ভাৰতত বৈচিত্ৰ্য, চাহিদা আৰু পৰিসৰৰ ত্ৰিগুণ শক্তি আছে: প্ৰধানমন্ত্ৰী
বিগত ১০ বছৰত ভাৰতৰ ২৫ কোটি লোকে দৰিদ্ৰতাক অতিক্ৰম কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ ইক’চিষ্টেম, খাদ্য আৰু কৃষি খণ্ডত কাম কৰা বহুতো ষ্টাৰ্ট-আপে: প্ৰধানমন্ত্ৰী
বিশ্বৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে অহৰহ অৰিহণা যোগাইছেঃ প্ৰধানমন্ত্ৰী
আজি ক্ষুদ্ৰ কৃষকসকল বজাৰৰ এক প্ৰধান শক্তি হৈ পৰিছে: প্ৰধানমন্ত্ৰী
ভাৰতত সমবায়সমূহে আমাৰ দুগ্ধ খণ্ড আৰু আমাৰ গ্ৰাম্য অৰ্থনীতিক এক নতুন শক্তি প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক, উদ্যোগী, বিনিয়োগকাৰী, উদ্ভাৱক, আৰু গ্ৰাহক সকলোৱে একেলগে একেস্থানত উপস্থিত হৈ বিশ্ব খাদ্য ভাৰতক নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ মঞ্চ কৰি তুলিছে। তেওঁ কয় যে তেওঁ অলপ আগতে  প্ৰদৰ্শনীসমূহ ভ্ৰমণ কৰিছে । তেওঁ  সেয়া দৰ্শন কৰি সুখ প্ৰকাশ কৰে যে তাত  প্ৰাথমিক গুৰুত্ব পুষ্টি, তেলৰ ব্যৱহাৰ হ্ৰাস কৰা  আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে প্ৰতিগৰাকী  বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ আগতে কোনো এক  স্থানৰ প্ৰাকৃতিক শক্তিৰ বিষয়ে মূল্যায়ন কৰে। তেওঁ আলোকপাত কৰে যে আজি বিশ্বব্যাপী বিনিয়োগকাৰীসকলে—বিশেষকৈ খাদ্য খণ্ডৰ বিনিয়োগকাৰীসকলে—অতি আশাৰে  ভাৰতৰ ফালে চাই আছে৷ “ভাৰত বৈচিত্ৰ্য, চাহিদা আৰু পৰিসৰৰ ত্ৰিগুণ শক্তি আছে”, শ্ৰী মোদীয়ে আলোকপাত কৰি কয় । তেওঁ কয় যে ভাৰতে প্ৰতি বিধ শস্য, ফল-মূল, আৰু শাক-পাচলি উৎপাদন কৰে আৰু এই বৈচিত্ৰ্যই দেশখনক বিশ্বৰ পৰিৱেশত বিশেষ স্থানত ৰাখিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ প্ৰতি এশ কিলোমিটাৰৰ মূৰে মূৰে খাদ্য আৰু ইয়াৰ সোৱাদ সলনি হয়, যিয়ে ভাৰতৰ চহকী বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে  কয় যে  প্ৰবল ঘৰুৱা চাহিদাই ভাৰতক প্ৰতিযোগিতামূলক শক্তি প্ৰদান কৰিছে  আৰু বিনিয়োগকাৰীৰ বাবে ইয়াক পছন্দৰ গন্তব্যস্থান হিচাপে গঢ়ি তুলিছে ।

 

