প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যক্ষ্মা নিৰ্মূল কৌশলত শেহতীয়া উদ্ভাৱনসমূহৰ প্ৰশংসা কৰে, যিয়ে যক্ষ্মা ৰোগীৰ বাবে অধিক হ্ৰস্বকালীন চিকিৎসা, দ্ৰুত নিদান আৰু উন্নত পুষ্টিৰ সুবিধা প্ৰদান কৰে
যক্ষ্মা নিৰ্মূলৰ দিশত ‘সমগ্ৰ চৰকাৰ’ আৰু ‘সমগ্ৰ সমাজ’ৰ দৃষ্টিভংগীক আগুৱাই নিবলৈ জন-অংশীদাৰিত্বক শক্তিশালী কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
যক্ষ্মা নিৰ্মূলৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰীয়ে
শেহতীয়াকৈ সামৰণি পৰা ১০০ দিনীয়া ‘যক্ষ্মামুক্ত ভাৰত অভিযান’ৰ পৰ্যালোচনাত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াক সমগ্ৰ দেশতে ত্বৰান্বিত আৰু প্ৰসাৰিত কৰিব পৰা যাব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত আজি পুৱা নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গৰ ৭ নং বাসভৱনত ‘ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী’ (এনটিইপি)সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

আক্ৰান্তৰ দেহত যক্ষ্মাৰোগ আগতীয়াকৈ ধৰা পেলোৱা আৰু চিকিৎসাৰ ক্ষেত্ৰত ২০২৪ চনত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰা যক্ষ্মা নিৰ্মূল কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ দোহৰাৰ লগতে দেশজুৰি সফল কৌশলৰ প্ৰসাৰৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ সামৰণি পৰা ১০০ দিনীয়া ‘যক্ষ্মামুক্ত ভাৰত অভিযান’ৰ পৰ্যালোচনা কৰে য’ত ১২.৯৭ কোটি শাৰিৰীকভাৱে দুৰ্বল ব্যক্তিক পৰীক্ষা কৰা হয়।  এই অভিযানত উচ্চ লক্ষণযুক্ত জিলাসমূহক সামৰি লোৱা হৈছিল; ২.৮৫ লাখ লক্ষণবিহীন যক্ষ্মাৰোগীকে ধৰি ৭.১৯ লাখ যক্ষ্মাৰোগী চিনাক্ত কৰা হয়। এই অভিযানৰ সময়ত ১ লাখৰো অধিক নতুন ‘নি-ক্ষয় মিত্ৰ’ই এই প্ৰচেষ্টাত যোগদান কৰে, যিটো জন-অংশীদাৰিত্বৰ বাবে এক আৰ্হি হিচাপে পৰিগণিত হৈছে। সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ সমাজৰ দৃষ্টিভংগীক আগুৱাই নিবলৈ এই অভিযান সমগ্ৰ দেশতে ত্বৰান্বিত আৰু বিস্তাৰিত কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে চহৰ বা গ্ৰাম্যাঞ্চলক ভিত্তি কৰাৰ লগতে ৰোগীসকলৰ বৃত্তিকো ভিত্তি কৰি যক্ষ্মা ৰোগৰ ধাৰা বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ দ্বাৰা আগতীয়া পৰীক্ষা আৰু চিকিৎসাৰ প্ৰয়োজন হোৱা গোটসমূহ, বিশেষকৈ নিৰ্মাণ, খনন, বস্ত্ৰকল, আৰু অনুৰূপ ক্ষেত্ৰৰ শ্ৰমিকসকলক চিনাক্ত কৰাত সহায়ক হ’ব। স্বাস্থ্যসেৱাত প্ৰযুক্তিৰ উন্নতি হোৱাৰ লগে লগে ‘নি-ক্ষয় মিত্ৰ’ (যক্ষ্মা ৰোগীৰ সহায়ক)সকলক যক্ষ্মা ৰোগীৰ সৈতে সংযোগ স্থাপনৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা উচিত। বাৰ্তালাপকাৰী আৰু সহজ-ব্যৱহাৰযোগ্য প্ৰযুক্তি ব্যৱহাৰ কৰি ৰোগীক ৰোগ আৰু ইয়াৰ চিকিৎসা বুজিবলৈ সহায় কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে কয় যে যিহেতু যক্ষ্মা এতিয়া নিয়মীয়া চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পৰা যায়, গতিকে জনসাধাৰণৰ মাজত ইয়াক লৈ ভয় কম হোৱাৰ লগতে সজাগতা অধিক হোৱা উচিত।

প্ৰধানমন্ত্ৰীয়ে যক্ষ্মা নিৰ্মূলৰ মূল পদক্ষেপ হিচাপে জন ভাগীদাৰীৰ জৰিয়তে চাফ-চিকুণতাৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ প্ৰতিগৰাকী ৰোগীয়ে উপযুক্ত চিকিৎসা লাভ কৰাটো নিশ্চিত কৰিবলৈ ব্যক্তিগতভাৱে যোগাযোগ কৰাৰ প্ৰচেষ্টা গ্ৰহণৰো পোষকতা কৰে।

বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ‘ডব্লিউ এইচ অ’ৰ গ্ল’বেল টিবি ৰিপ’ৰ্ট ২০২৪’ৰ উৎসাহজনক তথ্যসমূহ লক্ষ্য কৰে, য’ত যক্ষ্মাৰ প্ৰাদুৰ্ভাৱ ১৮% হাৰে হ্ৰাস (২০১৫ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰতি লাখ জনসংখ্যাৰ ভিতৰত ২৩৭ৰ পৰা ১৯৫লৈ) হোৱা বুলি দৃঢ়তাৰে কোৱা হৈছে, যিটো গোলকীয় হাৰৰ দুগুণ; যক্ষ্মাত মৃত্যুৰ হাৰ ২১% হ্ৰাস (প্ৰতি লাখ জনসংখ্যাত ২৮ৰ পৰা ২২লৈ) পোৱাৰ লগতে চিকিৎসাই সামৰি লোৱা জনসংখ্যাৰ হাৰ হৈছে ৮৫%, যিয়ে কাৰ্যসূচীটোৰ ক্ৰমবৰ্ধমান প্ৰসাৰ আৰু ফলপ্ৰসূতাকে প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীয়ে যক্ষ্মা ৰোগ বিশ্লেষণৰ বাবে ৫০০টা এআই-সক্ষম হেণ্ডহেল্ড এক্স-ৰে’ ডিভাইচ, ২৬,৭০০ৰো অধিক এক্স-ৰে’ ইউনিট, আৰু পাইপলাইনত থকা আন ১০০০টাৰ লগতে নিদান নেটৱৰ্কৰ ৮,৫৪০টা ‘এনএএটি (নিউক্লিক এচিড এম্প্লিফিকেশ্যন টেষ্টিং) লেব’ আৰু ৮৭টা ‘কালচাৰ এণ্ড ড্ৰাগ সংবেদনশীলতা লেব'লৈ সম্প্ৰসাৰণকে ধৰি মূল আন্তঃগাঁথনি উন্নয়নৰ পৰ্যালোচনা কৰে। ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ত বিনামূলীয়া পৰীক্ষা, নিদান, চিকিৎসা আৰু পুষ্টিৰ সহায়কে ধৰি সকলো যক্ষ্মা সেৱাৰ বিকেন্দ্ৰীকৰণতো আলোকপাত কৰা হয়।

প্ৰধানমন্ত্ৰীক কেইবাটাও নতুন পদক্ষেপ যেনে ‘স্ক্ৰীনিঙ’ৰ বাবে ‘এআই-সক্ষম হেণ্ডহেল্ড এক্স-ৰে’ ডিভাইচ’, ‘ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ বাবে হ্ৰস্বকালীন চিকিৎসা পদ্ধতি’, নতুন থলুৱা আণৱিক নিদান, পুষ্টিৰ হস্তক্ষেপ আৰু খনি, চাহ বাগিচা, নিৰ্মাণ স্থান, নগৰীয়া বস্তি আদিৰ দৰে সমষ্টিগত পৰিৱেশত পৰীক্ষা আৰু আগতীয়াকৈ ধৰা পেলোৱা; নিক্ষয় পোষণ যোজনা ২০১৮ চনৰ পৰা ১.২৮ কোটি যক্ষ্মা ৰোগীক ‘ডিবিটি পেমেণ্ট’ আৰু ২০২৪ চনত উদগণিৰ পৰিমাণ ১,০০০টকালৈ বৃদ্ধি কৰাৰ দৰে কেবাটাও নতুন পদক্ষেপ প্ৰৱৰ্তনৰ বিষয়ে অৱগত কৰা হয়। ‘নি-ক্ষয় মিত্ৰ’ পদক্ষেপৰ অধীনত ২.৫৫ লাখ ‘নি-ক্ষয় মিত্ৰ’ৰ দ্বাৰা ২৯.৪ লাখ খাদ্যৰ টোপোলা বিতৰণ কৰা হৈছে।

সভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডা, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডাঃ পি কে মিশ্ৰ, প্ৰধান সচিব-২ শ্ৰী শক্তিকান্ত দাস, প্ৰধানমন্ত্ৰীৰ উপদেষ্টা শ্ৰী অমিত খাৰে, স্বাস্থ্য সচিবকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years

Media Coverage

‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."