On one hand, the Government is trying to make the Armed Forces stronger; and on the other hand, there are those who do not want our Armed Forces to be strong: PM Modi
When it comes to the country's security and the requirements of the Armed Forces, our Government keeps only the interest of the nation in mind: PM
Those who deal only in lies are casting aspersions on the defence ministry, on the Air Force, and even on a foreign government: PM Modi

উত্তৰ প্ৰদেশলৈ এদিনীয়া ভ্ৰমণৰ বাবে যোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰায় বাৰেলীত এক আধুনিক দবা নিৰ্মাণ কাৰখানা পৰিদৰ্শন কৰে৷ এখন ৰাজহুৱা সভাত তেওঁ ৯০০তম দবা আৰু এটা হামছফৰ ৰেকৰ ফ্লেগ অফ্ কৰে৷ তাৰোপৰি তেওঁ ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও সেইসমূহ ৰাষ্ট্ৰলৈ উচৰ্গাও কৰে৷

সভাত বক্তৃতা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিবোৰ প্ৰকল্পৰ আজি মুকলি, উচৰ্গা তথা আধাৰশিলা স্থাপন কৰা হৈছে, সেই প্ৰকল্পসমূহত মুঠ ১০০০ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আধুনিক দবা নিৰ্মাণ কাৰখানাই যুৱ প্ৰজন্মক নিয়োজন প্ৰদান কৰিছে আৰু ৰায় বাৰেলীক ই ৰে’লৰ দবা নিৰ্মাণৰ এক বিশ্বজনীন কেন্দ্ৰ হিচাপে পৰিগণিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ১৯৭১ চনৰ আজিৰ দিনটোৰ কথা স্মৰণ কৰি কয় যে ভাৰতীয় সৈন্যই অজিৰ দিনটোতে সন্ত্ৰাসবাদ, নিষ্ঠুৰতা আৰু অৰাজকতাৰ ওপৰত বিজয় সাব্যস্ত কৰিছিল৷ তেওঁ কয় যে আজি এফালে চৰকাৰে সশস্ত্ৰ বাহিনীক শক্তিশালী কৰাৰ দিশত উঠি-পৰি লাগিছে আৰু আনফালে কিছুমানে আমাৰ সশস্ত্ৰ বাহিনী শক্তিশালী হোৱাটো বিচৰা নাই৷ তেওঁ সেই চুক্তিক মিথ্যা বুলি অভিহিত কৰাত আক্ষেপ প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা প্ৰতিৰক্ষা মন্ত্ৰালয়, বায়ু সৈন্য আৰু আনকি বিদেশৰ চৰকাৰকো মিথ্যা বুলি অভিহিত কৰা হৈছে৷ 

তেওঁ কয় যে মিছা কোৱাৰ প্ৰবৃতি সত্যৰ দ্বাৰা দূৰ হয়৷ 

 যেতিয়াই দেশৰ সুৰক্ষাৰ কথা আহি পৰে আৰু সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তাৰ কথা আহি পৰে, তেতিয়াই কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰৰ কথাতহে গুৰুত্ব প্ৰদান কৰে বুলি তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই ২২ বিধ শস্যৰ বাবে এমএছপি বৃদ্ধি কৰিছে৷ এই সিদ্ধান্তৰ দ্বাৰা কৃষকসকলৰ বাবে অতিৰিক্ত ৬০ হাজাৰ কোটি টকাৰ উপাৰ্জন সম্ভৱ হৈছে৷ 

 তেওঁ কয় যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই শস্য নষ্ট হোৱা কৃষকসকলক লাভান্বিত কৰিছে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ ‘‘সকলোৰে সৈতে, সকলোৰে বিকাশ’’ৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronics output hits ₹13 lakh crore; Vaishnaw eyes No. 2 export spot

Media Coverage

India’s electronics output hits ₹13 lakh crore; Vaishnaw eyes No. 2 export spot
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the virtues of truth, service, learning and action
June 18, 2026

The Prime Minister, Shri Narendra Modi said that wealth follows truthfulness, fame follows selfless service, knowledge follows constant practice and wisdom follows action. He noted that these values play a vital role in shaping individual character and contributing to collective progress.

The Prime Minister shared a Sanskrit Subhashitam-

“सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।

अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी।।”

The Prime Minister wrote on X;