প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্বত পৰিচালিত উৎপাদন খণ্ডৰ বাবে বিভিন্ন সহায়ক ব্যৱস্থাৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু অধিক ত্বৰান্বিত হৈছেঃ জাপানৰ প্ৰধানমন্ত্ৰী কিশিদা
“মাৰুতি-ছুজুকীৰ সফলতাই ভাৰত-জাপানৰ শক্তিশালী অংশীদাৰিত্বক সূচায়”
“বিগত আঠ বছৰত ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক নতুন উচ্চতাত উপনীত হৈছে”
“যেতিয়া বন্ধুত্বৰ কথা আহে, প্ৰতিজন ভাৰতীয়ই নিশ্চিতভাৱে আমাৰ বন্ধু প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত শ্বিনজো আবেক স্মৰণ কৰে”
“আমাৰ প্ৰচেষ্টাই সদায় জাপানৰ প্ৰতি গুৰুত্ব আৰু সন্মান কঢ়িয়াই লৈ ফুৰে, সেইবাবেই গুজৰাটত প্ৰায় ১২৫টা জাপানী কোম্পানী কাৰ্যক্ষম হৈ আছে”
“যোগান, চাহিদা আৰু পৰিস্থিতিতন্ত্ৰ শক্তিশালী হোৱাৰ লগে লগে বৈদ্যুতিক বাহন খণ্ড নিশ্চিতভাৱে আগুৱাই যাব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তি স্মৰণ কৰি আজি গান্ধীনগৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী সাতোশী ছুজুকি, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাসংদ শ্ৰী চি আৰ পাটিল, ৰাজ্যিক মন্ত্ৰী শ্ৰী জগদীশ পাঞ্চাল, ছুজুকী ছুজুকী মটৰ নিগমৰ প্ৰাক্তন সভাপতি শ্ৰী অ’ ছুজুকী, ছুজুকী মটৰ কৰ্প’ৰেচনৰ সভাপতি শ্ৰীযুত টি ছুজুকী আৰু মাৰুতি-ছুজুকীৰ অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গৱ উপস্থিত থাকে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাইও ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷

জাপানৰ প্ৰধানমন্ত্ৰী কিশিদাই এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে ৪ দশকৰ ভিতৰত মাৰুতি ছুজুকীৰ বৃদ্ধিয়ে ভাৰত আৰু জাপানৰ মাজত শক্তিশালী অৰ্থনৈতিক সম্পৰ্কক সামৰি লৈছে। ভাৰতীয় বজাৰৰ সম্ভাৱনাক স্বীকৃতি দিয়াৰ বাবে তেওঁ ছুজুকীৰ পৰিচালনাক প্ৰশংসা কৰে। তেওঁ কয়, ‘মই বিবেচনা কৰো যে এই সফলতাৰ মুলতে ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰৰ বুজাবুজি আৰু সমৰ্থন৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্বৰ দ্বাৰা পৰিচালিত উৎপাদন খণ্ডৰ বাবে বিভিন্ন সহায়ক ব্যৱস্থাৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু অধিক ত্বৰান্বিত হৈছে”, তেওঁ কয়। তেওঁ উল্লেখ কৰে যে জাপানৰ আন বহু কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ভাৰত আৰু জাপানৰ সম্পৰ্কৰ ৭০বছৰ সম্পূৰ্ণ হোৱাৰ বাবে তেওঁ এই বছৰৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মিলি মই ‘জাপান-ভাৰত কৌশলগত আৰু বিশ্ব অংশীদাৰিত্ব”ক অধিক বিকশিত কৰাৰ বাবে আৰু “মুক্ত আৰু মুকলি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল” বাস্তৱায়িত কৰাৰ প্ৰচেষ্টা হাতত ল’বলৈ সংকল্পবদ্ধ।

সমাৱেশত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে ছুজুকি কৰ্প’ৰেচনৰ সৈতে জড়িত সকলোকে অভিনন্দন জনায়। “ভাৰতৰ পৰিয়ালৰ সৈতে ছুজুকীৰ সংযোগ এতিয়া ৪০ বছৰ শক্তিশালী হৈ পৰিছে”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয়,“মাৰুতি-ছুজুকীৰ সফলতাই ভাৰত-জাপানৰ শক্তিশালী অংশীদাৰিত্বকো সূচায়। বিগত আঠ বছৰত আমাৰ দুয়োখন দেশৰ এই সম্পৰ্কই নতুন উচ্চতাত উপনীত হৈছে। আজি গুজৰাট-মহাৰাষ্ট্ৰৰ বুলেট ট্ৰেইনৰ পৰা উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ৰুদ্ৰাক্ষ কেন্দ্ৰলৈকে বহুতো উন্নয়নমূলক প্ৰকল্প ভাৰত-জাপান বন্ধুত্বৰ উদাহৰণ।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় “এই বন্ধুত্বৰ কথা যেতিয়া আহে, তেতিয়া প্ৰতিজন ভাৰতীয়ই নিশ্চিতভাৱে আমাৰ বন্ধু প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত শ্বিনজো আবেক স্মৰণ কৰে৷” আবে ছানে গুজৰাটলৈ আহি কটোৱা সময়ৰ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ জনসাধাৰণে ইয়াক আন্তৰিকতাৰে স্মৰণ কৰে। “বৰ্তমান প্ৰধানমন্ত্ৰী কিশিদাই আমাৰ দেশসমূহক ওচৰ চপাই অনাৰ বাবে কৰা প্ৰচেষ্টাসমূহ আগুৱাই লৈ গৈছে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে ১৩ বছৰ পূৰ্বে গুজৰাটত ছুজুকীৰ আগমনৰ কথা স্মৰণ কৰি গুজৰাটৰ নিজকে শাসনৰ এক ভাল আৰ্হি হিচাপে উপস্থাপন কৰাৰ আত্মবিশ্বাসৰ কথা দোঁহাৰে। “মই সুখী যে গুজৰাটে ছুজুকিৰ সৈতে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিলে আৰু ছুজুকিয়েও একে মৰ্যাদাৰে গুজৰাটৰ ইচ্ছা পূৰণ কৰিলে। গুজৰাট বিশ্বৰ শীৰ্ষস্থানীয় অ’টোমোটিভ উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে”, তেওঁ কয়। গুজৰাট আৰু জাপানৰ মাজত যি সম্পৰ্ক আছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই কূটনৈতিক মাত্ৰাতকৈও উচ্চ হৈ আহিছে। “মোৰ মনত আছে যেতিয়া ২০০৯ চনত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন আৰম্ভ কৰা হৈছিল, তেতিয়াৰ পৰাই জাপান ইয়াৰ সৈতে অংশীদাৰ দেশ হিচাপে জড়িত আছিল”, প্ৰধানমন্ত্ৰীয়ে কয়। গুজৰাটত এখন মিনি জাপান গঢ় দি ইয়াত জাপানী বিনিয়োগকাৰীৰ ঘৰ কৰি তোলাৰ সংকল্পৰ কথা স্মৰণ কৰে। ইয়াক বাস্তৱায়িত কৰিবলৈ বহুতো সৰু সৰু ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। জাপানী খাদ্যৰ সৈতে বহুতো বিশ্বমানৰ গলফ খেলপথাৰ আৰু ৰেষ্টুৰেণ্ট স্থাপন আৰু জাপানী ভাষাৰ প্ৰচাৰ এনে কেতবোৰ উদাহৰণ। “আমাৰ প্ৰচেষ্টাই সদায় জাপানৰ প্ৰতি গুৰুত্ব আৰু সন্মান কঢ়িয়াই লৈ ফুৰে, সেইবাবেই গুজৰাটত ছুজুকীৰ লগতে প্ৰায় ১২৫টা জাপানী কোম্পানী কাৰ্যক্ষম হৈ আছে”, তেওঁ লগতে কয়। আহমেদাবাদত জেট্ৰ’ ৰান ছাপ’ৰ্ট চেণ্টাৰে বহু কোম্পানীক প্লাগ-এণ্ড-প্লেৰ সুবিধা প্ৰদান কৰিছে। জাপান ইণ্ডিয়া ইনষ্টিটিউট ফৰ মেনুফেকচাৰিঙে বহু লোকক প্ৰশিক্ষণ দি আছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ উন্নয়ন যাত্ৰাত ‘কাইজেন’ৰ অৱদানৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কাইজেনৰ দিশসমূহ তেওঁ পিএমঅ’ আৰু অন্যান্য বিভাগতো প্ৰয়োগ কৰিছে৷

বৈদ্যুতিক বাহনৰ এটা ডাঙৰ বৈশিষ্ট্য উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেইবোৰ নীৰৱ৷ ২ চকীয়াই হওক বা ৪ চকীয়া বাহনেই হওক, ইহঁতে কোনো ধৰণৰ শব্দ নকৰে। “এই নীৰৱতা কেৱল ইয়াৰ অভিযান্ত্ৰিকতাক লৈ নহয়, এয়া দেশত এক নিৰৱ বিপ্লৱৰো আৰম্ভণি”, তেওঁ কয়। বৈদ্যুতিক বাহনৰ পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে কয় যে বৈদ্যুতিক বাহনৰ ক্ৰেতাসকলক বিভিন্ন উদ্গনি প্ৰদান কৰা হৈছে। আয়কৰত ৰেহাই দিয়া আৰু ঋণ প্ৰক্ৰিয়া সৰল কৰা আদি অসংখ্য পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। “যোগান বৃদ্ধিৰ বাবে অ’টোমোবাইল আৰু অ’টোমোবাইল কম্পোনেণ্ট নিৰ্মাণত পিএলআই আঁচনি প্ৰৱৰ্তনৰ বাবেও দ্ৰুত গতিত কাম কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। এক শক্তিশালী বৈদ্যুতিক বাহনৰ চাৰ্জিং আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ বাবেও বহু নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। “২০২২ চনৰ বিত্তীয় বাজেটতো বেটাৰী শ্বেপিং নীতি প্ৰৱৰ্তন কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। “এয়া নিশ্চিত যে যোগান, চাহিদা আৰু পৰিস্থিতিতন্ত্ৰ শক্তিশালী হোৱাৰ লগে লগে বৈদ্যুতিক বাহন খণ্ডটোৱে অগ্ৰগতি লাভ কৰিবলৈ গৈ আছে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতে কপ-২৬ত ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা স্থাপন কৰা বৈদ্যুতিক ক্ষমতাৰ ৫০% লাভ কৰিব বুলি ঘোষণা কৰিছে। “আমি ২০৭০ চনৰ বাবে এটা ‘নেট জিৰ’’ লক্ষ্য নিৰ্ধাৰণ কৰিছো”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে সুখ প্ৰকাশ কৰে যে মাৰুতি ছুজুকিয়ে জৈৱ ইন্ধন, ইথানল মিশ্ৰণ, হাইব্ৰিড বৈদ্যুতিক বাহন আদি কামতো কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে ছুজুকিক কম্প্ৰেছড জৈৱ মিথেন গেছৰ সৈতে জড়িত প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈও পৰামৰ্শ দিয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে সুস্থ প্ৰতিযোগিতা আৰু পাৰস্পৰিক শিক্ষণৰ বাবে এক উন্নত পৰিৱেশ গঢ়ি তোলাৰ কামনা কৰে। “ই জাতি আৰু ব্যৱসায় দুয়োটাকে উপকৃত কৰিব”, তেওঁ কয়। ‘অমৃত কালৰ আগন্তুক ২৫ বছৰত ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে আত্মনিৰ্ভৰ হোৱাটো আমাৰ লক্ষ্য। যিহেতু শক্তিৰ ব্যৱহাৰৰ এটা প্ৰধান অংশ পৰিবহণ খণ্ড, সেয়েহে এই খণ্ডত উদ্ভাৱন আৰু প্ৰচেষ্টা আমাৰ অগ্ৰাধিকাৰ দিব লাগে। মই নিশ্চিত যে আমি এইখিনি লাভ কৰিবলৈ সক্ষম হ’ম”, বুলি কৈ তেওঁ ভাষণ সামৰে।

পটভূমি

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছুজুকি গোটৰ দুটা মূল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, সেয়া হৈছে—গুজৰাটৰ হান্সলপুৰত থকা ছুজুকি মটৰ গুজৰাট বৈদ্যুতিক বাহনৰ বেটাৰী নিৰ্মাণৰ সুবিধা আৰু হাৰিয়ানাৰ খাৰখোদাত মাৰুতি ছুজুকীৰ পৰৱৰ্তী বাহন নিৰ্মাণৰ সুবিধা।

 

গুজৰাটৰ হান্সলপুৰত বৈদ্যুতিক বাহনৰ উন্নত কেমিষ্ট্ৰী চেল বেটাৰী নিৰ্মাণৰ বাবে  ৭,৩০০ কোটি টকা বিনিয়োগ কৰি ছুজুকি মটৰ গুজৰাট বৈদ্যুতিক বাহন বেটাৰী নিৰ্মাণ প্ৰকল্প স্থাপন কৰা হ’ব। হাৰিয়ানাৰ খাৰখোদাত থকা এই বাহন নিৰ্মাণৰ প্ৰতিষ্ঠানটোৱে বছৰি ১০ লাখ যাত্ৰীবাহী বাহন নিৰ্মাণৰ সক্ষমতা থাকিব, যাৰ ফলত ই বিশ্বৰ একক স্থানত সৰ্ববৃহৎ যাত্ৰীবাহী বাহন নিৰ্মাণৰ প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হ’ব। ১১,০০০ কোটি টকাৰো অধিক বিনিয়োগ কৰি প্ৰথম পৰ্যায়ৰ প্ৰকল্পটো স্থাপন কৰা হ’ব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Visit of Prime Minister Shri Narendra Modi to Uzbekistan and Kyrgyz Republic
August 27, 2026

Prime Minister Shri Narendra Modi will visit Uzbekistan from 29–30 August on a bilateral visit and the Kyrgyz Republic for the 26th SCO Summit from 31 August to 1 September 2026.

At the invitation of the President of Uzbekistan, H.E. Mr. Shavkat Mirziyoyev, Prime Minister will undertake a State Visit to Tashkent on 29–30 August 2026. This will be Prime Minister’s fourth visit to Uzbekistan. During the visit, Prime Minister will hold delegation-level talks with President Mirziyoyev to further strengthen the strategic partnership between the two countries. The two leaders would review cooperation in trade and investment, defence, digital connectivity, energy, education and people-to-people domains and set the agenda for the road ahead. They will also share perspectives on advancing the shared developmental visions of Viksit Bharat 2047 and Uzbekistan-2030. Prime Minister is also expected to visit the Shastri Memorial in Tashkent and the Mahatma Gandhi Centre at the Tashkent State University of Oriental Studies.

From Tashkent, at the invitation of the President of Kyrgyz Republic, H.E. Mr. Sadyr Zhaparov, Prime Minister will travel to Bishkek to participate in the 26th SCO Summit on 31 August – 1 September 2026. The Summit marks the 25th anniversary of the Shanghai Cooperation Organisation, of which India has been a full member since 2017. Prime Minister will address the Summit where he will highlight India’s priorities of Security, Connectivity and Opportunity at the forum. Prime Minister will also hold bilateral meetings with SCO leaders on the sidelines of the Summit. He will also attend the Opening Ceremony of the 6th World Nomad Games, a celebration of the rich cultural heritage of Central Asia.