“ভাৰতে অভূতপূৰ্ব আৰু অসাধাৰণ পৰিসৰত কাম কৰি আছে।যোৱা দহ বছৰত ২৫ কোটি লোকে দৰিদ্ৰতাক অতিক্ৰম কৰি এতিয়া নব্য মধ্যবিত্ত শ্ৰেণীৰ অংশ হৈ পৰিছে— এয়া হৈছে ভাৰতৰ আটাইতকৈ শক্তিশালী আৰু আকাংক্ষিত খণ্ড”, প্ৰধানমন্ত্ৰীয়ে কয়। তেোঁ লগতে কয়  যে এই শ্ৰেণীৰ আকাংক্ষাই খাদ্যৰ নতুন ধাৰা গঢ় দিছে আৰু চাহিদা বৃদ্ধি কৰিছে। তেওঁ কয় যে ভাৰতৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে বিভিন্ন খণ্ডত উদ্ভাৱন কৰি আছে, আৰু খাদ্য খণ্ডও ইয়াৰ ব্যতিক্ৰম নহয়। “ভাৰত এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰ, খাদ্য আৰু কৃষিৰ ক্ষেত্ৰত বহু ষ্টাৰ্ট-আপে কাম কৰি আছে”, শ্ৰী মোদীয়ে কয় । তেোঁ লগতে কয় যে এআই, ই-কমাৰ্চ, ড্ৰ’ন, আৰু এপৰ দৰে প্ৰযুক্তিসমূহ এই খণ্ডত একত্ৰিত কৰা হৈছে, যোগান শৃংখল, খুচুৰা, আৰু প্ৰক্ৰিয়াকৰণ পদ্ধতিৰ ৰূপান্তৰ ঘটিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বৈচিত্ৰ্য, চাহিদা, আৰু উদ্ভাৱন আগবঢ়াইছে —এই সকলোবোৰ মূল কাৰকে ইয়াক বিনিয়োগৰ বাবে আটাইতকৈ আকৰ্ষণীয় গন্তব্যস্থান কৰি তুলিছে। লালকিল্লাৰ পৰা দিয়া বাৰ্তা পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতত বিনিয়োগ আৰু সম্প্ৰসাৰণৰ উপযুক্ত সময় বুলি মন্তব্য কৰে।

 

একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহ সকলোৰে বাবে পৰিচিত আৰু যেতিয়াই বিশ্বজনীন প্ৰত্যাহ্বানৰ সৃষ্টি হয় তেতিয়াই ভাৰতে ইতিবাচক ভূমিকা গ্ৰহণ কৰিবলৈ ধাৰাবাহিকভাৱে আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে ভাৰতে বিশ্ব খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে অৱদান আগবঢ়াই আহিছে। তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰী নীতিৰ দ্বাৰা সমৰ্থিত কৃষক, পশুপালক, আৰু মাছমৰীয়াসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে ভাৰতৰ কৃষি খণ্ডৰ শক্তি বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে বিগত দশকত খাদ্য শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত গাখীৰৰ সৰ্বাধিক উৎপাদক, বিশ্বৰ গাখীৰ যোগানৰ ২৫% অৰিহণা যোগোৱা দেশ লগতে বাজৰাৰ আগশাৰীৰ উৎপাদনকাৰী দেশো। তেওঁ লগতে কয় যে ভাৰতে ধান আৰু ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত বিশ্বজুৰি দ্বিতীয় স্থানত আছে আৰু ফল-মূল, শাক-পাচলি তথা মীনপালনৰ ক্ষেত্ৰত ভাৰতৰ যথেষ্ট অৱদান আছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে যেতিয়াই বিশ্ব শস্যৰ সংকট বা যোগান শৃংখলত ব্যাঘাত জন্মে তেতিয়াই ভাৰতে  দৃঢ়তাৰে থিয় দি নিজৰ দায়িত্ব পালন কৰি আহিছে।

 

বিশ্বৰ স্বাৰ্থত ভাৰতে নিজৰ সামৰ্থ্য আৰু অৱদান সম্প্ৰসাৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিজন অংশীদাৰক জড়িত কৰি সমগ্ৰ খাদ্য আৰু পুষ্টিৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি তুলিছে। তেওঁ আলোকপাত কৰে যে খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডক সক্ৰিয়ভাৱে প্ৰসাৰিত কৰা হৈছে, এতিয়া ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে। তেওঁ উল্লেখ কৰে যে এই খণ্ডটোৱে পিএলআই আঁচনি আৰু মেগা ফুড পাৰ্ক সম্প্ৰসাৰণৰ দ্বাৰাও লাভাৱান্বিত  হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতে বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আন্তঃগাঁথনি আঁচনি চলাই আছে। তেওঁ দৃঢ়তাৰে কয় যে এই চৰকাৰী প্ৰচেষ্টাসমূহে ফল দিছে, বিগত দহ বছৰত ভাৰতৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা বিশগুণ বৃদ্ধি পাইছে আৰু প্ৰক্ৰিয়াকৃত খাদ্যৰ ৰপ্তানি দুগুণতকৈও অধিক হৈছে।

ভাৰতৰ খাদ্য যোগান আৰু মূল্য শৃংখলত কৃষক, পশুপালক, মাছমৰীয়া, আৰু ক্ষুদ্ৰ প্ৰক্ৰিয়াকৰণ ইউনিটৰ জটিল ভূমিকাক আলোকপাত কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে বিগত দশকত চৰকাৰে এই সকলো অংশীদাৰক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ ৮৫%তকৈ অধিক কৃষক ক্ষুদ্ৰ বা সমাজৰ  প্ৰান্তীয় লোক। সেয়ে  তেওঁলোকক সবলীকৰণৰ বাবে নীতি আৰু সহায়ক ব্যৱস্থা প্ৰস্তুত কৰা হৈছিল। তেওঁ  কয় যে আজি এই ক্ষুদ্ৰ কৃষকসকলে বজাৰত এক প্ৰধান শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

 

সমগ্ৰ ভাৰতৰ কোটি কোটি গাঁওবাসীকে ধৰি আত্মসহায়ক গোটসমূহে ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ গোটসমূহ পৰিচালনা কৰি আছে বুলি  উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে চৰকাৰে এই গোটসমূহক ঋণ সংযুক্ত ৰাজসাহায্যৰ জৰিয়তে সহায় কৰি আছে, আৰু ইতিমধ্যে ৮০০ কোটি টকা  হিতাধিকাৰীলৈ হস্তান্তৰ কৰা হৈছে। তেওঁ কয় যে চৰকাৰে কৃষক উৎপাদক সংস্থা (এফ পি অ’)ও সম্প্ৰসাৰণ কৰি আছে, ২০১৪ চনৰ পৰা ১০ হাজাৰ এফ পি অ’ স্থাপন কৰা হৈছে, যিয়ে লাখ লাখ ক্ষুদ্ৰ কৃষকক সংযোগ কৰিছে। তেওঁ উল্লেখ কৰে যে এই এফ পি অ’সমূহে কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ পৰিসৰত বজাৰলৈ অনাত সহায় কৰিছে আৰু ব্ৰেণ্ডেড সামগ্ৰী বিকশিত কৰি খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডতো মুখ্য ভূমিকা পালন কৰি আছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতৰ এফপিঅ’সমূহৰ শক্তি আচৰিত, এতিয়া অনলাইন প্লেটফৰ্মত ১৫ হাজাৰৰো অধিক সামগ্ৰী উপলব্ধ। তেওঁ কাশ্মীৰৰ  বাছমতী চাউল, কেশৰ, আখৰোটৰ দৰে সামগ্ৰীৰ   উদাহৰণ দাঙি ধৰে। তেওঁ  লগতে হিমাচলৰ পৰা জাম আৰু আপেলৰ ৰস; ৰাজস্থানৰ পৰা অহা  বাজৰাৰ কুকিজ; মধ্যপ্ৰদেশৰ পৰা অহা সৰিয়হৰ টুকুৰা; বিহাৰৰ পৰা অহা ছুপাৰফুড মাখানা; মহাৰাষ্ট্ৰৰ পৰা অহা বাদামৰ তেল আৰু গুৰ;কেৰালাৰ পৰা অহা কলৰ চিপচ আৰু নাৰিকল তেলৰ কথাও উল্লেখ কৰে । তেওঁ দৃঢ়তাৰে কয় যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে এফ পি অ’সমূহে ভাৰতৰ কৃষি বৈচিত্ৰ্যক  প্ৰতিখন  ঘৰলৈ কঢ়িয়াই নিছে।  প্ৰধানমন্ত্ৰীয়েকয় যে ১১০০ৰো অধিক এফপিঅ’ কোটিপতি হৈছে, বাৰ্ষিক টাৰ্ণঅভাৰ ১ কোটি টকাতকৈ অধিক আৰু এইবোৰে কৃষকৰ আয় বৃদ্ধি তথা  যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

শ্ৰী মোদীয়ে আলোকপাত কৰে যে এফ পি অ’ৰ সমান্তৰালভাৱে ভাৰতত সমবায়ৰ শক্তি অপৰিসীম হিচাবে পৰিগণিত হৈছে । তেওঁ উল্লেখ কৰে যে এই বছৰটো আন্তঃৰাষ্ট্ৰীয় সমবায় বছৰ, আৰু ভাৰতৰ ভিতৰত সমবায়সমূহে দুগ্ধ খণ্ড আৰু গ্ৰাম্য অৰ্থনীতিক সবলীকৰণ কৰি আছে। এইবোৰৰ গুৰুত্বৰ কথা  স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সমবায়সমূহৰ নিৰ্দিষ্ট প্ৰয়োজন অনুযায়ী নীতি নিৰ্ধাৰণৰ বাবে এক নিষ্ঠাবান মন্ত্ৰালয় স্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে এই খণ্ডৰ বাবেও কৰ আৰু স্বচ্ছতামূলক  সংস্কাৰ ৰূপায়ণ কৰা হৈছে। এই নীতি পৰ্যায়ৰ পৰিৱৰ্তনৰ ফলত সমবায় খণ্ডই নতুন শক্তি লাভ কৰিছে।

 

সাগৰীয় আৰু মীন খণ্ডত ভাৰতৰ আকৰ্ষণীয় বৃদ্ধিৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে বিগত দশকত চৰকাৰে মীনপালনৰ সৈতে জড়িত আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰিছে আৰু গভীৰ সাগৰৰ মাছ ধৰা নাওৰ বাবে সাহায্যকে ধৰি মাছমৰীয়াসকলক পুঁজিৰ সহায় আগবঢ়াইছে। ফলত সামুদ্ৰিক উৎপাদন আৰু ৰপ্তানি দুয়োটাই বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই খণ্ডই এতিয়া প্ৰায় তিনি কোটি লোকক কৰ্মসংস্থাপন প্ৰদান কৰে। তেওঁ দৃঢ়তাৰে  কয় যে সাগৰীয় সামগ্ৰী প্ৰক্ৰিয়াকৰণ সম্প্ৰসাৰণৰ প্ৰচেষ্টা চলি আছে, আধুনিক প্ৰক্ৰিয়াকৰণ প্লাণ্ট, শীতল শৃংখলৰ আন্তঃগাঁথনি, আৰু স্মাৰ্ট বন্দৰত বিনিয়োগ কৰা হৈছে।

শস্যৰ সুৰক্ষাৰ বাবে চৰকাৰে আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগ কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলক খাদ্য সম্পৰ্কীয় কৌশলৰ সৈতে সংযোগ কৰা হৈছে, যাৰ ফলত কৃষিজাত সামগ্ৰীৰ  ম্যাদ বৃদ্ধি পাইছে আৰু খাদ্য সুৰক্ষাও শক্তিশালী হৈছে। তেওঁ দৃঢ়তাৰে কয় যে এই কামত নিয়োজিত গোটসমূহে চৰকাৰৰ পৰা ব্যাপক সহায় লাভ কৰিছে।

 

“ভাৰত উদ্ভাৱন আৰু সংস্কাৰৰ নতুন পথত আগবাঢ়িছে, পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰক কেন্দ্ৰ কৰি ব্যাপক আলোচনা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয় । তেওঁ লগতে কয় যে এই সংস্কাৰে কৃষকৰ বাবে কম খৰচ আৰু অধিক লাভৰ প্ৰতিশ্ৰুতি দিছে । তেওঁ উল্লেখ কৰে যে মাখন আৰু ঘিত  এতিয়া মাত্ৰ ৫% জি এছ টি আৰোপ কৰা হৈছে , যাৰ ফলত যথেষ্ট সকাহ পোৱা যাব, আনহাতে গাখীৰৰ টেমাতো মাত্ৰ ৫% কৰ আৰোপ কৰা হৈছে, যাৰ ফলত কৃষক আৰু উৎপাদকসকলৰ বাবে উন্নত মূল্য নিশ্চিত কৰাটো সম্ভৱ হৈ পৰিব । ইয়াৰ দ্বাৰা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কম মূল্যত অধিক পুষ্টিৰ নিশ্চয়তা লাভ কৰিব বুলি তেওঁ  উল্লেখ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই সংস্কাৰৰ পৰা খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডই যথেষ্ট লাভাৱান্বিত  হৈছে, এতিয়া ৫% জি এছ টি স্লেবৰ অধীনত খাবলৈ সাজু কৰি ৰখা খাদ্য  আৰু সংৰক্ষিত ফল-মূল, শাক-পাচলি, আৰু বাদাম পোৱা যায় । তেওঁ লগতে কয় যে ৯০%তকৈ অধিক প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী শূন্য বা ৫% কৰ শ্ৰেণীৰ অন্তৰ্গত হৈছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে জৈৱ-কীটনাশক আৰু ক্ষুদ্ৰ পুষ্টিকৰ পদাৰ্থৰ ক্ষেত্ৰত জি এছ টি হ্ৰাস কৰা হৈছে, যাৰ ফলত জৈৱ-ইনপুট অধিক সুলভ হৈ পৰিছে আৰু প্ৰত্যক্ষভাৱে ক্ষুদ্ৰ জৈৱিক কৃষক আৰু এফ পি অ’সমূহ উপকৃত হৈছে।

 

জৈৱ পেকেজিঙক  সময়ৰ চাহিদা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়  যে সামগ্ৰী সতেজ আৰু উচ্চমানৰ কৰি ৰখাটো অতি প্ৰয়োজনীয় যদিও প্ৰকৃতিৰ প্ৰতিও আমাৰ দায়িত্ব পালন কৰাটো সমানেই গুৰুত্বপূৰ্ণ কথা । এই মনোভাৱেৰে চৰকাৰে বায়’ডিগ্ৰেডেবল পেকেজিঙৰ জি এছ টি ১৮%ৰ পৰা ৫%লৈ হ্ৰাস কৰিছে। প্ৰধানমন্ত্ৰীয়ে উদ্যোগৰ সকলো অংশীদাৰক জৈৱ পেকেজিঙৰ সৈতে জড়িত উদ্ভাৱনত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে মুক্ত মনেৰে বিশ্বৰ বাবে নিজৰ দুৱাৰ মুকলি কৰিছে আৰু সমগ্ৰ খাদ্য শৃংখলৰ বিনিয়োগকাৰীৰ বাবে সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য হৈ পৰিছে । তেওঁ সহযোগিতাৰ বাবে ভাৰতৰ প্ৰস্তুতিৰ কথা  পুনৰবাৰ উল্লেখ কৰে। তেওঁ  লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰে।

ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী মহামহিম  দিমিত্ৰী পাত্ৰুশ্বেভে এই অনুষ্ঠানত উপস্থিত থাকে। অন্যান্য বিশিষ্ট ব্যক্তি সকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চিৰাগ পাছোৱান, শ্ৰী ৰৱনীত সিং, শ্ৰী প্ৰতাপৰাও যাধৱ  আদিও অনুষ্ঠানত উপস্থিত থাকে।

 

পৃষ্ঠভূমি

২৫ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে বিশ্ব খাদ্য ভাৰত ২০২৫ৰ সংস্কৰণ। ইয়াত খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ড, খাদ্য বহনক্ষমতা আৰু পুষ্টিকৰ আৰু জৈৱিক খাদ্য উৎপাদনত ভাৰতৰ শক্তি প্ৰদৰ্শন কৰা  হৈছে ।

