আৱৰ্জনামুক্ত চহৰ সৃষ্টিৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই প্ৰকল্প হাতত লোৱা হৈছে
এই জৈৱ-চিএনজি প্ৰকল্পত ‘আৱৰ্জনাৰ পৰা সম্পদ’ আৰু ‘চাৰ্কুলাৰ ইক’নমি’ৰ নীতি প্ৰয়োগ কৰা হৈছে
এই প্ৰকল্পত প্ৰতিদিনে ৫৫০ টন পৃথকীকৃত তিতা জৈৱিক আৱৰ্জনা শোধন কৰাৰ ক্ষমতা আছে
এই প্ৰকল্পই প্ৰতিদিনে ১৭,০০০ কিলোগ্ৰাম চিএনজি আৰু প্ৰতিদিনে ১০০ টন জৈৱিক পচন সাৰ উৎপাদন কৰিব
 
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ইন্দোৰত ‘গোবৰ-ধন (জৈৱ-চিএনজি)প্ৰকল্প’ উদ্বোধন কৰিব।
 
প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ ‘আৱৰ্জনা মুক্ত চহৰ’ সৃষ্টিৰ দৃষ্টিভংগী গ্ৰহণ কৰি স্বচ্ছ ভাৰত মিছন নগৰ ২.০ৰ শুভাৰম্ভ কৰিছে। ‘আৱৰ্জনাৰ পৰা সম্পদ’ আৰু সৰ্বাধিক সম্পদ পুনৰুদ্ধাৰ কৰাৰ বাবে ‘চাৰ্কুলাৰ ইক’নমি’ৰ প্ৰধান নীতিৰ অধীনত এই অভিযান ৰূপায়ণ কৰা হৈছে। এই দুয়োটাৰে প্ৰয়োগ ইন্দোৰ জৈৱ-চিএনজি প্ৰকল্পত কৰা হৈছে।

প্ৰকল্পটোত প্ৰতিদিনে ৫৫০ টন পৃথক তিতা জৈৱিক আৱৰ্জনা শোধন কৰাৰ ক্ষমতা আছে। এই প্ৰকল্পটোৱে প্ৰতিদিনে প্ৰায় ১৭,০০০ কিলোগ্ৰাম চিএনজি উৎপাদন কৰিব বুলি আশা কৰা হৈছে, আৰু প্ৰতিদিনে ১০০ টন জৈৱিক পচন সাৰ উৎপাদন কৰিব বুলি আশা কৰা হৈছে। প্ৰকল্পটো শূন্য লেণ্ডফিল মডেলৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও, প্ৰকল্পটোৰ পৰা একাধিক পৰিৱেশ সম্বন্ধীয় লাভালাভ হব কৰিব বুলি আশা কৰা হৈছে, যেনে সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰা, সাৰ হিচাপে জৈৱিক সাৰৰ সৈতে সেউজ শক্তি প্ৰদান কৰা আদি।

প্ৰকল্পটো ৰূপায়ণৰ বাবে নিৰ্মাণ কৰা হৈছে এক বিশেষ উদ্দেশ্যৰ বাহন-ইন্দোৰ ক্লিন এনাৰ্জি প্ৰাইভেট লিমিটেড। ইন্দোৰ পৌৰ নিগম (আইএমচি) আৰু ইন্দোৰ এনভাইৰো ইণ্টিগ্ৰেটেড ছলিউচনছ লিমিটেডে (আইইআইএছএল) চৰকাৰী বেচৰকাৰী অংশীদাৰিত্বৰ অধীনত এই প্ৰকল্প ৰূপায়ণৰ বাবে ১৫০কোটি টকা মূলধন বিনিয়োগ কৰিছে। ইন্দোৰ পৌৰ নিগমে এই প্ৰকল্পটোৰ দ্বাৰা উৎপাদিত নিম্নতম ৫০শতাংশ চিএনজি ক্ৰয় কৰিব। এই চিএনজিৰ জৰিয়তে প্ৰথম পদক্ষেপত ৪০০ খন চিটি বাছ চলাব। বাকী চিএনজি  মুকলি বজাৰত বিক্ৰী কৰা হ’ব। এই কেন্দ্ৰত উত্পাদিত জৈৱিক সাৰ কৃষি আৰু উদ্যানশস্যত ব্যৱহাৰ হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Oman, India’s Gulf 'n' West Asia Gateway

Media Coverage

Oman, India’s Gulf 'n' West Asia Gateway
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of renowned writer Vinod Kumar Shukla ji
December 23, 2025

The Prime Minister, Shri Narendra Modi has condoled passing of renowned writer and Jnanpith Awardee Vinod Kumar Shukla ji. Shri Modi stated that he will always be remembered for his invaluable contribution to the world of Hindi literature.

The Prime Minister posted on X:

"ज्ञानपीठ पुरस्कार से सम्मानित प्रख्यात लेखक विनोद कुमार शुक्ल जी के निधन से अत्यंत दुख हुआ है। हिन्दी साहित्य जगत में अपने अमूल्य योगदान के लिए वे हमेशा स्मरणीय रहेंगे। शोक की इस घड़ी में मेरी संवेदनाएं उनके परिजनों और प्रशंसकों के साथ हैं। ओम शांति।"