অসমৰ কৰ্কট ৰোগ চিকিৎসালয়সমূহে উত্তৰ-পূবৰ লগতে দক্ষিণ এছিয়াতো স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধি কৰিব
স্বাস্থ্যসেৱা বীক্ষণৰ সাতটা স্তম্ভ হিচাপে 'স্বাস্থ্য কে সপ্তৰ্ষি'ৰ বিষয়ে বৰ্ণনা কৰা হৈছে
"সমগ্ৰ দেশৰ নাগৰিকে দেশৰ যিকোনো ঠাইতে,যাতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে, ইয়াৰ বাবে কোনো বাধা থাকিব নালাগে, তাৰ বাবে প্ৰয়াস কৰা হৈছে, এয়া হৈছে এক ৰাষ্ট্ৰ, এক স্বাস্থ্যৰ সত্বা"
"কেন্দ্ৰীয় আৰু অসম চৰকাৰে চাহ বাগিচাত কাম কৰা লাখ লাখ পৰিয়ালক উন্নত জীৱন প্ৰদান কৰাৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ত অনুষ্ঠিত এক অনুষ্ঠানত অসমত সাঁতখন কৰ্কট ৰোগৰ চিকিৎসালয় দেশবাসীলৈ বুলি উৎসৰ্গা কৰে। এই কৰ্কট ৰোগৰ চিকিৎসালয়সমূহ ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, দৰং, তেজপুৰ, লখিমপুৰ আৰু যোৰহাটত নিৰ্মাণ কৰা হৈছে। নতুন চিকিৎসালয়খনৰ চৌহদ পৰিদৰ্শন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে ডিব্ৰুগড় চিকিৎসালয়খন ৰাষ্ট্ৰবাসীলৈ উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নিৰ্মাণ হ'ব লগীয়া ধুবুৰী, নলবাৰী, গোৱালপাৰা, নগাঁও, গুৱাহাটী, তিনিচুকীয়া আৰু গোলাঘাটত সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সদস্য শ্ৰী ৰঞ্জন গগৈ আৰু বিশিষ্ট উদ্যোগপতি শ্ৰী ৰতন টাটা ৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে উৎসৱমুখৰ ঋতুৰ বিষয়ে আলোকপাত কৰি  অসমৰ মহান পুত্ৰ-কন্যাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত অসমৰ কৰ্কট ৰোগৰ চিকিৎসালয়সমূহ আৰু আজি যিবোৰৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে উত্তৰ-পূবৰ লগতে দক্ষিণ এছিয়াতো স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধি কৰিব। কেৱল অসমতে নহয়, উত্তৰ-পূৰ্বাঞ্চলতো কৰ্কট ৰোগ এক ডাঙৰ সমস্যা হৈ পৰিছে বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ আটাইতকৈ দৰিদ্ৰ, মধ্যবিত্ত পৰিয়ালসমূহ ইয়াৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে"। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে, কেইবছৰমান আগলৈকে ইয়াত থকা ৰোগীসকলে ডাঙৰ চহৰলৈ যাব লগা হৈছিল যাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ওপৰত আৰ্থিক বোজা পৰিছিল। প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসোণোৱাল আৰু টাটা ন্যাসক অসমত দীৰ্ঘদিন ধৰি চলি থকা এই সমস্যা সমাধানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰশংসা কৰে।  প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বছৰৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক আঁচনিৰ অধীনত ১৫০০ কোটি টকাৰ পৰিকল্পনা ৰখা হৈছে। এই আঁচনিখনৰ অধীনত কৰ্কট ৰোগৰ চিকিৎসাও হৈছে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আৰু গুৱাহাটীৰ বাবেও এটা সুবিধাৰ প্ৰস্তাৱ দিয়া হৈছে।

