যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে অৰিহণা যোগোৱা মাত্ৰেকে দেশৰ উন্নয়ন ত্বৰান্বিত হয় আৰু বিশ্ব মঞ্চত স্বীকৃতি লাভ কৰেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতৰ যুৱক-যুৱতীসকলে নিষ্ঠা আৰু উদ্ভাৱনৰ জৰিয়তে বিশ্বক আমাৰ অপৰিসীম সম্ভাৱনাক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
এইবাৰ বাজেটত চৰকাৰে মেনুফেকচাৰিং মিছনৰ কথা ঘোষণা কৰিছে, ইয়াৰ লক্ষ্য হৈছে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক প্ৰচাৰ আৰু ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্ব মানৰ সামগ্ৰী সৃষ্টিৰ সুযোগ প্ৰদান কৰাঃ প্ৰধানমন্ত্ৰী
মেনুফেকচাৰিং মিছনে সমগ্ৰ দেশৰ লাখ-লাখ এমএছএমই আৰু ক্ষুদ্ৰ উদ্যোগীক সহায় কৰাই নহয়, বৰঞ্চ দেশজুৰি নতুন নিয়োগৰ সুযোগো প্ৰশস্ত কৰিবঃ প্ৰধানমন্ত্ৰী
মুম্বাইত বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES), ২০২৫ অনুষ্ঠিত হ’ব আৰু এই অনুষ্ঠান দেশৰ যুৱক-যুৱতীসকলৰ বাবে, যিয়ে যুৱ ক্ৰিয়েটৰসকলক পোন-প্ৰথমবাৰৰ বাবে এনে এখন মঞ্চ প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী
তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।
তেখেতে আৰু কয় যে ভাৰত এতিয়া বাস্তৱ-সময়ৰ ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ এখন আগশাৰীৰ দেশ আৰু এই কৃতিত্বৰ এক উল্লেখযোগ্য গৰাকী হৈছে যুৱক-যুৱতীসকল

নমস্কাৰ!

আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।

নমস্কাৰ,

এখন ৰাষ্ট্ৰৰ প্ৰগতি আৰু সফলতা ইয়াৰ যুৱ শক্তিৰ ওপৰত নিহিত হৈ থাকে। যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ-নিৰ্মাণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা মাত্ৰেকে দেশখন দ্ৰুতগতিত আগবাঢ়ি যায় আৰু বিশ্বৰ মঞ্চত স্বকীয় উপস্থিতি প্ৰতিপন্ন কৰে। আজি ভাৰতৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্ভাৱনৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰখনৰ অপৰিসীম সম্ভাৱনাক বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰিছে। আমাৰ চৰকাৰে প্ৰতিটো পদক্ষেপতে দেশৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু স্বনিয়োজন উভয় সুযোগৰে সম্প্ৰসাৰণ নিশ্চিত কৰিছে। স্কিল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আদি ভিন্ন পদক্ষেপে যুৱক-যুৱতীসকলৰ বাবে এই দিশত নতুন পথৰ সৃষ্টি কৰিছে। এই পদক্ষেপসমূহৰ জৰিয়তে আমি ভাৰতৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখনি মুকলি মঞ্চ প্ৰদান কৰিছোঁ। ফলশ্ৰুতিত এই দশকত আমাৰ যুৱক-যুৱতীসকলে ভাৰতক প্ৰযুক্তি, তথ্য, উদ্ভাৱন আদি ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিছে।

ইউপিআই, অ’এনডিচি আৰু চৰকাৰী ই-মাৰ্কেটপ্লেচ (GeM)ৰ দৰে ডিজিটেল প্লেটফৰ্মৰাজিৰ সফলতাই আজি আমাৰ যুৱক-যুৱতীসকলে ডিজিটেল অৰ্থনীতিৰ ৰূপান্তৰ সাধনত প্ৰক্ৰিয়াত কেনেদৰে আগবাঢ়িছে, তাৰ সাক্ষ্য বহন কৰে। বৰ্তমান ভাৰতে বিশ্বজুৰি সৰ্বাধিক ৰিয়েল-টাইম ডিজিটেল লেনদেনৰ অভিলেখ ৰচনা কৰিছে আৰু এই কৃতিত্বৰ এক বৃহৎ অংশৰ গৰাকী হৈছে আমাৰ যুৱক-যুৱতীসকল।

 

বন্ধুসকল,

এইবাৰ বাজেটত চৰকাৰে মেনুফেকচাৰিং মিছনৰ কথা ঘোষণা কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক প্ৰচাৰ কৰা আৰু ভাৰতীয় যুৱক-যুৱতীসকলক বিশ্ব মানৰ সামগ্ৰী নিৰ্মাণৰ সুযোগ প্ৰদান কৰা। এই অভিযানে কেৱল লাখ-লাখ এমএছএমই আৰু ক্ষুদ্ৰ উদ্যোগীক যথেষ্ট সহায় কৰাই নহয়, বৰঞ্চ সমগ্ৰ দেশতে নতুন নিয়োগৰ সুযোগো সৃষ্টি কৰিব। আজি আমি ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক অভূতপূৰ্ব সুযোগৰ সময়ত উপনীত হৈছোঁ। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)-এ দৃঢ়তাৰে জনাইছে যে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুত-বৰ্ধমান অৰ্থনীতি হৈ থাকিব। এই আত্মবিশ্বাস আৰু বিকাশে একাধিক দিশ সামৰি লৈছে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল অনাগত দিনত প্ৰতিটো খণ্ডতে নিয়োগৰ সুযোগ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ আমাৰ উৎপাদন আৰু ৰপ্তানিয়ে নতুন মাইলৰ খুঁটি স্থাপন কৰিছে, বিশেষকৈ অট’ম’বাইল আৰু জোতা উদ্যোগত। এইসমূহ খণ্ডই যুৱক-যুৱতীসকলক যথেষ্ট নিয়োগৰ সুযোগ প্ৰদান কৰিছে। পোন-প্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগৰ উৎপাদিত সামগ্ৰীয়ে ১.৭০ লাখ কোটি টকাৰ লেনদেন অতিক্ৰম কৰিলে – আচলতে প্ৰায় ১.৭৫ লাখ কোটি টকা। তদুপৰি গ্ৰামাঞ্চলসমূহত লাখ-লাখ নতুন চাকৰিৰ সৃষ্টি কৰিছে। মাত্ৰ কেইদিনমান পূৰ্বে অভ্যন্তৰীণ জল পৰিবহণৰ ক্ষেত্ৰত দেশৰ আন এক উল্লেখযোগ্য কৃতিত্ব পোহৰলৈ আহিছে। ২০১৪ৰ পূৰ্বে আমাৰ দেশত অভ্যন্তৰীণ জল পৰিবহণৰ জৰিয়তে মালৰ সৰবৰাহৰ পৰিমাণ বছৰি মাত্ৰ ১৮ নিযুত টন আছিল। কিন্তু এই বছৰ অভ্যন্তৰীণ জল পৰিবহণৰ জৰিয়তে মালৰ সৰবৰাহ ব্যাপকভাৱে বৃদ্ধি পাই ১৪৫ নিযুত টন অতিক্ৰম কৰিছে। ভাৰতৰ এই সফলতাৰ কাৰণ হৈছে দেশখনে ধাৰাবাহিকভাৱে নীতি প্ৰণয়ণেৰে খণ্ডটোৰ অগ্ৰগতি সাধনৰ অৰ্থে সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বে দেশত মাত্ৰ পাঁচটা ৰাষ্ট্ৰীয় জলপথ আছিল; আজি এই সংখ্যা ১১০ৰো অধিক হৈছে। ইয়াৰ পূৰ্বে এই জলপথসমূহৰ কাৰ্য্যকৰী দৈৰ্ঘ্য আছিল প্ৰায় ২,৭০০ কিলোমিটাৰ — ২,৫০০ কিলোমিটাৰৰ অলপ বেছি। এতিয়া ইয়াৰ সম্প্ৰসাৰণ ঘটিছে প্ৰায় ৫,০০০ কিলোমিটাৰ। এই সকলোবোৰ সাফল্যৰ বাবেই সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য নতুন সুযোগৰ সৃষ্টি হৈছে।

বন্ধুসকল,

মুম্বাইত বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে। ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল এই অনুষ্ঠানৰ মূলতে আছে। পোন-প্ৰথমবাৰৰ বাবে সমগ্ৰ ভাৰতৰ যুৱ ক্ৰিয়েটৰসকলে এনে এক সন্মানীয় মঞ্চৰ সুবিধা লাভ কৰিব। ইয়াৰ জৰিয়তে মিডিয়া, গেমিং আৰু এন্টাৰটেইনমেন্ট ক্ষেত্ৰত উদ্ভাৱকসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক অভূতপূৰ্ব সুযোগ লাভ কৰিব। এয়া এনে এখনি মঞ্চ, য’ত এন্টাৰটেইনমেন্ট খণ্ডৰ ষ্টাৰ্টআপসমূহে বিনিয়োগকাৰী আৰু উদ্যোগৰ নেতাসকলৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। এয়াই হ’ব তেওঁলোকৰ ধাৰণাসমূহ বিশ্বৰ দৰ্শকসকলৰ সন্মুখত উপস্থাপনৰ সৰ্ববৃহৎ মঞ্চ। যুৱক-যুৱতীসকলেও কৃত্ৰিম বুদ্ধিমত্তা, এক্সআৰ আৰু ইমাৰ্চিভ মিডিয়াৰ দৰে অত্যাধুনিক প্ৰযুক্তিসমূহ অন্বেষণ আৰু বুজাৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে ভিন্ন ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব। ভাৰতৰ ডিজিটেল কন্টেন্টৰ ভৱিষ্যতলৈ নতুন শক্তিৰ সঞ্চাৰ কৰিব।

 

বন্ধুসকল,

আজি ভাৰতৰ যুৱক-যুৱতীসকলে লাভ কৰা সাফল্যৰ অন্যতম প্ৰশংসনীয় দিশটো হ’ল ইয়াৰ সৰ্বাংগীনতা। ভাৰতে স্থাপন কৰা অভিলেখসমূহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণ কাৰ্য্যৰ প্ৰতিফলন ঘটায়—আৰু আমাৰ কন্যাসকলে এতিয়া ইয়াৰ আগভাগ লৈছে। শেহতীয়াকৈ ইউপিএছচি-ৰ ফলাফলেই ইয়াৰ প্ৰমাণঃ শীৰ্ষ দুটা পদ কন্যাসকলে লাভ কৰিছে আৰু শীৰ্ষ পাঁচগৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকীয়েই হৈছে মহিলা।

আমাৰ মহিলাসকল আমোলাতন্ত্ৰ, মহাকাশ অন্বেষণ, বিজ্ঞান আদি ক্ষেত্ৰত নতুন শিখৰত উপনীত হৈছে। গ্ৰামাঞ্চলসমূহত নাৰী সবলীকৰণৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে। আত্মসহায়ক গোট, বীমা সখী, বেংক সখী, কৃষি সখী আদি পদক্ষেপৰাজিয়ে গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। আজি সমগ্ৰ দেশৰ হাজাৰ-হাজাৰ মহিলা একো-একোগৰাকী ড্ৰোন দিদি হৈ নিজৰ পৰিয়াল আৰু গাঁৱৰ সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। বৰ্তমান দেশত ৯০ লাখৰো অধিক আত্মসহায়ক গোট আছে, ইয়াত ১০ কোটিৰো অধিক মহিলা জড়িত হৈ আছে। তেওঁলোকৰ সামৰ্থ্য বৃদ্ধিৰ বাবে আমাৰ চৰকাৰে বাজেট পাঁচগুণ বৃদ্ধি কৰিছে। এই গোটসমূহক কোনো ধৰণৰ জামিনৰ প্ৰয়োজন নোহোৱাকৈ ২০ লাখ টকা পৰ্য্যন্ত ঋণ প্ৰদানৰ ব্যৱস্থাও কৰা হৈছে। মুদ্ৰা আঁচনিৰো গৰিষ্ঠসংখ্যক হিতাধিকাৰী হৈছে মহিলা। আজি ভাৰতৰ ৫০ হাজাৰৰো অধিক ষ্টাৰ্টআপত সঞ্চালক হিচাপে কাম কৰি আছে মহিলাসকলে। সকলো খণ্ডতে এনে পৰিৱৰ্তনে এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগীক সুদৃঢ় কৰি তুলিছে, একে সময়তে নিয়োগ আৰু আত্মনিয়োগ উভয়ৰে সুযোগৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে।

বন্ধুসকল,

আপোনালোক সকলোৱে স্বকীয় নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই পদ লাভ কৰিছে। এতিয়া আপোনালোকৰ জীৱনৰ আগন্তুক পৰ্য্যায়সমূহ কেৱল নিজৰ ব্যক্তিগত বিকাশৰ বাবেই নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ সেৱাৰ বাবেও উৎসৰ্গা কৰাৰ সময়। মনত জনসেৱাৰ মনোভাৱ আগত থাকিব লাগিব। আপোনালোকে আপোনাসৱৰ কৰ্তব্যক সেৱাৰ সৰ্বোচ্চ ৰূপ হিচাপে গণ্য কৰা মাত্ৰেকে আপোনাৰ কাৰ্য্যই দেশখনক নতুন দিশত ধাৱমান কৰিব। আপোনাৰ কৰ্তব্যবোধ, আপোনাৰ উদ্ভাৱন আৰু আপোনাৰ অটল দায়বদ্ধতাৰ জৰিয়তে ভাৰতৰ প্ৰতিজন নাগৰিকৰ জীৱন উন্নত হ’ব।

 

বন্ধুসকল,

আপনাসৱে দায়িত্ব গ্ৰহণ কৰা মাত্ৰেকে নাগৰিক হিচাপেও আপোনাৰ কৰ্তব্য আৰু ভূমিকাও অধিক তাৎপৰ্য্যপূৰ্ণ হৈ পৰে। আপোনালোকৰ প্ৰত্যেকেই এই সম্পৰ্কে সচেতন হৈ থাকিব লাগিব আৰু আমি নাগৰিক হিচাপেও নিজৰ দায়িত্ব পালনত পিছ পৰি ৰ’ব নালাগে। মই এটা উদাহৰণ দিব খুজিছোঁ। বৰ্তমান সমগ্ৰ দেশতে ‘এক পেড় মা কে নাম’ শীৰ্ষক এক বৃহৎ অভিযান অব্যাহত আছে। আজি আপোনাসৱ যি পদবীত উপনীত হৈছে আৰু জীৱনৰ এই নতুন পৰ্য্যায় আৰম্ভ কৰাত নিঃসন্দেহে আপোনালোকৰ মাতৃয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেয়ে আপোনালোকেও মাতৃৰ নামত এটা গছপুলি ৰোপণেৰে প্ৰকৃতিক সেৱাৰে কৃতজ্ঞতা প্ৰকাশ কৰা উচিত। আপুনি কাম কৰা কাৰ্য্যালয়ত যিমান পাৰি সিমান লোকক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰক।

আপোনালোকে আপোনাসৱৰ পেছাদাৰী যাত্ৰা আৰম্ভৰ লগে-লগে মন কৰিবলগীয়া কথাটো হ’ল যে জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসো আহি আছে। ইয়াৰ জৰিয়তে এক সুন্দৰ সুযোগ আহি আছে। এনে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত সফল কেৰিয়াৰ আৰম্ভৰ সমান্তৰালকৈ যোগাসনৰ জৰিয়তে সুস্থ জীৱনশৈলীকো আকোৱালি লোৱা উচিত। আপোনাৰ ব্যক্তিগত স্বাস্থ্য কেৱল আপোনাৰ বাবেই অতিশয় প্ৰয়োজনীয় নহয়, বৰঞ্চ আপোনাৰ কৰ্ম দক্ষতা আৰু ৰাষ্ট্ৰখনৰ সামগ্ৰিক উৎপাদনশীলতাৰ বাবেও এয়া অতিশয় প্ৰয়োজনীয়।

 

আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ আপোনাসৱে মিছন কৰ্মযোগী মঞ্চখন সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগে। আপোনাৰ কামৰ উদ্দেশ্য কেৱল এটা পদবী লাভতে সীমাবদ্ধ থাকিব নালাগে। আপোনাৰ ভূমিকা হৈছে ভাৰতৰ প্ৰতিজন নাগৰিকক সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ অৰিহণা যোগোৱা। মাত্ৰ কেইদিনমান পূৰ্বে অসামৰিক সেৱা দিৱসত এটা পথ প্ৰদৰ্শনকাৰী মন্ত্ৰৰ কথা ব্যক্ত কৰিছিলোঁ। মই কৈছিলোঁ যে চৰকাৰী দায়িত্বত থকা সকলোৱে এটা নীতিক পৰম গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিব লাগে আৰু সেই মন্ত্ৰটো হ’ল- নাগৰিক দেৱো ভৱ — নাগৰিক হৈছে ঈশ্বৰ। নাগৰিকৰ সেৱা কৰাটো আপোনাৰ বাবে আৰু আমাৰ সকলোৰে বাবে ঐশ্বৰিক পূজাৰ সমতুল্য। এই মন্ত্ৰটো সদায় হৃদয়ত ৰাখিব। মোৰ বিশ্বাস যে, আমাৰ সামৰ্থ্য আৰু সততাৰে আমি এনে এখন ভাৰত গঢ়িম, যি কেৱল উন্নতই নহয়, বৰঞ্চ সমৃদ্ধিশালীও।

মই আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ যেনেকৈ সপোন আছে, ১৪০ কোটি ভাৰতীয়ৰো সপোন আছে। যিদৰে আপোনাসৱে আপোনাৰ সপোন বাস্তৱায়িতকৰণৰ সুযোগ লাভ কৰিছে, ঠিক তেনেদৰে এই সুযোগৰ ব্যৱহাৰেৰে ১৪০ কোটি নাগৰিকৰ সপোন পূৰণত সহায় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য। মোৰ বিশ্বাস যে আপোনাসৱ যি পদত অধিষ্ঠিত, সেই পদটোক সন্মান কৰিব, ৰাইজৰ গৌৰৱ বৃদ্ধি কৰিব আৰু আপোনালোকৰ জীৱনটোক অৰ্থপূৰ্ণ তথা ধন্য কৰি তোলাৰ দিশত আপোনাসৱৰ সময় আৰু শক্তিক উৎসৰ্গা কৰিব।

এই শুভেচ্ছাৰেই আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'There could be no Netflix globally without India': Ted Sarandos on growth, cricket and AI

Media Coverage

'There could be no Netflix globally without India': Ted Sarandos on growth, cricket and AI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi shares Sanskrit Subhashitam recognizing Earth as the nurturing mother of all life
August 06, 2026

The Prime Minister, Shri Narendra Modi today shared Sanskrit Subhashitam emphasising that humanity may live in harmony with the Earth, as earth is the nurturing mother of all life and the moral order that sustains her should be respected.

The Prime Minister shared a Sanskrit verse-

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥

The Prime Minister posted on X:

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