ভাৰতীয় নৌসেনাৰ জাহাজ আৰু বিশেষ বাহিনীৰ অপাৰেচনেল প্ৰদৰ্শন প্ৰত্যক্ষ
“আমাৰ নৌ-সেনাৰ জোৱানসকলৰ নিষ্ঠাক ভাৰতে প্ৰণাম জনাইছে”
“সিন্ধুদুৰ্গই ভাৰতৰ প্ৰতিজন নাগৰিকৰ মনত গৌৰৱৰ অনুভূতি জগাই তোলে”
“বীৰ ছত্ৰপতি মহাৰাজে শক্তিশালী নৌসেনা বাহিনীৰ গুৰুত্ব অনুধাৱন কৰিছিল”
“নৌসেনাৰ বিষয়াসকলে পৰিধান কৰা নতুন ইপলেটে শিৱাজী মহাৰাজৰ পদাংকক প্ৰতিফলিত কৰিব”
“সশস্ত্ৰ বাহিনীত আমাৰ নাৰী শক্তিৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে আমি অংগীকাৰবদ্ধ”
“ভাৰতৰ নৌসেনাৰ বিজয়, সাহস, জ্ঞান, বিজ্ঞান, দক্ষতা আৰু শক্তিৰ গৌৰৱময় ইতিহাস আছে”
“উপকূলীয় অঞ্চলৰ জনসাধাৰণৰ জীৱনযাত্ৰাৰ অগ্ৰগতি সাধন এক অগ্ৰাধিকাৰ”
“কংকণ অভূতপূৰ্ব সম্ভাৱনাৰ অঞ্চল”
“ঐতিহ্যৰ সংৰক্ষণৰ লগতে উন্নয়নেই আমাৰ এখনি উন্নত ভাৰতৰ পথ”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সিন্ধুদুৰ্গত ‘নৌসেনা দিৱস, ২০২৩’ উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। তেখেতে সিন্ধুদুৰ্গৰ তৰকাৰলী সৈকতত অনুষ্ঠিত কৰা জাহাজ, চাবমেৰিন, বিমানৰ ‘অপাৰেচনেল প্ৰদৰ্শন’ও প্ৰত্যক্ষ কৰে। শ্ৰী মোদীয়ে গাৰ্ড অৱ অনাৰো গ্ৰহণ কৰে।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৪ ডিচেম্বৰৰ ঐতিহাসিক দিনটোত বীৰ শিৱাজী মহাৰাজৰ দৰ্শনীয় প্ৰতিমূৰ্তি উদ্বোধনে ভাৰতৰ প্ৰতিজন নাগৰিকক আবেগ আৰু উৎসাহেৰে ভৰাই তুলিছে। নৌসেনা দিৱস উপলক্ষে শ্ৰী মোদীয়ে শুভেচ্ছা জ্ঞাপনেৰে দেশৰ বাবে প্ৰাণাহুতি দিয়া বীৰসকলক প্ৰণাম জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিজয়ৰ ভূমি সিন্ধুদুৰ্গত নৌসেনা দিৱস উদযাপন কৰাটো সঁচাকৈয়ে এক অভূতপূৰ্ব গৌৰৱৰ মুহূৰ্ত। সকলো ৰাষ্ট্ৰৰ বাবে নৌসেনাৰ সামৰ্থ্যৰ গুৰুত্ব স্বীকাৰৰ ক্ষেত্ৰত শিৱাজী মহাৰাজৰ দূৰদৰ্শিতাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “সিন্ধুদুৰ্গই ভাৰতৰ প্ৰতিজন নাগৰিকৰ মাজত গৌৰৱৰ অনুভূতি জগাই তোলে।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ শক্তিশালী নৌসেনাৰ ৰূপৰেখা অংকন কৰিছিল। কানহোজী আংগ্ৰে, মায়াজী নাইক ভাটকাৰ, হিৰোজী ইণ্ডুলকাৰৰ দৰে যোদ্ধাসকলক প্ৰণাম জনাই তেখেতে কয় যে আজিও তেওঁলোক প্ৰেৰণা যোগাই আহিছে।

 

ছত্ৰপতি শিৱাজী মহাৰাজৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ ভাৰতবৰ্ষই দাসত্বৰ মানসিকতা পৰিত্যাগ কৰি আগবাঢ়িছে। তেখেতে আনন্দ প্ৰকাশেৰে কয় যে নৌসেনাৰ বিষয়াসকলে পিন্ধা ইপলেটসমূহে এতিয়া ছত্ৰপতি শিৱাজী মহাৰাজৰ ঐতিহ্য আৰু উত্তৰাধিকাৰক উজ্জ্বল কৰি তুলিব। নতুন ইপলেটসমূহ নৌসেনাৰ এনচাইনৰ সৈতে সংগতিপূৰ্ণ। যোৱা বছৰ নেভেল এন্সাইন উন্মোচনৰ কথাও তেখেতে স্মৰণ কৰে। নিজৰ ঐতিহ্যক লৈ গৌৰৱৰ অনুভূতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় নৌসেনাই এতিয়া ভাৰতীয় পৰম্পৰাৰে খাপ-খুৱাইছে নিজকে। সশস্ত্ৰ বাহিনীত নাৰী শক্তিক শক্তিশালীকৰণতো গুৰুত্ব আৰোপ কৰা হৈছে। নৌসেনাৰ জাহাজত ভাৰতৰ প্ৰথমগৰাকী মহিলা কামাণ্ডিং অফিচাৰ নিযুক্তিৰ বাবে শ্ৰী মোদীয়ে ভাৰতীয় নৌসেনাক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ডাঙৰ-ডাঙৰ লক্ষ্য নিৰ্ধাৰণেৰে সম্পূৰ্ণ দৃঢ়তাৰে সেই লক্ষ্যত উপনীত হ’বলৈ কাম কৰি থকাৰ ক্ষেত্ৰত ১৪০ কোটি ভাৰতীয়ৰ আস্থা সৰ্বাধিক শক্তি। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বৈচিত্ৰ্যময় ৰাষ্ট্ৰখনৰ জনসাধাৰণক ‘প্ৰথম ৰাষ্ট্ৰ’ৰ মনোভাৱেৰে পৰিচালিত কৰিবলৈ সংকল্প, আৱেগ আৰু আকাংক্ষাৰ ঐক্যৰ ইতিবাচক ফলাফলৰ আভাস দৃশ্যমান হৈছে। “আজি দেশখনে ইতিহাসৰপৰা প্ৰেৰণা লৈ উজ্জ্বল ভৱিষ্যতৰ ৰোডমেপ প্ৰস্তুত কৰাত ব্যস্ত হৈছে। নেতিবাচকতাৰ ৰাজনীতিক পৰাস্তৰে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ অংগীকাৰ কৰিছে ৰাইজে। এই প্ৰতিজ্ঞাই আমাক উন্নত ভাৰতৰ দিশে লৈ যাব”, তেখেতে লগতে কয়।

