"ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু বিশ্বাসৰ ভূমিত আপোনালোকৰ মাজত থাকিবলৈ পাই মই নিজকে ধন্য অনুভৱ কৰিছোঁ।"
"উত্তৰাখণ্ডৰ প্ৰগতি আৰু নাগৰিকৰ মংগল আমাৰ চৰকাৰৰ অভিযানৰ মূলতে নিহিত হৈ আছে"
"এই দশকটো হ'ব উত্তৰাখণ্ডৰ দশক"
"উত্তৰাখণ্ডৰ প্ৰতিখন গাঁৱতে দেশৰ ৰক্ষক আছে"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত গ্ৰাম্য উন্নয়ন, পথ, বিদ্যুৎ, জলসিঞ্চন, খোৱাপানী, উদ্যান শস্য, শিক্ষা, স্বাস্থ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা অন্যান্য খণ্ডত প্ৰায় ৪২০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰে।
নাৰীশক্তি বন্দন অধিনিয়মৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ পৰা লাভ কৰা সমৰ্থন আৰু সঁহাৰিৰ কথা উল্লেখ কৰে।
তেওঁ জোৰ দি কয় যে এই ১৩.৫ কোটি লোক এই কথাৰ উদাহৰণ যে ভাৰতে নিজৰ সামৰ্থ্যৰেই দেশৰ দৰিদ্ৰতা দূৰ কৰিব পাৰে।
ৰাষ্ট্ৰীয় গেমছৰ বাবে অধ্যৱসায়ীভাৱে প্ৰস্তুতি চলোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডত বহু প্ৰজন্মৰ পৰা কৰি অহা শ্ৰী অন্নৰ খেতিৰ কথা উল্লেখ কৰি চৰকাৰে ইয়াৰ গুৰুত্ব সমগ্ৰ বিশ্বতে বিয়পাই দিয়াৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে সমগ্ৰ দেশতে এক অভিযান আৰম্ভ কৰা হৈছে, যাৰ ফলত উত্তৰাখণ্ডৰ ক্ষুদ্ৰ কৃষকসকল যথেষ্ট উপকৃত হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত গ্ৰাম্য উন্নয়নপথবিদ্যুৎজলসিঞ্চনখোৱাপানীউদ্যান শস্যশিক্ষাস্বাস্থ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা অন্যান্য খণ্ডত প্ৰায় ৪২০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰে।

সমবেত জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত উত্তৰাখণ্ডৰ জনসাধাৰণৰ অভূতপূৰ্ব মৰমস্নেহ আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয়, "এয়া যেন স্নেহৰ গংগা বৈ আছিল।শ্ৰী মোদীয়ে আধ্যাত্মিকতা আৰু বীৰত্বৰ ভূমিত বিশেষকৈ সাহসী মাতৃসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ জোৰ দি কয় যে বৈদ্যনাথ ধামত জয় বদ্ৰী বিশাল ঘোষণাই গড়োৱাল ৰাইফলছৰ জোৱানসকলৰ উৎসাহ আৰু উদ্দীপনা বৃদ্ধি কৰে আৰু গংগোলিহাটৰ কালি মন্দিৰত ঘণ্টাৰ শব্দই কুমাওঁ ৰেজিমেণ্টৰ জোৱানসকলৰ মাজত নতুন সাহসৰ সৃষ্টি কৰে। মানসখণ্ডত প্ৰধানমন্ত্ৰীয়ে এই ভূমিৰ ভৱিষ্যৎ আৰু ঐতিহ্য প্ৰতিফলিত কৰা বৈদ্যনাথনন্দাদেৱীপূৰ্ণাগিৰিকাছাৰদেৱীকৈঞ্চিধামকাটাৰমলনানকমত্তাৰীঠা চাহিব আদি বহুতো মন্দিৰৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়াই উত্তৰাখণ্ডত আপোনালোকৰ মাজত থাকোঁ তেতিয়াই মই নিজকে সদায় ধন্য বুলি গণ্য কৰোঁ।"

 

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে পাৰ্বতী কুণ্ডত পূজা আৰু দৰ্শন কৰে। "মই প্ৰতিজন ভাৰতীয়ৰ সুস্বাস্থ্য আৰু বিকশিত ভাৰতৰ শক্তিৰ সংকল্প লৈ প্ৰাৰ্থনা কৰিলোঁ। মই আশীৰ্বাদ বিচাৰিলোঁ যে উত্তৰাখণ্ডৰ জনসাধাৰণৰ সকলো আকাংক্ষা যাতে পূৰণ হয়।"

প্ৰধানমন্ত্ৰীয়ে জোৱানশিল্পী আৰু আত্মসহায়ক গোটৰ সৈতে হোৱা বৈঠকৰ কথাও উল্লেখ কৰি নিৰাপত্তাসমৃদ্ধি আৰু সংস্কৃতিৰ স্তম্ভক লগ পোৱাত সুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে এই দশক উত্তৰাখণ্ডৰ দশক হব। তেওঁ কয়, "আমাৰ চৰকাৰে উত্তৰাখণ্ডৰ জনসাধাৰণৰ প্ৰগতি আৰু জীৱনৰ সহজতাৰ বাবে সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম কৰি আছে।প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু ঘনিষ্ঠতাক স্মৰণ কৰে। নাৰীশক্তি বন্দন অধিনিয়মৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ পৰা লাভ কৰা সমৰ্থন আৰু সঁহাৰিৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে কয়। ভাৰত আৰু ভাৰতীয়ৰ অৱদানক বিশ্বই স্বীকৃতি দিছে বুলিও তেওঁ কয়। অতীতৰ হতাশাৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে প্ৰত্যাহ্বানৰ মাজত বিশ্ব মঞ্চত ভাৰতৰ বলিষ্ঠ কণ্ঠৰ কথা উল্লেখ কৰে। তেওঁ জি-২০ৰ অধ্যক্ষতা আৰু শীৰ্ষ সন্মিলন আয়োজন কৰাৰ বাবে ভাৰতে বিশ্বব্যাপী প্ৰশংসা লাভ কৰাৰ কথা উল্লেখ কৰে। দীৰ্ঘদিনীয়া ব্যৱধানৰ অন্তত কেন্দ্ৰত এখন সুস্থিৰ আৰু শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাত প্ৰধানমন্ত্ৰীয়ে দেশৰ সফলতাৰ কৃতিত্ব জনসাধাৰণক দিয়ে। তেওঁ কয় যে তেওঁৰ হাতত ১৪০ কোটি ভাৰতীয়ৰ আস্থা আৰু বিশ্বাস আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৫ বছৰত ১৩.৫ কোটিৰো অধিক ভাৰতীয় দৰিদ্ৰতাৰ কুচক্ৰৰ পৰা ওলাই আহিছে। ইয়াৰ বাবে তেওঁ চৰকাৰৰ সৰ্বসমাৱেশী পন্থাক কৃতিত্ব দিয়েযাৰ অধীনত দূৰৱৰ্তী ঠাইত বাস কৰা লোকসকলেও চৰকাৰী সুবিধা লাভ কৰে। মোদীয়ে দৃঢ়তাৰে কয় যে বিশ্ব আশ্চৰ্যচকিত” কাৰণ ১৩.৫ কোটি লোকৰ ভিতৰত দুৰ্গম আৰু পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলো অন্তৰ্ভুক্ত। তেওঁ জোৰ দি কয় যে এই ১৩.৫ কোটি লোক এই কথাৰ উদাহৰণ যে ভাৰতে নিজৰ সামৰ্থ্যৰেই দেশৰ দৰিদ্ৰতা দূৰ কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে গৰীবি হাটাওৰ শ্লোগান দিছিল যদিওসেইজন হৈছে 'মোদী', যি কৈছে যে মালিকীস্বত্ব আৰু দায়িত্ব গ্ৰহণ কৰি দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা যায়। তেওঁ জোৰ দি কয়, "আমি একেলগ হৈ দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰোঁ।তেওঁ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা ভাৰতৰ চন্দ্ৰযানৰ কথা উল্লেখ কৰেযিটো কৃতিত্ব এতিয়ালৈকে কোনো দেশেই লাভ কৰিব পৰা নাই। প্ৰধানমন্ত্ৰীয়ে কয়, "চন্দ্ৰযান অৱতৰণ কৰা ঠাইখনৰ নাম শিৱ শক্তি ৰখা হৈছে আৰু এইদৰে উত্তৰাখণ্ডৰ পৰিচয় এতিয়া চন্দ্ৰতো উপস্থিত আছে।তেওঁ কয় যে উত্তৰাখণ্ডৰ প্ৰতিটো খোজতে শিৱ শক্তি যোগ দেখা যায়।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ক্ৰীড়া দক্ষতাক আলোকপাত কৰি দেশৰ ভিতৰতে এতিয়ালৈকে সৰ্বাধিক পদক লাভ কৰাত তেওঁৰ সন্তুষ্টিৰ কথা উল্লেখ কৰে। ভাৰতীয় দলটোত উত্তৰাখণ্ডৰ ৮গৰাকী এথলীট আছিল আৰু লক্ষ্য সেন আৰু বন্দনা কাটাৰিয়াৰ দলে পদক লাভ কৰে। প্ৰধানমন্ত্ৰীৰ আহ্বানত দৰ্শকে মোবাইলৰ টৰ্চ জ্বলাই এই কৃতিত্ব উদযাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকলক তেওঁলোকৰ প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ বাবে চৰকাৰে সম্পূৰ্ণ সহায় আগবঢ়াইছে। আজি হালদ্বাণীত হকী গ্ৰাউণ্ড আৰু ৰুদ্ৰপুৰত ৱেলোড্ৰমৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাষ্ট্ৰীয় গেমছৰ বাবে অধ্যৱসায়ীভাৱে প্ৰস্তুতি চলোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰাখণ্ডৰ প্ৰতিখন গাঁৱতে ভাৰতৰ সীমান্ত পহৰা দিয়া সামৰিক জোৱানৰ জন্ম হৈছে। তেওঁ উল্লেখ কৰে যে বৰ্তমান চৰকাৰে তেওঁলোকৰ দশক দশক পুৰণি ৱান ৰেংক ৱান পেঞ্চনৰ দাবী পূৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এক ৰেংক এক পেঞ্চন’ আঁচনিৰ অধীনত এতিয়ালৈকে ৭০ হাজাৰ কোটিতকৈ অধিক ধন প্ৰাক্তন সেনাবাহিনীৰ হাতলৈ হস্তান্তৰ কৰা হৈছেযাৰ ফলত প্ৰাক্তন সেনাবাহিনীৰ ৭৫ হাজাৰৰো অধিক পৰিয়াল যথেষ্ট উপকৃত হৈছে। তেওঁ কয়, "সীমান্ত অঞ্চলৰ উন্নয়ন চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ ক্ষেত্ৰ।তেওঁ কয় যে এই অঞ্চলসমূহত নতুন সেৱা দ্ৰুতগতিত গঢ় লৈ উঠিছে। পূৰ্বৰ চৰকাৰসমূহৰ সময়ত সীমান্ত অঞ্চলসমূহত উন্নয়নৰ অভাৱৰ কথা আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি উন্নয়নক লৈ চুবুৰীয়া দেশসমূহে ভূমি দখল কৰাৰ আশংকাৰ কথা কয়। সীমান্ত অঞ্চলত চলি থকা আন্তঃগাঁথনি উন্নয়নৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে কয়, "নিউ ইণ্ডিয়াইও কোনো কথালৈ ভয় নকৰেআনৰ মাজতো ভয়ৰ সৃষ্টি নকৰে।তেওঁ কয় যে বিগত ৯ বছৰত সীমান্ত অঞ্চলত ৪২০০ কিলোমিটাৰতকৈ অধিক পথ২৫০খন দলং আৰু ২২টা সুৰংগ নিৰ্মাণ কৰা হৈছে। আজিৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সীমান্তৱৰ্তী অঞ্চলসমূহলৈ ৰেলপথ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কাম চলি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে জীৱন্ত গ্ৰাম যোজনাই দেশৰ শেষ গাঁওসমূহক প্ৰথম গাঁওলৈ ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ প্ৰচেষ্টা এই গাঁওসমূহ এৰি যোৱা লোকসকলক ঘূৰাই অনা। আমি এই গাঁওবোৰত পৰ্যটন বৃদ্ধি কৰিব বিচাৰোঁ।” তেওঁ কয় যে পানীঔষধপথশিক্ষা আৰু চিকিৎসাৰ সুবিধাৰ ক্ষেত্ৰত অতীতৰ ভুল নীতিৰ বাবে মানুহে ঘৰৰ পৰা ওলাই আহিবলগীয়া হৈছিল। তেওঁ কয় যে উত্তৰাখণ্ডৰ এই অঞ্চলসমূহত নতুন সা-সুবিধা আৰু আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। ৰাস্তাজলসিঞ্চনৰ সুবিধা আৰু আজি আৰম্ভ হোৱা পলিহাউছ আঁচনিৰ জৰিয়তে আপেল খেতিত লাভৱান হব বুলিও তেওঁ কয়। এই প্ৰকল্পসমূহৰ বাবে ব্যয় কৰা হব ১১০০ কোটি টকা। তেওঁ কয়, "উত্তৰাখণ্ডৰ আমাৰ ক্ষুদ্ৰ কৃষকৰ জীৱন উন্নত কৰাৰ বাবে ইমান টকা খৰচ কৰা হৈছে পিএম কিষাণ সন্মান নিধিৰ অধীনতউত্তৰাখণ্ডৰ কৃষকসকলে এই পৰ্যন্ত ২২০০ কোটিতকৈ অধিক ধন লাভ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডত বহু প্ৰজন্মৰ পৰা কৰি অহা শ্ৰী অন্নৰ খেতিৰ কথা উল্লেখ কৰি চৰকাৰে ইয়াৰ গুৰুত্ব সমগ্ৰ বিশ্বতে বিয়পাই দিয়াৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে সমগ্ৰ দেশতে এক অভিযান আৰম্ভ কৰা হৈছেযাৰ ফলত উত্তৰাখণ্ডৰ ক্ষুদ্ৰ কৃষকসকল যথেষ্ট উপকৃত হব।

মহিলা নেতৃত্বাধীন উন্নয়ন সুনিশ্চিত কৰাৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰ মাতৃ-ভগ্নীৰ প্ৰতিটো জটিলতা আৰু প্ৰতিটো অসুবিধা দূৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সেইবাবেই আমাৰ চৰকাৰে দুখীয়া ভগ্নীসকলক স্থায়ী ঘৰ দিলে। আমি আমাৰ ভগ্নী-কন্যাৰ বাবে শৌচাগাৰ নিৰ্মাণ কৰিলোঁগেছ সংযোগ দিলোঁবেংক একাউণ্ট খুলিলোঁবিনামূলীয়া চিকিৎসা আৰু বিনামূলীয়া ৰেচনৰ ব্যৱস্থা কৰিলোঁ। হৰ ঘৰ জল যোজনাৰ অধীনত উত্তৰাখণ্ডৰ ১১ লাখ পৰিয়ালৰ ভগ্নীসকলে পাইপৰ পানীৰ সুবিধা লাভ কৰিছে।লালকিল্লাৰ প্ৰাচীৰৰ পৰা ঘোষণা কৰা মহিলা আত্মসহায়ক গোটসমূহক ড্ৰন প্ৰদানৰ পৰিকল্পনাৰ কথাও তেওঁ উল্লেখ কৰে। এই ড্ৰনে খেতি আৰু উৎপাদিত সামগ্ৰী পৰিবহণতো সহায়ক বুলি প্ৰমাণিত হব। মহিলা আত্মসহায়ক গোটসমূহক প্ৰদান কৰা ড্ৰনে উত্তৰাখণ্ডক আধুনিকতাৰ নতুন উচ্চতালৈ লৈ যাব,” প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, “উত্তৰাখণ্ডত প্ৰতিখন গাঁৱতে গংগা আৰু গংগোত্ৰী আছে। ভগৱান শিৱ আৰু নন্দ ইয়াত বৰফৰ শিখৰত বাস কৰে।” তেওঁ কয় যে উত্তৰাখণ্ডৰ মেলাকৌথিগথাউলগীতসংগীত আৰু খাদ্যৰ নিজস্ব স্বকীয় পৰিচয় আছে আৰু এই ভূমি পাণ্ডৱ নৃত্যছোলীয়া নৃত্যমংগল গীতফুলদেইহৰেলাবাগৱালৰামমান আদি সাংস্কৃতিক অনুষ্ঠানেৰে চহকী। এই ভূমিৰ বিভিন্ন ৰান্ধনীশালৰ বিষয়েও তেওঁ আৰাছেঝাংগোৰ কি খীৰকাফুলিপকৌড়েৰাইতাআলমোড়াৰ বাল্য মিঠাই আৰু চিংগোৰিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কালী গংগাৰ ভূমি আৰু চম্পাৱতৰ অদ্বৈত আশ্ৰমৰ সৈতে আজীৱন সম্পৰ্কৰ কথাও স্মৰণ কৰে। লগতে শীঘ্ৰে চম্পাৱতৰ অদ্বৈত আশ্ৰমত সময় কটোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, "উত্তৰাখণ্ডৰ পৰ্যটন আৰু তীৰ্থযাত্ৰাৰ উন্নয়নৰ সৈতে জড়িত চৰকাৰৰ ডাবল ইঞ্জিন প্ৰচেষ্টাই এতিয়া ফল দিছে। এইবাৰ উত্তৰাখণ্ডত চাৰধাম যাত্ৰাৰ বাবে অহা ভক্তৰ সংখ্যা প্ৰায় ৫০ লাখ হবলৈ গৈ আছে। বাবা কেদাৰৰ আশীৰ্বাদত কেদাৰনাথ ধামৰ পুনৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। শ্ৰী বদ্ৰীনাথ ধামতো শ শ কোটি টকা ব্যয় সাপেক্ষে বহু কাম চলি আছে।” কেদাৰনাথ ধাম আৰু হেমকুণ্ট চাহিবত ৰপৱেৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত যি সুবিধাৰ ব্যৱস্থা হব সেই বিষয়ে তেওঁ উল্লেখ কৰে। কেদাৰনাথ আৰু মানসখণ্ডৰ মাজত কানেক্টিভিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আৰম্ভ হোৱা মানসখণ্ড মন্দিৰ মালা মিছনে কুমাওঁ অঞ্চলৰ বহু মন্দিৰত প্ৰৱেশ সহজ কৰি তুলিব আৰু ভক্তসকলক এই মন্দিৰসমূহ পৰিদৰ্শন কৰিবলৈ উৎসাহিত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে উত্তৰাখণ্ডৰ কানেক্টিভিটি বৃদ্ধিয়ে ৰাজ্যখনৰ উন্নয়নক নতুন উচ্চতালৈ লৈ যাবলৈ গৈ আছে। তেওঁ চাৰধাম মেগা প্ৰকল্প আৰু সকলো বতৰতে পথৰ লগতে ঋষিকেশ-কৰ্ণপ্ৰয়াগ ৰে'ল প্ৰকল্পৰ কথাও উল্লেখ কৰে। ইউডিএন আঁচনিৰ সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ অঞ্চলটোত কম খৰচী বিমান সেৱাও সম্প্ৰসাৰণ কৰা হৈছে। বাগেশ্বৰৰ পৰা কানালিচিনাগংগোলিহাটৰ পৰা আলমোৰা আৰু তনকপুৰ ঘাটৰ পৰা পিথোৰাগড়লৈ যোৱা পথকে ধৰি আজি হাতত লোৱা প্ৰকল্পৰ কথাও উল্লেখ কৰি তেওঁ কয় যে এইবোৰে সাধাৰণ ৰাইজক সুবিধা প্ৰদান কৰাই নহয় পৰ্যটনৰ পৰা আয়ৰ সুযোগো বৃদ্ধি কৰিব। পৰ্যটন খণ্ডক সৰ্ববৃহৎ কৰ্মসংস্থাপন সৃষ্টিকাৰী বুলি অভিহিত কৰি শ্ৰী মোদীয়ে চৰকাৰৰ হোমষ্টেৰ প্ৰচাৰক লৈ সুখ প্ৰকাশ কৰে। তেওঁ কয়, "আগন্তুক সময়ত পৰ্যটন খণ্ডৰ যথেষ্ট সম্প্ৰসাৰণ হব। কাৰণ আজি সমগ্ৰ বিশ্বই ভাৰতলৈ আহিব বিচাৰিছে। আৰু যিয়ে ভাৰতক চাব বিচাৰে তেওঁ নিশ্চয় উত্তৰাখণ্ডলৈ আহিব বিচাৰিব।

উত্তৰাখণ্ডৰ দুৰ্যোগপ্ৰৱণ স্বৰূপক স্বীকৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰস্তুতি চলাবলৈ অনাগত ৪-৫ বছৰত বিভিন্ন প্ৰকল্পত ৪০০০ কোটি টকা ব্যয় কৰা হব। তেওঁ কয়, ‘‘উত্তৰাখণ্ডত এনে সুবিধা সৃষ্টি কৰা হব যাতে দুৰ্যোগৰ সময়ত সাহায্য আৰু উদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে কৰিব পৰা যায়।"

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া ভাৰতৰ অমৃত কাল। তেওঁ কয়, “এয়া সময় হৈছে প্ৰতিটো অঞ্চল আৰু দেশৰ প্ৰতিটো শ্ৰেণীক সুবিধাসন্মান আৰু সমৃদ্ধিৰে সংযোগ কৰা।” বাবা কেদাৰ আৰু বদ্ৰী বিশালৰ আশীৰ্বাদত দেশে নিজৰ সংকল্প ক্ষিপ্ৰতাৰে পূৰণ কৰিবলৈ সক্ষম হব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

এই উপলক্ষে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী আৰু উত্তৰাখণ্ড চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল উপস্থিত থাকে।

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰা প্ৰকল্পসমূহৰ ভিতৰত পিএমজিএছৱাইৰ অধীনত গ্ৰাম্য অঞ্চলত নিৰ্মাণ কৰা ৭৬টা গ্ৰাম্য পথ আৰু ২৫খন দলং৯খন জিলাত বিডিঅৰ কাৰ্যালয়ৰ ১৫টা ভৱনকেন্দ্ৰীয় পথ পুঁজিৰ অধীনত নিৰ্মিত তিনিটা পথ অৰ্থাৎ কৌসনী বাগেশ্বৰ পথধৰী-দৌবা-গিৰিচিনা পথ আৰু নাগলা-কিছা পথৰ উন্নীতকৰণৰাষ্ট্ৰীয় ঘাইপথত দুটা পথ অৰ্থাৎ আলমোৰা পেটশাল – পানুৱানুলা – দনয়া (ৰাষ্ট্ৰীয় ঘাইপথ ৩০৯বিআৰু তানাকপুৰ – চলথি (ৰাষ্ট্ৰীয় ঘাইপথ ১২৫উন্নীতকৰণখোৱাপানীৰ সৈতে জড়িত তিনিটা প্ৰকল্প অৰ্থাৎ ৩৮টা পাম্পিং খোৱাপানী আঁচনি৪১৯টা মাধ্যাকৰ্ষণ ভিত্তিক পানী যোগান আঁচনি আৰু তিনিটা টিউব ৱেল ভিত্তিক পানী যোগান আঁচনিপিথোৰাগড়ৰ থাৰকোট কৃত্ৰিম হ্ৰদ১৩২ কেভি পিথোৰাগড়-লোহাঘাট (চাম্পাৱাটবিদ্যুৎ পৰিবহন লাইনউত্তৰাখণ্ডত ৩৯খন দলং আৰু বিশ্ব বেংকৰ পুঁজিৰে উত্তৰাখণ্ড দুৰ্যোগ পুনৰুদ্ধাৰ প্ৰকল্পৰ অধীনত ডেৰাডুনত নিৰ্মিত উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ভৱনটো অন্তৰ্ভুক্ত।

 

যিবোৰ প্ৰকল্পৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছেসেইবোৰৰ ভিতৰত আছে ২১,৩৯৮টা পলি-হাউছ নিৰ্মাণৰ আঁচনিযিয়ে ফুল আৰু শাক-পাচলিৰ উৎপাদন বৃদ্ধি আৰু ইয়াৰ মান উন্নত কৰাত সহায় কৰিবউচ্চ ঘনত্বৰ সঘন আপেলৰ বাগিচা খেতিৰ বাবে এক আঁচনিৰাষ্ট্ৰীয় ঘাইপথ (এন এইচউন্নীতকৰণৰ বাবে পাঁচটা প্ৰকল্পৰাজ্যত দুৰ্যোগৰ প্ৰস্তুতি আৰু শক্তিশালীকৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে অৰ্থাৎ দলং নিৰ্মাণডেৰাডুনত অৱস্থিত ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ উন্নীতকৰণবালিনালা আৰু নৈনিতালত ভূমিস্খলন প্ৰতিৰোধৰ বাবে পদক্ষেপ আৰু অগ্নিস্বাস্থ্য আৰু অন্যান্য বন সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছেসমগ্ৰ ৰাজ্যৰ ২০ খন মডেল ডিগ্ৰী কলেজত হোষ্টেল আৰু কম্পিউটাৰ লেবৰ উন্নয়নআলমোৰাৰ সোমেশ্বৰত ১০০খন বিছনাযুক্ত মহকুমা চিকিৎসালয়চম্পাৱতৰ ৫০খন বিছনাযুক্ত হাস্পতাল ব্লকনৈনিতালৰ হালদ্বানী ষ্টেডিয়ামত এষ্ট্ৰটাৰ্ফ হকী গ্ৰাউণ্ডৰুদ্ৰপুৰৰ ৱেলোড্ৰম ষ্টেডিয়ামজাগেশ্বৰ ধাম (আলমোৰা), হাট কালিকা (পিথোৰাগড়আৰু নাইনা দেৱী (নৈনিতালমন্দিৰকে ধৰি বিভিন্ন মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মানসখণ্ড মন্দিৰ মালা মিছন আঁচনি।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre hikes non-urea fertiliser subsidy 10-21% amid West Asia crisis