স্বাস্থ্যসেৱা খণ্ডৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগীৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে 'স্বাস্থ্যক সপ্তৰ্ষি'ৰ কথা উল্লেখ কৰে। চৰকাৰৰ প্ৰচেষ্টা হৈছে যে ৰোগ যাতে নিজে উদ্ভৱ নহয়। "সেয়েহে আমাৰ চৰকাৰে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। এই কাৰণে যোগ, ফিটনেছ সম্পৰ্কীয় কাৰ্যসূচী চলি আছে", তেওঁ কয়। দ্বিতীয়তে, যদি ৰোগটো হয়, ইয়াক প্ৰাথমিক পৰ্যায়ত জনা উচিত। ইয়াৰ বাবে সমগ্ৰ দেশতে লাখ লাখ নতুন পৰীক্ষা কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। তৃতীয় গুৰুত্বটো হ'ল যে জনসাধাৰণৰ ঘৰৰ ওচৰত উন্নত প্ৰাথমিক চিকিৎসাৰ সুবিধা থাকিব লাগে। ইয়াৰ বাবে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰ উন্নত কৰা হৈছে। চতুৰ্থ প্ৰচেষ্টাটো হ'ল দৰিদ্ৰসকলে উন্নত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা লাভ কৰিব লাগে। ইয়াৰ বাবে, আয়ুষ্মান ভাৰতৰ দৰে আঁচনিৰ অধীনত, ভাৰত চৰকাৰে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে। আমাৰ পঞ্চম লক্ষ্য হৈছে উন্নত চিকিৎসাৰ বাবে ডাঙৰ চহৰসমূহৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। ইয়াৰ বাবে, আমাৰ চৰকাৰে স্বাস্থ্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব বিনিয়োগ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় ,"২০১৪ চনৰ পূৰ্বে দেশত মাত্ৰ ৭খন এইমছ আছিল। ইয়াৰ ভিতৰত, দিল্লীৰ এটাৰ বাহিৰে, কোনো এম.বি.বি.এছ. পাঠ্যক্ৰম বা অ'পিডি নাছিল, তাৰে কিছুমান আনকি অসম্পূৰ্ণও আছিল। আমি এই সকলোবোৰ সংশোধন কৰিছিলো আৰু দেশত ১৬ খন নতুন এইমছৰ ঘোষণা কৰিছিলো। গুৱাহাটীৰ এইমছও ইয়াৰে মাজৰ এটা।"

এই দৃষ্টিভংগীৰে ষষ্ঠটো টোকাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে চিকিৎসকৰ সংখ্যা হ্ৰাস হোৱাটো প্ৰতিৰোধ কৰি আছে। বিগত সাত বছৰত, এম.বি.বি.এছ. আৰু পি.জি.-ৰ বাবে ৭০ হাজাৰৰো অধিক নতুন আসন সংযোজন ঘটোৱা হৈছে। আমাৰ চৰকাৰে এলোপেথিক চিকিৎসকৰ সমানেই ৫ লাখতকৈও অধিক আয়ুষ ক্ষেত্ৰৰ চিকিৎসক সৃষ্টি কৰি আছে।" শ্ৰী মোদীয়ে লগতে কয়, চৰকাৰৰ সপ্তমটো গুৰুত্বৰ দিশ হৈছে স্বাস্থ্য সেৱাৰ ডিজিটাইজেচন। চৰকাৰৰ প্ৰয়াস হৈছে চিকিৎসাৰ বাবে দীঘলীয়া শাৰীৰ পৰা পৰিত্ৰাণ প্ৰদান কৰা, চিকিৎসাৰ নামত বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ দিয়া। ইয়াৰ বাবে বহুতো আঁচনি ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "সমগ্ৰ দেশৰ নাগৰিকে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ বিভিন্ন লাভ আহৰণ কৰিব পাৰিব, দেশৰ যিকোনো ঠাইতে ইয়াৰ বাবে কোনো বাধা থাকিব নালাগে। এয়া হৈছে এক ৰাষ্ট্ৰ, এক স্বাস্থ্যৰ আধাৰ। ১০০ বছৰৰ আটাইতকৈ ডাঙৰ মহামাৰীতো এই মনোভাৱেই দেশক শক্তি প্ৰদান কৰিছিল, প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি প্ৰদান কৰিছিল।"

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্কট ৰোগৰ চিকিৎসাৰ অত্যাধিক ব্যয় মানুহৰ মনত এক ডাঙৰ বাধা। মহিলাসকলে বিশেষকৈ চিকিৎসা পৰিহাৰ কৰিছিল, কিয়নো ইয়াত পৰিয়ালবোৰক ঋণ আৰু দৰিদ্ৰতাৰ ফালে ঠেলি দিয়াৰ সম্ভাৱনা আছিল। চৰকাৰে বহুতো ঔষধৰ ব্যয় প্ৰায় আধালৈ হ্ৰাস কৰি কৰ্কট ৰোগৰ ঔষধ সুলভ কৰি তুলিছে, ৰোগীসকলৰ বাবে কমেও এহেজাৰ কোটি টকা ৰাহি কৰিছে। জনঔষধি কেন্দ্ৰত এতিয়া ৯০০ তকৈও অধিক ঔষধ সুলভ হাৰত উপলব্ধ। উল্লেখ্য যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বহুতো হিতাধিকাৰী কৰ্কট ৰোগী।

