প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ছেপ্টেম্বৰ, ২০১৯ত মহাৰাষ্ট্ৰৰ মুম্বাই আৰু ঔৰংগবাদ ভ্ৰমণ কৰিব৷

মুম্বাই

মুম্বাইত প্ৰধানমন্ত্ৰীয়ে তিনিটা মেট্ৰ’ ৰে’লপথৰ আধাৰশিলা স্থাপন কৰিব, যিকেইটা পথে মহানগৰখনৰ মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ ৪২ কিলোমিটাৰতকৈ অধিক ঠাই সামৰি ল’ব৷  তিনিটা কৰিড’ৰৰ ভিতৰত ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গাইমুখৰ পৰা শিৱাজী চ’ক (মীৰা ৰোড)লৈ মেট্ৰ’-১০ কৰিড’ৰ, ১২.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৱাডালাৰ পৰা চত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছলৈ মেট্ৰ’-১১ কৰিড’ৰ আৰু ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কল্যানৰ পৰা তালোজালৈ মেট্ৰ’-১২ কৰিড’ৰ উল্লেখযোগ্য৷

প্ৰধানমন্ত্ৰীয়ে অত্যাধূনিক মেট্ৰ’ ভৱনৰ আধাৰশিলা স্থাপন কৰিব; ৩২মহলীয়া এই কেন্দ্ৰটোৱে প্ৰায় ৩৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৪ মেট্ৰ’ লাইন পৰিচালনা তথা নিয়ন্ত্ৰণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কান্দিয়াভলী ইষ্টত বান্দোংগ্ৰী মেট্ৰ’ ষ্টেচন উদ্বোধন কৰিব৷

তেওঁ মেক ইন ইণ্ডিয়াৰ অধীনত নিৰ্মিত প্ৰথমটো অত্যাধূনিক মেট্ৰ’ ডবা উদ্বোধন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে মহা মুম্বাই মেট্ৰ’ৰ এখনি ব্ৰেণ্ড ভিজন ডকুমেণ্ট মুকলি কৰিব৷

ঔৰংগবাদ

ঔৰংগবাদত প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা মিচন(উমইড)ৰ দ্বাৰা আয়োজিত আত্মসহায়ক গোটসমূহৰ এখনি ৰাজ্যিক পৰ্যায়ৰ মহিলা সলীকৰণ মেলাতো ভাষণ আগবঢ়াব৷

প্ৰধানমন্ত্ৰীয়ে ৭ ছেপ্টেম্বৰত ঔৰংগবাদত এইউআৰআইচি বাণিজ্যিক আৰু প্ৰশাসনিক ভৱন উদ্বোধন কৰাৰ লগতে ডিএমআইচি এইউআৰআইচি চিটী দেশবাসীৰ নামত উচৰ্গা কৰিব৷ দিল্লী মুম্বাই ঔদ্যোগিক কৰিড’ৰ (ডিএমআইচি) প্ৰকল্প হৈছে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা প্ৰথমটো ঔদ্যোগিক কৰিড’ৰ, য’ত প্ৰায় ১ লাখ কোটি টকা বিনিয়োগ হ’ব আৰু ইয়াৰ দ্বাৰা প্ৰায় ১০ লাখ লোকে সংস্থাপনৰ সূযোগ লাভ কৰিব৷ এই প্ৰকল্পটো ঔৰংগবাদ ঔদ্যোগিক চহৰ অথবা ‘এইউআৰআইচি চিটী’ হিচাপে খ্যাত হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour