যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে অৰিহণা যোগোৱা মাত্ৰেকে দেশৰ উন্নয়ন ত্বৰান্বিত হয় আৰু বিশ্ব মঞ্চত স্বীকৃতি লাভ কৰেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতৰ যুৱক-যুৱতীসকলে নিষ্ঠা আৰু উদ্ভাৱনৰ জৰিয়তে বিশ্বক আমাৰ অপৰিসীম সম্ভাৱনাক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
এইবাৰ বাজেটত চৰকাৰে মেনুফেকচাৰিং মিছনৰ কথা ঘোষণা কৰিছে, ইয়াৰ লক্ষ্য হৈছে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক প্ৰচাৰ আৰু ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্ব মানৰ সামগ্ৰী সৃষ্টিৰ সুযোগ প্ৰদান কৰাঃ প্ৰধানমন্ত্ৰী
মেনুফেকচাৰিং মিছনে সমগ্ৰ দেশৰ লাখ-লাখ এমএছএমই আৰু ক্ষুদ্ৰ উদ্যোগীক সহায় কৰাই নহয়, বৰঞ্চ দেশজুৰি নতুন নিয়োগৰ সুযোগো প্ৰশস্ত কৰিবঃ প্ৰধানমন্ত্ৰী
মুম্বাইত বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES), ২০২৫ অনুষ্ঠিত হ’ব আৰু এই অনুষ্ঠান দেশৰ যুৱক-যুৱতীসকলৰ বাবে, যিয়ে যুৱ ক্ৰিয়েটৰসকলক পোন-প্ৰথমবাৰৰ বাবে এনে এখন মঞ্চ প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী
তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।
তেখেতে আৰু কয় যে ভাৰত এতিয়া বাস্তৱ-সময়ৰ ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ এখন আগশাৰীৰ দেশ আৰু এই কৃতিত্বৰ এক উল্লেখযোগ্য গৰাকী হৈছে যুৱক-যুৱতীসকল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।

“এখন ৰাষ্ট্ৰৰ প্ৰগতি আৰু সফলতা ইয়াৰ যুৱক-যুৱতীসকলৰ ওপৰত নিৰ্ভৰশীল, যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে অৰিহণা যোগোৱা মাত্ৰেকে দেশৰ উন্নয়ন ত্বৰান্বিত হয় আৰু বিশ্ব মঞ্চত স্বীকৃতি লাভ কৰে”, শ্ৰী মোদীয়ে কয়। “আজি ভাৰতৰ যুৱক-যুৱতীসকলে নিষ্ঠা আৰু উদ্ভাৱনৰ জৰিয়তে বিশ্বক আমাৰ অপৰিসীম সম্ভাৱনাক প্ৰদৰ্শন কৰিছে”, এইদৰে উল্লেখেৰে তেখেতে আৰু কয় যে চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে দেশৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু আত্মনিয়োগৰ সুযোগ অব্যাহত থকাটো নিশ্চিত কৰিছে। তেখেতে উল্লেখ কৰে যে স্কিল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে পদক্ষেপসমূহে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। এই অভিযানসমূহৰ জৰিয়তে চৰকাৰে ভাৰতৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখনি মুকলি মঞ্চ প্ৰদান কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে এই দশকত ভাৰতৰ যুৱক-যুৱতীসকলে প্ৰযুক্তি, তথ্য আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনক আগুৱাই নিছে। তেখেতে ইউপিআই, অ’এনডিচি আৰু জিইএম (চৰকাৰী ই-মাৰ্কেটপ্লেচ)ৰ দৰে ডিজিটেল প্লেটফৰ্মসমূহৰ সফলতাত আলোকপাত কৰে। এইসমূহে যুৱক-যুৱতীসকলে ডিজিটেল অৰ্থনীতিৰ ৰূপান্তৰ যাত্ৰাক নেতৃত্ব প্ৰদান কাৰ্য্যক প্ৰতিফলিত কৰে। তেখেতে আৰু কয় যে ভাৰত এতিয়া বাস্তৱ-সময়ৰ ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ এখন আগশাৰীৰ দেশ আৰু এই কৃতিত্বৰ এক উল্লেখযোগ্য গৰাকী হৈছে যুৱক-যুৱতীসকল।

 

“এইবাৰ বাজেটত চৰকাৰে মেনুফেকচাৰিং মিছনৰ কথা ঘোষণা কৰিছে, ইয়াৰ লক্ষ্য হৈছে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক প্ৰচাৰ আৰু ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্ব মানৰ সামগ্ৰী সৃষ্টিৰ সুযোগ প্ৰদান কৰা। মেনুফেকচাৰিং মিছনে সমগ্ৰ দেশৰ লাখ-লাখ এমএছএমই আৰু ক্ষুদ্ৰ উদ্যোগীক সহায় কৰাই নহয়, বৰঞ্চ দেশজুৰি নতুন নিয়োগৰ সুযোগো প্ৰশস্ত কৰিব”, বুলি উল্লেখেৰে তেখেতে কয় যে এয়া ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে অসীম সুযোগৰ সময়। শেহতীয়াকৈ আইএমএফে উল্লেখ কৰিছে যে ভাৰত বিশ্বৰ দ্ৰুত-বৰ্ধমান অৰ্থনীতি হৈয়েই থাকিব। তেখেতে আৰু কয় যে এই বিকাশৰ ক্ষেত্ৰত একাধিক কাৰকে ক্ৰিয়া কৰিছে, আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, অনাগত দিনত সকলো খণ্ডতে নিয়োগৰ সুযোগ বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া সময়ত অট’ম’বাইল আৰু জোতা উদ্যোগে উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত নতুন অভিলেখ অৰ্জনেৰে যুৱক-যুৱতীসকলৰ বাবে যথেষ্ট কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। তেখেতে লগতে কয় যে পোন-প্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগৰ সামগ্ৰীয়ে ১.৭০ লাখ কোটি টকাৰ লেনদেন অতিক্ৰমেৰে বিশেষকৈ গ্ৰামাঞ্চলসমূহত লাখ-লাখ নতুন নিয়োগৰ সৃষ্টি কৰিছে। তেখেতে অভ্যন্তৰীণ জল পৰিবহণৰ শেহতীয়া কৃতিত্বৰাজিত আলোকপাতেৰে উল্লেখ কৰে যে ২০১৪ৰ পূৰ্বে অভ্যন্তৰীণ জল পৰিবহণৰ জৰিয়তে বছৰি মাত্ৰ ১৮ নিযুত টন সামগ্ৰীহে পৰিবহণ কৰা হৈছিল। কিন্তু এইবাৰ সামগ্ৰী পৰিবহণৰ পৰিমাণে ১৪৫ নিযুত টন অতিক্ৰম কৰিছে। উক্ত সফলতাক তেখেতে ভাৰতৰ এই দিশত ধাৰাবাহিক নীতি নিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ ফলশ্ৰুতি বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশত ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা মাত্ৰ ৫ৰ পৰা ১১০ৰো অধিকলৈ বৃদ্ধি পাইছে আৰু এই জলপথসমূহৰ কাৰ্য্যকৰী দৈৰ্ঘ্য প্ৰায় ২,৭০০ কিলোমিটাৰৰ পৰা প্ৰায় ৫,০০০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। তেখেতে কয় যে এই কৃতিত্বসমূহে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

 

“মুম্বাইত বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES), ২০২৫ অনুষ্ঠিত হ’ব আৰু এই অনুষ্ঠান দেশৰ যুৱক-যুৱতীসকলৰ বাবে, যিয়ে যুৱ ক্ৰিয়েটৰসকলক পোন-প্ৰথমবাৰৰ বাবে এনে এখন মঞ্চ প্ৰদান কৰিব। মিডিয়া, গেমিং আৰু এন্টাৰটেইনমেন্ট খণ্ডৰ উদ্ভাৱকসকলৰ বাবে ৱেভছ হৈছে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ এক অভূতপূৰ্ব সুযোগ”, শ্ৰী মোদীয়ে কয়। তেখেতে উল্লেখ কৰে যে ইয়াত এন্টাৰটেইনমেন্ট ষ্টাৰ্টআপসমূহে বিনিয়োগকাৰী আৰু উদ্যোগৰ নেতাসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ লাভ কৰিব, যাৰ ফলত এয়া বিশ্বৰ আগত তেওঁলোকৰ ধাৰণাসমূহ উপস্থাপনৰ সৰ্ববৃহৎ মঞ্চ হ’ব। তেখেতে কয় যে অনুষ্ঠানৰ সময়ত আয়োজিত ভিন্ন কৰ্মশালাৰ জৰিয়তে যুৱক-যুৱতীসকল এআই, এক্সআৰৰ সৈতে পৰিচিত হ’ব। “ৱেভছে ভাৰতৰ ডিজিটেল কন্টেন্টৰ ভৱিষ্যতক শক্তিশালী কৰিব”, তেখেতে লগতে কয়। তেখেতে ভাৰতৰ যুৱক-যুৱতীসকলৰ সৰ্বাংগীনতাক প্ৰশংসাৰে সমাজৰ প্ৰতিটো শ্ৰেণীয়ে ৰাষ্ট্ৰখনৰ সাফল্যত অৰিহণা যোগাইছে বুলি কয়। শেহতীয়াকৈ ইউপিএছচিৰ ফলাফলৰ উদ্ধৃতি দাঙি ধৰি তেখেতে কয় যে ভাৰতৰ কন্যাসকল আগবাঢ়ি আছে। তেওঁলোকে শীৰ্ষ দুটা স্থান নিশ্চিত কৰিছে আৰু শীৰ্ষ পাঁচগৰাকী ভিতৰত তিনিগৰাকী হৈছে মহিলা। “আমোলাতন্ত্ৰৰ পৰা মহাকাশ আৰু বিজ্ঞানলৈকে ভিন্ন ক্ষেত্ৰত মহিলাসকল নতুন শিখৰত উপনীত হৈছে। আমাৰ চৰকাৰে আত্মসহায়ক গোট, বীমা সখী, বেংক সখী, কৃষি সখী আদি পদক্ষেপৰ জৰিয়তে গ্ৰামাঞ্চলৰ মহিলাসকলক সবলীকৰণত মনোনিৱেশ কৰিছে, যিয়ে নতুন সুযোগৰ সৃষ্টি কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে আৰু উল্লেখ কৰে যে হাজাৰ-হাজাৰ মহিলাই এতিয়া ড্ৰোন দিদি হিচাপে কাম কৰি আছে, তেওঁলোকৰ পৰিয়াল আৰু গাঁৱৰ সমৃদ্ধি নিশ্চিত কৰিছে। তেখেতে লগতে কয় যে দেশত ৯০ লাখৰো অধিক আত্মসহায়ক গোট সক্ৰিয় হৈ আছে, ইয়াৰে ১০ কোটিৰো অধিক মহিলা জড়িত হৈ আছে। এই গোটসমূহক শক্তিশালী কৰিবলৈ চৰকাৰে বাজেট পাঁচগুণ বৃদ্ধিৰে ২০ লাখ টকা পৰ্য্যন্ত জামিনমুক্ত ঋণৰ ব্যৱস্থা কৰিছে। শ্ৰী মোদীয়ে মুদ্ৰা যোজনাৰ সৰ্বাধিক হিতাধিকাৰী মহিলা বুলি উল্লেখেৰে কয় যে দেশৰ ৫০ হাজাৰৰো অধিক ষ্টাৰ্টআপত মহিলা সঞ্চালক হিচাপে আছে। তেখেতে কয় যে ভিন্ন খণ্ডৰ এনে ৰূপান্তৰ সাধনে ভাৰতৰ উন্নয়নৰ সংকল্পক সুদৃঢ় কৰি তুলিছে আৰু কৰ্মসংস্থাপন তথা স্বনিয়োজনৰ বাবে অধিক সুযোগ সৃষ্টি কৰিছে।

আজি নিয়োগ পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ এই সাফল্য কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফলশ্ৰুতি। তেখেতে কয় যে এতিয়া তেওঁলোকৰ জীৱনৰ পৰৱৰ্তী পৰ্য্যায়সমূহ কেৱল নিজৰ বাবেই নহয়, বৰঞ্চ ৰাষ্ট্ৰখনৰ বাবেও উৎসৰ্গা কৰাৰ সময় আহি পৰিছে। তেখেতে কয় যে জনসেৱাৰ মনোভাৱ সৰ্বোচ্চ হৈ থাকিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেৱাৰ প্ৰতি সৰ্বোচ্চ সন্মানেৰে কাম কৰা মাত্ৰেকে এনে প্ৰচেষ্টাই ৰাষ্ট্ৰখনক নতুন দিশত পথ প্ৰদৰ্শন কৰে। তেখেতে কয় যে এনে দায়িত্ব পালন, উদ্ভাৱন আৰু দায়বদ্ধতাই ভাৰতৰ প্ৰতিজন নাগৰিকৰ জীৱনৰ অগ্ৰগতি সাধনত প্ৰত্যক্ষভাৱে অৰিহণা যোগাব।

 

ব্যক্তিসকল দায়িত্বশীল পদত অধিষ্ঠিত হোৱা মাত্ৰেকে তেওঁলোকৰ কৰ্তব্য আৰু নাগৰিক হিচাপে ভূমিকা অধিক তাৎপৰ্য্যপূৰ্ণ হৈ পৰে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে এই দিশত সজাগতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে অব্যাহত অভিযান ‘এক পেড় মা কে নাম’ত আলোকপাতেৰে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা আৰু সেৱাৰ মনোভাৱ হিচাপে সকলোকে মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰে। তেখেতে তেওঁলোকৰ কৰ্মক্ষেত্ৰত এই অভিযানত অধিক লোকক জড়িত কৰিবলৈ আহ্বান জনায়। জুনত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সফল কেৰিয়াৰৰ সমান্তৰালভাৱে সুস্থ জীৱন আৰম্ভ কৰাৰ এক সুন্দৰ সুযোগ বুলি উল্লেখেৰে তেখেতে কয় যে স্বাস্থ্য কেৱল ব্যক্তিৰ বাবেই অপৰিহাৰ্য্য নহয়, বৰঞ্চ কৰ্মদক্ষতা আৰু ৰাষ্ট্ৰৰ উৎপাদনশীলতাৰ বাবেও অতিশয় গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সামৰ্থ্য বৃদ্ধিৰ বাবে মিছন কৰ্মযোগী পদক্ষেপক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে। তেখেতে উল্লেখ কৰে যে তেওঁলোকৰ ভূমিকাৰ উদ্দেশ্য কেৱল পদত অধিষ্ঠিত হোৱাই নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিজন নাগৰিকক সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ প্ৰগতিত অৰিহণা যোগোৱাৰ কথাও আছে। অসামৰিক সেৱা দিৱসত কোৱা ‘নাগৰিক দেৱো ভৱ’ মন্ত্ৰটো স্মৰণেৰে শ্ৰী মোদীয়ে আন্তৰিকতা আৰু নিষ্ঠাৰ ফলশ্ৰুতিত ভাৰত এখন উন্নত আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব বুলি আস্থা প্ৰকাশেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে। তেখেতে যুৱক-যুৱতীসকলক ১৪০ কোটি ভাৰতীয়ৰ সপোন আৰু আকাংক্ষাৰাজি পৰিপূৰণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

পটভূমি

প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানৰ দায়বদ্ধতাৰে সংগতি ৰাখি দেশৰ ৪৭ টা স্থানত ১৫ সংখ্যক ৰোজগাৰ মেলা অনুষ্ঠিত হয়। ই যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত ফলপ্ৰসূভাৱে অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব।

 

