প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শেহতীয়াকৈ আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ৰূপাণীৰ বৰ্ণাঢ্য কেৰিয়াৰত আলোকপাতেৰে ৰাজকোট পৌৰ নিগম, ৰাজ্যসভাৰ সাংসদ, গুজৰাট বিজেপিৰ সভাপতি আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ কাৰ্য্যকালকে প্ৰমুখ্য কৰি একাধিক দায়িত্ব পালনৰ সময়ত তেওঁ আগবঢ়োৱা বৰঙণিৰাজিৰ কথা স্মৰণ কৰে।

এক্স-ৰ এটা থ্ৰেড প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ

“বিজয়ভাই ৰূপাণী ডাঙৰীয়াৰ পৰিয়ালবৰ্গৰে মিলিত হওঁ।

বিজয়ভাই যে আমাৰ মাজত নাই, সেই কথা কল্পনাৰো অগোচৰ। মই তেওঁক দশক-দশক ধৰি জানোঁ। কেতবোৰ অতিশয় প্ৰত্যাহ্বানজনক সময়কে ধৰি আমি একেলগে হাতে হাত ধৰি কাম কৰিছিলোঁ। নম্ৰ স্বভাৱৰ আৰু কঠোৰ পৰিশ্ৰমী বিজয়ভাই দলৰ মতাদৰ্শৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ আছিল। পদবীত থাকি তেওঁ সংগঠনৰ একাধিক দায়িত্ব পালন কৰিছিল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰলসভাৱে কাৰ্য্যনিৰ্বাহ কৰিছিল।”

“ৰাজকোট পৌৰ নিগমতেই হওঁক, ৰাজ্যসভাৰ সাংসদ হিচাপেই হওঁক, গুজৰাট বিজেপিৰ সভাপতি হিচাপেই হওঁক বা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপেই হওঁক, পালন কৰা প্ৰতিটো দায়িত্বতে তেওঁ সুকীয়া পৰিচয় দাঙি ধৰিছিল।”

“বিজয়ভাই গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ আৰু মই একাধিক কাম কৰিছিলোঁ। তেওঁ ‘ইজ অৱ লিভিঙ’-ৰ বৰ্ধনকে প্ৰমুখ্য কৰি গুজৰাটৰ বিকাশ যাত্ৰাক সমৃদ্ধ কৰা একাধিক ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁৰ সৈতে মোৰ মত-বিনিময়ৰ মুহূৰ্তসমূহ আজীৱন মনত থাকিব। দুখৰ এই সময়ত তেওঁৰ পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱীসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔম শান্তি।”

 

 

 

“વિજયભાઈ રૂપાણીના પરિવારજનોને મળી સાંત્વના પાઠવી. વિજયભાઈ આપણી વચ્ચે નથી એ વાત મન માનવા તૈયાર નથી. વર્ષોથી મારે તેમની સાથે નાતો રહ્યો છે. કંઈ કેટલાય પડકારજનક સમયમાં અમે ખભે ખભા મિલાવીને કામ કર્યું છે. સરળ અને સાલસ સ્વભાવના વિજયભાઈ ખૂબ મહેનતુ હતા તથા પક્ષની વિચારધારા પ્રત્યે પ્રતિબદ્ધ હતા. એક પાયાના કાર્યકર તરીકે જાહેર જીવનમાં કારકિર્દીની શરૂઆત કરી તેઓ સંગઠનમાં વિવિધ જવાબદારીઓ નિભાવતા નિભાવતા ગુજરાતના મુખ્યમંત્રી બન્યા હતા.”

“તેઓને સોંપાયેલ દરેક ભૂમિકામાં, તે પછી રાજકોટ મ્યુનિસિપલ કોર્પોરેશનમાં હોય કે રાજ્યસભાના સાંસદ તરીકેની હોય, પ્રદેશ ભાજપના પ્રમુખની હોય કે પછી રાજ્ય સરકારમાં કેબિનેટ મંત્રી અને મુખ્યમંત્રી તરીકેની હોય, તેઓએ દરેક વખતે એક અનોખો ચીલો ચાતર્યો હતો.”

“વિજયભાઈ ગુજરાતના મુખ્યમંત્રી હતા ત્યારે મારે તેમની સાથે ઘનિષ્ઠતાથી કામ કરવાનું થયું હતું. તેઓએ ગુજરાતની વિકાસયાત્રાને આગળ ધપાવવા ઘણા પગલાં હાથ ધર્યાં હતા જેમાં 'ઈઝ ઑફ લિવિંગ' એ નોંધપાત્ર છે. તેઓની સાથે થયેલ મુલાકાતો અને ચર્ચા હંમેશાં યાદ રહેશે.

સદ્ગતના આત્માની શાંતિ માટે પ્રાર્થના…

ૐ શાંતિ...!!”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 এপ্ৰিল 2026
April 21, 2026

Aatmanirbhar Bharat Goes Global: PM Modi Turns India into Manufacturing Superpower & Innovation Powerhouse