“আমি বিশ্বৰ সন্মুখত এটা দৃষ্টিভংগী আগবঢ়াইছো - এক পৃথিৱী এক স্বাস্থ্য। ইয়াৰ লগত সকলো জীৱ-মানুহ, প্ৰাণী বা উদ্ভিদৰ বাবে সামগ্ৰিক স্বাস্থ্যসেৱা জড়িত হৈ আছে”
“চিকিৎসা সুলভ কৰি তোলাটো আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে”
“আয়ুষ্মান ভাৰত আৰু জন ঔষধি আঁচনিৰ দ্বাৰা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ৰোগীৰ ১ লাখ কোটি টকাৰো অধিক টকা ৰাহি হৈছে”
“প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানে কেৱল নতুন চিকিৎসালয়ৰ জন্ম দিয়াই নহয়, বৰঞ্চ এক নতুন আৰু সম্পূৰ্ণ স্বাস্থ্য পৰিস্থিতিতন্ত্ৰও গঢ় দিছে”
“স্বাস্থ্যসেৱাত প্ৰযুক্তিৰ মনোনিৱেশ উদ্যোগীসকলৰ বাবে এক ডাঙৰ সুযোগ আৰু ই সাৰ্বজনীন স্বাস্থ্যসেৱাৰ বাবে আমাৰ প্ৰচেষ্টাক এক উদ্গনি যোগাব”
“বৰ্তমান ঔষধ খণ্ডৰ বজাৰৰ আকাৰ ৪ লাখ কোটি। ব্যক্তিগত খণ্ড আৰু শৈক্ষিত দিশৰ সঠিক সমন্বয়ৰ দ্বাৰা ইয়াৰ মূল্য ১০ লাখ কোটি হ’ব পাৰে”

নমস্কাৰ!

বন্ধুসকল,

স্বাস্থ্যসেৱাক ক’ভিডৰ পূৰ্বৰ সময় আৰু মহামাৰীটোৰ পিছৰ সময়, উভয়ৰে প্ৰেক্ষাপটত চাব লাগে। এনে দুৰ্য্যোগৰ পৰিপ্ৰেক্ষিতত সমৃদ্ধিশালী দেশৰ উন্নত ব্যৱস্থাও অৱনমিত হৈছে, সেই কথা বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে আৰু ইয়াৰ জৰিয়তে শিকিছে। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিশ্বই এতিয়া পূৰ্বতকৈ অধিক মনোনিৱেশ কৰিছে যদিও ভাৰতৰ এই পন্থা কেৱল স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়। বৰঞ্চ আমি এখোজ আগুৱাই গৈ সামগ্ৰিক সুস্থতাৰ বাবে কাম কৰিছো। আমি বিশ্বৰ আগত এক দৃষ্টিভংগী দেখুৱাইছো আৰু সেয়া হ’ল ‘এক বিশ্ব-এক স্বাস্থ্য’। ক’ৰোনা বিশ্ব মহামাৰীয়ে যোগান শৃংখলৰ গুৰুত্ব সম্পৰ্কেও কৈছে। মহামাৰীটো ভৰপক পৰ্য্যায়ত থাকোতে ঔষধ, ভেকচিন, চিকিৎসা সঁজুলিৰ দৰে জীৱন ৰক্ষাকাৰী সামগ্ৰীসমূহ প্ৰধান আহিলা হৈ উঠিছিল। যোৱা কেইবছৰমানৰ বাজেটত এই সকলোবোৰ বিষয়ত ভাৰতে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ন্যূনতম কৰিবলৈ আমি অহৰহ চেষ্টা কৰি আছো। গতিকে এই ক্ষেত্ৰত সকলো অংশীদাৰৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

বন্ধুসকল,

স্বাধীনতাৰ পিছৰ কেইবা দশকলৈকে ভাৰতত স্বাস্থ্য সন্দৰ্ভত এক সংহত পন্থা আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ অভাৱ আছিল। আমি স্বাস্থ্যসেৱাক কেৱল স্বাস্থ্য মন্ত্ৰালয়ৰ মাজতে সীমাবদ্ধ কৰা নাই, বৰঞ্চ ‘সমগ্ৰ চৰকাৰ’ পন্থাৰে ইয়াত গুৰুত্ব আৰোপ কৰিছো। ভাৰতত সুলভ চিকিৎসা সুনিশ্চিতকৰণত আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। আয়ুষ্মান ভাৰতৰ অধীনত ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা আগবঢ়োৱা হৈছে। ইয়াৰ ফলত প্ৰায় ৮০,০০০ কোটি টকা ৰাহি হৈছে। যি পৰিমাণ অন্যথা দেশৰ কোটি- কোটি ৰোগীয়ে তেওঁলোকৰ চিকিৎসাৰ বাবে ব্যয় কৰিবলগীয়া হ’লহেঁতেন। কাইলৈ অৰ্থাৎ ৭ মাৰ্চত দেশত জন ঔষধি দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছো। আজি সমগ্ৰ দেশতে প্ৰায় ৯,০০০ জন ঔষধি কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহত বজাৰতকৈ বহু কম মূল্যত ঔষধ পোৱা যায়। এই কেন্দ্ৰসমূহৰপৰা ঔষধ ক্ৰয়েৰে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহে প্ৰায় ২০,০০০ কোটি টকা সঞ্চয় কৰিছে। অর্থাৎ এই আঁচনি দুখনৰ বাবেই ভাৰতৰ নাগৰিকে প্রায় এক লাখ কোটি টকা সঞ্চয় হৈছে।

বন্ধুসকল,

গুৰুতৰ ৰোগসমূহৰ বাবে দেশত উন্নত আৰু আধুনিক স্বাস্থ্য আন্তঃগাঁথনি থকাটোও সমানেই গুৰুত্বপূৰ্ণ। চৰকাৰে জনসাধাৰণে নিজৰ ঘৰৰ ওচৰতে পৰীক্ষাৰ সুবিধা আৰু প্ৰাথমিক চিকিৎসাৰ উন্নত সুবিধা লাভ কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছে। এই সন্দৰ্ভত সমগ্ৰ দেশতে ১.৫ লাখ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ গঢ়ি তোলা হৈছে। এই কেন্দ্ৰসমূহত ডায়েবেটিছ, কেন্সাৰ আৰু হৃদৰোগৰ সৈতে জড়িত গুৰুতৰ ৰোগৰ পৰীক্ষাৰ সুবিধা আছে। পিএম আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত সৰু চহৰ আৰু নগৰসমূহত উন্নত স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। ফলত সৰু চহৰসমূহত নতুন চিকিৎসালয় স্থাপন কৰাই নহয়, বৰঞ্চ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত এক সমগ্ৰ বাতাবৰণো গঢ় লৈ উঠিছে। এই ক্ষেত্ৰত স্বাস্থ্য উদ্যোগী, বিনিয়োগকাৰী আৰু পেছাদাৰীসকলৰ বাবে একাধিক নতুন সুযোগৰ সৃষ্টি হৈছে।

বন্ধুসকল,

স্বাস্থ্য আন্তঃগাঁথনিৰ লগতে চৰকাৰে মানৱ সম্পদৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ প্ৰদান কৰিছে। যোৱা কেইবছৰমানৰ ভিতৰত ২৬০ খনৰো অধিক নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে। ফলত ২০১৪ অৰ্থাৎ আমি ক্ষমতালৈ অহাৰ পূৰ্বৰ তুলনাত আজি মেডিকেল স্নাতক আৰু স্নাতকোত্তৰ আসনৰ সংখ্যা দুগুণ হৈছে। আপোনাসৱৰ জ্ঞাত যে এজন চিকিৎসকৰ সফলতাৰ বাবে এজন সফল টেকনিচিয়ান অতিশয় গুৰুত্বপূৰ্ণ। সেয়েহে এইবাৰৰ বাজেটত নাৰ্চিং খণ্ডৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়সমূহৰ সংলগ্নকৈ ১৫৭ খন নতুন নাৰ্চিং মহাবিদ্যালয় মুকলিৰ পৰিকল্পনা চিকিৎসা মানৱ সম্পদৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ চাহিদা পূৰণৰ ক্ষেত্ৰতো এয়া উপযোগী হ’ব পাৰে।

বন্ধুসকল,

স্বাস্থ্যসেৱাক সুলভ আৰু সাশ্ৰয়ী কৰি তুলিবলৈ প্ৰযুক্তিৰ ভূমিকা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সেয়েহে, আমি স্বাস্থ্য খণ্ডত প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰতো গুৰুত্ব আৰোপ কৰিছো। আমি ডিজিটেল হেল্থ আইডিৰ জৰিয়তে দেশবাসীক সময়মতে স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিব বিচাৰিছো। ই-সঞ্জীৱনীৰ ব্যৱহাৰেৰে প্ৰায় ১০ কোটি লোকে ঘৰতে বহি চিকিৎসকৰপৰা অনলাইন মাধ্যমেৰে পৰামৰ্শৰ সুবিধা লাভ কৰিছে। এতিয়া ৫জি প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ বাবে এই খণ্ডৰ ষ্টাৰ্ট-আপসমূহৰ বাবেও বহু সম্ভাৱনাৰ উন্মেষ ঘটিছে। ড্ৰোন প্ৰযুক্তিয়ে ঔষধ বিতৰণ আৰু পৰীক্ষণৰ লজিষ্টিকত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। ইয়াৰদ্বাৰা সৰ্বজনীন স্বাস্থ্যসেৱাৰ বাবে আমাৰ প্ৰচেষ্টাই এক গতি লাভ কৰিব। আমাৰ উদ্যোগীসকলৰ বাবেও এয়া এক বৃহৎ সুযোগ। আমাৰ উদ্যোগীসকলে সকলো ধৰণৰ প্ৰযুক্তি আমদানিৰপৰা আঁতৰি থকা আৰু আত্মনিৰ্ভৰশীল হোৱাটো নিশ্চিত কৰিব লাগিব। আমি এই ক্ষেত্ৰতো প্ৰয়োজনীয় প্ৰতিষ্ঠানিক সংস্কাৰৰ সূচনা কৰিছো। ফাৰ্মা আৰু মেডিকেল ডিভাইচ খণ্ডৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা কেইবছৰমানৰপৰা কেইবাখনো নতুন আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। পিএলআইৰ দৰে আঁচনিত ৩০,০০০ কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। সেয়া বাল্ক ড্ৰাগ পাৰ্কেই হওঁক বা মেডিকেল ডিভাইচ পাৰ্ক চিষ্টেম স্থাপনতেই হওঁক, সকলোতে বিনিয়োগ হৈছে।

চিকিৎসা সঁজুলি খণ্ডটো যোৱা কেইবছৰমানতে ১২ ৰপৰা ১৪ শতাংশ হাৰত বৃদ্ধি পাইছে। এই বজাৰখনে অহা ২-৩ বছৰত চাৰি লাখ কোটি টকা স্পৰ্শ কৰিব। আমি ইতিমধ্যে ভৱিষ্যতৰ চিকিৎসা প্ৰযুক্তি, উচ্চমানৰ উৎপাদন আৰু গৱেষণাৰ বাবে দক্ষ জনশক্তিৰ কাম আৰম্ভ কৰিছো। আইআইটি আৰু অন্যান্য প্ৰতিষ্ঠানত চিকিৎসা সঁজুলি নিৰ্মাণৰ প্ৰশিক্ষণৰ বাবেও বাঅ’মেডিকেল ইঞ্জিনিয়াৰিং বা অনুৰূপ পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰা হ’ব। আমি একেলগে কাম কৰিব লাগিব যাতে ব্যক্তিগত খণ্ডৰ অধিক অংশগ্ৰহণ আৰু উদ্যোগ, শিক্ষা আৰু চৰকাৰৰ মাজত সৰ্বাধিক সমন্বয় স্থাপন হয়।

বন্ধুসকল,

কেতিয়াবা দুৰ্যোগে নিজৰ সামৰ্থ্য প্ৰমাণৰ সুযোগ দিয়ে। এই কথা ক’ভিড কালছোৱাত ফাৰ্মা খণ্ডই প্ৰমাণ কৰিছে। ভাৰতৰ ফাৰ্মা খণ্ডই যিদৰে ক’ভিডৰ সময়ছোৱাত সমগ্ৰ বিশ্বৰ আস্থা লাভ কৰিছে, সেয়া অভূতপূৰ্ব। আমি ইয়াক মূলধন হিচাপে ল’ব লাগিব। আমাৰ এই সুনাম, কৃতিত্ব আৰু বিশ্বাসক অৱনমিত হ’বলৈ দিয়া উচিত নহয়। বৰঞ্চ আমি নিশ্চিত কৰিব লাগিব যে আমাৰ প্ৰতি এই বিশ্বাস অধিক বৃদ্ধি পাব লাগে। চেন্টাৰ অৱ এক্সেলেন্সৰ জৰিয়তে ফাৰ্মা খণ্ডত গৱেষণা আৰু উদ্ভাৱনক প্ৰোৎসাহিতকৰণৰ বাবে এক নতুন কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছে। এই প্ৰচেষ্টাসমূহে অৰ্থনীতিক সুদৃঢ়কৰণেই নহয়, বৰঞ্চ নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব। আজি এই খণ্ডৰ বজাৰৰ আকাৰ প্ৰায় ৪ লাখ কোটি টকা। ব্যক্তিগত খণ্ড আৰু শৈক্ষিক মহলৰ মাজত উন্নত সমন্বয়ে এই খণ্ডৰ মূল্য ১০ লাখ কোটি টকাৰো অধিক কৰি তুলিব পাৰে। মই পৰামৰ্শ প্ৰদান কৰিব খুজিছো যে ফাৰ্মা উদ্যোগে এই খণ্ডৰ গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহ চিনাক্তকৰণেৰে এইসমূহত বিনিয়োগ কৰিব লাগে। ইয়াৰোপৰি, চৰকাৰে গৱেষণাক প্ৰোৎসাহিতকৰণৰ বাবে আন একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। যুৱক-যুৱতী আৰু গৱেষণা উদ্যোগৰ বাবেও কেইবাটাও আইচিএমআৰ লেব স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি চাব লাগিব যে আন কি-কি অনুৰূপ আন্তঃগাঁথনি স্থাপন কৰিব পাৰো।

বন্ধুসকল,

প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা সন্দৰ্ভত চৰকাৰৰ প্ৰচেষ্টাই যথেষ্ট প্ৰভাৱ পেলাইছে। আৱৰ্জনাই বিয়পোৱা ৰোগৰপৰা ৰক্ষা পাবলৈ স্বচ্ছ ভাৰত অভিযান, ধোঁৱাৰ ফলত হোৱা ৰোগৰপৰা ৰক্ষা পাবলৈ উজ্জ্বলা যোজনা, প্ৰদূষিত পানীৰ ফলত হোৱা ৰোগৰপৰা ৰক্ষা পাবলৈ জল জীৱন অভিযান আদি পদক্ষেপে দেশত উন্নত ফল প্ৰদান কৰিছে। একেদৰে আমাৰ দেশত পুষ্টিহীনতা আৰু ৰক্তহীনতাও এক ডাঙৰ সমস্যা। সেয়েহে আমি ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ শুভাৰম্ভ কৰিছিলো। আৰু এতিয়া সুখৰ কথা যে মিলেট অৰ্থাৎ শ্ৰী অন্নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে যি পুষ্টিৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ আৰু ইয়াৰ সৈতে আমাৰ দেশৰ প্ৰতিঘৰ গৃহস্থী অতি পৰিচিত। ভাৰতৰ প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰসংঘই এই বছৰটোক আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে উদযাপন কৰিছে। পিএম মাতৃ বন্দনা যোজনা আৰু মিছন ইন্দ্ৰধনুষৰ দৰে কাৰ্য্যক্ৰমেৰে আমি সুস্থ মাতৃত্ব আৰু শৈশৱ সুনিশ্চিত কৰিছো। 

যোগ, আয়ুৰ্বেদ আৰু ফিট ইণ্ডিয়া মুভমেন্টে জনসাধাৰণক ৰোগসমূহৰপৰা ৰক্ষা কৰাত যথেষ্ট সহায় কৰিছে। আয়ুৰ্বেদ সম্পৰ্কীয় ভাৰতীয় সামগ্ৰীৰ চাহিদা সমগ্ৰ বিশ্বতে বাঢ়িছে। ভাৰতৰ প্ৰচেষ্টাত ভাৰততে খোদ পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল চেন্টাৰ স্থাপন কৰা হৈছে। সেয়েহে, স্বাস্থ্য খণ্ডৰ সকলো অংশীদাৰ আৰু বিশেষকৈ আয়ুৰ্বেদৰ বন্ধু-বান্ধৱীসকলক প্ৰমাণভিত্তিক গৱেষণাক অধিক তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান জনাইছো। ফলাফল যথেষ্ট নহয়, প্ৰমাণো সমানেই গুৰুত্বপূৰ্ণ। আয়ুৰ্বেদৰ ক্ষেত্ৰত কৰ্মৰত উদ্যমীসকলে গৱেষক সহকৰ্মীসকলৰ সৈতে কাম কৰিব লাগিব।

বন্ধুসকল,

আধুনিক চিকিৎসা আন্তঃগাঁথনি আৰু চিকিৎসা মানৱ সম্পদৰ বিকাশৰ সমান্তৰালকৈ দেশত যিধৰণেৰে প্ৰচেষ্টা হাতত লোৱা হৈছে, তাৰ আন এটা দিশ আছে। দেশত যিসমূহ নতুন সামৰ্থ্য গঢ় লৈ উঠিছে, ইয়াৰ সুফল কেৱল দেশবাসীৰ মাজতে সীমাবদ্ধ নাথাকিব। এতিয়া দেশসমূহ পাৰস্পৰিকভাৱে সংযুক্ত হৈ উঠিছে। ভাৰতক বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় চিকিৎসা পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিবলৈ আমাৰ সন্মুখত এয়া এক বৃহৎ সুযোগ। চিকিৎসা পৰ্যটনে ভাৰতৰ এক বিশাল খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। দেশত কৰ্মসংস্থাপন সৃষ্টিৰ এক প্ৰধান মাধ্যম হৈ পৰিছে।

