PM Modi inaugurates Y01 Naturopathic Wellness Centre in New York via video conferencing

প্রাকৃতিক আৰোগ্য কেন্দ্রৰ উদ্বোধন উপলক্ষে নিউইয়র্কত সমবেত অতিথিবৃন্দ আৰু আমন্ত্রিত বিশিষ্টসকলৰ লগতে অনলাইন আৰু টেলিভিচনত যিসকলে এই অনুষ্ঠান চাই আছে তেওঁলোককো মই নমষ্কাৰ জনাইছো। উপস্থিত সকলো ভদ্র পুৰুষ-মহিলাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শুভেচ্ছা জনাইছো।

আজি পুৱাই হিমালয়ৰ পাদদেশত মনোৰম চহৰ দেৰাডুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন অনুষ্ঠানত সমাজৰ বিভিন্ন শ্রেণীৰ হাজাৰ হাজাৰ লোকৰ সৈতে একেলগ হ’বলৈ পাই মই অতিশয় আনন্দিত হৈছো। সমগ্ৰ বিশ্বত বিগত কেইটামান দিনত যোগ দিৱস উদযাপন উপলক্ষে সাধাৰণ লোকৰ অংশগ্রহণৰ ছবি মই দেখিছো। নিঃসন্দেহে বিগত তিনি বছৰত এই কার্যসূচীয়ে বিশ্বজুৰি গণ-আন্দোলনে পৰিণত হৈছে। বিশ্বৰ বহু দেশত যোগচর্চা সাধাৰণ মানুহৰ জীৱন যাপনৰ অভিন্ন অংগ হৈ পৰিছে। যোগ দিৱস উদযাপনৰ সমান্তৰালভাৱে ইয়াৰ প্রভাৱ বহু দূৰলৈকে প্রসাৰিত হৈছে। ভাৰতত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ক্ষেত্রত মই তিনিটা ভিন্ন বিষয় উপলব্ধি কৰিছো। মই নিশ্চিত, এই ধৰণৰ ভিন্ন উপলব্ধি অন্যান্য দেশতো হৈছে।

প্রথমতে, যোগৰ মানসিকতাৰ প্ৰতি অনুপ্রাণিত হৈ অভিষ্ট লক্ষ্য পূৰণৰ অৰ্থে প্ৰত্যেকে নিজেই শপত লৈছে।

দ্বিতীয়তে, যিসকলে ইতিমধ্যে যোগক জীৱনৰ অভিন্ন অংগ হিচাপে গ্রহণ কৰিছে, তেওঁলোকৰ বাবেও যোগ দিৱসৰ দৰে অনুষ্ঠানে নিজকে পুনৰায় অভীষ্ট লক্ষ্য পূৰণত উৎচর্গা কৰাৰ মুহূর্ত হৈ পৰিছে।

তৃতীয়টো বিষয় হৈছে যোগৰ উপকাৰিতাৰ কথা প্ৰচাৰ কৰা। ইতিমধ্যে লাভান্বিত হোৱা হাজাৰ হাজাৰ ব্যক্তি আৰু প্রতিষ্ঠানৰ কর্তব্য হৈছে সেই সকলো লোকৰ ওচৰলৈ যোৱা যিসকলে এতিয়াও যোগৰ সুফল উপলব্ধি কৰিব পৰা নাই। একেদৰে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিশ্বৰ বহু লোকে উৎসৱ হিচাপে উদযাপিত কৰে। যোগ শব্দৰ অর্থ হ’ল– ‘ঐক্যবদ্ধ কৰা’। সেয়েহে যোগৰ মাজত যে উছাহ নিহিত আছে, সেইটোৱে আমাক আশাবাদী কৰি তোলে। মই আশা কৰো যে যোগে সমগ্র বিশ্বক ঐক্যবদ্ধ কৰি ৰখাৰ মাধ্যম হৈ উঠিব পাৰে।

এই প্ৰাকৃতিক আৰোগ্য কেন্দ্ৰ উদ্বোধনৰ বাবে আপোনালোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোকে বাচি লোৱাৰ বাবে মই অতিশয় আনন্দিত হৈছো। মই আশা কৰো এই কেন্দ্রটিয়ে ইয়াৰ সকলো কাম-কাজ আৰু প্ৰচেষ্টা যোগৰ উপাদানসমূহক ব্যাপকভাবে সংহত কৰাৰ চেষ্টা কৰিব।

বন্ধুসকল,

ভাৰতৰ পৰম্পৰাগত যোগ আৰু আয়ুর্বেদ পদ্ধতিৰ জ্ঞানে আমাক স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে। দেহ আৰু মনৰ সহজাত দুর্বলতাসমূহৰ পৰা মুক্তি পোৱাত যোগ আৰু আয়ুর্বেদে সহায় কৰে। প্রাচীন এই জ্ঞান-পদ্ধতিসমূহে প্রত্যেককে সন্মান আৰু শ্রদ্ধা কৰি থাকে। প্রচলিত চিকিৎসা-পদ্ধতিৰ সুবিধা যিসকলে গ্রহণ কৰিছে, তেওঁলোকৰ বাবে প্রাচীন জ্ঞান-পদ্ধতিসমূহ এক নতুন শক্তি লৈ আহিছে। আধুনিক জীৱনযাপনৰ বিৰূপ প্রভাৱ দেহ আৰু মনৰ ওপৰত পৰে। দুর্ভাগ্যজনকভাৱে প্রচলিত চিকিৎসা ব্যৱস্থাত ৰোগ প্রতিৰোধতকৈ আৰোগ্য লাভত অধিক গুৰুত্ব আৰোপ কৰা হয়। এইটো কোনে অস্বীকাৰ কৰিলে নহ’ব যে বর্তমান সময়ৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাসমূহ দূৰ কৰিবলৈ আমাৰ প্রচলিত ঔষুধৰ প্রয়োজন। কিন্তু এনে ঘটনাও আছে, যিবোৰ বৰ্তমানেও গুৰুত্ব নোপোৱাকৈ আছে। সমগ্র বিশ্বৰ স্বাস্থ্য বিশেষসকলেও এতিয়া এইকথা স্বীকাৰ কৰিছে যে যোগ আৰু আয়ুর্বেদৰ দৰে প্রাচীন চিকিৎসা পদ্ধতি সমসাময়িক চিকিৎসা ব্যৱস্থাৰ পৰিপূৰক হৈ উঠিব পাৰে। এই ঐতিহাসিক চিকিৎসা পদ্ধতিত ৰোগী কল্যাণ আৰু ৰোগ প্রতিৰোধত গুৰুত্ব দিয়া হয়। এই পদ্ধতি গ্রহণ কৰিলে ব্যক্তি তথা সমাজত সুস্বাস্থ্য আৰু কল্যাণ বৃদ্ধি পাব। একাংশ লোকৰ ভিন্ন ধাৰণা সত্ত্বেও এইটো ক’ব পাৰি যে যোগ কেৱল ব্যায়াম আৰু দৈহিক অংগ-প্রতংগ সঞ্চালনৰ মাজতে সীমাবদ্ধত নহয়। যোগ মানুহৰ মন, দেহ আৰু মানসিকতাৰ গভীৰতাত প্রোথিত আছে। যোগে নিজক আৰু ভালকৈ বুজি পোৱাৰ সুযোগ প্ৰদান কৰে। যোগৰ মাজত গভীৰ আদর্শ নিহিত আছে, ই আমাক পাপৰ পৰা মুক্তি অথবা ভয়ক জয় কৰাৰ ক্ষেত্ৰত সহায় কৰে।

বন্ধুসকল,

মই সদায়ে বিশ্বাস কৰি আহিছো যে যোগৰ কোনো ধর্ম নাথাকে। যোগচর্চাৰ এনে কিছু ব্যৱহাৰিক পদ্ধতি আছে, যাৰ দ্বাৰা প্রত্যেকেই লাভবান হ’ব পাৰে। আনকি তেওঁলোকো লাভবান হ’ব পাৰে, যিসকলে নিজৰ কোনো জাতি বা ধর্মৰ মানুহ হিচাপে গণ্য নকৰে। আধুনিক যোগচর্চাত প্রায়েই প্রাচীন জ্ঞানেৰ বিভিন্ন উপাদান লক্ষ্য কৰা যায়। এই সকলো উপাদানৰ ভিতৰত হৈছে–নৈতিক আৰু শাস্ত্রগত আদর্শ, শৰীৰক সুস্থ ৰাখিবলৈ বিভিন্ন ভাৱভংগী, আধ্যাত্মিক আদর্শ, গুৰুৰ নির্দেশ আৰু নিয়মাৱলী, মন্ত্রোচ্চাৰণ, উশাস এৰা আৰু একাগ্রতাৰে মগজুক স্থিৰে ৰখা ইত্যাদি। ব্যক্তি বিশেষে জীৱনযাপনৰ পৰিৱর্তনত যোগচর্চাৰ ওপৰত গুৰুত্ব দিয়া হয়, যাতে জীৱনশৈলীৰ সৈতে জড়িত সমস্যাসমূহ সহজেই প্রতিৰোধ তথা সমাধান কৰিব পৰা যায়। যোগ বিশেষজ্ঞসকলে দৈনন্দিন যোগচর্চাক পৰম লাভবান হিচাপে গণ্য কৰে। ইয়াৰ ফলত স্বাস্থ্য, আবেগ, মানসিক শান্তি আৰু সুখী জীৱনযাপনত উন্নতি ঘটে। এনে বিশ্বাসো আছে যে নির্দিষ্ট কেইটামান যোগাভ্যাস আৰু প্রাণায়ামৰ জৰিয়তে কেতবোৰ ৰোগ নিয়ন্ত্রণ কৰিব পাৰি। আধুনিক বিজ্ঞানে এতিয়া এই বিষয়ে প্রামাণ্য সাক্ষ্য অনুসন্ধানৰ প্ৰচেষ্টা লৈছে। বিজ্ঞানেও এইকথা স্বীকাৰ কৰিছে যে যোগচর্চাৰ জৰিয়তে দেহৰ বহু অংগ-প্রতংগ, যেনে– হৃদযন্ত্র, মগজু আৰু অন্তঃগ্ৰন্থিৰ নিত্য নৈমিত্তিক কাম-কাজ আৰু পৰিচালন প্রক্রিয়া নিয়ন্ত্রণ কৰাটো সম্ভৱ।

বৰ্তমান পশ্চিমীয়া দেশসমূহতো যোগৰ প্রতি আগ্রহ ক্রমশঃ বৃদ্ধি পাইছে। এইদৰে ক’লেও অতিৰঞ্জিত নহ’ব যে পশ্চিমীয়া দেশসমূহত ব্যাপকভাবে সমাদৃত হৈছে যোগ। মোক জনোৱা হৈছে যে কেৱল মার্কিন যুক্তৰাষ্ট্রতেই ২ কোটিৰো অধিক লোকে যোগচর্চা কৰে। তদুপৰি, এই সংখ্যা বছৰি ৫ শতাংশ হাৰত বাঢ়িছে। মার্কিন যুক্তৰাষ্ট্র আৰু ইউৰোপৰ একাধিক আধুনিক চিকিৎসা প্রতিষ্ঠানে বিভিন্ন ৰোগৰ বিকল্প তথা আনুষংগিক চিকিৎসাপদ্ধতি হিচাপে যোগক গ্রহণ কৰিছে। পলমকৈ হ’লেও যোগক লৈ বহু গৱেষণা আৰম্ভ হৈছে। ভাৰত চৰকাৰেও জনস্বাস্থ্যৰ ক্ষেত্রত প্রামাণিক সাক্ষ্য-ভিত্তিক পৰম্পৰাগত স্বাস্থ্য পৰিচর্যা ব্যৱস্থা ৰূপায়ণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি যোৱা বছৰে ঘোষণা কৰা হৈছে। এই নীতিত ৰোগ প্রতিৰোধত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। অ-সংক্রমিত ৰোগসমূহৰ প্রতিৰোধ আৰু নিয়ন্ত্রণত দেশব্যাপী কার্যসূচী আমি আৰম্ভ কৰিছো। বিশ্বৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ ভাৰত। আজি যিবোৰ প্ৰচেষ্টা লোৱা হৈছে তাৰ সুফল পাবলৈ কেইবাবছৰো লাগিব। কিন্তু মই দৃঢ় বিশ্বাসী যে ইয়াৰ বাস্তবিক ফল শীঘ্রেই পোৱা যাব।

শেষত, মই পুনৰবাৰ ক’ব বিচাৰো যে এই প্রাকৃতিক আৰোগ্য কেন্দ্রটিয়ে যোগৰ সুফলসমূহ তুলি ধৰিবলৈ কাম কৰিব। জীৱনত অলপ স্বাচ্ছন্দ্য আৰু আনন্দৰ বাবে যিসকলে ইয়ালৈ আহিব, তেওঁলোকে যোগৰ সুফল উপলব্ধি কৰিব পাৰিব। ব্যক্তি বিশেষৰ চিন্তা দূৰ কৰিবলৈ এই কেন্দ্রটোৱে কল্যাণৰ যি পথ বাছি লৈছে, সেয়া জানিবলৈ পাই মই আনন্দিত হৈছো। এইটো গুৰুত্বপূর্ণ যে এই ৰোগী কল্যাণ কেন্দ্রটোৰ উদ্দেশ্য জীৱনজুৰি কল্যাণ সাধন কৰা। মই এইটোও স্বীকাৰ কৰো যে বৈজ্ঞানিক পদক্ষেপৰ প্রতি আস্থা আৰু বিশ্বাস সহজাত। এই ধৰণৰ উদ্দেশ্য লৈ এই কেন্দ্রটোৱে ৰোগী কল্যাণত লক্ষ্যণীয় অৱদান ৰাখিব আৰু যোগচর্চাৰ উপকাৰিতাৰ কথা মার্কিন যুক্তৰাষ্ট্রৰ আৰু অধিক লোকৰ ওচৰল চাপিব। মই এইটো জানিও আনন্দিত হৈছে যে এই কেন্দ্রটোৰ জৰিয়তে ৫০০গৰাকী লোকৰ প্ৰত্যক্ষ সংস্থাপন আৰু ১৫ হাজাৰ লোকৰ পৰোক্ষ সংস্থাপন সৃষ্টি হ’ব। এই উদ্যোগৰ বাবে আপোনালোক সকলোকে মোৰ শুভকামনা জনাইছো।

ধন্যবাদ।

বহুত বহুত ধন্যবাদ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
MSME exports touch Rs 9.52 lakh crore in April–September FY26: Govt tells Parliament

Media Coverage

MSME exports touch Rs 9.52 lakh crore in April–September FY26: Govt tells Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 ডিচেম্বৰ 2025
December 21, 2025

Assam Rising, Bharat Shining: PM Modi’s Vision Unlocks North East’s Golden Era