প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ জগতৰ আগশাৰীৰ অংশীদাৰসকলক একত্ৰিত কৰা এআই ইমপেক্ট ছামিটত চিইঅ’ ঘুৰণীয়া মেজমেলৰ ফলাফলক আদৰণি জনায়।

আলোচনা অতি অন্তৰ্দৃষ্টিসম্পন্ন আৰু ভৱিষ্যতমুখী আছিল, য’ত দায়বদ্ধতাৰে এআইক স্কেলিং কৰা, বিশ্ব সহযোগিতা শক্তিশালী কৰা আৰু বৃদ্ধিৰ সুযোগসমূহ মুকলি কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে যে মানৱ প্ৰগতি আৰু বহনক্ষম উন্নয়নৰ বাবে এআইক ব্যৱহাৰ কৰাৰ এক উমৈহতীয়া দায়বদ্ধতাৰ সাক্ষী হোৱাটো উৎসাহজনক।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
“এআই ইম্পেক্ট ছামিটত চিইঅ’ ঘুপৰণীয়া মেজমেলত এআই, প্ৰযুক্তি আৰু উদ্ভাৱনৰ জগতৰ বিভিন্ন অংশীদাৰক একত্ৰিত কৰা হৈছিল। আলোচনা অতি অন্তৰ্দৃষ্টিসম্পন্ন আৰু ভৱিষ্যতমুখী আছিল, য’ত দায়বদ্ধতাৰে এআইক স্কেলিং কৰা, বিশ্ব সহযোগিতা শক্তিশালী কৰা আৰু বৃদ্ধিৰ সুযোগসমূহ মুকলি কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

মানৱ প্ৰগতি আৰু বহনক্ষম উন্নয়নৰ বাবে এআইক ব্যৱহাৰ কৰাৰ এক উমৈহতীয়া দায়বদ্ধতাৰ সাক্ষী হোৱাটো উৎসাহজনক আছিল।”
The CEO Roundtable at the AI Impact Summit brought together various stakeholders from the world of AI, technology and innovation. The discussions were insightful and forward-looking, focused on scaling AI responsibly, strengthening global collaboration and unlocking opportunities… pic.twitter.com/ZFbrfksL86
— Narendra Modi (@narendramodi) February 19, 2026