বন্ধুসকল,

‘সবকা প্ৰয়াস’ (everyone's effort)ৰ উদ্দীপনাৰে আমি উন্নত ভাৰতত এক উন্নত স্বাস্থ্য আৰু সুস্থতাৰ বাতাবৰণ গঢ়ি তুলিব পাৰো। এই ৱেবিনাৰত ভাগ লোৱা সকলোকে নিজ-নিজ পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনালো। আহক, আমি নিৰ্ধাৰিত লক্ষ্যৰ বাবে নিৰ্দিষ্ট ৰোডমেপৰে বাজেটখন সময় নিৰ্ধাৰিতভাৱে কাৰ্য্যকৰী কৰো, সকলো অংশীদাৰকে লগত লৈ আগবাঢ়ো আৰু পৰৱৰ্তী বছৰৰ বাজেটৰ পূৰ্বে এই সপোনবোৰ বাস্তৱত পৰিণত কৰো। বাজেটৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আমাক আপোনালোকৰ পৰামৰ্শ আৰু অভিজ্ঞতাৰ প্ৰয়োজন। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI — an eventful journey

Media Coverage

UPI — an eventful journey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 53rd PRAGATI Meeting
August 25, 2026
PM reviews six key infrastructure projects across the Railway, Road and Power sectors
Projects reviewed span across 9 States with cumulative investment of more than ₹30,000 crore
PM says Infrastructure projects should be viewed as an integrated whole, rather than as individual sections or packages
PM calls for continuous reforms across all stages of project implementation and a proactive work culture across Ministries and States
PM says Speed must go hand-in-hand with quality
While reviewing AgriStack, PM emphasises the need to leverage the latest digital technologies including AI to derive greater value from agricultural data
On cyber fraud and ‘digital arrest’, PM stresses training, public awareness, cyber-safety education and coordinated action

Prime Minister Shri Narendra Modi chaired the 53rd meeting of PRAGATI, the ICT-enabled, multi-modal platform for Pro-Active Governance and Timely Implementation, at Seva Teerth earlier today.

During the meeting, Prime Minister reviewed six key infrastructure projects across the Railway, Road and Power sectors, spanning nine States with a cumulative cost of more than ₹30,000 crore. The projects, significant for strengthening connectivity, supporting industrial and economic activity and improving public services, were reviewed with particular emphasis on adherence to timelines, inter-agency coordination, resolution of pending issues and expeditious completion.

Prime Minister emphasised that delays in infrastructure projects have consequences beyond cost escalation, as they also postpone the benefits intended for citizens, businesses and the economy. He said that infrastructure projects should be viewed and monitored as an integrated whole, rather than as isolated sections, stretches or packages. He noted that progress in individual packages should ultimately translate into timely completion and operationalisation of the entire project. Ministries and States were therefore asked to adopt an end-to-end approach, and address critical gaps that could delay the overall commissioning and delivery of benefits. He called for fostering a proactive work culture across Ministries and State Governments, with greater ownership at every level of project implementation.

Prime Minister stressed the need to explore common utility corridors for infrastructure services, wherever feasible, particularly while planning major transport and infrastructure projects. He called upon Ministries and States to examine such integrated approaches at the planning stage itself, keeping in view their technical and economic feasibility.

Prime Minister said that speed of execution must be accompanied by uncompromising quality. He called upon Ministries, States and implementing agencies to adopt modern technologies and strengthen quality assurance and supervision at every stage.

While reviewing AgriStack under the Digital Agriculture Mission, Prime Minister emphasised the need to leverage the latest digital technologies, including Artificial Intelligence, to derive greater value from agricultural data. He stressed that the data ecosystem should be effectively utilised across the agricultural value chain, from input planning to processing, enabling more informed interventions, better targeting and data-driven decision-making. He appreciated the efforts of the States and the Central Government in building the AgriStack ecosystem and called for further strengthening its use for delivering better outcomes for farmers.

During the review of cyber fraud cases, including incidents of digital arrest, Prime Minister said that prevention must be strengthened through a sustained focus on training, awareness and education. He stressed the need for continuous and targeted public-awareness campaigns, particularly for senior citizens, youth and other vulnerable sections, to familiarise them with common fraud techniques, warning signs and safe digital practices. He also called for regular capacity-building of personnel involved so that emerging modes of cyber fraud are identified and acted upon swiftly.