Media Coverage

Centre hikes non-urea fertiliser subsidy 10-21% amid West Asia crisis
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi’s Haldia rally builds massive momentum ahead of West Bengal polls
April 09, 2026
A double engine government will make Bengal self-reliant in fisheries and food production: PM Modi in Haldia
TMC has run a syndicate-driven system, where nothing moves without cut money and commissions. But factories run on trust, not on syndicates: PM
TMC is focused on giving reservations on the basis of religion to please its vote bank, says PM Modi in Haldia rally

Prime Minister Narendra Modi delivered a high-energy address in Haldia, galvanising BJP supporters and setting the tone for the upcoming West Bengal Assembly elections. Addressing a massive gathering, PM Modi invoked the spirit of past political transformation and projected a similar wave sweeping across the state.

Recalling the political shift led by Nandigram and Medinipur five years ago, PM Modi said, “Medinipur and Nandigram showed the path of change five years ago. Now, the entire West Bengal has embarked on that very path of transformation.” He added, “What Nandigram achieved then, Bhawanipur will witness this time and the same change will echo across Bengal.”

The rally resonated with energetic slogans as the PM urged the crowd to join in, saying, ‘Paltano dorkar… Chai BJP Sarkar!’ The overarching theme of his address focused on restoring Bengal’s pride and setting it back on a path of growth and prosperity. PM Modi remarked, “This is not an ordinary election. It is about restoring Bengal’s glory, strengthening the foundation of a developed Bengal and taking the first decisive step by bidding farewell to a ruthless government.”

The Prime Minister contrasted India’s rapid economic progress with what he described as Bengal’s decline under the current state government. He said, “India is progressing at a fast pace, but the TMC government has pushed Bengal backwards on key development parameters.” He pointed to the industrial decline of Haldia and the migration of youth as indicators of governance failure.

On employment and youth issues, PM Modi accused the TMC government of betrayal. “The youth of Bengal have been doubly betrayed, there are no private jobs and even government recruitments have been looted,” he said. Emphasising reform, he assured that a BJP government would ensure transparent, time-bound recruitment and organise employment drives.

Addressing economic potential, particularly in fisheries, PM Modi highlighted missed opportunities. “Despite immense potential, Bengal is not self-reliant in fish production. In contrast, states governed by BJP or NDA have doubled production and are now exporting,” he noted, adding that a double-engine government would unlock Bengal’s blue economy.

He also criticised the state government for not effectively implementing central welfare schemes. “Because these schemes carry the ‘PM’ tag, they are either renamed or not implemented, hurting the poor and the elderly,” he said

Focusing on women’s safety, PM Modi expressed concern over rising crimes. “In Bengal today, daughters are not safe be it on the streets, in schools or workplaces. This is due to the protection given to criminals,” he asserted, while assuring that a BJP government would guarantee safety and dignity.

Outlining his vision, the Prime Minister presented “Modi’s Six Guarantees” for Bengal, promising governance based on trust, accountability, strict action against corruption, justice for victims, protection of constitutional rights and implementation of the Seventh Pay Commission for government employees.

Concluding his address, PM Modi called for decisive voter participation. “On 23rd April, every vote will shape Bengal’s future. Press the lotus button at every booth and ensure a government that delivers development, dignity and security,” he urged.