প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।

বন্ধুসকল,

সুদীৰ্ঘ ২৩ বছৰৰ মূৰত ভাৰতৰ প্ৰধানমন্ত্ৰী চাইপ্ৰাছলৈ আহিছে। আৰু প্ৰথমটো কাৰ্য্যসূচী হিচাপে বিজনেছ ৰাউণ্ডটেবুলৰ আয়োজন কৰা হৈছে। এই কাৰ্য্যই ভাৰত আৰু চাইপ্ৰাছৰ সম্পৰ্কত অৰ্থনৈতিক জগতৰ লোকসকলৰ গুৰুত্বৰ ইংগিত বহন কৰিছে। মই আপোনাসৱৰ মতামত গভীৰ মনোযোগেৰে শুনিছোঁ। ভাৰত-চাইপ্ৰাছৰ অৰ্থনৈতিক সম্পৰ্কৰ প্ৰতি আপোনাসৱৰ দায়বদ্ধতাৰ মনোভাৱৰ কথা মই অনুভৱ কৰিছোঁ। আপোনালোকৰ চিন্তাত কেৱল সম্ভাৱনাই নহয়, বৰঞ্চ দৃঢ়তাও অনুভৱ কৰিব পাৰোঁ। এটা কথা স্পষ্ট যে আমাৰ সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসীম সম্ভাৱনা আছে।

বন্ধুসকল,

দীৰ্ঘদিন ধৰি চাইপ্ৰাছ আমাৰ বিশ্বাসযোগ্য অংশীদাৰ হৈ আহিছে, আপোনালোকেও এই কথা কৈছে। আৰু ইয়াৰ পৰাই ভাৰতত যথেষ্ট বিনিয়োগ হৈছে। একাধিক ভাৰতীয় কোম্পানী চাইপ্ৰাছলৈয়ো আহিছে আৰু এক প্ৰকাৰে চাইপ্ৰাছক ইউৰোপৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰিছে। আজি পাৰস্পৰিক বাণিজ্যৰ মূল্য ১৫০ নিযুত ডলাৰ হৈছে। কিন্তু আমাৰ সম্পৰ্কৰ প্ৰকৃত সম্ভাৱনা ইয়াৰো বহু গুণ বেছি। আপোনালোকৰ গৰিষ্ঠসংখ্যকেই ভাৰতৰ সৈতে জড়িত আৰু বিগত ১১ বছৰত ভাৰতৰ বিকাশৰ কাহিনী প্ৰত্যক্ষ কৰিছে। যোৱা দশকত ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে আৰু অদূৰ ভৱিষ্যতে আমি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছোঁ। আজি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা উদীয়মান অৰ্থনীতিসমূহৰ ভিতৰত ভাৰত অন্যতম।

 

বন্ধুসকল,

আপোনাসৱৰ জ্ঞাত যে আমি কৰ সংস্কাৰ সাধন কৰিছোঁ। জিএছটি-ৰ লগতে ওৱান নেচন ওৱান টেক্স ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে, কৰ্পৰেট টেক্সক অনুকূল কৰি তোলা হৈছে। আমি হাজাৰ-হাজাৰ আইনক অপৰাধমুক্তকৰণৰ কামো কৰিছোঁ। ইজ অৱ ডুয়িং বিজনেছৰ লগতে ট্ৰাষ্ট অৱ ডুয়িং বিজনেছতো আমি সমানে গুৰুত্ব আৰোপ কৰিছোঁ। আজি ভাৰতে স্পষ্ট নীতি ৰূপায়ণ কৰিছে, তাৰ লগতে সুস্থিৰ ৰাজনীতিও বিদ্যমান। ছয় দশকৰ পাছত এনেকুৱা হৈছে যে একেখন চৰকাৰ একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে। ভাৰতৰ জনগাঁথনিগত লভ্যাংশ আৰু প্ৰতিভা সম্পৰ্কে আপোনাসৱ ভালদৰেই জ্ঞাত আৰু এই কথাও আপোনালোকৰ আলোচনাত উল্লেখ কৰা হৈছে। বিগত ১০ বছৰত ডিজিটেল বিপ্লৱৰ সূচনা হৈছে, আৰ্থিক অন্তৰ্ভুক্তি এক উদাহৰণ হৈ পৰিছে। আজি বিশ্বৰ ৫০% ডিজিটেল লেনদেন ভাৰতত ইউনিফাইড পেমেন্টছ ইন্টাৰফেচ অৰ্থাৎ ইউপিআই-ৰ জৰিয়তে সম্পন্ন হয়। ফ্ৰান্সৰ দৰে একাধিক দেশ ইয়াৰ সৈতে জড়িত, চাইপ্ৰাছে ইয়াত যোগদানৰ বাবে আলোচনা কৰি আছে আৰু মই ইয়াক আদৰণি জনাইছোঁ। ভাৰতৰ ভৱিষ্যতৰ আন্তঃগাঁথনিৰ উন্নয়নত আমি বছৰি ১০০ বিলিয়ন ডলাৰৰো অধিক বিনিয়োগ কৰি আছোঁ। এইবাৰৰ বাজেটত আমি মেনুফেকচাৰিং মিছন আৰম্ভ কৰিছোঁ। ভেকচিন, জেনেৰিক ঔষধ আৰু চিকিৎসা সঁজুলি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ। আমি সামুদ্ৰিক ক্ষেত্ৰত আৰু বন্দৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিছোঁ। আমি জাহাজ নিৰ্মাণত অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। ইয়াৰ বাবে নতুন নীতিও ৰূপায়ণ কৰা হৈছে। অসামৰিক বিমান পৰিবহণ খণ্ডৰো দ্ৰুতগতিত বৃদ্ধি ঘটিছে। ভাৰতীয় কোম্পানীসমূহে হাজাৰৰো অধিক নতুন এয়াৰক্ৰাফ্টৰ অৰ্ডাৰ দিছে। উদ্ভাৱন ভাৰতৰ অৰ্থনৈতিক শক্তিৰ এক শক্তিশালী স্তম্ভত পৰিণত হৈছে। আমাৰ এক লাখৰো অধিক ষ্টাৰ্টআপে কেৱল সপোনেই নহয়, বৰঞ্চ সমাধানৰ পথ দেখুৱাইছে। ইয়াৰে ১০০ টা ইউনিকৰ্ণ হৈ পৰিছে। ভাৰতে অৰ্থনীতি আৰু পৰিবেশৰ ভাৰসাম্য ৰক্ষাত বিশ্বাস কৰে আৰু আমি ইয়াৰ প্ৰতি দায়বদ্ধ। এটি স্বচ্ছ আৰু সেউজ ভৱিষ্যতৰ পথ নিৰ্মাণ কৰা হৈছে। আমি ২০৩০-ৰ ভিতৰত ৫০০ গিগাৱাটৰ নবীকৰণযোগ্য শক্তিৰ লক্ষ্যৰ দিশত অতি দ্ৰুতগতিত আগবাঢ়িছোঁ। আমি ২০৩০-ৰ ভিতৰত গ্ৰীন শ্বিপিঙৰ উন্নয়ন সাধন আৰু ৰেলৱেক ১০০% কাৰ্বন নিউট্ৰেল কৰাৰ দিশত দ্ৰুতগতিত কাম কৰি আছোঁ। মই জানিবলৈ পাই সুখী হৈছোঁ যে চাইপ্ৰাছ ষ্টক এক্সচেঞ্জ আৰু এনএছই-এ মোৰ গৃহ ৰাজ্য গুজৰাটৰ গিফ্ট চিটিত সহযোগিতাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। চাইপ্ৰাছ এখন বিখ্যাত পৰ্যটনস্থলী। ভাৰততো আমি ডেষ্টিনেচন উন্নয়ন আৰু পৰিচালনাত গুৰুত্ব আৰোপ কৰিছোঁ। ইয়াৰ জৰিয়তে আমাৰ ট্যুৰ অপাৰেটৰসকলৰ মাজত ঘনিষ্ঠ সহযোগিতা গঢ় লৈ উঠিব পাৰে। আন একাধিক ক্ষেত্ৰতো পাৰস্পৰিক সহযোগিতাৰ সম্ভাৱনা আছে।

 

বন্ধুসকল,

যোৱা মাহত ভাৰত আৰু যুক্তৰাজ্যৰ মাজত অভিলাষী এফটিএ চুক্তি সম্পন্ন হৈছে। এতিয়া আমি এই বছৰৰ শেষৰ ফালে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰিবলৈ অংগীকাৰবদ্ধ। আপোনালোক সকলো ইয়াৰ পৰা নিশ্চয় উপকৃত হ’ব। ভাৰত-চাইপ্ৰাছ-গ্ৰীচ বিজনেছ এণ্ড ইনভেষ্টমেন্ট কাউন্সিলৰ প্ৰতিষ্ঠা কাৰ্য্যক মই আদৰণি জনাইছোঁ। এয়া অতিশয় উত্তম পদক্ষেপ আৰু ই অৰ্থনৈতিক সহযোগিতাৰ এখনি গুৰুত্বপূৰ্ণ মঞ্চ হ’ব। বন্ধুসকল, আপোনালোক সকলোৱে ব্যক্ত কৰা ধাৰণা আৰু পৰামৰ্শ মোৰ টীমটোৱে শুনিছে। ইয়াৰ আধাৰত আমি এক কাৰ্য্য পৰিকল্পনা যুগুত কৰিম আৰু অনুসৰণ কৰিম। মই ভাৰত ভ্ৰমণলৈয়ো আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। শেষত এই বৈঠকৰ বাবে সময় উলিওৱাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ৰাউণ্ড টেবুলখন সফলভাৱে আয়োজনৰ বাবে চাইপ্ৰাছ, চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী এণ্ড ইনভেষ্টমেন্ট চাইপ্ৰাছকো ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
For India, AI is 'All Inclusive' , mustbe human-centric: PM Modi

Media Coverage

For India, AI is 'All Inclusive' , mustbe human-centric: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of knowledge, wisdom and foresight
June 19, 2026

The Prime Minister, Shri Narendra Modi has said that virtues such as knowledge, wisdom and foresight are the foundation of success in life. He noted that a person enriched with these qualities is able to overcome even the most difficult challenges and emerge victorious.

The Prime Minister shared a Sanskrit Subhashitam-

“शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”

The Subhashitam conveys that authentic knowledge of the subject, natural prudence, fearless self-confidence, powerful speech refined through practice, foresight to recognize the demands of the time and ever-new wisdom, these six qualities prove to be like 'kamadhenu' in every endeavor of a human being, which helps in achieving every goal.

The Prime Minister wrote on X;

“ज्ञान, विवेक और दूरदर्शिता जैसे सद्गुण जीवन में सफलता का प्रमुख आधार हैं। इनसे समृद्ध व्यक्ति कठिन से कठिन चुनौतियों में भी विजयी होता है।

शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”