এচপিৰেচনেল ব্লক প্ৰগ্ৰেম পৰ্টেল আৰম্ভ
“মোৰ বাবে এই সমাৱেশ জি-২০তকৈ কম নহয়”
“এই কাৰ্য্যসূচী টীম ভাৰতৰ সফলতা আৰু সবকা প্ৰয়াসৰ মনোভাৱৰ প্ৰতীক”
“স্বাধীন ভাৰতৰ শীৰ্ষ ১০টা কাৰ্য্যসূচীৰ সকলো তালিকাতে আকাংক্ষী জিলা কাৰ্য্যসূচীয়ে এক বিশিষ্ট স্থান অধিকাৰ কৰিব”
“আকাংক্ষী জিলা কাৰ্য্যসূচীৰ অগ্ৰগতিৰ তালিকা মোৰ বাবে প্ৰেৰণা হৈ পৰিছে”
“উন্নয়নৰ ভিত্তি হৈছে সম্পদৰ অনুকূল ব্যৱহাৰ আৰু অভিসৰণ”
প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩ জন ব্লক পৰ্য্যায়ৰ বিষয়াৰ সৈতে মত-বিনিময়ো কৰে।
শিক্ষকসকলৰ নিষ্ঠা আৰু জড়িততাই তেওঁক আপ্লুত কৰা বুলিও কয়। এয়াই হৈছে ‘সমৰ্পণেই সিদ্ধি’ৰ পথ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আকাংক্ষী ব্লক আৰু জিলা কাৰ্য্যসূচীত গ্ৰাম পঞ্চায়তৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে আঁচনিখন অভূতপূৰ্ব হোৱাৰ বাবেই নহয়, ইয়াৰ দিশত কাম কৰা লোকসকল অসাধাৰণ হোৱাৰ বাবেই আকাংক্ষী ব্লক কাৰ্য্যসূচীয়ে বৃহৎ সফলতা লাভ কৰাটো নিশ্চিত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘সংকল্প সপ্তাহ’ নামেৰে দেশৰ আকাংক্ষী ব্লকসমূহৰ বাবে এক অনন্য সপ্তাহজোৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। তেখেতে এচপিৰেচনেল ব্লক প্ৰগ্ৰেম পৰ্টেল মুকলিৰ লগতে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনী উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩ জন ব্লক পৰ্য্যায়ৰ বিষয়াৰ সৈতে মত-বিনিময়ো কৰে।

 

উত্তৰ প্ৰদেশৰ বাৰেলীস্থিত বাহেৰীৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীমতী ৰঞ্জনা আগৰৱালাৰ সৈতে মত-বিনিময়েৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ব্লকত আয়োজিত চিন্তন শিৱিৰৰ আটাইতকৈ প্ৰভাৱশালী ধাৰণাটো সম্পৰ্কে সোধে। শ্ৰীমতী ৰঞ্জনা আগৰৱালাই ব্লকটোৰ সৰ্বাংগীন উন্নয়ন কাৰ্য্যসূচীৰ কথা উল্লেখেৰে চৰকাৰী আঁচনিসমূহক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ সকলো অংশীদাৰে একেখন মঞ্চতে উপৱিষ্ট হোৱাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। বিদ্যালয়সমূহৰ শিক্ষাৰ ফলাফল উন্নত কৰিবলৈ সাধন কৰা পৰিৱৰ্তন সম্পৰ্কেও প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লয়। শ্ৰীমতী আগৰৱালাই পৰম্পৰাগত পাঠদান পদ্ধতিৰ পৰিৱৰ্তে কাৰ্য্যকলাপ ভিত্তিক শিক্ষণৰ পথ বাছি লোৱাৰ কথা উল্লেখেৰে সভাৰ আয়োজন, সংগীতৰ শ্ৰেণী, ক্ৰীড়া আৰু শাৰীৰিক প্ৰশিক্ষণ আদিৰ উদাহৰণ দাঙি ধৰে। তেখেতে স্মাৰ্ট শ্ৰেণীকোঠা আৰু শিক্ষাৰ মান উন্নত কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰৰ কথাও উল্লেখ কৰে। তেওঁৰ জিলাৰ ২,৫০০খন বিদ্যালয়ৰ সকলোবোৰতে স্মাৰ্ট শ্ৰেণীকোঠাৰ উপলব্ধতাৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত ভাৰতৰ অন্যতম প্ৰাথমিক চৰ্ত হ’ল শিশুসকলৰ গুণগত শিক্ষা। শিক্ষকসকলৰ নিষ্ঠা আৰু জড়িততাই তেওঁক আপ্লুত কৰা বুলিও কয়। এয়াই হৈছে ‘সমৰ্পণেই সিদ্ধি’ৰ পথ।

