প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাপৰ্ব ষটৰ সামৰণিত সকলো ভক্তক শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভগৱান সূৰ্যদেৱক আজি ৰাতিপুৱা অর্ঘ্য আগবঢ়োৱাৰ সৈতে চাৰিদিনীয়া এই বিশাল উৎসৱৰ সামৰণি পৰে। তেওঁ লগতে উল্লেখ কৰে যে এই উৎসৱৰ সময়ত ভাৰতৰ গৌৰৱোজ্জ্বল ষট পূজাৰ পৰম্পৰাৰ ঐশ্বৰিক বৈভৱ প্ৰত্যক্ষ কৰা হৈছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উৎসৱত অংশগ্ৰহণ কৰা সকলো ভক্ত আৰু পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু প্ৰাৰ্থনা কৰে যে ষঠি মাইয়াৰ আশীৰ্বাদে সকলোৰে জীৱন পোহৰ আৰু সুখৰে ওপচাই ৰাখিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
"ভগৱান সূৰ্যদেৱৰ প্ৰতি ৰাতিপুৱাৰ অর্ঘ্যৰ সৈতে আজি মহাপৰ্ব ষটৰ শুভ সমাপ্তি হৈছিল। এই চাৰিদিনীয়া ৰীতি-নীতিৰ সময়ত, আমাৰ ষট পূজাৰ বিশাল পৰম্পৰাৰ ঐশ্বৰিক দর্শন হৈছিল। এই পবিত্ৰ উৎসৱত অংশ লোৱা ভক্ত আৰু পৰিয়ালৰ সকলো সদস্যক আন্তৰিক অভিনন্দন! ষঠি মাইয়াৰ অসীম অনুগ্ৰহৰ দ্বাৰা আপোনালোক সকলোৰে জীৱন সদায়ে আলোকিত হওক।"
भगवान सूर्यदेव को प्रात:कालीन अर्घ्य के साथ आज महापर्व छठ का शुभ समापन हुआ। चार दिवसीय इस अनुष्ठान के दौरान छठ पूजा की हमारी भव्य परंपरा के दिव्य दर्शन हुए। समस्त व्रतियों और श्रद्धालुओं सहित पावन पर्व का हिस्सा बने अपने सभी परिवारजनों का हृदय से अभिनंदन! छठी मइया की असीम कृपा से…
— Narendra Modi (@narendramodi) October 28, 2025


