"মহিলাসকল হৈছে নীতি, আনুগত্য, নিৰ্ণায়কতা আৰু নেতৃত্বৰ প্ৰতিফলন"
"আমাৰ বেদ আৰু পৰম্পৰাই মহিলাসকলে ৰাষ্ট্ৰখনক পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম আৰু সমৰ্থৱান হ'ব লাগে বুলি আহ্বান জনাইছে"
"মহিলাৰ প্ৰগতিয়ে সদায়েই ৰাষ্ট্ৰখনৰ সবলীকৰণক শক্তি প্ৰদান কৰে"
"আজি ভাৰতৰ উন্নয়নৰ যাত্ৰাত মহিলাসকলৰ সম্পূৰ্ণ অংশগ্ৰহণত দেশখনে অগ্ৰাধিকাৰ প্ৰদান কৰিছে"
"’ষ্টেণ্ডআপ ইণ্ডিয়া' ৰ অধীনত ৮০ শতাংশৰোধিক ঋণ মহিলাৰ নামত আছে। মুদ্ৰা যোজনাৰ অধীনত আমাৰ ভগ্নী আৰু কন্যাসকলক প্ৰায় ৭০ শতাংশ ঋণ প্ৰদান কৰা হৈছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কচ্ছত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এখনি আলোচনা চক্ৰ সম্বোধন কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ কাৰ্য্যসূচীত উপস্থিত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শতিকা জুৰি কচ্ছ ভূমিৰ বিশেষ স্থানক নাৰী শক্তিৰ প্ৰতীক হিচাপে স্বীকৃতি প্ৰদান কৰে কিয়নো ইয়াতেই মা আশাপুৰাৰ মাত্ৰুশক্তিৰ ৰূপত আৰ্বিভাৱ হৈছিল। তেখেতে কয়, "ইয়াৰ মহিলাসকলে সমগ্ৰ সমাজখনক কঠোৰ প্ৰাকৃতিক প্ৰত্যাহ্বানৰাজিৰ মাজত জীয়াই থাকিবলৈ শিকাইছে, যুঁজ দিবলৈ শিকাইছে আৰু জিকিবলৈ শিকাইছে"। তেখেতে জল সংৰক্ষণৰ অভীষ্ট লক্ষ্যত কচ্ছৰ মহিলাসকলৰ ভূমিকাকো প্ৰশংসা কৰে। এই কাৰ্য্যসূচী এখন সীমান্তৱৰ্তী গাঁৱত অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত, প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৭১ ৰ যুদ্ধত অঞ্চলটোৰ মহিলাসকলৰ অৱদানৰ কথা স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মহিলাসকল হৈছে নীতি, আনুগত্য, নিৰ্ণায়কতা আৰু নেতৃত্বৰ প্ৰতিফলন। "সেয়েহে আমাৰ বেদ আৰু পৰম্পৰাই মহিলাসকলে ৰাষ্ট্ৰখনক পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম, সমৰ্থৱান হ'ব লাগে বুলি আহ্বান জনাইছে", তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, উত্তৰৰ মীৰাবাঈৰপৰা দক্ষিণৰ সন্ত আক্কা মহাদেৱীলৈকে ভাৰতৰ ঐশ্বৰিক শক্তিসম্পন্ন মহিলাসকলে ভক্তি আন্দোলনৰপৰা জ্ঞান দৰ্শনলৈকে সমাজৰ সংস্কাৰ আৰু পৰিৱৰ্তনৰ বাবে মাত মাতিছিল। একেদৰে, কচ্ছ আৰু গুজৰাটৰ ভূমিত সতী তোৰাল, গংগা সতী, সতী লোয়ান, ৰামবাঈ আৰু লিৰবাঈৰ দৰে ঐশ্বৰিক শক্তিসম্পন্ন মহিলাসকলক দেখা গৈছিল। দেশখনৰ অসংখ্য দেৱীৰদ্বাৰা প্ৰতীকী নাৰী চেতনাই স্বাধীনতা সংগ্ৰামৰ শিখা জ্বলাই ৰাখিছিল, তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই পৃথিৱীক মাতৃ হিচাপে গণ্য কৰা এখন ৰাষ্ট্ৰত মহিলাৰ প্ৰগতিয়ে সদায়েই ৰাষ্ট্ৰখনৰ সবলীকৰণক শক্তি প্ৰদান কৰে। "আজি দেশখনৰ অগ্ৰাধিকাৰ হৈছে মহিলাসকলৰ জীৱনৰ অগ্ৰগতি সাধন কৰা। আজি ভাৰতৰ উন্নয়নৰ যাত্ৰাত মহিলাসকলৰ সম্পূৰ্ণ অংশগ্ৰহণত দেশখনে অগ্ৰাধিকাৰ প্ৰদান কৰিছে", তেখেতে লগতে কয়। তেখেতে ১১ কোটি শৌচালয় নিৰ্মাণ, ৯ কোটি উজ্জ্বলা গেছ সংযোগ প্ৰদান, ২৩ কোটি জন ধন একাউন্ট সৃষ্টিৰ কথা উল্লেখ কৰে যিয়ে মহিলাসকলৰ মৰ্য্যাদা আৰু ইজ অৱ লিভিঙত ইতিবাচক প্ৰভাৱ পেলাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰখনে মহিলাসকলক আৰ্থিক সহায়ো আগবঢ়াইছে যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ সপোন পূৰণ কৰিব পাৰে আৰু তেওঁলোকৰ নিজৰ কাম আৰম্ভ কৰিব পাৰে। "’ষ্টেণ্ডআপ ইণ্ডিয়া' ৰ অধীনত ৮০ শতাংশৰোধিক ঋণ মহিলাৰ নামত আছে। মুদ্ৰা যোজনাৰ অধীনত আমাৰ ভগ্নী আৰু কন্যাসকলক প্ৰায় ৭০ শতাংশ ঋণ প্ৰদান কৰা হৈছে", তেখেতে কয়। সমান্তৰালভাৱে, পিএমএৱাইৰ অধীনত নিৰ্মিত ২ কোটি ঘৰৰ গৰিষ্ঠসংখ্যকেই মহিলাৰ নামত আছে। এই সকলোবোৰে বিত্তীয় সিদ্ধান্ত গ্ৰহণত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে চৰকাৰখনে মাতৃত্বকালীন ছুটি ১২ সপ্তাহৰপৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰিছে। তেখেতে লগতে কয় যে কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষাৰ বাবে আইনসমূহ অধিক কঠোৰ কৰা হৈছে। ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ বাবে মৃত্যুদণ্ডৰ ব্যৱস্থাও আছে। পুত্ৰ-কন্যা সমান বুলি বিবেচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰখনে কন্যাৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰিবলৈয়ো চেষ্টা কৰিলে। আজি, দেশখনে সশস্ত্ৰ বাহিনীত কন্যাৰ বাবে অধিক ভূমিকাক প্ৰোৎসাহিত কৰিছে, সৈনিক বিদ্যালয়সমূহত কন্যাৰ নামভৰ্তি আৰম্ভ হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনত অব্যাহত থকা পুষ্টিহীনতাৰ বিৰুদ্ধে অভিযানটোত সহায় কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। তেখেতে বেটি বচাওঁ বেটি পঢ়াওঁত মহিলাৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেখেতে 'কন্যা শিক্ষা প্ৰবেশ উৎসৱ অভিযান' ত তেওঁলোকৰ অংশগ্ৰহণৰ বাবেও কয়।

'ভকেল ফৰ লোকেল' অৰ্থনীতিৰ সৈতে সম্পৰ্কীয় এক বৃহৎ বিষয় হৈ পৰিছে, কিন্তু মহিলা সবলীকৰণৰে ইয়াৰ যথেষ্ট সম্পৰ্ক আছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। বেছিভাগ স্থানীয় সামগ্ৰীৰ শক্তি মহিলাৰ হাতত আছে, তেখেতে লগতে কয়।

শেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামত সন্ত পৰমপাৰাৰ ভূমিকা সম্পৰ্কে কয় আৰু অংশগ্ৰহণকাৰীসকলক কচ্ছৰ ৰণৰ সৌন্দৰ্য্য আৰু আধ্যাত্মিক বৈভৱ অনুভৱ কৰিবলৈয়ো আহ্বান জনায়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A partnership forged in India’s industrial south

Media Coverage

A partnership forged in India’s industrial south
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to participate in Centenary Celebrations of Shri Ram College of Commerce on 5th September
September 04, 2026

Prime Minister Shri Narendra Modi will participate in centenary celebrations of Shri Ram College of Commerce (SRCC) on 5th September at 7 PM. Prime Minister will also address the gathering on the occasion.

Shri Ram College of Commerce, University of Delhi, is one of India’s premier institutions of higher education and a distinguished centre of learning in the fields of Commerce, Economics and Management. Established in 1926 by eminent industrialist and philanthropist Sir Shri Ram, the College has, over the course of a century, nurtured generations of scholars, professionals, administrators, entrepreneurs, policymakers and nation-builders.

The Centenary Celebrations coincide with Teachers’ Day, making the occasion particularly significant as the nation honours the contribution of teachers and educators in shaping generations and strengthening the foundations of society.