জম্মু আৰু কাশ্মীৰৰ পুঞ্চস্থিত মানকোটেৰ পশু চিকিৎসা, সহকাৰী অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ ছাজিদ আহমেদে প্ৰব্ৰজনকাৰী জনজাতীয় পশুপালকসকলৰ সমস্যাৰ বিষয়ে ব্যাখ্যা কৰে আৰু প্ৰব্ৰজনৰ সময়ত সমস্যা আৰু ক্ষতি সীমিত কৰাৰ উপায়ৰ বিষয়ে কয়। তেওঁৰ ব্যক্তিগত অভিজ্ঞতা প্ৰধানমন্ত্ৰীগৰাকীক জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰেণীকোঠাৰ জ্ঞান আৰু অভিজ্ঞতাৰ পাৰ্থক্যৰ বিষয়ে সোধে। প্ৰধানমন্ত্ৰীগৰাকীক ভৰি আৰু মুখৰ ৰোগৰ প্ৰতিষেধক অভিযানৰ বিষয়ে অৱগত কৰাৰ লগতে অঞ্চলটোত ভেকচিনৰ ব্যাপক গ্ৰহণৰ বিষয়েও তেখেতক জনোৱা হয়।

 

মেঘালয়ৰ উত্তৰ গাৰো পাৰ্বত্য অঞ্চলৰ ৰেছুবেলপাৰাৰ কনিষ্ঠ গ্ৰামোন্নয়ন বিষয়া শ্ৰী মাইকেহেনচাৰ্ড চন্দ্ৰ মমিনৰ সৈতে মত-বিনিময়ৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে অঞ্চলটোয়ে বতৰৰ বাবে সন্মুখীন হোৱা অসুবিধাৰ সমাধানৰ বিষয়ে বুজ লয়। শ্ৰী মমিনে অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰিবলৈ প্ৰাৰম্ভিক আদেশ জাৰিৰ লগতে অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ এটা দল গঠনৰ কথা উল্লেখ কৰে। জীৱন-যাপনৰ সহজতাৰ অগ্ৰগতি সাধনৰ বাবে পিএম-আৱাস (গ্ৰামীণ)ৰ আঞ্চলিক ডিজাইন আৰু গৰাকী-চালিত নিৰ্মাণ ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত উৎপাদনৰ মানদণ্ডৰ পৰিৱৰ্তনৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত উৎপাদিত কাজুৰ উৎপাদন আৰু বিপণনৰ বিষয়ে সোধাত শ্ৰী মমিনে অঞ্চলটোত উৎপাদিত কাজু সমগ্ৰ দেশতে প্ৰচলিত বুলি কয় আৰু ইয়াৰ উৎপাদন বৃদ্ধি কৰিবলৈ এমজিএনৰেগা আৰু আত্মসহায়ক গোটৰ সহায় লোৱাৰ কথা উল্লেখ কৰে। শ্ৰী মমিনে প্ৰধানমন্ত্ৰীগৰাকীক অঞ্চলটোত অধিক কাজু প্ৰক্ৰিয়াকৰণ ইউনিট স্থাপন কৰিবলৈয়ো আহ্বান জনায়। শ্ৰী মোদীয়ে সজাগতা বৃদ্ধিৰ বাবে অঞ্চলটোত সংগীতৰ জনপ্ৰিয়তাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আকাংক্ষী ব্লক আৰু জিলা কাৰ্য্যসূচীত গ্ৰাম পঞ্চায়তৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।

 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সভাস্থলী-ভাৰত মণ্ডপম আৰু সমাৱেশ-সুদূৰ অঞ্চলৰ উন্নয়নৰ আলোচনাৰ কথা উল্লেখ কৰে। জি-২০ সন্মিলনৰ স্থানত এনে এক সমাৱেশ অনুষ্ঠিত হোৱাটো চৰকাৰৰ চিন্তাৰ ফলশ্ৰুতি, য’ত বিশ্বৰ কাম-কাজৰ দিশ নিৰ্ণয় কৰা লোকসকলে মাত্ৰ এমাহ পূৰ্বে একত্ৰিত হৈছিল বুলিও তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিৱৰ্তন সাধনকাৰীসকলক আদৰণি জনায়। “মোৰ বাবে এই সমাৱেশ জি-২০তকৈ কম নহয়”, শ্ৰী মোদীয়ে কয়।

তেখেতে কয় যে এই কাৰ্য্যসূচী টীম ভাৰতৰ সফলতা আৰু সবকা প্ৰয়াসৰ মনোভাৱৰ প্ৰতীক। এই কাৰ্য্যসূচী ভাৰতৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ আৰু ‘সংকল্পই সিদ্ধি’ ইয়াৰ অন্তৰ্নিহিত মনোভাৱ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “স্বাধীন ভাৰতৰ শীৰ্ষ ১০ কাৰ্য্যসূচীৰ সকলো তালিকাতে আকাংক্ষী জিলা কাৰ্য্যসূচী বিশেষ হৈ ৰ’ব।” আকাংক্ষী জিলা কাৰ্য্যসূচীয়ে ১১২খন জিলাৰ প্ৰায় ২৫ কোটি লোকৰ জীৱন ৰূপান্তৰিত কৰিছে বুলিও তেখেতে কয়। এই কাৰ্য্যসূচীৰ সফলতাই আকাংক্ষী ব্লক কাৰ্য্যসূচীৰ ভিত্তি হৈ পৰিছে বুলিও তেখেতে ব্যক্তকৰণেৰে এই কাৰ্য্যসূচীৰ বাবে বৈশ্বিক প্ৰশংসা লাভৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে আঁচনিখন অভূতপূৰ্ব হোৱাৰ বাবেই নহয়, ইয়াৰ দিশত কাম কৰা লোকসকল অসাধাৰণ হোৱাৰ বাবেই আকাংক্ষী ব্লক কাৰ্য্যসূচীয়ে বৃহৎ সফলতা লাভ কৰাটো নিশ্চিত।

 

কিছু সময়ৰ পূৰ্বে ৩ ব্লক পৰ্য্যায়ৰ বিষয়াৰ সৈতে হোৱা মত-বিনিময়ৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্য্যায়ত কাম কৰাসকলৰ মনোবলৰ সাক্ষী হোৱাৰ পিছত তেখেতৰ আত্মবিশ্বাস বহুগুণ বৃদ্ধি পাইছে বুলি কয়। শ্ৰী মোদীয়ে তৃণমূল পৰ্য্যায়ৰ বিষয়াসকলৰ সৈতে টীম হিচাপে কাম কৰাত গুৰুত্ব আৰোপ কৰে আৰু সময়ৰ আগতেই কাৰ্য্যসূচীৰ লক্ষ্য পূৰণ হ’ব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁলোকৰ দক্ষতা পৰীক্ষা কৰিব বিচৰাৰ বাবেই নহয়, তৃণমূল পৰ্য্যায়ৰ সফলতাই তেখেতক অক্লান্তভাৱে কাম কৰিবলৈ অধিক শক্তি আৰু উৎসাহ প্ৰদানৰ বাবেই এই কাৰ্য্যসূচী তেখেতৰদ্বাৰা নিখুঁতভাৱে নিৰীক্ষণ কৰা হ’ব। “আকাংক্ষী জিলা কাৰ্য্যসূচীৰ অগ্ৰগতিৰ তালিকা মোৰ বাবে প্ৰেৰণা হৈ পৰিছে”, তেখেতে লগতে কয়।

