ৰাষ্ট্ৰপতি বাইডেনৰ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতা আৰু দৃষ্টিভংগীক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰী ভ্ৰমণৰ সিদ্ধান্তসমূহ ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক নেতাদ্বয়ৰ প্ৰশংসা
iCET, প্ৰতিৰক্ষা, মহাকাশ আৰু অন্যান্য ক্ষেত্ৰসমূহত হোৱা অগ্ৰগতিক তেওঁলোকৰ প্ৰশংসা
চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত চন্দ্ৰযান-৩ৰ ঐতিহাসিক অৱতৰণ সন্দৰ্ভত ৰাষ্ট্ৰপতি বাইডেনৰ ভাৰতক অভিনন্দন
দুয়োগৰাকী নেতাই বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰে। ভাৰত আৰু আমেৰিকাৰ বন্ধুত্বই দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰাৰ লগতে গোলকীয় কল্যাণো সাধন কৰিব বুলি দুয়োগৰাকী নেতাই ঐক্যমত প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সফলতা সুনিশ্চিত কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লাভ কৰা অবিৰত সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণৰত ৰাষ্ট্ৰপতি বাইডেনে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত আয়োজিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত বন্ধুত্বক অধিক শক্তিশালী কৰি তোলাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ জনসাধাৰণৰ পৰস্পৰৰ মাজত থকা শক্তিশালী পাৰস্পৰিক বান্ধোন আৰু উমৈহতীয়া গণতান্ত্ৰিক প্ৰমূল্য তথা কৌশলগত সমন্বয়-ভিত্তিক দৃষ্টিভংগী আৰু প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰশংসা কৰে।

দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিৰ বাবে পদক্ষেপ (iCET)ৰ অধীনৰ কাম-কাজকে ধৰি চলিত বৰ্ষৰ জুনত প্ৰধানমন্ত্ৰীগৰাকীৰ ঐতিহাসিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণৰ ব্যাপক তথা ভৱিষ্যমুখী সিদ্ধান্তসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক প্ৰশংসা কৰে।

নেতাসকলে জনসাধাৰণৰ মাজত থকা পাৰস্পৰিক বান্ধোন, প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শিক্ষা, স্বাস্থ্য, গৱেষণা, উদ্ভাৱন আৰু সংস্কৃতিকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিসমূহক আদৰণি জনায়।

ৰাষ্ট্ৰপতি বাইডেনে চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত চন্দ্ৰযান-৩ৰ ঐতিহাসিক অৱতৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ জনসাধাৰণক উষ্ম অভিনন্দন জনোৱাৰ লগতে মহাকাশ খণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতা গভীৰ কৰি তোলাৰ ওপৰত আলোকপাত কৰে।

দুয়োগৰাকী নেতাই বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰে। ভাৰত আৰু আমেৰিকাৰ বন্ধুত্বই দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰাৰ লগতে গোলকীয় কল্যাণো সাধন কৰিব বুলি দুয়োগৰাকী নেতাই ঐক্যমত প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সফলতা সুনিশ্চিত কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লাভ কৰা অবিৰত সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জনায়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi

Media Coverage

'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুলাই 2026
July 15, 2026

Rooted in Tradition, Built for Tomorrow: PM Modi’s Blueprint for a Developed India