“আমি বিশ্বৰ সন্মুখত এটা দৃষ্টিভংগী আগবঢ়াইছো - এক পৃথিৱী এক স্বাস্থ্য। ইয়াৰ লগত সকলো জীৱ-মানুহ, প্ৰাণী বা উদ্ভিদৰ বাবে সামগ্ৰিক স্বাস্থ্যসেৱা জড়িত হৈ আছে”
“চিকিৎসা সুলভ কৰি তোলাটো আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে”
“আয়ুষ্মান ভাৰত আৰু জন ঔষধি আঁচনিৰ দ্বাৰা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ৰোগীৰ ১ লাখ কোটি টকাৰো অধিক টকা ৰাহি হৈছে”
“প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানে কেৱল নতুন চিকিৎসালয়ৰ জন্ম দিয়াই নহয়, বৰঞ্চ এক নতুন আৰু সম্পূৰ্ণ স্বাস্থ্য পৰিস্থিতিতন্ত্ৰও গঢ় দিছে”
“স্বাস্থ্যসেৱাত প্ৰযুক্তিৰ মনোনিৱেশ উদ্যোগীসকলৰ বাবে এক ডাঙৰ সুযোগ আৰু ই সাৰ্বজনীন স্বাস্থ্যসেৱাৰ বাবে আমাৰ প্ৰচেষ্টাক এক উদ্গনি যোগাব”
“বৰ্তমান ঔষধ খণ্ডৰ বজাৰৰ আকাৰ ৪ লাখ কোটি। ব্যক্তিগত খণ্ড আৰু শৈক্ষিত দিশৰ সঠিক সমন্বয়ৰ দ্বাৰা ইয়াৰ মূল্য ১০ লাখ কোটি হ’ব পাৰে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বাস্থ্য আৰু চিকিৎসা গৱেষণা’ বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়ায়। ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা এইখন বাজেটোত্তৰ ১২টা ৱেবিনাৰৰ ভিতৰত নৱমখন ৱেবিনাৰ।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিড মহামাৰীৰ প্ৰাক আৰু পিছৰ ব্যৱস্থাৰ ক্ষেত্ৰত স্বাস্থ্যসেৱা চাব পৰা যায়। তেওঁ কয় যে এই মহামাৰীয়ে সমৃদ্ধিশালী দেশসমূহকো পৰীক্ষা কৰিছিল। তেওঁ কয় যে যিহেতু মহামাৰীয়ে বিশ্বজোৰা মনোযোগ স্বাস্থ্যৰ ওপৰত কেন্দ্ৰীভূত কৰিছিল, ভাৰতে আৰু এখোজ আগুৱাই গৈ সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। “সেইবাবেই আমি বিশ্বৰ সন্মুখত এটা দৃষ্টিভংগী আগবঢ়াইছো-এক পৃথিৱী এক স্বাস্থ্য। ইয়াৰ লগত সকলো জীৱ-মানুহ, প্ৰাণী বা উদ্ভিদৰ বাবে সামগ্ৰিক স্বাস্থ্যসেৱা জড়িত হৈ থাকে।

প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সময়ত যোগান শৃংখলৰ সন্দৰ্ভত শিকি অহা শিক্ষাসমূহ পুনৰ উল্লেখ কৰি কয় যে ই এক বৃহৎ চিন্তাৰ বিষয় হৈ পৰিছে। মহামাৰী তুংগত থকা সময়ত ঔষধ, ভেকচিন, চিকিৎসা সঁজুলিৰ দৰে জীৱন ৰক্ষাকাৰী সা-সঁজুলি অস্ত্ৰৰে সজ্জিত হোৱাত তেওঁ আক্ষেপ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে বিগত বছৰবোৰৰ বাজেটত চৰকাৰে বিদেশী ৰাষ্ট্ৰৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে অহৰহ চেষ্টা কৰি আহিছে আৰু ইয়াত সকলো অংশীদাৰৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ পিছত বহু দশক ধৰি স্বাস্থ্যৰ বাবে এক সংহত দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ অনুপস্থিতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি এতিয়া স্বাস্থ্য বিষয়টো কেৱল স্বাস্থ্য মন্ত্ৰালয়তে সীমাবদ্ধ ৰখাৰ পৰিৱৰ্তে সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীৰ আগুৱাই নিছো। “চিকিৎসা সুলভ কৰি তোলা আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে”, আয়ুষ্মান ভাৰতৰ জৰিয়তে আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ বাবে দৰিদ্ৰ ৰোগীৰ প্ৰায় ৮০ হাজাৰ কোটি টকা ৰাহি হোৱা বুলি জনাই প্ৰধানমন্ত্ৰীয়ে। কাইলৈ অৰ্থাৎ ৭ মাৰ্চৰ দিনটো জন ঔষধি দিৱস হিচাপে পালন কৰা হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ৯০০০ জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সুলভ মূল্যৰ ঔষধে সমগ্ৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ প্ৰায় ২০ হাজাৰ কোটি টকা ৰাহি কৰিছে। অৰ্থাৎ কেৱল এই আঁচনি দুখনে নাগৰিকৰ এক লাখ কোটি টকা ৰাহি কৰিলে।

প্ৰধানমন্ত্ৰীয়ে জটিল ৰোগৰ চিকিৎসাৰ বাবে শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। চৰকাৰৰ প্ৰধান কেন্দ্ৰবিন্দুক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে সমগ্ৰ দেশতে ঘৰৰ ওচৰত ডেৰ লক্ষাধিক স্বাস্থ্য কেন্দ্ৰ গঢ়ি তোলা হৈছে যাতে পৰীক্ষা কেন্দ্ৰ আৰু প্ৰাথমিক চিকিৎসা উপলব্ধ হয়। মধুমেহ, কৰ্কট আৰু হৃদৰোগ সম্পৰ্কীয় সমস্যাৰ দৰে গুৰুতৰ ৰোগ পৰীক্ষাৰ সুবিধাও এই কেন্দ্ৰসমূহত উপলব্ধ হ’ব বুলিও তেওঁ অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত জটিল স্বাস্থ্য আন্তঃগাঁথনি সৰু চহৰ আৰু গাঁওসমূহলৈ সুলভ কৰি তোলা হৈছে যিয়ে কেৱল নতুন চিকিৎসালয়ৰ জন্ম দিয়াই নহয়, ই এক নতুন আৰু সম্পূৰ্ণ স্বাস্থ্য পৰিস্থিতিতন্ত্ৰও গঢ় দিছে। ইয়াৰ ফলত স্বাস্থ্য উদ্যোগী, বিনিয়োগকাৰী আৰু পেছাদাৰীসকলৰ বাবে বহু সুযোগ সৃষ্টি হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

এই খণ্ডত মানৱ সম্পদ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে জনায় যে যোৱা কেইবছৰমানৰ ভিতৰত ২৬০ খনতকৈও অধিক নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে। ইয়াৰ ফলত ২০১৪ চনৰ তুলনাত স্নাতক আৰু স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰমত চিকিৎসা বিজ্ঞানৰ আসন দুগুণ হৈছে। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বাজেটত নাৰ্চিং ক্ষেত্ৰখনত গুৰুত্ব দিয়াৰ ওপৰত আলোকপাত কৰে। ‘চিকিৎসা মহাবিদ্যালয়ৰ আশে-পাশে ১৫৭খন নাৰ্চিং মহাবিদ্যালয় মুকলি কৰাটো চিকিৎসা মানৱ সম্পদৰ দিশত এক বৃহৎ পদক্ষেপ। কেৱল ঘৰুৱা প্ৰয়োজনীয়তাই নহয়, বিশ্বজোৰা চাহিদা পূৰণত ই উপযোগী হ’ব পাৰে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে চিকিৎসা সেৱাসমূহ অহৰহ সুলভ আৰু আহৰণযোগ্য কৰি তোলাত প্ৰযুক্তিৰ ভূমিকাক আলোকপাত কৰি এই খণ্ডত প্ৰযুক্তি ৰূপায়ণৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ বিষয়ে বিশদভাৱে কয়। ‘ডিজিটেল হেল্থ আইডিৰ সুবিধাৰ জৰিয়তে আমি নাগৰিকসকলক সময়মতে স্বাস্থ্যসেৱা দিব বিচাৰো। ইতিমধ্যে ১০ কোটি লোকে ই-সঞ্জীৱনীৰ দৰে আঁচনিৰ জৰিয়তে টেলিকনছাল্টেচনৰ দ্বাৰা উপকৃত হৈছে”, তেওঁ কয়। ৫জিয়ে এই খণ্ডত ষ্টাৰ্টআপৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। ড্ৰোণে ঔষধ প্ৰদান আৰু পৰীক্ষণ সেৱাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। “এয়া উদ্যোগীসকলৰ বাবে এক ডাঙৰ সুযোগ আৰু ই সাৰ্বজনীন স্বাস্থ্যসেৱাৰ বাবে আমাৰ প্ৰচেষ্টাক উদ্গনি যোগাব”, উদ্যোগীসকলক যিকোনো প্ৰযুক্তিৰ আমদানিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰয়োজনীয় প্ৰতিষ্ঠানিক সঁহাৰিৰ তালিকা প্ৰস্তুত কৰে। তেওঁ চিকিৎসা সঁজুলি খণ্ডত নতুন আঁচনিৰ বিষয়ে অৱগত কৰে। তেওঁ পিএলআই আঁচনিৰ ওপৰত বাল্ক ড্ৰাগ পাৰ্ক, মেডিকেল ডিভাইচ পাৰ্ক, ৩০ হাজাৰ কোটিতকৈ অধিক টকাৰ কথা উল্লেখ কৰি কয় যে যোৱা কেইবছৰমানৰ পৰা মেডিকেল ডিভাইচৰ ১২-১৪ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে। তেওঁ অৱগত কৰে যে আগন্তুক বছৰবোৰত এই বজাৰখনে ৪ লাখ কোটি টকা পৰ্যন্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে ভৱিষ্যতৰ চিকিৎসা প্ৰযুক্তি আৰু উচ্চমানৰ উৎপাদন আৰু গৱেষণাৰ বাবে দক্ষ মানৱ শক্তিৰ কাম আৰম্ভ কৰিছে। তেওঁ কয়, আইআইটিৰ দৰে প্ৰতিষ্ঠানত বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ দৰে পাঠ্যক্ৰম চলিব। তেওঁ অংশগ্ৰহণকাৰীসকলক উদ্যোগ-শৈক্ষিকতা আৰু চৰকাৰী সহযোগিতাৰ উপায় বিচাৰি উলিয়াবলৈ কয়।

ভাৰতৰ ফাৰ্মা খণ্ডৰ প্ৰতি বিশ্বৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাসৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ মূলধন হিচাপে ব্যৱহাৰ কৰি এই ভাবমূৰ্তি সুৰক্ষিত কৰাৰ দিশত কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জনোৱা মতে, উৎকৃষ্টতাৰ কেন্দ্ৰৰ জৰিয়তে ফাৰ্মা খণ্ডত গৱেষণা আৰু উদ্ভাৱনক উন্নীত কৰাৰ বাবে এক নতুন কাৰ্যসূচী আৰম্ভ কৰা হৈছে যিয়ে অৰ্থনীতি শক্তিশালী কৰাৰ লগতে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিব। “ভাৰতত ফাৰ্মা খণ্ডৰ বজাৰৰ আকাৰ আজি ৪ লাখ কোটি”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ব্যক্তিগত খণ্ড আৰু শিক্ষাবিদৰ মাজত সমন্বয় বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে কাৰণ ইয়াৰ বজাৰৰ আকাৰ ১০ লাখ কোটিতকৈও অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীয়ে ফাৰ্মা খণ্ডসমূহক বিনিয়োগৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। এই খণ্ডত অধিক গৱেষণাৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে গৱেষণা উদ্যোগৰ বাবে আইচিএমআৰৰ দ্বাৰা বহুতো নতুন লেব মুকলি কৰা হৈছে।

