নতুনকৈ অন্তৰ্ভুক্ত নিযুক্তিপ্ৰাপক সকলক প্ৰায় ৫১,০০০ নিয়োগ পত্ৰ বিতৰণ কৰে
"সেৱাৰ প্ৰতি নিযুক্তিপ্ৰাপক সকলৰ আন্তৰিকতাই দেশক ইয়াৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম কৰি তুলিব"
"নাৰীশক্তি বন্দন অধিনিয়ম’ হৈছে নতুন সংসদত ৰাষ্ট্ৰৰ বাবে এক নতুন আৰম্ভণি"
"প্ৰযুক্তিয়ে দুৰ্নীতি বন্ধ কৰিছে, বিশ্বাসযোগ্যতাক প্ৰগাঢ় কৰিছে, জটিলতা হ্ৰাস কৰিছে আৰু স্বাচ্ছন্দ্য বৃদ্ধি কৰিছে"
"চৰকাৰৰ নীতিসমূহ এক নতুন মানসিকতা, নিৰন্তৰ নিৰীক্ষণ, অভিযানৰ ৰূপত ৰূপায়ণ আৰু গণ অংশগ্ৰহণৰ ওপৰত আধাৰিত, যি স্মাৰণযোগ্য লক্ষ্য পূৰণৰ পথ প্ৰশস্ত কৰিছে"।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ‘ৰোজগাৰ মেলা’ত ভাষণ প্ৰদান কৰাৰ লগতে  নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপক সকলক প্ৰায় ৫১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত নিযুক্তিপ্ৰাপকসকলে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। এইসমূহৰ ভিতৰত আছে ডাক বিভাগ, ভাৰতীয় অডিট আৰু একাউণ্ট বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আদি। এই ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৬টা স্থানত অনুষ্ঠিত হৈছে।

 

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আজি নিযুক্তি পত্ৰ লাভ কৰা সকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰি কয় যে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবেহে তেওঁলোকে এই সাফল্য অৰ্জন কৰিব পাৰিছে আৰু তেওঁলোকক লাখ লাখ প্ৰাৰ্থীৰ মাজৰ পৰা বাছনি কৰা হৈছে। সমগ্ৰ দেশতে উদযাপন কৰা ‘গণেশ উৎসৱ’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৱিত্ৰ অনুষ্ঠানত নিযুক্তিপ্ৰাপকসকলৰ বাবে এয়া এক নতুন জীৱনৰ 'শ্ৰী গণেশ'। "ভগৱান গণেশ হৈছে সফলতাৰ ঈশ্বৰ", প্ৰধানমন্ত্ৰীয়ে কয় যে সেৱাৰ প্ৰতি নিযুক্তিপ্ৰাপক সকলৰ ভক্তিয়ে দেশখনক ইয়াৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম কৰিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখনে ঐতিহাসিক সাফল্যৰ সাক্ষী হৈ আহিছে। তেওঁ ‘নাৰীশক্তি বন্দন অধিনিয়ম’ৰ কথা উল্লেখ কৰে, যিয়ে জনসংখ্যাৰ আধা অংশক সামৰ্থ্য প্ৰদান কৰিছে। "৩০ বছৰ ধৰি আৱদ্ধ হৈ থকা মহিলা সংৰক্ষণৰ বিষয়টো দুয়োখন সদনে অভিলেখ সংখ্যক ভোটৰ সমৰ্থনৰে গৃহীত কৰিলে। এই সিদ্ধান্ত নতুন সংসদৰ প্ৰথম অধিৱেশনত গৃহীত হৈছে, সেয়ে এক প্ৰকাৰে দেশৰ বাবে নতুন সংসদত এয়া হৈছে এক নতুন আৰম্ভণি", প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব সহকাৰে মন্তব্য কৰে।

নতুন নিযুক্তিপ্ৰাপক সকলৰ মাজত মহিলাৰ গুৰুত্বপূৰ্ণ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ কন্যাসকলে প্ৰতিটো খণ্ডতে সুনাম অৰ্জন কৰিছে। তেওঁ কয়, "মই নাৰীশক্তিৰ কৃতিত্বত গৌৰৱ অনুভৱ কৰোঁ আৰু তেওঁলোকৰ বিকাশৰ বাবে নতুন পথ মুকলি কৰি ৰখাটো হৈছে চৰকাৰৰ নীতি"। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যিকোনো ক্ষেত্ৰতে মহিলাৰ উপস্থিতিয়ে সদায় ইতিবাচক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰে।

 

নতুন ভাৰতৰ বৰ্দ্ধিত আশা-আকাংক্ষাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন ভাৰতৰ সপোনে পোখা মেলিছে। "ভাৰতে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ সংকল্প গ্ৰহণ কৰিছে", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে অহা কেইবছৰমানৰ ভিতৰত দেশ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হ'ব, য'ত চৰকাৰী কৰ্মচাৰীসকলে অনাগত সময়ত যথেষ্ট অৱদান আগবঢ়াব লাগিব। তেওঁ 'চিটিজেনছ ফাৰ্ষ্ট'ৰ দৃষ্টিভংগী অনুসৰণ কৰাত গুৰুত্ব আৰোপ কৰে। আজিৰ নিযুক্তিপ্ৰাপক সকল প্ৰযুক্তিৰ দ্বাৰা পুষ্ট হৈয়ে ডাঙৰ দীঘল হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কামৰ ক্ষেত্ৰত ইয়াৰ স্ব্যৱহাৰ আৰু শাসনৰ দক্ষতা উন্নত কৰাত গুৰুত্ব আৰোপ কৰে।

শাসনত প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভ ব্যাখ্য দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে অনলাইনৰে ৰে'লৰ আসন সংৰক্ষণ, আধাৰ কাৰ্ড, ডিজিলকাৰ, ‘ই-কেওৱাইচি’, গেছ বুকিং, বিল পৰিশোধ, ‘ডিবিটি’ আৰু ‘ডিজিযাত্ৰা’ আদিৰে নথিপত্ৰৰ জটিলতা দূৰ কৰাৰ কথা উল্লেখ কৰে। "প্ৰযুক্তিয়ে দুৰ্নীতি বন্ধ কৰিছে, বিশ্বাসযোগ্যতা উন্নত কৰিছে, জটিলতা হ্ৰাস কৰিছে, স্বাচ্ছন্দ্য বৃদ্ধি কৰিছে," নতুন নিযুক্তিপ্ৰাপক সকলক এই দিশত আগবাঢ়ি গৈ কাম কৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীয়ে।  

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯ বছৰত চৰকাৰৰ নীতিসমূহ এক নতুন মানসিকতা, নিৰন্তৰ নিৰীক্ষণ, অভিয়ানৰ ৰূপত ৰূপায়ণ আৰু গণ অংশগ্ৰহণৰ ওপৰত আধাৰিত আৰু স্মৰণযোগ্য লক্ষ্য পূৰণৰ পথ প্ৰশস্ত কৰিছে। স্বচ্ছ ভাৰত আৰু ‘জল জীৱন মিছন’-ৰ দৰে অভিযানৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ ‘মিছন মোড’ ত ৰূপায়ণৰ পদ্ধতি সন্দৰ্ভত আলোকপাত কৰে, য'ত সম্পূৰ্ণতা অৰ্জনৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে সমগ্ৰ দেশৰ প্ৰকল্পসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু প্ৰগতি মঞ্চৰ উদাহৰণ দাঙি ধৰে, যিটো প্ৰধানমন্ত্ৰীয়ে নিজেই ব্যৱহাৰ কৰি আছে। তেওঁ জোৰ দি কয় যে চৰকাৰী কৰ্মচাৰীসকলেহে চৰকাৰী আঁচনিসমূহ বাস্তৱক্ষেত্ৰত ৰূপায়ণ কৰাৰ সৰ্বোচ্চ দায়িত্ব বহন কৰে। তেওঁ উল্লেখ কৰে যে যেতিয়া লাখ লাখ যুৱক-যুৱতীয়ে চৰকাৰী সেৱাত যোগদান কৰে তেতিয়া নীতি ৰূপায়ণৰ গতি আৰু পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত চৰকাৰী খণ্ডৰ বাহিৰত নিযুক্তি বৃদ্ধি হয় আৰু নতুন নিযুক্তি পৰিকাঠামো গঢ়ি উঠে। 

জিডিপি বৃদ্ধি আৰু উৎপাদন আৰু ৰপ্তানি বৃদ্ধিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব বিনিয়োগৰ কথা উল্লেখ কৰে। তেওঁ নৱীকৰণযোগ্য শক্তি, জৈৱিক কৃষি, প্ৰতিৰক্ষা আৰু পৰ্যটনৰ দৰে খণ্ডসমূহৰ বিষয়ে কয়, যিয়ে এক নতুন জীৱন্ততা প্ৰদৰ্শন কৰিছে। ভাৰতৰ আত্মনিৰ্ভৰ অভিযানে মোবাইল ফোনৰ পৰা বিমান বাহকলৈকে, কৰোনা প্ৰতিষেধকৰ পৰা যুঁজাৰু বিমানলৈকে বিভিন্ন ক্ষেত্ৰত সুফল দেখুৱাইছে। তেওঁ কয় যে আজি যুৱপ্ৰজন্মৰ বাবে নতুন সুযোগে অপেক্ষা কৰিবলৈ লৈছে।

 

প্ৰধানমন্ত্ৰীয়ে দেশৰ জীৱনত অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰৰ গুৰুত্ব আৰু নতুন নিযুক্তিৰ কথা দোহাৰে। তেওঁ দলবদ্ধ কামক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ সংশ্লিষ্টসকলক আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে জি-২০ আমাৰ পৰম্পৰা, সংকল্প আৰু আতিথ্যৰ এক অনুষ্ঠান হৈ উঠিছিল। এই সফলতা বিভিন্ন ৰাজহুৱা আৰু ব্যক্তিগত বিভাগসমূহৰো সফলতা। সকলোৱে জি-২০ৰ সফলতাৰ বাবে এটা দলৰ ৰূপত কাম কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মই সুখী যে আজি আপোনালোকো চৰকাৰী কৰ্মচাৰীসকলৰ ‘টীম ইণ্ডিয়া’ৰ অংশ হৈ উঠিব"। 

 

নিযুক্তিপ্ৰাপক সকলৰ চৰকাৰৰ সৈতে পোনপটীয়াকৈ কাম কৰাৰ সুযোগ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক তেওঁলোকৰ শিক্ষাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ আৰু তেওঁলোকৰ আগ্ৰহৰ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান আগবঢ়াবলৈ আইজিঅটি কৰ্মযোগী পৰ্টেল ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে নিযুক্তিপ্ৰাপক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক অভিনন্দন জনায় আৰু অহা ২৫ বছৰৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰৰ সংকল্প ল'বলৈ আহ্বান জনায়।   

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting determination, perseverance, and continuous effort in overcoming life's challenges
August 13, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the power of determination, perseverance, and courage in overcoming life's challenges and turning adverse circumstances into favorable ones.

The Prime Minister wrote on X;

"दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥"

A person who possesses the determination, perseverance and courage to turn adverse circumstances into favorable ones is never defeated by the challenges of life. Instead, through continuous effort and unwavering resolve, he moves forward and ultimately achieves success.