প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ইটালীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী শ্ৰী এন্টনিঅ’ তাজানীৰ সৈতে মিলিত হয়।

এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে ইটালী-ভাৰত যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা, ২০২৫-২০২৯ ৰূপায়ণৰ অৰ্থে দুয়োপক্ষই সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যক প্ৰশংসা প্ৰকাশ কৰে। আলোচনাত বাণিজ্য, বিনিয়োগ, গৱেষণা, উদ্ভাৱন, প্ৰতিৰক্ষা, মহাকাশ, যোগাযোগ ব্যৱস্থা, সন্ত্ৰাসবাদ-বিৰোধী ব্যৱস্থা, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে প্ৰমুখ্য কৰি একাধিক অগ্ৰাধিকাৰ খণ্ডক সামৰি লোৱা হয়।

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ

“আজি ইটালীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী শ্ৰী এন্টনিঅ’ তাজানীৰ সৈতে মিলিত হৈ সন্তোষ পাইছো। মই বাণিজ্য, বিনিয়োগ, গৱেষণা, উদ্ভাৱন, প্ৰতিৰক্ষা, মহাকাশ, যোগাযোগ ব্যৱস্থা, সন্ত্ৰাসবাদ-বিৰোধী ব্যৱস্থা, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে মূল খণ্ডসমূহক সামৰি ইটালী-ভাৰত যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা, ২০২৫-২০২৯ ৰূপায়ণৰ অৰ্থে দুয়োপক্ষই সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যৰ শলাগ লৈছো।

ভাৰত-ইটালীৰ বন্ধুত্ব অধিক গভীৰ হৈ আহিছে, ইয়াৰ ফলশ্ৰুতিত আমাৰ জনসাধাৰণ আৰু বিশ্ব সমাজৰ বহুখিনি উপকাৰ হৈছে।

@GiorgiaMeloni

@Antonio_Tajani”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth