শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত ট্ৰাষ্টৰ সদস্য তথা ৰাজসদন অযোধ্যাৰ মুৰব্বী শ্ৰীযুত বিমলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী বিমলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰই ধৰ্মীয় আৰু সামাজিক কামত নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
“শ্ৰদ্ধাৰ ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য তথা ৰাজসদন অযোধ্যাৰ মুৰব্বী বিমলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰ জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।তেওঁৰ জীৱন ধৰ্মীয় আৰু সামাজিক কামৰ বাবে উৎসৰ্গিত আছিল।ভগৱান শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেওঁক তেওঁৰ শ্ৰীচৰণত স্থান দি শোকসন্তপ্ত পৰিয়াল আৰু অনুৰাগীসকলক শক্তি প্ৰদান কৰে। ওম শান্তি!”
श्री राम जन्मभूमि तीर्थ क्षेत्र ट्रस्ट के सदस्य और राजसदन अयोध्या के मुखिया विमलेंद्र मोहन प्रताप मिश्र जी के देहावसान से अत्यंत दुख हुआ है। उनका जीवन धार्मिक और सामाजिक कार्यों को समर्पित रहा। प्रभु श्री राम से प्रार्थना है कि उन्हें अपने श्रीचरणों में स्थान दें और उनके शोकाकुल… pic.twitter.com/DIBWorxuwX
— Narendra Modi (@narendramodi) August 24, 2025