দেশৰ ভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত নতুন নিযুক্তিপ্ৰাপ্তসকলে ৰাজহ বিভাগ, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ডাক বিভাগ, উচ্চ শিক্ষা বিভাগ, ৰেল মন্ত্ৰালয়, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়কে প্ৰমুখ্য কৰি ভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Regional languages take precedence in Lok Sabha addresses

Media Coverage

Regional languages take precedence in Lok Sabha addresses
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves three new corridors as part of Delhi Metro’s Phase V (A) Project
December 24, 2025

The Union Cabinet chaired by the Prime Minister, Shri Narendra Modi has approved three new corridors - 1. R.K Ashram Marg to Indraprastha (9.913 Kms), 2. Aerocity to IGD Airport T-1 (2.263 kms) 3. Tughlakabad to Kalindi Kunj (3.9 kms) as part of Delhi Metro’s Phase – V(A) project consisting of 16.076 kms which will further enhance connectivity within the national capital. Total project cost of Delhi Metro’s Phase – V(A) project is Rs.12014.91 crore, which will be sourced from Government of India, Government of Delhi, and international funding agencies.

The Central Vista corridor will provide connectivity to all the Kartavya Bhawans thereby providing door step connectivity to the office goers and visitors in this area. With this connectivity around 60,000 office goers and 2 lakh visitors will get benefitted on daily basis. These corridors will further reduce pollution and usage of fossil fuels enhancing ease of living.

Details:

The RK Ashram Marg – Indraprastha section will be an extension of the Botanical Garden-R.K. Ashram Marg corridor. It will provide Metro connectivity to the Central Vista area, which is currently under redevelopment. The Aerocity – IGD Airport Terminal 1 and Tughlakabad – Kalindi Kunj sections will be an extension of the Aerocity-Tughlakabad corridor and will boost connectivity of the airport with the southern parts of the national capital in areas such as Tughlakabad, Saket, Kalindi Kunj etc. These extensions will comprise of 13 stations. Out of these 10 stations will be underground and 03 stations will be elevated.

After completion, the corridor-1 namely R.K Ashram Marg to Indraprastha (9.913 Kms), will improve the connectivity of West, North and old Delhi with Central Delhi and the other two corridors namely Aerocity to IGD Airport T-1 (2.263 kms) and Tughlakabad to Kalindi Kunj (3.9 kms) corridors will connect south Delhi with the domestic Airport Terminal-1 via Saket, Chattarpur etc which will tremendously boost connectivity within National Capital.

These metro extensions of the Phase – V (A) project will expand the reach of Delhi Metro network in Central Delhi and Domestic Airport thereby further boosting the economy. These extensions of the Magenta Line and Golden Line will reduce congestion on the roads; thus, will help in reducing the pollution caused by motor vehicles.

The stations, which shall come up on the RK Ashram Marg - Indraprastha section are: R.K Ashram Marg, Shivaji Stadium, Central Secretariat, Kartavya Bhawan, India Gate, War Memorial - High Court, Baroda House, Bharat Mandapam, and Indraprastha.

The stations on the Tughlakabad – Kalindi Kunj section will be Sarita Vihar Depot, Madanpur Khadar, and Kalindi Kunj, while the Aerocity station will be connected further with the IGD T-1 station.

Construction of Phase-IV consisting of 111 km and 83 stations are underway, and as of today, about 80.43% of civil construction of Phase-IV (3 Priority) corridors has been completed. The Phase-IV (3 Priority) corridors are likely to be completed in stages by December 2026.

Today, the Delhi Metro caters to an average of 65 lakh passenger journeys per day. The maximum passenger journey recorded so far is 81.87 lakh on August 08, 2025. Delhi Metro has become the lifeline of the city by setting the epitome of excellence in the core parameters of MRTS, i.e. punctuality, reliability, and safety.

A total of 12 metro lines of about 395 km with 289 stations are being operated by DMRC in Delhi and NCR at present. Today, Delhi Metro has the largest Metro network in India and is also one of the largest Metros in the world.