আকাংক্ষী জিলা কাৰ্য্যসূচীৰ ৫ বছৰ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্য্যসূচীৰ তৃতীয় পক্ষৰ মূল্যায়নক লৈ আনন্দ প্ৰকাশ কৰে। কাৰ্য্যসূচীৰ সহজ কৌশলৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়াই হৈছে শাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানমূলক কাম-কাজ পূৰণৰ শিক্ষা। সামগ্ৰিক উন্নয়নৰ গুৰুত্বত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ সকলো অংশ আৰু অঞ্চলৰ যত্ন লোৱা উচিত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে উপস্থিত থকা বিভাগসমূহৰ সচিবসকলক দুটা নতুন দিশত কাম কৰিবলৈ আহ্বান জনায় - প্ৰতিখন ৰাজ্যৰ দ্ৰুত উন্নয়ন সাধন আৰু পিছপৰা জিলাসমূহৰ সৈতে হাতে-হাত ধৰা। দেশৰ নিজ-নিজ বিভাগত পিছ পৰি থকা ১০০টা ব্লক চিনাক্ত কৰি পৰিস্থিতি উন্নত কৰাৰ দিশত কাম কৰিবলৈ কয়। তেখেতে কয় যে চিনাক্ত কৰা ১০০টা ব্লক দেশৰ গড়ৰ ওপৰলৈ গ’লে উন্নয়নৰ সকলো পৰিমাপ সলনি হ’ব। তেখেতে কেন্দ্ৰৰপৰা সকলো বিভাগে যিবোৰ ব্লকত উন্নয়ন সাধনৰ আৱশ্যকতা আছে, সেইসমূহৰ উন্নয়ন সাধনত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়ে। ৰাজ্য চৰকাৰৰ ভূমিকাক আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১০০খন অতি পিছপৰা গাঁও চিনাক্ত কৰি সেইসমূহৰ উন্নতিৰ বাবে এটা আৰ্হি তৈয়াৰ কৰাৰ পৰামৰ্শ আগবঢ়ায় যাৰ অনুসৰণেৰে পৰৱৰ্তী ১০০০খন গাঁওৰ উন্নয়ন সাধন কৰিব পৰা যাব।

 

২০৪৭ৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ পণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উন্নত হোৱা মানে উন্নত মেট্ৰ’ চহৰ আৰু পিছপৰা গাঁও নহয়। “আমি সেই আৰ্হি অনুসৰণ নকৰো, আমি ১৪০ কোটি লোকক লৈ আগবাঢ়িব বিচাৰো”, তেখেতে কয়। তেখেতে আকাংক্ষিত জিলা কাৰ্য্যসূচীৰ সময়ত জিলাসমূহৰ মাজত হোৱা সুস্থ প্ৰতিযোগিতাৰ কথা উল্লেখ কৰি গুজৰাটৰ কচ্ছ জিলাৰ উদাহৰণ দাঙি ধৰে যিখন জিলাক এসময়ত বিষয়াৰ শাস্তিমূলক পদবীৰ স্থান হিচাপে গণ্য কৰা হৈছিল যদিও বৰ্তমান পদত অধিষ্ঠিত হোৱা বিষয়াসকলৰ নিষ্ঠা আৰু অধ্যৱসায়ত আটাইতকৈ সন্মানীয় স্থানত পৰিণত হৈছে। দেশৰ আকাংক্ষী জিলাসমূহত চলি থকা উন্নয়নৰ বাবে তেখেতে যুৱ-বিষয়াসকলক কৃতিত্ব প্ৰদান কৰে। আকাংক্ষী ব্লক কাৰ্য্যসূচীৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰক ব্লক পৰ্য্যায়ত সফল হোৱাসকলক পদোন্নতি দি যুৱ বিষয়াসকলক উৎসাহিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বাজেট কেৱল আউটপুট অৰিয়েন্টেচনৰপৰা ফলাফললৈ স্থানান্তৰিত হোৱাৰ কথাও কয়। ইয়াৰ ফলত গুণগত পৰিৱৰ্তন সাধন হৈছে বুলিও তেখেতে কয়। শাসন-কাৰ্য্যৰ বিশাল অভিজ্ঞতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাজেটেই পৰিৱৰ্তনৰ একমাত্ৰ কাৰক নহয়। তেখেত বাজেট অবিহনে উন্নয়নৰ ভিত্তি হিচাপে সম্পদৰ অনুকূল ব্যৱহাৰ আৰু অভিসৰণৰ ওপৰত আলোকপাত কৰে। তেখেতে কয় যে আঁচনিৰ অভিসৰণ আৰু পৰিপূৰকতাৰ লাভ উঠাব লাগে।

প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ ওপৰত নিৰ্ভৰশীলতাৰ মানসিকতাৰ পৰা ওলাই অহাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহান কাম সম্পন্ন কৰিবলৈ সমাজৰ শক্তিৰ ওপৰত আলোকপাত কৰে। ‘জন ভাগিদাৰী’ৰ প্রয়োজনীয়তা সন্দর্ভত ভাষণ দি প্রধানমন্ত্রীগৰাকীয়ে প্রতিটো ক্ষেত্রতে এজন নেতাৰ প্রয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেখেতে ‘সংকল্প সপ্তাহ’ কাৰ্য্যসূচীত দলীয় মনোভাৱৰ সঞ্চিত হোৱা দিশটোৰ ওপৰত আলোকপাত কৰে যিয়ে জন ভাগিদাৰীৰ বাবে নেতা আৰু নতুন ধাৰণাৰ উত্থান ঘটাব। প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত সমাজে ইজনে-সিজনক সহায় কৰিবলৈ একত্ৰিত হোৱাৰ উদাহৰণ দিয়ে। জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱক প্ৰৰোচিত কৰিবলৈ ব্লক-পৰ্য্যায়ত সামূহিকভাৱে কাম কৰাৰ কথাও তেখেতে উল্লেখ কৰে আৰু অপুষ্টি দূৰ কৰিবলৈ আঞ্চলিক প্ৰতিষ্ঠানসমূহৰ বৰ্ষপূৰ্তি উদযাপন কৰা আৰু এনে অনুষ্ঠানত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক খাদ্য বিতৰণ কৰাৰ উদাহৰণ দাঙি ধৰে। “জন ভাগিদাৰী বা জনতাৰ অংশগ্ৰহণৰ সমস্যা সমাধান বিচাৰি উলিওৱাত প্ৰচণ্ড সম্ভাৱনা আছে”, শ্ৰী মোদীয়ে কয়।

 

একেদৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ বৃদ্ধি পোৱা বিশ্বব্যাপী প্ৰফাইলত প্ৰবাসীসকলৰ ভূমিকা সম্পৰ্কে বিশদভাৱে উল্লেখ কৰি সামাজিক অংশগ্ৰহণৰ শক্তিৰ উদাহৰণ দাঙি ধৰে কাৰণ তেওঁলোকৰ সক্ৰিয়তাই চৰকাৰৰ কূটনৈতিক প্ৰচেষ্টাক সমৰ্থন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিসকলক সংকল্প সপ্তাহৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈ কয়। তেখেতে তেওঁলোকক সম্পদসমূহ একত্ৰিত কৰিবলৈ আৰু সৰ্বাধিক প্ৰভাৱৰ বাবে প্ৰচেষ্টা কেন্দ্ৰীভূত কৰিবলৈ কয়। যোগাযোগৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকাক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শাৰীৰিক উপস্থিতিৰ কোনো বিকল্প নাই আৰু তাৰ সৈতে আমি আপোচ কৰা উচিত নহয় কাৰণ আমি তালৈ যাওঁতে ঠাইখনৰ শক্তিৰ বিষয়ে জানিব পাৰো। তেখেতে কয় যে ‘সংকল্প সপ্তাহ’ৰ সময়ত সহকৰ্মীসকলৰ সৈতে এসপ্তাহ বহি থাকিলে তেওঁলোকে ইজনে সিজনৰ শক্তি আৰু প্ৰয়োজনীয়তাৰ প্ৰতি সচেতন হ’ব আৰু দলীয় মনোভাৱৰ উন্নতি সাধন ঘটিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিসকলক ৫টা পেৰামিটাৰত গুৰুত্ব দি ভাল ফলাফল অৰ্জন কৰিবলৈ কয়। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। ক্ৰমান্বয়ে সমস্যাৰ সমাধানৰ লগে-লগে ব্লকটো আনৰ বাবে আকাংক্ষাৰ উৎস হৈ পৰিব বুলিও তেখেতে কয়। “মই নিশ্চিত যে এবছৰৰ ভিতৰত কমেও ১০০টা আকাংক্ষী ব্লক প্ৰেৰণাদায়ক ব্লকত পৰিণত হ’ব”, তেখেতে শেষত কয়।

 

এই কাৰ্য্যসূচীত নিটি আয়োগৰ উপাধ্যক্ষ শ্ৰী সুমন বেৰী আৰু আন-আন গণ্য-মান্য লোকসকল উপস্থিত থাকে।

