; বজাৰৰ সৈতে সংযোগ; গৱেষণা আৰু বিকাশ ইত্যাদিকে ধৰি জনপ্ৰিয়কৰণ আৰু জন সজাগতাৰ দৰে সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ উদ্দেশ্যে অধিৱেশন অনুষ্ঠিত হ'ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনী তথা ক্ৰেতা-বিক্ৰেতা সন্মিলন ‘পেভিলিয়ন’ৰ উদ্বোধন আৰু পৰিদৰ্শন কৰে। তেওঁ এটা স্মাৰক ডাকটিকট আৰু স্মাৰক মুদ্ৰাও উন্মোচন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ‘ডিজিটেল’ পদ্ধতিৰে ‘ভাৰতীয় ‘মিলেট’ (শ্ৰী অন্ন) ষ্টাৰ্টআপৰ এক সংকলন আৰু বাজ্ৰা (শ্ৰী আন্না)ৰ মানক’ সম্পৰ্কত প্ৰণয়ন কৰা এখন গ্ৰন্থ মুকলি কৰে।

সন্মিলন উপলক্ষে আন্তঃৰাষ্ট্ৰীয় নেতৃবৃন্দই শুভ-বাৰ্তা প্ৰেৰণ কৰিছে। ইথিওপিয়াৰ ৰাষ্ট্ৰপতি মহামহিম চাহলে-ৱৰ্ক জেউদে এই সন্মিলন অনুষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰক অভিনন্দন জনায়। তেওঁ কয় যে বাজ্ৰাসমূহে এই সময়ত মানুহক খুৱাবলৈ এটা সুলভ আৰু পুষ্টিকৰ বিকল্প প্ৰদান কৰিছে। ইথিওপিয়া হৈছে আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চলৰ এক গুৰুত্বপূৰ্ণ বাজ্ৰা উৎপাদক দেশ। তেওঁ বাজ্ৰাৰ জনপ্ৰিয়কৰণৰ বাবে শস্যৰ পৰিৱেশতন্ত্ৰ অনুসৰি উপযুক্ততা অধ্যয়ন কৰাৰ বাবে প্ৰয়োজনীয় নীতিগত প্ৰসংগসমূহ প্ৰতি মনোযোগ আকৰ্ষণৰ কৰাৰ ক্ষেত্ৰত  সন্মিলনখনক ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰে।