 

 

বিশ্ব খাদ্য ভাৰত ২০২৫ত  প্ৰধানমন্ত্ৰী মাইক্ৰ’ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ (পিএমএফএমই) আঁচনিৰ অধীনত ২,৫১০ কোটিৰো অধিক মূল্যৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ ক্ষুদ্ৰ প্ৰকল্পৰ বাবে প্ৰায় ২৬,০০০ হিতাধিকাৰীক ৭৭০ কোটি টকাৰো অধিক ঋণ সংযুক্ত সহায় আগবঢ়োৱা হ’ব।

 

বিশ্ব খাদ্য ভাৰত ২০২৫ত মুখ্য কাৰ্যবাহীসকলৰ ঘূৰণীয়া মেজমেল , কাৰিকৰী অধিৱেশন, প্ৰদৰ্শনী, আৰু বি টু বি (ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ), বি টু জি (ব্যৱসায়ৰ পৰা চৰকাৰলৈ), আৰু জি টু জি (চৰকাৰৰ পৰা চৰকাৰলৈ) বৈঠককে ধৰি একাধিক ব্যৱসায়িক পাৰস্পৰিক ক্ৰিয়া-কলাপ অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ উপৰি  ফ্ৰান্স, জাৰ্মানী, ইৰাণ, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, ডেনমাৰ্ক, ইটালী, থাইলেণ্ড, ইণ্ডোনেছিয়া, টাইৱান, বেলজিয়াম, তাঞ্জানিয়া, ইৰিত্ৰিয়া, চাইপ্ৰাছ, আফগানিস্তান, চীন, আৰু আমেৰিকাকে ধৰি ২১খন  দেশৰ লগতে ১৫০ গৰাকী আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীয়ে ইয়াত প্ৰদৰ্শনীত  ভাগ লৈছে।

বিশ্ব খাদ্য ভাৰত ২০২৫-এ গ্ল’বেল ফুড প্ৰচেছিং হাব হিচাপে ভাৰত, খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত বহনক্ষমতা আৰু নেট জিৰ’, খাদ্য প্ৰক্ৰিয়াকৰণৰ সীমাবদ্ধতা, ভাৰতৰ পোহনীয়া জন্তুৰ খাদ্য উদ্যোগ, পুষ্টি আৰু স্বাস্থ্যৰ বাবে প্ৰচেছড খাদ্য, উদ্ভিদভিত্তিক খাদ্য, নিউট্ৰাচিউটিকেলছ, বিশেষ খাদ্য আদিকে ধৰি একাধিক বিষয়ভিত্তিক অধিৱেশন অনুষ্ঠিত কৰিব। ইয়াত ১৪টা পেভিলিয়ন আছে  আৰু প্ৰতিটো পেভিলিয়ন নিৰ্দিষ্ট বিষয়বস্তুৰ বাবে উৎসৰ্গিত কৰা হৈছে।  যিবোৰে প্ৰায় এক লাখ দৰ্শকক আকৰ্ষণ কৰা কৰিছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Care economy, telemedicine key to future health jobs: PM Modi

Media Coverage

Care economy, telemedicine key to future health jobs: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets Central Industrial Security Force on their Raising Day
March 10, 2026

The Prime Minister, Shri Narendra Modi greeted all personnel of the Central Industrial Security Force on their Raising Day, today. “Known for their determination, discipline and dedication, CISF plays a vital role in safeguarding critical infrastructure across the nation. Their unwavering commitment to duty contributes greatly to India’s security and progress”, Shri Modi said.

The Prime Minister posted on X:

“Warm greetings to all personnel of the Central Industrial Security Force on their Raising Day.

Known for their determination, discipline and dedication, CISF plays a vital role in safeguarding critical infrastructure across the nation. Their unwavering commitment to duty contributes greatly to India’s security and progress.”

@CISFHQrs