প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ১৭ আৰু ১৮ ছেপ্টেম্বৰ, ২০১৮ত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব।
১৭ ছেপ্টেম্বৰৰ আবেলি বাৰাণসীত উপস্থিত হ’ব। তাৰপাছত প্রধানমন্ত্রীয়ে পোন-পোনে নৰউৰ গাঁৱলৈ য’ত তেওঁ ‘ৰুম টু ৰিড’ নামৰ বেচৰকাৰী সংস্থাৰ সাহায্যৰে চলা এখন প্রাথমিক বিদ্যালয়ৰ শিশুসকলৰ সৈতে মিলিত হ’ব।ইয়াৰ পাছতে তেওঁ ডিএলডব্লিউ চৌহদত প্রধানমন্ত্রীয়ে কাশী বিদ্যাপীঠৰ ছাত্র-ছাত্রীসকলৰ লগতে বিদ্যাপীঠৰ শিশুসকলক সাহায্য আগবঢ়োৱাসকলকো সাক্ষাৎ কৰিব।
১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়(বিএইচইউ)ৰ এম্পিথিয়েটাৰত এক অনুষ্ঠানত ৫০০ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব।প্রধানমন্ত্রীয়ে উদ্বোধন কৰিবলগীয়া প্রকল্পসমূহ ভিতৰত-পুৰণা কাশীৰ বাবে এটি সু-সংহত বিদ্যুৎ উন্নয়ন প্রকল্প, বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত অটল ইনকিউবেচন চেন্টাৰ উল্লেখযোগ্য। তদুপৰি, এই বিশ্ববিদ্যালয়ত তেওঁ এটি আঞ্চলিক চকুৰোগ চিকিসাৎ কেন্দ্রৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এক জনসভাতো ভাষন আগবঢ়াব।