প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ্মান ভাৰত আৰু সুস্থতা কেন্দ্ৰসমূহে কৰ্কট ৰোগৰ আগতীয়া চিনাক্তকৰণ নিশ্চিত কৰিছে। অসম আৰু দেশৰ অন্যান্য প্ৰান্তৰ সুস্থতা কেন্দ্ৰত ১৫ কোটিৰো অধিক লোকৰ কৰ্কট ৰোগৰ স্ক্ৰীণিং কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত চিকিৎসা আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম চৰকাৰক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰতিখন জিলাতে এখন চিকিৎসা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ বাবে প্ৰশংসনীয়ভাৱে কাম কৰি আছে। তেওঁ অসমত অক্সিজেনৰ পৰা ভেণ্টিলেটৰলৈকে সকলো সুবিধা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও দোহাৰে। শ্ৰী মোদীয়ে সকলোকে টিকাকৰণ কৰিবলৈ কয়, কিয়নো চৰকাৰে শিশুৰ টিকাকৰণ আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে সাৱধানতাৰ পালি অনুমোদন কৰি টিকাকৰণৰ পৰিসৰ ইতিমধ্যেই সম্প্ৰসাৰিত কৰিছে।

কেন্দ্ৰীয় আৰু অসম চৰকাৰে চাহ বাগিচাত কৰ্মৰত লাখ লাখ পৰিয়ালক উন্নত জীৱন প্ৰদান কৰিবলৈ আন্তৰিকতাৰে কাম কৰি আছে। বিনামূলীয়া ৰেচনৰ পৰা হৰ ঘৰ জল যোজনাৰ অধীনত উপলব্ধ সুবিধাসমূহলৈকে অসম চৰকাৰে চাহ বাগিচাৰ পৰিয়ালসমূহলৈ দ্ৰুতগতিত উপস্থিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ কল্যাণৰ পৰিৱৰ্তিত ধাৰণাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে। আজি, জনকল্যাণৰ পৰিসৰ সম্প্ৰসাৰণ হৈছে। আগতে, কেৱল কিছুমান ৰাজসাহায্য ৰাজহুৱা কল্যাণৰ সৈতে জড়িত হৈ থকা দেখা গৈছিল। আন্তঃগাঁথনি আৰু যোগাযোগ প্ৰকল্পবোৰ কল্যাণকামী বিষয়ৰ সৈতে সংযুক্ত হোৱা দেখা নাছিল। আনহাতে, যোগাযোগ ব্যৱস্থাৰ অভাৱত, ৰাজহুৱা সেৱা প্ৰদান কৰাটো অতি কঠিন আছিল। এতিয়া দেশখনে যোৱা শতিকাৰ ধাৰণাবোৰ এৰি আগবাঢ়িছে। অসমত পথ, ৰে’ল আৰু বিমান নেটৱৰ্ক সম্প্ৰসাৰণ দৃশ্যমান হৈ পৰিছে, যাৰ ফলত দৰিদ্ৰ, যুৱ, মহিলা, শিশু, বঞ্চিত আৰু জনজাতীয় সমুদায়ৰ বাবে ন ন সুযোগ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীয়ে শেষত কয় যে আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস আমাৰ মনত ৰাখি অসম আৰু দেশৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰি আছো।

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে ৰাজ্যজুৰি বিয়পি থকা সোতৰখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ সৈতে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ সুলভ কৰ্কট ৰোগৰ চিকিত্সাৰ নেটৱৰ্ক নিৰ্মাণৰ বাবে এটা প্ৰকল্প ৰূপায়ণ কৰি আছে। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ অধীনত, দহখন চিকিৎসালয়ৰ ভিতৰত, সাতখন চিকিৎসালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে আনহাতে তিনিখন চিকিৎসালয় নিৰ্মাণৰ বিভিন্ন স্তৰত আছে। প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ত সাতখন নতুন কৰ্কট চিকিৎসালয় নিৰ্মাণ কৰা হ'ব।

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”