“অমৃত কাল’ৰ বাজেটে ত্বৰান্বিত কৰিব ‘সেউজ বিকাশ’ৰ গতি”
“এইখন চৰকাৰৰ প্ৰতিখন বাজেটে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি নতুন যুগৰ সংস্কাৰ প্ৰক্ৰিয়াই আগুৱাই নিছে”
“বাজেটখনত কৰা ‘সেউজ শক্তি’ সম্পৰ্কীয় ঘোষণাসমূহে বুনিয়াদ নিৰ্মাণ কৰাৰ লগতে ভৱিষ্যত-প্ৰজন্মৰ বাবে পথ প্ৰশস্ত কৰিব”
‘সেউজ শক্তি’ৰ গোলকীয় বজাৰখনত ভাৰতক মুখ্য খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এইখন বাজেটে”
‘নৱীকৰণযোগ্য শক্তি’ৰ উত্পাদনী সামৰ্থ্য সংযোজনৰ ক্ষেত্ৰত ২০১৪ চনৰ পৰা মুখ্য অৰ্থনীতিৰ দেশৰ সমূহৰ মাজত ভাৰত হৈছে দ্ৰুততম”
“ভাৰতত সৌৰশক্তি, বায়ুশক্তি আৰু জৈৱ গেছৰ সম্ভাৱনা আমাৰ ব্যক্তিগত খণ্ডৰ বাবে কোনো সোণৰ খনি কিম্বা তৈল-ক্ষেত্ৰতকৈ কম নহয়”
“বাহণ স্ক্ৰেপেজ নীতি’ ভাৰতৰ ‘সেউজ বিকাশ’ৰ ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ”
“সেউজ শক্তি’ৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিয়াৰ বিশাল সম্ভাৱনীয়তা আছে ভাৰতৰ। ই ‘সেউজীয়া নিয়োগ’ সৃষ্টিৰ লগতে বিশ্ব-মংগলক উত্সাহিত কৰিব”
“এইখন বাজেট কেৱল এক সুযোগেই নহয়, ইয়াত আমাৰ ভৱিষ্যত সুৰক্ষাৰ নিশ্চয়তাও আছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাজেটৰ পিছত অনুষ্ঠিত ৱে’বিনাৰত 'সেউজ বিকাশ' সন্দৰ্ভত ভাষণ প্ৰদান কৰে। ‘কেন্দ্ৰীয় বাজেট ২০২৩’-ত ঘোষণা কৰা পদক্ষেপসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ‘বাজেটৰ পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিতব্য’ ১২খনীয়া ৱে’বিনাৰ-শৃংখলাৰ এয়া হৈছে প্ৰথমখন বৈঠক।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “২০১৪ চনৰ পিছত দেশত উত্থাপন কৰা সকলো বাজেটে বৰ্তমান সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিওৱাৰ উপৰিও নতুন যুগৰ সংস্কাৰ প্ৰক্ৰিয়াক আগবঢ়াই নিছে”।

প্ৰধানমন্ত্ৰীয়ে ‘সেউজ বিকাশ’ আৰু ‘শক্তি সংক্ৰমণ’ৰ বাবে তিনিটা স্তম্ভৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমতে, নৱীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি কৰা; দ্বিতীয়তে, অৰ্থনীতিত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা; আৰু শেষত, গেছ-আধাৰিত অৰ্থনীতিৰ দিশে আগবঢ়া দেশৰ দ্ৰুতগতি। এই ৰণনীতিয়ে বিগত কেইবছৰমানৰ বাজেটত ‘ইথানল মিশ্ৰণ’, ‘প্ৰধানমন্ত্ৰী কুসুম(কেইউএছইউএম) যোজনা’, ‘সৌৰশক্তি উৎপাদনৰ বাবে উদগনি’, ‘ঘৰৰ মুধৰ সৌৰ আঁচনি’, ‘কয়লা-গেছীয়কৰণ আৰু বেটাৰী সংৰক্ষণ’ৰ দৰে পদক্ষেপসমূহৰ ঘোষণাত গুৰুত্ব আৰোপ কৰিছে। বিগত বৰ্ষৰ বাজেটৰ গুৰুত্বপূৰ্ণ ঘোষণাসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উদ্যোগসমূহৰ বাবে ‘সেউজ ঋণ’, কৃষকসকলৰ বাবে ‘প্ৰধানমন্ত্ৰী প্ৰণাম যোজনা’, গাওঁসমূহৰ বাবে ‘গোবৰ্ধন যোজনা’, চহৰসমূহৰ বাবে ‘বাহণ স্ক্ৰেপিং নীতি’, ‘সেউজ হাইড্ৰজেন’ আৰু ‘আৰ্দ্ৰভূমি সংৰক্ষণ’ৰ দৰে আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে “এই ঘোষণাসমূহে বুনিয়াদ স্থাপন কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে পথ প্ৰশস্ত কৰিছে”।

প্ৰধানমন্ত্ৰীয়ে কয় যে নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বসুলভ স্থিতিয়ে বিশ্বত এক অনুৰূপ পৰিৱৰ্তন নিশ্চিত কৰিব। "এইখন বাজেটে ‘সেউজ শক্তি’ৰ গোলকীয় বজাৰখনত ভাৰতক মুখ্য খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেয়েহে আজি মই শক্তিজগতৰ প্ৰতিগৰাকী অংশীদাৰক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাইছো", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শক্তি যোগান শৃংখলাৰ বৈচিত্ৰ্যকৰণৰ বাবে গোলকীয় প্ৰয়াসৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইখন বাজেটে ‘সেউজ শক্তি’ৰ প্ৰতিগৰাকী বিনিয়োগকাৰীক ভাৰতত বিনিয়োগ কৰাৰ এক বৃহৎ সুযোগ প্ৰদান কৰিছে। এই খণ্ডৰ ‘ষ্টাৰ্টআপ’সমূহৰ বাবেও ই অতি উপযোগী হ'ব বুলি তেওঁ কয়। 

প্ৰধানমন্ত্ৰীয়ে কয়, "২০১৪ চনৰ পৰা মুখ্য অৰ্থনীতিসমূহৰ মাজত নৱীকৰণযোগ্য শক্তিৰ উত্পাদনী সামৰ্থ্য সংযোজনৰ ক্ষেত্ৰত ভাৰতে আটাইতকৈ দ্ৰুতগতিত আগবাঢ়িছে"। তেওঁ লগতে কয় যে ভাৰতৰ অগ্ৰগতিৰ পূৰ্ব-অভিলেখে ‘নৱীকৰণযোগ্য শক্তি সম্পদ’ৰ ক্ষেত্ৰত সময়ৰ আগতেই উদ্দেশ্য পূৰণ কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে নিৰ্দ্ধাৰিত লক্ষ্য তাৰিখৰ ৯ বছৰ পূৰ্বেই ‘অনা-জীৱাশ্ম ইন্ধন’ৰ পৰা ৪০%ৰ বৰঙণিৰ আহৰণৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতে পেট্ৰ'লত ১০% ইথানল মিশ্ৰণৰ লক্ষ্য নিৰ্দ্ধাৰিত সময়ৰ ৫মাহ আগতেই প্ৰাপ্ত কৰিছিল, আৰু পেট্ৰ'লত ২০% ইথানল মিশ্ৰণৰ লক্ষ্য ২০৩০ চনৰ পৰিৱৰ্তে ২০২৫-২৬ বৰ্ষৰ ভিতৰতে প্ৰাপ্ত কৰাৰ বাবে ৰাষ্ট্ৰই চেষ্টা কৰি আছে বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ২০৩০ চনৰ ভিতৰত ৫০০গিগাৱাট ক্ষমতা প্ৰাপ্ত কৰা হ'ব। ‘ই-২০’ ইন্ধন মুকলি কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে জৈৱ ইন্ধনৰ ব্যৱহাৰত চৰকাৰে আৰোপ কৰা গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে ই বিনিয়োগকাৰীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছন’ৰ অধীনত ভাৰতে ৫এমএমটি সেউজীয়া হাইড্ৰজেন উৎপাদনৰ লক্ষ্যৰে আগবাঢ়িছে। এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডক উৎসাহিত কৰিবলৈ ১৯ হাজাৰ কোটি টকাৰ পূঁজি আৱণ্টন দিয়া হৈছে। তেওঁ অন্যান্য সুযোগসমূহৰ লগতে ‘ইলেক্ট্ৰলাইজাৰ নিৰ্মাণ’, ‘সেউজীয়া তীখা নিৰ্মাণ’ আৰু ‘দীঘলীয়া ইন্ধন কোষ’ৰ দৰে সুযোগৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতত গোবৰৰ পৰা ১০ হাজাৰ নিযুত কিউবিক মিটাৰ জৈৱ গেছ আৰু ১.