ভূমি

‘সংকল্প সপ্তাহ’ আকাংক্ষী ব্লক কাৰ্য্যসূচী (ABP)ৰ ফলপ্ৰসূ ৰূপায়ণৰ সৈতে সম্পৰ্কীয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৩ৰ ৭ জানুৱাৰীত দেশজোৰা এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিছিল। নাগৰিকসকলৰ জীৱনৰ মান বৃদ্ধিৰ অৰ্থে ব্লক পৰ্য্যায়ত শাসন ব্যৱস্থাৰ উন্নতি সাধনেই হৈছে ইয়াৰ লক্ষ্য। দেশৰ ৩২৯খন জিলাৰ ৫০০টা আকাংক্ষী ব্লকত ইয়াক ৰূপায়ণ কৰা হৈছে। আকাংক্ষী ব্লক কাৰ্য্যসূচী ৰূপায়ণ আৰু ফলপ্ৰসূ ব্লক উন্নয়ন কৌশল প্ৰস্তুত কৰিবলৈ সমগ্ৰ দেশৰ গাঁও আৰু ব্লক পৰ্য্যায়ত চিন্তন শিৱিৰৰ আয়োজন কৰা হৈছিল। ‘সংকল্প সপ্তাহ’ এই চিন্তন শিবিৰৰ চূড়ান্ত ৰূপ।

৫০০টা আকাংক্ষী ব্লকৰ সকলোতে ‘সংকল্প সপ্তাহ’ পালন কৰা হ’ব। ‘সংকল্প সপ্তাহ’ৰ প্ৰতিটো দিনকে, ৩ অক্টোবৰৰপৰা ৯ অক্টোবৰ ২০২৩লৈকে এটা নিৰ্দিষ্ট উন্নয়নমূলক বিষয়বস্তুৰ প্ৰতি উৎসৰ্গিত কৰা হৈছে যাৰ আধাৰত সকলো আকাংক্ষী ব্লকে কাম কৰিব। প্ৰথম ছয় দিনৰ থিমসমূহৰ ভিতৰত আছে ‘সম্পূৰ্ণ স্বাস্থ্য’, ‘সু-পুষ্টিসম্পন্ন পৰিবাৰ’, ‘স্বচ্ছতা’, ‘কৃষি’, ‘শিক্ষা’, আৰু ‘সমৃদ্ধি দিৱস’। সপ্তাহৰ শেষ দিন অৰ্থাৎ ২০২৩ৰ ৯ অক্টোবৰত গোটেই সপ্তাহটোত হাতত লোৱা কামৰ উদযাপন কৰা হ’ব, ‘সংকল্প সপ্তাহ – সমাৱেশ সমাৰোহ’ হিচাপে।

উন্মোচনী কাৰ্য্যসূচীত ভাৰত মণ্ডপমত দেশৰ ভিন্ন প্ৰান্তৰপৰা প্ৰায় ৩,০০০ পঞ্চায়ত আৰু ব্লক পৰ্য্যায়ৰ জনপ্ৰতিনিধি আৰু কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও, ব্লক আৰু পঞ্চায়ত পৰ্য্যায়ৰ কৰ্মী, কৃষক আৰু আন-আন শ্ৰেণীৰ ব্যক্তিসকলকে প্ৰমুখ্য কৰি প্ৰায় দুই লাখ লোকে ভাৰ্চুৱেলভাৱে এই কাৰ্য্যসূচীত যোগদান কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse

Media Coverage

How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Speaks with King of Jordan
March 19, 2026
PM Conveys advance Eid Wishes and emphasizes need for dialogue and diplomacy in West Asia

Prime Minister Shri Narendra Modi held a telephonic conversation with His Majesty King Abdullah II, the King of Jordan, to exchange festive greetings and discuss the evolving security situation in the region.

The Prime Minister spoke with His Majesty King Abdullah II and conveyed advance Eid wishes. During the discussion, both leaders expressed concern at the evolving situation in West Asia and highlighted the need for dialogue and diplomacy for the early restoration of peace, security, and stability in the region.

The Prime Minister remarked that attacks on energy infrastructure in West Asia are condemnable and can lead to avoidable escalation. Shri Modi affirmed that India and Jordan stand in support of unhindered transit of goods and energy. The Prime Minister further expressed deep appreciation for Jordan’s efforts in facilitating the safe return of Indians stranded in the region.

The Prime Minister wrote on X:

"Conveyed advance Eid wishes to my brother, His Majesty King Abdullah II, the King of Jordan, over phone.We expressed concern at the evolving situation in West Asia and highlighted the need for dialogue and diplomacy for the early restoration of peace, security and stability in the region. Attacks on energy infrastructure in West Asia are condemnable and can lead to avoidable escalation.India and Jordan stand in support of unhindered transit of goods and energy.Deeply appreciated Jordan’s efforts in facilitating the safe return of Indians stranded in the region."