গায়ানাৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ ইৰফান আলীয়ে কয় যে বাজ্ৰাৰ গোলকীয় জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত ভৰতে নেতৃত্ব গ্ৰহণ কৰাৰ লগতে ইয়াৰ ব্যৱহাৰিক পাৰদৰ্শিতাসমূহ বিশ্বৰ অন্য প্ৰান্তৰ ব্যৱহাৰৰ বাবে আগবঢ়াই দিছে। তেওঁ কয় যে ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’ৰ সফলতাই ‘বহণক্ষম উন্নয়ণৰ লক্ষ্য’(এছডিজি)ত উপনীত হোৱাত যথেষ্ট সহায় কৰিব৷ গায়ানাই খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বাজ্ৰাক এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে স্বীকৃতি দিছে৷ বাজ্ৰাৰ একচেটীয়া উৎপাদনৰ বাবে দেশখনে ২০০ একৰ ভূমি আচুতীয়াকৈ কৰি বাজ্ৰাৰ লক্ষ্যণীয় উৎপাদনৰ বাবে ভাৰতৰ সৈতে সহযোগিতা আৰম্ভ কৰিছে য'ত ভাৰতে প্ৰযুক্তিৰ সৈতে কাৰিকৰী নিৰ্দেশনা আৰু সহযোগিতা আগবঢ়াব। 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ‘গোলকীয় মিলেট সন্মিলন’ৰ আয়োজন কৰা বাবে সংশ্লিষ্ট সকলোকে অভিনন্দন জ্ঞাপন কৰি কয় যে ‘এনে অনুষ্ঠান কেৱল বিশ্বৰ হিতৰ বাবেই প্ৰয়োজনীয় নহয়, বৰঞ্চ ই বিশ্বৰ হিতৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰো প্ৰতীক’। এটি প্ৰস্তাৱক এক আকাংক্ষিত সাফল্যলৈ পৰিৱৰ্তন কৰাৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভাৰতৰ নিৰন্তৰ প্ৰচেষ্টাৰ পিছত ২০২৩ বৰ্ষক ৰাষ্ট্ৰসংঘই ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’ হিচাপে ঘোষণা কৰিছে। যি মুহূৰ্তত বিশ্বই ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’ উদযাপন কৰি আছে সেই মুহূৰ্তত ভাৰতৰ অভিযান এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গাঁও পঞ্চায়ত, কৃষি কেন্দ্ৰ, বিদ্যালয়, মহাবিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয়ৰ লগতে ভাৰতীয় দূতাবাস আৰু কেইবাখনো দেশৰ সক্ৰিয় অংশগ্ৰহণেৰে বাজ্ৰাৰ খেতি, বাজ্ৰাৰ অৰ্থনীতি, স্বাস্থ্য লাভালাভ আৰু কৃষকৰ উপাৰ্জনৰ দৰে বিষয়সমূহৰ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হ'ব। তেওঁ লগতে কয় যে আজি ৭৫ লাখতকৈও অধিক কৃষক ‘ভাৰ্চুৱেল’ মাধ্যমেৰে এই কাৰ্যসূচীৰ সৈতে সংযুক্ত হৈছে। এই উপলক্ষে প্ৰকাশ কৰা এটা স্মাৰক মুদ্ৰা আৰু এটা ডাক টিকট উন্মোচন কৰাৰ লগতে বাজ্ৰাৰ মানক সম্পৰ্কীয় এখন গ্ৰন্থ কৰাৰ লগতে আইচিএআৰৰ ভাৰতীয় বাজ্ৰা গৱেষণা প্ৰতিষ্ঠানক এক গোলকীয় উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধিসকলক এই উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰিবলৈ আৰু এখন চালৰ তলতে বাজ্ৰা খেতিৰ সৈতে সম্পৰ্কিত সকলো কথা বুজোৱাৰ বাবে কৰা প্ৰয়াসৰ সুযোগ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। তেওঁ বাজ্ৰাৰ খেতিৰ লগতে ইয়াৰে উত্পাদিত সামগ্ৰীৰ ষ্টাৰ্টআপ গঢ়ি তোলাৰ বাবে যুৱপ্ৰজন্মই লোৱা উদ্যোগৰ প্ৰশংসা কৰে। "এয়াই বাজ্ৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰেই ইংগিত," তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে বিদেশী প্ৰতিনিধিসকলক বাজ্ৰাৰ বাবে ভাৰতে গ্ৰহণ ব্ৰেণ্ডিং প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে, কিয়নো ভাৰতে এতিয়া বাজ্ৰাক- ‘শ্ৰী অন্ন’ বুলি কয়। তেওঁ ‘শ্ৰী অন্ন’  সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি কয় যে ই কেৱল খাদ্য বা খেতিতে সীমাবদ্ধ নহয়। ভাৰতীয় পৰম্পৰাৰ সৈতে পৰিচিত সকলে যিকোনো বস্তুৰ আগত ‘শ্ৰী’ক পূৰ্বনিৰ্ধাৰণ কৰাৰ গুৰুত্ব বুজি পাব। "শ্ৰী অন্ন’ ভাৰতৰ সামগ্ৰিক বিকাশৰ মাধ্যম হৈ উঠিছে। ই গাঁৱৰ লগতে দুখীয়া (গাঁও আৰু দৰিদ্ৰ)ৰ সৈতে সম্পৰ্কিত"। তেওঁ লগতে কয় যে, ‘শ্ৰী অন্ন’- দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে সমৃদ্ধিৰ দুৱাৰ, ‘শ্ৰী অন্ন’- কোটি কোটি দেশবাসীৰ পুষ্টিৰ আধাৰ, ‘শ্ৰী অন্ন’- আদিবাসী সম্প্ৰদায়ৰ প্ৰতি আগবঢ়োৱা সম্ভাষণ, ‘শ্ৰী অন্ন’- কম পানীৰে  অধিক শস্য লাভৰ উপায়, ‘শ্ৰী অন্ন’- ৰাসায়ন মুক্ত কৃষিৰ বাবে এক ডাঙৰ বুনিয়াদ, ‘শ্ৰী অন্ন’- জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত এক বিশাল সহযোগিতা।"

শ্ৰী অন্নক এক গোলকীয় আন্দোলনত পৰিণত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৮ চনত বাজ্ৰাক ‘নিউট্ৰি-চিৰিয়েল’ বুলি ঘোষণা কৰা হৈছিল। তেতিয়াই কৃষকসকলক ইয়াৰ লাভসমূহৰ বিষয়ে অৱগত কৰাৰ পৰা বজাৰত ইয়াৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰালৈকে সকলো স্তৰত কাম কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ ১২-১৩খন ৰাজ্যত প্ৰাথমিকভাৱে বাজ্ৰাৰ খেতি কৰা হয়। যিসমূহ ৰাজ্যত প্ৰতি মাহে ঘৰুৱা ব্যৱহাৰ প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে ৩ কিলোগ্ৰামতকৈ বেছি নাছিল সেইসমূহ ৰাজ্যত আজি এই হাৰ প্ৰতি মাহে ১৪ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। তেওঁ লগতে জনায় যে বাজ্ৰাৰ খাদ্য সামগ্ৰীৰ বিক্ৰীও প্ৰায় ৩০% হাৰে বৃদ্ধি পাইছে। তেওঁ বাজ্ৰাৰ ‘ৰেচিপি’ৰ বাবে সমৰ্পিত সামাজিক মাধ্যমৰ চেনেলৰ উপৰিও ‘বাজ্ৰা কেফে’ৰ আৰম্ভণিৰ বিষয়েও উল্লেখ কৰে। "এক জিলা, এক সামগ্ৰী' আঁচনিৰ অধীনত দেশৰ ১৯খন জিলাৰ বাবে বাজ্ৰাক বাছনি কৰা হৈছে," শ্ৰী মোদীয়ে লগতে জানিবলৈ দিয়ে।

ভাৰতত বাজ্ৰাৰ উৎপাদনৰে প্ৰায় ২.৫ কোটি ক্ষুদ্ৰ কৃষক প্ৰত্যক্ষভাৱে জড়িত বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও তেওঁলোকৰ হাতত অতি কম পৰিমাণৰ ভূমি আছে। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ মিলেট মিছন- ‘শ্ৰী অন্ন’ৰ বাবে অভিযান দেশৰ ২.৫ কোটি কৃষকৰ বাবে এক আশীৰ্বাদস্বৰূপ হৈ উঠিব"। স্বাধীনতাৰ পিছত এই প্ৰথমবাৰৰ বাবে চৰকাৰে ২.৫ কোটি ক্ষুদ্ৰ কৃষকৰ যত্ন লৈছে যিসকলে বাজ্ৰা খেতি কৰে বুলিও তেওঁ আঙুলিয়াই দিয়ে। সংসাধিত আৰু পেকেটযুক্ত খাদ্য সামগ্ৰীৰ জৰিয়তে এতিয়া বাজ্ৰা দোকান আৰু বজাৰত উপলব্ধ হবলৈ ধৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী অন্ন বজাৰৰ উথ্থানে এই ২.৫ কোটি ক্ষুদ্ৰ কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিব, যাৰ ফলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ'ব। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে যোৱা কেইটামান বছৰত ‘শ্ৰী অন্ন’ক লৈ ৫০০টাতকৈয়ো অধিক ‘ষ্টাৰ্টআপ’ আৰু বৃহৎ সংখ্যক ‘এফপিঅ'ই কাম কৰিবলৈ আগবাঢ়ি আহিছে।

তেওঁ লগতে উল্লেখ কৰে যে দেশখনত এক সম্পূৰ্ণ যোগান শৃংখলা বিকশিত কৰা হৈছে য'ত সৰু গাওঁসমূহৰ আত্ম-সহায়ক গোটৰ মহিলাসকলে বাজ্ৰাৰ সামগ্ৰী প্ৰস্তুত কৰি আছে, যিসমূহ সামগ্ৰী ‘মল’ আৰু ‘ছুপাৰমাৰ্কেট’সমূহত উপলব্ধ হ’বলৈ ধৰিছে।

জি-২০ সভাপতিত্বৰ বাবে ভাৰতে গ্ৰহণ কৰা মূল বিষয়বস্তু “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সমগ্ৰ বিশ্বক এটা পৰিয়াল বুলি বিবেচনা কৰা ধাৰণাটো ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’তো প্ৰতিফলিত হৈছে। "ভাৰতে সদায় বিশ্বৰ প্ৰতি কৰ্তব্যবোধ আৰু মানৱতাৰ সেৱা কৰাৰ সংকল্পক প্ৰাথমিকতা প্ৰদান কৰি আহিছে", প্ৰধানমন্ত্ৰীয়ে কয়। যোগৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ জৰিয়তে ভাৰতে যোগৰ লাভসমূহ সমগ্ৰ বিশ্বতে উপলব্ধ হোৱাটো নিশ্চিত কৰিছে। তেওঁ আনন্দ প্ৰকাশ কৰে যে আজি বিশ্বৰ ১০০ খনতকৈও অধিক দেশত যোগৰ প্ৰচাৰ চলিছে আৰু বিশ্বৰ ৩০ খনতকৈও অধিক দেশে আয়ুৰ্বেদকো স্বীকৃতি প্ৰদান কৰিছে। তেওঁ ‘আন্তৰ্জাতিক সৌৰ মিত্ৰতা’ প্ৰসংগতো আলোকপাত কৰে আৰু কয় যে ই এক বহনক্ষম গ্ৰহ নিৰ্মাণৰ বাবে এক কাৰ্যকৰী মঞ্চ হিচাপে কাম কৰি আছে। ইতিমধ্যে, ১০০ খনতকৈয়ো অধিক দেশে এই আন্দোলনত যোগদান কৰিছে। "লাইফ মিছন’ৰ নেতৃত্ব দিয়াই হওঁক বা নিৰ্ধাৰিত সময়ৰ আগতে জলবায়ু পৰিৱৰ্তনৰ লক্ষ্য প্ৰাপ্ত কৰাই হওঁক, ভাৰতে ইয়াৰ ঐতিহ্যৰ পৰা অনুপ্ৰেৰণা লাভ কৰে, সমাজত পৰিৱৰ্তন সূচনা কৰাৰ লগতে ইয়াক বিশ্বৰ কল্যাণৰ দিশে আগুৱাই নিছে", প্ৰধানমন্ত্ৰীয়ে আজি ভাৰতৰ 'মিলেট আন্দোলন'তো একে ধৰণৰ প্ৰভাৱ দেখা যাব পাৰে বুলি উল্লেখ কৰে। ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত শ্ৰী অন্ন, বাজ্ৰা, ৰাগী, ছামা, কাংনি, চীনা, কোডন, কুট্টু আদিৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহু শতাব্দী ধৰি বাজ্ৰাসমূহ ভাৰতৰ জীৱনশৈলীৰ এক অংশ হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতে ইয়াৰ কৃষি পদ্ধতি আৰু শ্ৰী অন্নৰ সৈতে সম্পৰ্কিত অভিজ্ঞতাসমূহ বিশ্বৰ অন্য প্ৰান্তৰ সৈতে ভাগ বটোৱাৰা কৰিব বিচাৰে আৰু লগতে আন দেশৰ অভিজ্ঞতাসমূহৰ পৰাও শিকিব বিচাৰে।

তেওঁ ইয়াত উপস্থিত থকা বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ কৃষি মন্ত্ৰীসকলক এই দিশত এক স্থিৰ প্ৰণালী বিকশিত কৰিবলৈ বিশেষভাৱে অনুৰোধ জনায় আৰু কৃষিক্ষেত্ৰৰ পৰা বজাৰলৈ আৰু এখন দেশৰ পৰা আন এখন দেশলৈ অংশীদাৰী দায়িত্বৰ সৈতে এক নতুন যোগান শৃংখলা বিকশিত কৰাৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে বাজ্ৰাৰ জলবায়ুৰ স্থিতিস্থাপকতাৰ প্ৰসংগতো আলোকপাত কৰে আৰু প্ৰতিকূল পৰিস্থিতিতো এই ‘মিলেট’সমূহ সহজে উৎপাদন কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁ কয় যে পানীৰ সমস্যা থকা এলেকাসমূহৰ বাবে ই এক পছন্দৰ শস্য কিয়নো ইয়াৰ উৎপাদনৰ বাবে তুলনামূলকভাৱে কম পানীৰ প্ৰয়োজন হয়। তেওঁ লগতে উল্লেখ কৰে যে ৰাসায়নিক পদাৰ্থ অবিহনে প্ৰাকৃতিক ভাৱেই ‘মিলেট’ৰ খেতি কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা মানুহ আৰু মাটি দুয়োৰে স্বাস্থ্য সুৰক্ষিত হয়।

আজিৰ বিশ্বত খাদ্য সুৰক্ষাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দক্ষিণ বিশ্বৰ দৰিদ্ৰ লোকসকলৰ বাবে খাদ্য সুৰক্ষাৰ প্ৰত্যাহ্বান আৰু গোলকীয় উত্তৰৰ খাদ্যাভ্যাসৰ সৈতে সম্পৰ্কিত ৰোগৰ কথা উল্লেখ কৰে।  তেওঁ উৎপাদিত সামগ্ৰীত ৰাসায়নিক পদাৰ্থৰ গধুৰ ব্যৱহাৰে সৃষ্টি কৰা উদ্বেগৰ সম্পৰ্কে আঙুলিয়াই দি কয়, "এফালে আমাৰ খাদ্য সুৰক্ষাৰ সমস্যা আছে, আৰু আনহাতে খাদ্যাভ্যাসৰ সমস্যা আছে।" প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ‘শ্ৰী অন্ন’ই এনে প্ৰতিটো সমস্যাৰ সমাধান কৰে কিয়নো ইয়াক বৃদ্ধি কৰা সহজ, ইয়াৰ ব্যয়ও ইয়াত কম আৰু ই অন্যান্য শস্যতকৈ দ্ৰুতগতিত খেতিৰ বাবে সাজু হয়। প্ৰধানমন্ত্ৰীয়ে ‘শ্ৰী অন্ন’ৰ লাভৰ তালিকা প্ৰস্তুত কৰি কয় যে ই পুষ্টিৰে সমৃদ্ধ, সোৱাদত বিশেষ, আঁহৰ পৰিমাণ অধিক, শৰীৰ আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু জীৱনশৈলী সম্পৰ্কীয় ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

“বাজ্ৰাসমূহে অন্তহীন সম্ভাৱনা কঢ়িয়াই আনিছে," বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ভাৰতত ৰাষ্ট্ৰীয় খাদ্যৰ সম্ভাৰত ‘শ্ৰী অন্ন’ৰ অৱদান মাত্ৰ ৫-৬ শতাংশ বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিখণ্ডৰ বিজ্ঞানী আৰু বিশেষজ্ঞসকলক এই অৱদান বৃদ্ধিৰ দিশত কাম কৰিবলৈ আহ্বান জনায় আৰু প্ৰতি বছৰে আহৰণ কৰিব পৰা লক্ষ্য নিৰ্ধাৰণৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে দেশখনে খাদ্য সংসাধন খণ্ডক উৎসাহিত কৰিবলৈ এখন ‘পিএলআই’ আঁচনিও আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে বাজ্ৰা খণ্ডই ইয়াৰ পৰা সৰ্বাধিক ভাবে লাভান্বিত হোৱাৰ লগতে আৰু অধিক সংখ্যক কোম্পানীয়ে বাজ্ৰাৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ আগবাঢ়ি অহাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে বহুতো ৰাজ্যই ‘শ্ৰী অন্ন’ক তেওঁলোকৰ পিডিএছ সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে আৰু আন ৰাজ্যসমূহেও এই পদক্ষেপক অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ লগতে ‘শ্ৰী অন্ন’ক মধ্যাহ্ন ভোজনত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে যাতে শিশুসকলে সঠিক পুষ্টি লাভ কৰাৰ লগতে খাদ্যত এক নতুন সোৱাদ আৰু বৈচিত্ৰ সংযুক্ত কৰিব পৰা যায়।

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে এই সকলোবোৰ বিষয় সন্দৰ্ভত বিতং ভাৱে আলোচনা কৰা হ'ব আৰু কাৰ্যকৰীকৰণৰ বাবে এক ‘ৰোডমেপো’ প্ৰস্তুত কৰা হ'ব। "কৃষক আৰু সকলো অংশীদাৰৰ যৌথ প্ৰচেষ্টাৰে খাদ্যই ভাৰত আৰু বিশ্বৰ সমৃদ্ধিত এক নতুন উজ্জ্বলতা সংযুক্ত কৰিব পাৰিব।"

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমাৰ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ সুব্ৰহ্মণ্যম জয়শংকৰ, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৈলাশ চৌধুৰী আৰু শ্ৰীমতী শোভা কাৰান্দলাজে অনুষ্ঠানত উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GST cuts on fertilisers & agri-equipments lowered farming costs: Nadda

Media Coverage

GST cuts on fertilisers & agri-equipments lowered farming costs: Nadda
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in fire mishap in Arpora, Goa
December 07, 2025
Announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives in fire mishap in Arpora, Goa. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister informed that he has spoken to Goa Chief Minister Dr. Pramod Sawant regarding the situation. He stated that the State Government is providing all possible assistance to those affected by the tragedy.

The Prime Minister posted on X;

“The fire mishap in Arpora, Goa is deeply saddening. My thoughts are with all those who have lost their loved ones. May the injured recover at the earliest. Spoke to Goa CM Dr. Pramod Sawant Ji about the situation. The State Government is providing all possible assistance to those affected.

@DrPramodPSawant”

The Prime Minister also announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister’s Office posted on X;

“An ex-gratia of Rs. 2 lakh from PMNRF will be given to the next of kin of each deceased in the mishap in Arpora, Goa. The injured would be given Rs. 50,000: PM @narendramodi”