মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়া,

উভয় দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

পোন-প্ৰথমে ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছোঁ। এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এনে প্ৰেক্ষাপটত তেওঁৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আমাৰ কূটনৈতিক সম্পৰ্ক নতুন হ’ব পাৰে, কিন্তু আমাৰ সভ্যতাৰ যোগাযোগ প্ৰাচীন কালৰ পৰাই আছিল। ফিলিপাইনছৰ ৰামায়ণ - "মহাৰদিয়া লাৱানা"-ই আমাৰ শতিকা পুৰণি সাংস্কৃতিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। এইমাত্ৰ মুকলি কৰা ডাক টিকটত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় ফুলৰ প্ৰতিচ্ছবিয়ে আমাৰ বন্ধুত্বৰ গভীৰতাকে প্ৰতিফলিত কৰে।

বন্ধুসকল,

দীৰ্ঘদিন ধৰি প্ৰতিটো স্তৰতে আলোচনা, প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা আমাৰ সম্পৰ্কৰ বৈশিষ্ট্য হৈ আহিছে। আজি ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু মই পাৰস্পৰিক সহযোগিতা, আঞ্চলিক বিষয়, আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি সম্পৰ্কে বিতংভাৱে আলোচনা কৰিলোঁ। সুখৰ বিষয় যে আজি আমি আমাৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ মৰ্য্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই অংশীদাৰিত্বৰ সম্ভাৱনাৰাজিক ফলাফললৈ ৰূপান্তৰিতকৰণৰ অৰ্থে এক বিস্তৃত কাৰ্য্য পৰিকল্পনাও যুগুত কৰা হৈছে।

আমাৰ দ্বিপাক্ষিক বাণিজ্য অহৰহভাৱে বৃদ্ধি পাইছে আৰু ৩ বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিছে। ইয়াক অধিক ব্যাপক কৰিবলৈ ভাৰত-আছিয়ান মুক্ত বাণিজ্য চুক্তিৰ পৰ্য্যালোচনা কাৰ্য্য অতি সোনকালেই সম্পূৰ্ণ কৰাত আমি অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। ইয়াৰ লগতে আমি দ্বিপাক্ষিক অগ্ৰাধিকাৰমূলক বাণিজ্য চুক্তিৰ দিশতো কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।

আমাৰ কোম্পানীসমূহে তথ্য আৰু ডিজিটেল প্ৰযুক্তি, স্বাস্থ্য, অট’ম’বাইল, আন্তঃগাঁথনি, খনিজ সামগ্ৰীকে প্ৰমুখ্য কৰি প্ৰতিটো খণ্ডতে সক্ৰিয়ভাৱে কাম কৰি আছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাইৰ’লজীৰ পৰা এআই আৰু এডিটিভ মেনুফেকচাৰিংলৈকে যৌথ গৱেষণা কাৰ্য্য অব্যাহত আছে। আজি সম্পন্ন হোৱা বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতা পৰিকল্পনাই ইয়াক অধিক গতি প্ৰদান কৰিব।

 

বাৰাণসীস্থিত আন্তৰ্জাতিক চাউল গৱেষণা প্ৰতিষ্ঠানৰ আঞ্চলিক কেন্দ্ৰই অধিক-নিম্ন গ্লাইচেমিক সূচকাংকৰ চাউল সন্দৰ্ভত কাম কৰি আছে। অৰ্থাৎ আমি ৰুচি আৰু স্বাস্থ্য উভয় দিশতে একেলগে কাম কৰি আছোঁ! মই জনাবলৈ পাই সুখী হৈছোঁ যে উন্নয়ন অংশীদাৰিত্বৰ অধীনত আমি ফিলিপাইনছত দ্ৰুত প্ৰভাৱ প্ৰকল্পৰ সংখ্যা বৃদ্ধি কৰিম। আৰু, আমি ফিলিপাইনছত সাৰ্বভৌম ডাটা ক্লাউড আন্তঃগাঁথনিৰ বিকাশ সাধন কাৰ্য্যতো সহায় কৰিম।

গ্ৰহটোত আমাৰ অংশীদাৰিত্ব সুদৃঢ় হৈ উঠিছে আৰু এতিয়া আমি মহাকাশৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ইয়াৰ বাবে আজি এখনি চুক্তিও স্বাক্ষৰিত হৈছে।

বন্ধুসকল,

প্ৰতিৰক্ষা সম্পৰ্কক সুদৃঢ়কৰণ কাৰ্য্য আমাৰ গভীৰ পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক। সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে দুয়োখন দেশৰ মাজত সামুদ্ৰিক সহযোগিতা স্বাভাৱিক আৰু প্ৰয়োজনীয় উভয়ে। আমি মানৱীয় সাহায্য, দুৰ্য্যোগ সাহায্য তথা অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত একেলগে কাম কৰি আহিছোঁ। আজি ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত ভ্ৰমণ কৰাৰ সময়তে ভাৰতীয় নৌসেনাৰ তিনিখন জাহাজে পোন-প্ৰথমবাৰৰ বাবে ফিলিপাইনছত নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰিছে। ভাৰতৰ হাইড্ৰ’গ্ৰাফী জাহাজো ইয়াৰে জড়িত হৈছে।

ভাৰত মহাসাগৰ অঞ্চলৰ বাবে ভাৰতত স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় সংযোজন কেন্দ্ৰত যোগদানৰ বাবে আমি ফিলিপাইনছক আদৰণি জনাইছোঁ। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ বাবে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজখনত আমাৰ সৈতে থিয় দিয়াৰ বাবে আমি ফিলিপাইনছ চৰকাৰ আৰু ইয়াৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জনাইছোঁ।

আজি পাৰস্পৰিক আইনী সহায় আৰু শাস্তিপ্ৰাপ্ত ব্যক্তিৰ হস্তান্তৰ সন্দৰ্ভত হোৱা চুক্তিসমূহে আমাৰ সুৰক্ষা অংশীদাৰিত্বক অধিক সুদৃঢ় কৰিব।

বন্ধুসকল,

ভাৰতীয় পৰ্যটকসকলক ভিছা-ফ্ৰী এন্ট্ৰীৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত ফিলিপাইনছে গ্ৰহণ কৰা সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। ভাৰতেও ফিলিপাইনছৰ পৰা অহা পৰ্যটকসকলক বিনামূলীয়াকৈ ই-ভিছাৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ দিল্লী আৰু মনীলাৰ মাজত পোনপটীয়াকৈ বিমান সেৱা আৰম্ভ কৰাৰ কামো হাতত লোৱা হ’ব।

 

আজি সম্পন্ন হোৱা সাংস্কৃতিক বিনিময় কাৰ্য্যসূচীয়ে আমাৰ ঐতিহাসিক সাংস্কৃতিক যোগাযোগক উদ্দীপনা যোগাব।

বন্ধুসকল,

আমাৰ এক্ট ইষ্ট পলিচি আৰু "মহাসাগৰ" দৃষ্টিভংগীৰ ক্ষেত্ৰত ফিলিপাইনছ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা, সমৃদ্ধি আৰু নিয়ম-ভিত্তিক শৃংখলাৰ প্ৰতি আমি অংগীকাৰবদ্ধ। আমি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ফ্ৰীডম অৱ নেভিগেচনক সমৰ্থন কৰোঁ।

অহা বছৰ ফিলিপাইনছে আছিয়ানৰ অধ্যক্ষতাৰ দায়িত্ব পালন কৰিব। এই দায়িত্বৰ সফলতাৰ বাবে আমি দেশখনক সমৰ্থন কৰিম।

মহামহিম,

ভাৰত আৰু ফিলিপাইনছ পছন্দ অনুসৰি বন্ধু আৰু ভাগ্যৰ জৰিয়তে অংশীদাৰ হৈছে। ভাৰত মহাসাগৰৰ পৰা প্ৰশান্ত মহাসাগৰলৈকে আমি সহভাজিত প্ৰমূল্যবোধৰ জৰিয়তে একত্ৰিত হৈ আছোঁ। আমি অতীতৰ বন্ধুত্বৰ বাবেই নহয়, ভৱিষ্যতৰ অংগীকাৰেৰেও সংপৃক্ত।

অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi