স্মাৰক ডাকটিকট আৰু মুদ্ৰা উন্মোচন
‘ডিজিটেল পদ্ধতি’ৰে উন্মোচন কৰিলে ‘ভাৰতীয় মিলেট(শ্ৰী অন্ন) ষ্টাৰ্টআপ আৰু বুক অব মিলেট(শ্ৰী অন্ন) মানক সম্পৰ্কীয় সংকলন’
‘আইচিএআৰ’-ৰ ‘ভাৰতীয় মিলেট গৱেষণা প্ৰতিষ্ঠান’ক ‘উত্কৰ্ষতাৰ কেন্দ্ৰ’ হিচাপে আনুষ্ঠানিক ঘোষণা
“গোলকীয় মিলেট সন্মিলন’ হৈছে বিশ্বকল্যাণৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতীক”
“শ্ৰী অন্ন’ ভাৰতৰ সামগ্ৰিক বিকাশৰ মাধ্যম হৈ উঠিছে। ই গাঁৱৰ লগতে দুখীয়া ৰাইজৰ সৈতে সম্পৰ্কিত”
“প্ৰতিমাহে ‘মিলেট’ৰ ঘৰুৱা ব্যৱহাৰ প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে ৩ কিলোগ্ৰামৰ পৰা ১৪ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে”
“ভাৰতৰ মিলেট মিছন’ দেশৰ ২.৫ কোটি মিলেট উত্পাদনকাৰী কৃষকৰ বাবে আশীৰ্বাদস্বৰূপ হৈ উঠিব”
“ভাৰতে সদায়ে বিশ্বৰ প্ৰতি দায়বদ্ধতা আৰু মানৱতাৰ সেৱাৰ সংকল্পক প্ৰাথমিকতা প্ৰদান কৰি আহিছে”
“আমাৰ খাদ্য সুৰক্ষাৰ লগতে খাদ্যাভ্যাসৰ সমস্যা আছে, ‘শ্ৰী অন্ন’ই আগবঢ়াব পাৰে সমাধান”
“ঐতিহ্যৰ পৰা ভাৰতে অনুপ্ৰেৰণা লাভ কৰে, সমাজলৈ পৰিৱৰ্তন আনিছে আৰু ইয়াক গোলকীয় কল্যানৰ দিশত আগুৱাই নিছে”
“মিলেটসমূহে অন্তহীন সম্ভাৱনা কঢ়িয়াই আনিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘আইএআৰআই’ৰ ‘এনএএছচি’ চৌহদৰ ‘সুব্ৰমনিয়াম প্ৰেক্ষাগৃহ’ত ‘গোলকীয় মিলেট (শ্ৰী অন্ন) সন্মিলন’ উদ্বোধন কৰে। দুদিনীয়া গোলকীয় সন্মিলনখনত উৎপাদক, উপভোক্তা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত ‘মিলেট’ বা বাজ্ৰা (শ্ৰী অন্ন)ৰ প্ৰমূল্য শৃংখলাৰ বিকাশ; বাজ্ৰাৰ স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় দিশ; বজাৰৰ সৈতে সংযোগ; গৱেষণা আৰু বিকাশ ইত্যাদিকে ধৰি জনপ্ৰিয়কৰণ আৰু জন সজাগতাৰ দৰে সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ উদ্দেশ্যে অধিৱেশন অনুষ্ঠিত হ'ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনী তথা ক্ৰেতা-বিক্ৰেতা সন্মিলন ‘পেভিলিয়ন’ৰ উদ্বোধন আৰু পৰিদৰ্শন কৰে। তেওঁ এটা স্মাৰক ডাকটিকট আৰু স্মাৰক মুদ্ৰাও উন্মোচন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ‘ডিজিটেল’ পদ্ধতিৰে ‘ভাৰতীয় ‘মিলেট’ (শ্ৰী অন্ন) ষ্টাৰ্টআপৰ এক সংকলন আৰু বাজ্ৰা (শ্ৰী আন্না)ৰ মানক’ সম্পৰ্কত প্ৰণয়ন কৰা এখন গ্ৰন্থ মুকলি কৰে।

সন্মিলন উপলক্ষে আন্তঃৰাষ্ট্ৰীয় নেতৃবৃন্দই শুভ-বাৰ্তা প্ৰেৰণ কৰিছে। ইথিওপিয়াৰ ৰাষ্ট্ৰপতি মহামহিম চাহলে-ৱৰ্ক জেউদে এই সন্মিলন অনুষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰক অভিনন্দন জনায়। তেওঁ কয় যে বাজ্ৰাসমূহে এই সময়ত মানুহক খুৱাবলৈ এটা সুলভ আৰু পুষ্টিকৰ বিকল্প প্ৰদান কৰিছে। ইথিওপিয়া হৈছে আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চলৰ এক গুৰুত্বপূৰ্ণ বাজ্ৰা উৎপাদক দেশ। তেওঁ বাজ্ৰাৰ জনপ্ৰিয়কৰণৰ বাবে শস্যৰ পৰিৱেশতন্ত্ৰ অনুসৰি উপযুক্ততা অধ্যয়ন কৰাৰ বাবে প্ৰয়োজনীয় নীতিগত প্ৰসংগসমূহ প্ৰতি মনোযোগ আকৰ্ষণৰ কৰাৰ ক্ষেত্ৰত  সন্মিলনখনক ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰে।

গায়ানাৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ ইৰফান আলীয়ে কয় যে বাজ্ৰাৰ গোলকীয় জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত ভৰতে নেতৃত্ব গ্ৰহণ কৰাৰ লগতে ইয়াৰ ব্যৱহাৰিক পাৰদৰ্শিতাসমূহ বিশ্বৰ অন্য প্ৰান্তৰ ব্যৱহাৰৰ বাবে আগবঢ়াই দিছে। তেওঁ কয় যে ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’ৰ সফলতাই ‘বহণক্ষম উন্নয়ণৰ লক্ষ্য’(এছডিজি)ত উপনীত হোৱাত যথেষ্ট সহায় কৰিব৷ গায়ানাই খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বাজ্ৰাক এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে স্বীকৃতি দিছে৷ বাজ্ৰাৰ একচেটীয়া উৎপাদনৰ বাবে দেশখনে ২০০ একৰ ভূমি আচুতীয়াকৈ কৰি বাজ্ৰাৰ লক্ষ্যণীয় উৎপাদনৰ বাবে ভাৰতৰ সৈতে সহযোগিতা আৰম্ভ কৰিছে য'ত ভাৰতে প্ৰযুক্তিৰ সৈতে কাৰিকৰী নিৰ্দেশনা আৰু সহযোগিতা আগবঢ়াব। 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ‘গোলকীয় মিলেট সন্মিলন’ৰ আয়োজন কৰা বাবে সংশ্লিষ্ট সকলোকে অভিনন্দন জ্ঞাপন কৰি কয় যে ‘এনে অনুষ্ঠান কেৱল বিশ্বৰ হিতৰ বাবেই প্ৰয়োজনীয় নহয়, বৰঞ্চ ই বিশ্বৰ হিতৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰো প্ৰতীক’। এটি প্ৰস্তাৱক এক আকাংক্ষিত সাফল্যলৈ পৰিৱৰ্তন কৰাৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভাৰতৰ নিৰন্তৰ প্ৰচেষ্টাৰ পিছত ২০২৩ বৰ্ষক ৰাষ্ট্ৰসংঘই ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’ হিচাপে ঘোষণা কৰিছে। যি মুহূৰ্তত বিশ্বই ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’ উদযাপন কৰি আছে সেই মুহূৰ্তত ভাৰতৰ অভিযান এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গাঁও পঞ্চায়ত, কৃষি কেন্দ্ৰ, বিদ্যালয়, মহাবিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয়ৰ লগতে ভাৰতীয় দূতাবাস আৰু কেইবাখনো দেশৰ সক্ৰিয় অংশগ্ৰহণেৰে বাজ্ৰাৰ খেতি, বাজ্ৰাৰ অৰ্থনীতি, স্বাস্থ্য লাভালাভ আৰু কৃষকৰ উপাৰ্জনৰ দৰে বিষয়সমূহৰ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হ'ব। তেওঁ লগতে কয় যে আজি ৭৫ লাখতকৈও অধিক কৃষক ‘ভাৰ্চুৱেল’ মাধ্যমেৰে এই কাৰ্যসূচীৰ সৈতে সংযুক্ত হৈছে। এই উপলক্ষে প্ৰকাশ কৰা এটা স্মাৰক মুদ্ৰা আৰু এটা ডাক টিকট উন্মোচন কৰাৰ লগতে বাজ্ৰাৰ মানক সম্পৰ্কীয় এখন গ্ৰন্থ কৰাৰ লগতে আইচিএআৰৰ ভাৰতীয় বাজ্ৰা গৱেষণা প্ৰতিষ্ঠানক এক গোলকীয় উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধিসকলক এই উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰিবলৈ আৰু এখন চালৰ তলতে বাজ্ৰা খেতিৰ সৈতে সম্পৰ্কিত সকলো কথা বুজোৱাৰ বাবে কৰা প্ৰয়াসৰ সুযোগ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। তেওঁ বাজ্ৰাৰ খেতিৰ লগতে ইয়াৰে উত্পাদিত সামগ্ৰীৰ ষ্টাৰ্টআপ গঢ়ি তোলাৰ বাবে যুৱপ্ৰজন্মই লোৱা উদ্যোগৰ প্ৰশংসা কৰে। "এয়াই বাজ্ৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰেই ইংগিত," তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে বিদেশী প্ৰতিনিধিসকলক বাজ্ৰাৰ বাবে ভাৰতে গ্ৰহণ ব্ৰেণ্ডিং প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে, কিয়নো ভাৰতে এতিয়া বাজ্ৰাক- ‘শ্ৰী অন্ন’ বুলি কয়। তেওঁ ‘শ্ৰী অন্ন’  সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি কয় যে ই কেৱল খাদ্য বা খেতিতে সীমাবদ্ধ নহয়। ভাৰতীয় পৰম্পৰাৰ সৈতে পৰিচিত সকলে যিকোনো বস্তুৰ আগত ‘শ্ৰী’ক পূৰ্বনিৰ্ধাৰণ কৰাৰ গুৰুত্ব বুজি পাব। "শ্ৰী অন্ন’ ভাৰতৰ সামগ্ৰিক বিকাশৰ মাধ্যম হৈ উঠিছে। ই গাঁৱৰ লগতে দুখীয়া (গাঁও আৰু দৰিদ্ৰ)ৰ সৈতে সম্পৰ্কিত"। তেওঁ লগতে কয় যে, ‘শ্ৰী অন্ন’- দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে সমৃদ্ধিৰ দুৱাৰ, ‘শ্ৰী অন্ন’- কোটি কোটি দেশবাসীৰ পুষ্টিৰ আধাৰ, ‘শ্ৰী অন্ন’- আদিবাসী সম্প্ৰদায়ৰ প্ৰতি আগবঢ়োৱা সম্ভাষণ, ‘শ্ৰী অন্ন’- কম পানীৰে  অধিক শস্য লাভৰ উপায়, ‘শ্ৰী অন্ন’- ৰাসায়ন মুক্ত কৃষিৰ বাবে এক ডাঙৰ বুনিয়াদ, ‘শ্ৰী অন্ন’- জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত এক বিশাল সহযোগিতা।"

শ্ৰী অন্নক এক গোলকীয় আন্দোলনত পৰিণত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৮ চনত বাজ্ৰাক ‘নিউট্ৰি-চিৰিয়েল’ বুলি ঘোষণা কৰা হৈছিল। তেতিয়াই কৃষকসকলক ইয়াৰ লাভসমূহৰ বিষয়ে অৱগত কৰাৰ পৰা বজাৰত ইয়াৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰালৈকে সকলো স্তৰত কাম কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ ১২-১৩খন ৰাজ্যত প্ৰাথমিকভাৱে বাজ্ৰাৰ খেতি কৰা হয়। যিসমূহ ৰাজ্যত প্ৰতি মাহে ঘৰুৱা ব্যৱহাৰ প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে ৩ কিলোগ্ৰামতকৈ বেছি নাছিল সেইসমূহ ৰাজ্যত আজি এই হাৰ প্ৰতি মাহে ১৪ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। তেওঁ লগতে জনায় যে বাজ্ৰাৰ খাদ্য সামগ্ৰীৰ বিক্ৰীও প্ৰায় ৩০% হাৰে বৃদ্ধি পাইছে। তেওঁ বাজ্ৰাৰ ‘ৰেচিপি’ৰ বাবে সমৰ্পিত সামাজিক মাধ্যমৰ চেনেলৰ উপৰিও ‘বাজ্ৰা কেফে’ৰ আৰম্ভণিৰ বিষয়েও উল্লেখ কৰে। "এক জিলা, এক সামগ্ৰী' আঁচনিৰ অধীনত দেশৰ ১৯খন জিলাৰ বাবে বাজ্ৰাক বাছনি কৰা হৈছে," শ্ৰী মোদীয়ে লগতে জানিবলৈ দিয়ে।

ভাৰতত বাজ্ৰাৰ উৎপাদনৰে প্ৰায় ২.৫ কোটি ক্ষুদ্ৰ কৃষক প্ৰত্যক্ষভাৱে জড়িত বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও তেওঁলোকৰ হাতত অতি কম পৰিমাণৰ ভূমি আছে। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ মিলেট মিছন- ‘শ্ৰী অন্ন’ৰ বাবে অভিযান দেশৰ ২.৫ কোটি কৃষকৰ বাবে এক আশীৰ্বাদস্বৰূপ হৈ উঠিব"। স্বাধীনতাৰ পিছত এই প্ৰথমবাৰৰ বাবে চৰকাৰে ২.৫ কোটি ক্ষুদ্ৰ কৃষকৰ যত্ন লৈছে যিসকলে বাজ্ৰা খেতি কৰে বুলিও তেওঁ আঙুলিয়াই দিয়ে। সংসাধিত আৰু পেকেটযুক্ত খাদ্য সামগ্ৰীৰ জৰিয়তে এতিয়া বাজ্ৰা দোকান আৰু বজাৰত উপলব্ধ হবলৈ ধৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী অন্ন বজাৰৰ উথ্থানে এই ২.৫ কোটি ক্ষুদ্ৰ কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিব, যাৰ ফলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ'ব। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে যোৱা কেইটামান বছৰত ‘শ্ৰী অন্ন’ক লৈ ৫০০টাতকৈয়ো অধিক ‘ষ্টাৰ্টআপ’ আৰু বৃহৎ সংখ্যক ‘এফপিঅ'ই কাম কৰিবলৈ আগবাঢ়ি আহিছে।

তেওঁ লগতে উল্লেখ কৰে যে দেশখনত এক সম্পূৰ্ণ যোগান শৃংখলা বিকশিত কৰা হৈছে য'ত সৰু গাওঁসমূহৰ আত্ম-সহায়ক গোটৰ মহিলাসকলে বাজ্ৰাৰ সামগ্ৰী প্ৰস্তুত কৰি আছে, যিসমূহ সামগ্ৰী ‘মল’ আৰু ‘ছুপাৰমাৰ্কেট’সমূহত উপলব্ধ হ’বলৈ ধৰিছে।

জি-২০ সভাপতিত্বৰ বাবে ভাৰতে গ্ৰহণ কৰা মূল বিষয়বস্তু “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সমগ্ৰ বিশ্বক এটা পৰিয়াল বুলি বিবেচনা কৰা ধাৰণাটো ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’তো প্ৰতিফলিত হৈছে। "ভাৰতে সদায় বিশ্বৰ প্ৰতি কৰ্তব্যবোধ আৰু মানৱতাৰ সেৱা কৰাৰ সংকল্পক প্ৰাথমিকতা প্ৰদান কৰি আহিছে", প্ৰধানমন্ত্ৰীয়ে কয়। যোগৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ জৰিয়তে ভাৰতে যোগৰ লাভসমূহ সমগ্ৰ বিশ্বতে উপলব্ধ হোৱাটো নিশ্চিত কৰিছে। তেওঁ আনন্দ প্ৰকাশ কৰে যে আজি বিশ্বৰ ১০০ খনতকৈও অধিক দেশত যোগৰ প্ৰচাৰ চলিছে আৰু বিশ্বৰ ৩০ খনতকৈও অধিক দেশে আয়ুৰ্বেদকো স্বীকৃতি প্ৰদান কৰিছে। তেওঁ ‘আন্তৰ্জাতিক সৌৰ মিত্ৰতা’ প্ৰসংগতো আলোকপাত কৰে আৰু কয় যে ই এক বহনক্ষম গ্ৰহ নিৰ্মাণৰ বাবে এক কাৰ্যকৰী মঞ্চ হিচাপে কাম কৰি আছে। ইতিমধ্যে, ১০০ খনতকৈয়ো অধিক দেশে এই আন্দোলনত যোগদান কৰিছে। "লাইফ মিছন’ৰ নেতৃত্ব দিয়াই হওঁক বা নিৰ্ধাৰিত সময়ৰ আগতে জলবায়ু পৰিৱৰ্তনৰ লক্ষ্য প্ৰাপ্ত কৰাই হওঁক, ভাৰতে ইয়াৰ ঐতিহ্যৰ পৰা অনুপ্ৰেৰণা লাভ কৰে, সমাজত পৰিৱৰ্তন সূচনা কৰাৰ লগতে ইয়াক বিশ্বৰ কল্যাণৰ দিশে আগুৱাই নিছে", প্ৰধানমন্ত্ৰীয়ে আজি ভাৰতৰ 'মিলেট আন্দোলন'তো একে ধৰণৰ প্ৰভাৱ দেখা যাব পাৰে বুলি উল্লেখ কৰে। ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত শ্ৰী অন্ন, বাজ্ৰা, ৰাগী, ছামা, কাংনি, চীনা, কোডন, কুট্টু আদিৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহু শতাব্দী ধৰি বাজ্ৰাসমূহ ভাৰতৰ জীৱনশৈলীৰ এক অংশ হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতে ইয়াৰ কৃষি পদ্ধতি আৰু শ্ৰী অন্নৰ সৈতে সম্পৰ্কিত অভিজ্ঞতাসমূহ বিশ্বৰ অন্য প্ৰান্তৰ সৈতে ভাগ বটোৱাৰা কৰিব বিচাৰে আৰু লগতে আন দেশৰ অভিজ্ঞতাসমূহৰ পৰাও শিকিব বিচাৰে।

