প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ তিনিটা প্ৰতিষ্ঠিত স্থান- ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ভ্ৰমণ কৰা অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেট সহকৰ্মীসকলক প্ৰশংসা কৰে।
ৰাজ্যপালৰ টুইটৰ উত্তৰত শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে:
"অসমৰ ৰাজ্যপাল @Gulab_kataria জী, মুখ্যমন্ত্ৰী @himantabiswa জী আৰু অসম চৰকাৰৰ মন্ত্ৰীসকলে দিল্লীৰ তিনিটা প্ৰতিষ্ঠিত স্থান- ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ভ্ৰমণ কৰাটো এক প্ৰশংসনীয় কাম।"
A great gesture by the Assam Governor @Gulab_kataria Ji, CM @himantabiswa Ji and Ministers of the Assam Government to visit three iconic places in Delhi- the National War Memorial, National Police Memorial and PM Sangrahalaya. https://t.co/HF5ab8aiXm
— Narendra Modi (@narendramodi) March 19, 2023


