PM Modi meets H. E. Mrs. Kim Jung-sook, First Lady of the Republic of Korea
PM Modi and First Lady Kim discuss the deep civilizational and spiritual links between India and Korea
First Lady Kim congratulates the Prime Minister on being awarded the Seoul Peace Prize

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়া গণতন্ত্ৰৰ ফাৰ্ষ্ট লেডী কিম জং-ছুকক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণক্ৰমে ফাৰ্ষ্ট লেডীগৰাকী ভাৰতলৈ আহিছে৷ তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যিক চৰকাৰে অনুষ্ঠিত কৰা দীপোৎসৱ আৰু ৬ নৱেম্বৰ ২০১৮ তাৰিখে অযোধ্যাত ৰাণী সুৰিৰত্ন (হিউ ৱাং-অক)ৰ নতুন স্মাৰকৰ ভূমি পূজন অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব৷ অযোধ্যা আৰু কোৰিয়াৰ এক ঐতিহাসিক সম্বন্ধ আছে৷ অযোধ্যাৰ ৰাজকুমাৰী সুৰিৰত্নই ৪৮ চিইত কোৰিয়া ভ্ৰমণ কৰিছিল আৰু কোৰিয়াৰ ৰজা ছুৰ’ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷
আজিৰ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী আৰু ফাৰ্ষ্ট লেডী কিমে ভাৰত আৰু কোৰিয়াৰ সভ্যতা তথা আত্মিক সম্বন্ধৰ কথা আলোচনা কৰে আৰু এয়া দুয়োখন দেশৰ জনসাধাৰণৰ মাজত প্ৰচলন কৰা সন্দৰ্ভত মত বিনিময় কৰে৷

ফাৰ্ষ্ট লেডী কিমে প্ৰধানমন্ত্ৰীয়ে ছিউল শান্তি পুৰষ্কাৰ লাভ কৰাত অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্মান সম্পূৰ্ণৰূপে ভাৰতীয় জনসাধাৰণৰ৷
প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ জুলাই মাহত কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জায়ে কৰা সফল ভ্ৰমণৰ কথা সোৱঁৰণ কৰে৷ ইয়াৰ জৰিয়তে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজত বিশেষ কূটনৈতিক সম্বন্ধ স্থাপন হৈছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi