প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ইটালীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী শ্ৰী এন্টনিঅ’ তাজানীৰ সৈতে মিলিত হয়।
এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে ইটালী-ভাৰত যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা, ২০২৫-২০২৯ ৰূপায়ণৰ অৰ্থে দুয়োপক্ষই সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যক প্ৰশংসা প্ৰকাশ কৰে। আলোচনাত বাণিজ্য, বিনিয়োগ, গৱেষণা, উদ্ভাৱন, প্ৰতিৰক্ষা, মহাকাশ, যোগাযোগ ব্যৱস্থা, সন্ত্ৰাসবাদ-বিৰোধী ব্যৱস্থা, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে প্ৰমুখ্য কৰি একাধিক অগ্ৰাধিকাৰ খণ্ডক সামৰি লোৱা হয়।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“আজি ইটালীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী শ্ৰী এন্টনিঅ’ তাজানীৰ সৈতে মিলিত হৈ সন্তোষ পাইছো। মই বাণিজ্য, বিনিয়োগ, গৱেষণা, উদ্ভাৱন, প্ৰতিৰক্ষা, মহাকাশ, যোগাযোগ ব্যৱস্থা, সন্ত্ৰাসবাদ-বিৰোধী ব্যৱস্থা, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে মূল খণ্ডসমূহক সামৰি ইটালী-ভাৰত যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা, ২০২৫-২০২৯ ৰূপায়ণৰ অৰ্থে দুয়োপক্ষই সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যৰ শলাগ লৈছো।
ভাৰত-ইটালীৰ বন্ধুত্ব অধিক গভীৰ হৈ আহিছে, ইয়াৰ ফলশ্ৰুতিত আমাৰ জনসাধাৰণ আৰু বিশ্ব সমাজৰ বহুখিনি উপকাৰ হৈছে।
@GiorgiaMeloni
@Antonio_Tajani”
Lieto di aver incontrato oggi il Vice Primo Ministro e Ministro degli Affari Esteri e della Cooperazione Internazionale dell’Italia, Antonio Tajani. Ho espresso apprezzamento per le misure proattive adottate da entrambe le parti per l'attuazione del Piano d'Azione Strategico… pic.twitter.com/ZNozUwumv7
— Narendra Modi (@narendramodi) December 10, 2025




