মহামহিম, প্ৰধানমন্ত্ৰী ডোনাল্ড টাস্ক,


দুয়োখন দেশৰ প্ৰতিনিধিসকল

 
সংবাদ মাধ্যমৰ বন্ধুসকল,


নমস্কাৰ।

মোহনীয়া ৱাৰশ্ব চহৰত উষ্ম আদৰণি, নিখুঁত আতিথ্য আৰু বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী টাস্কলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বহুদিন ধৰি ভাৰতৰ এগৰাকী পৰম বন্ধু হৈ আহিছে। ভাৰত আৰু পোলেণ্ডৰ মাজৰ বন্ধুত্ব সুদৃঢ়কৰণত আপুনি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

 

বন্ধুসকল,

 

ভাৰত আৰু পোলেণ্ডৰ সম্পৰ্কৰ পৰিক্ৰমাত আজি দিনটোৰ এক বিশেষ তাৎপৰ্য্য আছে। আজি পঞ্চল্লিশ বছৰৰ পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণ কৰিছে। তৃতীয় কাৰ্য্যকালৰ আৰম্ভণিতে মোৰ এই সৌভাগ্য হৈছে। এই উপলক্ষে পোলেণ্ডৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি মোৰ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ২০২২ত ইউক্ৰেইনৰ সংঘাতত আবদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰৰ ক্ষেত্ৰত আপুনি যি উদাৰতা দেখুৱাইছিল, সেয়া আমি ভাৰতীয়সকলে কেতিয়াও পাহৰিব নোৱাৰোঁ।

 

বন্ধুসকল,

 

এইবাৰ আমি আমাৰ কূটনৈতিক সম্পৰ্কৰ সত্তৰ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ। এই উপলক্ষে আমি আমাৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ ৰূপান্তৰিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভাৰত আৰু পোলেণ্ডৰ মাজৰ সম্পৰ্ক গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে সহভাজিত প্ৰমূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আজি আমি আমাৰ সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছোঁ। দুখন গণতান্ত্ৰিক দেশ হিচাপে আমি আমাৰ সংসদৰ মাজত আদান-প্ৰদানক উৎসাহিত কৰা উচিত। অৰ্থনৈতিক সহযোগিতাক এক ব্যাপক ৰূপ প্ৰদান কৰিবলৈ ব্যক্তিগত খণ্ডক সংযোগ কৰাৰ প্ৰয়াস কৰা হ’ব। খাদ্য সংসাধনৰ ক্ষেত্ৰত পোলেণ্ড বিশ্বৰ আগশাৰীৰ দেশসমূহৰ অন্যতম। আমি বিচাৰোঁ যে ভাৰতত স্থাপিত মেগা ফুড পাৰ্কত পোলেণ্ডৰ কোম্পানীসমূহে যোগদান কৰক। ভাৰতত অব্যাহত দ্ৰুত নগৰীকৰণে জল পৰিশোধন, গোটা আৱৰ্জনা ব্যৱস্থাপনা, নগৰ আন্তঃগাঁথনি আদি ক্ষেত্ৰত আমাৰ সহযোগিতাৰ বাবে নতুন সুযোগ মুকলি কৰিছে। স্বচ্ছ কয়লা প্ৰযুক্তি, সেউজ হাইড্ৰজেন, নবীকৰণযোগ্য শক্তি, কৃত্ৰিম বুদ্ধিমত্তাও আমাৰ উমৈহতীয়া অগ্ৰাধিকাৰৰ বিষয়। আমি পোলেণ্ডৰ কোম্পানীসমূহক মেক ইন ইণ্ডিয়াত যোগদানেৰে বিশ্বৰ বাবে গঢ়িবলৈ আমন্ত্ৰণ জনাইছোঁ। ফিন টেক, ফাৰ্মা, মহাকাশ আদি ক্ষেত্ৰত ভাৰতে একাধিক কৃতিত্ব অৰ্জন কৰিছে। এই ক্ষেত্ৰসমূহত আমাৰ অভিজ্ঞতা পোলেণ্ডৰ সৈতে আদান-প্ৰদান কৰিবলৈ পালে আমি সুখী হ’ম। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমাৰ ঘনিষ্ঠ সহযোগিতা হৈছে আমাৰ গভীৰ পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক। এই ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাক সুদৃঢ় কৰা হ’ব। উদ্ভাৱন আৰু প্ৰতিভা আমাৰ দুয়োখন দেশৰ যুৱ শক্তিৰ পৰিচয়। দক্ষ শ্ৰমিক শক্তিৰ মংগলৰ বাবে, দক্ষ শ্ৰমিকৰ মংগলৰ বাবে আৰু গতিশীলতাক প্ৰোৎসাহিতকৰণৰ বাবে দুয়োপক্ষৰ মাজত সামাজিক সুৰক্ষা চুক্তি স্বাক্ষৰিত হৈছে।

 

বন্ধুসকল,

 

ভাৰত আৰু পোলেণ্ডে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ঘনিষ্ঠ সমন্বয়-সহকাৰে আগবাঢ়িছে। আমি দুয়ো এই কথাত একমত যে বৈশ্বিক প্ৰত্যাহ্বানৰাজিৰ সন্মুখীন হ’বলৈ ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ সাধন কৰাটো সময়ৰ আহ্বান। সন্ত্ৰাসবাদ আমাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। মানৱতাত বিশ্বাসী ভাৰত আৰু পোলেণ্ডৰ দৰে দেশৰ সৈতে এনেধৰণৰ অধিক সহযোগিতা আৱশ্যকীয়। একেদৰে জলবায়ু পৰিৱৰ্তন আমাৰ এক উমৈহতীয়া অগ্ৰাধিকাৰৰ বিষয়। আমি দুয়ো নিজ-নিজ সামৰ্থ্যক একত্ৰিতকৰণেৰে এটি সেউজ ভৱিষ্যতৰ বাবে কাম কৰিম। ২০২৫ৰ জানুৱাৰীত পোলেণ্ডে ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিব। আপোনালোকৰ সহযোগিতাই ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি মোৰ বিশ্বাস।

 

বন্ধুসকল,

 

ইউক্ৰেইন আৰু পশ্চিম এছিয়াত অব্যাহত সংঘাত আমাৰ সকলোৰে বাবে গভীৰ চিন্তাৰ বিষয়। ভাৰতৰ দৃঢ় বিশ্বাস যে যুদ্ধৰ মাধ্যমেৰে কোনো সমস্যা সমাধান কৰিব নোৱাৰি। যিকোনো সংকটত নিৰীহ লোকৰ প্ৰাণহানিৰ ঘটনা সমগ্ৰ মানৱ জাতিৰ বাবে সৰ্ববৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। আমি শীঘ্ৰেই এটি শান্তি আৰু সুস্থিৰ পৰিবেশৰ পুনৰুদ্ধাৰৰ বাবে আলোচনা আৰু কূটনীতিক সমৰ্থন কৰোঁ। ইয়াৰ বাবে ভাৰত ইয়াৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু।

 

বন্ধুসকল,

 

পোলেণ্ডত ভাৰতবিদ্যা (Indology) আৰু সংস্কৃতৰ এক অতিশয় প্ৰাচীন আৰু বৰ্ণাঢ্য পৰম্পৰা আছে। ভাৰতীয় সংস্কৃতি আৰু ভাষাৰ প্ৰতি আমাৰ গভীৰ আগ্ৰহে আমাৰ সম্পৰ্কৰ সুদৃঢ় ভেটি স্থাপন কৰিছিল। কালি আমাৰ জনসাধাৰণৰ মাজৰ নান্দনিক আৰু প্ৰাঞ্জল সম্পৰ্কৰ আভাস মই প্ৰত্যক্ষ কৰিলোঁ। “ডোব্ৰে মহাৰাজ” আৰু কলহাপুৰৰ মহাৰাজৰ স্মৃতিত নিৰ্মিত স্মাৰকত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য মোৰ হৈছিল। আজিও পোলেণ্ডৰ জনসাধাৰণে তেওঁলোকৰ বদান্যতা আৰু উদাৰতাক সন্মান জনায়। তেওঁলোকলৈ সন্মান জনাই ভাৰত আৰু পোলেণ্ডৰ মাজত নৱানাগৰৰ জাম চাহেব যুৱ-বিনিময় কাৰ্য্যসূচী অনুষ্ঠিত হ’ব। প্ৰতি বছৰে পোলেণ্ডৰ ২০ জন যুৱক-যুৱতীয়ে ভাৰত ভ্ৰমণ কৰিব।

 

বন্ধুসকল,

 

প্ৰধানমন্ত্ৰী টাস্ক আৰু তেওঁৰ বন্ধুত্বৰ প্ৰতি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু, আমাৰ সম্পৰ্কক নতুন শিখৰলৈ নিয়াৰ অংগীকাৰৰ কথা দোহাৰি আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision