প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত শিখ সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰে৷ সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক উষ্ম সম্ভাষণ জনায়৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত শিখ সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰে৷ সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক উষ্ম সম্ভাষণ জনায়৷

এই সাক্ষাৎকাৰৰ সময়ত সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক দেশ আৰু শিখ সম্প্ৰদায়ৰ উন্নতিৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপসমূহৰ প্ৰশংসা কৰে৷

‘‘হাউষ্টনত শিখ সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মোৰ সুন্দৰ কথা-বাৰ্তা হ’ল৷ ভাৰতত উন্নতিৰ বাবে তেওঁলোকৰ আগ্ৰহ দেখি মই সন্তোষিত হ’লো!’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত ডাউড়ি ব’হৰা সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয়৷

সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক হাউষ্টনত উষ্ম সম্ভাষণ জনায়৷ এই সাক্ষাৎকাৰৰ সময়ত ডাউড়ি ব’হৰা সম্প্ৰদায়ৰ সদস্যসকলে ছেইদনা ছাহিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ সংযোগৰ বিষয়ে আলোকপাত কৰে৷ যোৱা বছৰ প্ৰধানমন্ত্ৰীয়ে ইন্দোৰত সম্প্ৰদায়টোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বিষয়েও তেওঁলোকে উল্লেখ কৰে৷

উক্ত সাক্ষাৎকাৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে, ‘‘ডাউড়ি ব’হৰা সম্প্ৰদায়টোৱে বিশ্বত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷ হাউষ্টনত মই তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিছো আৰু বিভিন্ন বিষয়ৰ আলোচনা কৰিছো৷’’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত কাশ্মীৰি পণ্ডিতৰ এক প্ৰতিনিধিবৰ্গৰ সৈতে সাক্ষাৎ কৰে৷

এই সাক্ষাৎকাৰৰ সময়ত সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰী প্ৰতিজন ভাৰতীয়ৰ উন্নতিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শক্তিশালী সমৰ্থন প্ৰকাশ কৰে৷

‘‘হাউষ্টনত কাশ্মীৰি পণ্ডিতসকলৰ সৈতে মই বিশেষ আলোচনাত মিলিত হ’লো’’, এই সাক্ষাৎকাৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership