নেতাসকলে বাণিজ্য, প্ৰযুক্তি, বিনিয়োগ, উদ্ভাৱন, বহনক্ষমতা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতাৰ দৰে মূল খণ্ডসমূহত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিক আদৰণি জনাইছে
নেতাসকলে ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফ টি এ আগতীয়াকৈ সমাপ্ত হোৱাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে
ইউক্ৰেইনত সংঘাতৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা সন্দৰ্ভত নেতাসকলে মত বিনিময় কৰে
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় পৰিষদৰ সভাপতি মহামহিম এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি মহামহিম উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে টেলিফোনত কথা পাতে।

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় পৰিষদৰ সভাপতি মহামহিম  এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি মহামহিম উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে টেলিফোনত কথা পাতে।

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক শক্তি হিচাপে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত আস্থা, ভাগ-বতৰা  কৰা মূল্যবোধ আৰু ভৱিষ্যতৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীৰ বিষয়ত এক শক্তিশালী আৰু ঘনিষ্ঠ সম্পৰ্ক আছে। নেতাসকলে   বিশ্বজনীন সমস্যাসমূহ যৌথভাৱে সমাধান কৰা, স্থিতিশীলতা লাভ কৰা আৰু পাৰস্পৰিক সমৃদ্ধিৰ বাবে নিয়মভিত্তিক ব্যৱস্থাক প্ৰসাৰিত কৰাত ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বৰ ভূমিকাৰ বিষয়ে  আলোকপাত কৰে।

 

নেতাসকলে বাণিজ্য, প্ৰযুক্তি, বিনিয়োগ, উদ্ভাৱন,বহনক্ষমতা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতাৰ দৰে মূল খণ্ডসমূহত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিকো  আদৰণি জনায় আৰু ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএ আলোচনাৰ শীঘ্ৰে সমাপ্তি তথা  আইএমইইচি কৰিডৰ ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

 

ফেব্ৰুৱাৰী মাহত ইউৰোপীয় কলেজ অব কমিছনাৰৰ ঐতিহাসিক ভাৰত ভ্ৰমণৰ বিষয়কলৈ  নেতাসকলে ভাৰতত পৰৱৰ্তী ভাৰত ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰাৰ বিষয়ে আলোচনা কৰে। একে সময়তে দুয়োগৰাকী নেতাক ভাৰতলৈ আমন্ত্ৰণ জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

 

ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ প্ৰচেষ্টাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰে পৰিচালিত  আঞ্চলিক তথা বিশ্বব্যাপী বিষয়সমূহ সন্দৰ্ভতো নেতাসকলে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সংঘাতৰ শান্তিপূৰ্ণ সমাধান আৰু শান্তি তথা  স্থিতিশীলতা  পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ ধাৰাবাহিক সমৰ্থনৰ কথা  পুনৰবাৰ উল্লেখ কৰে।

 

নেতাসকলে পৰৱৰ্তী সময়তো  যোগাযোগত থাকিবলৈ সন্মত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India car sales to hit 4.7 million in FY26 despite bumps

Media Coverage

India car sales to hit 4.7 million in FY26 despite bumps
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মাৰ্চ 2026
March 16, 2026

Thoughtful Strength: Balancing Security, Growth, and Autonomy Under PM Modi's Leadership