ভাৰতৰ বৰ্ণাঢ্য ইতিহাস সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া কেৱল দাসত্ব, পৰাজয় আৰু হতাশাৰ বিষয় নহয়, বৰঞ্চ ইয়াত ভাৰতৰ বিজয়, সাহস, জ্ঞান আৰু বিজ্ঞান, কলা আৰু সৃষ্টিশীল দক্ষতা, ভাৰতৰ সামুদ্ৰিক সামৰ্থ্যৰ গৌৰৱময় অধ্যায়সমূহো সন্নিবিষ্ট হৈছে। তেখেতে সিন্দুদুৰ্গৰ উদাহৰণ দাঙি ধৰি ভাৰতৰ সামৰ্থ্যত আলোকপাত কৰে যি প্ৰযুক্তি আৰু সম্পদ নথকা সময়তে নিৰ্মাণ কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চোলা সাম্ৰাজ্যই দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ বাণিজ্য সম্প্ৰসাৰণৰ বাবে ভাৰতৰ সামুদ্ৰিক শক্তিৰ সুবিধা আহৰণ কৰিছিল। ভাৰতৰ সামুদ্ৰিক শক্তি প্ৰথমে বিদেশী শক্তিৰ আক্ৰমণৰ বলি হৈছিল বুলি খেদ প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নাও আৰু জাহাজ নিৰ্মাণৰ বাবে বিখ্যাত ভাৰতে সাগৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল আৰু তাৰ ফলত কৌশলগত-অৰ্থনৈতিক শক্তি হেৰুৱাই পেলাইছিল। ভাৰত উন্নয়নৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে হেৰুৱা গৌৰৱ পুনৰুদ্ধাৰত গুৰুত্ব আৰোপেৰে সুনীল অৰ্থনীতিৰ প্ৰতি চৰকাৰৰ অভূতপূৰ্ব উদ্দীপনাক আলোকপাত কৰে। তেখেতে ‘সাগৰমালা’ৰ অধীনত বন্দৰ-আধাৰিত উন্নয়নৰ কথা উল্লেখেৰে কয় যে ভাৰতে ‘সামুদ্ৰিক দৃষ্টিভংগী’ৰ অধীনত নিজৰ মহাসাগৰসমূহৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰৰ দিশত আগবাঢ়িছে। তেখেতে জনোৱা মতে, চৰকাৰে ব্যৱসায়িক জাহাজ চলোৱাৰ বাবে নতুন নিয়ম প্ৰণয়ন কৰিছে, যাৰ ফলত ভাৰতত যোৱা ৯ বছৰত নাৱিকৰ সংখ্যা ১৪০ শতাংশৰো অধিক বৃদ্ধি পাইছে।

 

বৰ্তমান সময়ৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এয়া ভাৰতৰ ইতিহাসৰ সেই সময়ছোৱা, যিয়ে কেৱল ৫-১০ বছৰৰ নহয়, আগন্তুক শতিকাবোৰৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ আগবাঢ়িছে।” তেখেতে জনায় যে যোৱা ১০ বছৰত ভাৰত দশম স্থানৰপৰা ৫ম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হৈছে আৰু দ্ৰুতগতিত ৩য় স্থানৰ দিশে আগবাঢ়িছে। “বিশ্বই ভাৰতৰ মাজত ‘বিশ্ব মিত্ৰ (বিশ্বৰ বন্ধু) বৈশিষ্ট্য দেখিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে আৰু কয় যে ভাৰত মধ্যপ্ৰাচ্য ইউৰোপীয় কৰিডৰৰ দৰে ব্যৱস্থাই এটি নতুন যুগৰ সূচনা কৰিব। তেখেতে মেড ইন ইণ্ডিয়াৰ শক্তিৰ কথাও উল্লেখেৰে তেজছ, কিষাণ ড্ৰোন, ইউপিআই ব্যৱস্থা আৰু চন্দ্ৰযান-৩ৰ কথা কয়। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা, আইএনএছ বিক্ৰান্তৰ অৱলোকন কৰে।

উপকূলীয় আৰু সীমান্তৱৰ্তী গাঁওসমূহক শেষ গাঁওৰ পৰিৱৰ্তে প্ৰথম গাঁও হিচাপে গণ্যৰ চৰকাৰৰ পন্থা পুনৰবাৰ উল্লেখেৰে শ্ৰী মোদীয়ে কয়, “আজি উপকূলীয় অঞ্চলত বসবাস কৰা প্ৰতিটো পৰিয়ালৰ জীৱন উন্নত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰ।” ২০১৯ত পৃথক মীন মন্ত্ৰালয় গঠন আৰু এই খণ্ডত ৪০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা উল্লেখ কৰে। তেখেতে জনোৱা মতে, ২০১৪ৰ পাছত মীন উৎপাদন ৮ শতাংশ আৰু ৰপ্তানি ১১০ শতাংশ বৃদ্ধি পাইছে। তদুপৰি কৃষকসকলৰ বীমা কভাৰ ২ ৰপৰা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা লাভ কৰিছে।

মীন খণ্ডৰ মূল্য শৃংখল উন্নয়ন সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাগৰমালা আঁচনিখনে উপকূলীয় অঞ্চলসমূহত আধুনিক সংযোগ শক্তিশালী কৰি তুলিছে। ইয়াৰ বাবে লাখ-লাখ কোটি টকা ব্যয় কৰা হৈছে। সাগৰীয় খাদ্য সংসাধন সম্পৰ্কীয় উদ্যোগ আৰু মাছ ধৰা নাওসমূহৰ আধুনিকীকৰণৰ কামো কৰা হৈছে। 

“কংকণ অভূতপূৰ্ব সম্ভাৱনাৰ অঞ্চল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। অঞ্চলটোৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক আলোকপাত্ৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সিন্ধুদুৰ্গ, ৰত্নগিৰি, আলিবাগ, পৰভানী আৰু ধৰাশিৱত চিকিৎসা মহাবিদ্যালয় উদ্বোধন, চিপি বিমানবন্দৰৰ পৰিচালনা আৰু দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত কাজু খেতিয়কসকলৰ বাবে প্ৰস্তুত কৰা বিশেষ আঁচনিৰ কথাও উল্লেখ কৰে। তেখেতে আলোকপাত কৰে যে চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে সাগৰৰ পাৰত অৱস্থিত আৱাসিক অঞ্চলসমূহক সুৰক্ষিত কৰা। এই প্ৰচেষ্টাত তেখেতে মেংগ্ৰোভৰ পৰিসৰ বৃদ্ধিত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা মতে, মালভান, আচৰা-ৰত্নগিৰি আৰু দেৱগড়-বিজয়দুৰ্গকে ধৰি মহাৰাষ্ট্ৰৰ বহু স্থান মেংগ্ৰোভ ব্যৱস্থাপনাৰ বাবে বাছনি কৰা হৈছে।

“ঐতিহ্যৰ লগতে উন্নয়ন, এয়াই আমাৰ উন্নত ভাৰতৰ পথ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কৰে। কংকণকে ধৰি সমগ্ৰ মহাৰাষ্ট্ৰৰ এই ঐতিহ্যসমূহৰ সংৰক্ষণৰ বাবে শ-শ কোটি টকা ব্যয় কৰাৰ সময়তে ছত্ৰপতি বীৰ শিৱাজী মহাৰাজৰ সময়ছোৱাত নিৰ্মিত দুৰ্গসমূহ সংৰক্ষণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইয়াৰদ্বাৰা অঞ্চলটোত পৰ্যটনো বৃদ্ধি পাব তথা নতুন কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ সুবিধাও সৃষ্টি হ’ব।

 

সম্বোধনৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লীৰ বাহিৰত সশস্ত্ৰ বাহিনী দিৱস যেনেঃ সেনা দিৱস, নৌসেনা দিৱস আদি অনুষ্ঠিতকৰণৰ নতুন পৰম্পৰাৰ কথা উল্লেখ কৰে। কিয়নো ইয়াৰ ফলত সমগ্ৰ ভাৰতলৈ এই অনুষ্ঠান বিস্তাৰিত হৈছে আৰু নতুন ঠাইবোৰে নতুন মনোযোগ আকৰ্ষণ কৰিছে।  

এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিণ্ডে, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী নাৰায়ণ ৰাণে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাদনবিছ, নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

পটভূমি

প্ৰতি বছৰে ৪ ডিচেম্বৰত নৌসেনা দিৱস পালন কৰা হয়। সিন্ধুদুৰ্গত ‘নৌসেনা দিৱস, ২০২৩’ উদযাপনৰ জৰিয়তে ছত্ৰপতি শিৱাজী মহাৰাজক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

প্ৰতি বছৰে নৌসেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাৰ জাহাজ, চাবমেৰিন, বিমানৰ ‘অপাৰেচনেল প্ৰদৰ্শন’ৰ আয়োজনৰ পৰম্পৰা অব্যাহত আছে। এই ‘অপাৰেচনেল প্ৰদৰ্শনে’ ভাৰতীয় নৌসেনাই গ্ৰহণ কৰা বহু-ডমেইন অভিযানৰ ভিন্ন দিশক প্ৰতিফলিত কৰিছে। ইয়াত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত নৌসেনাৰ অৱদানত আলোকপাত কৰা হৈছে আৰু লগতে নাগৰিকসকলৰ মাজত সামুদ্ৰিক সচেতনতাৰ আগজাননী দিয়া হৈছে।

 

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"