শ্ৰী মোদীয়ে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰভাৱৰ কথা উল্লেখ কৰে। তেওঁ স্বচ্ছ ভাৰত অভিযান, ধোঁৱা সম্পৰ্কীয় ৰোগৰ বাবে উজ্জ্বলা আঁচনি, পানীজনিত ৰোগ মোকাবিলা কৰিবলৈ জল জীৱন অভিযান আৰু ৰাষ্ট্ৰীয় পোছান মিছনে ৰক্তহীনতা আৰু পুষ্টিহীনতাক মোকাবিলা কৰি আছে বুলি তালিকাভুক্ত কৰে। বাজৰাৰ আন্তৰ্জাতিক বৰ্ষত বাজৰা-শ্ৰী আন্নাৰ ভূমিকাও উল্লেখ কৰে। একেদৰে পি এম মাত্ৰু বন্দনা যোজনা, মিছন ইন্দ্ৰধনুষ, যোগ, ফিট ইণ্ডিয়া মুভমেণ্ট, আয়ুৰ্বেদ আদিয়েও ৰোগৰ পৰা মানুহক ৰক্ষা কৰি আছে। ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাৰ তত্বাৱধানত পৰম্পৰাগত চিকিৎসাৰ বিশ্বব্যাপী কেন্দ্ৰ স্থাপনৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে আয়ুৰ্বেদত প্ৰমাণভিত্তিক গৱেষণাৰ বাবে কৰা অনুৰোধক কথা পুনৰ দোঁহাৰে৷

শ্ৰী মোদীয়ে আধুনিক চিকিৎসা আন্তঃগাঁথনিৰ পৰা চিকিৎসা মানৱ সম্পদলৈকে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি কয় যে নতুন সামৰ্থ্যসমূহ কেৱল ইয়াৰ নাগৰিকসকলৰ বাবে স্বাস্থ্য সুবিধাসমূহতে সীমাবদ্ধ নহয় বৰঞ্চ ভাৰতক বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় চিকিৎসা পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ লক্ষ্যও আছে। তেওঁ আঙুলিয়াই দিয়ে যে চিকিৎসা পৰ্যটন ভাৰতৰ এক অতি বৃহৎ খণ্ড আৰু লগতে দেশত কৰ্মসংস্থাপন সৃষ্টিৰ বাবেও এক বিশাল মাধ্যমত পৰিণত হৈছে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ভাৰতত সবকা প্ৰয়াসৰ দ্বাৰাহে (সকলোৰে প্ৰচেষ্টা) উন্নত স্বাস্থ্য আৰু সুস্থতা পৰিস্থিতিতন্ত্ৰ গঢ়িব পৰা যাব আৰু সকলো অংশীদাৰক তেওঁলোকৰ বহুমূলীয়া পৰামৰ্শ দিবলৈ অনুৰোধ জনায়। ‘আমি বাজেটৰ বিধানসমূহ নিৰ্ধাৰিত লক্ষ্যৰ বাবে সময়সীমাৰ ভিতৰত এটা সুনিৰ্দিষ্ট ৰোডমেপৰ সৈতে কাৰ্যকৰী কৰিব পাৰিব লাগে। সকলো অংশীদাৰক লগত লৈ যোৱাৰ লগতে পৰৱৰ্তী বাজেটৰ পূৰ্বে মাটিত সকলো সপোন বাস্তৱায়িত কৰিবলৈ আপোনাৰ অভিজ্ঞতাৰ সুবিধাৰ প্ৰয়োজন হ’ব”, ৱেবিনাৰত অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়।

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!