৫ লাখ কিউবিক মিটাৰ গেছ উৎপাদন কৰাৰ সম্ভাৱনা আছে। এই পৰিমাণৰ জৈৱিক গেছে দেশৰ মহানগৰ গেছ বিতৰণত ৮% লৈকে অৰিহণা যোগাব পাৰে। "এই সম্ভাৱনাসমূহৰ বাবে আজি ‘গোবৰ্ধন যোজনা’ হৈছে ভাৰতৰ জৈৱ ইন্ধন ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ উপাদান। এইখন বাজেটত, চৰকাৰে গোবৰ্ধন যোজনাৰ অধীনত ৫০০টা নতুন কাৰখানা স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে। এইবোৰ পুৰণি ধৰণৰ প্ৰকল্পৰ দৰে নহয়। চৰকাৰে এই আধুনিক প্ৰকল্পসমূহৰ বাবে ১০,০০০ কোটি টকা ব্যয় কৰিব" বুলিও তেওঁ লগতে কয়। ব্যক্তিগত খণ্ডই কৃষি-আৱৰ্জনা আৰু পৌৰ নিগমৰ কঠিন আৱৰ্জনাৰ পৰা চিবিজি উৎপাদনৰ বাবে আকৰ্ষণীয় প্ৰেৰণা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

ভাৰতৰ ‘বাহন বাতিল নীতি’ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ‘সেউজ বিকাশ’ৰ ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। চৰকাৰে এই বছৰৰ বাজেটত আৰক্ষীৰ বাহন, এম্বুলেন্স আৰু বাছকে ধৰি ১৫ বছৰতকৈ অধিক পুৰণি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মালিকানাধীন প্ৰায় ৩ লাখ বাহন বাতিল কৰাৰ বাবে ৩০০০ কোটি টকাৰ পুঁজি আৱণ্টনৰ ব্যৱস্থা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ‘পুনৰ ব্যৱহাৰ, পুনৰাবৃত্তিকৰণ আৰু পুনৰুদ্ধাৰ’ৰ নীতি অনুসৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "বাহন স্ক্ৰেপিং এক বৃহৎ বজাৰত পৰিণত হৈছে।" ই আমাৰ ‘চক্ৰীয় অৰ্থনীতি’ক নতুন শক্তি প্ৰদান কৰে বুলি উল্লেখ কৰি ভাৰতৰ যুৱপ্ৰজন্মক ‘চক্ৰীয় অৰ্থনীতি’ৰ বিভিন্ন মাধ্যমত অংশগ্ৰহণ  কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে অহা ৬-৭ বছৰত ইয়াৰ ‘বেটাৰী সংৰক্ষণ ক্ষমতা’ ১২৫-গিগাৱাট ঘণ্টালৈ বৃদ্ধি কৰিব লাগিব। চৰকাৰে এইখন বাজেটত এই মূলধন-নিবিড় খণ্ডত ডাঙৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বেটাৰী বিকাশকাৰীসকলক সহায় কৰাৰ বাবে এক ‘ভায়েবিলিটী গেপ পুঁজি আঁচনি’ যুগুতাই উলিয়াইছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

ইফালে, জল-আধাৰিত পৰিবহণ ভাৰতত এক বৃহৎ খণ্ড হিচাপে পৰিগণিত হোৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে ভাৰতে আজি ইয়াৰ উপকূলীয় পথৰ মাজেৰে মাত্ৰ ৫% ‘কাৰ্গো’ৰহে পৰিবহন কৰে. আনহাতে ভাৰতত আভ্যন্তৰীণ জলপথৰে কেৱল ২% কাৰ্গোৰহে  পৰিবহন কৰা হয়। তেওঁ উল্লেখ কৰে যে ভাৰতত জলপথৰ বিকাশে এই ক্ষেত্ৰত সকলো অংশীদাৰৰ বাবে বহুতো সুযোগৰ জন্ম দিব।

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘সেউজ শক্তি’ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বক নেতৃত্ব দিয়াৰ যথেষ্ট সম্ভাৱনীয়তা আছে। তেওঁ কয় যে ই ‘সেউজ নিয়োগ’ৰ সম্ভাৱনা সৃষ্টি কৰাৰ উপৰিও বিশ্ব-কল্যাণৰ কাৰককো প্ৰবুদ্ধ কৰিব। "এইখন বাজেট কেৱল এক সুযোগেই নহয়, ইয়াত আমাৰ ভৱিষ্যতৰ নিৰাপত্তাৰ নিশ্চয়তাও আছে"বুলি প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট সকলো অংশীদাৰকে বাজেটৰ প্ৰতিটো ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দ্ৰুত গতিৰে পদক্ষেপ ল'বলৈ আহ্বান জনায়। "চৰকাৰে আপোনালোকৰ সহযোগিতাৰ লগতে আপোনালোকৰ পৰামৰ্শৰ বাবে অপেক্ষা কৰিব" বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে।

পটভূমি

কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ নেতৃত্বত ৱে’বিনাৰত ‘সেউজ বিকাশ’ৰ শক্তি আৰু অনা-শক্তি উপাদান দুয়োটা সামৰি ছখন অধিৱেশন অনুষ্ঠিত হব। কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ মন্ত্ৰী আৰু সচিবসকলৰ উপৰিও, ৰাজ্য চৰকাৰ, উদ্যোগ, শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান আৰু ৰাজহুৱা খণ্ডৰ পৰা অহা বহুতো অংশীদাৰে এই ৱে’বিনাৰসমূহত অংশগ্ৰহণ কৰিব আৰু বাজেটত ঘোষণা কৰা পদক্ষেপসমূহৰ উন্নত ৰূপায়ণৰ বাবে পৰামৰ্শৰ জৰিয়তে অৰিহণা আগবঢ়াব।

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Film Awards 2026 To Move Out Of Delhi For First Time In 72 Years, Gujarat To Host Ceremony

Media Coverage

National Film Awards 2026 To Move Out Of Delhi For First Time In 72 Years, Gujarat To Host Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Dr. Bhupen Hazarika on his 100th birth anniversary
September 08, 2026

The Prime Minister, Shri Narendra Modi, paid tribute to legendary Dr. Bhupen Hazarika on his 100th birth anniversary.

The Prime Minister said that Dr. Bhupen Hazarika’s voice carried the soul of Assam and the spirit of the Northeast to the entire nation. He noted that through his music, Dr. Hazarika beautifully gave expression to the thoughts and spirit of countless people and brought people closer.

Shri Modi warmly recalled attending the beginning of Dr. Hazarika’s birth centenary celebrations in Guwahati last year.

The Prime Minister said that Bhupen Da’s life and work will continue to inspire generations.

The Prime Minister wrote on X;

“On his 100th birth anniversary, remembering the legendary Dr. Bhupen Hazarika Ji.

His voice carried the soul of Assam and the spirit of the Northeast to the entire nation.

Through his music he beautifully gave expression to the thoughts and spirit of countless people. His songs brought people closer.

I warmly recall attending the start of his birth centenary celebrations in Guwahati last year. Bhupen Da’s life and work will continue to inspire generations.”