তেওঁ ইয়াত উপস্থিত থকা বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ কৃষি মন্ত্ৰীসকলক এই দিশত এক স্থিৰ প্ৰণালী বিকশিত কৰিবলৈ বিশেষভাৱে অনুৰোধ জনায় আৰু কৃষিক্ষেত্ৰৰ পৰা বজাৰলৈ আৰু এখন দেশৰ পৰা আন এখন দেশলৈ অংশীদাৰী দায়িত্বৰ সৈতে এক নতুন যোগান শৃংখলা বিকশিত কৰাৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে বাজ্ৰাৰ জলবায়ুৰ স্থিতিস্থাপকতাৰ প্ৰসংগতো আলোকপাত কৰে আৰু প্ৰতিকূল পৰিস্থিতিতো এই ‘মিলেট’সমূহ সহজে উৎপাদন কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁ কয় যে পানীৰ সমস্যা থকা এলেকাসমূহৰ বাবে ই এক পছন্দৰ শস্য কিয়নো ইয়াৰ উৎপাদনৰ বাবে তুলনামূলকভাৱে কম পানীৰ প্ৰয়োজন হয়। তেওঁ লগতে উল্লেখ কৰে যে ৰাসায়নিক পদাৰ্থ অবিহনে প্ৰাকৃতিক ভাৱেই ‘মিলেট’ৰ খেতি কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা মানুহ আৰু মাটি দুয়োৰে স্বাস্থ্য সুৰক্ষিত হয়।

আজিৰ বিশ্বত খাদ্য সুৰক্ষাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দক্ষিণ বিশ্বৰ দৰিদ্ৰ লোকসকলৰ বাবে খাদ্য সুৰক্ষাৰ প্ৰত্যাহ্বান আৰু গোলকীয় উত্তৰৰ খাদ্যাভ্যাসৰ সৈতে সম্পৰ্কিত ৰোগৰ কথা উল্লেখ কৰে।  তেওঁ উৎপাদিত সামগ্ৰীত ৰাসায়নিক পদাৰ্থৰ গধুৰ ব্যৱহাৰে সৃষ্টি কৰা উদ্বেগৰ সম্পৰ্কে আঙুলিয়াই দি কয়, "এফালে আমাৰ খাদ্য সুৰক্ষাৰ সমস্যা আছে, আৰু আনহাতে খাদ্যাভ্যাসৰ সমস্যা আছে।" প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ‘শ্ৰী অন্ন’ই এনে প্ৰতিটো সমস্যাৰ সমাধান কৰে কিয়নো ইয়াক বৃদ্ধি কৰা সহজ, ইয়াৰ ব্যয়ও ইয়াত কম আৰু ই অন্যান্য শস্যতকৈ দ্ৰুতগতিত খেতিৰ বাবে সাজু হয়। প্ৰধানমন্ত্ৰীয়ে ‘শ্ৰী অন্ন’ৰ লাভৰ তালিকা প্ৰস্তুত কৰি কয় যে ই পুষ্টিৰে সমৃদ্ধ, সোৱাদত বিশেষ, আঁহৰ পৰিমাণ অধিক, শৰীৰ আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু জীৱনশৈলী সম্পৰ্কীয় ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

“বাজ্ৰাসমূহে অন্তহীন সম্ভাৱনা কঢ়িয়াই আনিছে," বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ভাৰতত ৰাষ্ট্ৰীয় খাদ্যৰ সম্ভাৰত ‘শ্ৰী অন্ন’ৰ অৱদান মাত্ৰ ৫-৬ শতাংশ বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিখণ্ডৰ বিজ্ঞানী আৰু বিশেষজ্ঞসকলক এই অৱদান বৃদ্ধিৰ দিশত কাম কৰিবলৈ আহ্বান জনায় আৰু প্ৰতি বছৰে আহৰণ কৰিব পৰা লক্ষ্য নিৰ্ধাৰণৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে দেশখনে খাদ্য সংসাধন খণ্ডক উৎসাহিত কৰিবলৈ এখন ‘পিএলআই’ আঁচনিও আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে বাজ্ৰা খণ্ডই ইয়াৰ পৰা সৰ্বাধিক ভাবে লাভান্বিত হোৱাৰ লগতে আৰু অধিক সংখ্যক কোম্পানীয়ে বাজ্ৰাৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ আগবাঢ়ি অহাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে বহুতো ৰাজ্যই ‘শ্ৰী অন্ন’ক তেওঁলোকৰ পিডিএছ সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে আৰু আন ৰাজ্যসমূহেও এই পদক্ষেপক অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ লগতে ‘শ্ৰী অন্ন’ক মধ্যাহ্ন ভোজনত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে যাতে শিশুসকলে সঠিক পুষ্টি লাভ কৰাৰ লগতে খাদ্যত এক নতুন সোৱাদ আৰু বৈচিত্ৰ সংযুক্ত কৰিব পৰা যায়।

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে এই সকলোবোৰ বিষয় সন্দৰ্ভত বিতং ভাৱে আলোচনা কৰা হ'ব আৰু কাৰ্যকৰীকৰণৰ বাবে এক ‘ৰোডমেপো’ প্ৰস্তুত কৰা হ'ব। "কৃষক আৰু সকলো অংশীদাৰৰ যৌথ প্ৰচেষ্টাৰে খাদ্যই ভাৰত আৰু বিশ্বৰ সমৃদ্ধিত এক নতুন উজ্জ্বলতা সংযুক্ত কৰিব পাৰিব।"

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমাৰ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ সুব্ৰহ্মণ্যম জয়শংকৰ, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৈলাশ চৌধুৰী আৰু শ্ৰীমতী শোভা কাৰান্দলাজে অনুষ্ঠানত উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Central schemes bring in electricity, infra and jobs at Kondagaon in Bastar

Media Coverage

Central schemes bring in electricity, infra and jobs at Kondagaon in Bastar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This year’s Union Budget reinforces our commitment to sustaining and strengthening economic growth: PM Modi
March 03, 2026
This year’s Union Budget reinforces our commitment to sustaining and strengthening economic growth: PM
Our direction is clear, our resolve is clear,Build more, produce more, connect more, export more: PM
The world is looking for reliable and resilient manufacturing partners, and today India has the opportunity to firmly fulfill this role: PM
India has signed Free Trade Agreements with many countries, a very large door of opportunities has opened for us, and in such a situation, it is our responsibility to never compromise on quality: PM
The Carbon Capture, Utilisation and Storage Mission is an important initiative, integrating sustainability in core business strategy will be essential: PM
The industries that invest in clean technology in time will be able to build better access to new markets in the coming years: PM
A major transformation is happening in the world economy today, as markets now look not only at cost but also at sustainability: PM

नमस्कार !

गत् सप्ताह, बजट वेबिनार सीरीज के पहले वेबिनार का आयोजन हुआ, और मुझे ऐसा बताया गया कि वो बहुत सफल रहा, और बजट प्रावधानों के Implementation को लेकर हर किसी ने काफी उत्तम सुझाव दिए, सबकी सक्रिय भागीदारी का मैं स्वागत करता हूं और आज इस सीरीज के दूसरे वेबिनार का आयोजन हो रहा है। और मुझे बताया गया कि आज हजारों की तादाद में, ढेर सारे विषयों पर अनगिनत लोग अपने सुझाव देने वाले हैं। विषय के जो एक्सपर्ट्स हैं, वे भी हमसे जुड़ने वाले हैं। इतनी बड़ी तादाद में बजट पर चर्चा, ये अपने आप में एक बहुत सफल प्रयोग है। आप सब समय निकाल करके इस वेबिनार में जुड़े। मैं आप सभी का अभिनंदन करता हूं, आपका स्वागत करता हूं। इस वेबिनार की थीम देश की Economic Growth को निरंतर मजबूती देने से जुड़ी हुई है। आज जब भारत अपनी मजबूत economy से पूरे विश्व की उम्मीद बना हुआ है, आज जब ग्लोबल सप्लाई चैन re-shape हो रही है, तब अर्थव्यवस्था की तेज प्रगति विकसित भारत का भी बहुत बड़ा आधार है। हमारी दिशा स्पष्ट है, हमारा संकल्प स्पष्ट है, Build more, produce more, connect more और अब जरूरत है Export more, और निश्चित तौर पर इसमें आज आपके बीच जो मंथन होगा, इस मंथन से जो सुझाव निकलेंगे, उनकी बड़ी भूमिका होगी।

साथियों,

आप सब जानते हैं, मैन्युफैक्चरिंग, लॉजिस्टिक्स, हमारे MSME's, लघु उद्योग, कुटीर उद्योग, इतना ही नहीं, हमारे छोटे-बड़े शहर, ये अर्थव्यवस्था के पिलर्स के तौर पर दिखने में तो अलग-अलग लगते हैं, लेकिन वे सभी interconnected हैं। जैसे, मजबूत मैन्युफैक्चरिंग नए अवसर तैयार करती है, और इससे निर्यात में बढ़ोतरी होती है। Competitive MSMEs से flexibility और इनोवेशन को बढ़ावा मिलता है। बेहतर लॉजिस्टिक्स से लागत कम होती है। Well-planned शहर investment और talent दोनों को अपनी ओर खींचते हैं। इन सभी पिलर्स को इस साल के बजट ने बहुत मजबूती दी है।

लेकिन साथियों,

कोई भी दिशा अपने आप परिणाम नहीं बन जाती, जमीन पर बदलाव तब आता है, जब industry, financial institutions, राज्य सरकारें, मिलकर उसे वास्तविकता बनाते हैं। मेरी अपेक्षा है, इस वेबिनार में आप सभी अपने मंथन में कुछ विषयों को जरूर प्राथमिकता दें, जैसे मैन्युफैक्चरिंग और प्रॉडक्शन, ये कैसे बढ़े, Cost structure को कैसे कंपटीटिव बनाया जा सकता है, निवेश का प्रवाह कैसे तेज हो, और विकास कैसे देश के कोने-कोने तक पहुंचे। इस दिशा में आपके सुझाव बहुत अहम साबित होंगे।

साथियों,

मैन्युफैक्चरिंग के क्षेत्र में आज देश कोर इंडस्ट्रियल क्षमताओं को मजबूत कर रहा है। और इस मार्ग में जो चुनौतियां हैं, उन्हें भी दूर किया जा रहा है। Dedicated Rare Earth Corridors, कंटेनर मैन्युफैक्चरिंग, ऐसे सेक्टर्स पर फोकस करके हम अपने ट्रेड इकोसिस्टम को मजबूत करने का प्रयास कर रहे हैं। बजट में बायोफार्मा शक्ति मिशन की घोषणा भी की गई है। इस मिशन का उद्देश्य है, भारत को biologics और next-generation थेरेपीज के क्षेत्र में ग्लोबल हब बनाना। हम Advanced Biopharma Research और मैन्युफैक्चरिंग में लीडरशिप की ओर बढ़ना चाहते हैं।

साथियों,

आज दुनिया विश्वसनीय और resilient manufacturing partners की तलाश में है। भारत के पास यह अवसर है कि वह इस भूमिका को मजबूती से निभाए। इसके लिए आप सभी स्टेकहोल्डर्स को बहुत आत्मविश्वास के साथ निवेश करना होगा, नई टेक्नोलॉजी अपनानी होगी और रिसर्च में जो कंजूसी करते हैं ना, वो जमाना चला गया, अब हमें रिसर्च में बड़ा इनवेस्टमेंट करना होगा, और ग्लोबल स्टैंडर्ड के अनुरूप क्वालिटी भी सुनिश्चित करनी होगी, और मैं बार-बार कहता हूं कि अब हमें आगे बढ़ने के जब अवसर आए हैं, तो हमारा एक ही मंत्र होना चाहिए, क्वालिटी-क्वालिटी-क्वालिटी।

साथियों,

भारत ने बहुत सारे देशों के साथ फ्री ट्रेड एग्रीमेंट किए हैं। हमारे लिए अवसरों का, यानि अवसरों का बहुत बड़ा द्वार खुला है। ऐसे में हमारी ज़िम्मेदारी है कि हम क्वालिटी पर कभी भी समझौता ना करें, अगर किसी एक चीज पर सबसे ज्यादा ताकत, बुद्धि, शक्ति, समझ लगानी है, तो हमें क्वालिटी पर बहुत ज्यादा जोर देना चाहिए। हमारे प्रोडक्ट्स की क्वालिटी ग्लोबल स्टैंडर्ड, इतना ही नहीं, उससे भी बेहतर हो। और इसके लिए हमें दूसरे देशों की जरूरतों को, वहां के लोगों की अपेक्षाओं को भी, उसका अध्ययन करना पड़ेगा, रिसर्च करनी पड़ेगी, उसे समझना होगा। हमें दूसरे देशों के लोगों की पसंद और उनके कंफर्ट को स्टडी करना, ये सबसे बड़ी आवश्यकता है, और रिसर्च करनी चाहिए। मान लीजिए कोई छोटा पुर्जा मांगता है, और वो बहुत बड़ा जहाज बना रहा है, लेकिन हम पुर्जे में चलो भेज दो, क्या है? तो कौन लेगा आपका पुर्जा? भले आपके लिए वह छोटा पुर्जा है, लेकिन उसकी एक बहुत बड़ी जो मैन्युफैक्चरिंग की यूनिट है, उसमें बहुत बड़ा महत्व रखता है। और इसलिए आज दुनिया में हमारे लिए क्वालिटी ही इस कंपिटिटिव वर्ल्ड के अंदर सुनहरा अवसर बना देती है। हमें उनके हिसाब से यूजर फ्रेंडली प्रोडक्ट बनाने होंगे। तभी हम उन अवसरों का लाभ उठा पाएंगे, और जो फ्री ट्रेड एग्रीमेंट तैयार हो चुका है, अब ये विकास का महामार्ग आपके लिए तैयार है। मैं उम्मीद करता हूं कि इस वेबिनार में इस विषय पर फोकस करते हुए भी आप सब जरूर चर्चा करेंगे।

 

साथियों,

हमने MSME classification में जो Reforms किए, उसका व्यापक प्रभाव दिख रहा है। इससे enterprises का ये डर खत्म हुआ है कि वो अपना विस्तार करेंगे, तो उन्हें सरकार की ओर से मिलने वाले फायदे बंद हो जाएंगे। क्रेडिट तक MSME's की आसान पहुंच बनाने, टेक्नोलॉजी अपग्रेडेशन को बढ़ावा देने और कपैसिटी बिल्डिंग की दिशा में लगातार प्रयास हुए हैं।

लेकिन साथियों,

इन प्रयासों का असर तभी दिखाई देगा, जब MSMEs ज्यादा से ज्यादा कंपटीशन में उतरेंगे, और विजयी होने का लक्ष्य लेकर उतरेंगे। अब समय है कि MSMEs अपनी प्रोडक्टिविटी और बढ़ाएं, क्वालिटी स्टैंडर्ड्स को ऊंचा करें, डिजिटल प्रोसेस और मजबूत वैल्यू चैन से जुड़ें। इस दिशा में, इस वेबिनार में आपके सुझाव बहुत अहम होंगे।

साथियों,

इंफ्रास्ट्रक्चर और लॉजिस्टिक्स हमारी growth strategy के कोर पिलर्स हैं। इस वर्ष के बजट में रिकॉर्ड कैपिटल एक्सपेंडिचर का प्रस्ताव है। High-capacity transport systems का निर्माण, रेलवे, हाइवे, पोर्ट, एयरपोर्ट, वाटरवे के बीच बेहतर तालमेल, अलग-अलग फ्रेट कॉरिडोर और मल्टी-मोडल कनेक्टिविटी का विस्तार, ये सभी कदम खर्च कम करने और efficiency improve करने के लिए आवश्यक है। इसलिए, नए वाटरवेज, शिप रिपेयर फैसिलिटी और Regional Centres of Excellence हमारे लॉजिस्टिक इकोसिस्टम को मजबूत करेंगे। सात नए हाई-स्पीड रेल कॉरिडोर विकास के ग्रोथ कनेक्टर बनने वाले हैं। लेकिन आप भी जानते हैं, इस इंफ्रास्ट्रक्चर का वास्तविक लाभ तभी मिलेगा, जब उद्योग और निवेशक अपनी रणनीतियों को इस विजन के अनुरूप में ढालेंगे। ये रणनीतियां क्या होगी, इस पर भी आपको विस्तार से चर्चा करनी चाहिए, और मुझे पूरा विश्वास है कि आप जरूर इन बातों पर ध्यान देंगे।

 

साथियों,

भारत की विकास यात्रा में अर्बनाइजेशन, शहरीकरण का भी बहुत अहम रोल है। भारत की future growth इस बात पर निर्भर करेगी कि हम अपने शहरों को कितना effectively plan और manage करते हैं। हमारे Tier-II और Tier-III शहर, नए growth anchors कैसे बनें, इसके लिए भी इस बजट वेबिनार में आपके सुझाव बहुत अहम होंगे।

साथियों,

आज दुनिया की अर्थव्यवस्था में एक बड़ा परिवर्तन चल रहा है। बाजार अब केवल लागत नहीं देखते हैं, वे sustainability भी देखते हैं। इस दिशा में Carbon Capture, Utilisation and Storage Mission एक महत्वपूर्ण पहल है। अब sustainability उसको आपको core business strategy का हिस्सा बनाना ही होगा। जो उद्योग समय रहते क्लीन टेक्नोलॉजी में निवेश करेंगे, वे आने वाले वर्षों में नए-नए बाजारों तक बेहतर पहुंच बना पाएंगे। इस साल बजट ने नई दिशा दी है। मेरा आग्रह है कि उद्योग, निवेशक और विभिन्न संस्थान मिलकर इस पर आगे बढ़ें।

साथियों,

विकसित भारत का लक्ष्य collective ownership से ही हासिल किया जा सकता है। ये बजट वेबिनार भी सिर्फ discussion का प्लेटफॉर्म ना बने, सिर्फ अपने ज्ञान को हम बटोरते रहे, ऐसा नहीं होना चाहिए, बल्कि इसमें collective ownership दिखे, ये बहुत जरूरी है। बजट ने framework दिया है, अब आपको मिलकर momentum पैदा करना है। आपको हमारे प्रयासों में सहभागी बनना है। आपका हर सुझाव, हर अनुभव जमीन पर बेहतरीन नतीजें लाने की क्षमता रखता है। आपके सुझाव देश की प्रगति में माइलस्टोन बनें, इसी विश्वास के साथ आपका बहुत-बहुत धन्यवाद।

नमस्कार !