প্ৰকল্পটোত প্ৰতিদিনে ৫৫০ টন পৃথক তিতা জৈৱিক আৱৰ্জনা শোধন কৰাৰ ক্ষমতা আছে। এই প্ৰকল্পটোৱে প্ৰতিদিনে প্ৰায় ১৭,০০০ কিলোগ্ৰাম চিএনজি উৎপাদন কৰিব বুলি আশা কৰা হৈছে, আৰু প্ৰতিদিনে ১০০ টন জৈৱিক পচন সাৰ উৎপাদন কৰিব বুলি আশা কৰা হৈছে। প্ৰকল্পটো শূন্য লেণ্ডফিল মডেলৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও, প্ৰকল্পটোৰ পৰা একাধিক পৰিৱেশ সম্বন্ধীয় লাভালাভ হব কৰিব বুলি আশা কৰা হৈছে, যেনে সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰা, সাৰ হিচাপে জৈৱিক সাৰৰ সৈতে সেউজ শক্তি প্ৰদান কৰা আদি।
প্ৰকল্পটো ৰূপায়ণৰ বাবে নিৰ্মাণ কৰা হৈছে এক বিশেষ উদ্দেশ্যৰ বাহন-ইন্দোৰ ক্লিন এনাৰ্জি প্ৰাইভেট লিমিটেড। ইন্দোৰ পৌৰ নিগম (আইএমচি) আৰু ইন্দোৰ এনভাইৰো ইণ্টিগ্ৰেটেড ছলিউচনছ লিমিটেডে (আইইআইএছএল) চৰকাৰী বেচৰকাৰী অংশীদাৰিত্বৰ অধীনত এই প্ৰকল্প ৰূপায়ণৰ বাবে ১৫০কোটি টকা মূলধন বিনিয়োগ কৰিছে। ইন্দোৰ পৌৰ নিগমে এই প্ৰকল্পটোৰ দ্বাৰা উৎপাদিত নিম্নতম ৫০শতাংশ চিএনজি ক্ৰয় কৰিব। এই চিএনজিৰ জৰিয়তে প্ৰথম পদক্ষেপত ৪০০ খন চিটি বাছ চলাব। বাকী চিএনজি মুকলি বজাৰত বিক্ৰী কৰা হ’ব। এই কেন্দ্ৰত উত্পাদিত জৈৱিক সাৰ কৃষি আৰু উদ্যানশস্যত ব্যৱহাৰ হ’ব।


